-->

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয় স্ব-শিকন সমল- ( সমল নং ২) পাঠ নং ১ ( অসমীয়া, অষ্টম শ্ৰেণী)- নিয়ৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয় স্ব-শিকন সমল
( সমল নং ২) 
পাঠ নং ১ (  অসমীয়া, অষ্টম শ্ৰেণী)- নিয়ৰ  

১/ 'নিয়ৰ' কবিতাটি পঢ়া আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা - 

ক) মুকুতা মণিটি কিহেৰে ধোৱা বুলি কৈছে ? 

উত্তৰঃ ফটিক পানীৰে ৷

(খ) কিহক কবিয়ে এটুপি চকুৰ পানী বুলি কৈছে ?

উত্তৰঃ নিয়ৰক ৷

(গ) নিয়ৰ কবিতাটিৰ কবিগৰাকীৰ নাম কি ? 

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ৷




(ঘ) নিয়ৰ কবিতাটিৰ কবিগৰাকীৰ শ্ৰেষ্ঠ কবিতাপুথিখনৰ নাম কি ? 

উত্তৰঃ প্ৰতিমা ৷

(ঙ) নিয়ৰ কবিতাটিৰ কবিগৰাকীক আৰু কি নামেৰে জনা যায় ?

উত্তৰঃ প্ৰতিমাৰ খনিকৰ নামেৰে জনা যায় ৷ 

(চ) ' জোনাকীৰ ত্ৰিমূৰ্ত্তি ব্যক্তিকেইগৰাকীৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী ৷

(ছ) 'জোনাকী কাকত'ৰ প্ৰথম সম্পাদকজনৰ নাম কি আছিল ? 

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ৷

২/ বাঁওফালৰ শব্দৰ সৈতে সোঁফালৰ অৰ্থ মিলোৱা -

শব্দ --------- অৰ্থ 

মুকুতা        হাই-উৰুমি নোহোৱা 

ফটিক       এবিধ শামুকৰ পেটত হোৱা মণি 

নিচুক        টুকুৰা টুকুৰ হোৱা 

নিজম       বেদনাদায়ক 

হেঙুলি      স্বৰ্গ

বিষম      স্বচ্ছ, নিৰ্মল 

সৰগ      মুকুল কৰ 

ছিগি        ৰাতি, ৰাতিপুৱা আৰু গধূলি আকাশৰ বাষ্প গোট খাই পৰা পানী 

নিয়ৰ       কান্দিবলৈ এৰা 

কলি         এবিধ ৰঙা বস্তু , হেঙুল বৰণৰ 

উত্তৰঃ 

শব্দ --------- অৰ্থ 

মুকুতা        এবিধ শামুকৰ পেটত হোৱা মণি 

ফটিক       স্বচ্ছ, নিৰ্মল 

নিচুক        কান্দিবলৈ এৰা 

নিজম       হাই-উৰুমি নোহোৱা  

হেঙুলি      এবিধ ৰঙা বস্তু , হেঙুল বৰণৰ 

বিষম         বেদনাদায়ক 
   
সৰগ         স্বৰ্গ

ছিগি        টুকুৰা টুকুৰ হোৱা 

নিয়ৰ       ৰাতি, ৰাতিপুৱা আৰু গধূলি আকাশৰ বাষ্প গোট খাই পৰা পানী 

কলি         মুকুল কৰ 


৩/ তলত দিয়া সাঁথৰকেইটা ভাঙা আৰু নিজে তিনিটা সাঁথৰ সংগ্ৰহ কৰি লিখা-

ক) সৰুকালত দুই শিং ডেকা হ'লে সৰে, বুঢ়া কালত দুনাই গজে, আকাশত চৰে।

খ) ৰজাঘৰীয়া কলি গাই, ঘাটে ঘাটে পানী খায়।

গ) একঠেঙীয়া বগলী, নিতৌ নাচে গধূলি।

ঘ) কলিঙ্গৰ লিঙ্গ কাটি লিংগৰ  ল লোৱা, ৰান্ধিব নালাগে, কাটিব নালাগে মজা মাৰি খোৱা।

ঙ) 

চ)

ছ)

উত্তৰঃ 

(ক) জোন ৷

(খ) বৰশী  ৷

(গ) বিচনী ৷

(ঘ) কল 

ঙ) মৌ-মাখি নহয় কিন্তু

       কৰে গুণ গুন 

   বামুণ নহয় কিন্তু 

     কান্ধত লগুণ 

-----> যঁতৰ ৷

চ) ৰজাৰ ঘৰৰ হাতী 

   ধান খায় পাচি পাচি ৷

-------> ঢেকী  ৷


ছ)  ৰজাৰ কাপোৰ তিয়াব পাৰি ,

      শুকুৱাব নোৱাৰি ৷

-------->  জিভা ৷

৪/ জানো আহা -

তৎসমঃ  যিবোৰ সংস্কৃত শব্দ পোনে পোনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে, সেইবোৰক তৎসম 

শব্দ বোলা হয়। তৎসম শব্দৰ ৰূপ (বানান) এতিয়াও সংস্কৃতৰ দৰে আছে যদিও অসমীয়াত সেইবোৰৰ 

উচ্চাৰণ কিছু সলনি হৈছে।

উদাহৰণ -

সংস্কৃত ৰূপ       অসমীয়া তৎসম ৰূপ

আকাশ              আকাশ

অশ্ব                    অশ্ব

অর্ধতৎসমঃ  যিবোৰ তৎসম শব্দত সংযুক্ত ব্যঞ্জনৰ মাজত স্বৰবৰ্ণ সোমাই শব্দবোৰ ভাঙি সৰল কৰা হয় 

আৰু লিখোঁতেও অসমীয়া উচ্চাৰণতে লিখা হয়, সেইবোৰেই অর্ধতৎসম শব্দ।

উদাহৰণ -

সংস্কৃত ৰূপ        অর্ধতৎসম ৰূপ

ভক্তি                   ভকতি

স্নেহ                   চেনেহ

তদ্ভৱঃ যিবোৰ সংস্কৃত শব্দ পোনে পোনে অসমীয়া ভাষাত ব্যৱহাৰ নহৈ পালি, প্রাকৃত আদি শব্দৰ

মাজেৰে ৰূপ সলনি হৈ আহি অসমীয়া ভাষাত সোমাইছে, সেইবোৰক তদ্ভৱ শব্দ বুলি কোৱা হয়।

উদাহৰণ - 

সংস্কৃত ৰূপ       অসমীয়া তদ্ভৱ ৰূপ

কর্ম                    কাম

হাত                    হাত 

তলত দিয়া অৰ্ধতৎসম  আৰু তদ্ভৱ শব্দবোৰৰ সংস্কৃত ৰূপ লিখা - 


অৰ্ধতৎসম  আৰু তদ্ভৱ শব্দ  ---------- সংস্কৃত ৰূপ 

সৰগ 

চেনেহ 

মুকুতা 

কাণ 

ভকতি

দৰশন

কাঠ

বৰণ

ধৰম

মৰত

দীঘল

জনম

মৰণ 

উত্তৰঃ 

অৰ্ধতৎসম  আৰু তদ্ভৱ শব্দ  ---------- সংস্কৃত ৰূপ 

সৰগ  ------> স্বৰ্গ

চেনেহ ------> স্নেহ

মুকুতা ------> মুক্তা 

কাণ ------> কৰ্ণ

ভকতি------> ভক্তি

দৰশন------> দৰ্শন 

কাঠ------> কাষ্ঠ

বৰণ------> বৰ্ণ

ধৰম------> ধৰ্ম

মৰত------> মৰ্ত্য

দীঘল------> দীৰ্ঘ

জনম------> জন্ম

মৰণ ------> মৃত্যু

৫/ তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দৰে বাক্য ৰচনা কৰা - 

শব্দ           বিপৰীত শব্দ         বাক্য 

সৰগ

জনম

আকাশ

দীৰ্ঘ

চেনেহ

দিবা

হৰ্ষ

সপোন

আৱাহন 

উত্তৰঃ 

শব্দ           বিপৰীত শব্দ               বাক্য 

সৰগ ------>  নৰক ------------------> পাপ কাম কৰিলে মানুহে সৰগৰ সলনি নৰকত স্থান পায় ৷

জনম ------> মৰণ  ------------------> জনম হ'লে মৃত্যু মৰণ অনিবাৰ্য ৷

আকাশ ------> পাতাল  ------------------> কিছুমান মানুহে পাতালত দেৱ-দেৱী থাকে বুলি বিশ্বাস কৰে ৷

দীৰ্ঘ ------> হ্ৰস্ব  ------------------>  চুটিৰ আন এটা সমাৰ্থক শব্দ হ্ৰস্ব

চেনেহ ------> ঘৃণা  ------------------> দুখীয়া মানুহক ঘৃণা কৰা উচিত নহয় ৷ 

দিবা ------> ৰাত্ৰি  ------------------> ৰাত্ৰিকালত আমি জংঘললৈ যোৱাটো উচিত নহয় ৷

হৰ্ষ ------> বিষাদ  ------------------> মানুহৰ জীৱনটো বিষাদৰে ভৰপূৰ ৷

সপোন ------> দিঠক  ------------------> নিজৰ সপোনক দিঠকত পৰিণত কৰিবলৈ সদায় চেষ্টা কৰিব                                                                         লাগে ৷

আৱাহন ------> বিসৰ্জন  ------------------> ভগৱানৰ মূৰ্ত্তিসমূহক নদীত বিসৰ্জনৰ ফলত প্ৰদুষণৰ সৃষ্টি                                                                         হয় ৷




LookTutupComment