ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

গ্রন্থ মেলা - অসমীয়া ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

Admin
0
                 গ্রন্থ মেলা - অসমীয়া  ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 

       আৰম্ভণিঃ  য'ত মানুহৰ সমাগম, বিভিন্ন বস্তুৰ  প্ৰদৰ্শন আৰু  বিক্ৰী কৰা হয়।  তাকে মেলা বুলি কোৱা হয়। কোনাে উৎসৱক কেন্দ্ৰ কৰি মেলা হয়। এনে মেলাত উছৱমুখৰ পৰিৱেশ হয়। গ্রন্থমেলা, কিতাপ, আলােচনী বা শিক্ষামূলক সামগ্ৰীৰ মেলা। ইয়াত এনে সামগ্রী বিক্রী হয় আৰু প্রদর্শনাে কৰা  হয়।

অসমীয়া ৰচনা
গ্ৰন্থমেলা
   


       বর্ণনাঃ আমাৰ দেশত আগৰে পৰা মেলাৰ প্রচলিত যদিও গ্রন্থমেলা নতুন। ই বিদেশী প্রভারত হােৱা। জার্মান দেশৰ লিপজিগ নগৰত ১৯২৭ খ্রীঃত প্রথম গ্রন্থমেলা হয়। লাহে লাহে এই মেলা ইউৰােপ আৰু বিশ্বৰ অন্যান্য দেশতাে হ’বলৈ ধৰে। ভাৰতবৰ্ষত প্রথমে কলিকতাত ১৯৬০ খ্রীঃত গ্রন্থমেলা হয়। তেতিয়াৰে পৰা বছৰি এই মেলা উৎসৱৰ দৰে হৈ আহিছে। মুম্বাই, দিল্লী, মাদ্রাজ আদি মহানগৰ বােৰত বিৰাট গ্রন্থমেলা হয়। দিল্লীত ১৯৭২ খ্রীঃৰ পৰা প্রতি দুবছৰে বিশ্বগ্রন্থমেলা হয়। অসমত প্রথম গ্রন্থমেলা হয় ১৯৮৩ খ্রীঃত। অসম প্ৰকাশন পৰিষদে গুৱাহাটীত
এই মেলা আয়ােজন কৰিছিল। প্রতি বছৰত এই মেলা হয়। যােৰহাটত অসম শৈক্ষিক কেন্দ্রই প্রতি দুবছৰৰ মূৰে, মূৰে গ্রন্থমেলা পাতে। এতিয়া প্ৰায়বােৰ নগৰ-চহৰতেই গ্রন্থমেলা হয়। অসম সাহিত্য সভা অধিবেশণত গ্রন্থমেলা হয়। পৰিৱেশ ও গ্রন্থমেলা অন্যমেলাৰ দৰে নহয়। ইয়াত গহীন পৰিবেশ পােৱা যায়। আজিকালি শিশু সাহিত্যৰ বাবেও গ্রন্থমেলা হয়। গ্রন্থমেলাৰ লগত আলােচনা সভা, কবি সন্মিলন, আবৃত্তি আৰু চিত্রাংকণ প্রতিযােগিতাও হয়। কোনাে কোনাে গ্রন্থমেলাত সাংস্কৃতিক সন্ধিয়াও হয়। গ্রন্থমেলাত পুথি বিক্রেতা আৰু প্রকাশক সকলে উচিত ৰেহাই মূল্যত কিতাপ বিক্ৰী কৰাত সুবিধা লাভ কৰে।
         সামৰণিঃ  বর্তমান কালত গ্রন্থমেলাৰ অধিক প্রয়ােজন। কিতাপেই মানুহৰ প্রকৃত পথ দেখাও। গ্রন্থমেলাত বন্ধু-বান্ধৱীৰ মিলন ঘটে আৰু শিক্ষা সম্পৰ্কীয় আলােচনা কৰিব পাৰি। ইয়াৰ উপৰিও পাঠকসকলে নিজৰ পছন্দ অনুসৰি বিভিন্ন কিতাপ পত্র
একে ঠাইৰে পৰা কিনিব পাৰে।

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)