ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল- দশম শ্ৰেণী - ELECTIVE GEOGRAPHY - SEBA

Admin
0

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল- দশম শ্ৰেণী - ELECTIVE GEOGRAPHY - SEBA 

GEOGRAPHY CLASS X SEBA
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অবস্থান আৰু ভৌগোলিক বৈশিষ্ট্য চমুকৈ লিখা।

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্র উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্রৰ উত্তৰে কানাডা, পূবে আটলান্টিক মহাসাগৰ, দক্ষিণে মেক্সিকো আৰু মেক্সিকো উপসাগৰ আৰু পশ্চিমে প্রশান্ত মহাসাগৰ। আমেৰিকা যুক্তৰাষ্ট্রৰ মূল ভূখণ্ড ২৫ উঃ ৪৩° উঃ অক্ষাংশৰ মাজত আৰু ৬৬° পঃ-১২৫° পঃ দ্রাঘিমাংশৰ মাজত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান গুৰুত্বপূৰ্ণ ভৌগোলিক বৈশিষ্ট্য হৈছেঃ 

(i) আমেৰিকা যুক্তৰাষ্ট্রৰ মাটিকালি ৯৬ লাখ বর্গ কিঃমিঃ অর্থাৎ পৃথিৱীৰ মুঠ মাটিকালিৰ ৬.৩৭ শতাংশ।

(ii) ই পৃথিৱীৰ চতুর্থ বৃহত্তম দেশ।

(ii) যদিও ই পৃথিৱীৰ চতুর্থ বৃহত্তম দেশ, তথাপিতো এই পৃথিৱীৰ মুঠ জনসংখ্যাৰ মাত্র ৪.৬ শতাংশহে ধাৰণ কৰে। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্রৰ মুঠ জনসংখ্যা মাত্র ৩০২ নিযুত।

(iv) আমেৰিকা যুক্তৰাষ্ট্র সম্পূৰ্ণৰূপে নাতিশীতোষ্ণ জলবায়ু অঞ্চলত অৱস্থিত।

(v) আমেৰিকাৰ যুক্তৰাষ্ট্রৰ ভৌগোলিক অৱস্থান আৰু জলবায়ু পৰিস্থিতি, কৃষি, উদ্যোগ, ব্যৱসায় আৰু বাণিজ্যৰ বাবে অনুকুল। প্রকৃততে, এই কাৰকবোৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঔদ্যোগিকৰণ আৰু কৃষিৰ প্ৰগতিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

(vi) জনসংখ্যাৰ ক্ষেত্ৰত, আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিছে।

২। আমেৰিকা যুক্তৰাষ্ট্ৰক প্রাকৃতিক বিভাগত ভাগ কৰা। প্ৰতিটো বিভাগৰে এটি চমু আভাস দিয়া।

উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। ইয়াৰ কিছুমান অতুলনীয় ভৌতিক আৰু ভৌগোলিক বিশেষত্ব আছে। ভূ-প্রাকৃতিক গঠন বা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰক তলত দিয়া প্রাকৃতিক বিভাগত ভাগ কৰিব পাৰি।

(i) আপেলেছিয়ান উচচভূমি অঞ্চলঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলান্টিক মহাসাগৰৰ প্রায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি বুলি কোৱা হয়। আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ‌ উত্তৰে হাডছন উপত্যকা আৰু ইৰি-অন্টাৰিও হ্ৰদৰ পৰা দক্ষিণে এলবামা পর্যন্ত বিস্তৃত। আপেলেছিয়ান উচ্চভূমিৰ কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছেঃ

(a) ই পাহাৰ, পর্বত, মালভূমি, সমতল আদিৰে গঠিত হোৱা বাবে ইয়াৰ ভূপ্রকৃতি অতি জটিল। এইবোৰৰ মাজত গুৰুত্বপূৰ্ণ কেইটা হৈছে পশ্চিমৰ এলিঘেনী পর্বতশ্রেণী, দক্ষিণ-পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি, পূৰৰ আপেলেছিয়ান পর্বতশ্রেণী আৰু উপত্যকা, দক্ষিণৰ ব্ল'ৰিজ পর্বত আৰু পূর্ব উপকূলীয় নিম্নভূমি।

(b) ইয়াৰ উৎপত্তি পশ্চিম দিশত অৱস্থিত ৰকিতকৈ বহুত আগতে হৈছে আৰু গতিকে ইয়াত ৰকিতকৈ অধিক পৰিমাণে বিচূর্ণীভৱন ঘটিছে।

(c) এই উচ্চ ভূমিবোৰৰ গড় উচ্চতা সাগৰ পৃষ্ঠতকৈ ২০০০ মিটাৰৰ অধিক‌ নহয়।

(d) এই অঞ্চলৰ মাজেৰে অহিও, টেনিছি, হাড়ছন, এলাবামা আদি নদী বৈ গৈছে।

(e) আপেলেছিয়ান পৰ্বতৰ পূব আৰু দক্ষিণফালে অৱস্থিত আটলান্টিক উপকূলীয়‌ সমভূমি অঞ্চলৰ উত্তৰ অংশ সংকীর্ণ আৰু দক্ষিণ অংশ কিছু বহল।

(f) এই অঞ্চল খনিজ সম্পদত বৰ সমৃদ্ধ আৰু নিউয়র্ক, বষ্টন,ফিলাডেলফিয়া‌ বাল্টিম্যেৰ আটলান্টা ইত্যাদি বহু সংখ্যক মহানগৰ আৰু চহৰ ইয়াত গঢ় লৈ উঠিছে। আমেৰিকাৰ আপেলেছিয়ান উচ্চভূমি অঞ্চল এক অন্যতম উদ্যোগিক আৰু অর্থনৈতিকভাৱে বিকশিত অঞ্চল, এয়া কয়লা, পেট্রলিয়াম, ললা ইত্যাদি গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ উপলব্ধতাৰ ফল, যিয়ে বিভিন্ন উদ্যোগৰ বিকাশত সহায় কৰিছে।

(ii) মধ্য সমভূমি অঞ্চল ও পশ্চিমৰ ৰকি পর্বতশ্রেণী আৰু পূবৰ আপেলেছিয়ান উচ্চভূমিৰ মাজৰ বিস্তৃত সমভূমি অঞ্চলটোৱেই হৈছে মধ্য সমভূমি অঞ্চল। এই অঞ্চলটো উত্তৰে বৃহৎ সৰোবৰ অঞ্চলৰ ৰা দক্ষিণে মেক্সিকো উপকূললৈ‌ বিস্তৃত। এয়া মিছিছিপি-মিছেৰি অৱবাহিকাৰ অংশ। মিছিছিপি, মিছৌৰি আৰু‌ ইয়াৰ উপনৈসমূহে মধ্য সমভূমি অঞ্চলক আমেৰিকা যুক্তৰাষ্ট্রৰ এক অন্যতম উর্বৰ পলসুৱা সমতল ভূমিত পৰিণত কৰিছে। এই সমভূমি অঞ্চলটোক‌ চাৰিভাগত ভগাব পাৰিঃ

(a) উচচ সমভূমি অঞ্চলঃ ৰকি পর্বতৰ পূর্বফালৰ নামনি অঞ্চলৰ ওখ অংশটোক উচ্চ সমভূমি বুলি কোৱা হয়।

(b) মিছিছিপি সমভূমিঃ আপেলেছিয়ান উচ্চভূমি আৰু উচ্চ সমভূমিৰ মাজৰ মিছিছিপি মিছেৰি নদীই সৃষ্টি কৰা সমতল ভূমিয়েই হৈছেমিছিছিপি সমভূমি। সমুদ্রপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৩০০ মিটাৰতকৈ অধিক নহয়। এই বিস্তীর্ণ সমভূমি অঞ্চলটোত কিছুমান টিলা সদৃশ গঠন পৰিলক্ষিত হয়।

(c) বৃহৎ সৰবৰ অঞ্চলঃ হিমবাহৰ ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা চুপিৰিয়ৰ মিছিগান, হুৰন, ইৰি, অণ্টেৰিঅ’আদিৰ কাষৰীয়া সমতল ভাগেই হৈছে বৃহৎ সৰোবৰ অঞ্চল।
(d) মেক্সিকো উপকূলীয় সমভূমিঃ মধ্য সমভূমি অঞ্চলৰ দক্ষিণে মেক্সিকো উপকূলীয় সমভূমি অৱস্থিত। সাগৰপৃষ্ঠৰ পৰা এই অঞ্চলৰ উচ্চতা ২০০ মিটাৰৰ অধিক নহয়। এই অঞ্চলত সঘনে বানপানী হয়। মিছিছিপি নদীৰ বদ্বীপ এই সমভূমিত অৱস্থিত। মধ্য সমভূমি অঞ্চলৰ কিছুমান গুৰুত্বপূৰ্ণ মহানগৰ হৈছে- মিনিয়া পলিচ, চিকাগো, কেনছাছ, ছেন্ট-লুইছ, বার্মিংহাম, নিউ অলিয়েঞ্চ, মিয়ামি,হ’ষ্টন আদি।

(iii) ৰকি পর্বত বা কর্ডিলেৰা অঞ্চল ঃ ও পূবে উচ্চ সমভূমি অঞ্চল আৰু পশ্চিমৰ প্রশান্ত উপকূলৰ মাজৰ পাহাৰ, পর্বত, মালভূমি, উপত্যকা হ্রদ আদিৰে গঠিত‌ ভূখণ্ডটোৱেই হৈছে কর্ডিলেৰা অঞ্চল। এই অঞ্চলটো উত্তৰা-দক্ষিণাকৈ বিস্তৃত আৰু এই অঞ্চলৰ পশ্চিমে অৱস্থিত উচ্চ অংশই হৈছে ৰকি পর্বতশ্রেণী। ৰকি হৈছেনবীন ভংগিল পর্বত। ৰকিৰ কিছুমান শৃংগৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৪,২০০ মিঃতকৈ অধিক। কর্ডিলেৰা অঞ্চলৰ পশ্চিমে অৱস্থিত কিছুমান গুৰুত্বপূর্ণ পর্বতমালা হৈছে চিয়ে নেভাডা, কাস্কেড আৰু কষ্টৰেঞ্জ বা উপকূলীয় পর্বতমালা। কর্ডিলেৰা অঞ্চলটোৰ দুশাৰী সমান্তৰাল পৰ্বতৰ মাজৰ মালভূমিকেইটা হৈছে-কলম্বিয়া মালভূমি, গ্রেট বেছিন, কলোৰাডো ইত্যাদি। গ্রেট বেছি সমন্বিতে এই সমগ্ৰ অঞ্চলটো প্রশান্ত উপকুলীয় পর্বতশ্রেণীৰ বৃষ্টিচ্ছায়া অঞ্চলত অৱস্থিত। গ্রেট ছল্ট লেক এই অঞ্চলতে অৱস্থিত। কর্ডিলেৰা অঞ্চলৰ পৰা কেইবাখনো নদীৰ সৃষ্টি হৈ অঞ্চলটোৰ মাজেৰে ‌প্রবাহিত হৈছে। এই নদীবোৰৰ ভিতৰত কলম্বিয়া, স্নেক আৰু কলোৰাডো পশ্চিম দিশে প্রবাহিত হৈ প্রশান্ত মহাসাগৰত পৰিছে। আনহাতে মিছেীৰী, আৰকানছাছ, ৰেড আদি নদী মিছিছিপিৰ লগ লাগিছে আৰু দক্ষিণ দিশে প্রবাহিত হৈ মেক্সিকো উপসাগৰত পৰিছে। ৰিও গ্রেণ্ড নদীও দক্ষিণ-পূর্ব দিশে প্রবাহিত হৈ মেক্সিকো উপসাগৰত পৰিছে। কর্ডিলেৰা অঞ্চলটোৰ‌ পশ্চিমফালে অৱস্থিত পর্বত শ্ৰেণীৰ মাজত পিউগেট ছাউণ্ড, উইলামেন্ট আৰু কেলিফোর্ণিয়া উপত্যকা আদি আছে। বিশ্ববিখ্যাত কলোৰাডো নদীৰ গ্ৰেণ্ড কেনিয়ন আৰু মৃত্যু উপত্যকা এই কর্ডিলেৰা অঞ্চলতে আছে। কর্ডিলেৰা সোণ, ৰূপ, তাম, কয়লা, পেট্রলিয়াম আদিৰ দৰে খনিজ সম্পদত চহকী।
কেলিফোর্ণিয়া উপকূল অঞ্চলটো কৃষিৰ বাবে অতিশয় উপযোগী। এই অঞ্চলত ভূমধ্য সাগৰীয় জলবায়ুৰ প্ৰভাৱত বৃষ্টিপাত শীতকালত হয়। এই অঞ্চলৰ‌ কিছুমান গুৰুত্বপূৰ্ণ মহানগৰ হৈছে, ছিয়াটল পোর্টলেণ্ড, ছানফ্রান্সিকো লছ
এঞ্জেলছ, লাছ ভোগাছ ইত্যাদি।

৩৷ মানচিত্ৰ আঁকি আমেৰিকা  যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা ৷

CLASS X -ELECTIVE GEOGRAPHY
আমেৰিকা  যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগসমূহ 
উত্তৰঃ

৪। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পর্কে মানচিত্ৰৰ সহায়ত আলোচনা কৰা।
উত্তৰঃ  ১৭৭৬ চনত স্বাধীনতা প্রাপ্তিৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত ১৩ খন ৰাজ্য আছিল আৰু ইয়াৰ জনসংখ্যা আছিল মাত্র ৩ নিযুত। কিন্তু স্বাধীনতাৰ ঠিক পিছতেই, ইউৰোপৰ পৰা হোৱা প্ৰবজন আৰু অন্য ৩৭ খন ৰাজ্য ইয়াত মিলিত হোৱাৰ ফলত জনসংখ্যাদ্রুতভাৱে বৃদ্ধি পায়। ১৮০০ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যা মাত্র ৫ নিযুত আছিল। ১৯০০ চনত ইয়াৰ জনসংখ্যা ৭৬ লাখলৈ বৃদ্ধি হয়।
           ২০ শতিকাৰ আৰম্ভণিৰ পৰাই, উচ্চতৰ জীৱন ধাৰণ ব্যৱস্থা আৰু আধুনিক চিকিৎসা সুবিধাৰ উপলব্ধতাৰ ফলত আমেৰিকাত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি দ্রুত হয়। ১৯০০ চনৰ ৭৬ নিযুতৰ পৰা ২০০০ চনত ১০০ বছৰৰ ভিতৰতে ই ২৮১ নিযুতলৈ বৃদ্ধি‌ পায়। ২০০৭ চনৰ আনুমানিক তথ্য অনুসৰি সম্প্রতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ ৫০ খন ৰাজ্যৰে মুঠ জনসংখ্যা ৩০২ নিযুত। জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান তৃতীয়। বিগত তিনিটা শতিকাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধিৰ তথ্য নিম্নোক্ত তালিকাত সন্নিৱিষ্ট কৰা হৈছে।

লােকপিয়ল বর্ষ  ‌ ‌‌ ‌                    জনসংখ্যা (নিযুতত)
১৭ ৭৬                                                       ৩
১৮০০                                                        ৫ 
১৯০০                                ‌                      ৭৬
২০ ০ ০                                                   ২৮১
২০০৭                                                     ৩০২

বর্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট হ্রাস পাইছে। সম্প্রতি বিশ্ব জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ১.২০ শতাংশৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ০.৬০ শতাংশ।
আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য এয়ে যে প্রাকৃতিক অৱস্থা, যোগাযোগৰ ব্যৱস্থা আৰু উন্নয়ন প্রক্রিয়াৰ তাৰতম্যৰ বাবে ইয়াৰ জনসংখ্যাৰ বিতৰণ সুষম নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূবে অৱস্থিত আপেলেছিয়ান উচ্চভূমি আৰু আটলান্টিক উপকূলীয় অঞ্চলৰ জনবসতি ঘন। মধ্যভাগৰ সমভূমি অঞ্চল আৰু কর্ভিলেৰা অঞ্চলত জনবসতি সেৰেঙা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ মাটিকালিৰ এক চতুর্থাংশৰে গঠিত। মিছিগান ৰাজ্যৰ দক্ষিণ আৰুপূর্ব অংশত দেশখনৰ মুঠ জনসংখ্যাৰ দুই-তৃতীয়াংশই বসবাস কৰে। এই অঞ্চলৰ জনসংখ্যাৰ গড় ঘনত্ব প্রতি বর্গ কিল'মিটাৰত ৮৫ জন ব্যক্তি। ইয়াৰ বিপৰীতে সমগ্ৰ দেশখনৰ গড় ঘনত্ব প্রতি বর্গ কিঃমিঃত ৩২জন ব্যক্তি। মাচাচুচেটচ, নিউ জাচী আৰু ৰজ আইলেণ্ড ৰাজ্যৰ জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃত ৩০০ জন ব্যক্তি। কলম্বিয়া জিলা যত দেশখনৰ ৰাজধানী ৱাশিংটন ডি. চি. অৱস্থিত। তাৰ ঘনত্ব প্রতি বর্গ কিঃমিঃত ৩৬০০ জন ব্যক্তি।তদুপৰি মধ্য সমভূমি আৰু কর্ডিলেৰা অঞ্চলৰ জনসাধাৰণৰ ঘনত্ব প্রতি বর্গ কিঃমিতে ১৫ জন ব্যক্তি। এই অঞ্চলত অৱস্থিত মন্টানা, নেভাড়া, উত্তৰ ডাকোটা‌ আৰু বায়েমিং ৰাজ্যৰ জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃত ৫ জনতকৈও কম। ওখোৰা-মোখোৰা ভূ-খণ্ড আৰু অপর্যাপ্তবৃষ্টিপাতৰ বাবে এই অঞ্চলটো মানৱবসতি আৰু অর্থনৈতিক বিকাশৰ বাবে অনুপযোগী। কর্ডিলেৰা অঞ্চলৰ খনিজ সম্পদক কেন্দ্ৰ কৰি ইয়াত কিছুমান ঠাইত জনবসতি গঢ়ি উঠিছে। অধিকাংশ লোক অর্থাৎ মুঠ জনসংখ্যাৰ তিনি চতুর্থাংশ দেশখনৰ ঔদ্যোগিক বিকাশৰ ফলত নগৰ অঞ্চলত বাস কৰে ।

৫। আমেৰিকা যুক্তৰাষ্ট্রৰ অৰ্থনীতিত কৃষিৰ ভূমিকা কেনে চমুকৈ লিখা।
  উত্তৰঃ  আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ অন্যতম সবাতোকৈ বিকশিত ৰাষ্ট্র। খনিজ সম্পদ, কৃষি উদ্যোগিক উৎপাদন আৰু জীৱন ধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত ই পৃথিৱীত প্রথম স্থান অধিকাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্রৰ অর্থনৈতিক প্রগতি আৰু ৰাষ্ট্ৰীয় অগ্ৰসৰতাত অৰিহণা যোগোৱা অন্যতম কাৰকটো হৈছে কৃষি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিয়ে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে যদিও ইয়াৰ জনসংখ্যাৰ মাত্র ৫% লোকহে ইয়াৰ ওপৰত নিৰ্ভৰশীল।

(i) সংস্থাপনৰ যোগান ধৰেঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিৰ অন্যতম বৃহৎ অৰিহণা হৈছেই হাজাৰ হাজাৰ লোকক চাকৰিৰ সুযোগ প্রদান কৰিছে যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাত্র ৫% লোকহে ইয়াৰ ওপৰত নিৰ্ভৰশীল। তথাপিতো কাগজ, মণ্ড চেনি, ৰবৰ ইত্যাদি কৃষি জড়িত উদ্যোগ আমেৰিকা।
যুক্তৰাষ্ট্রৰ লাখ লাখ লোকৰ সংস্থাপনৰ প্ৰধান উৎস।

(ii) বৈদেশিক মুদ্রা বিনিময়ঃ  পৃথিৱীৰ বহুতো আৱশ্যকীয় কৃষি সামগ্ৰীৰ উৎপাদনত আমেৰিকা যুক্তৰাষ্ট্ৰই উচ্চ স্থান অধিকাৰ কৰিছে। ই গোমধান,‌ কপাহ আৰু ধপাতৰ সর্বোচ্চ উৎপাদক আৰু ঘেঁহু আৰুৰাজিৰ দ্বিতীয় উচ্চতম উৎপাদক। ই পৃথিৱীৰ গোমধান আৰু ঘেঁহু উৎপাদনৰ ক্রমান্বয়ে ৪৬% আৰু‌‌ ২৮% উৎপাদন কৰে। এই কৃষি উৎপাদকবোৰৰ বুজন অংশ অন্যান্য দেশবোৰলৈ ৰপ্তানি কৰা হয়। দেশখনত উৎপাদিত ৪০% তকৈ অধিক পৰিমাণৰ ঘেঁহুৰ ৰপ্তানিৰ দ্বাৰা এক বুজন পৰিমাণৰ বৈদেশিক মুদ্রা অর্জন

(iii) জনসাধাৰণক খাদ্য যোগান ধৰেঃ আমেৰিকা যুক্তৰাষ্ট্র প্রায় সকলো খাদ্য সামগ্রীতে স্বনিৰ্ভৰশীল। বর্তমান বহুতো দেশে নিজৰ জনসংখ্যাৰ প্ৰয়োজন পূৰণৰ অৰ্থে বহু পৰিমাণৰ খাদ্য সামগ্রী আমদানি কৰে। সৌভাগ্যবশতঃ আমেৰিকা যুক্তৰাষ্ট্রৰ খাদ্যসামগ্রী স্থানীয়ভাৱেই উৎপাদিত হয়।ইয়ে দেশখনক‌ বিদেশী দেশবোৰৰ ওপৰত কৰ্ম নিৰ্ভৰশীল কৰিছে।

(iv) পৃথিৱীক খাদ্য শস্যৰ যোগান ধৰেঃ  আমেৰিকা যুক্তৰাষ্ট্ৰত উৎপাদিত হোৱা খাদ্য সামগ্ৰীৰ অতিৰিক্ত অংশ অন্যান্য দেশবোৰলৈ ৰপ্তানি কৰা হয় পৃথিৱীৰ বহুতো ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰই যোগান ধৰা মুক্ত খাদ্য সামগ্রী ওপৰত নিৰ্ভৰশীল। আমেৰিকা যুক্তৰাষ্ট্ৰক পৃথিৱীৰ 'ঘে পাত্র হিচাপে গণ্য কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্রৰ মধ্য সমভূমি অঞ্চলে পৃথিৱীৰ উৎপাদিত ঘেঁহৰ এক বুজন অংশ উৎপাদন কৰে। ইয়াৰ জৰিয়তে পৃথিৱীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনৈতিক অৱস্থানৰ উত্থান ঘটিছে।

(v) ঔদ্যোগিক উৎপাদনক ঃ উদগণি জনাইছে  আমেৰিকা যুক্তৰাই পৃথিবীৰ অন্যতম উন্নত উদ্যোগ প্রধান ৰাষ্ট্ৰ। ইয়াৰ কৃষিক্ষেত্র উচ্চভাৱে যান্ত্রিক আৰু বিভিন্ন কৃষিকাৰ্যৰ বাবে বহুতো আধুনিক কৃষি, আহিলা ব্যৱহাৰ কৰা হয় এইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰত কৃষিৰ প্ৰসাৰে দেশখনৰ ঔদ্যোগিক উ‌ৎপাদনত উৎসাহ যোগায় । আমেৰিকা যুক্তৰাষ্ট্ৰত কৃষি খণ্ডৰ আধুনিকীকৰণৰ দ্বাৰা উদ্যোগসমূহ যথেষ্ট উপকৃত হৈছে ।


৬। কৃষি বলয় বুলিলে কি বুজা? আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানটা আৰু কি কি কৃষিবলয় চিনাক্ত কৰা হৈছে। মানচিত্রত দেখুওৱা আৰু প্ৰতিটো বলয়ৰ বিষয়ে চমু বর্ণনা দিয়া। 

উত্তৰঃ শস্যৰ কৃষিকাৰ্যৰ ভিত্তিত বা কিছুমান কৃষিগত বিশেষত্বৰ ভিত্তিত দেশ এখনৰ বিভাজন কৰাকে ‘কৃষি বলয়’ৰ দ্বাৰা সূচোৱা হয়। ভূ-প্রকৃতি, জলবায়ু ,ভূমি ইত্যাদিৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰ কৃষি বলয়ত ভাগ কৰা হৈছে। সেইবোৰৰ প্রত্যেকৰে বিস্তৃত ব্যাখ্যা তলত দিয়া হৈছেঃ

(i) ধান আৰু কুঁহিয়াৰ বলয়ঃ এই কৃষি বলয় মেক্সিকো উপকূলত অৱস্থিত। ই ফ্ল'ৰিডা, জর্জিয়া, এলাবামা, মিছিছিপি, লুছিয়ানা ৰাজ্যৰ দক্ষিণ অংশ আৱৰি আছে। এই অঞ্চলত উপক্রান্তীয় জলবায়ু বিৰাজ কৰে। ইয়াৰ প্ৰভাৱত উষ্ণতা
অধিক হোৱাৰ লগতে বৰষুণৰ পৰিমাণ অধিক হয়।

(ii) কপাহ বলয়ঃ এই কৃষি মণ্ডল ধান আৰু কুঁহিয়াৰ বলয়ৰ উত্তৰত অৱস্থিত আৰু মিছিছিপি উপত্যকাৰ দক্ষিণ অংশ আৱৰি আছে। কপাহ বলয়ৰ উত্তৰ সীমা নির্ধাৰণ কৰিছে ৩৬° উত্তৰ অক্ষাংশই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রায় ৫০% কপাহ টেক্সাছ, মিছিছিপি আৰু আৰকানছাছ ৰাজ্যত উৎপন্ন হয়।

(iii) শীতকালীন ঘেঁহু আৰু ধঁপাত বলয়ঃ কপাহ বলয়ৰ উত্তৰে অৱস্থিত এই‌ কৃষি বলয় আটলান্টিক উপকূলৰ পৰা পশ্চিমে কলোৰাডো পর্যন্ত বিস্তৃত। ধপাত বলয়ৰ অন্তৰ্গত উত্তৰ কেৰোলিনা, কেন্টুকি, ভার্জিনিয়া, মেৰিলেণ্ড আদি অৱস্থিত। এই বলয়ৰ পূব অংশত প্ৰচুৰ পৰিমাণে যথেষ্ট পৰিমাণৰ ধপাত উৎপন্ন হয় আৰু ইয়াৰ পশ্চিম অংশত থকা নেব্রাস্কা, কেনছাছ, পূর্ব কলাৰাডো, ওকলাহামা আৰু টেক্সাছ ৰাজ্যত শীতকালীন ঘেঁহু খেতি হয়। ইয়াত উৎপাদন হোৱা অধিকাংশ ঘেঁহু অন্য দেশলৈ ৰপ্তানি কৰা হয়।

(iv) মাকৈ বলয়ঃ শীতকালীন ঘেঁহু বলয়ৰ উত্তৰে মধ্য অ'হিঅৰ পৰা মধ্য নেব্রাস্কালৈ বিস্তৃত অঞ্চলটোৱেই হৈছে মাকৈ বলয়। আমেৰিকা যুক্তৰাষ্ট্ৰত উৎপন্ন মাকৈৰ অধিকাংশ আইওৱা, ইলিনইছ, ইণ্ডিয়ানা, মিনেছ'টা, পেঞ্চিলভেনিয়া আৰু নেব্রাস্কাৰ পৰা আহৰণ কৰা হয় ।

(v) বসন্তকালীন ঘেঁহু বলয়ঃ এই বলয়টো প্রেইৰী অঞ্চলৰ উত্তৰে অৱস্থিত। এই বলয়ত শীতৰ প্রকোপ বেছি হোৱা বাবে ইয়াত বসন্তকালত ঘেঁহু খেতি কৰা হয়। এই বলয়ৰ অন্তৰ্গত মণ্টাজা, উত্তৰ ডাকোটা, দক্ষিণ ডাকোটা, পশ্চিম মিনেছ’টা অৱস্থিত। এই অঞ্চলত উৎকৃষ্ট মানৰ ঘেঁহু উৎপন্ন হয় আৰু ৰাহি হোৱা অংশ কিছুমান দেশলৈ ৰপ্তানি কৰা হয়।

(vi) উত্তৰ-পূব প্রান্তীয় মিশ্র কৃষি বলয়ঃ এই বলয়ৰ অন্তৰ্গত গ্রেট লেকৰ দক্ষিণ আৰু পৃথৰ ৰাজ্যবোৰ অন্তর্ভুক্ত। এই ৰাজ্যবোৰ হৈছে মিনেছটা, উইকনচিন, মিচিগান, পেঞ্চিলভেনিয়া আৰু নিউ ইংলেণ্ড। এই বলয়টোক দুগ্ধপাম বলয় বুলিও জনা যায়। এই বলয়ৰ তৃণভূমি অঞ্চলত বিস্তৃতভাৱে পশুপালন কৰা হয়। তদুপৰি ৰাই, বার্লি আদিৰো ইয়াত খেতি কৰা ।

(vii) শুকান কৃষি আৰু পশুপালন বলয়ঃ এই কৃষি বলয়টো মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কর্ডিলেৰা অঞ্চলৰ পূব অংশত অৱস্থিত। এই অঞ্চলত কম বৃষ্টিপাত হোৱা বাবে ইয়াত প্ৰচুৰ পৰিমাণে ঘাঁহ উৎপন্ন হয় যাৰ ফলত ইয়াৰ পশুপালনৰ বিকাশ সাধন হৈছে। ইয়াৰ ভৌগোলিক পৰিৱেশ গৰুম'হ, ভেড়া পালনৰ বাবে উপযোগী। এই বলয়ৰ অন্তর্ভুক্ত প্রধান অঞ্চলবোৰ‌ হৈছে টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ, কলোৰাড, নেভাডা, বাইয়োনিং, ইড়াহহা, মন্টানা আদি‌ শুকান কৃষিৰ জৰিয়তে জোৱাৰ বজৰা জাতীয় শস্যৰ উৎপাদন হয়, আনহাতে জলসিঞ্চন পদ্ধতিৰে বালি, মাটক আদি শস্য উৎপাদন কৰা হয়। পশুপালনৰ জৰিয়তে আহৰণ কৰা প্রধান সামগ্রীবোৰ হ’ল গাখীৰ, মাংস আৰু উল।

(vii) ভূমধ্য সাগৰীয় কৃষি বলয়ঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত মহাসাগৰীয়‌ উপকূলত থকা কেলিফোর্ণিয়া অঞ্চলটো এই বলয়ৰ অন্তৰ্গত। ঘেঁহু আৰু কপাহৰ উপৰিও অঞ্চলটোত কমলা টেঙা, আঙুৰ, আপেল আদি ফল-মূল‌ যথেষ্ট পৰিমাণে উৎপন্ন হয়।

(ix) উত্তৰ-পশ্চিম প্রান্তীয় মিশ্র কৃষি বলয়ঃ  এই বলয়ৰ অন্তর্ভুক্ত প্রধান অলবোৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্রৰ উত্তৰ-পশ্চিম প্রান্তত থকা ৱাশ্বিংটন, ইভাহো, ওৰিগন আদি। ঘেঁহু আৰু মাটকৰ খেতিৰ বাবে এই অঞ্চলটো অতি উপযোগী। শস্যৰ উৎপাদনৰ লগতে অঞ্চলটোত গাখীৰ আৰু মাংসৰ বাবে পশুপালনো কৰা হয়। সেইবাবে এই অঞ্চলটোক মিশ্র কৃষি বলয় বুলি কোৱা হয় ।

৭। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চলকেইটাৰ নাম লিখা আৰু মানচিত্রত দেখুওৱা। তাৰে এটা অঞ্চলৰ বিতং বিৱৰণ দিয়া।

উঃ ঔদ্যোগিক বিকাশৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰক তলৰ তিনিটা ঔদ্যোগিক অঞ্চলত ভাগ কৰিব পাৰিঃ

(A) উত্তৰ-পূব উদ্যোগ অঞ্চল ও উত্তৰ-পূব উদ্যোগ অঞ্চল আমেৰিকা যুক্তৰাষ্ট্রৰ উত্তৰপূর্ব অংশত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ মাটিকালিৰ মাত্র ১০ শতাংশ ব্যাপ্ত হৈ থকা এই অঞ্চলটোত দেশখনৰ প্রায় ৫০ শতাংশ লোক বাস কৰে। আমেৰিকা যুক্তৰাষ্ট্রৰ মুঠ উদ্যোগৰ ৭৫ শতাংশ ইয়াত অৱস্থিত। কয়লা, লো,পেট্রলিয়াম আদিৰ দৰে খনিজ সম্পদৰ উপস্থিতি আৰু সু-বিকশিত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা এই অঞ্চলৰ উদ্যোগৰ উচ্চ বিকাশৰ কাৰণ।
এই অঞ্চলক তলত দিয়া পাঁচটা ঔদ্যোগিক কেন্দ্ৰত ভাগ কৰিব পাৰি ।

(i) পিটছবার্গ, হুইলিং-ক্লিভলেণ্ড উদ্যোগ কেন্দ্রঃ পেনিছিলভেনিয়া আৰু অহিঅ’ৰা চৌদিশে পোৱা আপেলেছিয়ান কয়লা এই ঔদ্যোগিক কেন্দ্র বৃদ্ধিৰ ভিত্তি। এই অঞ্চলত উপলব্ধ উন্নত মানদণ্ডৰ কয়লা উন্নত পৰিবহণ ব্যৱস্থা আৰু চুপিৰিয়ৰ অঞ্চলত উপলব্ধ লোৰ আকৰক ভিত্তি কৰি পিটছবার্গ ইয়াং ষ্টাউন, হুইলিং, ক্লিভলেণ্ড আদি ঠাইত বহুতো বৃহৎ লো-তীখাৰ উদ্যোগ স্থাপন হৈ উঠিছে। কাচ আৰু বস্ত্র শিল্পও পিটছবার্গত সুবিকশিত হৈছে। পৃথিবীৰ
বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰ আকৰ ইয়াতেই অৱস্থিত।

(ii) নিউয়র্ক, ফিলাডেলফিয়া, বাল্টিমোৰ উদ্যোগ কেন্দ্রঃ নিউয়র্ক, ফিলাডেলফিয়া আৰু বাল্টিমোৰৰ দৰে বৃহৎ মহানগৰবোৰ এই বিশাল ঔদ্যোগিক কেন্দ্ৰৰ অন্তৰ্গত। ইয়াত অৱস্থিত কিছুমান বিশ্ববিখ্যাত উদ্যোগ হৈছেঃ

(a) বাল্টিমোৰৰ লো আৰুতীখা উদ্যোগ। বস্ত্ৰ উদ্যোগ, টিন, পেট্রলিয়াম আৰু তাম শোধন উদ্যোগ।

(b) ফিলাডেলফিয়াৰ বস্ত্র, বৈদ্যুতিক আহিলা, পেট্ৰ'লিয়াম, চেনি আৰু ৰবৰ‌ উদ্যোগ।

(c) পূর্ব পেঞ্চিলভেনিয়া লো আৰু তীখা উদ্যোগ, ৰেল ইঞ্জিন।

(d) নিউ জাচীৰ বস্ত্র, বৈদ্যুতিক সামগ্রী, বাচন-বৰ্তনৰ উদ্যোগ ইত্যাদি ।

(e) নিউয়র্কত বিভিন্ন ধৰণৰ ঔদ্যোগিক কেন্দ্র আছে।

(iii) দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্রঃ এই অঞ্চলৰ প্ৰধান ঔদ্যোগিক কেন্দ্ৰবোৰ হৈছে ৰড আইলেণ্ড, মাছচুছেটছ, নিউ হেল্পছায়াৰ আদি। এই অঞ্চলত কয়লা‌ আৰু অন্যান্য খনিজ সম্পদৰ অভাৱ। গতিকে এই অঞ্চলৰ মুখ্য উদ্যোগবোৰব হৈছে বস্ত্র শিল্প আৰু বস্তু উদ্যোগৰ যন্ত্রপাতি, চামৰা উদ্যোগ যিবোৰ প্ৰধানতঃ এই প্রান্তত উৎপাদিত জলবিদ্যুৎ শক্তিৰ ওপৰত নিৰ্ভৰশীল। এই অঞ্চলটোত কোমল কাঠৰ অৰণ্যৰ অৱস্থিতিৰ ফলত ইয়াত কাগজ আৰু কাগজৰ মণ্ডৰ উদ্যোগ গঢ়ি উঠিছে।

(iv) ডেট্রইট উদ্যোগ কেন্দ্রঃ ই পৃথিৱীৰ অন্যতম প্রধান মটৰগাড়ী নির্মাণ কেন্দ্র। লো-তীখা, মটৰ গাড়ী নির্মাণ আৰু ইয়াৰ লগত জড়িত উদ্যোগসমূহ থকা ঠাইবোৰ হৈছে লানচিং, ফ্রিণ্ট, পন্টিয়াক, জেছন আদি।

(v) দক্ষিণ মিচিগান উদ্যোগ কেন্দ্রঃ লো আৰু কয়লাৰ সহজ লভ্যতাৰ বাবে এই অঞ্চলত বহুতো উদ্যোগ যেনে লো আৰু তীখা, ৰে'লৰ ইঞ্জিন, মটৰ গাড়ী, পামৰ যন্ত্রপাতি আদি নির্মাণৰ উদ্যোগ বিকশিত হৈছে। তদুপৰি, পৃথিৱীৰ সর্ববৃহৎ মাংস বাণিজ্য কেন্দ্র চিকাগো ইয়াত অৱস্থিত।

(B) দক্ষিণ ঔদ্যোগিক অঞ্চলঃ আমেৰিকা যুক্তৰাষ্ট্রৰ টেক্সছ ৰাজ্যৰ পৰা পূবে আটলান্টিক উপকূলৰ উত্তৰ কেৰোলিনা ৰাজ্যলৈকে দক্ষিণৰ ঔদ্যোগিক অঞ্চল বিস্তৃত। এই অঞ্চলৰ ঔদ্যোগিক বিকাশৰ মুখ্য কাৰণবোৰ হৈছেঃ

(i) জলবিদ্যুৎ, কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ, লো আৰু অন্যান্য খনিজ সম্পদৰ উপলব্ধতা।

(ii) আপেলেছিয়ান অঞ্চলৰ বনজ সম্পদ।

(ii) কপাহ, ধপাত, কুঁহিয়াৰ আদিৰ দৰে এই অঞ্চলত পোৱা কৃষিজাত সম্পদ।

এই ঔদ্যোগিক অপলক দুটা ভাগত ভাগ কৰিব পাৰিঃ

(a) দক্ষিণ-পূর্ব ঔদ্যোগিক কেন্দ্র।

(b) দক্ষিণ পশ্চিম ঔদ্যোগিক কেন্দ্র।

দক্ষিণ-পশ্চিম ঔদ্যোগিক কেন্দ্র আকাশী যান নির্মাণ উদ্যোগৰ বাবে বিখ্যাত।

(C) প্রশান্ত উপকূলীয় উদ্যোগ অঞ্চলঃ এই অঞ্চল আমেৰিকা যুক্তৰাষ্ট্রৰ ক্ষুদ্রতম আৰু নৱতম ঔদ্যোগিক কেন্দ্র। ই পশ্চিমে প্রশান্ত উপকূলত অৱস্থিত ৱাশ্বিংটন, অগিন আৰু কেলিফোর্ণিয়া ৰাজ্যৰ দ্বাৰা গঠিত। বিখ্যাত ঔদ্যোগিক অঞ্চলবোৰ হৈছে লছ এঞ্জেলছ আৰু ছানফ্রান্সিকো। এই অঞ্চলত জলবিদ্যুৎ আৰু পেট্রলিয়াম ব্যৱহাৰ কৰি বিভিন্ন উদ্যোগ যেনে – লো আৰু তীখা উদ্যোগ, বিমান উদ্যোগ, কাগজ আৰু সুৰা নিৰ্মাণ উদ্যোগ বিকশিত হৈছে। দেশৰ প্রায় ১০% শ্রমিকে এই অঞ্চলৰ উদ্যোগবোৰত কাম কৰে। আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফোর্ণিয়াৰ চলচ্চিত্র‌ উদ্যোগ বিশ্ব বিখ্যাত।


৮৷ চমুটোকা লিখাঃ 

(ক) ৰকি পর্বত অঞ্চলৰ ভূ-প্রকৃতি

(খ) আপেলেছিয়ান উচ্চভূমিৰ ভূ-প্রকৃতি

(গ) মধ্য সমভূমি অঞ্চলৰ নদ-নদী

(ঘ) আমেৰিকা যুক্তৰাষ্ট্রৰ নগৰীকৰণ আৰু প্রধান নগৰসমূহ।

(ঙ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনৈতিক বৈশিষ্ট্য।

(চ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়

(ছ) আমেৰিকা যুক্তৰাষ্ট্রৰ উত্তৰ পূব উদ্যোগ অঞ্চল।

(জ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ

(ঝ) আমেৰিকা যুক্তৰাষ্ট্রৰ শুকান কৃষি আৰু পশুপালন বলয়

(ঞ) আমেৰিকা যুক্তৰাষ্ট্রৰ খনিজ সম্পদ।

উত্তৰঃ 
(ক) ৰকি পর্বত অঞ্চলৰ ভূ-প্রকৃতিঃ 
              পূবে উচ্চ সমভূমি অঞ্চল আৰু পশ্চিমৰ প্রশান্ত উপকূলৰ মাজৰ পাহাৰ, পর্বত, মালভূমি, উপত্যকা হ্রদ আদিৰে গঠিত‌ ভূখণ্ডটোৱেই হৈছে কর্ডিলেৰা অঞ্চল। এই অঞ্চলটো উত্তৰা-দক্ষিণাকৈ বিস্তৃত আৰু এই অঞ্চলৰ পশ্চিমে অৱস্থিত উচ্চ অংশই হৈছে ৰকি পর্বতশ্রেণী। ৰকি হৈছে নবীন ভংগিল পর্বত। ৰকিৰ কিছুমান শৃংগৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৪,২০০ মিঃতকৈ অধিক। কর্ডিলেৰা অঞ্চলৰ পশ্চিমে অৱস্থিত কিছুমান গুৰুত্বপূর্ণ পর্বতমালা হৈছে চিয়ে নেভাডা, কাস্কেড আৰু কষ্টৰেঞ্জ বা উপকূলীয় পর্বতমালা। কর্ডিলেৰা অঞ্চলটোৰ দুশাৰী সমান্তৰাল পৰ্বতৰ মাজৰ মালভূমিকেইটা হৈছে-কলম্বিয়া মালভূমি, গ্রেট বেছিন, কলোৰাডো ইত্যাদি। গ্রেট বেছি সমন্বিতে এই সমগ্ৰ অঞ্চলটো প্রশান্ত উপকুলীয় পর্বতশ্রেণীৰ বৃষ্টিচ্ছায়া অঞ্চলত অৱস্থিত। গ্রেট ছল্ট লেক এই অঞ্চলতে অৱস্থিত। কর্ডিলেৰা অঞ্চলৰ পৰা কেইবাখনো নদীৰ সৃষ্টি হৈ অঞ্চলটোৰ মাজেৰে ‌প্রবাহিত হৈছে। এই নদীবোৰৰ ভিতৰত কলম্বিয়া, স্নেক আৰু কলোৰাডো পশ্চিম দিশে প্রবাহিত হৈ প্রশান্ত মহাসাগৰত পৰিছে। আনহাতে মিছেীৰী, আৰকানছাছ, ৰেড আদি নদী মিছিছিপিৰ লগ লাগিছে আৰু দক্ষিণ দিশে
প্রবাহিত হৈ মেক্সিকো উপসাগৰত পৰিছে। ৰিও গ্রেণ্ড নদীও দক্ষিণ-পূর্ব দিশে প্রবাহিত হৈ মেক্সিকো উপসাগৰত পৰিছে। কর্ডিলেৰা অঞ্চলটোৰ‌ পশ্চিমফালে অৱস্থিত পর্বত শ্ৰেণীৰ মাজত পিউগেট ছাউণ্ড, উইলামেন্ট আৰু কেলিফোর্ণিয়া উপত্যকা আদি আছে। বিশ্ববিখ্যাত কলোৰাডো নদীৰ গ্ৰেণ্ড কেনিয়ন আৰু মৃত্যু উপত্যকা এই কর্ডিলেৰা অঞ্চলতে আছে। কর্ডিলেৰা সোণ, ৰূপ, তাম, কয়লা, পেট্রলিয়াম আদিৰ দৰে খনিজ সম্পদত চহকী।
              কেলিফোর্ণিয়া উপকূল অঞ্চলটো কৃষিৰ বাবে অতিশয় উপযোগী। এই অঞ্চলত ভূমধ্য সাগৰীয় জলবায়ুৰ প্ৰভাৱত বৃষ্টিপাত শীতকালত হয়। এই অঞ্চলৰ‌ কিছুমান গুৰুত্বপূৰ্ণ মহানগৰ হৈছে, ছিয়াটল পোর্টলেণ্ড, ছানফ্রান্সিকো লছ এঞ্জেলছ, লাছ ভোগাছ ইত্যাদি।

(খ) আপেলেছিয়ান উচ্চভূমিৰ ভূ-প্রকৃতিঃ 

          আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলান্টিক মহাসাগৰৰ প্রায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি বুলি কোৱা হয়। আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ‌ উত্তৰে হাডছন উপত্যকা আৰু ইৰি-অন্টাৰিও হ্ৰদৰ পৰা দক্ষিণে এলবামা পর্যন্ত বিস্তৃত। আপেলেছিয়ান উচ্চভূমিৰ কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছেঃ

(a) ই পাহাৰ, পর্বত, মালভূমি, সমতল আদিৰে গঠিত হোৱা বাবে ইয়াৰ ভূপ্রকৃতি অতি জটিল। এইবোৰৰ মাজত গুৰুত্বপূৰ্ণ কেইটা হৈছে পশ্চিমৰ এলিঘেনী পর্বতশ্রেণী, দক্ষিণ-পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি, পূৰৰ আপেলেছিয়ান পর্বতশ্রেণী আৰু উপত্যকা, দক্ষিণৰ ব্ল'ৰিজ পর্বত আৰু পূর্ব উপকূলীয় নিম্নভূমি।

(b) ইয়াৰ উৎপত্তি পশ্চিম দিশত অৱস্থিত ৰকিতকৈ বহুত আগতে হৈছে আৰু গতিকে ইয়াত ৰকিতকৈ অধিক পৰিমাণে বিচূর্ণীভৱন ঘটিছে।

(c) এই উচ্চ ভূমিবোৰৰ গড় উচ্চতা সাগৰ পৃষ্ঠতকৈ ২০০০ মিটাৰৰ অধিক‌ নহয়।

(d) এই অঞ্চলৰ মাজেৰে অহিও, টেনিছি, হাড়ছন, এলাবামা আদি নদী বৈ গৈছে।

(e) আপেলেছিয়ান পৰ্বতৰ পূব আৰু দক্ষিণফালে অৱস্থিত আটলান্টিক উপকূলীয়‌ সমভূমি অঞ্চলৰ উত্তৰ অংশ সংকীর্ণ আৰু দক্ষিণ অংশ কিছু বহল।

(f) এই অঞ্চল খনিজ সম্পদত বৰ সমৃদ্ধ আৰু নিউয়র্ক, বষ্টন,ফিলাডেলফিয়া‌ বাল্টিম্যেৰ আটলান্টা ইত্যাদি বহু সংখ্যক মহানগৰ আৰু চহৰ ইয়াত গঢ় লৈ উঠিছে। আমেৰিকাৰ আপেলেছিয়ান উচ্চভূমি অঞ্চল এক অন্যতম উদ্যোগিক আৰু অর্থনৈতিকভাৱে বিকশিত অঞ্চল, এয়া কয়লা, পেট্রলিয়াম, ললা ইত্যাদি গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ উপলব্ধতাৰ ফল, যিয়ে বিভিন্ন উদ্যোগৰ বিকাশত সহায় কৰিছে।

(গ) মধ্য সমভূমি অঞ্চলৰ নদ-নদীঃ  

         পশ্চিমৰ ৰকি পর্বতশ্রেণী আৰু পূবৰ আপেলেছিয়ান উচ্চভূমিৰ মাজৰ বিস্তৃত সমভূমি অঞ্চলটোৱেই হৈছে মধ্য সমভূমি অঞ্চল। এই অঞ্চলটো উত্তৰে বৃহৎ সৰোবৰ অঞ্চলৰ ৰা দক্ষিণে মেক্সিকো উপকূললৈ‌ বিস্তৃত। এয়া মিছিছিপি-মিছেৰি অৱবাহিকাৰ অংশ। মিছিছিপি, মিছৌৰি আৰু‌ ইয়াৰ উপনৈসমূহে মধ্য সমভূমি অঞ্চলক আমেৰিকা যুক্তৰাষ্ট্রৰ এক অন্যতম উর্বৰ পলসুৱা সমতল ভূমিত পৰিণত কৰিছে। এই সমভূমি অঞ্চলটোক‌ চাৰিভাগত ভগাব পাৰিঃ

(a) উচচ সমভূমি অঞ্চলঃ ৰকি পর্বতৰ পূর্বফালৰ নামনি অঞ্চলৰ ওখ অংশটোক উচ্চ সমভূমি বুলি কোৱা হয়।

(b) মিছিছিপি সমভূমিঃ আপেলেছিয়ান উচ্চভূমি আৰু উচ্চ সমভূমিকৰ মাজৰ মিছিছিপি মিছেৰি নদীই সৃষ্টি কৰা সমতল ভূমিয়েই হৈছেমিছিছিপি সমভূমি। সমুদ্রপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৩০০ মিটাৰতকৈ অধিকনহয়। এই বিস্তীর্ণ সমভূমি অঞ্চলটোত কিছুমান টিলা সদৃশ গঠন পৰিলক্ষিত হয়।

(c) বৃহৎ সৰবৰ অঞ্চলঃ হিমবাহৰ ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা চুপিৰিয়ৰ মিছিগান, হুৰন, ইৰি, অণ্টেৰিঅ’আদিৰ কাষৰীয়া সমতল ভাগেই হৈছে বৃহৎ সৰোবৰ অঞ্চল।

(d) মেক্সিকো উপকূলীয় সমভূমিঃ মধ্য সমভূমি অঞ্চলৰ দক্ষিণে মেক্সিকো উপকূলীয় সমভূমি অৱস্থিত। সাগৰপৃষ্ঠৰ পৰা এই অঞ্চলৰ উচ্চতা ২০০ মিটাৰৰ অধিক নহয়। এই অঞ্চলত সঘনে বানপানী হয়। মিছিছিপি নদীৰ বদ্বীপ এই সমভূমিত অৱস্থিত। মধ্য সমভূমি অঞ্চলৰ কিছুমান গুৰুত্বপূৰ্ণ মহানগৰ হৈছে- মিনিয়া পলিচ, চিকাগো, কেনছাছ, ছেন্ট-লুইছ, বার্মিংহাম, নিউ অলিয়েঞ্চ, মিয়ামি,হ’ষ্টন আদি।

(ঘ) আমেৰিকা যুক্তৰাষ্ট্রৰ নগৰীকৰণ আৰু প্রধান নগৰসমূহঃ 
            আমেৰিকা যুক্তৰাষ্ট্র অর্থনৈতিকভাৱে আৰু ঔদ্যোগিকভাৱে পৃথিৱীৰ সবাতোকৈ বিকশিত
দেশ। দেশখনৰ মুঠ জনসংখ্যাৰ (৩০২ লাখ) ৭৬ শতাংশতকৈ অধিক লোক নগৰীয়া কেন্দ্ৰবোৰত বাস কৰে।
এইদৰে আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যাৰ এক প্রধান অংশ নগৰ আৰু মহানগৰত বাস কৰে। ২২ নিযুত জনসংখ্যাৰে নিউয়র্ক সবাতোকৈ বৃহৎ আৰু অধিক জনবসতিপূর্ণ মহানগৰ, দ্বিতীয় স্থানৰ জনবহুল মহানগৰ হৈছে লছ এঞ্জেলছ যাৰ জনসংখ্যা ১৮ নিযুত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্যান্য মুখ্য কেন্দ্ৰবোৰ হৈছে মাছচুছেছ, নিউ জাছি, বড় আইলেণ্ড, ফিলাডেফিয়া, বাল্টিমোৰ, পিটচবর্গ, হুইলিং, ক্লাইভলেণ্ড, ডেট্রইট, মিছিগান, ছান ফ্রান্সিস্কো, লছ এঞ্জেলছ ইত্যাদি।

(ঙ) আমেৰিকা যুক্তৰাষ্ট্রৰ অর্থনৈতিক বৈশিষ্ট্যঃ 
           আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ আর্থিকভাৱে সবাতোকৈ বিকশিত দেশ। দেশখনৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন পৃথিৱীৰ ভিতৰতে সর্বোচ্চ। আমেৰিকা যুক্তৰাষ্ট্রৰ জনমুৰি আয় বর্তমান ৩৮,০০০ ডলাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ ২০% কয়লা, তাম আৰু পেট্রলিয়াম উৎপাদন কৰে। ই মাকৈ, কপাহ আৰু ধঁপাতৰ সর্বোচ্চ উৎপাদনকাৰী আৰু ঘেঁহু আৰু য’ৱৰ দ্বিতীয় সর্বাধিক উৎপাদনকাৰী। ই পৃথিৱীৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ ক্রমান্বয়ে ৪৬% আৰু ১৮% উৎপাদন কৰে। পৃথিৱীৰ ৰপ্তানীৰ ১০% ত কৈও অধিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৰপ্তানি হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য হৈছে যে ইয়াৰ মুঠ ৰাষ্ট্ৰীয় আয়ৰ মাত্র ২% কৃষিয়ে অৰিহণা যোগায়, উদ্যোগে প্রায় ৩০% অৱদান যোগায় আৰু বাণিজ্য, পৰিবহণ আৰু যোগাযোগে প্রায় ৬৮% অৱদান যোগায়। ১৫-৬৪ বছৰ বয়সৰ মুঠ জনসংখ্যাৰ ৭৯% বিভিন্ন অর্থনৈতিক গতিবিধিত জড়িত। মাত্র ৫% লোকহে জীৱন ধাৰণৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্রৰ লোক বাণিজ্য আৰু সেৱা, মাছ মৰা, পশু পালন, খনন আৰু কাঠ কটা ইত্যাদি বিভিন্ন অর্থনৈতিক ক্রিয়াকলাপত জড়িত। আমেৰিকা যুক্তৰাষ্ট্র, মুখ্যতঃ এক কৃষি ভিত্তিক দেশতকৈ এক উদ্যোগ ভিত্তিক দেশ হিচাপেহে পৰিচিত।

(চ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়ঃ
শস্যৰ কৃষিকাৰ্যৰ ভিত্তিত বা কিছুমান কৃষিগত বিশেষত্বৰ ভিত্তিত দেশ এখনৰ বিভাজন কৰাকে ‘কৃষি বলয়’ৰ দ্বাৰা সূচোৱা হয়। ভূ-প্রকৃতি, জলবায়ু ,ভূমি ইত্যাদিৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰকনটা কৃষি বলয়ত ভাগ কৰা হৈছে। সেইবোৰৰ প্রত্যেকৰে বিস্তৃত ব্যাখ্যা তলত দিয়া হৈছেঃ

(i) ধান আৰু কুঁহিয়াৰ বলয়ঃ এই কৃষি বলয় মেক্সিকো উপকূলত অৱস্থিত। ই ফ্ল'ৰিডা, জর্জিয়া, এলাবামা, মিছিছিপি, লুছিয়ানা ৰাজ্যৰ দক্ষিণ অংশ আৱৰি আছে। এই অঞ্চলত উপক্রান্তীয় জলবায়ু বিৰাজ কৰে। ইয়াৰ প্ৰভাৱত উষ্ণতা
অধিক হোৱাৰ লগতে বৰষুণৰ পৰিমাণ অধিক হয়।

(ii) কপাহ বলয়ঃ এই কৃষি মণ্ডল ধান আৰু কুঁহিয়াৰ বলয়ৰ উত্তৰত অৱস্থিত আৰু মিছিছিপি উপত্যকাৰ দক্ষিণ অংশ আৱৰি আছে। কপাহ বলয়ৰ উত্তৰ সীমা নির্ধাৰণ কৰিছে ৩৬° উত্তৰ অক্ষাংশই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রায় ৫০% কপাহ টেক্সাছ, মিছিছিপি আৰু আৰকানছাছ ৰাজ্যত উৎপন্ন হয়।
(iii) শীতকালীন ঘেঁহু আৰু ধঁপাত বলয়ঃ কপাহ বলয়ৰ উত্তৰে অৱস্থিত এই‌ কৃষি বলয় আটলান্টিক উপকূলৰ পৰা পশ্চিমে কলোৰাডো পর্যন্ত বিস্তৃত। ধপাত বলয়ৰ অন্তৰ্গত উত্তৰ কেৰোলিনা, কেন্টুকি, ভার্জিনিয়া, মেৰিলেণ্ড আদি অৱস্থিত। এই বলয়ৰ পূব অংশত প্ৰচুৰ পৰিমাণে যথেষ্ট পৰিমাণৰ ধপাত উৎপন্ন হয় আৰু ইয়াৰ পশ্চিম অংশত থকা নেব্রাস্কা, কেনছাছ, পূর্ব কলোৰাডো, ওকলাহামা আৰু টেক্সাছ ৰাজ্যত শীতকালীন ঘেঁহু খেতি হয়। ইয়াত উৎপাদন হোৱা অধিকাংশ ঘেঁহু অন্য দেশলৈ ৰপ্তানি কৰা হয়।

(iv) মাকৈ বলয়ঃ শীতকালীন ঘেঁহু বলয়ৰ উত্তৰে মধ্য অ'হিঅৰ পৰা মধ্য নেব্রাস্কালৈ বিস্তৃত অঞ্চলটোৱেই হৈছে মাকৈ বলয়। আমেৰিকা যুক্তৰাষ্ট্ৰত উৎপন্ন মাকৈৰ অধিকাংশ আইওৱা, ইলিনইছ, ইণ্ডিয়ানা, মিনেছ'টা, পেঞ্চিলভেনিয়া আৰু নেব্রাস্কাৰ পৰা আহৰণ কৰা হয় ।

(v) বসন্তকালীন ঘেঁহু বলয়ঃ এই বলয়টো প্রেইৰী অঞ্চলৰ উত্তৰে অৱস্থিত। এই বলয়ত শীতৰ প্রকোপ বেছি হোৱা বাবে ইয়াত বসন্তকালত ঘেঁহু খেতি কৰা হয়। এই বলয়ৰ অন্তৰ্গত মণ্টাজা, উত্তৰ ডাকোটা, দক্ষিণ ডাকোটা, পশ্চিম মিনেছ’টা অৱস্থিত। এই অঞ্চলত উৎকৃষ্ট মানৰ ঘেঁহু উৎপন্ন হয় আৰু ৰাহি হোৱা অংশ কিছুমান দেশলৈ ৰপ্তানি কৰা হয়।

(vi) উত্তৰ-পূব প্রান্তীয় মিশ্র কৃষি বলয়ঃ এই বলয়ৰ অন্তৰ্গত গ্রেট লেকৰ দক্ষিণ আৰু পৃথৰ ৰাজ্যবোৰ অন্তর্ভুক্ত। এই ৰাজ্যবোৰ হৈছে মিনেছটা, উইকনচিন, মিচিগান, পেঞ্চিলভেনিয়া আৰু নিউ ইংলেণ্ড। এই বলয়টোক দুগ্ধপাম বলয় বুলিও জনা যায়। এই বলয়ৰ তৃণভূমি অঞ্চলত বিস্তৃতভাৱে পশুপালন কৰা হয়। তদুপৰি ৰাই, বার্লি আদিৰো ইয়াত খেতি কৰা ।

(vii) শুকান কৃষি আৰু পশুপালন বলয়ঃ এই কৃষি বলয়টো মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কর্ডিলেৰা অঞ্চলৰ পূব অংশত অৱস্থিত। এই অঞ্চলত কম বৃষ্টিপাত হোৱা বাবে ইয়াত প্ৰচুৰ পৰিমাণে ঘাঁহ উৎপন্ন হয় যাৰ ফলত ইয়াৰ পশুপালনৰ বিকাশ সাধন হৈছে। ইয়াৰ ভৌগোলিক পৰিৱেশ গৰুম'হ, ভেড়া পালনৰ বাবে উপযোগী। এই বলয়ৰ অন্তর্ভুক্ত প্রধান অঞ্চলবোৰ‌ হৈছে টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ, কলোৰাড, নেভাডা, বাইয়োনিং, ইড়াহহা, মন্টানা আদি‌ শুকান কৃষিৰ জৰিয়তে জোৱাৰ বজৰা জাতীয় শস্যৰ উৎপাদন হয়, আনহাতে জলসিঞ্চন পদ্ধতিৰে বালি, মাটক আদি শস্য উৎপাদন কৰা হয়। পশুপালনৰ জৰিয়তে আহৰণ কৰা প্রধান সামগ্রীবোৰ হ’ল গাখীৰ, মাংস আৰু উল।

(vii) ভূমধ্য সাগৰীয় কৃষি বলয়ঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত মহাসাগৰীয়‌ উপকূলত থকা কেলিফোর্ণিয়া অঞ্চলটো এই বলয়ৰ অন্তৰ্গত। ঘেঁহু আৰু কপাহৰ উপৰিও অঞ্চলটোত কমলা টেঙা, আঙুৰ, আপেল আদি ফল-মূল‌ যথেষ্ট পৰিমাণে উৎপন্ন হয়।

(ix) উত্তৰ-পশ্চিম প্রান্তীয় মিশ্র কৃষি বলয়ঃ  এই বলয়ৰ অন্তর্ভুক্ত প্রধান অঞ্চলবোৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্রৰ উত্তৰ-পশ্চিম প্রান্তত থকা ৱাশ্বিটন, ইভাহো, ওৰিগন আদি। ঘেঁহু আৰু মটৰৰ খেতিৰ বাবে এই অঞ্চলটো অতি উপযোগী। শস্যৰ উৎপাদনৰ লগতে অঞ্চলটোত গাখীৰ আৰু মাংসৰ বাবে পশুপালনো কৰা হয়। সেইবাবে এই অঞ্চলটোক মিশ্র কৃষি বলয় বুলি কোৱা হয় ।

(ছ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উদ্যোগ অঞ্চলঃ 
          উত্তৰ-পূব উদ্যোগ অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰপূব অংশত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ মাটিকালিৰ মাত্র ১০ শতাংশ ব্যাপ্ত হৈ থকা এই অঞ্চলটোত দেশখনৰ প্রায় ৫০ শতাংশ লােক বাস কৰে। আমেৰিকা যুক্তৰাষ্ট্রৰ মুঠ উদ্যোগৰ ৭৫ শতাংশ ইয়াত অৱস্থিত। কলা, লল,পেট্রলিয়াম আদিৰ দৰে খনিজ সম্পদৰ উপস্থিতি আৰু সু-বিকশিত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা এই অঞ্চলৰ উদ্যোগৰ উচ্চ বিকাশৰ কাৰণ।
এই অঞ্চলক তলত দিয়া পাঁচটা ঔদ্যোগিক কেন্দ্ৰত ভাগ কৰিব পাৰিঃ 

(i) পিটছবার্গ, হুইলিং-ক্লিভলেণ্ড উদ্যোগ কেন্দ্রঃ পেনিছিলভেনিয়া আৰু অহিঅ’ৰা চৌদিশে পোৱা আপেলেছিয়ান কয়লা এই ঔদ্যোগিক কেন্দ্র বৃদ্ধিৰভিত্তি। এই অঞ্চলত উপলব্ধ উন্নত মানদণ্ডৰ কয়লা উন্নত পৰিবহণ ব্যৱস্থা আৰু চুপিৰিয়ৰ অঞ্চলত উপলব্ধ লোৰ আকৰক ভিত্তি কৰি পিটছবার্গ ইয়াং ষ্টাউন, হুইলিং, ক্লিভলেণ্ড আদি ঠাইত বহুতো বৃহৎ লো-তীখাৰ উদ্যোগ স্থাপনহৈ উঠিছে। কাচ আৰু বস্ত্র শিল্পও পিটছবাগত সুবিকশিত হৈছে। পৃথিবীৰ বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰ আৰাকননা ইয়াতেই অৱস্থিত।

(i) নিউয়র্ক, ফিলাডেলফিয়া, বাল্টিমোৰ উদ্যোগ কেন্দ্র ও নিউয়র্ক, ফিলাডেলফিয়া আৰু বাল্টিমোৰৰ দৰে বৃহৎ মহানগৰবোৰ এই বিশাল ঔদ্যোগিক কেন্দ্ৰৰ অন্তৰ্গত। ইয়াত 

(a)অৱস্থিত কিছুমান বিশ্ববিখ্যাত উদ্যোগ হৈছেঃবাল্টিমোৰৰ লো আৰুতীখা উদ্যোগ। বস্ত্ৰ উদ্যোগ, টিন, পেট্রলিয়াম আৰু তাম শোধন উদ্যোগ।

(b)ফিলাডেলফিয়াৰ বস্ত্র, বৈদ্যুতিক আহিল, পেট্রলিয়াম,- চেনি আৰু ৰবৰ উদ্যোগ।

(c)পূব পেঞ্চিলভেনিয়া লে আৰুতীখা উদ্যোগ, ৰে'ল ইঞ্জিন।

(d) নিউ জার্চীৰ বস্ত্র, বৈদ্যুতিক সামগ্রী, বাচন-বৰ্তনৰ উদ্যোগ ইত্যাদি।

(e) নিউয়র্কত বিভিন্ন ধৰণৰ ঔদ্যোগিক কেন্দ্র আছে।

(iii) দক্ষিণ নিউইংলেণ্ড উদ্যোগ কেন্দ্রঃ
       এই অঞ্চলৰ প্ৰধান ঔদ্যোগিক কেন্দ্ৰবোৰ হৈছে ৰড় আইলেও, মাছচুছেটছ, নিউ হেল্পছায়াৰ আদি। এই অঞ্চলত কয়লা আৰু অন্যান্য খনিজ সম্পদৰ অভাৱ। গতিকে এই অঞ্চলৰ মুখ্য উদ্যোগবোৰহৈছে বস্ত্র শিল্প আৰু বস্ত্ৰ উদ্যোগৰ যন্ত্রপাতি, চামৰা উদ্যোগ যিবোৰ প্ৰধানতঃ এই প্রান্তত উৎপাদিত জলবিদ্যুৎ শক্তিৰ ওপৰত নিৰ্ভৰশীল। এই অঞ্চলটোত কোমল কাঠৰ অৰণ্যৰ অৱস্থিতিৰ ফলত ইয়াত কাগজ আৰু কাগজৰ মণ্ডৰউদ্যোগ গঢ়ি উঠিছে।

(iv) ডেট্র ইট উদ্যোগ কেন্দ্রঃ ই পৃথিৱীৰ অন্যতম প্রধান মটৰগাড়ী নির্মাণ কেন্দ্র। লো-তীখা, মটৰ গাড়ী নির্মাণ আৰু ইয়াৰ লগত জড়িত উদ্যোগসমূহ থকা ঠাইবোৰ হৈছে লানচিং, ফ্লিন্ট, পন্টিয়াক, জেকচ্ছন আদি।

(v) দক্ষিণ মিচিগান উদ্যোগ কেন্দ্রঃ লো আৰু কয়লাৰ সহজ লভ্যতাৰ বাবে এই অঞ্চলত বহুতো উদ্যোগ যেনে লো আৰু তীখা, ৰে'লৰ ইঞ্জিন, মটৰ গাড়ী, পামৰ যন্ত্রপাতি আদি নির্মাণৰ উদ্যোগ বিকশিত হৈছে। তদুপৰি, পৃথিৱীৰ সর্ববৃহৎ মাংস বাণিজ্য কেন্দ্র চিকাগো ইয়াত অৱস্থিত।

(জ) আমেৰিকা যুক্তৰাষ্ট্রৰ প্রশান্ত উপকূলীয় উদ্যোগঃ 
              এই অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষুদ্রতম আৰু নৱতম ঔদ্যোগিক কেন্দ্র। ই পশ্চিমে প্রশান্ত উপকূলত অৱস্থিত ৱাশিংটন, অৰিগ'ন আৰু কেলিফোর্ণিয়া ৰাজ্যৰ দ্বাৰা গঠিত। বিখ্যাত ঔদ্যোগিক অঞ্চলবোৰ হৈছে লছ এঞ্জেলছ আৰু ছানফ্রান্সিকো। এই অঞ্চলত জলবিদ্যুৎ আৰু পেট্রলিয়াম ব্যৱহাৰ কৰি বিভিন্ন উদ্যোগ যেনে– ললা আৰু তীখা উদ্যোগ, বিমান উদ্যোগ, কাগজ আৰু সুৰা নিৰ্মাণ উদ্যোগ বিকশিত হৈছে। দেশৰ প্রায় ১০% শ্রমিকে এই অঞ্চলৰ উদ্যোগবোৰত কাম কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোর্ণিয়াৰ চলচ্চিত্র উদ্যোগ বিশ্ব বিখ্যাত।

(ঝ) আমেৰিকা যুক্তৰাষ্ট্রৰ শুকান কৃষি আৰু পশুপালন বলয়ঃ 
                এই কৃষি বলয়টো মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কর্ডিলেৰা অঞ্চলৰ পূব অংশত অৱস্থিত। এই অঞ্চলত কম বৃষ্টিপাত হোৱা বাবে ইয়াত প্ৰচুৰ পৰিমাণে ঘাঁহ উৎপন্ন হয় যাৰ ফলত ইয়াৰ পশুপালনৰ বিকাশ সাধন হৈছে। ইয়াৰ ভৌগোলিক পৰিৱেশ গৰুম'হ, ভেড়া পালনৰ বাবে উপযোগী। এই বলয়ৰ অন্তর্ভুক্ত প্রধান অঞ্চলবোৰ‌ হৈছে টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ, কলোৰাড, নেভাডা, বাইয়োনিং, ইড়াহহা, মন্টানা আদি‌ শুকান কৃষিৰ জৰিয়তে জোৱাৰ বজৰা জাতীয় শস্যৰ উৎপাদন হয়, আনহাতে জলসিঞ্চন পদ্ধতিৰে বালি, মাটক আদি শস্য উৎপাদন কৰা হয়। পশুপালনৰ জৰিয়তে আহৰণ কৰা প্রধান সামগ্রীবোৰ হ’ল গাখীৰ, মাংস আৰু উল।


(ঞ) আমেৰিকা যুক্তৰাষ্ট্রৰ খনিজ সম্পদঃ
বহুতো খনিজ সম্পদৰ উপলব্ধতা আৰু উপযোগীকৰণৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ প্রথম স্থান অধিকাৰ কৰিছে। প্ৰকৃততে, ইয়াৰ খনিজ সম্পদ, পৃথিৱীৰ যিকোনো বিকশিত দেশতকৈ অধিক। আমেৰিকা যুক্তৰাষ্ট্ৰত পেট্রলিয়াম,প্রাকৃতিক গেছ, তাৰ আকৰ, তাম, বক্সাইট, সীহ, জিংক, সোণ, ৰূপ আৰু ইউৰেনিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ কয়লা, তাম আৰু পেট্র’লিয়ামৰ প্ৰায় ২০% উৎপাদন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই পেট্রলিয়াম আৰু লোৰ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীত ক্রমান্বয়ে তৃতীয় আৰু চতুর্থ স্থান অধিকাৰ কৰিছে। ইয়াত সীহ, জিংক, বক্সাইট, ৰূপ, সোণ আদি খনিজ সম্পদো উপলব্ধ হয়। গতিকে, আমেৰিকা যুক্তৰাষ্ট্ৰত ঔদ্যোগিক বিকাশৰ বাবে প্রয়োজনীয় সকলো খনিজ সম্পদেই পোৱা যায়। এয়া, আমেৰিকা যুক্তৰাষ্ট্র অত্যধিক ঔদ্যোগিক বিকাশ আৰু অর্থনৈতিক প্রগতিৰ অন্যতম প্রধান কাৰণ।

অতিৰিক্ত প্ৰশ্নোত্তৰঃ

১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চলকেইটা বর্ণনা কৰা।

উত্তৰঃ ঔদ্যোগিক বিকাশৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰক তলৰ তিনিটা ঔদ্যোগিক অঞ্চলত ভাগ কৰিব পাৰিঃ

(A) উত্তৰ-পূব উদ্যোগ অঞ্চলঃ ও উত্তৰ-পূব উদ্যোগ অঞ্চল আমেৰিকা যুক্তৰাষ্ট্রৰ উত্তৰপূর্ব অংশত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ মাটিকালিৰ মাত্র ১০ শতাংশ ব্যাপ্ত হৈ থকা এই অঞ্চলটোত দেশখনৰ প্রায় ৫০ শতাংশ লোক বাস কৰে। আমেৰিকা যুক্তৰাষ্ট্রৰ মুঠ উদ্যোগৰ ৭৫ শতাংশ ইয়াত অৱস্থিত। কয়লা, লো,পেট্রলিয়াম আদিৰ দৰে খনিজ সম্পদৰ উপস্থিতি আৰু সু-বিকশিত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা এই অঞ্চলৰ উদ্যোগৰ উচ্চ বিকাশৰ কাৰণ।
এই অঞ্চলক তলত দিয়া পাঁচটা ঔদ্যোগিক কেন্দ্ৰত ভাগ কৰিব পাৰি ।

(i) পিটছবার্গ, হুইলিং-ক্লিভলেণ্ড উদ্যোগ কেন্দ্রঃ পেনিছিলভেনিয়া আৰু অহিঅ’ৰা চৌদিশে পোৱা আপেলেছিয়ান কয়লা এই ঔদ্যোগিক কেন্দ্র বৃদ্ধিৰ ভিত্তি। এই অঞ্চলত উপলব্ধ উন্নত মানদণ্ডৰ কয়লা উন্নত পৰিবহণ ব্যৱস্থা আৰু চুপিৰিয়ৰ অঞ্চলত উপলব্ধ লোৰ আকৰক ভিত্তি কৰি পিটছবার্গ ইয়াং ষ্টাউন, হুইলিং, ক্লিভলেণ্ড আদি ঠাইত বহুতো বৃহৎ লো-তীখাৰ উদ্যোগ স্থাপন হৈ উঠিছে। কাচ আৰু বস্ত্র শিল্পও পিটছবার্গত সুবিকশিত হৈছে। পৃথিবীৰ
বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰ আৰাকননা ইয়াতেই অৱস্থিত।

(ii) নিউয়র্ক, ফিলাডেলফিয়া, বাল্টিমোৰ উদ্যোগ কেন্দ্রঃ নিউয়র্ক, ফিলাডেলফিয়া আৰু বাল্টিমোৰৰ দৰে বৃহৎ মহানগৰবোৰ এই বিশাল ঔদ্যোগিক কেন্দ্ৰৰ অন্তৰ্গত। ইয়াত অৱস্থিত কিছুমান বিশ্ববিখ্যাত উদ্যোগ হৈছেঃ

a) বাল্টিমোৰৰ লো আৰুতীখা উদ্যোগ। বস্ত্ৰ উদ্যোগ, টিন, পেট্রলিয়াম আৰু তাম শোধন উদ্যোগ।

(b) ফিলাডেলফিয়াৰ বস্ত্র, বৈদ্যুতিক আহিলা, পেট্ৰ'লিয়াম, চেনি আৰু ৰবৰ‌ উদ্যোগ।

(c) পূর্ব পেঞ্চিলভেনিয়া লো আৰু তীখা উদ্যোগ, ৰেল ইঞ্জিন।

(d) নিউ জাচীৰ বস্ত্র, বৈদ্যুতিক সামগ্রী, বাচন-বৰ্তনৰ উদ্যোগ ইত্যাদি ।

(e) নিউয়র্কত বিভিন্ন ধৰণৰ ঔদ্যোগিক কেন্দ্র আছে।

(iii) দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্রঃ এই অঞ্চলৰ প্ৰধান ঔদ্যোগিক কেন্দ্ৰবোৰ হৈছে ৰড আইলেণ্ড, মাছচুছেটছ, নিউ হেল্পছায়াৰ আদি। এই অঞ্চলত কয়লা‌ আৰু অন্যান্য খনিজ সম্পদৰ অভাৱ। গতিকে এই অঞ্চলৰ মুখ্য উদ্যোগবোৰ হৈছে বস্ত্র শিল্প আৰু বস্তু উদ্যোগৰ যন্ত্রপাতি, চামৰা উদ্যোগ যিবোৰ প্ৰধানতঃ এই প্রান্তত উৎপাদিত জলবিদ্যুৎ শক্তিৰ ওপৰত নিৰ্ভৰশীল। এই অঞ্চলটোত কোমল কাঠৰ অৰণ্যৰ অৱস্থিতিৰ ফলত ইয়াত কাগজ আৰু কাগজৰ মণ্ডৰ উদ্যোগ গঢ়ি উঠিছে।

(iv) ডেট্রইট উদ্যোগ কেন্দ্রঃ ই পৃথিৱীৰ অন্যতম প্রধান মটৰগাড়ী নির্মাণ কেন্দ্র। লো-তীখা, মটৰ গাড়ী নির্মাণ আৰু ইয়াৰ লগত জড়িত উদ্যোগসমূহ থকা ঠাইবোৰ হৈছে লানচিং, ফ্রিণ্ট, পন্টিয়াক, জেছন আদি।

(v) দক্ষিণ মিচিগান উদ্যোগ কেন্দ্রঃ লো আৰু কয়লাৰ সহজ লভ্যতাৰ বাবে এই অঞ্চলত বহুতো উদ্যোগ যেনে লো আৰু তীখা, ৰে'লৰ ইঞ্জিন, মটৰ গাড়ী, পামৰ যন্ত্রপাতি আদি নির্মাণৰ উদ্যোগ বিকশিত হৈছে। তদুপৰি, পৃথিৱীৰ সর্ববৃহৎ মাংস বাণিজ্য কেন্দ্র চিকাগো ইয়াত অৱস্থিত।

(B) দক্ষিণ ঔদ্যোগিক অঞ্চলঃ আমেৰিকা যুক্তৰাষ্ট্রৰ টেক্সছ ৰাজ্যৰ পৰা পূবে আটলান্টিক উপকূলৰ উত্তৰ কেৰোলিনা ৰাজ্যলৈকে দক্ষিণৰ ঔদ্যোগিক অঞ্চল বিস্তৃত। এই অঞ্চলৰ ঔদ্যোগিক বিকাশৰ মুখ্য কাৰণবোৰ হৈছেঃ

(i) জলবিদ্যুৎ, কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ, লো আৰু অন্যান্য খনিজ সম্পদৰ উপলব্ধতা।

(ii) আপেলেছিয়ান অঞ্চলৰ বনজ সম্পদ।

(ii) কপাহ, ধপাত, কুঁহিয়াৰ আদিৰ দৰে এই অঞ্চলত পোৱা কৃষিজাত সম্পদ।

এই ঔদ্যোগিক অপলক দুটা ভাগত ভাগ কৰিব পাৰিঃ

(a) দক্ষিণ-পূর্ব ঔদ্যোগিক কেন্দ্র।

(b) দক্ষিণ পশ্চিম ঔদ্যোগিক কেন্দ্র।দক্ষিণ-পশ্চিম ঔদ্যোগিক কেন্দ্র আকাশী যান নির্মাণ উদ্যোগৰ বাবে বিখ্যাত।

(C) প্রশান্ত উপকূলীয় উদ্যোগ অঞ্চলঃ এই অঞ্চল আমেৰিকা যুক্তৰাষ্ট্রৰ ক্ষুদ্রতম আৰু নৱতম ঔদ্যোগিক কেন্দ্র। ই পশ্চিমে প্রশান্ত উপকূলত অৱস্থিত ৱাশিংটন, অগিন আৰু কেলিফোর্ণিয়া ৰাজ্যৰ দ্বাৰা গঠিত। বিখ্যাত ঔদ্যোগিক অঞ্চলবোৰ হৈছে লছ এঞ্জেলছ আৰু ছানফ্রান্সিকো। এই অঞ্চলত জলবিদ্যুৎ আৰু পেট্রলিয়াম ব্যৱহাৰ কৰি বিভিন্ন উদ্যোগ যেনে – লো আৰু তীখা উদ্যোগ, বিমান উদ্যোগ, কাগজ আৰু সুৰা নিৰ্মাণ উদ্যোগ বিকশিত হৈছে। দেশৰ প্রায় ১০% শ্রমিকে এই অঞ্চলৰ উদ্যোগবোৰত কাম কৰে। আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফোর্ণিয়াৰ চলচ্চিত্র‌ উদ্যোগ বিশ্ব বিখ্যাত।








Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)