-->

দৃশ্যান্তৰ -হৰেকৃষ্ণ ডেকা - অসমীয়া সাহিত্য চয়নিকা


প্ৰশ্নাৱলীঃ

ভাব বিষয়কঃ

১/ চমু উত্তৰ  দিয়াঃ

(ক) কবিয়ে  কিমান বছৰৰ  আগতে  মানুহজনক লগ পাইছিল ? 

উত্তৰঃ  পঁচিশ বছৰ  আগতে ৷ 

(খ) মানহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ? 

উত্তৰঃ  তেওঁ কুকুৰীকণা আছিল  সেইবাবে ৷ 

(গ) মানুহজনে  নিজৰ  ঘৰৰ  পদূলি  ক'ত  বিচাৰিছিল ?

উত্তৰঃ নঙলামুখত ৷ 

(ঘ) মানুহজনৰ  ঘৰৰ দাঁতিত  কিহে নমস্কাৰৰ  ভংগীত  আছিল ? 

উত্তৰঃ আগলি  বাঁহ ৷

(ঙ) কবিয়ে  কেনে  সময়ত  মানুহজনক  লগ  পাইছিল ? 

উত্তৰঃ গধূলি  সময়ত ৷ 

২/ সাতমহলীয়া  ঘৰৰ  বাহিৰত  ৰৈ থকা  মানুহজনে  কবিৰ  স'তে  কি কি  কথা  পাতিছিল তোমাৰ  নিজৰ  কথাৰে  লিখা ৷ 

উত্তৰঃ সাতমহলীয়া  ঘৰৰ  বাহিৰত  ৰৈ  থকা  মানুহজনে  কবিয়ে কিয়  সেই  ঠাইলৈ  আহিছে  বুলি প্ৰশ্ন কৰিছিল ৷ মানুহজনে  কবিয়ে  ভাড়াঘৰ বিচাৰি তালৈ  গৈছিল  বুলি ধাৰণা কৰিছিল আৰু কৈছিল যে সেই  কুবেৰৰ  মহলাত ঘৰ  ভাড়ালৈ  পোৱা  টান ৷ পালেও তাত একো শান্তি নাই ৷ মানুহ মৰিলেও দাহ কৰিবলৈ  কোনো  নাই ৷ মুঠতে  তাত সকলো কৃত্ৰিম ৷ মানহবোৰ  কেৱল  পাৰ্থিৱ ভোগ বিলাসত  মত্ত ৷ বৃদ্ধ মানহজনে কথাষাৰ কৈ  সাতমহলীয়া ঘৰৰ  ভিতৰলৈ  সোমাই  গৈছিল ৷ 

৩/ ' দৃশ্যান্তৰ' কবিতাটোৰ  মূলভাৱ লিখা ৷ 

উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাৰ  ' দৃশ্যান্তৰ' কবিতাটোত  সামাজিক জীৱনৰ ৰূপ  প্ৰতিফলিত  হৈছে ৷ সময়ৰ অগ্ৰগতিৰ  লগে লগে  মানুহৰ স্বভাৱ-চৰিত্ৰ , আচাৰ-আচৰণ পৰিবৰ্তন হোৱাৰ লগতে মানুহবোৰ কৃত্ৰিম হৈ  পৰিছে ৷ মানুহৰ অন্তৰৰ পৰা মানৱতাও লোপ হৈ  আহিছে ৷ পাৰ্থিৱ জগতৰ এই বাস্তৱ সত্যক কবিয়ে  'দৃশ্যান্তৰ' নামৰ কবিতাটিত প্ৰকাশ কৰিছে ৷ 
                                 কবিয়ে পঁচিশ বছৰ আগত এজন মানুহক অকৃত্ৰিম আৰু মানৱীয়  পৰিৱেশত লগ পাইছিল ৷ সেই ঠাইৰ আলি-কেঁকুৰিটো কেঁচা  আছিল আৰু মানুহবোৰ দুখীয়া  আছিল যদিও  কোনো কৃত্ৰিমতা  নাছিল ৷ কিন্তু মাত্ৰ  পঁচিশ  বছৰৰ  পিছত  সেই  ঠাইৰ  অকল্পনীয়  পৰিবৰ্তন হৈছিল ৷ কেঁচা আলি পকী হৈছিল , পঁজা ঘৰৰ ঠাইত  সাতমহলীয়া অট্ৰালিকা হৈছিল যদিও মানুহবোৰৰ মনৰ বিকাশ নহৈ মানৱতা  নিঃশেষ হৈছিল ৷ মানুহৰ প্ৰতি মানুহৰ  দয়া  , মৰম , আদি  সৎ গুণবোৰ  নাইকীয়া হ'ল ৷ অৰ্থাৎ মানুহৰ  সা-সম্পত্তি বৃদ্ধি পালেও  মানৱীয়তা নথকাৰ বাবে  অশান্তিয়ে  চাৰিওফালে ছানি ধৰিছে ৷ 

৪/ '' বৰ শান্তিত  আছোঁ 
              এই  পঁজাটিত ৷ '' -- কোনে , কিয় এইদৰে কৈছিল ? কথাষাৰ অন্তনিৰ্হিত ভাৱ মোকলাই লিখা ৷ 

উত্তৰঃ এদিন গধূলি আলি - কেকুৰীত কবিয়ে লগ  পোৱা এজন কুকুৰী-কণা মানুহ এইদৰে কৈছিল ৷ 
মানুহজনে নিজৰ ঘৰটো বিচাৰি  পদূলি  মুখতে ঘূৰি ফুৰিছিল ৷ পঁজা ঘৰটোত  কোনো কৃত্ৰিমতা নাছিল ৷ তাত  বিজুলীবাতিৰ  ব্যৱস্থাও  নাছিল ৷ কবিয়ে যেতিয়া মানুহজনক ঘৰলৈ আগবঢ়াই  দিছিল ৷ তেতিয়া মানুহজনে কৈছিল যে তেওঁ সেই পঁজা ঘৰটোত  সুখৰেই  আছে ৷ পঁজা ঘৰটোত  যদিও  কোনো আধুনিকতা নাই সা -সুবিধা নাই ৷ তথাপি অকৃত্ৰিম পঁজা ঘৰটোত তেওঁ সুখ অনুভৱ কৰিছে ৷ 

৫/ ' হেৰা অচিনাকি মানুহজন , তোমাক কি লাগেহে ইয়াত ? -- কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা ৷ 

উত্তৰঃ    উক্ত কথাষাৰি কবি হৰেকৃষ্ণদেৱে এগৰাকী বৃদ্ধ, ন্যুব্জ দেহ থকা লোকক কৈছে ৷
      এদিন কবিয়ে সন্ধিয়া সময়ত নগৰৰ এটা বাটেৰে গৈ আছিল আৰু যি বাটেৰে তেওঁ গৈ আছিল সেই বাট ২৫ বছৰ আগেয়ে এটা কেঁচা আলিহে আছিল। তাত আগত  কেৱল এটা পঁজা আছিল আৰু সেই পঁজাটোৰ সন্মুখত কবিয়ে  এগৰাকী বৃদ্ধ লোকক লগ পাইছিল । সেই  লোকজন বহুত সহজ- সৰল আন্তৰিকতাৰে কবিক কৈছিল যে তেওঁ সেই পঁজাটোত তেওঁ শান্তিৰে থাকে হ'লে । কবিয়ে সেই একে ঠাইতে ২৫ বছৰৰ পিছত দেখিলে তাত এটা সাতমহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক। কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্য সুধিছিল আৰু তেতিয়া বৃদ্ধগৰাকীয়ে উক্ত প্ৰশ্নটো কৰিছিল ৷ 

৬/ 'দৃশ্যান্তৰ' কবিতাটোৰ কবিতাটোত কবিয়ে  কি  দৰে  পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা ৷ 

উত্তৰঃ 'দৃশ্যান্তৰ' কবিতাটোৰ কবিতাটোত কবিয়ে  কি  দৰে  পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তলত নিজৰ ভাষাৰে বুজাই দিয়া হ'ল-
  দৃশ্যান্তৰ" কবিতাটিত কবিয়ে  লুকাই থকা আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য বৰ্ণনা কৰিছে । দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাব আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ তেওঁ চেষ্টা কৰিছে । কবিতাটোত কবি ডেকাদৱেৰ  মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা মুকলিমুৰীয়া পৰিৱেশত বাস কৰিছিল আৰু এই সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজা ঘৰত থাকিও উশাহ লবৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। পঁজা ঘৰত থাকিও মানুহে মৰম- চেনেহ আদিৰ মাজেৰে শান্তিত সময় কটাইছিল। সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱন যেন নগৰীয়া জীৱনলৈ পৰিৱৰ্তন হৈ পৰিল। ২৫ বছৰ আগেয়ে মানুহে পঁজাঘৰত বাস কৰিছিল। কিন্তু কবিৰ মতে ২৫ বছৰ পিছত পঁজাঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হল। সন্ধ্যা সময়ত আগতে মানুহৰ ভিৰ নাছিল। এতিয়া সন্ধ্যা সময়ত বাটে পথে মানুহৰ ভীৰ দেখা যায় । কিন্তু ২৫ বছৰ পিছত তাত সাতমহলীয়া অট্টালিকা হলেও খালী হৈ আছিল মানুহৰ মনবোৰ আৰু অনুভব কৰিছিল আত্মীয়তাৰ। অট্টালিকাৰ ভিতৰতো যেন অকনমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল। মানুহে মানুহক সন্দেহৰ চকুৰে চাইছিল। গাওঁৰ সহজ -সৰল  ঠাই নোহোৱা কৰি পেলাইছিল নগৰৰ আধুনিকে ৷ 

৭/ 'দৃশ্যান্তৰ' কবিতাটোৰ কবিগৰাকীৰ  এটা চমু পৰিচয়  দিয়া ৷ 

উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ  জন্ম হয় ১৯৪৩ চনত  তিনিচকীয়াত  ৷ তেওঁ ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয় ৷ গুৱাহাটী  বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ. পাচ কৰে ৷ গুৱাহাটীৰ  কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাবে অৱসৰ লয় ৷ 
তেওঁ হৰেকৃষ্ণ ' The Sentinel ' কাকত আৰু 'গৰিয়সী' আলোচনীৰো  সম্পাদক আছিল ৷ তেওঁ 'ৰাতিৰ শোভাযাত্ৰা ' ' আন এজন ' , Sea -Scarce ' আদি কবিতাৰ পুথি , গল্প আৰু কল্প , মধুসূদনৰ দলং , আদি গল্পৰ পুথি ৰচনা কৰিছিল ৷ তেওঁৰ একমাত্ৰ উপন্যাস আছিল 'আগন্তক' ৷ ইয়াৰ বাহিৰেও তেওঁ কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ৷ তেখেতে ১৯৮৭ চনত `সাহিত্য অকাডেমী বঁটা', ১৯৯৬ চনত `কথা- বঁটা' আৰু ২০১০ চনত `আসাম ভেলী লিটাৰীৰ (অসম উপত্যকা সাহিত্য বঁটা)' বঁটা লাভ কৰে।

৮/ ব্যাখ্যা কৰাঃ

(ক) 'মৰিলে দাহ কৰিবলৈও 
এজন মানুহ নাই ৷ '


উত্তৰঃ  উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ  অন্তৰ্গত হৰেকৃষ্ণ ডেকাদেৱে  বিৰচিত "দৃশ্যান্তৰ" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 
   উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে আধুনিকতাত ডুবি যোৱা  আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে ৷ 
আজিৰ আধুনিক যুগত মানুহবোৰ আভিজাত্য হৈ উঠিছে ।মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে আৰু তেওঁলোক  নিজকে লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ লব সময়  নাইকিয়া হৈ পৰিছে। মানুহ বোৰ শিক্ষা- দীক্ষা, ব্যস্ততা, আভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সবলতা আদি সকলোবোৰ হেৰুৱাই পেলাইছে। আনকি মানুহবোৰ নিজক লৈ এনেদৰে ব্যস্ত হৈ পৰিছে যে বিপদে- আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে। আনকি মানুহবোৰৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈও কাৰো ওলাই আহিবলৈ সময় নহয়। এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ইয়াকে কবলৈ বিচাৰিছে ৷ 


(খ) ' যখৰ পোৱালীহঁতে কাক কোনে চায় ৷ '

উত্তৰঃ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ  অন্তৰ্গত হৰেকৃষ্ণ ডেকাদেৱে  বিৰচিত "দৃশ্যান্তৰ" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 
 প্ৰদত্ত কবিতাফাঁকিৰ জৰিয়তে কবি হৰেকৃষ্ণদেৱে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ তথা মনোভাৱৰ কথা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে ৷ সময়ৰ লগত বহুত পৰিৱৰ্তন হৈ গৈছে ৷  ২৫ বছৰ আগতে এজন মানুহে গাঁৱৰ এটা পঁজাত বাস কৰিছিল। মানুহ জনে গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ, শান্তিৰ মাজেৰে সেই সৰু পঁজাঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে ২৫ বছৰ পিছত যেতিয়া সেই ঠাইলৈ গল তাত তেওঁ দেখিলে সাতমহলীয়া অট্টালিকা। গাওঁৰ সেই আগৰ পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰ  আৰু  মানুহবোৰ জনসংখ্যা বৃদ্ধি হৈছে  কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে। সেই সাতমহলীয়া অট্টালিকাত থকা মানুহবোৰে ইজনে আনজনক চশমাৰ তলত সন্দেহৰ চকুৰে চাই। যিদৰে কৃপন মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। সাতমহলীয়া অট্টালিকাত বাস কৰা লোকসকলে ধন- সোণ উপাৰ্জন কৰি যখৰ দৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হলে সহায় কৰা দূৰৰ কথা আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি অহা নাছিল। কবিয়ে এই কবিতাফাঁকিৰ জৰিয়তে ধনী মানুহৰ বেয়া বৈশিষ্ট্য সমূহ দাঙি ধৰিছে ৷ 


(গ) ' এই কংক্ৰিটৰ হাবিখনত তেওঁক 
বিচাৰি নাপালোঁ আৰু ৷' 


উত্তৰঃ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ  অন্তৰ্গত হৰেকৃষ্ণ ডেকাদেৱে  বিৰচিত "দৃশ্যান্তৰ" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।  
 সেউজীয়া গছ গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে তাত ঘৰ- দুৱাৰ সাজি মানুহে কিদৰে সেউজীয়া অৰণ্যবোৰ কংক্ৰীটৰ ভাৱে হাবিলৈ কৰিবলৈ ধৰিছে তাকে কবলৈ কবিয়ে এই কবিতাফাঁকি সহায় লৈছে ৷ 
 যিহেতু সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদি সলনি হৈছে । এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰে সময়ৰ লগে লগে শিল- বালি ইটা আদিৰে গঢ়ি তোলে। সেই চহৰ বুলি কংক্ৰীটেৰে গঢ়ি উঠা একেদৰে মানুহৰ মনবোৰে কংক্ৰীটেৰে গঢ়ি উঠে। মানুহৰ মনবোৰ সহজ- সৰল, কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। ভালদৰে এটা মূহুৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ মনৰ বতৰা লবৰ বাবে কোনো কাৰো সময় নোহোৱা হৈ পৰিল। যিদৰে অৰণ্য জীৱ- জন্তু লুকালে বিচাৰি পোৱা সহজ নহয় একেদৰে মানুহৰ মনবোৰো যদি কংক্ৰীটৰ দৰে কঠিন হৈ পৰে তাক আৰু পুনৰ বিচাৰি পোৱা নাযায়। সেইবাবে হয়তো কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি সোধা মানুহজনক এটা সময়ৰ পিছত পুনৰ বিচাৰি নাপালে। মানুহৰ মনত মানবীয়তা, আন্তৰিকতা, সৌহাদ্যতা আদি নাথাকে তেন্তে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে। সেয়েহে কবিয়ে কৈছে কংক্ৰীটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানবীয়তা হেৰাই পশু সদৃশ হৈ উঠিছে বুলি।
     

ভাষা বিষয়কঃ

৯/ বিপৰীত শব্দ  লিখাঃ

কেঁচা , গধূলি , পোহৰ ,শান্তি , ৰূপ 

উত্তৰঃ 
       কেঁচা - পকা
      গধূলি - পুৱা
      পোহৰ - আন্ধাৰ
      শান্তি - অশান্তি 

      ৰূপ - অৰূপ

১০/ এটাকৈ সমাৰ্থক শব্দ লিখাঃ

জোন , ঘৰ , চৰা , দাহ , উভতি 

উত্তৰঃ 
জোন - চন্দ্ৰ
ঘৰ - আবাস
চৰা - অধিক
দাহ - পোৰা
উভতি - উলটি



১১/ নঞাৰ্থক শব্দ গঠন কৰাঃ

শান্তি , চিনাকি , সহায় 

উত্তৰঃ  শান্তি - অ+ শান্তি = অশান্তি।
চিনাকি - অ + চিনাকি = অচিনাকি
সহায় - অ + সহায় = অসহায়।

১২/ 'নমস্কাৰ' শব্দটো  সন্ধি ভাঙিলে এনে হ'ব - 
নমঃ + কাৰ ৷ ----- এইদৰে  আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা ৷ 

উত্তৰঃ তিৰঃ + কাৰ = তিৰস্কাৰ 
পুৰঃ কাৰ = পুৰস্কাৰ 
আৱিঃ + কাৰ = আৱিস্কাৰ 
বহিঃ + কাৰ = বহিস্কাৰ 
                                                          

LookTutupComment