ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

জাপানৰ আঞ্চলিক ভূগােল - দশম শ্ৰেণী - ELECTIVE GEOPGRAPHY - SEBA

Admin
0

জাপানৰ আঞ্চলিক ভূগােল - দশম  শ্ৰেণী - ELECTIVE  GEOPGRAPHY - SEBA 

ELECTIVE GEOGRAPHY CLASS X SEBA

                                          জাপানৰ আঞ্চলিক ভূগােল


                                                           পাঠভিত্তিক প্রশ্নোত্তৰ
                                                                 অনুশীলনী
১। জাপান দেশৰ ভৌগােলিক অৱস্থান সম্পর্কে লিখা।
 উত্তৰঃ  জাপান প্রশান্ত মহাসাগৰৰ বুকুত এছিয়াৰ পূর্ব উপকূলত অৱস্থিত এটা দ্বীপ। ই দক্ষিণে ২৪°উত্তৰৰ পৰা উত্তৰলৈ ৪৬°।উত্তৰ অক্ষাংশ আৰু পশ্চিমে ১২৩° পূর্বৰ পৰা পূবলৈ ১৪৬° পূর্ব দ্রাঘিমাংশলৈকে বিস্তৃত হৈ আছে। জাপান দ্বীপপুঞ্জৰ উত্তৰে চাখালিন দ্বীপ, কুৰিল দ্বীপ আৰু ওখটস্ক সাগৰ, দক্ষিণে টাইৱান আৰু পূর্ব-চীন সাগৰ। ইয়াৰ পূবে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে জাপান সাগৰ, কোৰিয়া সাগৰ তথা ৰাছিয়া সাগৰ আছে।

২। জাপান দেশৰ এটি ভৌগােলিক পৰিচয় দাঙি ধৰা।
 উত্তৰঃ জাপান এছিয়া মহাদেশৰ পূর্ব উপকূলত প্রশান্ত মহাসাগৰত অৱস্থিত। ই চাৰিওফালৰপৰা পানীৰে আৱৰা। এই দেশ প্রশান্ত মহাসাগৰত থকা সৰু বৰ বহুতাে।দ্বীপেৰে গঠিত হৈছে। তাৰ মাজত ৪টা গুৰুত্বপূৰ্ণ দ্বীপ হৈছে হ’কাইডাে, কিউছু,ষ হছু, চিক’কু। হনছু সবাতােকৈ বৃহৎ দ্বীপ। উত্তৰৰ পৰা দক্ষিণলৈ জাপানৰ দৈর্ঘ্য ২৪০০ কিঃ মিঃ। জাপানৰ মুঠ মাটিকালি হ’ল ৩,৭৭,৭৬৫ বর্গ কিঃমিঃ। ইয়াৰ প্রায় ৭৫% ভূমি পর্বতময়। এই পর্বতবােৰত বহুতাে জাগ্রত আৰু লুপ্ত আগ্নেয়গিৰি পােৱা যায়। ২০০৭ চনৰ আনুমানিক তথ্য অনুসৰি জাপানৰ মুঠ জনসংখ্যা প্রায়।১২৮ নিযুত। জনসংখ্যাৰ ভিত্তিত পৃথিৱীৰ দশম বৃহৎ দেশখন হ’ল জাপান। ইয়াৰ ৰাজধানী চহৰ টকিঅ’।

৩। জাপানৰ প্ৰধান প্রাকৃতিক বিভাগসমূহ কি কি? মানচিত্রসহ প্রতিটো বিভাগৰে ভূ-প্রকৃতি সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ  প্রশান্ত মহাসাগৰৰ উত্তৰে অৱস্থিত এলানি দ্বীপেৰে জাপান গঠিত হৈছে। ইয়াৰ ভূপ্রকৃতি প্রায় সকলােতে একে যদিও কিছুমান লঘু পার্থক্য অনুযায়ী জাপানক ৪ টা ভূ-প্রাকৃতিক অঞ্চলত ভাগ কৰা হৈছে।
(ক) হ'কাইডাে অঞ্চলঃ
 এই অঞ্চলটো মুলতঃ জাপানৰ উত্তৰ ভাগত অৱস্থিত হ’কাইডাে দ্বীপেৰে গঠিত। অঞ্চলটোৰ সৰহভাগ ঠায়েই পৰ্বতীয়া। ইয়াৰ মধ্যভাগত হ'কাইডাে পর্বতমালা বিস্তৃত হৈ আছে। আচাইডাক শৃঙ্গ এই পর্বতমালাৰ উচ্চতম শৃঙ্গ (২২৯০ মি.)। সমান্তৰাল পর্বতমালাৰ মাজভাগত কিছু বিস্তীর্ণ পলসুৱা নিম্নভূমি পােৱা যায়। এই অঞ্চলটোৰ কিছুমান গুৰুত্বপূর্ণ সমভূমি অঞ্চল হ’ল ইছিকাৰি ইউফুটছ, টকাছি, কনছেন আদি। চাপ’ৰাে, কুচিৰাে, যুৰৰশ, আচাহিগাৱা, থাকোড়াটে আদি ইয়াৰ উল্লেখযােগ্য চহৰ।
(খ) উত্তৰ-পূব জাপান অঞ্চলঃ 
 উত্তৰ-পূব জাপান অঞ্চল হছু দ্বীপৰ উত্তৰ পাৰত অৱস্থিত। এই অঞ্চলৰ পশ্চিমভাগত বহুতাে ভাজ আৰু চ্যুতি আছে। তদুপৰি ইয়াত আও আৰু উটছু নামেৰে দুটা সমান্তৰাল পর্বতমালা আছে। এই পর্বতমালাৰ উচ্চতা ১৫০০-২০০০ মিঃ । সৰলবর্গীয় গছ-গছনি, হ্রদ, আগ্নেয়গিৰিৰ শৃংগ আদিয়ে এই অঞ্চলটো পৰ্যটকৰ বাবে আকর্ষণীয় কৰি তুলিছে। এই অঞ্চলটোৰ দুটা প্রধান মালভূমি হ’ল কিটাকামি মালভূমি আৰু আবুকামা মালভূমি। ইয়াৰ প্ৰথমটো পূৰণা গেদীয় শিলেৰে আৰু পিছৰটো আগ্নেয়গিৰীয় শিলেৰে গঠিত। উত্তৰ-পূব জাপান অঞ্চলৰ কেইখনমান। উল্লেখনীয় চহৰ হ’ল আওমােৰি, আকিটা, মৰিওকা, হাচিনােহে, ছোই,।কোৰিয়ামা, য়ামাগাটা আদি।
(গ) মধ্য জাপান অঞ্চলঃ
হছু দ্বীপৰ মাজ ভাগকে মধ্য জাপান বােলা হয়। হছু পর্বতমালা আৰু ছিচিটো মেৰিয়ানা পর্বতমালা লগলাগি জাপানৰ উচ্চতম পর্বতমালা গঠন কৰিছে। এই বিশেষ পর্বতমালাৰ পূবভাগক হিদা পর্বত বােলা হয়। জাপানীসকলৰ পৱিত্ৰ শৃঙ্গ মাউন্ট ফুজিও (৩,৭৭৬ মি.)এই হিদা পর্বততে অৱস্থিত। কোৱান্ট’ আৰু নাবি সমভূমি মধ্য জাপানৰ দুখন প্রধান সমভূমি। ট’ন নদীয়ে পলস পেলাই সৃষ্টি কৰা প্লাৱনভূমিৰ বাবে এই অঞ্চল। কৃষিৰ বাবে অতি উপযােগী। ইয়ক’হামা, টকিঅ’, নাগােয়া আৰু টয়ামা এই অঞ্চলৰ প্রধান চহৰ।
(ঘ) দক্ষিণ-পশ্চিম জাপান অঞ্চলঃ
  দ্বীপৰ দক্ষিণ-পশ্চিম অংশ, ছিক'কু আৰু কিউছিউ দ্বীপক লৈ দক্ষিণ-পশ্চিম জাপান অঞ্চলটো গঠিত হৈছে। এই অঞ্চলৰ পর্বতমালাসমূহ জাপানৰ দীর্ঘতম পর্বতমালা। তদুপৰি ইয়াৰ প্ৰায়ভাগ ঠাই প্রাচীন শিলেৰে গঠিত। কিয়ােটো, নাৰা আৰু বিৱা এই অঞ্চলৰ উল্লেখযােগ্য সমভূমি। পর্বতসমূহৰ মাজত কিছু উৰ্বৰ উপত্যকাও আছে। কিউছিউ দ্বীপৰ দক্ষিণত বহুতাে আগ্নেয়গিৰি আছে। এই অঞ্চলৰ কিছুমান প্রধান চহৰ হ’ল ওছাকা, কিওট’, কোবে, হিৰােছিমা, নাগাছাকি, কাগােছিমা, চাকাই, ওকায়ামা, কুমামােটো আদি।

৪। জাপানৰ ভূ-অৱয়বৰ এটি চমু বিৱৰণ দিয়া।
উত্তৰঃ  প্রশান্ত মহাসাগৰৰ উত্তৰে অৱস্থিত এলানি দ্বীপেৰে জাপান গঠিত হৈছে। ইয়াৰ ভূপ্রকৃতি প্রায় সকলােতে একে যদিও কিছুমান লঘু পার্থক্য অনুযায়ী জাপানক ৪ টা ভূ-প্রাকৃতিক অঞ্চলত ভাগ কৰা হৈছে।
(ক) হ'কাইডাে অঞ্চলঃ
 এই অঞ্চলটো মুলতঃ জাপানৰ উত্তৰ ভাগত অৱস্থিত হ’কাইডাে দ্বীপেৰে গঠিত। অঞ্চলটোৰ সৰহভাগ ঠায়েই পৰ্বতীয়া। ইয়াৰ মধ্যভাগত হ'কাইডাে পর্বতমালা বিস্তৃত হৈ আছে। আচাইডাক শৃঙ্গ এই পর্বতমালাৰ উচ্চতম শৃঙ্গ (২২৯০ মি.)। সমান্তৰাল পর্বতমালাৰ মাজভাগত কিছু বিস্তীর্ণ পলসুৱা নিম্নভূমি পােৱা যায়। এই অঞ্চলটোৰ কিছুমান গুৰুত্বপূর্ণ সমভূমি অঞ্চল হ’ল ইছিকাৰি ইউফুটছ, টকাছি, কনছেন আদি। চাপ’ৰাে, কুচিৰাে, যুৰৰশ, আচাহিগাৱা, থাকোড়াটে আদি ইয়াৰ উল্লেখযােগ্য চহৰ।
(খ) উত্তৰ-পূব জাপান অঞ্চলঃ 
 উত্তৰ-পূব জাপান অঞ্চল হছু দ্বীপৰ উত্তৰ পাৰত অৱস্থিত। এই অঞ্চলৰ পশ্চিমভাগত বহুতাে ভাজ আৰু চ্যুতি আছে। তদুপৰি ইয়াত আও আৰু উটছু নামেৰে দুটা সমান্তৰাল পর্বতমালা আছে। এই পর্বতমালাৰ উচ্চতা ১৫০০-২০০০ মিঃ । সৰলবর্গীয় গছ-গছনি, হ্রদ, আগ্নেয়গিৰিৰ শৃংগ আদিয়ে এই অঞ্চলটো পৰ্যটকৰ বাবে আকর্ষণীয় কৰি তুলিছে। এই অঞ্চলটোৰ দুটা প্রধান মালভূমি হ’ল কিটাকামি মালভূমি আৰু আবুকামা মালভূমি। ইয়াৰ প্ৰথমটো পূৰণা গেদীয় শিলেৰে আৰু পিছৰটো আগ্নেয়গিৰীয় শিলেৰে গঠিত। উত্তৰ-পূব জাপান অঞ্চলৰ কেইখনমান। উল্লেখনীয় চহৰ হ’ল আওমােৰি, আকিটা, মৰিওকা, হাচিনােহে, ছোই,।কোৰিয়ামা, য়ামাগাটা আদি।
(গ) মধ্য জাপান অঞ্চলঃ
হছু দ্বীপৰ মাজ ভাগকে মধ্য জাপান বােলা হয়। হছু পর্বতমালা আৰু ছিচিটো মেৰিয়ানা পর্বতমালা লগলাগি জাপানৰ উচ্চতম পর্বতমালা গঠন কৰিছে। এই বিশেষ পর্বতমালাৰ পূবভাগক হিদা পর্বত বােলা হয়। জাপানীসকলৰ পৱিত্ৰ শৃঙ্গ মাউন্ট ফুজিও (৩,৭৭৬ মি.)এই হিদা পর্বততে অৱস্থিত। কোৱান্ট’ আৰু নাবি সমভূমি মধ্য জাপানৰ দুখন প্রধান সমভূমি। ট’ন নদীয়ে পলস পেলাই সৃষ্টি কৰা প্লাৱনভূমিৰ বাবে এই অঞ্চল। কৃষিৰ বাবে অতি উপযােগী। ইয়ক’হামা, টকিঅ’, নাগােয়া আৰু টয়ামা এই অঞ্চলৰ প্রধান চহৰ।
(ঘ) দক্ষিণ-পশ্চিম জাপান অঞ্চলঃ
  দ্বীপৰ দক্ষিণ-পশ্চিম অংশ, ছিক'কু আৰু কিউছিউ দ্বীপক লৈ দক্ষিণ-পশ্চিম জাপান অঞ্চলটো গঠিত হৈছে। এই অঞ্চলৰ পর্বতমালাসমূহ জাপানৰ দীর্ঘতম পর্বতমালা। তদুপৰি ইয়াৰ প্ৰায়ভাগ ঠাই প্রাচীন শিলেৰে গঠিত। কিয়ােটো, নাৰা আৰু বিৱা এই অঞ্চলৰ উল্লেখযােগ্য সমভূমি। পর্বতসমূহৰ মাজত কিছু উৰ্বৰ উপত্যকাও আছে। কিউছিউ দ্বীপৰ দক্ষিণত বহুতাে আগ্নেয়গিৰি আছে। এই অঞ্চলৰ কিছুমান প্রধান চহৰ হ’ল ওছাকা, কিওট’, কোবে, হিৰােছিমা, নাগাছাকি, কাগােছিমা, চাকাই, ওকায়ামা, কুমামােটো আদি।

৫। জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ  জাপানত মূলতঃ মংগােলীয় গােষ্ঠীৰ লােকসকলে বসবাস কৰে। উপলব্ধ তথ্য অনুসৰি ৬১০ খ্রীষ্টাব্দত জাপানত ৫ নিযুত লােকেবসবাস কৰিছিল। অৱশ্যে ১৮৮০ চনত ই বাঢ়ি ৩৮ নিযুত, ১৯৪৫ চনত ৭২ নিযুত, ১৯৯৯ চনত ১২৭ নিযুত আৰু ২০০৭ চনত ই ১২৮ নিযুত হয়গৈ। অৱনমিত জন্ম তথা মৃত্যুৰ হাৰৰ পৰিপ্ৰেক্ষিতত জাপানৰ জনসংখ্যাৰ বার্ষিক গড় বৃদ্ধিৰ হাৰ ০.৪%
পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ দেশসমূহৰ ভিতৰত জাপান দশম স্থানত আছে। জাপানৰ জনসংখ্যাৰ আটাইতকৈ উল্লেখযােগ্য বৈশিষ্ট্যটো হ’ল ইয়াৰ অসম বিস্তৃতি। জাপানৰ মুঠ মাটিকালিৰ প্রায় ৭৫% পার্বত্য অঞ্চল সেয়ে এই ঠাইসমূহৰ জনসংখ্যা অতি সেৰেঙা। আনহাতে, নদীৰ উপত্যকা, সমভূমি আৰু উপকূলীয় অঞ্চলসমূহৰ জনসংখ্যা অতি ঘন। জাপানৰ জনসংখ্যাৰ গড় ঘনত্ব প্রতিবর্গ। কিল'মিটাৰত ৩৩৮ জনৰ বিপৰীতে হ’কাইডাে সমন্বিতে অন্যান্য পার্বত্য অঞ্চলৰস জনসংখ্যা ঘনত্ব ১০০ জনতকৈ কম। জাপানৰ মুঠ মাটিকালিৰ ২৫% হ'কাইডাে অঞ্চলে আগুৰি আছে। কিন্তু জাপানৰ মুঠ জনসংখ্যা মাত্র ৫% হে এই অঞ্চলত বাস কৰে। কৃষিভিত্তিক সমতল অঞ্চলসমূহৰ ঘনত্ব ১০০-৮০০ প্রতি বর্গ কিঃমিঃ। আনহাতে ৮০০ তকৈ বেছি ব্যক্তিয়ে বসবাস কৰে জাপানৰ ঔদ্যোগিক সমভূমি অঞ্চলত। জাপানৰ জনসংখ্যাৰ ২০% পার্বত্য অঞ্চলত বাস কৰে। মধ্য জাপানৰ ঔদ্যোগিক ক্ষেত্র টকিঅ’, ইয়ােকোহামা আৰু দক্ষিণ-পশ্চিম জাপানৰ ঔদ্যোগিক ক্ষেত্র কোবে-ওচাকা জাপানৰ সবাতােকৈ ঘন জনবসতিৰ অঞ্চল। এই দুই অঞ্চলত জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃ মিঃত ১০,০০০ ব্যক্তিতকৈ অধিক। ৩ কোটি জনসংখ্যাৰ টকিঅ'জাপানৰ সর্বাধিক জনবসতিপূর্ণ চহৰ তথা পৃথিৱীৰ সর্বাধিক জনবহুল চহৰ। কৃষিভিত্তিক উৎপাদন হ্রাস তথা গাঁও অঞ্চলৰ পৰা চহৰাঞ্চল ব্যক্তিৰ প্ৰব্ৰজনৰ লগে লগে জাপানৰ নগৰীয়া জনসংখ্যা বৃদ্ধি হৈ ৭৯% হৈছে। ঔদ্যোগীকৰণে জাপানৰ জনসংখ্যাৰ বিস্তৃতিৰ ক্ষেত্ৰত আঞ্চলিক অসমতা অনাত সহযােগ কৰে।

৬। জাপানৰ জনসংখ্যা ঘনত্বৰ তাৰতম্যৰ কাৰকসমূহ উল্লেখ কৰা।
উত্তৰঃ  ২০০৭ চনৰ গণনা অনুসৰি জাপানৰ জনসংখ্যা হৈছে ১২৮ নিযুত। ইয়ে জাপানক পৃথিৱীৰ সর্বাধিক জনবসতিপূর্ণ দেশৰ ভিতৰত দশম স্থানত ৰাখে। জাপানৰ জনসংখ্যা ঘনত্ব হৈছে প্রতি বর্গ কিঃমিঃ ত ৩৩৮ জন ব্যক্তি। জাপানৰ জনসংখ্যাৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য হ’ল ইয়াৰ অসম বিস্তৃতি। ইয়াৰ জনসংখ্যা ঘনত্ব ঠাইভেদে বেলেগ বেলেগ। ইয়াৰ মূল কাৰণসমূহ হলঃ
(ক) পৰ্বতীয়া ভূমিঃ  জাপানৰ মাটিকালিৰ ৭৫% পার্বত্যভূমি। ইয়ে এই অঞ্চলসমূহক জনবসতি তথা অর্থনৈতিক উন্নয়নৰ বাবে অনুপযােগী কৰি তােলে। এনেদৰে এই ঠাইসমূহৰ জনবসতিৰ ঘনত্ব প্রতি বর্গ কিঃমিঃত এশজন ব্যক্তিতকৈও কম।
(খ) ঔদ্যোগীকৰণৰ উচচ স্থিতি ও জাপান পৃথিৱীৰ সৰ্বাধিক ঔদ্যোগীকৃত দেশসমূহৰ ভিতৰত অন্যতম। উচ্চ ঔদ্যোগীকৰণে নিয়ােগ সুবিধাৰ উন্নতি সাধন কৰি নগৰাঞ্চললৈ ব্যক্তি প্রব্রজন সুচল কৰি তুলিছে আৰু নগৰ-চহৰতশ জনবসতি ঘন হৈ পৰিছে।
(গ) নগৰীকৰণঃ এই ঠাইসমূহতবসতি স্থাপন কৰাৰ অর্থনৈতিক উপযােগিতাসমূহৰ বাবে বহুলােক নগৰাঞ্চললৈ ঢাপলি মেলিছে। ফলত কৃষিজাত উৎপাদন কমি আহিছে। এতেকে, জাপানৰ নগৰ-চহৰসমূহত জনবসতিৰ ঘনত্ব অধিক।
(ঘ) জলবায়ুৰ অৱস্থাঃ কোনাে এখন দেশৰ জনবসতিৰ ঘনত্বত প্রভাৱ পেলােৱা।কাৰকসমূহৰ ভিতৰত জলবায়ু অন্যতম। জাপানৰ উত্তৰভাগত চৰম শীতল জলবায়ু বিৰাজ কৰাৰ বাবে ইয়াৰ জনবসতি পাতল। আনহাতে, জাপানৰ দ্বীপসমূহৰ।উপকূলীয় অঞ্চলবােৰত সুন্দৰ জলবায়ু বিৰাজ কৰা বাবে এই
ঠাইসমূহত জনবসতি ঘন।

৭। জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পর্কে লিখা।
উত্তৰঃ  জাপান পৃথিৱীৰ এখন আগশাৰীৰ ঔদ্যোগীকৃত দেশ।ঔদোগিক উৎপাদনৰ ক্ষেত্ৰত জাপানে দ্বিতীয় স্থান দখল কৰে। তথাপি কৃষিয়ে এই দেশৰ অৰ্থনীতিত এটি মুখ্য ভূমিকা পালন কৰে। জাপানৰ জনসংখ্যা প্রায় ৬% লােক কৃষিৰ লগত জড়িত।
ইয়াৰ মুঠ মাটিকালিৰ প্রায় ১৭% কৃষিয়ে দখল কৰি আছে। প্রতি হেক্টৰত বর্ধিত উৎপাদন হােৱাকৈ আধুনিক তথা বৈজ্ঞানিক কৃষি পদ্ধতিৰ ব্যৱহাৰে হৈছে জাপানৰ কৃষিৰ এটা মনকৰিবলগীয়া বৈশিষ্ট্য। জাপানৰ অৰ্থনীতিত কৃষিয়ে তলত উল্লেখ কৰা ধৰণে প্ৰভাৱ পেলায়।
(ক) নিয়ােগ প্রদানঃ জাপানৰ ৰাষ্ট্ৰীয় অর্থনীতিৰ প্রতি কৃষিৰ এটা মহৎ দান হৈছে যে ই সহস্র লােকক জীৱিকা প্রদান কৰে। নিয়ােগৰ সুবিধাসমূহে গ্রাম্য দাৰিদ্ৰ দূৰ কৰে আৰু দেশত মুদ্রা প্রচলন বৃদ্ধি কৰি বৃহত্তৰ অর্থনৈতিক উন্নতি সাধন কৰে।
(খ) বিদেশী ৰাষ্ট্রৰ ওপৰত কম নিৰ্ভৰশীলতাঃ যদিও জাপানক এখন উন্নত ঔদ্যোগীকৃত ৰাষ্ট্ৰ বুলি বিবেচনা কৰা হয়, তথাপি কৃষিৰ ক্ষেত্ৰতােই প্রশংসনীয় উন্নতি সাধন কৰিছে। ইংলেণ্ড, ফ্রান্স, জার্মানী আদি ঔদ্যোগীকৃত ৰাষ্ট্রৰ বিপৰীতে জাপান খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত স্বাৱলম্বী আৰু এইটোৱে জাপানক বিদেশী ৰাষ্ট্রৰ ওপৰত কম নিৰ্ভৰশীল কৰি তুলিছে।
(গ) ঔদ্যোগীক উৎপাদনত উদগনিঃ জাপানৰ কৃষিভিত্তিক কার্যসমূহত বাৰুকৈয়ে যান্ত্রিকীকৰণ কৰা হৈছে। ভালেসংখ্যক লােকে কৃষিৰ বাবে আধুনিক কষি পদ্ধতি আৰু বহুতাে আধুনিক যন্ত্রপাতি ব্যৱহাৰ কৰে। এই পৰিৱর্তনে ঔদ্যোগিক উৎপাদনত উদগনি যােগাইছে।

৮। মানচিত্রৰ সহায়ত জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ দেখুওৱা আৰু প্ৰতিটো অঞ্চলৰ মূল বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ  যদিও জাপানৰ মুঠ মাটিকালিৰ প্রায় ৭৫% পার্বত্য অঞ্চল, তথাপি ইয়াৰ বহু ঠাইত খেতি কৰা দেখা যায়। দেশখনৰ মুঠ মাটিকালিৰ প্রায় ১৭ শতাংশ স্থায়ী কৃষিৰ অন্তৰ্গত। ব্যৱসায়িক ভিত্তিত আধুনিক বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি খেতি কৰা হয়। কৃষিভিত্তিক কৰ্মৰাজিত মুঠ জনসংখ্যা প্রায় ৬ শতাংশ ব্যক্তি নিয়ােজিত হৈ আছে। জাপানৰ কৃষিৰ কিছুমান প্রধান বৈশিষ্ট্য হলঃ 
(ক) পাহাৰ, পর্বত আৰু ঘন জনবসতি থকা বাবে কৃষিক্ষেত্ৰৰ আকাৰ ক্ষুদ্র হয়। 
(খ) কৃষিক্ষেত্ৰবােৰৰ আকাৰ ক্ষুদ্র, সিঁচৰতি তথা খণ্ডিত হৈ আছে।
(গ) বর্ধিত কৃষি পদ্ধতি অৱলম্বন কৰা হয়। এই ধৰণৰ কৃষি বৈজ্ঞানিক পদ্ধতিৰে কৰা হয়। সর্বোচ্চ উৎপাদন পাবৰ বাবে মানুহে এনে মাটিত পর্যাপ্ত পৰিমাণৰ সাৰ ব্যৱহাৰ কৰে।
(ঘ) জাপানত প্রচলিত প্রধান কৃষি পদ্ধতিসমূহ বেদিকা কৃষি, মিশ্র কৃষি আৰু অন্তঃপ্রৱেশী কৃষি। খেতিপথাৰৰ বিস্তাৰ, শস্যৰ বিস্তৃতি আৰু উৎপাদনৰ ভিত্তিত জাপানক দুটা
মুখ্য কৃষিভিত্তিক অঞ্চলত ভাগ কৰিব পাৰিঃ
(ক) পুৰণি জাপান অঞ্চল (খ) হ’কাইডাে অঞ্চল।
(ক) পুৰণি জাপান অঞ্চলঃ  এই অঞ্চলক অন্তৱৰ্তী মণ্ডল, পৰিধীয় অঞ্চল আৰু সীমামুৰীয়া অঞ্চলত ভাগ কৰা হৈছে।


ELECTIVE GEOGRAPHY CLASS X SEBA
জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ


(i) অন্তৱৰ্তী মণ্ডলঃ
এই মণ্ডল মধ্য জাপানত অৱস্থিত। এই অঞ্চলৰ জলবায়ু বার্ষিক দুই তিনিবিধ খেতিৰ বাবে আদর্শস্বৰূপ। জনসংখ্যাৰ বৰ্দ্ধিত ঘনত্বৰ বাবে কৃষিবােৰৰ আকাৰ ক্ষুদ্ৰ। ব্যৱসায়িক ভিত্তিত কৰা ফল, পাচলি আৰু ফুলৰ খেতিৰ বাবে এই ঠাই উল্লেখযােগ্য যান্ত্রিকীকৰণ কৰা হৈছে। এই অঞ্চলটো তলত দিয়া ধৰণে বিভাজন কৰা হৈছেঃ
(ক) ছিটছিকিপকি অঞ্চলঃ
এই সৰু কৃষি অঞ্চলটো ছুগ’কো পার্বত্য অঞ্চলৰ অন্তর্ভুক্ত। গ্রীষ্মকালত প্রায় ৪০% সমভূমিত ধানখেতি কৰা হয়। তাৰােপৰি, ফুলৰ খেতি আৰু পশু পালননা এই অঞ্চলত কৰা হয়।
(খ) উত্তৰ কিউছিউঅঞ্চলঃ
   এই অঞ্চলৰ কৃষি নিম্ন মানৰ। এই অঞ্চলৰ সমভূমিত ধানখেতি সৰহকৈ কৰা হয়।
(গ) চুক্যিও অঞ্চলঃ  এই অঞ্চলৰ উচ্চভূমিত কৃত্রিমভাৱে পানী যােগান ধৰি ধানখেতি কৰা হয়।
(ঘ) টোকাই অঞ্চলঃ
 এই অঞ্চলৰ জলবায়ু উষ্ণ। এই অঞ্চলত সমভূমি সীমিত আৰু সেয়ে প্রায় ৪৫% কৃষি উচ্চভূমিত কৰা হয় । এই অঞ্চল কমল' আৰু চাহখেতিৰ বাবে উপযােগী। বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতিও কৰা হয়। তথা পশুপালনাে কৰা হয়।
(ঙ) পশ্চিম কান্টো অঞ্চলঃ
 এই অঞ্চলটোত উৰ্বৰ বিস্তীর্ণ সমতল আছে। এবছৰত দুবাৰকৈ শস্যৰ খেতি কৰা হয়। জাপানৰ বাৰ্লিৰ সমুদায় উৎপাদন আৰু প্রায় এক-তৃতীয়াংশ গম উৎপাদন এই অঞ্চলৰ পৰা আহে। এই অঞ্চলটো এৰা গছৰ বাবে বিখ্যাত।
(চ) টোছান অঞ্চলঃ  
এই অঞ্চলটো পাহাৰীয়া বনাঞ্চল বাবে খেতিৰ অনুপযােগী। এই মণ্ডলৰ উপত্যকাত কিছু পৰিমাণে ধানখেতি কৰা হয়।
(ছ) হাকুৰিকো অঞ্চলঃ
এই অঞ্চলটো ধান উৎপাদিত অঞ্চল হিচাপে চিহ্নিত।
ইয়াত উচ্চ হাৰত ধান উৎপাদিত হয় আৰু ৪৫% ধান শীতকালত হয় ।
(ii) সীমামূৰীয়া অঞ্চলঃ এই কৃষিমণ্ডলটো ট’হােকু আৰু কিউছিউ দ্বীপৰ দক্ষিণভাগেৰে গঠিত। কিউছু দ্বীপৰ দক্ষিণ ভাগৰ কৃষিক্ষেত্ৰবােৰ আকাৰত সৰু বাবে কৃষি অনুন্নত। প্রায় ৪৫ % লােক কৃষিৰ লগত জড়িত হৈ আছে। ইয়াত উৎপাদিত প্রধান সামগ্রী হ’ল ফল-মূল আৰু পাচলি। হছু দ্বীপৰ উত্তৰে অৱস্থিত টহফুৰ জলবায়ু অতি ঠাণ্ডা হােৱা বাবে কৃষি উন্নত হয়। গ্রীষ্মকালত ইয়াত খেতি ভাল হয়।
(iii) পৰিধীয় অঞ্চলঃ 
এই মণ্ডলটো দক্ষিণ চিকোকুৰ পার্বত্য অঞ্চল আৰু উপকূলীয় অঞ্চলেৰে গঠিত। ইয়াৰ এটা উল্লেখনীয় বৈশিষ্ট্য হল যে ইয়াত ঘাইকৈ ঝুম খেতি কৰা হয়। এই মণ্ডলটো আকৌ ৪ টা ভাগত ভগােৱাহ হৈছেঃ  
(ক) কিউছিৰ মধ্যভাগ, (খ) ছানইন, (গ) চিকোকুৰ দক্ষিণ ভাগ, (ঘ) হিদা।
কিউছিউৰ মধ্যভাগত প্রধানকৈ ফল-মূল, পাচলি, ধান, নুনীগছ আদিৰ খেতি কৰা হয়। চানইন উপকূলীয় অঞ্চল খেতিৰ বাবে উপযােগী নহয়। চিকোকুদ্বীপৰ পাহাৰীয়া অঞ্চলত ঘাইকৈ বুম খেতি কৰা হয়। হিদাৰ প্ৰায়ভাগ অঞ্চল পৰ্বতীয়া হােৱা হেতুকে ইয়াত খেতি কৰা নহয়।
(খ) হ’কাইডাে অঞ্চলঃ
 এই কৃষি মণ্ডল জাপানৰ উত্তৰ পাৰত অৱস্থিত। এই মণ্ডলৰ খেতিৰ বাবে উপযােগী প্রধান অঞ্চলটো হ'ল ইচিকাৰী সমভূমি। যিহেতু এই অঞ্চলটোৰ বতৰ অতি ঠাণ্ডা সেয়ে ইয়াত গ্রীষ্মৰ দিনত কেৱল এটা খেতি কৰা হয়। এই অঞ্চলৰ প্ৰধান শস্য হ’ল ধান। অনুৰ্বৰ মাটি, শীতল জলবায়ু আদিৰ বাবে জাপানৰ এই অঞ্চলত খেতি উন্নত নহয়। এই কৃষি মণ্ডলটো আকৌ ৩ টা ভাগত বিভক্ত কৰা হৈছেঃ পশ্চিম হ'কাইডাে, মধ্য হ'কাইডাে আৰু পূর্ব হ'কাইডাে।

৯। জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চলসমূহ কি কি? জাপানৰ মানচিত্ৰত এই ঔদ্যোগিক অঞ্চলসমূহ দেখুওৱা আৰু প্ৰতিটো অঞ্চলৰে চমু বিৱৰণ দিয়া।
উত্তৰঃ  আজি জাপানক পৃথিৱীৰ ঔদ্যোগীকৃত ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ স্থান দ্বিতীয়। বিজ্ঞান-প্রযুক্তিৰ উন্নয়ন জাপানে পৃথিৱীৰ ভিতৰত চতুর্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বার্ষিক আয়ৰ ৪০% তকৈও বেছি অংশ ঔদ্যোগিক ক্ষেত্ৰৰ পৰা আহে। ঔদ্যোগিক
কৰ্মৰাজিৰ লগত জড়িত ব্যক্তিৰ সংখ্যা হ'ব ইয়াৰ জনসংখ্যাৰ ৩৩% তকৈ অধিক। জাপানৰ ঔদ্যোগিক ক্ষেত্ৰখন টকিঅ'ৰ পৰা কিউছিউ দ্বীপলৈ প্রায় ১০০০কিঃমিঃ দৈর্ঘ্য বিস্তৃত হৈ আছে। ইয়াক চাৰিটা ঔদ্যোগিক অঞ্চলত বিভক্ত কৰা হৈছেঃ 








(ক) টকিঅ’ - ইয়ােকোহামা অঞ্চলঃ  হনছু দ্বীপৰ টকিঅ’ উপসাগৰৰ কাষত অৱস্থিত এই অঞ্চলে কান্ট’ সমভূমি আগুৰি লয়। ঔদ্যোগিক উন্নয়নৰ বাবে এই অঞ্চলত আদর্শ অস্থা আছে। এই অঞ্চলত বিকাশ ঘটা কেইটামান মুখ্য উদ্যোগ হ’ল জাহাজ নির্মাণ, বস্ত্ৰ উদ্যোগ, ৰাসায়নিক পার্থক্য, লাে আৰু তীখা আদি। ইয়াত ২৫ খনতকৈ অধিক সৰু-বৰ নগৰ আছে। এই নগৰসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে টকিঅ' আৰু ইয়ােকো। জাপানৰ ঔদ্যোগিক উৎপাদনৰ ৩০% তকৈ অধিক এই অঞ্চলৰ পৰা আহে। ইয়াত জলবিদ্যুৎ শক্তি উৎপাদিত হয়।
(খ) ওছাকা-কোবে কিওটো উদ্যোগ অঞ্চলঃ এই মণ্ডলটো ওছাকা উপসাগৰৰ উপকূলীয় অঞ্চলত অৱস্থিত।ই কিনকি সমভূমিক আগুৰি আছে বাবে ইয়াক কিনকি অঞ্চলাে বােলা হয়। ইয়াত ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত সমল যােগােৱা
মুখ্য কাৰকসমূহ হৈছেঃ 
সুগঠিত পৰিবহণ তথা যাতায়তৰ সুবিধা, জল-পৰিবহণৰ সুবিধা, আন্তঃগাঁথনিক সুবিধাৰ সহজলভ্যতা আদি। লাে আৰু তীখা উদ্যোগ, উৰাজাহাজ নির্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, খনিজ উদ্যোগ আদি এই অঞ্চলৰ প্রধান উদ্যোগ। এই অঞ্চলৰস উল্লেখনীয় নগৰসমূহ হ’ল ওছাকা, কোবে আৰু কিওটো। ওছাকা
ৰেচম আৰু কপাহ উৎপাদনৰ বাবে বিখ্যাত।
(গ) নাগােয়া ঔদ্যোগিক অঞ্চলঃ  এই ঔদ্যোগিক অঞ্চল হছু দ্বীপৰ পূর্ব উপকূলত টকিঅ’-ইয়ােকোহামা ঔদ্যোগিক অঞ্চল আৰু ওছাকা-কোবে-কিও টো ঔদ্যোগিক অঞ্চলৰ মাজত অৱস্থিত।এই অঞ্চলটো পাট, ঊণ আৰু কপাহী বয়ন শিল্পৰ বাবে বিখ্যাত। মটৰf “গ উদ্যোগৰ বাবেও ই বিখ্যাত।
(ঘ) উত্তৰ কিউছিউ উদ্যোগ অঞ্চলঃ  এই অঞ্চল কিউছিউ দ্বীপৰ উত্তৰ পাৰত অৱস্থিত। ইয়াত উদ্যোগ বিকাশৰ প্ৰধান কাৰণ হ’ল কয়লা তথা আন খনিজ পদাৰ্থৰ প্রাচুর্য। চিমেন্ট, যন্ত্র নির্মাণ, জাহাজ নির্মাণ, লাে আৰু তীখা আদি এই অঞ্চলৰ প্রধান উদ্যোগ। য়াৱাটা, নাগাচাকি আৰু ছিমনােছেকি এই অঞ্চলৰ
মুখ্য ঔদ্যোগিক কেন্দ্র।
১০। চমুটোকা লিখা।
(ক) জাপানৰ দ্বীপসমূহ
(খ) হ'কাইডাে অঞ্চলৰ ভূ-প্রকৃতি
(গ) জাপানৰ উদ্যোগীকৰণ আৰু অর্থনৈতিক উন্নয়ন
(ঘ) জাপানৰ বেদিকা কৃষি
(ঙ) টকিঅ'-ইয়ােকোহামা উদ্যোগ অঞ্চল
(5) জাপানৰ উপকূল অঞ্চল
(ছ) জাপানৰ হনছু দ্বীপ অঞ্চল
(জ) জাপানৰ খনিজ সম্পদ
উত্তৰঃ  (ক) জাপানৰ দ্বীপসমূহঃ
প্রশান্ত মহাসাগৰৰ উত্তৰভাগত এলানি সৰু-বৰ দ্বীপেৰে জাপান গঠিত হৈছে।জাপানত হনছু, হ’কাইডাে, ছিক’কুআৰু কিউছিউ নামেৰে চাৰিটা বৃহৎ দ্বীপৰ লগতে বহুতাে সৰু সৰু দ্বীপ আছে। এই চাৰিওটা দ্বীপ ভিতৰত হনছু সবাতােকৈ বৃহৎ আৰু সম্ভৱ সবাতােকৈ গুৰুত্বপূর্ণ দ্বীপ। এই দ্বীপ জাপানৰ উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্র। চাৰিওটা দ্বীপ নাতিশীতােষ্ণ জলবায়ু অঞ্চলৰ অন্তৰ্গত সেয়ে জাপানৰ এই জলবায়ুয়ে ঔদ্যোগিক উৎপাদনত সহায় কৰাৰ লগতে কৃষি আৰু জনবসতিতে সহায় কৰে। জাপান চাৰিওফালৰ পৰা সাগৰেৰে আবৃত আৰু ইয়ে জাপানৰ মৎস্য উদ্যোগ, জাহাজ নির্মাণ উদ্যোগ আৰুআঃৰাষ্ট্ৰীয় বাণিজ্যত উদগণি যােগাইছে।
(খ) হ'কাইডাে অঞ্চলৰ ভূপ্রকৃতিঃ
 জাপানৰ উত্তৰ অংশত অৱস্থিত হ'কাইডাে দ্বীপ এই অঞ্চলৰ অন্তর্ভুক্ত। ইয়াৰ ভূপ্রকৃতি পর্বত, পাহাৰ, উপত্যকা আৰু কিছুসমভূমিৰে গঠিত। এই অঞ্চল পার্বত্য প্রকৃতিৰ বাবে ই ঔদ্যোগিক তথা কৃষিৰ ক্ষেত্ৰত অগ্রগতি অর্জন কৰিব পৰা নাই। হ'কাইডাে পর্বতমালা এই অঞ্চলৰ মধ্য ভাগত অৱস্থিত। এই অঞ্চলত থকা সমান্তৰাল পর্বতমালাৰ মাজভাগত কিছুমান পলসুৱা নিম্নভূমি পােৱা যায়। এই অঞ্চলৰ কিছুমান প্রধান সমভূমি হল ইছিকাৰি ইউফুচ্ছ, টকাছি-কমভূমিখণ্ড, কনছেন সমভূমি আদি। এই অঞ্চলৰ কিছুমান প্রধান চহৰ হ’ল চাপৰাে, কুচিৰাে, মুৰৰণ, আচাহিগাৱা, হাকোড়াটে আদি। ইয়াৰ নগৰ-চহৰ সমূহ হছু দ্বীপৰ তুলনাত সৰু । 
(গ) জাপানৰ উদ্যোগীকৰণ আৰু অর্থনৈতিক উন্নয়নঃ 
আজি জাপানক পৃথিৱীৰ উদ্যোগ প্রধান উন্নত ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। যদিও ইয়াৰ সম্পদৰ ভঁৰালকম তথাপিই ঔদ্যোগিক তথা অর্থনৈতিক খণ্ডত প্ৰচুৰ পৰিমাণৰ উন্নয়ন সাধিবলৈ সক্ষম হৈছে। জাপানে ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় আৰু বিজ্ঞান প্রযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত চতুর্থ স্থান অধিকাৰ কৰি আছে। ইয়াৰ বর্তমান জনমূৰি আয় প্রায় ৩৩,০০০ মার্কিন ডলাৰ। জাপানৰ ৩৩% তকৈ অধিক লােক ঔদ্যোগিক ক্ষেত্ৰত জড়িত হৈ আছে। তথা ৪০% তকৈ অধিক আয় এইটো ক্ষেত্ৰৰ পৰা আহে। এই উল্লেখনীয় অর্থনৈতিক তথা ঔদ্যোগিক উন্নয়ন যিবােৰ কাৰকৰ বাবে হৈছে সেইবােৰ হ’ল জাপানীলােকৰ অধ্যবসায়, উন্নত পৰিবহণ তথা যাতায়ত ব্যৱস্থা, ইয়াৰ মুক্ত ঔদ্যোগিক তথা বৈদেশিক বাণিজ্য নীতি আদি। জাপানৰ মূল। ঔদ্যোগিক ক্ষেত্ৰখন টকিঅ'ৰ পৰা কিউছিউলৈ প্রায় ১০০০ কিঃমিঃ জুৰি আছে। এই দেশৰ উন্নয়ন বৃদ্ধি কৰাত সহায় কৰা মূল উদ্যোগসমূহ হ’ল লাে আৰু তীখা, কপাহী বস্ত্র, কাগজ, ইলেক্ট্রনিক সামগ্রী, ৰেচমী বস্ত্র, উণৰ বস্ত্ৰ আদিৰ উদ্যোগ।
(ঘ) জাপানৰ বেদিকা কৃষিঃ 
জাপান ঘাইকৈ এখন পৰ্বতীয়া দেশ। ইয়াৰ মুঠ মাটিকালিৰ ৭৫% তকৈ অধিক অংশ পার্বত্য প্রকৃতিৰ। ফলত জাপানত বেদিকা কৃষি পদ্ধতি অবলম্বন কৰিবলগীয়া হয়। এই কৃষি পদ্ধতিত পাহাৰৰ এঢলীয়া মাটিত খাপ কাটি কৰা হয় যাতে মাটি খহি নাযায়। পানী যােগান ধৰিবলৈ কাষত এটা বেলেগ নলা কাটি দিয়া হয়। জাপানৰ কৃষিৰ মূল শস্য ধান আৰু চাহপাত। এই শস্য দুবিধৰ খেতি বেদিকা পদ্ধতিৰে কৰা হয় জাপানীসকলে পাহাৰৰ ঢালত আৰু পৰ্বতৰ পাদভূমিত ধানখেতি কৰিব পৰাকৈ এবিধ পদ্ধতি উন্নত কৰিছে। এই পদ্ধতি গােটেই পৃথিৱীতে বিখ্যাত হৈছে। জাপানে মূলতঃ সেউজীয়া চাহপাত উৎপাদন কৰে। মধ্য আৰু দক্ষিণ হনছু দ্বীপৰ পার্বত্য অঞ্চলৰ পূব আৰু পশ্চিম ঢালত ঘাইকৈ চাহখেতি কৰা হয়।
(ঙ) টকিঅ’ইয়ােকোহামা উদ্যোগ অঞ্চলঃ
 হনছু দ্বীপৰ টকিঅ’ উপসাগৰৰ কাষত অৱস্থিত এই অঞ্চলে কান্ট’ সমভূমি আগুৰি লয়। ঔদ্যোগিক উন্নয়নৰ বাবে এই অঞ্চলত আদর্শ অস্থা আছে। এই অঞ্চলত বিকাশ ঘটা কেইটামান মুখ্য উদ্যোগ হ’ল জাহাজ নির্মাণ, বস্ত্ৰ উদ্যোগ, ৰাসায়নিক পার্থক্য, লাে আৰু তীখা আদি। ইয়াত ২৫ খনতকৈ অধিক সৰু-বৰ নগৰ আছে। এই নগৰসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে টকিঅ' আৰু ইয়ােকো। জাপানৰ ঔদ্যোগিক উৎপাদনৰ ৩০% তকৈ অধিক এই অঞ্চলৰ পৰা আহে। ইয়াত জলবিদ্যুৎ শক্তি উৎপাদিত হয়।
(চ) জাপানৰ উপকূল অঞ্চলঃ 
 জাপান মুঠতে চাৰিটা মুখ্য দ্বীপ আৰু বহুতাে সৰু সৰু দ্বীপেৰে গঠিত। সেয়ে, ইয়াৰ উপকূলীয় অঞ্চল বিশাল। যদি আমি জাপানৰ উদ্যোগ আৰু অর্থনীতি ৰত চকু ফুৰাও, আমি দেখিবলৈ পাম যে এই দুই ক্ষেত্ৰত উন্নয়ন আনিবলৈ জাপানৰ উপকূলীয় অঞ্চলসমূহে যথেষ্ট সহায় কৰিছে।
(ক) বিস্তৃত উপকূলীয় অঞ্চল থকা হেতুকে জাপান পৃথিৱীৰ এখন আগশাৰীৰ মৎস্য উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে।
(খ) জাপানৰ উপকূলীয় অঞ্চলসমূহ ইয়াৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰত পৰিণত হৈছে। দৰাচলতে, জাপানৰ ভালেমান উদ্যোগ উপকূলীয় অঞ্চলত অৱস্থিত। ইয়াৰ চাৰিটাৰ ভিতৰত তিনিটা ঔদ্যোগিক ক্ষেত্র টকিঅ’-ইয়ােকোহামা, নাগােয়া আৰু ওছাকা-কোবে-কিওটো উপকূলীয় অঞ্চলত অৱস্থিত। এই অঞ্চলসমূহ উন্নত হৈছে মূলতঃ বাহিৰৰ পৰা ইয়ালৈ সম্পদ আনিব পৰা সুবিধা তথা উৎপাদিত সামগ্রী বাহিৰলৈ ৰপ্তানি কৰাৰ সুবিধা থকাৰ বাবে।
(ছ) জাপানৰ হছু দ্বীপ অঞ্চলঃ 
 জাপান হ’কাইডাে, হছু, চিকোকু, কিউছিট নামেৰে চাৰিটা মুখ্য দ্বীপ তথা বহুতাে সৰু দ্বীপেৰে গঠিত। এই চাৰিওটাৰ ভিতৰত হছুসবাতােকৈ বৃহৎ। বহুসংখ্যক জাপানী জনসংখ্যা তথা জাপানী উদ্যোগ এই দ্বীপত অৱস্থিত। এই দ্বীপৰ পশ্চিমফালে বহুতাে ভংগিল। পর্বতশ্রেণী আছে। আও আৰু উটছু নামেৰে দুখন সমান্তৰাল পর্বতমালাও আছে। এই দ্বীপৰ মধ্যভাগত হনছু পর্বত আৰু ছিচিটো মেৰিয়ানা পর্বতমালা আছে। এই পর্বতমালাৰ উচ্চতম পর্বতভাগক হিদা পর্বত বােলা হয়। জাপানীসকলৰ পৱিত্ৰ পৰ্বত মাউন্ট ফুজি’ এই দ্বীপত অৱস্থিত। কোৱান্ট’ আৰু নাবি এই অঞ্চলৰ দুটা প্রধান সমভূমি। ট’ন এই অঞ্চলৰ এখন ঘাই নদী। জাপানৰ ভালেসংখ্যক চহৰ যেনে-টকিঅ’, ইয়ােকোহামা, নাগােয়া, টয়ামা, ছোই, আকিটা মাৰিওকা আদি ইয়াত অৱস্থিত।
(জ) জাপানৰ খনিজসম্পদঃ
 জাপানৰ খনিজসম্পদ সীমিত। ইয়াৰ কয়লা ভাণ্ডাৰ উচ্চ মানৰনহয় আৰু দেশৰ প্ৰয়ােজন সাপেক্ষে পর্যাপ্তনহয়। লােৰ ভাণ্ডাৰতাে জাপানৰ স্থিতি অতি দুখ লগা। আনহাতে জাপানৰ তাম আৰু গন্ধকৰ ভাণ্ডাৰ সন্তোষজনক। এতেকে জাপানে বহুততা লাগতিয়াল খনিজ পদার্থ আমদানি কৰিব লাগে যিবােৰেঔদ্যোগিক উন্নয়নত সহায় কৰে। জাপান ঘাইকৈ লাে আৰু পেট্রলিয়ামত দুখীয়া। সেয়ে, এই দুই সামগ্রী জাপানে আমদানি কৰিব লাগে। জাপান জল-শক্তিত চহকী। প্রচুৰ বৰষুণ তথা জলপ্রপাতে জাপানক জলবিদ্যুৎ উৎপাদনত সহায় কৰে।

                             অতিৰিক্ত প্রশ্নোত্তৰ


⚫ চমুটোকা লিখাঃ
(ক) টকিঅ’
(খ) ওছাকা।
(গ) জাপানৰ ধান উৎপাদন।
উত্তৰঃ (ক) টকিঅঃ 
টকিঅজাপানৰ ৰাজধানী চহৰ। ই হনছু দ্বীপৰ কান্ট’সমভূমিৰ পূর্ব উপকূলত অৱস্থিত।৩ কোটি জনসংখ্যাৰে পূর্ণটকিঅ’পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ চহৰ। ই আধুনিক সা-সুবিধা তথা আন্তঃগাঁথনিৰে আগশাৰীৰ চহৰসমূহৰ ভিতৰত অন্যতম। জাপানৰ ভালেমান উদ্যোগ এই চহৰৰ আশেপাশেই গঢ় লৈ উঠিছে। ইয়াৰ প্রধান উদ্যোগসমূহ হ'ল লাে আৰু তীখা, ৰাসায়নিক দ্রব্য, বস্ত্র, জাহাজ নির্মাণ, যন্ত্র নির্মাণ তথা উৰাজাহাজ নির্মাণ উদ্যোগ।
(খ) ওছাকাঃ 
ই জাপানৰ বৃহত্তম ঔদ্যোগিক কেন্দ্র | এই চহৰত থকা বহুতাে উদ্যোগে এই চহৰৰ ভূমিদৃশ্য প্ৰভাৱিত কৰা বাবে ইয়াক ‘ধোঁৱাৰ চৰ’ বােলা হয়। এই চহৰ কপাহ আৰু ছিল্ক উদ্যোগৰ বাবে উল্লেখযােগ্য আৰু সেয়ে ইয়াক কেতিয়াবা ‘জাপানৰ মানচেষ্টাৰ' বুলি কোৱা হয়। ই কিনকি সমভূমিত অৱস্থিত। সুন্দৰ পানীৰ সুবিধাৰ লগতে সুন্দৰ যাতায়ত ব্যৱস্থাই এই চহৰক জাপানৰ ঔদ্যোগিক কৰ্মৰাজিৰ কেন্দ্রবিন্দু কৰি তুলিছে।
(গ) জাপানৰ ধান উৎপাদনঃ
 জাপান পৃথিৱীৰ আগশাৰীৰ ধান উৎপাদক। ধান ইয়াৰ প্ৰধান শস্য। জাপানৰ খেতিৰ বাবে উপযােগী মাটিৰ প্রায় দুইতৃতীয়াংশত ধান খেতি কৰা হয়। দক্ষিণৰ তিনিওটা দ্বীপতে ধান উৎপাদন কৰা হয়। বেছিভাগ ধান জলসিঞ্চনেৰে উৎপাদন কৰা হয়। পার্বত্য অঞ্চলত বেদিকা পদ্ধতিৰে ধান উৎপাদন হয়। ধান উৎপাদন কৰা জাপানী পদ্ধতিক পৃথিৱীৰ ভিতৰত উত্তম বুলি কোৱা হয়। ধান উৎপাদিত হােৱা মূল অঞ্চলসমূহ হ’ল উত্তৰ কিউছিউ অঞ্চল, চুক্যিও অঞ্চল, হাকুৰিকো অঞ্চল। শীতকালত উৎপাদিত ধানৰ প্ৰায় ৪৫% হাকুৰিকো অঞ্চলত উৎপাদন কৰা হয়।

শুদ্ধ উত্তৰ বাছি উলিওৱা।
১। জাপান গঠিত হােৱা চাৰিওটা মুখ্য দ্বীপৰ ভিতৰত________ দ্বীপ সবাতােকৈ ডাঙৰ।
(ক) হনছু
(খ) হ'কাইডাে
(গ) ছিক’কু
(ঘ) কিউছিউ
উঃ (ক) হনছু
২। জাপানৰ পূব সীমাত __________অৱস্থিত। 
(ক) কোৰিয়া সাগৰ
(খ) চাখানিন দ্বীপ
(গ) চীন সাগৰ
(ঘ) প্রশান্ত মহাসাগৰ
উঃ (ঘ) প্রশান্ত মহাসাগৰ
৩। ২০০৭ চনৰ গণনা অনুসৰি জাপানৰ মুঠ জনসংখ্যা_________
নিযুত। 
(ক) ১২০
(খ) ১২৮
(গ) ১৩২
(ঘ) ১৪৫
উঃ (খ) ১২৮
৪/ ___________পৃথিবীৰ সর্বাধিক জনসংখ্যাৰ চহৰ।
(ক) নিউয়র্ক
(খ) পেৰিছ।
(ঘ) ছিংগাপুৰ
(গ) টকিঅ’
উঃ (গ) টকিঅ’
৫। জাপানী লােকৰ গড় আয়ুস__________বছৰ।
(ক) ৭২
(খ) ৮২
(গ) ৬৫
(ঘ) ৮৫
উঃ (খ) ৮২
৬। বিজ্ঞান-প্রযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত জাপানে__________স্থান দখল কৰিছে।
(ক) তৃতীয়
(খ) চতুর্থ
(গ) পঞ্চম
(ঘ) যষ্ঠ
উঃ (খ) চতুর্থ
৭। জাপানৰ সৰ্বমুঠ আয়ৰ ৪০% ___________ক্ষেত্ৰৰ পৰা আহে।
(ক) বাণিজ্যিক
(খ) ঔদ্যোগিক
(গ) কৃষি
(ঘ) তথ্য প্রযুক্তি
উঃ (খ) ঔদ্যোগিক
৮। ওছাকা-কোবে-কিওটো’ ঔদ্যোগিক অঞ্চল________ সমভূমিত অৱস্থিত।
(খ) কান্ট’
(গ) টকিঅ’
(ঘ) কিওটো
(ঘ) কিনকি
উত্তৰঃ (ঘ) কিনকি ৷

⚫ খালী ঠাই পূৰ কৰ।
১। জাপান________জলবায়ু অঞ্চলত পৰে।
উত্তৰঃ নাতিশীতােষ্ণ
২। জাপান সাগৰৰ কাষত থকা পশ্চিম কৃষি অঞ্চলক বুলি জনা যায়।
উত্তৰঃ  অন্তবর্তী অঞ্চল
৩। মুঠ জনসংখ্যাৰ হিচাপত জাপানে পৃথিবীৰ ভিতৰত_________
স্থান অধিকাৰ কৰিছে। 
উত্তৰঃ  দশম
৪। ___________জাপানৰ প্ৰধান শস্য।
উত্তৰঃ  ধান। 
৫।হছু দ্বীপৰ মধ্যভাগ____________জাপান বােলে।
উত্তৰঃ  মধ্য ৷ 
৭। জাপানীসকল ঘাইকৈ__________ ক পৱিত্ৰ পৰ্বত বুলি গণ্য কৰে। 
উত্তৰঃ  মংগােলীয়
৮। জাপানৰ মুঠ জনসংখ্যাৰ___________শতাংশ ঔদ্যোগিক উৎপাদনৰ সৈতে জড়িত।
উত্তৰঃ ৩৩


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)