পুথিভঁৰাল -অসমীয়া ৰচনা -Assamese Essay
আৰম্ভণিঃ য'ত বিভিন্ন ধৰণৰ পুথি,বাতৰি কাকত, আলােচনী আদি শ্রেণীবদ্ধ ভাৱে সংগ্রহ কৰি ৰখা হয়, তাকে পুথিভঁৰাল’ বা ইংৰাজীত লাইব্রেৰী বুলি কোৱা হয়। অতি প্রাচীন কালৰে পৰা মানুহে পুথিভঁৰালৰ ব্যৱহাৰ কৰি আহিছে।
![]() |
পুথিভঁৰাল |
শ্রেণীঃ পুথিভঁৰাল সাধাৰণতে দুই প্রকাৰৰ। ঘৰুৱা পুথিভঁৰাল, আৰু ৰাজহুৱা পুথিভঁৰাল। কোনােলােকে ব্যক্তিগতভাৱেও বিভিন্ন কিতাপ, আলােচনী সংগ্রহ কৰি ঘৰতে পুথিভঁৰাল প্রতিষ্ঠা কৰে। ৰাজহুৱা পুথিভঁৰাল আকৌ বিভিন্ন প্রকাৰৰ। কোনাে অনুষ্ঠান, শিক্ষানুষ্ঠানত পুথিভঁৰাল থকাৰ উপৰিও গাঁও পঞ্চায়ত, মহকুমা, জিলা পর্যায়ত পুথিভঁৰাল থাকে। ঠিক সেইদৰে ৰাজ্য আৰু ৰাষ্ট্ৰ পৰ্য্যয়তাে পুথিভঁৰাল থাকে, ৰাষ্ট্ৰীয় পুথিভঁৰালক ‘জাতীয় পুথিভঁৰাল’ বুলি কোৱা হয়। এই সকলাে পুথি ভঁৰালতে পাঠকে প্রয়ােজনীয় কিতাপ,আলােচনী আদি পঢ়িবলৈ সুবিধা পায়। তাৰ বাবে।আৱশ্যকীয় চক -মেজ আদিও থাকে। পাঠকে নির্দিষ্ট মূল্য দি সভ্য ভর্তি হৈ কিতাপ পঢ়িব পাৰে আৰু নির্দিষ্ট সময়ৰ বাবে ঘৰলৈকো কিতাপ নিব পাৰে।
উপকাৰঃ কিতাপ মানুহৰ প্রকৃত বন্ধু। কিতাপৰ যােগেদিহে জ্ঞান আহৰণ কৰিব পাৰে। এজন মানুহে সকলাে কিতাপ কিনিব নােৱাৰিব পাৰে, বা প্রয়ােজন হােৱা কিতাপখনাে বজাৰত নেপাব পাৰে। সেই বাবেই প্রয়ােজনীয় কিতাপৰ বাবে পুথি। ভৰালৰ প্রয়ােজন। পুথিভঁৰালৰ কিতাপ পঢ়ি নির্দিষ্ট ঠাইত থ'ব লাগে। পঢ়াৰ সময়ত নীৰবে থাকিব লাগে যাতে অন্য লােকৰ অসুবিধা নহয়।
সামৰণিঃ পুথিভঁৰালে আমাক জ্ঞান দিয়ে। বর্তমান বিভিন্ন ধৰণৰ শিক্ষামূলক কিতাপ, আলােচনী ওলাইছে। আমি পুথিভঁৰালত সেইবােৰ অধ্যয়ন কৰাৰ সুবিধা ল’ব লাগে। নিজেও ঘৰত একোটা পুথিভঁৰাল গঠনৰ চেষ্টা কৰা ভাল।
3 Comments
ধন্যবাদ! মই বৰ সুখিত ৰচনাখন পাই।
ReplyDeleteThank you
ReplyDeleteVery helpful
Thank you The essay is quite nice Keep up the Good Work.
ReplyDeletePlease don't use spam link in the comment box.