আমাৰ জাতীয় উৎসৱ - অসমৰ জাতীয় উৎসৱ - বিহু
আৰম্ভণিঃপ্ৰতিটো জাতিৰে নিজৰ একোটা জাতীয় উৎসৱ আছে। সেই জাতীয় উৎসৱৰ দ্বাৰা জাতিটোৰ নিজা সংস্কৃতি প্রকাশ পায়। অসমীয়া জাতিৰ জাতীয় উৎসৱ হ’ল বিহু । বিহু, কৃষি সম্পর্কীয় আনন্দৰ উৎসৱ।
শ্রেণী আৰু বিৱৰণঃ
বিহু তিনিটা, চ'ত আৰু ব'হাগৰ দোমাহীত (সংক্রান্তি) ৰঙালী বিহু, আহিন কাতিৰ দোমাহীত কঙালী বিহু আৰু পুহ আৰু মাঘৰ দোমাহীত ভোগালী.বিহু অনুষ্ঠিত হয়।
বিহু তিনিটা, চ'ত আৰু ব'হাগৰ দোমাহীত (সংক্রান্তি) ৰঙালী বিহু, আহিন কাতিৰ দোমাহীত কঙালী বিহু আৰু পুহ আৰু মাঘৰ দোমাহীত ভোগালী.বিহু অনুষ্ঠিত হয়।
চ'ত আৰু ব'হাগৰ দোমাহীত পতা বিহুক ৰঙালী বিহু বা ব'হাগ বিহু বোলা হয়। সাদিন ধৰি এই বিহু পালন কৰা হয় যদিও ঘাইকৈ তিনিদিনহে প্রকৃততে উৎসৱ মুখৰ হয়। বিহুৰ প্রথম দিনটো অথাৎ চ'তৰ শেষ দিনা গৰু বিহু। পুৱাতে গৰু-ম'হক মাহহালধি সানি ওচৰৰ খাল, পুখুৰী বা নৈ আদিত গা ধুৱায় । তাৰ পাছত বাঁহৰ শলাত (চাট) গাঁথি নিয়া লাও, বেঙেনা, হালধি, কেৰেলা আদি গৰুক খুৱাই চৰিবলৈ এৰি দিয়ে। মানুহেও গা ধুই গোঁসাইক সেৱা কৰি জ্যেষ্ঠ জনক সেৱা জনায়। নাহৰ পাতত
মহাদেৱৰ মন্ত্ৰ লিখি ঘৰত আৰি থয়। এনেকৈ থলে বতাহ-বৰষুণৰ পৰা ৰছৰটোত ৰক্ষা পৰে বুলি ভবা হয়। আবেলি গৰু ঘৰলৈ আহিলে জাগ দি নতুন পঘাৰে বন্ধা হয়। দীঘলতি, মাখিয়তি পাতেৰে গৰুক বিচা হয় আৰু লাও পিঠা খুৱাই ধুপ-ধুনা জ্বলায়। ৰাতিলৈ মানুহে জেতুকা পিন্ধে।
বিহু নাচ ( মুকলি বিহু ) |
ব'হাগৰ প্ৰথম দিনা মানুহ বিহু। পুৱাতে উঠি মাহ-হালধি সানি গা-ধুই মানুহে বিহুৱান (নতুন গামোচা) লয়, নতুন কাপোৰ পিন্ধে। নামঘৰ, গোঁসাই ঘৰত নাম কীর্তন কৰে। ডেকা-গাভৰু সকলে ঢোল-পেপা, গগণা, তাল আদিৰে মানুহৰ ঘৰে ঘৰে হুঁচৰি গায়। ব'হাগ বিহু প্রকৃততে আনন্দ উৎসৱ। খোৱাতকৈ আনন্দ কৰাহে এই বিহুৰ উদ্দেশ্য। সেইবাবেই এই বিহু ৰঙালী বিহু বুলি কোৱা হয়। ৰঙালী বিহুৰ মূল আকর্ষণ হুঁচৰি। এসময়ত এই হুঁচৰি পথাৰত গছৰ তলত গাইছিল। আজিকালি নগৰচহৰ সকলো ঠাইতে বিহু সন্মিলন পতা হয়। এই বিহু অসমৰ সকলো জনজাতিয়েই নিজা সংস্কৃতিৰে পালন কৰে।
আহিন-কাতি মাহৰ দোমাহীত কাতি বিহু বা কঙালী বিহু হয়। এই বিহুৰ তাৎপর্য হ’ল ধাননি পথাৰত, ঘৰৰ উন্নতিৰ বাবে তুলসী ভেটি সাঁজি নতুন তুলসী গছ কই সন্ধ্যা চাকি জ্বলাই নাম-কীৰ্তন কৰা হয়। এই সময়ছােৱাত মানুহৰ অভাৱ হয় বাবে খোৱা বা আনন্দ কৰা নহয়। সেই বাবেই কঙালী বিহু বুলি কোৱা হয়। এই বিহুৰ ব্যাপকতাও কম।
পুহ আৰু মাঘ মাহৰ দোমাহীক মাঘ বিহু বা ভোগালী বিহু বুলি কোৱা হয়। পুহ । মাহত খেতিয়কে খেতি চপাই ভঁৰাল পূর্ণ কৰে। বাৰীত আলু, শাক-পাচলি, মাছৰো। উভৈনদী হয়। সেইবাবে এই বিহুত খোৱা-লোৱা বেছি হয়। বিহুৰ আগদিনা উৰুকা ।
সেইদিনা পিঠা-পনা কৰে, ৰাইজে সামূহিক ভাৱে ভোজ-ভাত খায়। পথাৰ, নামঘৰ, বা ঘৰে ঘৰে বাঁহ কাঠেৰে মেজি সাঁজে। বিহুৰ দিনা পুৱাই গা ধুই সেই মেজি জ্বলাই দিয়ে। নামনি অসমত ভেলাঘৰ সাঁজি (খেৰৰ) জুই জ্বলোৱা হয়। উৰুকাৰ ৰাতি বহুতেই ৰং ৰহইচ কৰি উজাগৰে থাকে। বিহুৰ দিনা নামঘৰ্ত, নাম-কীর্তন কৰে। ইঘৰৰ মানুহ সিঘৰলৈ গৈ, খোৱা-বোৱা কৰে। মাঘ বিহুত ম'হ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, বুলবুলি চৰাইৰ যুজ, নাও খেল আদি হয়। নগাঁও আৰু নামনি অসমত এই বিহু ব্যাপক ভাৱে পালন কৰা হয়।
সামৰণিঃ
বিহু আমাৰ জাতীয় উৎসৱ। এই বিহুত অসমীয়াৰ নিজস্বতা প্রকাশ পায়। সকলো জনজাতি আৰু অজনজাতি মিলি যে অসমীয়া জাতি গঠন হৈছে বিহুয়েই তাক প্রমাণ কৰিছে। সেইবাৰে বিহুক অসমীয়া জাতিৰ 'একতাৰ উৎসৱ'।
বিহু আমাৰ জাতীয় উৎসৱ। এই বিহুত অসমীয়াৰ নিজস্বতা প্রকাশ পায়। সকলো জনজাতি আৰু অজনজাতি মিলি যে অসমীয়া জাতি গঠন হৈছে বিহুয়েই তাক প্রমাণ কৰিছে। সেইবাৰে বিহুক অসমীয়া জাতিৰ 'একতাৰ উৎসৱ'।
Please don't use spam link in the comment box.