ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ভাৰতৰ আঞ্চলিক ভূগােল - দশম শ্ৰেণী - ভূগোল - ELECTIVE GEOGRAPHY

Admin
0

    ভাৰতৰ আঞ্চলিক ভূগােল - দশম  শ্ৰেণী - ভূগোল - ELECTIVE  GEOGRAPHY  

CLASS X  SEBA ELECTIVE GEOGRAPHY
ভাৰতৰ আঞ্চলিক ভূগোল 

                                                    

                         পাঠভিত্তিক প্রশ্নোত্তৰ

১। ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা।
 উত্তৰঃ  ভাৰতবৰ্ষ এছিয়াৰ এখন আগশাৰীৰ দেশ। ই পৃথিৱীৰ উত্তৰ গােলার্ধত অৱস্থিত। ই। এখন বৃহৎ গণতান্ত্রিক দেশ। ভাৰতৰ এক উল্লেখযােগ্য বৈশিষ্ট্য হ’ল ইয়াৰ ভূপ্রকৃতি, জাতি, সংস্কৃতি, ভাষা, ধর্ম, সামাজিক পৰম্পৰা, বেশভূষা, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰত থকা বৈচিত্র্যতা। ভাৰতৰ এফালে হিমালয়ৰ বৰফাবৃত্ত পাহাৰ আৰু আনফালে ৰাজস্থানৰ বালিময় মৰুভূমি। দেশৰ বহু গত সঘনাই বানপানী হােৱাৰ লগতে আন কিছু অংশত খৰাঙৰ বাবে হাহাকাৰ হয়। ভাৰতৰ উত্তৰ অংশ নাতিশীতােষও অঞ্চলৰ অন্তৰ্গত; দক্ষিণ অংশ আকৌ ক্রান্তীয় অঞ্চলৰ অন্তৰ্গত। ভাৰতত উচ্চ পর্বত আৰু শিখৰৰ লগতে বৃহৎ সমভূমি আৰু মালভূমিও আছে। অন্যাৰ্থত ভাৰতৰ ভূ-খণ্ড, পর্বত, পাহাৰ, মালভূমি, সমভূমি, প্লাবনভূমি আদি ভিন্ন ভূ-প্রাকৃতিক বৈশিষ্ট্যৰে পৰিপূর্ণ। সেইদৰে জাতি, ভাষা আৰু ধৰ্মৰ ক্ষেত্ৰতাে ভাৰতত বৃহৎ বৈচিত্র্য বিদ্যমান। ভাৰতীয়সকল বিভিন্ন প্রজাতিৰ অন্তর্ভুক্ত যেনে – অষ্ট্র’এছীয়, মংগােলীয়, আর্য আৰু দ্রাবিড়। হিন্দু, ইছলাম, খ্রীষ্টান, বৌদ্ধ, শিখ, জৈন আদি ভিন্ন ধৰ্মাৱলম্বীৰ লােকে দেশখনক উজ্জীৱিত।কৰিছে। এনেবােৰ বৈচিত্র্যৰ মাজতাে দেশখনত ৰাষ্ট্ৰীয় ঐক্য দেখা যায়। এই ঐক্য আনিছে সাধাৰণ প্রাকৃতিক ভূ-খণ্ড, মৌচুমী জলবায়ু, আধুনিক যাতায়ত আৰু পৰিবহণ ব্যৱস্থা, বেপাৰ বাণিজ্য, দেশৰ স্বাধীনতা আন্দোলন আৰু শেহতীয়াকৈ গঢ় লৈ উঠা ঐক্যবদ্ধ প্রশাসনে। 
২। ভাৰতবৰ্ষৰ অৱস্থিতি আৰু আকাৰ সম্পৰ্কীয় বৈশিষ্ট্যখিনি ভাৰতৰ আঞ্চলিক ভূগােল  কৰা।
উত্তৰঃ  ভাৰত এছিয়া মহাদেশৰ দক্ষিণ প্রান্তত অৱস্থিত। ভাৰতবৰ্ষক উত্তৰে চীন আৰু হিমালয় পর্বতমালা, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্রীলংকা, পূবে বংগােপ সাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰব সাগৰ আৰু পাকিস্তানে আৱৰি আছে। ভাৰতৰ ভূখণ্ড উত্তৰ-দক্ষিণাকৈকাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু পূর্ব-পশ্চিমাকৈ অৰুণাচল প্রদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈ বিস্তৃত। ভাৰতবর্ষ ৮°৪'২৮'উত্তৰ আৰু ৩৭°১৭ '৫৩"উত্তৰ অক্ষৰেখা আৰু ৬৮°৭' ৩৩'পূব আৰু ৯৭°২৪'৪৭' পূর্ব দ্রাঘিমাংশৰ মাজত অৱস্থিত। কর্কটক্রান্তি ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ
দুটা ভাগত ভাগ কৰিছে। উত্তৰ অংশ নাতিশীতােষ্ণ জলবায়ু মণ্ডল আৰু দক্ষিণ ভাগ ক্রান্তীয় জলবায়ু মণ্ডলৰ অন্তৰ্গত। উত্তৰ-দক্ষিণাকৈ ইয়াৰ দৈর্ঘ্য ৩,২১৪ কিঃ মিঃ আৰু পূর্ব-পশ্চিমাকৈ দৈর্ঘ্য প্রায় ২,৯৩৩ কিঃমিঃ। ইয়াৰ উপকূলৰেখাৰ মুঠ দৈর্ঘ্য ৬,১০০ কিঃমিঃ আৰু স্থলসীমাৰ মুঠ দৈর্ঘ্য ১৫,২০০ কিঃমিঃ-ৰ অধিক। পাকিস্তান, বাংলাদেশ, চীন, নেপাল, ভূটান আৰু ম্যানমাৰৰ সৈতে ভাৰতৰ উমৈহতীয়া সীমান্ত আছে। ভাৰতৰ মুঠ ভৌগােলিক মাটিকালি ৩২,৮৭,২৬৩ বর্গ কিঃমিঃ যিয়ে ইয়াক পৃথিৱীৰ সপ্তম বৃহত্তম দেশ হিচাপে পৰিগণিত কৰিছে। ভাৰতে পৃথিৱীৰ মুঠ ভূ-খণ্ডৰ মাত্র ২.২% হেঅধিকাৰ কৰিছে। ২৮ খন ৰাজ্য আৰু ৭ খন কেন্দ্রীয় শাসিত অঞ্চলেৰে গঠিত ভাৰত এখন সর্ববৃহৎ গণতান্ত্রিক দেশ।

৩। ভূ-প্রকৃতিৰ ভিত্তিত ভাৰতক কেইটা অঞ্চলত ভাগ কৰিব পাৰি? চিত্ৰৰ সহায়ত বুজাই লিখা।
উত্তৰঃ  ভাৰতত বহুতাে ভূ-প্রাকৃতিক বৈচিত্র্যতা দেখা যায়। ভাৰতৰ প্ৰধান ভূ-প্রকৃতি পর্বত, পাহাৰ, নদী, উপত্যকা, সমভূমি, মালভূমি আদিৰে গঠিত। ভাৰতৰ সৰ্বমুঠ কালিৰ ১০.৭% পর্বতে,১৮.৬% পাহাৰ আৰু টিলা, ২৭.৭% মালভূমি আৰু ৪৩.৩% সমভূমিয়ে আৱৰি আছে। এই ভূ-প্রাকৃতিক বৈশিষ্ট্যৰ ভিত্তিত ভাৰতক চাৰিটা ভূপ্রাকৃতিক ভাগত ভাগ কৰিব পাৰিঃ

CLASS X SEBA ELECTIVE GEOGRAPHY
ভাৰতৰ অৱস্থিতি আৰু ভূ-প্ৰাকৃতিক অঞ্চলসমূহ 


 ভূ-প্রাকৃতিক বৈশিষ্ট্যৰ ভিত্তিত ভাৰতক চাৰিটা ভূ-প্রাকৃতিক ভাগত ভগাব পাৰিঃ
(ক) উত্তৰৰ হিমালয় পর্বতমালাঃ   ভাৰতৰ হিমালয় অঞ্চল উত্তৰ ভাৰতত অৱস্থিত আৰু ই কাশ্মীৰৰ নংগা পৰ্বতৰ পৰা পূবৰ অৰুণাচল প্রদেশলৈ ২,৫০০ কিঃমিঃ দৈর্ঘ্যলৈ বিস্তৃত। ই প্রায় ২৪০ কিঃমিঃ ৰ পৰা ৫০০ কিঃমিঃ বহল। হিমালয় অঞ্চলৰ মুঠ মাটিকালি ৫,০০,০০০ বর্গ কিঃমিঃ। সাগৰ পৃষ্ঠৰপৰা ইয়াৰ গড় উচ্চতা ৮০০০ মিটাৰতকৈ অধিক। হিমালয় পর্বতমালা টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল আৰু এইধ্বতমালা ৭ নিযুতবছৰত গঠনকাৰী প্রক্রিয়াৰ ফলত গঠন হৈছে। পূর্বৰ পৰা পশ্চিমলৈ উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয় নামেৰে বিস্তৃত তিনিখন সমান্তৰাল পর্বতশ্রেণীৰে হিমালয় পর্বত গঠিত। এই তিনিখন পর্বতশ্রেণীৰ ভিতৰত উচ্চ হিমালয়ৰ গড় উচ্চতা প্রায় ৬,০০০ মিটাৰ। উচ্চ হিমালয়ৰ ঠিক দক্ষিণত নিম্ন হিমালয় অবস্থিত। ইয়াৰ উচ্চতা গড় উচ্চতা ৪,০০০ মিটাৰ। ইয়াৰ প্রস্থ ৬০-৮০ কিঃমিঃৰ ভিতৰত। নিম্ন হিমালয়ৰ সংলগ্ন পর্বতমালা হ’ল বহিঃ হিমালয় ।এই পর্বতমালাৰ গড় উচ্চতা ১,০০০ মিটাৰ।
(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলঃউত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলক উত্তৰ ভাৰতৰ সমভূমি অঞ্চল হিচাপে জনা যায়। পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্রায় ২,৪০০ কিল'মিটাৰলৈকে এই সমভূমি বিস্তৃত হৈ আছে। সিন্ধু-গংগা সমভূমি অঞ্চলৰ প্রস্থ ২৪০ কিল'মিটাৰৰ পৰা ৩২০ কিল'মিটাৰ পর্যন্ত যদিও ব্রহ্মপুত্র সমভূমিৰ প্ৰস্থ গড়ে মাত্র ৮০ কিল'মিটাৰ। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্রায় ৭,০০,০০০ বর্গ কিল'মিটাৰ আগুৰি আছে। এই বৃহৎ সমভূমি সিন্ধু গংগা ব্রহ্মপুত্র সমভূমি নামে জনাজাত। উত্তৰ ভাৰতৰ সমভূমিক পাঁচ ভাগত বিভক্ত কৰিব পাৰি ।
(ক) পশ্চিম সমভূমি;
(খ) পঞ্জাৱ হাৰিয়ানা সমভূমি;
(গ) গংগা সমভূমি;
(ঘ) উত্তৰ বংগ সমভূমি;
(ঙ) ব্ৰহ্মপুত্ৰ সমভূমি।
সিন্ধু, গংগা আৰুব্রহ্মপুত্র প্রধান নদীকেইখনে আৰু সিহঁতৰ উপনৈবােৰে একেলগে এই বৃহৎ সমভূমি গঠন কৰিছে। এই নদীকেইখনৰ মাজৰ আটাইতকৈ গুৰুত্বপূর্ণ নদী গংগা উচ্চ হিমালয়ৰ গংগােত্রী হিমবাহৰ পৰা উৎপত্তি হৈছে: ব্রহ্মপুত্র চীনৰ তিব্বত মালভূমিৰ চেমা যু-ডুং হিমবাহৰ পৰা উৎপত্তি হৈছে। গংগাৰ উল্লেখযােগ্য উপনৈবােৰ হ’ল অলকানন্দা, যমুনা, ৰামগংগা, গােমতি, ঘাগৰা, গণ্ডক, সােণ, কুশী আদি ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈবােৰ হ’ল সােৱণশিৰি, জীয়াভৰলী, উত্তৰ ধনশ্রী,
দক্ষিণ বনশ্রী, পুঠিমাৰী, মানাহ, বুঢ়ীদিহিং, দিচাং, দিখৌ, কপিলী, কৃষ্ণাই আদি। সিন্ধু নদীৰ প্ৰধান উপনৈবােৰ হ’ল শতদ্রু, বিপাশা আৰু ৰাবি নদী। মধ্য সমভূমিৰ পশ্চিমলৈ থৰ মৰুভূমি নামে এখন সৰু মৰুভূমি আছে। গােটেই সমভূমি অঞ্চলটো অতি সাৰুৱা আৰু কৃষিৰ বাবে অতিকৈ উপযােগী সেয়ে, অঞ্চলটোৰ জনবসতি ঘন।
(গ) দাক্ষিণাত্য মালভূমি অঞ্চল ও দাক্ষিণাত্য মালভূমি উত্তৰ ভাৰতীয় সমভূমিৰ দক্ষিণত অৱস্থিত। মালভূমিখন অধিকতৰ পুৰণি কঠিন শিলেৰে গঠিত , বন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পর্বতে গােটেই অঞ্চলটোক উত্তৰ আৰু দক্ষিণ অংশত ভাগ কৰিছে। উত্তৰ অংশটো কম পৰিসৰৰ আৰু অধিকতৰ মালৱা আৰু ছােটানাগপুৰ মালভূমিৰে গঠিত। দক্ষিণৰ অংশটো ডাঙৰ আৰু।এই অংশটো সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণৰ কুমাৰিকালৈ বিস্তৃত হৈ আছে।
দাক্ষিণাত্য মালভূমি পশ্চিমৰ পৰা পূবলৈ ঢালখােৱা আৰু সেয়ে মহানদী,।গােদাবৰী, কৃষা, পেনাৰ আৰু কাবেৰী আদি বেছিভাগ নদীয়েই পূবলৈ গৈ বংগােপসাগৰত  পৰিছে। নর্মদা আৰু তাপ্তী নামৰ মুখ্য নদী দুখন পশ্চিমলৈ বৈ গৈ কাম্বে উপসাগৰত পৰিছে।
(ঘ) উপকূল অঞ্চলঃ  ভাৰতৰ পূব আৰু পশ্চিম উপকূলত এশাৰী উপকূলীয় অঞ্চল আছে। পশ্চিমঘাট আৰু আৰ সাগৰৰ মাজত অৱস্থিত ঠেক এই শাৰী উপকূলভূমিক পশ্চিম উপকূলীয় সমভূমি বােলে। ইয়াৰ উত্তৰ অংশক কংকন উপকূল আৰু মালাৱাৰ উপকূল বােলে। পূর্বঘাট আৰু বংগােপসাগৰৰ মাজত অৱস্থিত অঞ্চলক পূর্ব উপকূলীয় সমভূমি বােলে। এই উপকূলৰ দক্ষিণ অংশক কৰমণ্ডল উপকূল আৰু উত্তৰ অংশক উত্তৰ চৰকাৰ উপকূল বােলে। পূর্ব উপকূলীয় অঞ্চলটো গােদাবৰী, মহানদী, কৃষ্ণজ্ঞা আৰু কাবেৰী নদীৰ পানীৰে পূৰ্ণ হৈ থাকে। ই পশ্চিম উপকূলীয় সমভূমিৰ দৰে সাৰুৱা নহয়। এই অঞ্চলৰ নদীবােৰত ব-দ্বীপ আছে। 

৪। ভাৰতৰ ভূ-প্রাকৃতিক অঞ্চলসমূহৰ চমু বর্ণনা দিয়া।
উত্তৰঃ  ভূ-প্রাকৃতিক বৈশিষ্ট্যৰ ভিত্তিত ভাৰতক চাৰিটা ভূ-প্রাকৃতিক ভাগত ভগাব পাৰিঃ
(ক) উত্তৰৰ হিমালয় পর্বতমালাঃ   ভাৰতৰ হিমালয় অঞ্চল উত্তৰ ভাৰতত অৱস্থিত আৰু ই কাশ্মীৰৰ নংগা পৰ্বতৰ পৰা পূবৰ অৰুণাচল প্রদেশলৈ ২,৫০০ কিঃমিঃ দৈর্ঘ্যলৈ বিস্তৃত। ই প্রায় ২৪০ কিঃমিঃ ৰ পৰা ৫০০ কিঃমিঃ বহল। হিমালয় অঞ্চলৰ মুঠ মাটিকালি ৫,০০,০০০ বর্গ কিঃমিঃ। সাগৰ পৃষ্ঠৰপৰা ইয়াৰ গড় উচ্চতা ৮০০০ মিটাৰতকৈ অধিক। হিমালয় পর্বতমালা টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল আৰু এইধ্বতমালা ৭ নিযুতবছৰত গঠনকাৰী প্রক্রিয়াৰ ফলত গঠন হৈছে। পূর্বৰ পৰা পশ্চিমলৈ উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয় নামেৰে বিস্তৃত তিনিখন সমান্তৰাল পর্বতশ্রেণীৰে হিমালয় পর্বত গঠিত। এই তিনিখন পর্বতশ্রেণীৰ ভিতৰত উচ্চ হিমালয়ৰ গড় উচ্চতা প্রায় ৬,০০০ মিটাৰ। উচ্চ হিমালয়ৰ ঠিক দক্ষিণত নিম্ন হিমালয় অবস্থিত। ইয়াৰ উচ্চতা গড় উচ্চতা ৪,০০০ মিটাৰ। ইয়াৰ প্রস্থ ৬০-৮০ কিঃমিঃৰ ভিতৰত। নিম্ন হিমালয়ৰ সংলগ্ন পর্বতমালা হ’ল বহিঃ হিমালয় ।এই পর্বতমালাৰ গড় উচ্চতা ১,০০০ মিটাৰ।
(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলঃউত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলক উত্তৰ ভাৰতৰ সমভূমি অঞ্চল হিচাপে জনা যায়। পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্রায় ২,৪০০ কিল'মিটাৰলৈকে এই সমভূমি বিস্তৃত হৈ আছে। সিন্ধু-গংগা সমভূমি অঞ্চলৰ প্রস্থ ২৪০ কিল'মিটাৰৰ পৰা ৩২০ কিল'মিটাৰ পর্যন্ত যদিও ব্রহ্মপুত্র সমভূমিৰ প্ৰস্থ গড়ে মাত্র ৮০ কিল'মিটাৰ। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্রায় ৭,০০,০০০ বর্গ কিল'মিটাৰ আগুৰি আছে। এই বৃহৎ সমভূমি সিন্ধু গংগা ব্রহ্মপুত্র সমভূমি নামে জনাজাত। উত্তৰ ভাৰতৰ সমভূমিক পাঁচ ভাগত বিভক্ত কৰিব পাৰি ।
(ক) পশ্চিম সমভূমি;
(খ) পঞ্জাৱহাৰিয়ানা সমভূমি;
(গ) গংগা সমভূমি;
(ঘ) উত্তৰ বংগ সমভূমি;
(ঙ) ব্ৰহ্মপুত্ৰ সমভূমি।
সিন্ধু, গংগা আৰুব্রহ্মপুত্র প্রধান নদীকেইখনে আৰু সিহঁতৰ উপনৈবােৰে একেলগে এই বৃহৎ সমভূমি গঠন কৰিছে। এই নদীকেইখনৰ মাজৰ আটাইতকৈ গুৰুত্বপূর্ণ নদী গংগা উচ্চ হিমালয়ৰ গংগােত্রী হিমবাহৰ পৰা উৎপত্তি হৈছে: ব্রহ্মপুত্র চীনৰ তিব্বত মালভূমিৰ চেমা যু-ডুং হিমবাহৰ পৰা উৎপত্তি হৈছে। গংগাৰ উল্লেখযােগ্য উপনৈবােৰ হ’ল অলকানন্দা, যমুনা, ৰামগংগা, গােমতি, ঘাগৰা, গণ্ডক, সােণ, কুশী আদি ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈবােৰ হ’ল সােৱণশিৰি, জীয়াভৰলী, উত্তৰ ধনশ্রী,
দক্ষিণ বনশ্রী, পুঠিমাৰী, মানাহ, বুঢ়ীদিহিং, দিচাং, দিখৌ, কপিলী, কৃষ্ণাই আদি। সিন্ধু নদীৰ প্ৰধান উপনৈবােৰ হ’ল শতদ্রু, বিপাশা আৰু ৰাবি নদী। মধ্য সমভূমিৰ পশ্চিমলৈ থৰ মৰুভূমি নামে এখন সৰু মৰুভূমি আছে। গােটেই সমভূমি অঞ্চলটো অতি সাৰুৱা আৰু কৃষিৰ বাবে অতিকৈ উপযােগী সেয়ে, অঞ্চলটোৰ জনবসতি ঘন।
(গ) দাক্ষিণাত্য মালভূমি অঞ্চল ও দাক্ষিণাত্য মালভূমি উত্তৰ ভাৰতীয় সমভূমিৰ দক্ষিণত অৱস্থিত। মালভূমিখন অধিকতৰ পুৰণি কঠিন শিলেৰে গঠিত , বন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পর্বতে গােটেই অঞ্চলটোক উত্তৰ আৰু দক্ষিণ অংশত ভাগ কৰিছে। উত্তৰ অংশটো কম পৰিসৰৰ আৰু অধিকতৰ মালৱা আৰু ছােটানাগপুৰ মালভূমিৰে গঠিত। দক্ষিণৰ অংশটো ডাঙৰ আৰু।এই অংশটো সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণৰ কুমাৰিকালৈ বিস্তৃত হৈ আছে।
দাক্ষিণাত্য মালভূমি পশ্চিমৰ পৰা পূবলৈ ঢালখােৱা আৰু সেয়ে মহানদী,।গােদাবৰী, কৃষা, পেনাৰ আৰু কাবেৰী আদি বেছিভাগ নদীয়েই পূবলৈ গৈ বংগােপসাগৰত  পৰিছে। নর্মদা আৰু তাপ্তী নামৰ মুখ্য নদী দুখন পশ্চিমলৈ বৈ গৈ কাম্বে উপসাগৰত পৰিছে।
(ঘ) উপকূল অঞ্চলঃ  ভাৰতৰ পূব আৰু পশ্চিম উপকূলত এশাৰী উপকূলীয় অঞ্চল আছে। পশ্চিমঘাট আৰু আৰ সাগৰৰ মাজত অৱস্থিত ঠেক এই শাৰী উপকূলভূমিক পশ্চিম উপকূলীয় সমভূমি বােলে। ইয়াৰ উত্তৰ অংশক কংকন উপকূল আৰু মালাৱাৰ উপকূল বােলে। পূর্বঘাট আৰু বংগােপসাগৰৰ মাজত অৱস্থিত অঞ্চলক পূর্ব উপকূলীয় সমভূমি বােলে। এই উপকূলৰ দক্ষিণ অংশক কৰমণ্ডল উপকূল আৰু উত্তৰ অংশক উত্তৰ চৰকাৰ উপকূল বােলে। পূর্ব উপকূলীয় অঞ্চলটো গােদাবৰী, মহানদী, কৃষ্ণজ্ঞা আৰু কাবেৰী নদীৰ পানীৰে পূৰ্ণ হৈ থাকে। ই পশ্চিম উপকূলীয় সমভূমিৰ দৰে সাৰুৱা নহয়। এই অঞ্চলৰ নদীবােৰত ব-দ্বীপ আছে।

৫। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যৰােৰ চমুকৈ লিখা।
উত্তৰঃ কোনাে এখন ঠাইৰ জলবায়ু দেশখনৰ আকাৰ, বিযুৱৰ পৰা দূৰত্ব, সাগৰৰ পৰা দুৰত্ব, উচ্চতাৰ ভিন্নতা, প্রাকৃতিক উদ্ভিদ, মৌচুমী বায়ু আদি বিভিন্ন কাৰকৰ দ্বাৰা প্রভাবিত হয়। ভাৰতৰ জলবায়ু বহু পৰিমাণে এই কাৰকসমূহৰ দ্বাৰা প্ৰভাৱিত । মুঠতে ভাৰতৰ জলবায়ুত তলত দিয়া বৈশিষ্ট্যসমূহ দেখা যায়ঃ 
(ক) ভিন্ন জলবায়ুঃ
  ভিন্ন ভূ-প্রাকৃতিক গঠন যেনেঃ পর্বত, পাহাৰ, নদী, উপত্যকা, সমভূমি, মালভূমি, উপকূলীয় অঞ্চল আদিৰে ভাৰতবৰ্ষ এখন বিশাল দেশ । ভাৰতত বৰফাবৃত্ত পর্বত, মৰু অঞ্চল, অধিক বৃষ্টিপাত হােৱা অঞ্চল আছে। সেয়ে, ভাৰত এখন জলবায়বীয় ভিন্নতাৰে সমৃদ্ধ দেশ।
(খ) উত্তৰ আৰু দক্ষিণৰ মাজৰ ভিন্ন জলবায়বীয় অৱস্থাঃ 
ভাৰতৰ মাজেৰে পাৰ হৈ যােৱা কর্কটক্রান্তি ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ অংশত ভাগ কৰিছে। উত্তৰ অংশটো নাতিশীতােষ্ণ মণ্ডল আৰু দক্ষিণ অংশটো ক্রান্তীয় অঞ্চলৰ অন্তৰ্গত। সেয়ে ভাৰতৰ দক্ষিণ অংশটো তুলনামূলকভাৱে উত্তৰ অংশতকৈ গৰম।
(গ) উচচতাৰ ভিন্নতাঃ
 ভাৰতত বিভিন্ন অঞ্চল সাগৰপৃষ্ঠৰ পৰা ভিন্ন স্তৰত অৱস্থিত। কোনাে এখন ঠাইৰ জলবায়ুক বিশেষভাৱে প্ৰভাৱিত কৰা এটা উল্লেখযােগ্য কাৰক হ’ল সাগৰপৃষ্ঠৰ পৰা উচ্চতা। সেয়ে, আগ্রা আৰু দার্জিলিং একে অক্ষাংশত অৱস্থিত যদিও দুয়ােখন ঠাইৰে জলবায়ু ভিন্ন।
(ঘ) মৌচুমী বায়ুৰ প্ৰভাৱঃ
 ভাৰতৰ জলবায়ুৰ এটা প্রধান বৈশিষ্ট্য হ’ল দেশখনৰ জলবায়ুত মৌচুমী বায়ুৰ প্ৰভাৱ । গ্রীষ্মকালত আৰব সাগৰৰ পৰা বলা দক্ষিণপশ্চিম মৌচুমী বতাহৰ বাবে ভাৰতত প্ৰচুৰ বৃষ্টিপাত হয়। এইবতাহআদ্রতাযুক্ত হােৱা বাবে ভাৰতৰ বহু অঞ্চলত যথেষ্ট পৰিমাণৰ বৃষ্টিপাতৰ সৃষ্টি কৰে।
শীতকালত উত্তৰ-পূব মৌচুমী বতাহে কিছু অঞ্চলত বৰষুণ আনে।
(ঙ) হিমালয়ৰ প্ৰভাৱঃ  
ভাৰতৰ জলবায়ু উত্তৰত অৱস্থিত হিমালয় পর্বতৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত। হিমালয়ে মধ্য এছিয়াৰ পৰা বলা ঠাণ্ডা বতাহক বাধা দিয়ে আৰু মধ্য এছিয়াৰ বেছিভাগ দেশৰ দৰে অতিপাত ঠাণ্ডা বতৰ হােৱাৰ পৰা ভাৰতক ৰক্ষা কৰে। দ্বিতীয়তে উত্তৰ আৰু উত্তৰ-পূব হিমালয়ে বংগ উপসাগৰৰ পৰা বলা আর্দ্রতাযুক্ত বতাহক বাধা দিয়ে আৰু সেইবাবে প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হয়।
৬। মৌচুমী বায়ুয়ে ভাৰতৰ জলবায়ুৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়-ব্যাখ্যা কৰা।
উত্তৰঃ  ভাৰতৰ জলবায়ুৰ এ অনন্য বৈশিষ্ট্য হ’ল মৌচুমী বায়ুৰ প্ৰভাৱ। সেয়ে ইয়াক ভাৰতৰ জলবায়ু নির্দেশকাৰী এক গুৰুত্বপূর্ণ কাৰক বুলি গণ্য কৰা হয়। দক্ষিণপশ্চিম মৌচুমী বতাহে গ্রীষ্মকালত বৰষুণ আনে। গ্রীষ্মকালত এই বতাহ আৰব সাগৰৰ পৰা ভাৰত উপমহাদেশলৈ বয়। সাগৰৰ ওপৰেৰে বলা বাবে এই বতাহে বহু পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনে। দেশৰ পশ্চিমত অৱস্থিত পশ্চিমঘাট পর্বত খুন্দা খােৱাৰ বাবে এই বতাহ ওপৰলৈ উঠে, ঘনীভূত হয় আৰু পশ্চিম উপকূল অঞ্চলত বৰষুণ হৈ পৰে। সেয়ে কঙ্কন আৰু মালাবাৰ উপকূলত বছৰি ৩০০ছেঃ মিঃ -ৰ অধিক বৃষ্টিপাত হয়। পশ্চিমঘ। পাৰ হােৱাৰ পিছত এইবতাহ বংগ উপসাগৰেৰে অসম আৰু উত্তৰ-পূবলৈ আহে। ইয়াত কোনাে পর্বত নথকা বাবেই পােনে পােনে মেঘালয় মালভূমিলৈ যায়; ইয়াত ই ওপৰলৈ উঠে আৰু ঘনীভূত হয়। মেঘালয়ৰ চেৰাপুঞ্জীত পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত (বছৰি ১২৫০ ছেঃমিঃ) হয়। ইয়াৰ পিছত এই বতাহ মেঘালয় পাৰ হয় আৰু প্ৰচুৰ বৃষ্টিপাত লৈ অসম আৰু চুবুৰীয়া ৰাজ্যত প্রৱেশ কৰে। পিছত ইউত্তৰলৈ গতি কৰে আৰু হিমালয়ৰ পাদদেশত বাধা। পায়। সেয়ে, এই অঞ্চলত প্ৰচুৰ বৃষ্টিপাত হয়। শীতকালত উত্তৰ-পূব মৌচুমী বতাহ মধ্য এছিয়াৰ পৰা পৰ্বতৰ ফাকেৰে আহি।ভাৰতত প্ৰৱেশ কৰে। এইবতাহ শুকান আৰু ঠাণ্ডা হােৱা বাবে উত্তৰ পূৰ্বৰ ৰাজ্যসমূহত বৰষুণ নহয়। এই বতাহ দক্ষিণৰ বংগােপসাগৰৰ ওপৰেৰে গতি কৰা বাবে কিছু।পৰিমাণে জলীয় বাষ্প কঢ়িয়াই নিয়াৰ ফলত কমণ্ডল উপকূলত বৃষ্টিপাত হয়।


CLASS X  ELECTIVE GEOGRAPHY SEBA
ভাৰতৰ বৰষুণৰ বিতৰণ 



৭।  কি কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পােৱা যায় ? চিত্র আঁকি উল্লেখ কৰা।
উত্তৰঃ  
ELECTIVE GEOGRAPHY CLASS X SEBA
ভাৰতৰ উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণ 

৮। ভাৰতত পােৱা উদ্ভিদৰ প্ৰকাৰবােৰ আলােচনা কৰা।
উত্তৰঃ
 (ক) চিৰ সেউজীয়া উদ্ভিদ
(খ) মৌচুমীয় উদ্ভিদ
(গ) কাঁইটীয়া মৰু উদ্ভিদ
(ঘ) তৃণজাতীয় উদ্ভিদ
(ঙ) ব-দ্বীপীয় উদ্ভিদ (মেনগ্রভ)
(চ) পার্বত্য উদ্ভিদ



ELECTIVE GEOGRAPHY CLASS X SEBA
ভাৰতৰ উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণ

(ক) চিৰসেউজীয়া উদ্ভিদঃ 
 যিবােৰ অঞ্চলৰ বার্ষিক গড় বৃষ্টিপাত ২০০ ছেঃমিঃ তকৈ অধিক আৰু ২৫°ছেঃমিঃ আৰু ২৭°ছেঃমিঃ উতাৰ মাজৰ তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পােৱা যায়। চিৰসেউজীয়া উদ্ভিদবােৰ অত্যন্ত ওখ। ওখ জাতীয় উদ্ভিদৰ উপৰি তেঁত, বাঁহ, ঢেকীয়াজাতীয় আৰু বিভিন্ন ধৰণৰ লতাজাতীয় উদ্ভিদবােৰ চিৰ সেউজীয়া উদ্ভিদৰ অন্তৰ্গত। চিৰসেউজীয়া মূল্যবান উদ্ভিদবােৰ হ’ল শিশু, চন্দন, ৰবৰ আদি। চিৰসেউজীয়া উদ্ভিদ পশ্চিমঘাট পর্বতৰ পশ্চিম ঢাল, অৰুণাচল-হিমালয়ৰ নামনি ভাগ, উজনি অসম, মণিপুৰ আৰু মিজোৰামৰ পার্বত্য অঞ্চল আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত পােৱা যায়।
(খ) মৌচুমীয় উদ্ভিদঃ 
ভাৰতত সর্বাধিক পৰিমাণে পােৱা উদ্ভিদবােৰ হ’ল মৌচুমীয় উদ্ভিদ। যিবােৰ অঞ্চলত বার্ষিক গড় বৃষ্টিপাত ১০০ ছেঃমিঃ আৰু ২০০ ছেঃমিঃৰ ভিতৰত আৰু ২৭° ছেঃ উতাৰ তেনে অঞ্চলত পােৱা যায়। এনেধৰণৰ বেছিভাগ উদ্ভিদৰে শীতকালত পাত সৰি যায়। মৌচুমীয় অৰণ্যৰ কেইবিধমান গুৰুত্বপূর্ণ উদ্ভিদ হ’ল শাল, চেগুন, চিচি, শিশু, শিমলু আৰু বিভিন্ন প্রকাৰ বাঁহ আদি। এনেধৰণৰ উদ্ভিদ অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্রদেশ, হিমাচল প্রদেশ, হাৰিয়ানাৰ কিছু অংশ, মধ্যপ্রদেশ, তামিলনাড়ু, পশ্চিমঘাট, পূর্বঘাট আৰু দাক্ষিণাত্য মালভূমিৰ পূব অংশ, দক্ষিণ ভাৰতৰ আর্দ্র অঞ্চল, আন্দামান - নিকোবৰ দ্বীপপুঞ্জত পােৱা যায়।
(গ) কাঁইটীয়া মৰু উদ্ভিদঃ
 যিবােৰ অঞ্চলত বার্ষিক বৃষ্টিপাত ৫০ ছেঃমিঃ ৰকম আৰু উত্তাপ অধিক তেনে অঞ্চল্য “ইটীয়া মৰু উদ্ভিদ হয়। যিহেতু মাটিবােৰ বালিয়া আৰু পানীৰ পৰিমাণ কম, সেয়ে বাষ্পীভৱন বাধা দিবৰ বাবে গছৰ পাতবােৰ কাঁইটীয়া হয়। ৰাজস্থানৰ থৰ মৰুভূমিৰ পশ্চিম অংশ আৰু পঞ্জাৱৰ দক্ষিণ-পশ্চিম অংশত এনে উদ্ভিদ পােৱা যায়। শুষ্ক ভূমি আৰু মৰু অঞ্চলৰ প্রধান উদ্ভিদবােৰ হ’ল একাচিয়া, বিভিন্ন প্রকাৰৰ কেকটাছ, খেজুৰ, বগৰী আদি।
(ঘ) তৃণজাতীয় উদ্ভিদঃ 
উত্তৰ আমেৰিকাৰ প্রেইৰী আৰু আফ্রিকাৰ হাভানাৰ দৰে বৃহৎ তৃণভূমি ভাৰতত পােৱা যায়। অৱশ্যে বার্ষিক গড় বৃষ্টিপাত ৫০ ছেঃ মিঃ আৰু ১০০ ছেঃমিঃৰ মাজৰ অঞ্চলত সৰু ঘাঁহনি পােৱা যায়। এনেধৰণৰ ঘাঁহনি পঞ্জাৱ, ৰাজস্থানৰ পূব অংশ, উত্তৰ প্ৰদেশৰ সমভূমি অঞ্চল, অন্ধ্রপ্রদেশৰ মধ্য অংশ, কর্ণাটক আৰু মহাৰাষ্ট্রৰ কিছু অংশত এনেধৰণৰ উদ্ভিদ পােৱা যায়। খেৰ, বেত, নল আদিৰ দৰে উদ্ভিদ হিমালয় পাদদেশৰ । তৰাই অহওলৰ আগ্ৰ আৰু পানী জমা হােৱা অঞ্চলতাে পােৱা যায়। এই অঞ্চলত গজা কেইবিধমান উদ্ভিদ হ’ল খয়েৰ, শিমলু আদি।
(ঙ) ব-দ্বীপীয় উদ্ভিদঃ  
এইবিধ উদ্ভিদ সমুদ্ৰৰ তীৰভূমিৰ ব-দ্বীপ অঞ্চলত পােৱা যায়। এনেধৰণৰ উদ্ভিদ প্রধানকৈ কচ্চ উপসাগৰৰ উপকূল অঞ্চলত পােৱা যায়। পশ্চিমবংগৰ সুন্দৰবন (গংগা ব্রহ্মপুত্র ব-দ্বীপীয় অঞ্চল), মহানদী, । গােদাবৰী, কৃষা আৰু কাবেৰীৰ ব-দ্বীপ অঞ্চলত এই উদ্ভিদ দেখা যায়। এই অঞ্চলত পােৱা প্রধান উদ্ভিদবােৰ হ’ল সুন্দৰী, খেজুৰ, তাল আৰু নাৰিকল আদি।
(চ) পার্বত্য উদ্ভিদঃ 
পাহাৰৰ শিখৰ আৰু পৰ্বতত বিভিন্ন ধৰণৰ উদ্ভিদ পােৱা যায়। পৰ্বতৰ ভিন্ন উচ্চতাত ভিন ভিন উদ্ভিদ পােৱা যায়। ১০০০মিঃ উচ্চতাৰ হিমালয়ৰ পাদদেশ ঘন মৌচুমীয় উদ্ভিদেৰে আৱৰা। এই অৰণ্যত প্ৰচুৰ পৰিমাণে বাঁহ পােৱা যায়। মৌচুমীয় অৰণ্যৰ উত্তৰে ১০০০ মিঃআৰু ২০০০ মিঃ উচ্চতাৰ মাজত পর্ণপাতী উদ্ভিদ দেখা যায়।এনেধৰণৰ উদ্ভিদ কাশ্মীৰৰ  হিমালয় অঞ্চল, হিমাচল প্রদেশ, উত্তৰ প্ৰদেশ আদিত পােৱা যায়। উত্তৰ-পূব পার্বত্য অঞ্চলতাে পর্ণপাতী উদ্ভিদ দেখা যায়। ১৬০০ মিঃ আৰু ৩০০০ মিঃ উচ্চতাৰ মাজত বিভিন্ন ধৰণৰ পর্ণপাতী উদ্ভিদ পােৱা যায়। তাৰােপৰি এই অঞ্চলত আলপাইন উদ্ভিদ পােৱা যায়। 

৯। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ  ২০০১ চনৰ লােকপিয়ল অনুসৰি ১০২.৭ কোটি জনসংখ্যাৰে ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ। ভাৰতৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১৬ শতাংশ বিপৰীতে পৃথিৱীৰ মুঠ মাটিকালিত ভাৰতৰ পৰিমাণ ২.২ শতাংশহে। ভাৰতৰ জনসংখ্যা কুৰি শতিকাৰ আৰম্ভণিৰ পৰা দ্রুতগতিত বৃদ্ধি হৈছে। ১৯০১ চনত ভাৰতৰ জনসংখ্যা ২৩.৮৪ কোটি আছিল, যি ২০০১ চনত বাঢ়ি ১০২.৭ কোটি হয়। বৃদ্ধিৰ ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া আন এটা বৈশিষ্ট্য হ’ল ১৯৯১ আৰু ২০০১ দশকৰ মাজত আগৰ দশকতকৈ অধিক জনসংখ্যা বৃদ্ধি হয়। ১৯৯১ চনত ভাৰতৰ জনসংখ্যা ৮৪.৬৩ কোটি আছিল যিটো ২০০১ ত ১৮.০৭ কোটি বৃদ্ধি হৈ ১০২.৭ কোটি হয়। ১৯২১ চনৰ পৰা ভাৰতৰ জনসংখ্যা প্রচণ্ড হাৰত বৃদ্ধি পায়। বর্তমান ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৭ শতাংশৰ অধিক হােৱাৰ বিপৰীতে পৃথিৱীৰ গড় বৃদ্ধিৰ হাৰ ১.২ শতাংশ মাত্র। ভাৰতৰ উচ্চ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হ'ল উন্নত চিকিৎসা সেৱাৰ বাবে হ্রাস হােৱা মৃত্যুহাৰ, বাল্যবিবাহ, আন দেশৰ পৰা হােৱা প্ৰব্ৰজন আদি।

ভাৰতৰ জনসংখ্যা বৃদ্ধি (১৯০১-২০০১)
বছৰ                            জনসংখ্যা (কোটি)
১৯০১                                ২৩,৮৪
১৯১১                                 ২৫,২১
১৯২১                                 ২৫,১৩
১৯৪১                                 ৩১.৮৬
১৯৫১                                 ৩৬,১১
১৯৬১                                 ৪৩, ৯২
১৯৭১                                 ৫৪.৮২
১৯৮১                                 ৬৮.৩৩
১৯৯১                                 ৮৪.৬৩
২০০১                                ১০২.৭০ 

১০। জনসংখ্যাৰ বিতৰণ ভাৰতৰ সকলাে ঠাইতে কিয় সমান নহয়। - ব্যাখ্যা কৰা।
উত্তৰঃ  ২০০১ চনৰ লােকপিয়ল অনুসৰি ১০২.৭ কোটি জনসংখ্যাৰে ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ। ভাৰতৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১৬ শতাংশ বিপৰীতে পৃথিৱীৰ মুঠ মাটিকালিত ভাৰতৰ পৰিমাণ ২.২ শতাংশহে। ভাৰতৰ জনসংখ্যা কুৰি শতিকাৰ আৰম্ভণিৰ পৰা দ্রুতগতিত বৃদ্ধি হৈছে। ১৯০১ চনত ভাৰতৰ জনসংখ্যা ২৩.৮৪ কোটি আছিল, যি ২০০১ চনত বাঢ়ি ১০২.৭ কোটি হয়। বৃদ্ধিৰ ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া আন এটা বৈশিষ্ট্য হ’ল ১৯৯১ আৰু ২০০১ দশকৰ মাজত আগৰ দশকতকৈ অধিক জনসংখ্যা বৃদ্ধি হয়। ১৯৯১ চনত ভাৰতৰ জনসংখ্যা ৮৪.৬৩ কোটি আছিল যিটো ২০০১ ত ১৮.০৭ কোটি বৃদ্ধি হৈ ১০২.৭ কোটি হয়। ১৯২১ চনৰ পৰা ভাৰতৰ জনসংখ্যা প্রচণ্ড হাৰত বৃদ্ধি পায়। বর্তমান ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৭ শতাংশৰ অধিক হােৱাৰ বিপৰীতে পৃথিৱীৰ গড় বৃদ্ধিৰ হাৰ ১.২ শতাংশ মাত্র। ভাৰতৰ উচ্চ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হ'ল উন্নত চিকিৎসা সেৱাৰ বাবে হ্রাস হােৱা মৃত্যুহাৰ, বাল্যবিবাহ, আন দেশৰ পৰা হােৱা প্ৰব্ৰজন আদি।

ভাৰতৰ জনসংখ্যা বৃদ্ধি (১৯০১-২০০১)
বছৰ                            জনসংখ্যা (কোটি)
১৯০১                                ২৩,৮৪
১৯১১                                 ২৫,২১
১৯২১                                 ২৫,১৩
১৯৪১                                 ৩১.৮৬
১৯৫১                                 ৩৬,১১
১৯৬১                                 ৪৩, ৯২
১৯৭১                                 ৫৪.৮২
১৯৮১                                 ৬৮.৩৩
১৯৯১                                 ৮৪.৬৩
২০০১                                ১০২.৭০ 

১১। ভাৰতৰ জনসংখ্যা ঘনত্ব কিদৰে ভিন ভিন হৈছে আলােচনা কৰা।
উত্তৰঃ  ২০০১ চনৰ লােকপিয়ল অনুসৰি ১০২. গটি জনসংখ্যাৰে পৃথিৱীৰ ভিতৰত ভাৰত দ্বিতীয় জনবহুল দেশ। ভাৰতৰ প্রতি বর্গ কিঃমিঃ ত জনসংখ্যা ঘনত্ব ৩২৪ জন। অৱশ্যে, ঠাইভেদে এই ঘনত্বৰ পৰিমাণ বেলেগ বেলেগ। উদাহৰণস্বৰূপে, ২০০১ চনত দিল্লীত জনসংখ্যা ঘনত্ব প্রতিবর্গ কিঃমিঃত ৬,৩৫২ ৰ বিপৰীতে অৰুণাচল প্রদেশত জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃ ১৩ জন আছিল। উত্তৰ প্রদেশৰ জনসংখ্যা ১৬,৬ কোটিৰাে অধিক আৰু লাক্ষাদ্বীপৰ জনসংখ্যা মাত্র ৬০,০০০ | এনেদৰে ভাৰতৰ জনসংখ্যাৰ অসমানতা দেখা যায়। ভাৰতৰ জনসংখ্যাৰ অসমান বিতৰণৰ প্ৰধান কাৰণ হ'লঃ 
(ক) ভূ-প্রকৃতিৰ বিভিন্নতাঃ
 কোনাে এখন ঠাইৰ জনসংখ্যাৰ আকাৰ সেই ঠাইৰ ভূ-প্রাকৃতিক অৱস্থানৰ দ্বাৰা বহু পৰিমাণে প্রভাবিত হয়।নদী উপত্যকা অঞ্চলত কৃষিৰ সম্ভৱনীয়তা, মানৱ বসতি আৰুউন্নত যাতায়ত আৰু যােগাযােগ ব্যৱস্থাৰ বাবে জনবসতি ঘন। আনহাতে পার্বত্য অঞ্চলত কৃষিৰ সম্ভাৱনীয়তা কম আৰু নিম্ন যাতায়ত আৰু পৰিবহণ ব্যৱস্থাৰ বাবে জনসংখ্যা কম।
(খ) জলবায়ুৰ ভিন্নতাঃ 
 জলবায়ুয়ে জনসংখ্যাৰ বিতৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ৰাজস্থানৰ মৰু অঞ্চলত জনসংখ্যা কম; কিন্তু গংগা সমভূমিৰ জনসংখ্যা অধিক হােৱাৰ কাৰণ হ'ল জলবায়ুৰ বিভিন্নতা। অত্যধিক গৰম আৰু অতিপাত ঠাণ্ডা জলবায়বীয় অৱস্থাই আৰু বৃষ্টিহীন অৱস্থাইৰাজস্থান সমভূমিত মানৱ বসতি আৰু অর্থনৈতিক কার্যকলাপক নিৰুৎসাহিত কৰে।
(গ) মাটিৰপপ্ৰভাৱঃ  
 কৃষিৰ উৎস মাটিৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। নদী উপত্যকাৰ পলসুৱা মাটি আৰু দাক্ষিণাত্য মালভূমিৰ ক'লা মাটি ধান আৰু ঘোঁহু খেতিৰ বাবে উপযােগী। সেয়ে, এই অঞ্চলবােৰৰ জনসংখ্যা ঘন। পার্বত্য মাটি কৃষিৰ বাবে অধিক উপযােগী নহয়। সেইবাবে ইয়াত জনসংখ্যা পাতল।
(ঘ) নদীৰ প্ৰভাৱঃ 
নদী উপত্যকাসমূহ অধিক জনবহুল হােৱাৰ কাৰণ হ'ল ঘৰুৱা আৰু ঔদ্যোগিক কার্যৰ বাবে পানীৰ উপলভ্যতা। এই অঞ্চলবােৰ কৃষিৰ বিকাশৰ বাবে উপযােগী যিয়ে জনবসতিৰ বাসস্থানক উৎসাহিত কৰে। সেয়ে নদী উপত্যকাবােৰক সভ্যতাৰ লালন-পালনৰ স্থান আখ্যা দিয়া হয়।
(ঙ)খনিজ সম্পদৰ প্ৰাচুৰ্যতাঃ 
খনিজ সম্পদৰ প্রাচুর্যতাই কোনাে এটা অঞ্চলৰ ঔদ্যোগীকৰণত সহায় কৰে। সেয়ে, ভাৰতৰ প্ৰধান ঔদ্যোগিক অঞ্চলসমূহ ঘন বসতিপূর্ণ।
(চ) ধর্মীয় প্রভাৱঃ 
ধর্মীয় স্থান যেনেঃ  বাৰাণসী, মথুৰা, হৰিদ্বাৰ, পুৰী আদি স্থানত জনসংখ্যা ঘন।
(ছ) যাতায়ত আৰু পৰিবহণ ব্যৱস্থাঃ
 যিবােৰ অঞ্চলৰ যাতায়ত আৰু পৰিবহণ ব্যৱস্থা উন্নত আৰু আধুনিক তেনে অঞ্চলত জনসংখ্যা অধিক। গাঁও অঞ্চলৰ তুলনাত চহৰ অঞ্চলৰ জনসংখ্যা অধিক হােৱাৰ ইয়ে প্রধান কাৰণ।

১২। ভাৰতৰ নগৰীয়া জনসংখ্যাৰ এটি চমু আভাস দিয়া আৰু লগতে কেইখনমান প্রধান নগৰৰ নগৰীয়া জনসংখ্যা বৃদ্ধিৰ তথ্য দাঙি ধৰা।
উত্তৰঃ  ভাৰতৰ জনসংখ্যাৰ এটা প্রধান বৈশিষ্ট্য হ’ল অসমান জনসংখ্যা বিতৰণ। ভাৰতৰ কিছুমান অঞ্চল ঘন জনবসতিপূর্ণ আৰু কিছুমান পাতল জনবসতিপূর্ণ। ভাৰতৰ সৰ্বমুঠ জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃত ৩২৪ জন। অৱশ্যে, জনসংখ্যাৰ গড় ঘনত্ব অঞ্চল ভেদে ভিন ভিন। উদাহৰণস্বৰূপে, দিল্লীত জনসংখ্যা ঘনত্ব প্রতি বর্গ। কিঃমিঃত ৬,৩৫২ জনৰ বিপৰীতে অৰুণাচল প্রদেশত ১৩ জন। ১৬.৬ কোটি জনসংখ্যাৰে উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্য আৰু মাত্র ৬০,০০০ জনসংখ্যাৰে লাক্ষাদ্বীপ কম জনবহুল ৰাজ্য। ভাৰতৰ কেইখনমান জনবহুল ৰাজ্য হ’ল পশ্চিমবংগ, দিল্লী, চণ্ডীগড়, কেৰালা, দমন আৰু ডিউ, পণ্ডিচেৰী (বর্তন পুডুচেৰী) আদি। কম ঘনত্বৰ অঞ্চলবােৰ হ’ল হিমাচল প্রদেশ, জম্মু আৰু কাশ্মীৰ মেঘালয়, নাগালেণ্ড, মণিপুৰ, ছিকিম, অৰুণাচল প্রদেশ, মিজোৰাম আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ । জনসংখ্যা ঘনত্ব ভিন ভিন হােৱাৰ কাৰণবােৰ হ’লঃ 
(ক) ভূ-প্রাকৃতিক অৱস্থান
(খ) জলবায়ুৰ বিভিন্নতা
(গ) মাটিৰ ভিন্নতা
(ঘ) যাতায়ত আৰু পৰিবহণৰ সুবিধা
(ঙ) অর্থনৈতিক আৰু ঔদ্যোগিক উন্নয়ন আদি।

১৩। ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাৰ বৈশিষ্ট্য আলােচনা কৰা।
উত্তৰঃ  কৃষিয়ে ভাৰতৰ অৰ্থনীতিত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ভাৰতৰ প্রায় দুইতৃতীয়াংশ লােক জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতৰ ১০০ কোটিৰাে অধিক লােকক কৃষিয়ে খাদ্যৰ যােগান ধৰে। ই বৈদেশিক বিনিময়ৰ উৎস হােৱাৰ লগতে বহু কৃষিভিত্তিক উদ্যোগ গঠনতে সহায় কৰে। এনেদৰে, কৃষি ভাৰতৰ ৰাষ্ট্ৰীয় অর্থনীতিৰ এক মূলস্তম্ভ হৈ পৰিছে। কৃষি কাৰ্যৰ ভিত্তিত ভাৰতক তলত দিয়া ধৰণে কেইবাটাও কৃষি অঞ্চলত ভাগ কৰিব পাৰিঃ
(ক) ফল-মূল আৰু শাক-পাচলি কৃষি অঞ্চলঃ 
এই অঞ্চলটো কাশ্মীৰৰ পৰা উত্তৰ পূব ভাৰতলৈ বিস্তৃত। উত্তৰ-পশ্চিম অংশত বার্ষিক ৬০ ছেঃমিঃ আৰু পূর্ব অংশত বার্ষিক ২০০ ছেঃমিঃ বৃষ্টিপাত হয়। দুয়ােটা অঞ্চলৰে জলবায়ু ফল-মূলৰ বাবে উপযােগী। এই অঞ্চলত হােৱা প্রধান ফল-মূলবােৰ হ’ল আপেল, নাচপতি চেৰী, বগৰী, কমলা আদি। সেইদৰে আলু, জলকীয়া আদি শাক-পাচলিৰ খেতিও এই অঞ্চলত কৰা হয় ।
(খ) ধানমৰাপাট - চাহ কৃষি অঞ্চলঃ
 ভাৰত পৃথিৱীৰ ভিতৰতে অন্যতম ধান উৎপাদনকাৰী দেশ। ভাৰতৰ অগ্ৰণী ধান উৎপাদনকাৰী ৰাজ্যবােৰ হ’ল অসম, অৰুণাচল প্রদেশ, ত্ৰিপুৰা, মেঘালয়, পশ্চিমবংগ, উৰিষ্যা, উত্তৰ আৰু পূর্ব বিহাৰ আৰু উত্তৰ প্ৰদেশৰ তৰাইঅঞ্চল। এই অঞ্চলত যথেষ্ট পৰিমাণৰ সাৰুৱা নদী উপত্যকা আছে যিবােৰ ধান খেতিৰ বাবে উপযােগী। অসমৰ উজনি ব্ৰহ্মপুত্ৰ উপত্যকা, ত্ৰিপুৰা আৰু উত্তৰংগত চাহখেতি যথেষ্ট পৰিমাণে হয়। মৰাপাট অসম, গংগা সমভূমি,বদ্বীপ অঞ্চল আৰু ভাৰতৰ পূর্ব উপকূল অঞ্চলত হয়। ধান, মৰাপাট আৰু চাহৰ উপৰিও অন্যান্য শস্য যেনে-সৰিয়হ, মাহ জাতীয় শস্য আৰু ফল-মূল যেনেঃ নাৰিকল, কঁঠাল, আনাৰস, আম, কমলা আদিও এই অঞ্চলত হয়।
(গ) ঘেহু আৰু কুঁহিয়াৰকৃষি অঞ্চলঃ 
 এই কৃষি অঞ্চলটো বিহাৰৰ উত্তৰ অংশ,।উত্তৰ প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, মধ্যপ্রদেশৰ পশ্চিম অংশ, ৰাজস্থানৰ উত্তৰ অংশ আদি এই অঞ্চলৰ অন্তৰ্গত।এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ মধ্যমীয়া।আৰু সেয়ে ৰষুণৰ অভাৱ জলসিঞ্চনেৰে পূৰােৱা হয়। এই অঞ্চলত কিছুমান ঠাইত ধান খেতিও হয়। উত্তৰ প্রদেশ, বিহাৰ সমভূমি আৰু গংগাৰ উত্তৰ পাৰত ঘেহু আৰুকুঁহিয়াৰ উৎপাদন কৰা হয়। গংগা-যমুনাৰ দোৱাব অঞ্চল, পঞ্জাৱৰ সমভূমি,হাৰিয়ানা আৰু উত্তৰ ৰাজস্থানত প্ৰচুৰ পৰিমাণে ঘেঁহু উৎপাদন।হয়। এই দুবিধ শস্যৰ উপৰিও যৱ আৰু মাহ জাতীয় শস্য এই অঞ্চলত হয়।
(ঘ) মিলেট আৰু তেলণ্ডটি শস্য অঞ্চলঃ 
এই কৃষি অঞ্চলত কর্ণাটক মালভূমি, তামিলনাড়ু, অন্ধ্রপ্রদেশৰ দক্ষিণ অংশ আৰু কেৰালাৰ পূব অংশ অন্তর্ভুক্ত। এই অঞ্চলত বার্ষিকবৃষ্টিপাত ৭৫ৰপৰা ১২৫ ছেঃমিঃ হয়। মুখ্য উৎপাদনজাত শস্যসমূহ হৈছে বিভিন্ন মিলেট যেনেঃ বজ্ৰা, ৰাগী আৰু জোৱাৰ। তেলগুটি শস্য হ’ল বাদাম, সৰিয়হ আৰু অন্যান্য মাহজাতীয় শস্য।এইবােৰৰ উপৰিও আম আৰু কল অফলাে যথেষ্ট পৰিমাণে উৎপাদন হয়।
(ঙ) মাকৈ আৰু মাে. দানাযুক্ত শস্য অঞ্চলঃ
 পশ্চিম ৰাজস্থান আৰু গুজৰাটৰ অর্ধ-মৰু অঞ্চ আৰু পশ্চিম ভাৰতৰ মৰুভূমি অঞ্চল ইয়াৰ অন্তৰ্গত। পূর্ব অংশত কিছুমান ঠাইৰ মাটি পলসুৱা; পশ্চিম অংশ অধিকতৰ মৰু আৰু বালিময়। এই অঞ্চলত বার্ষিক ৫০ ছেঃমিঃৰ কম বৃষ্টিপাত হয়। মেৱাৰ মালভূমিত প্রধানতঃ মাকৈৰ খেতি হয় যদিও ঘেঁহু আৰু ৰাগীশস্যৰ খেতিও কৰা হয়। সেইদৰে অঞ্চলটোৰ দক্ষিণ অংশত কপাহ, কুঁহিয়াৰ আৰু ধান, বজ্ৰা আদিৰ খেতি কৰা হয়।
(চ) কপাহ কৃষি অঞ্চলঃ
 দাক্ষিণাত্য মালভূমি কপাহ খেতিৰ বাবে উৎকৃষ্ট। অঞ্চলটোৰ নদী উপত্যকা কলা মাটিৰে গঠিত; যি কপাহ খেতিৰ বাবে উত্তম। এই অঞ্চলটো প্ৰধানকৈ গুজৰাট আৰু মহাৰাষ্ট্ৰত বিস্তৃত। পশ্চিমঘাটৰ বৃষ্টিছায়া অঞ্চল অন্তর্গত হােৱা হেতুকে এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ কম। কপাহ অঞ্চলটোৰ প্ৰধান শস্য যদিও জোৱাৰ, বৰ্জা, বুট, কুঁহিয়াৰ, ঘেঁহু আদি আন
শস্যৰ খেতি কৰা হয় ।
(ছ) মছলাজাতীয় আৰু ৰােপণ শস্য অঞ্চলঃ
  এই কৃষি অঞ্চলটো পূব আল পশ্চিম উপকূলীয় সমভূমিৰ অংশ, আন্দামান আৰু নিকোবৰ দ্বীপপুণ আৰু লাক্ষাদ্বীপ দ্বীপপুঞ্জলৈ বিস্তৃত হৈ আছে। অঞ্চলটোত বার্ষিক ২৫০ ছেঃমিঃবৃষ্টিপাত হয়। প্রধান উৎপাদিত শস্যবােৰ হ’ল কফি, ৰবৰ, টপিঅ'কা, জালুক আৰু ইলাচি। অঞ্চলটোৰ ঠায়ে ঠায়ে ধান খেতিও কৰা হয়।

১৪। ভাৰতৰ প্ৰধান শিল্প অঞ্চলকেইটা মানচিত্ৰত চিহ্নিত কৰি প্ৰত্যেকটো অঞ্চলৰে চমু বর্ণনা দিয়া।
উত্তৰঃ পৃথিৱীত দ্রুতিগতিত বিকশিত ঔদ্যোগিক দেশসমূহৰ এখন অন্যতম দেশ হৈছে। ভাৰত। ইয়াৰ অর্থনৈতিক উন্নয়ন যােৱা কেইটামান দশকত হােৱা ঔদ্যোগিক উন্নতিৰ ফলাফল। ঔদ্যোগিক উন্নয়নৰ ভিত্তিত সমগ্ৰ ভাৰতক তলত দিয়া শিল্প অঞ্চলত ভাগ কৰিব পাৰিঃ 
(ক) হুগলী শিল্প অঞ্চলঃ
  এই শিল্প অঞ্চলটো হুলী আৰু কলকাতা মহানগৰী অঞ্চলত অৱস্থিত। এই শিল্প অঞ্চলটোৰ প্রধান কেন্দ্ৰবােৰ হ’ল নয়াহাটী, জগতদল, ত্রিবেণী, বেলুৰ, লিলুৱাহ, আনদুল আদি। এসময়ত এই অঞ্চলটো মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগৰ কেন্দ্ৰ আছিল। কিন্তু, দুর্ভাগ্যজনক ভাবে  উদ্যোগ দুটা ভাৰত বিভাজনৰ পিছত কেঁচা-সামগ্ৰীৰ অভাৱত ক্ষতিগ্রস্ত হয়। শ্ৰমিকৰ অবিশ্রাম, শক্তি যােগান সমস্যা, মূলধনৰ অভাৱ আদিয়েও বর্তমান ঔদ্যোগিক বিকাশত ব্যাঘাত আনিছে।
(খ) মুম্বাই-পুণ শিল্প অঞ্চলঃ  
মুম্বাই পুণা শিল্প অঞ্চল ভাৰ্তৰ কপাহী-বয়ন উদ্যোগৰ কেন্দ্র। এই অঞ্চলৰ প্ৰধান ঔদ্যোগিক কেন্দ্ৰবােৰ হ'ল মুম্বাই ভিলে, পাৰলে, থানে, আৰু ভানদুপ। কিছুবছৰ আগতে বােম্বে হাইট তেল আৱিষ্কাৰৰ লগে লগে তেল, পেট্রো-কেমিকেল, ৰেচমী আহ উদ্যোগ আদি গঢ়ি উঠিছে। বর্তমান পুণা ভাৰতৰ এক প্রধান ৰাসায়নিক আৰু যন্ত্রপাতি
উৎপাদনকাৰী কেন্দ্র।
(গ) আহমেদাবাদ-চুৰাট শিল্প অঞ্চলঃ
  আহমেদাবাদ আৰু গুজৰাটৰ চুৰাটক আৱৰি ৰখা এই শিল্প অঞ্চলটো পেট্রোসায়নিক, কৃত্রিম সাৰ, ৰেচমী আঁহ হীৰা আৰু ৰসায়ন উৎপাদনৰ উদ্যোগৰ বাবে বিখ্যাত। প্রাকৃতিক গেছ আৰু তেলৰ প্রাচুর্যতাৰ বাবে বর্তমান কপাহী বয়নতকৈ ৰাসায়নিক উদ্যোগত অধিক গুৰুত্ব দিয়া হৈছে।
(ঘ) মাদুৰাই কইতােৰ বাংগালােৰ শিল্প অঞ্চলঃ 
এই অঞ্চলটো দক্ষিণ ভাৰতৰ আটাইতকৈ উন্নত শিল্প অঞ্চল। অঞ্চলটো বিভিন্ন প্রকাৰৰ কপাহী-বয়ন শিল্প বাবে গুৰুত্বপূর্ণ। যন্ত্রপাতি উদ্যোগ, ভাৰতীয় টেলিফোন উদ্যোগ, বিমান উদ্যোগ আদি চৰকাৰৰ নিয়ন্ত্রণাধীন কেইবাটাও উদ্যোগ অঞ্চলটোত আছে।
(ঙ) ছােটানাগপুৰ শিল্প অঞ্চলঃ  
ছােটানাগপুৰ অঞ্চলটো খনন আৰু ধাতু উদ্যোগৰ ফলত গঢ় লৈ উঠিছে। কয়লা আৰু আকৰিক লােৰ প্রাচুর্যতাই অঞ্চলটোক দেশখনৰ লাে আৰু তীখা উদ্যোগৰ কেন্দ্রস্থল কৰি তুলিছে। তাৰােপৰি ইঞ্জিনিয়াৰিং আৰু ৰাসায়নিক উদ্যোগে ইয়াত গঢ়ি উঠিছে।
১৫। চমুটোকা লিখা
(ক) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল
উত্তৰঃ এই শিল্প অঞ্চলটো হুলী আৰু কলকাতা মহানগৰী অঞ্চলত অৱস্থিত। এই শিল্প অঞ্চলটোৰ প্রধান কেন্দ্ৰবােৰ হ’ল নয়াহাটী, জগতদল, ত্রিবেণী, বেলুৰ, লিলুৱাহ, আনদুল আদি। এসময়ত এই অঞ্চলটো মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগৰ কেন্দ্ৰ আছিল। কিন্তু, দুর্ভাগ্যজনক ভাবে  উদ্যোগ দুটা ভাৰত বিভাজনৰ পিছত কেঁচা-সামগ্ৰীৰ অভাৱত ক্ষতিগ্রস্ত হয়। শ্ৰমিকৰ অবিশ্রাম, শক্তি যােগান সমস্যা, মূলধনৰ অভাৱ আদিয়েও বর্তমান ঔদ্যোগিক বিকাশত ব্যাঘাত আনিছে।
(খ) ভাৰতীয় অর্থনীতিত কৃষিৰ গুৰুত্ব
উত্তৰঃ কৃষি ভাৰতীয় অর্থনীতিৰ এক প্রধান স্তম্ভ। প্রায় দুই-তৃতীয়াংশ লােক জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। ই বহুতাে কৃষিভিত্তিক উদ্যোগত কেঁচা সামগ্ৰীৰ যােগান ধৰে। এই উদ্যোগবােৰে কেৱল ঔদ্যোগিক উৎপাদনত সহায় কৰাই নহয়, দেশৰ হাজাৰ হাজাৰ লােকৰ নিয়ােগৰ সুবিধাও দিয়ে আৰু তেনেদৰে অর্থনৈতিক সমস্যা আৰু নিবনুৱা সমস্যা হ্রাস কৰে। ৰাষ্ট্ৰীয় আয়ৰ বুজন পৰিমাণৰ ধন আহে কৃষিজাত সামগ্ৰীৰ কৰত ৰুৰাজহৰ ৰূপত। কৃষিত ব্যৱহৃত যন্ত্রপাতি, কৃত্রিম সাৰ,
কীটনাশক আদিৰ উৎ।দনে উদ্যোগিক উৎপাদন বৃদ্ধিত যথেষ্ট উৎসাহিত কৰে, যি ৰাষ্ট্ৰীয় আয়ত যােগ হয়। কৃষি উৎপাদিত বস্তু বিশেষকৈ মচলা, চাহ, কেঁচা কপাহ আদিৰ ৰপ্তানিৰ জৰিয়তে ভাৰতে প্ৰচুৰ পৰিমাণে বৈদেশিক মুদ্রা অর্জন কৰে। ই দেশৰ এক বিলিয়নৰ অধিক লােকক খাদ্যৰ যােগান ধৰে।বর্তমান ভাৰতে উপযুক্ত পৰিমাণৰ খাদ্য সামগ্রী দেশতে উৎপাদন কৰি প্ৰচুৰ পৰিমাণৰ ৰাষ্ট্ৰীয় আয় ৰাহি কৰিছে। এনেদৰে ভাৰতীয় অর্থনীতিৰ উন্নয়নত কৃষিৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে।
(গ) মৌচুমী উদ্ভিদ
উত্তৰঃ পাঠভিত্তিক প্রশ্নোত্তৰৰ ৮ (খ) নং প্রশ্নোত্তৰ চোৱা।
(ঘ) ভাৰতৰ মৌচুমী বতাহ আৰু বৰষুণ
উত্তৰঃ পাঠভিত্তিক প্রশ্নোত্তৰৰ ৬ নং প্রশ্নোত্তৰ চোৱা।
(ঙ) ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ
উত্তৰঃ পাঠভিত্তিক প্রশ্নোত্তৰৰ ১০ নং প্রশ্নোত্তৰ চোৱা ।
(চ) ভাৰতৰ জনসংখ্যা বিতৰণৰ অসমতাৰ কাৰণসমূহ
উত্তৰঃ পাঠভিত্তিক প্রশ্নোত্তৰৰ ১০ নং প্রশ্নোত্তৰ চোৱা।
(ছ) লাভা মৃত্তিকা
উত্তৰঃ আগ্নেয়গিৰিৰ পৰা নিৰ্গত গলিত পদার্থবােৰ ঠাণ্ডা হােৱাৰ ফলত পােনে পােনে। গঠিত হােৱা মৃত্তিকা হৈছে লাভা মৃত্তিকা। অন্যথিত লাভাৰ অৱক্ষেপণত সৃষ্টি হােৱা মৃত্তিকাই হৈছে লাভা মৃত্তিকা। লাভা মৃত্তিকাক কৃষ্ণ (কলা) মৃত্তিকা বােলে। ইয়াৰ
প্রধান বৈশিষ্ট্যবােৰ হ’লঃ 
(ক) ইয়াৰ আর্দ্রতা ধৰি ৰখা ক্ষমতা আছে।
(খ) ইয়াৰ বৰণ ক'লা আৰু ই মূলতঃ আগ্নেয় ।
(গ) ইকপাহ খেতিৰ বাবে উৎকৃষ্ট।
ইয়াক কপাহ মৃত্তিকা বুলিও জনা যায়। ভাৰতত এনে মাটি মহাৰাষ্ট্র, মধ্যপ্রদেশৰ পশ্চিম অংশ, গুজৰাট আৰু অন্ধ্রপ্রদেশৰ দাঁতি কাষৰীয়া অঞ্চলত পােৱা যায়।
(জ) হুগলী শিল্প অঞ্চল
উত্তৰঃ পাঠভিত্তিক প্রশ্নোত্তৰৰ ১৪ (ক) নং প্র৷ে { চোৱা।
(ঝ) উত্তৰ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য
উত্তৰঃ প্রধান উত্তৰ ভাৰতীয় নদীবােৰ হ’ল সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্র  । এইবােৰৰ প্রধান বৈশিষ্ট্য হলঃ
১। গংগা নদী উচ্চ হিমালয়ৰ গংগােত্রী হিমবাহৰ পৰা উৎপত্তি হৈছে। ব্রহ্মপুত্র চীনৰ চেমা-য়ু-ডুং হিমবাহৰ পৰা উৎপত্তি হৈছে।
২। উত্তৰ ভাৰতৰ নদীবােৰ আৰু এইবােৰৰ উৎপত্তি বেছি পুৰণি নহয়।
৩। আটাইবােৰ দীঘল।
৪| নদীবােৰে প্ৰচুৰ পৰিমাণে পানী আৰু বালি কঢ়িয়াই আনে।
৫। উত্তৰ ভাৰতীয় নদীবােৰৰ উচ্চ, মধ্য আৰু নিম্ন গতি ভিন ভিন হয়।
৬। এই নদীবােৰে সঘনাই গতি সলনি কৰে ।
৭। নদীবােৰে সঘনাই অনা বানে বহুতাে ক্ষতি কৰে।
৮। নদীবােৰৰ নদী অববাহিকা অতি সাৰুৱা আৰু সেয়ে ঘন বসতিপূর্ণ।
৯। এই নদীবােৰৰ বৃহৎ ব-দ্বীপ আছে।
১০। নদীৰ পাৰত বহুতাে নগৰ-চহৰ গঢ়ি উঠিছে।
১১। এই নদীবােৰ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ বাবে অতি উপযােগী।
(ঞ) দক্ষিণ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্যঃ
উত্তৰঃ দক্ষিণ ভাৰতৰ উল্লেখযােগ্য নদীবােৰ হ’ল মহানদী, গােদাবৰী, কৃষ্ণা আৰু কাবেৰী। দক্ষিণ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্যবােৰ হ’লঃ 
১। দক্ষিণ ভাৰতৰ নদীবিলাকৰ উৎপত্তি স্থান হৈছে চাপৰ পৰ্বত অথবা মালভূমি সেয়ে এইবিলাক খৰালি কালত শুকাই যায়।
২। দক্ষিণ ভাৰতৰ নদীবােৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল।
৩। নদীবােৰ তুলনামূলকভাৱে ঠেক আৰু খৰস্রোতা।
৪। নদীবােৰত উচ্চ, মধ্য আৰু নিম্নগতি পৰিলক্ষিত নহয়।
৫। উত্তৰ ভাৰতীয় নদীৰ তুলনাত এই নদীসমূহে কম পানী আৰু গেদ কঢ়িয়ায়।
৬। নদীবােৰে গতি সলনি নকৰে; ইহঁতৰ প্লাবনভূমি ঠেক।
৭। দাক্ষিণাত্য নদীয়ে গঠন কৰা নদী অববাহিকা বেছি ডাঙৰ নহয়। এইবােৰ সৰু। 
৮। নদী অববাহিকা কৃষি উপযােগী নহয়।
৯। শক্তি উৎপাদনৰ বাবে উপযােগী।
১০। এইবােৰৰ সৰু সৰু ব-দ্বীপ থাকে বা কেতিয়াবা নাথাকে।
১১। দক্ষিণ ভাৰতৰ নদীবিলাকৰ পাৰত কিছুসংখ্যক চহৰহে অৱস্থিত।
(ট) ভাৰতীয় দ্বীপসমূহঃ 
ভাৰতীয় দ্বীপসমূহ দুটা গােটবাদ্বীপপুঞ্জত বিভক্ত। ইয়াৰে এটা হৈছে লাক্ষা দ্বীপপুঞ্জ আনটো হৈছে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ। লাক্ষাদ্বীপ দ্বীপপুঞ্জ ২৫ টা দ্বীপেৰে গঠিত আৰু এই দ্বীপবােৰ কেৰালাৰ ওচৰত অৱস্থিত। মুঠ মাটিকালি মাত্র ৩২ বর্গ কিঃমিঃ। ইয়াৰ ৰাজধানী হৈছে কৱাৰাতি। সাগৰপৃষ্ঠৰপৰা লাক্ষাদ্বীপ দ্বীপপুঞ্জৰ গড় উচ্চতা ৩ ৰ পৰা ৫ মিটাৰ। আনহাতে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ ২১৫ টা দ্বীপ সমষ্টি। এই দ্বীপপুঞ্জ কমণ্ডল উপকূলৰ পৰা যথেষ্ট দূৰৈত বংগােপসাগৰত অৱস্থিত। এই দ্বীপপুঞ্জৰ দৈর্ঘ্য ৫৯০ কিঃমিঃ আৰু প্রস্থ ৫৮ কিঃমিঃ। ইয়াৰ মুঠ মাটিকালি ৮,২৪৯ বর্গ কিঃমিঃ। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৫ মিটাৰৰ অধিক নহয়। ইয়াৰ ৰাজধানী প'র্টব্লেয়াৰ। উল্লেখিত দ্বীপপুঞ্জৰ বেছিভাগেই সৰু আৰু জনবসতিশূন্য। উভয় দ্বীপপুঞ্জৰে নিজস্ব ভৌগােলিক, অর্থনৈতিক আৰু সামাজিক-সাস্কৃতিক বৈশিষ্ট্য আছে। লাক্ষাদ্বীপ উৎপত্তিগতভাৱে প্ৰৱালদ্বীপীয় আৰু আন্দামান-নিকোবৰ দ্বীপবােৰ আগ্নেয়জাত।
(ঠ) হিমালয় পার্বত্য অঞ্চলঃ 
 হিমালয় পর্বতমালা পশ্চিমে সিন্ধু উপত্যকাৰ পৰা পূবেব্ৰহ্মপুত্ৰ উপত্যকালৈ ২,৫০০ কিঃমিঃ বিস্তৃত হৈ আছে। উত্তৰৰ বেছিভাগ নদী যেনে-গংগা আৰু ব্ৰহ্মপুত্র হিমালয় পর্বতৰপৰা উৎপত্তি হৈছে। বৃহৎ হিমালয় বা হিমাদ্রী, মধ্য হিমালয় বা হিমাচল আৰু বহিঃ হিমালয় বা শিৱালিক নামেৰে হিমালয়ৰ তিনিটা সমান্তৰাল শ্রেণী আছে। বৃহৎ হিমালয় মাউন্ট এভাৰেষ্ট, কাঞ্চনজংঘা, নন্দাদেৱী আদি পৃথিৱীৰ কেইটামান সর্বোচ্চ শৃংগৰে গঠিত। বহিঃ হিমালায় দক্ষিণলৈ মধ্য শ্রেণী গৈছে আৰু এইবােৰ শাৰীক নিম্ন হিমালয় ৰূপে জনা যায়। বহুতাে উল্লেখযােগ্য পার্বত্য ষ্টেচন যেনে -ডেলহাউছি, নাইনিতাল, ডেৰাডুন, দার্জিলিং আদি ও পর্বতমালাত অৱস্থিত। নিম্ন হিমালয়ৰ দক্ষিণলৈ বহিঃ হিমালয়। বহিঃ হিমালয়ৰ , ৩মালাবােৰ অধিক উচ্চ নহয় আৰুই ঘন অৰণ্য আৰু চাহ বাগিছাৰে গঠিত। হিমালয়ৰ পূর্ব পর্বতমালা পূর্বাঞ্চল ৰূপে ই জনাজাত। ইপাটকাই, বুম, নাগা, জয়ন্তীয়া, খাছী, গাৰাে পর্বত আদি বহুতাে পর্বতেৰে গঠিত। হিমালয়ৰ পশ্চিম অংশ উত্তৰ-পশ্চিমৰ পৰা আৰব সাগৰলৈ বিস্তৃত। এই পর্বতমালা হিন্দুকুশ, চফেদকুশ, চুলেইমান, কিথাৰ, জাংস্কাৰ আদি পর্বতমালাৰে গঠিত। ইয়ে ভাৰতক আফগানিস্তানৰ পৰা পৃথক কৰিছে। ই ইয়াৰ পূৰ্বৰ সীমামূৰীয়া
পর্বতমালাৰ দৰে উচ্চনহয়। এই পর্বতমালা খাইবাৰ, তমুৰাম, গােমাল, তােচী আৰুবল্টন গিৰিপথৰ বাবে বিখ্যাত।

                                  অতিৰিক্ত প্রশ্নোত্তৰ

১। ভাৰতবৰ্ষত পােৰা মাটিৰ প্ৰকাৰবােৰৰ বিষয়ে আলােচনা কৰা।
 উত্তৰঃ মাটি প্রাকৃতিক পৰিৱেশৰ এক গুৰুত্বপূর্ণ উপাদান। কোনাে এখন ঠাইৰ কৃষিৰ বিকাশ, মানৱ বসতি, খনিজ সম্পদ মাটিৰ ধৰণৰ দ্বাৰা বহু পৰিমাণে প্রভাবান্বিত হয়। ভাৰতৰ ঠাইভেদে জলবায়ু আৰু শিলাৰ প্ৰকাৰ বেলেগ হােৱাৰ বাবে মাটিৰ প্ৰকাৰ বেলেগ বেলেগ হােৱা দেখা যায়। মাটিৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি মাটিক ছয় ভাগত ভগাব পাৰিঃ
(ক) পার্বত্য অঞ্চলৰ মাটিঃ 
পার্বত্য অঞ্চলৰ মাটি সাধাৰণতে পাহাৰ আৰু পর্বত পােৱা যায়। হিমবাহে প্রচুৰ পৰিমাণে অৱক্ষেপ জমা কৰে আৰু এইবােৰে পৰ্বতৰ পাদদেশত হিমবাহজনিত মাটি গঠন কৰে। এনেধৰণৰ মাটিত সৰলবর্গীয় উদ্ভিদ গজে। মাটিৰ লগত গছৰ পাত মিহলি হােৱাৰ বাবে এনে মাটি আম্লিক হয়। এনে মাটিক পজল বােলে। পার্বত্য মাটি বেছি সাৰুৱা নহয়। পৰ্বৰ্তৰ পাদদেশত কেৱল শিলাময় মাটি পােৱা যায় আৰু এনে ধৰণৰ মাটিত কিছু পৰিমাণে উদ্ভিদ হয়।
(খ) সিন্ধু-গংগা-ব্রহ্মপুত্র সমভূমিৰ মাটিঃ 
সিন্ধু-গংগা- ব্রহ্মপুত্র সমভূমিৰ মাটি পলসুৱা। পলসুৱা মাটি নদীৰ পলস অৱক্ষেপণৰ দ্বাৰা সৃষ্টি হয়। নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি দুই প্রকাৰৰ পলসুৱা মাটি আছে। এই মাটি লৱণহীন আৰু হিউমাচৰ বাবে অতি সাৰুৱা হয়। পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্রদেশ, বিহাৰ, উৰিষ্যা, পশ্চিমবংগ আৰু অসমৰ নদী উপত্যকাত এনে মাটি পােৱা যায়। আনহাতে পুৰণি পলসুৱা মাটি তুলনামূলকভাৱে কঠিন।ৰাসায়নিক বিক্রিয়া আৰু গােটমৰা প্ৰক্ৰিয়াৰ বাবে এইমাটিয়ে ইয়াৰ উৰ্বৰতা গুণ হেৰুৱায়। সেয়ে ইহঁতক সাৰুৱা কৰিবলৈ কৃত্রিম সাৰ ব্যৱহাৰ কৰিবলগীয়া হয়। এনেধৰণৰ মাটি পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু অসমৰ সমভূমিত পােৱা যায়।
(গ) মৰু অঞ্চলৰ মাটিঃ
মৰু মাটি ভাৰতৰ থৰ মৰুভূমি অঞ্চল, ৰাজস্থান, সৌৰাষ্ট্র আৰু কচ্চ উপসাগৰীয় অঞ্চলত পােৱা যায়। বিচূর্ণীভৱনৰ ভিন্ন প্রক্রিয়াৰ বাবে মৰু মাটি গঠন হয়। এই মাটি বালি আৰু শিলাময় বস্তুৰ মিশ্ৰণেৰে গঠিত আৰু ইয়াত উচ্চহাৰত নাইট্রজেন আৰু কম পৰিমাণে জৈৱিক পদার্থ থাকে। কিছুমান ঠাইত মৰু মাটি লৱণমুক্ত আৰু এনে অঞ্চলত জলসিঞ্চনৰ
জৰিয়তে কৃষি সম্ভৱ হয়। ঘেঁহু, বার্লি আদি এনে মাটিত হােৱা শস্য।
(ঘ) লাভা মাটিঃ
  লাভাৰ পৰা গঠিত হােৱা বাবে এনে মাটিক লাভা মাটি বােলে। লাভা মাটিক কৃষ্ণঃ (কলা) মাটিও বােলে। মহাৰাষ্ট্র, মধ্যপ্রদেশৰ পশ্চিম অংশ, গুজৰাট আৰু অন্ধ্রপ্রদেশৰ চুবুৰীয়া অঞ্চলত এনে মাটি পােৱা যায়। এই মাটিৰ এটা অন্যতম গুণ হৈছে এই মাটিয়ে আর্দ্রতা ধৰি ৰাখিব পাৰে সেয়ে এই মাটি কৃষিৰ বাবে উপযােগী। এই মাটি কপাহ খেতিৰ বাবে উৎকৃষ্ট, সেয়ে ইয়াক কপাহী মাটি বুলিও জনা যায়।
(ঙ) দাক্ষিণাত্য মালভূমিৰ মাটিঃ 
দাক্ষিণাত্য মালভূমিৰ পুৰণি আর্কিয়ান আৰু কেম্বিয়ান শিলৰ বিচুর্ণীভৱনৰ ফলত দাক্ষিণাত্য মালভূমিৰ মাটি গঠন হৈছে। এই মাটি পানী ধৰি ৰাখিবলৈ অক্ষম আৰু সেয়ে ই কৃষিৰ বাবে উপযােগী।।নহয়। অৱশ্যে, কৃত্রিম সাৰ প্ৰয়ােগ কৰি ইয়াক কৃষিৰ উপযােগী কৰিব পাৰি । দাক্ষিণাত্যত কংকৰ মাটিও পােৱা যায়। এনে মাটি কঠিন আৰু ৰঙচুৱা বৰণৰ। এই মাটিত লােণ আৰু এলুমিনিয়াম অধিক পৰিমাণে থাকে। ছােটানাগপুৰ মালভূমিৰ পূব অংশ আৰু মালাৱাৰ উপকূলত এনে মাটি পােৱা যায়। কংকৰ মাটি নীলগিৰি আৰু পশ্চিমঘাট পর্বতত পােৱা যায়। কংকৰ মাটি কফি আৰু চাহ খেতিৰ বাবে উৎকৃষ্ট।
(চ) উপকূল অঞ্চলৰ মাটিঃ
 নদীকাষৰীয়া মাটি ভাৰতৰ পূব উপকূলৰ ব-দ্বীপ অঞ্চলত পােৱা যায় । সাধাৰণতে সাগৰীয় ঢৌৱে উপকূলীয় অঞ্চলত বালিময় বােকা মাটিৰ অৱক্ষেপ পেলাই উপকূলীয় মাটি গঠন কৰে। উপকূলীয় মাটিবােৰ বালিময় হােৱা বাবে কৃষিৰ বাবে অধিক উপযােগী নহয়। কেৰালা আৰু কৰ্ণাটকৰ উপকূলীয় অঞ্চলত পলসুৱা আৰু কংকৰ মাটি পােৱা যায়।

২। উত্তৰ ভাৰতীয় নদী আৰু দক্ষিণ ভাৰতীয় নদীৰ পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ উত্তৰ ভাৰতীয় নদী আৰু দক্ষিণ ভাৰতীয় নদীৰ পাৰ্থক্যসমূহ হ’লঃ 

পাৰ্থক্যৰ ভিত্তি
উত্তৰ ভাৰতৰ নদী
দক্ষিণ ভাৰতৰ নদী
(ক)
পানীৰ গতি
উত্তৰ ভাৰতীয় নদীবোৰৰ উৎপত্তি উচ্চ পৰ্বতৰ হিমবাহৰ পৰা হৈছে আৰু সেয়ে ইয়াত গোটেই বছৰ জুৰি পানী থাকে ৷
দক্ষিণ ভাৰতৰ নদীবোৰ শীতকালত শুকাই যায় আৰু সিহঁত কম উচ্চতাৰ মালভূমি আৰু পৰ্বতৰ পৰা উৎপত্তি হয় ৷
(খ)
নদীৰ গতি
নদীৰ উচ্চ, মধ্য আৰু নিম্ন-এই তিনিটা স্তৰ স্পষ্ট ৷
উচ্চ , মধ্য , নিম্ন- এই তিনিটা স্তৰ স্পষ্ট নহয় ৷
(গ)
নৌ পৰিবহণ
এইবোৰ নৌ পৰিবহণযোগ্য ৷
নৌ পৰিবহণযোগ্য নহয় ৷
(ঘ)
গতি পৰিৱৰ্তন
ইহঁতে গতি পৰিৱৰ্তন কৰে আৰু ইহঁতৰ প্লাৱনভূমি বহল ( উচ্চ স্তৰৰ বাহিৰে )
ইহঁতে গতি পৰিৱৰ্তন নকৰে সেয়ে , প্লাৱনভূমি ঠেক ৷
(ঙ)
জলশক্তি  উৎপাদন
এইবোৰ জলবিদ্যুৎ উৎপাদনৰ বাবে উপযুক্ত নহয় ৷
এইবোৰ জলশক্তি উৎপাদনৰ বাবে উপযুক্ত ৷ কাৰণ ইহঁতে খৰস্ৰোতা ৷
(চ)
জনসংখ্যাৰ  ঘনত্ব
উপত্যকাবোৰ সাৰুৱা হোৱা বাবে ঘন বসতিপূৰ্ণ ৷
উপত্যকাবোৰ তুলনামূলকভাবে কম সাৰুৱা বাবে ঘন বসতিপূৰ্ণ নহয় ৷
(ছ)
চহৰৰ সংখ্যা
নদীৰ পাৰত বহুতো নগৰ গঢ়ি উঠিছে ৷ এইবোৰ নৌ পৰিবহণযোগ্য
দক্ষিণ ভাৰতৰ নদীবোৰ অধিক নৌ পৰিবহণযোগ্য নহয় বাবে ইয়াৰ পাৰত অধিক নগৰ গঢ়ি উঠা নাই ৷
(জ)
ব-দ্বীপ
নদীৰ মোহনাত বৃহৎ ব-দ্বীপ গঠন হয় ৷  
নদীৰ মোহনাত সৰু আৰু কম ব=দ্বীপ গঠন হয় ৷


শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 
১। ভাৰতৰ উপকূলৰেখাৰ মুঠ দৈর্ঘ্য________কিঃ মিঃ। 
(ক) ৬১০০
(খ) ১৫.২০০
(গ) ৮১০০
(ঘ) ৫৩০০
উত্তৰঃ (ক) ৬১০০
২। ভাৰতৰ মুঠ মাটিকালি __________নিযুত কিঃমিঃ।
(ক) ৩.২
(খ) ৪.২
(গ) ৬.৫
(ঘ) ২.৬
উত্তৰঃ (ক)৩.২
৩। ভাৰতবৰ্ষৰ মাটিকালি পৃথিৱীৰ মুঠ মাটিকালিৰ মাত্র________ শতাংশ ।
(ক) ৫.২
(খ) ৬.৩
(গ) ৪.৯
(ঘ) ২.২
উত্তৰঃ (ঘ) ২.২
৪ | ভাৰতৰ নগৰীয়া জনসংখ্যাৰ হাৰ___________শতাংশ।
(ক)২৫.৭
(খ) ৩৫.৭
(গ) ১৫.৫
(ঘ) ২০.৫
উত্তৰঃ (ক) ২৫.৭
৫। ১৯৯১ চনৰ লােকপিয়ল অনুসৰি গুৱাহাটীৰ মুঠ জনসংখ্যা কিমান ?
(ক) ৬.৫৪ লাখ
(খ) ৫.৮৪ লাখ
(গ) ৪.৪৬ লাখ
(ঘ) ৫.০৫ লাখ
উত্তৰঃ (খ) ৫.৮৪ লাখ
৬। ভাৰতৰ সৰ্বাধিক ঘনত্বৰ জনসংখ্যা থকা ঠাইখন হ'ল_______। (ক) দিল্লী
(খ) উত্তৰপ্ৰদেশ
(গ) কেৰালা
(গ) অন্ধ্রপ্রদেশ
উত্তৰঃ (ক) দিল্লী
৭। ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্যখন হৈছে__________ । 
(ক) মধ্যপ্রদেশ
(খ)ত্তৰ প্ৰদেশ
(গ) ৰাজস্থান
(ঘ) পশ্চিমবংগ
উত্তৰঃ (খ) উত্তৰ প্ৰদেশ
৮। ভাৰতৰ সেৰেঙা জনবসতিৰ ৰাজ্যখন হৈছে ___________ । 
(ক) অৰুণাচল প্রদেশ
(খ) মেঘালয়
(গ) হাৰিয়ানা।
(ঘ) জম্মু আৰু কাশ্মীৰ
উত্তৰঃ (ক) অৰুণাচল প্রদেশ
৯। আন্দামান আৰু নিকোৰৰ দ্বীপপুঞ্জ _______ 'টা দ্বীপৰ সমষ্টি।
(ক) ১১৫
(খ) ২০০
(গ) ১৯৫
(ঘ) ২১৫
উত্তৰঃ (ঘ) ২১৫
১০। ২০০১ চনৰ লােকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা_______ কোটি।
(ক)১০২.৭
(খ) ১৫০.২
(গ) ১৩২.৭
(ঘ) ১৪০.৫
উত্তৰঃ (ক) ১০২.৭
১১। ২০০১ চনৰ লােকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃত _________জন।
(ক) ৩৪০
(খ)২৫৮
(গ) ২৬০
(ঘ) ৩২৪
উত্তৰঃ (ঘ) ৩২৪

⚫ খালী ঠাই পূৰ কৰা
১। ভাৰতৰ ৰাজ্য ______খন আৰু_________খুন কেন্দ্রীয় শাসিত অঞ্চল।
উত্তৰঃ ২৮৭
২। ভাৰতৰ মাটিকালি জাপানৰ মাটিকালিতকৈ _________গুণ অধিক।
উত্তৰঃ চাৰি
৩। হিমালয়________সময়ত গঠিত হৈছিল।
উত্তৰঃ টাৰছিয়েৰী
৪। _________সমভূমি শতদ্রু, বিশাি আৰু ৰাবি নদীয়ে গঠন কৰিছে।
উত্তৰঃ পঞ্জাৱ - হাৰিয়ানা
৫। গংগা নদী হিমালয়পর্বতৰ________ হিমবাহৰ পৰা উৎপত্তি হৈছে।
উত্তৰঃ গংগােত্রী
৬। তাপ্তী আৰু নর্মদা উপসাগৰত মিলিত হৈছে।
উত্তৰঃ কাম্বে
৭। চিল্কা, কোলাৰ আৰু পুলিকেট হ্রদ ভাৰতৰ________উপকূলত অৱস্থিত।
উত্তৰঃ পূৱ 
৮ | __________ভাৰতৰ সোঁমাজেৰে পাৰ হৈ ভাৰতক দুটা ভাগত ভাগ কৰিছে।
উত্তৰঃ কর্কটক্রান্তি ৰেখা ৷ 
৯।__________ মৌচুমী বতাহৰ ফলত ভাৰতৰ কিছু অংশত শীতকালত বৰষুণ হয়।
উত্তৰঃ উত্তৰ-পূৱ। 
১০। ভাৰতৰ পশ্চিম উপকূলৰ দক্ষিণ অংশ __________উপকূল ৰূপে জনাজাত।
উত্তৰঃ মালাৱাৰ
১১। মৌচুমী কালত অসমত বলা বতাহক স্থানীয়ভাৱে _________বােলা হয়।
উত্তৰঃ বৰদৈচিল
১২। __________অৰণ্য ভাৰতৰ উপকূলীয় ব-দ্বীপ অঞ্চলত পােৱা যায়।
উত্তৰঃ গুল্ম উদ্ভিদ
১৩। শীতকালত হােৱা কৃষিক_________বােলে।
উত্তৰঃ ৰবি
১৪। ভাৰতৰ প্রথম কপাহী বয়ন উদ্যোগ ১৮৫৪ চনত, ত স্থাপিত হৈছিল।
উত্তৰঃ  মুম্বাই








Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)