ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ব্যৱহাৰিক ভূগোল - দশম শ্ৰেণী - ভূগোল - ELECTIVE GEOGRAPHY - SEBA - CLASS X

Admin
0

ব্যৱহাৰিক ভূগোল - দশম  শ্ৰেণী - ভূগোল - ELECTIVE  GEOGRAPHY - SEBA - CLASS X

CLASS X GEOGRAPHY ELECTIVE

ব্যৱহাৰিক ভূগোল - দশম  শ্ৰেণী - ভূগোল - ELECTIVE  GEOGRAPHY - SEBA - CLASS X


                                                     পাঠভিত্তিক প্রশ্নোত্তৰ

                                                            অনুশীলনী
১। মানচিত্র কি? ইয়াৰ প্রধান উপাদানবােৰৰ এখন তালিকা প্রস্তুত কবি প্রত্যেকৰে চিত্র আঁকি বুজাই দিয়া।
উত্তৰঃ  উপযুক্ত স্কেল ব্যৱহাৰ কৰি সমতল ক্ষেত্ৰত ভূ-পৃষ্ঠৰ যিকোনাে এটা অংশ উপস্থাপন কৰাকেই মানচিত্র বােলে। ভূগােল অধ্যয়নৰ বাবে মানচিত্র অপৰিহাৰ্য। মানচিত্রক এখন অভিধানৰ সৈতে তুলনা কৰিব পাৰি। মানচিত্রৰ অধ্যয়ন আৰু বিশ্লেষণৰ জৰিয়তে কোনাে এটা অঞ্চলৰ প্রাকৃতিক, ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থানৰ বিষয়ে জানিব পাৰি।
বিভিন্ন প্রকাৰৰ মানচিত্রৰ অধ্যয়নৰ বাবে মানচিত্রৰ উপাদানবােৰৰ বিষয়ে জনাটো প্রয়ােজনীয়। মানচিত্ৰৰ কেইটামান অপৰিহার্য উপাদান হ’লঃ 
(ক) মানচিত্রৰ নাম, (খ) মানচিত্রৰ সীমাৰেখা, (গ) মানচিত্ৰৰ মাপনী, (ঘ) সাংকেতিক চিহ্ন, (ঙ) দূৰত্ব, (চ) দিশ, (ছ) মাটিকালি আৰু (জ) মানচিত্রৰ আকৃতি আৰু আকাৰ।
তলৰ চিত্ৰত মানচিত্ৰৰ উপাদানবােৰ উপস্থাপন কৰি দেখুওৱা হ’লঃ 
CLASS X SEBA ELECTIVE GEOGRAPHY
অসমৰ  মানচিত্ৰ 


২। মানচিত্রত প্রাকৃতিক অৱয়বসমূহ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা যিকোনাে পাঁচোটা প্রচলিত সাংকেতিক চিহ্ন আঁকি সিহঁতৰ নাম লিখা 
উত্তৰঃ  সাধাৰণতে এখন মানচিএত তিনিটা উপাদান থাকে। সেইকেইটা হ'ল পৰিচিতিমুক বিৱৰণ, প্রাকৃতিক পৰিৱেশৰ বিৱৰণ আৰু সাংস্কৃতিক পৰিৱেশৰ বিৱৰণ। প্রাকৃতিক পৰিৱেশৰ অতি প্রাকৃতিক অৱয়বসমূহ হৈছে পাহাৰ, পর্বত, নদী, সমতল, উপত্যকা, অৰণ্য, জলাশয় ইত্যাদি। প্রাকৃতিক অৱয়বসমূহ উপস্থাপনৰ বাৰে কিছুমান প্রচলিত সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। তলত পাঁচটা প্রাকৃতিক অৱয়বৰ প্রচলিত সাংকেতিক চিহ্ন আঁকি সিহঁতৰ নাম উল্লেখ কৰা হ'ল ?
SEBA  ELECTIVE  GEOGRAPHY CLASS X
প্রাকৃতিক অৱয়বৰ প্রচলিত সাংকেতিক চিহ্ন


৩। মানচিত্রত সাংস্কৃতিক অৱয়বসমূহ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা যিকোনাে পাঁচোটা প্রচলিত সাংকেতিক চিহ্ন আঁকি সিহঁতৰ নাম লিখা।
উত্তৰঃ সাধাৰণতে সাংস্কৃতিক পৰিৱেশৰ উপাদানবােৰ মানৱসৃষ্ট। মানচিত্রই প্রাকৃতিক অৱয়বসমূহ বুজাত সহায় কৰাৰ উপৰিও বহুতাে সাংস্কৃতিক অৱয়ব যেনেঃ ঘৰ, পথ, মন্দিৰ, গীর্জা, মছজিদ, জনবসতিপূর্ণ স্থান, খেতিপথাৰ, গাঁও, নগৰ, চহৰ ইত্যাদি বিষয়ে জনাত সহায় কৰে। মানচিত্রত এই সাংস্কৃতিক উপাদানবােৰ কিছুমান প্রচলিত সাংকেতিক চিহ্নৰ সহায়ত উপস্থাপন কৰা হয়। প্রচলিত সাংকেতিক চিহ্নৰ সহায়ত তলত পাঁচটা সাংস্কৃতিক অৱয়ব উল্লেখ কৰা হ’লঃ 
(i) পকী পথঃ                
(ii) মন্দিৰ, মছজিদ, গীর্জা ইত্যাদিঃ      
(iii) মৰিশালী/কৰৰস্থানঃ                     
(iv) ব্রডগজ ৰে'লপথ (ষ্টেচনৰ সৈতে):
(v) সুৰংগ থকা ৰে'লপথঃ   

CLASS X GEOGRAPHY ELECTIVE
মানচিত্রত সাংস্কৃতিক অৱয়বসমূহ উপস্থাপন 
        

৪।আন্তর্জাতিক, ৰাজ্যিক, জিলা আৰু মহকুমাৰ প্ৰচলিত সাংকেতিক চিহ্ন অংকন কৰি নামকৰণ কৰা।
উত্তৰঃ মানচিত্র অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ লগতে বিভিন্ন অঞ্চল, মহাদেশ, দেশ, ৰাজ্য আদিৰ প্ৰাকৃতিক, ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থাৰ বিষয়ে জানিব পাৰি। কিছুমান প্রচলিত সাংকেতিক চিহ্নৰ জৰিয়তে মানচিত্ৰত বিভিন্ন সীমা যেনে আন্তর্জাতিক, ৰাজ্যিক, জিলা আৰু মহকুমা অংকন কৰা হয়। তলত সীমা বুজাবলৈ ব্যৱহৃত কিছুমান প্রচলিত সাংকেতিক চিহ্ন উল্লেখ কৰা হ'ল ঃ
(i) আন্তর্জাতিক সীমা
(ii) আন্তঃৰাজ্যিক সীমা
(iii) আন্তঃজিলা সীমা।
(iv) মহকুমাৰ সীমা।

ELECTIVE  GEOGRAPHY SEBA CLASS  X
আন্তর্জাতিক, ৰাজ্যিক, জিলা আৰু মহকুমাৰ প্ৰচলিত সাংকেতিক চিহ্ন


৫। তলত উল্লেখ কৰা অৱয়বসমূহৰ প্ৰচলিত সাংকেতিক চিহ্ন আঁকা।
(ক) পকী নকৰা ৰাস্তা (unmetalled road), (খ) নিজৰা (spring),
(গ) পর্ণপাতী উদ্ভিদ (deciduous forests), (ঘ) দুর্গ (fort), (ঙ) কুঁৱা (well),
(চ) জুপুৰি (hut) আৰু (ছ) জনবসতিপূর্ণ গাঁও (inhabited village)।
উঃ (ক) পকী নকৰা ৰাস্তা
(খ) নিজৰা
(গ) পর্ণপাতী উদ্ভিদ।
(ঘ) দুর্গ
(ঙ) কুঁৱা
(চ) জুপুৰি
(ছ) জনবসতিপূর্ণ গাঁও

উত্তৰঃ
SEBA ELECTIVE  GEOGRAPHY CLASS X
অৱয়বসমূহৰ প্ৰচলিত সাংকেতিক চিহ্ন


৬। তােমাক যােগান ধৰা অসমৰ সীমাৰেখাৰ মানচিত্রখন জালিকা পদ্ধতিৰে (grid system) বেলেগ কাগজত অংকন কৰা আৰু প্রধান আবশ্যকীয় উপাদানবােৰ সন্নিৱিষ্ট কৰা।
উত্তৰঃ পদক্ষেপ ১ঃ জালিকা পদ্ধতি ব্যৱহাৰ কৰি অংকন কৰা অসমৰ মানচিত্র ।


CLASS X  SEBA ELECTIVE  GEOGRAPHY
অসমৰ সীমাৰেখাৰ মানচিত্র
বিভিন্ন প্রকাৰৰ মানচিত্রৰ অধ্যয়নৰ বাবে মানচিত্রৰ উপাদানবােৰৰ বিষয়ে জনাটো প্রয়ােজনীয়। মানচিত্ৰৰ কেইটামান অপৰিহার্য উপাদান হ’লঃ 
(ক) মানচিত্রৰ নাম, (খ) মানচিত্রৰ সীমাৰেখা, (গ) মানচিত্ৰৰ মাপনী, (ঘ) সাংকেতিক চিহ্ন, (ঙ) দূৰত্ব, (চ) দিশ, (ছ) মাটিকালি আৰু (জ) মানচিত্রৰ আকৃতি আৰু আকাৰ।
তলৰ চিত্ৰত মানচিত্ৰৰ উপাদানবােৰ উপস্থাপন কৰি দেখুওৱা হ’লঃ

CLASS X SEBA ELECTIVE GEOGRAPHY
অসমৰ  মানচিত্ৰ 

৭। তােমাক যােগান ধৰ' তােমার জিলা অথবা ৰাজ্যখনৰ মানচিত্ৰখনত প্রধান নদৰাষ্ট্ৰীয় ঘাইপথ, ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য, জলাশয়, ৰে'লপথ আদি অৱয়ববােৰ সাংকেতিক চিহ্নৰ সহায়ত উপস্থাপন কৰিবলৈ অভ্যাস কৰা।
উত্তৰঃ




৮। তােমাৰ ৰাজ্যৰ মানচিত্রখনত আন্তর্জাতিক আৰু ৰাজ্যিক সীমাৰেখা সাংকেতিক চিহ্নৰ দ্বাৰা শুদ্ধকৈ অংকন কৰা।
উত্তৰঃ
CLASS X SEBA ELECTIVE GEOGRAPHY
অসমৰ  মানচিত্ৰ 

৯। তোমাক দিয়া মানচিত্ৰখনৰ এটি বিৱৰণ তিনিটা পর্যায়ত দাঙি ধৰাঃ
(ক) পাতনি,
(খ) প্রাকৃতিক অৱস্থাৰ বিৱৰণ,
(গ) সাংস্কৃতিক অৱস্থাৰ বিৱৰণ। 
উত্তৰঃ (ক) পাতনিঃ  এখন মানচিত্ৰৰ পাতনিত তলৰ কথাখিনি উল্লেখ কৰিব লাগেঃ
(i) দেশ, ৰাজ্য, জিলা, অঞ্চল ইত্যাদি নাম।
(i) মানচিত্ৰখনৰ অক্ষৰেখা আৰু দ্রাঘিমাৰেখাৰ বিস্তৃতি, মাপনী আৰু চাৰিসীমাৰ বিষয়ে উল্লেখ কৰিব লাগে।
(খ) প্রাকৃতিক অৱস্থাৰ বিৱৰণঃ মানচিত্র উপস্থাপন কৰা অঞ্চলটোৰ প্রাকৃতিক অবয়বৰ বৰ্ণনা কৰোঁতে তলৰ কথাকেইটা বিবেচনা কৰা উচিতঃ
(i) মানচিত্ৰত ব্যৱহৃত প্রতীকবােৰৰ চিনাক্তকৰণ
(ii) অঞ্চলটোৰ সামগ্রিক বর্ণনা দিবৰ বাবে প্রাকৃতিক অৱয়ব যেনেঃ বোৱতী নৈ,
শুকান নৈ, নিজৰা, জলাশয়, সংৰক্ষিত বনাঞ্চল, ঘাঁহনি, পর্ণপাতী উদ্ভিদ,
সৰলবর্গীয় উদ্ভিদ আদি চিনাক্ত কৰিব লাগিব।
(iii) মানচিত্রৰ ভু-প্রাকৃতিক বৈশিষ্ট্য জানিবলৈ দুই প্রকাৰৰ চিহ্নৰ সহায় লােৱা
(ক) সমােচ্চ ৰেখাঃ ই হ’ল এডাল ৰৈখিক চিহ্ন।
(খ) উচচতা বিন্দু ও ই হ'ল এটা বিন্দু চিহ্ন।
(গ) সাংস্কৃতিক অৱস্থাৰ বিৱৰণঃ  সাংস্কৃতিক পৰিৱেশৰ উপাদানবােৰ মানবসৃষ্ট। কিছুমান সাংস্কৃতিক পৰিৱেশৰ উপাদান হৈছে -বাট-পথ, ঘৰ-দুৱাৰ, বসতি, খেতিপথাৰ, গাঁও, নগৰ-চহৰ, বজাৰ, শিল্প-উদ্যোগ ইত্যাদি মানচিত্রত এই অৱয়ববােৰ সাংকেতিক চিহ্নৰ সহায়ত উপস্থাপন কৰা হয়। এই চিহ্নবােৰৰ জৰিয়তে সাংস্কৃতিক অৱয়ববােৰ চিনাক্ত কৰি সেইবােৰ অৱস্থান আৰু বৈশিষ্ট্য সম্পর্কে জানি লৈ অঞ্চলটোৰ অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অৱস্থাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি।
উদাহৰণস্বৰূপে, অঞ্চলটোৰ উচ্চতা, ভূ-প্রকৃতি, যাতায়ত ব্যৱস্থা, বজাৰ, নগৰচহৰ আৰু উদ্যোগৰ অৱস্থান আৰু বিতৰণ, নদ-নদীৰ অৱস্থান, গছ-গছনিৰপ্রকাৰ আৰু বনাঞ্চলৰ অৱস্থিতি আদি বহুতাে তথ্য আমি মানচিত্ৰৰ পৰা পাব পাৰোঁ।

১০। মানচিত্র অধ্যয়নৰ গুৰুত্ব আৰু প্রয়ােজন সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ ভূ-পৃষ্ঠ বা ইয়াৰ কোনাে এটা অংশ এখন সমতলত এক নির্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকনকে মানচিত্র হিচাপে জনা যায়। ভূগােল অধ্যয়নত এক গুৰুত্বপূর্ণ। সামগ্রী হৈছে মানচিত্র। সেয়ে, ভূগােল অধ্যয়ন কৰা ছাত্র-ছাত্রীয়ে মানচিত্র কেনেকৈ অধ্যয়ন কৰিব লাগে সেয়া জনা উচিত কিয়নাে মানচিত্রই বিভিন্ন ভৌগােলিক বৈশিষ্ট্য। যেনে-পাহাৰ, পর্বত, উপত্যকা, সমভূমি, মালভূমি,বনাঞ্চল, তৃণভূমি, খেতিপথাৰ, ঘৰ, নগৰ, চহৰ ইত্যাদি ভৌগােলিক বৈশিষ্ট্যবােৰ বুজি পােৱাত সহায় কৰে। পৃথিৱীৰ আকাৰ বিশাল সেয়ে ইয়াৰ প্ৰতিটো অংশ চোৱাটো আমাৰ বাবে সম্ভৱপৰ নহয়। সেইবাবে, মানচিত্র অধ্যয়ন এক গুৰুত্বপূর্ণ বিষয়। কাগজৰ ওপৰত অংকিত মানচিত্রক ক্ষুদ্র পৃথিৱী বােলা হয় য'ত বিভিন্ন ভৌগােলিক বৈশিষ্ট্যবােৰ সৰু আকৃতিত মানচিত্রত উপস্থাপন কৰা হয়। সেয়ে, মানচিত্রই ভূগােল শিকন সহজ, দ্রুত আৰু কোনাে ধৰণৰ খােকোজা নলগাকৈ বুজাত সহায় কৰে। ই পৃথিৱী বা কোনাে এটা অঞ্চলৰ বিভিন্ন বৈশিষ্ট্যবােৰ বুজাত সহায় কৰে। সম্প্রতি মানচিত্র অধ্যয়ন ভূগােলৰ এটা। অন্যতম দৰকাৰী বিষয় হিচাপে পৰিগণিত হৈছে। সকলাে পর্যায়ৰ লােকৰ বাবে মানচিত্ৰৰ অধ্যয়ন আৰুব্যৱহার নিতান্তই প্রয়ােজনীয় বিষয়। সেইদৰে দেশৰ প্রতিক্ষা সভাণ- নিয়ােজিত সেনাবাহিনীৰ জোৱানসকলৰ বাবেও মানচিত্ৰৰ ব্যৱহাৰ আৰু অধ্যয়ন অত্যন্ত গুরুত্বপূর্ণ।

৭.০২ঃ মানচিত্ৰৰ স্কেলঃ 

                                                                 
                                                                     প্রশ্নাৱলী
১। মাপনী কাক বােলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ আচল দূৰত্বক যি অনুপাতত মানচিত্রত কম বা চুটি কৰি লােৱা হয় তাকে মানচিত্র বিদ্যাত স্কেল বা মাপনী বােলা হয়। অন্যার্থত স্কেল বা মাপনী হৈছে এক গাণিতিক উপায় যাৰ সহায়ত পৃথিৱী বা ইয়াৰ যিকোনাে অংশক প্রয়ােজন।
সাপেক্ষে সৰু কৰি দেখুৱাব পাৰি। সেয়ে মানচিত্ৰবােৰক পৃথিৱীখনক সৰু কৰি চোৱাৰ এটি কৌশল বুলি ক'ব পাৰি।
উদাহৰণস্বৰূপে, যদি প্রকৃত দূৰত্ব ১০ কিঃমিঃ ক ১ ছেঃমিঃ দূৰত্বত উপস্থাপন কৰা হয় তেনেহ'লে মানচিত্ৰৰ দূৰত্ব আৰু প্রকৃত দূৰত্বৰ অনুপাতেই হ’ব মানচিত্রৰ স্কেল।।স্কেল বা মাপনী তিনি প্রকাৰৰ। সেইকেইবিধ হ’লঃ
(i) ভাষাৰ স্কেল (Scale in statement) : কেতিয়াবা মানচিত্ৰত দুখন ঠাইৰ।মাজৰ দূৰত্ব আৰু ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব ভাষাৰ সহায়ত প্রকাশ কৰা হয়। এনেধৰণে প্ৰকাশ কৰা অনুপাতক ভাষাৰ স্কেল বােলা হয়।
উদাহৰণস্বৰূপেঃ ১ ছেঃমিঃ = ৫ কিঃমিঃ
                             ১ ইঞ্চি ১০ মাইল
                              ২ ছেঃমিঃ = ১ কিঃমিঃ ইত্যাদি।
(ii) নিৰূপক ভগ্নাংশৰ স্কেল (Scale in representative fraction) : মানচিত্রত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতক যেতিয়া এক বিশেষ ভগ্নাংশৰ জৰিয়তে প্রকাশ কৰা হয় তেতিয়া সেই স্কেলক নিৰূপক ভগ্নাংশৰ স্কেল বােলা হয়। যেনেঃ ১ঃ ১০০০০ বা
১/১০০০০। এই ভগ্নাংশটোৰ লব ১ এ মানচিত্রৰ দূৰত্ব আৰু ১০০০০এশভূ-পৃষ্ঠৰ প্রকৃত দূৰত্বক বুজায় (এই ভগ্নাংশটোৰ বিশেষত্ব হ'ল ইয়াৰ লব সদায়-১)
(iii) ৰৈখিক স্কেল (Graphical scale) : যেতিয়া মানচিত্র আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক এডাল সৰলৰেখাৰ সহায়ত প্রকাশ কৰা হয় তাকে ৰৈখিক স্কেল বা মাপনী বােলে।

২। মানচিত্র অংকনত মাপনীৰ ভূমিকা উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দূখনৰ মাজৰ প্রকৃত দূৰত্বৰ অনুপাতেই হৈছে সেই মানচিত্ৰখনৰ স্কেল বা মাপনী। উদাহৰণস্বৰূপে, যদি প্রকৃত দূৰত্ব ১০ কিঃ মিঃ ক মানচিত্রত ১ ছেঃ মিঃ দূৰত্বত উপস্থাপন কৰা হয়,
তেনেহ'লে মানচিত্রৰ দূৰত্ব আৰু প্রকৃত দূৰত্বৰ অনুপাতেই হ'ব মানচিত্ৰৰ স্কেল। বিশাল পৃথিৱীৰ উপৰিভাগত থকা সক েশকৃতিক আৰু মানৱসৃষ্ট উপাদানবােৰক একেলগে চোৱাটো সম্ভৱপৰ নহয়৷ হয়। ২ সম্ভৱপৰ কৰিব পাৰি মানচিত্র
জৰিয়তেহে। কাৰণ এখন মানচিত্রত সম্পূর্ণ ভূ-পৃষ্ঠ বা ইয়াৰ যিকোনাে অংশৰ ভৌগােলিক উপাদানবােৰ উপস্থাপন কৰি পুংখানুপুংখভাৱে তাক অধ্যয়ন কৰিব পৰা যায়। অৱশ্যে এয়া কৰিবলৈ যাওঁতে প্রয়ােজন সাপেক্ষে পৃথিৱীৰ আকাৰ সৰু
কৰিবলগীয়া হয়। সাধাৰণভাৱে ক'বলৈ গ'লে যি অনুপাতত পৃথিৱীৰ উপৰিভাগৰ প্রকৃত দূৰত্বক কম বা চুটি কৰি লােৱা হয় তাকেই মানচিত্র বিদ্যাত স্কেল বা মাপনী বােলা হয়। অর্থাৎ স্কেল হৈছে এক গাণিতিক উপায় যাৰ সহায়ত পৃথিৱীবা ইয়াৰ
যিকোনাে অংশক প্রয়ােজন সাপেক্ষে সৰু কৰি দেখুৱাব পাৰি। সেয়ে মানচিত্রক পৃথিৱীখনক সৰু কৰি চোৱাৰ কৌশল বুলিও কোৱা হয়। উদাহৰণস্বৰূপে, যদি আমি ভাৰতৰ দৰে এখন দেশ যিয়ে ৩.২৮ নিযুত বর্গ কিঃ মিঃ আগুৰি আছে তাক মানচিত্রত দেখুৱাব লাগে তেন্তে আমি ইয়াৰ আকাৰ স্কেলৰ জৰিয়তে হ্ৰাস কৰিব লাগিব। সেইদৰে যদি কোনাে এখন ঠাইৰ প্ৰকৃত দূৰত্ব মানচিত্ৰত ২৫০ কিঃমিঃ দেখুৱাব লাগে তেতিয়া আমি মানচিত্ৰত ঠাইখনৰ আকাৰ হ্ৰাস কৰিব লাগিব। যদি আমি ১ছেঃ মিঃ = ৫০ কিঃমিঃ স্কেল ধৰা হয় তেন্তে ২৫০ কিঃমিঃ দূৰত্ব মানচিত্রত ৫ ছেঃ মিঃ ৰৈখিক দূৰত্বত প্রকাশ কৰিব পৰা যাব। 
৩। ভাষাৰ মাপনী কাক বােলে। উদাহৰণসহ আলােচনা কৰা।
উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ দূৰত্বক ভাষাৰে প্ৰকাশ কৰাকে ভাষাৰ মাপনী বােলে।
উদাহৰণস্বৰূপে, ১ ছেঃমিঃ= ১০ কিঃমিঃ, ১ ইঞ্চি = ৫ মাইল ইত্যাদি।
অর্থাৎ মানচিত্র এখনৰ স্কেল ১ ছেঃমিঃ = ১০ কিঃমিঃ বুলিলে মানচিত্রৰ ১ ছেঃমিঃ য়ে ভূ-পৃষ্ঠৰ ১০ কিঃমিঃ দূৰত্বক বুজায়।

৪। নিৰূপক ভগ্নাংশৰ মাপনী বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্রকৃত দূৰত্বৰ অনুপাতক এক বিশেষ ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা মাপনীক নিৰূপক ভগ্নাংশৰ মাপনী হিচাপে জনা যায়। এই ভগ্নাংশৰ লবৰ মান সদায় ১। গতিকে, কেৱল হৰৰ মানেহে মানচিত্ৰৰ মাপনী নির্ধাৰণ কৰে। এই মাপনীৰ আটাইতকৈ গুৰুত্বপূর্ণ সুবিধাটো হ'ল ইয়াত দূৰত্বৰ যিকোনাে একক বহুৱালেও ইয়াৰ মান ঠিকে থাকে।
উদাহৰণস্বৰূপেঃ ১ ছেঃমিঃ ৰে ১ কিঃমিঃ বুজালে ইয়াক ১ঃ১,০০,০০০ আকাৰে প্রকাশ কৰিব পাৰি (১ কিঃমিঃ ১০০০০০ ছেঃ মিঃ) নিৰূপক ভগ্নাংশৰ মাপনীত কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হলঃ
(i) এই মাপনীত লবই মানচিত্রৰ এক একক দূৰত্ব আৰু হবই ভূ-পৃষ্ঠৰ প্রকৃত দূৰত্ব বুজায়।
(i) এই ভগ্নাংশৰ লবৰ মান সদায় ১ একক। সেয়ে ভগ্নাংশত থকা হৰৰ মানে মাপনী নির্ধাৰণ কৰে।
(iii) ই যিকোনাে একক বহুৱালেও শুদ্ধ হৈ থাকে।

 ৫। ৰৈখিক মাপনীৰ বৈশিষ্ট্য আৰু প্রয়ােজনীয়তাসমূহ লিখা।
উত্তৰঃ যেতিয়া মানচিত্র আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক এডাল ৰেখাৰ সহায়ত প্রকাশ কৰা হয় তাক ৰৈখিক মাপনী বােলা হয়।
উদাহৰণস্বৰূপে, যদি মানচিত্ৰখনৰ ভাষাৰ মাপনী ১ ছেঃমিঃ = ২৫০ কিঃমিঃ হয়, তেন্তে ৪ ছেঃমিঃ দৈৰ্ঘ্যৰ এডাল সৰলৰেখাই ভূ-পৃষ্ঠৰ ১০০০ কিঃমিঃ দূৰত্বক বুজাব।


                 স্কেলঃ ১ ছেঃমিঃ = ২৫০ ছেঃ মিঃ

ৰৈখিক মাপনীৰ প্রধান বৈশিষ্ট্য আৰু প্রয়ােজনীয়তাসমূহ হ'ল ?
(i) ৰৈখিক মাপনী সদায় এডাল অনুভূমিক ৰেখা বা দণ্ডত দেখুওৱা হয় ।
(i) এই ৰেখা বা দণ্ডৰ কোনাে নির্দিষ্ট দৈর্ঘ্য নাথাকে। সাধাৰণতে ইয়াৰ দৈর্ঘ্য ৮ ছেঃ মিঃৰ পৰা ১৫ ছেঃ মিঃৰ ভিতৰত হয়।
(i) এই মাপনীৰ সহায়ত মানচিত্ৰত থকা যিকোনাে দুখন ঠাইৰ মাজৰ আচল দূৰত্ব সহজে নির্ধাৰণ কৰিব পাৰি।
(iv) এই পদ্ধতিৰ আন এই সুবিধা হ’ল যান্ত্রিক পদ্ধতিৰে যেতিয়া মানচিত্র এখনক দুটা অনুপাতত সৰুবা ডাঙৰ কৰা হয় সেই একে অনুপাততেই ৰৈখিক মাপনীৰ দৈর্ঘ্য চুটি বা দীঘল হয়। ইয়াৰ পিছতাে মানচিত্র এখনৰ মাপনী শুদ্ধ হৈ থাকে।

৬। মানচিত্র এখনৰ নিৰূপক ভগ্নাংশৰ মাপনী ১ ও ২৫০,০০০। ইয়াক ভাষাৰ মাপনীলৈ ৰূপান্তৰ কৰা।
উত্তৰঃ নিৰূপক ভগ্নাংশ ১ঃ ২৫০,০০০
১ ছেঃ মিঃ = ২,৫০,০০০ ছেঃমিঃ
১ ছেঃ মিঃ = ২.৫ কিঃমিঃ (১ কিঃমিঃ = ১,০০,০০০ ছেঃমিঃ)
গতিকে, নির্ণেয় ভাষাৰ মাপনী হৈছে ১ ছেঃমিঃ = ২.৫ কিঃ মিঃ

৭। মানচিত্র এখনৰ ভাষাৰ মাপনী ২ ছেণ্টিমিটাৰ = ৩৫ কিলােমিটাৰ। ইয়াক নিৰূপক ভগ্নাংশলৈ ৰূপান্তৰ কৰা।
উত্তৰঃ   ভাষাৰ মাপনী ২ ছেঃমিঃ = ৩৫ কিঃমিঃ
= ৩৫,০০,০০০ ছেঃমিঃ
১ কিঃমিঃ = ১,০০, ০০০ ছেঃমিঃ)
১ ছেঃমিঃ = ১৭,৫০,০০০ ছেঃমিঃ
গতিকে, নিৰূপক ভগ্নাংশত ইয়াৰ মাপনী হ'ব
১ঃ ১৭, ৫০,০০০ বা ১/১৭,৫০,০০০

৮। অতি কমেও ১ কিলােমিটার পর্যন্ত জোখ ল’ব পৰাকৈ নিৰূপক ভগ্নাংশ ১৪৫০০,০০০ ৰ বাবে এটি ৰৈখিক মাপনী অংকন কৰা।
উত্তৰঃ প্রদত্ত স্কেল অনুযায়ী
মানচিত্র ১ একক দূৰত্ব = ভূ-পৃষ্ঠৰ ৫০০ একক
বা, ১ ছেঃমিঃ = ৫ কিঃমিঃ (১ কিঃমিঃ = ১০০,০০০ ছেঃমিঃ)




নিৰূপক ভগ্নাংশৰ বাবে ৰৈখিক মাপনী ১ঃ ৫০০, ০০০

৯। ২ ইঞ্চি = ৫ মাইল ভাষাৰ মাপনী ব্যৱহাৰ কৰি অতি কমেও ১ মাইল পর্যন্ত জোখ ল’ব পৰাকৈ এটি ৰৈখিক মাপনী অংকন কৰা।

উত্তৰঃ  দিয়া আছে, ভাষাৰ মাপনী ২ ইঞ্চি = ৫ মাইল

          ভাষাৰ মাপনীৰ বাবে ৰৈখিক মাপনী ২ ইঞ্চি = ৫ মাইল

১০। চমু টোকা লিখা ৷ 
(ক) লেখচিত্র
(খ) দণ্ড লেখচিত্র।
(গ) ৰৈখিক লেখচিত্র 
(ঘ) বৃত্ত লেখচিত্র
(ঙ) ৰৈখিক মাপনী
উত্তৰঃ  লেখচিত্র ও যেতিয়া ভৌগােলিক তথ্যবােৰ লেখচিত্র বা ছবিৰ সহায়ত প্রকাশ কৰা হয় তেতিয়া তথ্যবােৰ সহজবােধ্য হয়। সেয়ে জলবায়ু, ভূমি ব্যৱহাৰ, জনসংখ্যা আৰু উৎপাদন ইত্যাদি সম্পর্কীয় বিভিন্ন ভৌগােলিক তথ্য লেখচিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়। লেখচিত্রই তলত দিয়া ধৰণে সহায় কৰেঃ
(i) সময় সম্বন্ধীয় তথ্য উপস্থাপনৰ বাবে লেখচিত্র উপযােগী।
(ii) ই এটাৰ লগত আনটোৰ সম্পৰ্ক থকা তথ্যবােৰৰ লৈখিক উপস্থাপন কৰে।
(i) ই ভূগােল অধ্যয়নক আকর্ষণীয় আৰু বিজ্ঞানভিত্তিক কৰি তােলে।
(iv) লেখচিত্রই ভূ-পৃষ্ঠৰ প্রকৃতি, আকৃতি হ্রাস কৰি এনে এটা আকৃতি প্রদান কৰে যাক এটা চিত্র বা মানচিত্ৰত সহজে উপস্থাপন কৰিব পাৰি। সাধাৰণতে, ভৌগােলিক তথ্যসমূহ তিনি প্রকাৰৰ লেখচিত্ৰৰ দ্বাৰা উপস্থাপন কৰা হয়। সেইকেইটা হ'ল দণ্ডচিত্র, ৰৈখিক লেখচিত্ৰ আৰু
বৃত্ত লেখচিত্র।
(খ) দণ্ড লেখচিত্রঃ
 কোনাে এখন ঠাইৰ জনসংখ্যা বা উৎপাদনৰ এক দীঘলীয়া সময়ৰ ধাৰা বা কেইবাখনাে ঠাইৰ এটা নির্দিষ্ট সময়ৰ জনসংখ্যা বা উৎপাদন আয়তাকাৰ দণ্ডৰ জৰিয়তে প্রদর্শন কৰা লেখচিত্রক দণ্ড লেখচিত্র বােলা হয়। দণ্ড লেখচিত্ৰত বিভিন্ন ধৰণৰ দণ্ডচিত্র ব্যৱহাৰ কৰা হয় কিন্তু প্রতিটোৰে প্রস্থ সমান হয়। সাধাৰণতে দুই প্রকাৰৰ দণ্ড লেখচিত্র পােৱা যায় ।
(ক) সাধাৰণ দণ্ড লেখচিত্র
(খ) বহু অংশবিশিষ্ট দণ্ড লেখচিত্র।
সাধাৰণ লেখ দণ্ডচিত্র এটা চলক প্রতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰা হয়। সময়, স্থান,সামগ্রী ইত্যাদিক আয়তাকাৰ দণ্ডৰ সহায়ত উপস্থাপন কৰা হয়। বহু অংশবিশিষ্ট লেখ দণ্ডচিত্র আন্তঃ সম্পর্ক থকা দুটা বা অধিক তথ্যক উপস্থাপন কৰা হয়। লেখ। দণ্ডচিত্ৰৰ দুটা অক্ষ থাকে। 'x' অক্ষই সময় বা মৌলিক তথ্যক প্রতিনিধিত্ব কৰে আৰু পৰিবর্তনশীল তথ্যবােৰ 'y' অক্ষই প্রতিনিধিত্ব কৰে।
(গ) ৰৈখিক লেখচিত্রঃ
কোনাে এখন ঠাইৰ জনসংখ্যা, উৎপাদন আদিৰ একদীঘলীয়া সময়ৰ ধাৰা ৰেখাৰ সহায়ত প্রদর্শন কৰা ৰৈখিক চিত্ৰক ৰৈখিক লেখচিত্র বােলা হয়। ই হৈছে লেখচিত্ৰত সর্বাধিক ব্যৱহৃত ৰূপ। ইয়াক সাধাৰণতে বিভিন্ন তথ্য যেনে— জনসংখ্যা বৃদ্ধি, উৎপাদন হ্রাস বা বৃদ্ধি, বিভিন্ন অর্থনৈতিক খণ্ডৰ বৃদ্ধি, জনমুৰি আয় বৃদ্ধি, কৃষিজাত সামগ্রী আৰু ঔদ্যোগিক বৃদ্ধি, দুটা বস্তুৰ মাজত তুলনা ইত্যাদি দেখুৱাবৰ বাবে ব্যৱহাৰ কৰা হয় । দণ্ড লেখচিত্ৰৰ সৈতে ৰৈখিক লেখচিত্র প্রায় একেই। দণ্ডচিত্রত সাধাৰণতে আয়তাকৃতিৰ দণ্ড ব্যৱহাৰ কৰা হয় আৰু ৰৈখিক লেখচিত্রত তথ্য উপস্থাপনৰ বাবে সাধাৰণ ৰেখা ব্যৱহাৰ কৰা হয়। ৰৈখিক লেখচিত্র পৰিসাংখ্যিক তথ্যৰ তুলনাৰ ক্ষেত্ৰত অধিক ব্যৱহাৰ হয়।
(ঘ) বৃত্ত লেখচিত্রঃ
ই হৈছে এনে এবিধ লেখচিত্র য'ত কোনাে এটা ভৌগােলিক উপাদানৰ অংশভিত্তিক মানবােৰ আনুপাতিক হিচাপেবৃত্তৰ সহায়ত দেখুওৱা হয়। বৃত্ত লেখচিত্রৰ জৰিয়তে এখন ঠাইৰ ভূমিৰ ব্যৱহাৰ, জনসংখ্যাৰ গাঁথনি ইত্যাদি তথ্য অনায়াসে উপস্থাপন কৰিব পাৰি। ইয়াৰ তথ্যবােৰ সহজে বুজি
পােৱা যায়। একেই ধৰণৰ ক্ষুদ্ৰ তথ্যৰ বাবে বৃত্ত লেখচিত্র অধিক উপযােগী। এই লেখচিত্রক ঘূৰণীয়া লেখচিত্র বুলিও কোৱা হয়।
(ঙ) ৰৈখিক মাপনীঃ
 যেতিয়া মানচিত্র আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক এডাল ৰেখাৰ সহায়ত প্রকাশ কৰা হয় তাক লৈখিক মাপনী বােলা হয়। ৰৈখিক মাপনী সদায় অনুভূমিক সৰলৰেখা বা দণ্ডত দেখুওৱা হয়। এনে ৰেখা বা দণ্ডৰ কোনাে নির্দিষ্ট দৈর্ঘ্য নাথাকে। অৱশ্যে ইয়াৰ দৈর্ঘ্য ৮ ছেণ্টিমিটাৰৰ পৰা ১৫।ছেণ্টিমিটাৰৰ ভিতৰত ৰখা হয়। ৰৈখিক মাপনীৰ সহায়ত আমি
যিকোনাে দুখন ঠাইৰ প্রকৃত দূৰত্ব অনায়াসে নির্ধাৰণ কৰিব পাৰে। ইয়াৰ আন এটা সুবিধা হ’ল যান্ত্রিক পদ্ধতিৰে যেতিয়া মানচিত্র এখনক এটা অনুপাতত।সৰু বা ডাঙৰ কৰা হয় সেই একে অনুপাততেই ৰৈখিক মাপনীৰ দৈর্ঘ্য চমু বা দীঘল হয়। সম্প্রতি ৰৈখিক মাপনীৰ গুৰুত্ব আৰু ব্যৱহাৰ বৃদ্ধি হােৱা দেখা গৈছে।
১১। তলত দিয়া ভৌগােলিক তথ্যসমূহ উপযুক্ত লেখচিত্ৰৰ দ্বাৰা উপস্থাপন কৰা।
(ক) নিবনুৱাৰ সংখ্যা

জৰীপ বৰ্ষ
নিবনুৱাৰ সংখ্যা
১৯৯২
১৯৯৩
১৯৯৪
১৯৯৫
১৯৯৬
১৯৯৭
১৯৯৮
১৯৯৯
২০০০
২০০১
৩,৫১২
৩,৯০৫
৪,২৩৫
৪,৯৫০
৫,০৬৪
৫,১১২
৫,৭৩০
৫,৯৩১
৬,৫৭৩
৬৮৮২



উত্তৰঃ 
CLASS X  ELECTIVE  GEOGRAPHY SEBA
ভৌগােলিক তথ্যসমূহ উপযুক্ত লেখচিত্ৰৰ দ্বাৰা উপস্থাপন 


(খ) মৰাপাট উৎপাদন

উৎপাদন বৰ্ষ
উৎপাদনৰ পৰিমাণ( টন হিচাপত)
১৯৯৫-১৯৯৬
১৯৯৬-১৯৯৭
১৯৯৭-১৯৯৮
১৯৯৮-১৯৯৯
১৯৯৯-২০০০
২০০০-২০০১
২০০১-২০০২
২০০২-২০০৩
২০৯২
২১৩৫
২৮৩০
২৬৫৭
২৯৪১
৩২৪৮
৩৮৯৩
৪২০৫


উত্তৰঃ 

CLASS X ELECTIVE  GEOGRAPHY SEBA
মৰাপাট উৎপাদন



(গ)আঞ্চলিক পর্যায়ত জনসংখ্যা  



অঞ্চল 
জনসংখ্যা (লাখ হিচাপত )
(১) উত্তৰ অঞ্চল
(২) দক্ষিণ অঞ্চল
(৩) পূৱ অঞ্চল
(৪) পশ্চিম অঞ্চল
৩২.
১৩০.
২৯৫.
৫৫.




উত্তৰঃ

CLASS X  ELECTIVE  GEOGRAPHY SEBA
আঞ্চলিক পর্যায়ত জনসংখ্যা  


(ঘ) গাঁও আৰু  নগৰৰ জনসংখ্যা 

অঞ্চল
জনসংখ্যা
(১)গ্ৰাম্যাঞ্চল
(২)নগৰাঞ্চল

৩,৪৯,৭৪২
১,২৭,৯৭৩


উঃ 
CLASS X  GEOGRAPHY ELECTIVE  SEBA
 গাঁও আৰু  নগৰৰ জনসংখ্যা 

(ঙ) কৃষিভূমিৰ বিতৰণ

কৃষ্ণিভূমিৰ ব্যৱহাৰ
কৃষিভূমিৰ পৰিমাণ (হেজাৰ হেক্টৰ হিচাপত)
ধান
মৰাপাট
কুঁহিয়াৰ
আলু
অন্যান্য
৯২,৫৬৩
১৯,৩৯৭
১৭,২১৮
৩,৮৮৪
২৩,০৭৩




উত্তৰঃ
CLASS X SEBA  ELECTIVE  GEOGRAPHY

(ঙ) কৃষিভূমিৰ বিতৰণ

                                  অতিৰিক্ত প্রশ্নোত্তৰ  

⚫ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ
১। মানচিত্রৰ কেইটামান ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ  তলত মানচিত্ৰৰ কেইটামান ব্যৱহাৰ উল্লেখ কৰা হ’ল—
(ক) যিকোনাে এখন দেশৰ অৱস্থিতি, বিস্তৃতি আৰু আপেক্ষিক অৱস্থান বুজাত মানচিত্রই সহায় কৰে।
(খ) মানচিত্ৰৰ সহায়ত পৃথিৱীৰ বিভিন্ন ঠাইৰ অৱস্থিতি বা আপেক্ষিক অৱস্থান।আৰু ঠাইসমূহৰ মাজৰ দূৰত্ব আৰু দিশ নিৰূপণ কৰিব পাৰি।
(গ) এখন ঠাইৰ প্ৰাকৃতিক, ৰাজনৈতিক তথা আর্থ-সামাজিক তথ্যসমূহৰ উদ্ঘাটন মানচিত্র অধ্যয়নৰ জৰিয়তে সম্ভৱ হয়।
(ঘ) পৃথিৱীৰ উপৰিভাগৰ বা ভূ-পৃষ্ঠৰ যিকোনাে এটা অংশৰ বাবে বিভিন্ন সময়ৰ তথ্যৰে যদি মানচিত্র এখন প্রস্তুত কৰা হয়, তেতিয়া সেই ঠাইখনত হােৱা পৰিৱৰ্তনবােৰ সহজে উলিয়াব পাৰি।
(ঙ) ভূ-পৃষ্ঠৰ বিভিন্ন উপাদানসমূহৰ বিতৰণ আৰু গুণাগুণৰ স্থানিক তাৰতম্যৰ সহজ মূল্যায়নত মানচিত্রই সহায় কৰে।
(চ) এখন ডাঙৰ স্কেলৰ সাধাৰণ মানচিত্ৰৰ পৰা ভালেমান মধ্যমীয়া আৰু সৰু স্কেলৰ বিষয়ভিত্তিক মানচিত্র প্রস্তুত কৰিব পাৰি।
(ছ) মানচিত্ৰৰ সহায়ত জটিল ভৌগােলিক পৰিঘটনা সহজে বর্ণনা কৰিব পাৰি আৰু বুজিব পাৰি।
(জ) বহুক্ষেত্ৰত নিৰক্ষৰ আৰু ন-শিকাৰুৰ বাবে মানচিত্র অতিশয় উপযােগী।
২। চমুটোকা লিখা ঃসমােচচ ৰেখা
উত্তৰঃ  প্রাকৃতিক অৱয়ব যেনে - বােৱতী নৈ, পাহাৰ, পর্বত, উপত্যকা, সমতল, নিজৰা, জলাশয়, ঘাঁহনি ইত্যাদি সাগৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত সেইকথা বুজাবলৈ সমােচ্চ ৰেখা ব্যৱহাৰ কৰা হয়। সমােচ্চ ৰেখা হৈছে এডাল কাল্পনিক ৰেখা যিয়ে একেই উচ্চতাত থকা ঠাইসমূহক সংযােগ কৰে। প্রায় আটাইবােৰ মানচিত্ৰৰে সমােচ্চ।ৰেখা থাকে। সাধাৰণতে, মানচিত্ৰত বিভি. ব্যৱহাৰ কৰি সমােচ্চ ৰেখাক নির্দেশ কৰা হয়। প্রত্যেক সমােচ্চ ৰেখাৰে এটা নির্দিষ্ট মান থাকে। কোনাে নির্দিষ্ট মানৰ সমােচ্চ ৰেখা এডাল মানচিত্ৰৰ যিবােৰ ঠাইৰ ওপৰেদি আঁকা হয় সেইবােৰ ঠাইৰ উচ্চতা (সাগৰ পৃষ্ঠৰ পৰা) সমােচ্চ ৰেখাডালৰ মানৰ সমান হয়।
শুদ্ধ বিকল্পটো বাছি উলিওৱা ঃ
(i) ভূ-পৃষ্ঠ বা ইয়াৰ কোনাে এটা অংশ এখন সমতলত এক নির্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকনক_________বুলি জনা যায়।
(ক) মানচিত্র
(খ) মাপনী
(গ) গােলক
(ঘ) অনুপাত
উত্তৰঃ (ক) মানচিত্র
(ii) সাগৰ পৃষ্ঠৰ পৰা সমান উচ্চতাৰ ঠাইবােৰক সংযােগ কৰা ৰেখাড়াল হৈছে____________।
(ক) সমােচ্চ ৰেখা
(খ) অক্ষাংশ
(গ) দ্রাঘিমাংশ
(ঘ) প্রচলিত সাংকেতিক চিহ্ন
উত্তৰঃ (ক) সমােচ্চ ৰেখা।
(ii) বনাঞ্চল পৰিৱেশৰ শ্ৰেণীৰ অন্তৰ্গত।
(ক) সামাজিক
(খ) প্রাকৃতিক
(গ) সাংস্কৃতিক
(ঘ) মানৱ-সৃষ্ট
উত্তৰঃ (খ) প্রাকৃতিক
(iv) প্রচলিত সাংকেতিক চিহ্ন + -এ কিহক প্রতিনিধিত্ব কৰে?
(ক) পুখুৰী
(খ) শুকান নদী
(গ) কুঁৱা
(ঘ)নিজৰা
উত্তৰঃ (ঘ) নিজৰা
(v) মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতক যেতিয়া এক বিশেষ ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা হয় তেতিয়া সেই মাপনীক কি বােলে ?
(ক) ভাষাৰ মাপনী
(খ) নিৰূপক ভগ্নাংশৰ মাপনী
(গ) ৰৈখিক মাপনী
(ঘ) ইয়াৰে এটাও নহয়
উত্তৰঃ (খ) নিৰূপক ভগ্নাংশৰ মাপনী
(vi) নিৰূপক ভগ্নাংশৰ বিশেষত্ব হৈছে ইয়াৰ লৰৰ মান সদায় ___________ হয়। 
(ক) ০
(খ) ১০
(গ) ১
(ঘ) ১০০
উত্তৰঃ (গ) ১
(vii) মানচিত্র আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক যেতিয়া এডাল সৰলৰেখাৰ সহায়ত প্রকাশ কৰা হয় তাক কি বােলা হয় ?
(ক) নিৰূপুরু ভগ্নাংশ মাপনী
 (খ) ভাষাৰ মাপনী।
(গ)ৰৈখিক মাপনী
(ঘ) লেখ দণ্ডচিত্র।

উঃ (গ) ৰৈখিক মাপনী

⚫ খালী ঠাই পূৰ কৰা ঃ
(i) ব্যৱহাৰিক ভূগােলত মানচিত্র অংকন আৰু মানচিত্র________
হৈছে এক গুৰুত্বপূর্ণ বিষয়।
উত্তৰঃ অধ্যয়ন
(ii) প্রত্যেক সমােচ ৰেখাৰে ___________ ৰ নির্দিষ্ট মান থাকে।
উত্তৰঃ উচ্চতা
(ii) হৰৰ মান যিমানেই বেছি হয়, সিমানেই মানচিত্র _________ হয়।
উত্তৰঃ সৰু 
(iv)  __________ মাপনীক অনুভূমিক ৰেখা বা দণ্ডচিত্ৰৰ সৈতে দেখুওৱা হয়।
উত্তৰঃ ৰৈখিক
(v) বিভিন্ন ভৌগােলিক পৰিঘটনা সম্পর্কীয় বিভিন্ন তথ্য যেতিয়া উপযুক্তভাৱে চিত্ৰৰ সহায়ত উপস্থাপন কৰা হয় তাক __________ বােলা হয়।
উত্তৰঃ লেখচিত্র
(vi)_________লেখচিত্ৰৰ সহায়ত কোনাে এটা ভৌগােলিক উপাদান আনুপাতিক হিচাপে বৃত্তৰ সহায়ত দেখুৱাব পাৰি।
উত্তৰঃ বৃত্ত
(vii) নিৰূপক ভগ্নাংশৰ মাপনীত________ ৰ মানে মানচিত্র স্কেল নির্ধাৰণ কৰে।
উত্তৰঃ হৰ 
(viii) এখন মানচিত্রৰ স্কেল ১ ছেঃমিঃ = ৫ কিঃমিঃ ৰ অৰ্থ হ'ল মানচিত্রৰ ১ ছেঃমিঃ________ দূৰত্বই ৫ কিল'মিটাৰ দূৰত্ব নির্দেশ কৰিছে।
উত্তৰঃ ভূ-পৃষ্ঠৰ




Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)