ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

উপসৰ্গ আৰু অনুসৰ্গ -অসমীয়া ব্যাকৰণ - দশম শ্ৰেণী(seba )

Admin
1

উপসৰ্গঃ

যিবোৰ  অব্যয়  শব্দই  ধাতু বা কৃদন্ত  পদৰ আগত বহি বিভিন্ন  অৰ্থ  প্ৰকাশক  শব্দ  গঠন  কৰে  সেয়ে  উপসৰ্গ  বা পূৰ্বসৰ্গ  বোলা হয় ৷ উপসৰ্গৰ  যোগত  সৃষ্টি  হোৱা  শব্দবোৰ বিশেষ্য  বা বিশেষণৰ হয় ৷ 
সংস্কৃত  ভাষাত 20  টা  উপসৰ্গ  আছে  ৷ তলত  সেইবোৰ  উপসৰ্গৰ  লগত  প্ৰয়োগবোৰ  দিয়া হ'লঃ

(ক)  প্ৰঃ    প্ৰসিদ্ধ  , প্ৰস্থান , প্ৰণাম ইত্যাদি ৷ 
(খ) পৰাঃ   পৰাক্ৰম , পৰাজয় , পৰাগ ৷
(গ) অপঃ  অপকাৰ , অপৰাধ , অপমান
(ঘ)সমঃ  সংগীত , সংস্কৃত , সংযোগ 
(ঙ) নিঃ  নিষেধ , নিৰাহাৰ , নিৱেদন , নিহত 
(চ) অৱঃ অৱকাশ , অৱমাননা , অৱনতি 
(ছ) অনুঃ  অনুজ , অনুৰোধ , অনুমান , অনুচৰ 
(জ) নিৰঃ  নিৰ্মাণ , নিৰ্দয় , নিৰ্গত , নিৰ্ভয় 
(ঝ) দূৰঃ দুৰ্গম , দুৰ্নাম , দুৰ্ভিক্ষ 
(ঞ) বিঃ বিনয় , বিনাশ , বিদায় 
(ট) অধিঃ অধিকাৰ , অধিবাস , অধিবক্তা 
(ঠ)সুঃ সুৰভি , সুচল , সুনাম 
(ড) উৎঃ উন্নতি , উৎকৰ্ষ , উত্তীৰ্ণ 
(ঢ) পৰিঃ পৰিৱেশ , পৰিমণ্ডল , পৰিষ্কাৰ 
(ত) প্ৰতিঃ প্ৰতিদান , প্ৰতিকাৰ , প্ৰতিবাদ 
(থ) অভিঃ অভিযোগ , অভিভাৱক , অভিশাপ 
(দ) অপিঃ অপিনিহিত , অদ্যপি , কথমপি 
(ধ) অতিঃঅতীত , অতিথি , অতিশয় 
(ন) উপঃ উপক্ৰম , উপহাৰ , উপদেশ ৷
(প) আঃ  আভৰণ , আপত্তি , আইন 

অনুসৰ্গঃ


যিবোৰ অব্যয়ে  বিশেষ্য  আৰু  ক্ৰিয়াপদৰ  শেষত  বহি বাক্যৰ অৰ্থ  স্পষ্ট  কৰাত  সহায় কৰে তাকে  অনুসৰ্গ  বোলে ৷ অনুসৰ্গক  পৰসৰ্গ  বুলিও  কোৱা হয় ৷ 
প্ৰয়োগ তথা উদাহৰণ ঃ 
-ইঃ  টকাই , যদুই 
-এঃ  ময়ে 
-ওঃ ময়ো 
-এইঃ তেৱেই 
-কেঃ খাবকে 
-কোঃ যাবকো 
-কৈঃ বিদ্যাতকৈ 
-দিঃ বাটেদি 
-হেঃ  যদিহে 

ক্ৰিয়াবাচক অনুসৰ্গ  অনুপদঃ


-একাঃ মই সেই  বিষয়ে নেৰিম একা ৷ 
-গৈঃ তুমি গৈ পায়ে ফোন কৰিবা ৷
-ছাগৈঃ ঘৰত ছাগৈ  এতিয়া আলহি  আহিছে ৷ 
-চোনঃ মিনতি চোন আহিব পাৰে ৷ 
-জানোঃ ল'ৰাটো পঠালৈ ভাল হ'ব  জানো ৷ 
-দেইঃ নহাকৈ নাথাকিবা দেই ৷ 
-দেখোনঃ তেওঁ দেখোন নাহিল ? 
-নেঃ চাহপানী খাবা নে ? 
-নেকিঃ বনভোজলৈ তুমি যাবা নেকি ? 
-হ'বলাঃ এইবাৰ খেলখন হ'ব হ'বলা ৷
-হকঃ আজিলৈ যাওঁ হক 
-হিঃ তেওঁ ভালেৰে  ঘৰ পালেহি ৷
হেঁতেনঃ ৰাম যোৱা হেঁতেন ভাল আছিল ৷


দৰকাৰী প্ৰশ্নঃ 


১/  উপসৰ্গ বা অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া ৷ 

উত্তৰঃ  

উপসৰ্গঃ (ক)  প্ৰঃ    প্ৰসিদ্ধ  , প্ৰস্থান , প্ৰণাম ইত্যাদি ৷ 
(খ) পৰাঃ   পৰাক্ৰম , পৰাজয় , পৰাগ ৷
(গ) অপঃ  অপকাৰ , অপৰাধ , অপমান

অনুসৰ্গঃ 
-ইঃ  টকাই , যদুই 
-এঃ  ময়ে 
-ওঃ ময়ো

২/ উপসৰ্গ  কাক  বোলে  ? উপসৰ্গৰ  দুটা  উদাহৰণ দি , তাৰ ব্যৱহাৰ  দেখুওৱা ৷

উত্তৰঃ যিবোৰ  অব্যয়  শব্দই  ধাতু বা কৃদন্ত  পদৰ আগত বহি বিভিন্ন  অৰ্থ  প্ৰকাশক  শব্দ  গঠন  কৰে  সেয়ে  উপসৰ্গ  বা পূৰ্বসৰ্গ  বোলা হয় ৷ 
উদাহৰণঃ
(ক)  প্ৰঃ    প্ৰসিদ্ধ  , প্ৰস্থান , প্ৰণাম ইত্যাদি ৷ 
(খ) পৰাঃ   পৰাক্ৰম , পৰাজয় , পৰাগ ৷

৩/ অনুসৰ্গ  কাক বোলে ? অনুসৰ্গৰ দুটা  উদাহৰণ দি , তাৰ ব্যৱহাৰ  দেখুওৱা ৷ 

উত্তৰঃ যিবোৰ অব্যয়ে  বিশেষ্য  আৰু  ক্ৰিয়াপদৰ  শেষত  বহি বাক্যৰ অৰ্থ  স্পষ্ট  কৰাত  সহায় কৰে তাকে  অনুসৰ্গ  বোলে ৷ অনুসৰ্গক  পৰসৰ্গ  বুলিও  কোৱা হয় ৷ 
প্ৰয়োগ তথা উদাহৰণ ঃ 
-ইঃ  টকাই , যদুই 
-এঃ  ময়ে 

৪/ শব্দৰ  আগত  উপসৰ্গ বহে  নে  অনুসৰ্গ বহে ? 

উত্তৰঃ উপসৰ্গ ৷ 

৫/ 'প্ৰ ' নাইবা  ' পৰি ' উপসৰ্গ যোগ  কৰি  দুটা  শব্দ  লিখা ৷ 

উত্তৰঃ  প্ৰঃ    প্ৰসিদ্ধ  , প্ৰস্থান , প্ৰণাম ইত্যাদি ৷  
পৰিঃ পৰিৱেশ , পৰিমণ্ডল , পৰিষ্কাৰ

৬/ অনুসৰ্গ যোগ কৰি  দুটা  শব্দ লিখা ৷

উত্তৰঃ -ইঃ  টকাই , যদুই 
-এঃ  ময়ে

৭/ 'অপ-' উপসৰ্গ  যুক্ত হোৱা  দুটা  শব্দ  লিখা ৷ 

উত্তৰঃ অপকাৰ , অপৰাধ 

৮/ 'চোন' অনুসৰ্গৰ  প্ৰয়োগ  দেখুৱাই এটি  বাক্য  লিখা ৷ 

উত্তৰঃ -চোনঃ মিনতি চোন আহিব পাৰে ৷ 

৯/ 'সম' উপসৰ্গযুক্ত  হোৱা  দুটা  শব্দ  লিখা ৷ 

উত্তৰঃ সংগীত  , সংস্কৃত 

১০/ 'দেই' অনুসৰ্গৰ প্ৰয়োগ  দেখুৱাই  এটি  বাক্য  লিখা ৷ 

উত্তৰঃ -দেইঃ নহাকৈ নাথাকিবা দেই ৷  

১১/ 'হ'বলা' অনুসৰ্গ ব্যৱহাৰ কৰি  এটি বাক্য  লিখা ৷ 

উত্তৰঃ -হ'বলাঃ এইবাৰ খেলখন হ'ব হ'বলা ৷

১২/ 'হঁক' অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য  লিখা ৷ 

উত্তৰঃ -হকঃ আজিলৈ যাওঁ হক ৷ 










Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment