প্রাকৃতিক ভূগোল -ভূ-আকৃতিক প্ৰক্ৰিয়া - দশম শ্ৰেণী- ELECTIVE GEOGRAPHY -SEBA
প্রাকৃতিক ভূগােল |
অনুশীলনী
১। স্থলাকৃতি বুলিলে কি বুজা ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ ভিন্ন আকাৰ-আকৃতিৰ অৱয়বৰে বৈচিত্র্যপূর্ণ ভূ-পৃষ্ঠৰ অৱয়ববোৰক স্থলাকৃতি বুলি ক'ব পাৰি। স্থলাকৃতিৰ কেইটামান উদাহৰণ হ’ল পর্বত, পাহাৰ, মালভূমি, সমতল, উপত্যকা, নদী, বালিৰ পাহাৰ, হিমবাহ, মহাসাগৰ ইত্যাদি।
২। ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া।
উত্তৰঃ ভূগোলৰ যিটো শাখাত স্থলাকৃতিবোৰৰ উৎপত্তি, ক্রমবিকাশ, আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰা হয় সেই শাখাটোক ভূ-আকৃতিক বিজ্ঞান বোলা হয়।
৩। ভূ-আকৃতিক প্রক্রিয়াৰ অৰ্থ লিখা।
উত্তৰঃ ভূ-পৃষ্ঠত থকা স্থলাকৃতিৰ সৃষ্টিত বাহ্যিক আৰু আভ্যন্তৰীণ প্রক্রিয়াই ক্রিয়া কৰে। এই দুই শ্ৰেণীৰ প্রক্রিয়াই ক্রিয়া কৰাৰ ফলত ভূ-পৃষ্ঠত স্থলাকৃতিবোৰৰ সৃষ্টি হয়। স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্রক্রিয়াবোৰক ভূ-আকৃতিক প্রক্রিয়া বোলা হয়।
৪। বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা।
উত্তৰঃ বাহ্যিক প্রক্রিয়া বা কাৰকে পৃথিৱীৰ উপৰিভাগত বিভিন্ন পৰিৱৰ্তন আনে আৰু ই ভূ-পৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টিত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। গুৰুত্বপূর্ণ বাহ্যিক প্রক্রিয়া বা কাৰকবোৰ হ’ল বতাহ, ৰ'দ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ, তাপমাত্রা ইত্যাদি।
৫। অবনমন বুলিলে কি বুজা।
উত্তৰঃ বতাহে মৰুভূমিত তিনিটা কার্য সম্পাদন কৰে। সেইকেইটা হ’ল খনন, পৰিবহণ আৰু অৱক্ষেপণ। সাধাৰণতে মৰুভূমিৰ উদ্ভিদবোৰ পাতলীয়া আৰু ইয়াৰ উপৰিভাগ শুকান বালিময় হোৱাৰ বাবে বতাহে সহজে ধূলি-বালি, ক্ষুদ্র শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে। এনেদৰে কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশটোক আপেক্ষিকভাৱে দ কৰি তোলা প্রক্রিয়াক অবনমন বোলা হয়।
৬। ইনছেলবার্গ কি ছবি আঁকি দেখুওৱা।
উত্তৰঃ অপঘর্ষণ প্রক্রিয়াৰ যোগেদি মৰুভূমিত ইনছেলবার্গ, ইয়াৰদাং আদি অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি হয়। ইনছেলবার্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। এই পাহাৰৰ ওপৰৰ অংশৰ ঢাল তুলনামূলকভাৱে বেছি হয়। এই অংশত বতাহৰ ক্রিয়া তলৰ অংশতকৈ বেছি হয়।
৭। মৰুদ্যান কাক বোলে? ইয়াৰ তাৎপর্য কি?
উত্তৰঃ অবনমন প্রক্রিয়াৰ ফলত মৰুভূমিৰ কোনো এটা অংশৰ উচ্চতা কমি ভূগর্ভস্থ জলপৃষ্ঠৰ ওচৰ চাপে। এইদৰে অবনমিত অংশটো | অপঘর্ষণ প্রক্রিয়াৰ দ্বাৰা সৃষ্টি হোৱা ইনছেলবার্গ |মৰুদ্যানলৈ ৰূপান্তৰিত হয়। মৰুদ্যান হৈছে মৰুভূমিত থকা পানী আৰু খেতিৰ উপযোগী অংশ। মৰুদ্যানত অলপ-অচৰপ খেতি-বাতি কৰিব পাৰি । মৰুদ্যানৰ বাবে মানুহে সেই স্থানত বসবাস কৰাৰ লগতে খেতি-বাতি কৰি জীৱন নির্বাহ কৰিব পাৰে। মানুহে এই মৰুদ্যানৰ বাবে মৰুভূমিৰ মাজেদি যাত্রা কৰিব পাৰে। মৰুদ্যানে মানুহক প্রয়োজনীয় ছা, পানী আদি যোগান ধৰে।
৮। বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰঃ বতাহে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ জমা হৈ ক্রমে ওখ হৈ পাহাৰৰ ৰূপ লয়। মূলতঃ বালিৰে গঠিত হোৱাৰ বাবে এনে পাহাৰক বালিয়াৰি বা বালিৰ পাহাৰ বোলে। স্থান-কাল অনুসৰি এই পাহাৰবোৰৰ আকাৰ-আকৃতি বেলেগ হয়। বালিয়াৰিৰ গঠন মৰুভূমিত তিনি প্ৰকাৰৰ বালিয়াৰি দেখা যায়। সেইবোৰ হ’লঃ
(ক) অনুদৈর্ঘ্য বালিয়াৰিঃ বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হোৱা বালিয়াৰিক অনুদৈর্ঘ্য বালিয়াৰি বোলে।
(খ) অনুপ্রস্থ বালিয়াৰিঃ পথালিকৈ বতাহৰ দিশৰ লগত প্রায় লম্বভাৱে গঠিত হোৱা বালিয়াৰিক অনুপ্রস্থ বালিয়াৰি বোলে।
(গ) বাৰখানঃ কোনো ঠাইত পৰিস্থিতি সাপেক্ষে অর্ধচন্দ্রাকৃতিৰ বালিয়াৰিৰ সৃষ্টি হয়। ইয়াকে বাৰখান বোলে।
মৰুভূমি অঞ্চলত বতাহৰ অৱক্ষেপন কাৰ্যৰ দ্বাৰা বালিয়াৰি সৃষ্টি হয়। অৱনমনৰ ফলত ধূলি-বালি আৰু শিলৰ কণিকাবোৰ বতাহে উৰুৱাই নিয়ে। মৰুভূমি অঞ্চলত ওখ ভূ-অৱয়ব নথকা কাৰণে বতাহ অধিক বেগেৰে প্রবাহিত হয়। কিন্তু বতাহে জোপোহা গছ, খুঁটি বা বৃহৎ শিলৰ সন্মুখীন হলে ইয়াৰ বেগ হ্রাস পায় আৰু এনে প্রতিবন্ধকৰ বিপৰীত দিশত ধূলি-বালি আৰু শিলৰ কণিকা জমা কৰে। প্ৰাৰম্ভিক অৱক্ষেপনে প্রতিবন্ধক হিচাপে ক্রিয়া কৰে যিয়ে পৰৱৰ্তী অৱক্ষেপনত বৰঙণি যোগায়। কালক্ৰমত সংশ্লিষ্ট অঞ্চলৰ উচ্চতা বৃদ্ধি পোৱাৰ ফলস্বৰূপে বালিয়াৰি গঠন হয়। বালি শিল থকা মৰুভূমি অঞ্চলত সাধাৰণতে বালিয়াৰি পোৱা যায়।
৯। অপঘর্ষণ কি? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয় ?
উত্তৰঃ মৰুভূমিত কেতিয়াবা শক্তিশালী বতাহৰ সৃষ্টি হয়। মৰুভূমিৰ এনে শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘর্ষণৰ যোগেদি হোৱা এই ধৰণৰ ক্ষয় কাৰ্যক অপঘর্ষণ বোলা হয়। এই অপঘর্ষণ প্রক্রিয়াই মৰুভূমিত ইনছেলবার্গ, ইয়াৰদাং আদি অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি কৰে।
১০। সংনিঘৰ্ষণৰ অর্থ লিখা।
উত্তৰঃ মৰুভূমিত বতাহৰ জৰিয়তে সৃষ্ট এটা ঘর্ষণজনিত প্রক্রিয়া হৈছে সংনিঘর্ষণ। বতাহৰ জৰিয়তে পৰিবাহিত হৈ থকা শিল-বালিবোৰৰ মাজত পাৰস্পৰিক ঘর্ষণৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে শিলবোৰ ভাঙি সৰু সৰু টুকুৰাত পৰিণত হয় আৰু এইদৰে পাৰস্পৰিক ঘৰ্ষণৰ ফলত শিলবোৰ ভাঙি-চিঙি টুকুৰা-টুকুৰ হোৱা প্রক্রিয়াক সংঘর্ষণ বুলি জনা যায়।
১১। হিমবাহ কাক বোলে? ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ কি?
উত্তৰঃ ভূ-পৃষ্ঠত জমা হৈ থকা বৰফবোৰ মাটিৰ ঢাল অনুসৰি তললৈ ধীৰ গতিত নামি আহে। এনেদৰে ধীৰ গতিৰে নামি অহা বৰক হিমবাহ বোলে। হিমবাহবোৰ ধীৰ গতিত নামি অহাৰ প্ৰধান কাৰণ হৈছে ইয়াৰ বৃহৎ আকাৰ। সেয়ে, আকৃতিৰ দ্বাৰা হিমবাহবোৰৰ গতিবেগ প্ৰভাৱিত হয়। বৃহৎ আকাৰৰ বৰফবোৰ ধীৰ গতিত নামি আহে আৰু সৰু আকৃতিৰ বৰফবোৰ দ্রুত গতিত নামি আহে।
১২। হিমবাহ কেইপ্রকাৰৰ ? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ভূ-পৃষ্ঠত জমা হৈ থকা বৰফ স্থূপবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ নামি আহে কিন্তু এইবোৰৰ নামি অহাৰ গতিবেগ মন্থৰ।এই স্হূপ দিনটোৰ ভিতৰত কেই মিলিমিটাৰমানৰ পৰা কেইমিটাৰমান অতিক্রম কৰে। এনেদৰে মন্থৰ গতিৰে নামি অহা বৰফক হিমবাহ বোলে। জমা হৈ থকা বৰফ স্থূপৰ অত্যধিক হেঁচা আৰু মধ্যাকর্ষণ শক্তিৰ ক্ৰিয়াৰ ফলত তললৈ নামি আহে।বৰফাবৃত্ত অঞ্চলবোৰৰ পৰিৱেশ, পৰিস্থিতি অনুসৰি হিমবাহক প্রধানতঃ তিনিটা ভাগত ভগাব পাৰিঃ
(ক) মহাদেশীয় হিমবাহঃ মেৰু অঞ্চলৰ বৃহৎ এলেকাত এই হিমবাহ দেখা যায়। এনে ধৰণৰ হিমবাহৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ই ভূ-পৃষ্ঠৰ ঢাল অনুসৰি ধীৰ গতিৰে নামি আহে। মহাদেশীয় হিমবাহ উত্তৰ কানাডা, গ্রীণলেণ্ড, স্কান্দিনেভিয়া, এন্টার্কটিকা আদিত দেখা যায়।
(খ) পার্বত্য হিমবাহ ঃ ও পর্বতৰ সর্বোচ্চ অংশত পার্বত্য হিমবাহ পৰিলক্ষিত হয়। এইবোৰক আলপাইন বা উপত্যকা হিমবাহ বুলি জনা যায়। এই হিমবাহ ইউৰোপৰ আল্প, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পার্বত্য অঞ্চলত দেখা যায়। সাধাৰণতে এই হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে আৰু ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ তুলনামূলকভাৱে বেছি।
(গ) গিৰিপদ হিমবাহঃ যেতিয়া কেইবাটাও উপত্যকা হিমবাহ পার্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত
বিয়পি পৰে তাক গিৰিপদ বা শৈলপদী হিমবাহ বােলা হয়। পৰ্বতৰ পাদদেশত সৃষ্টি হােৱা এনে ধৰণৰ হিমবাহ উত্তৰ আমেৰিকাৰ আলাস্কাত দেখা যায় ।
১৩। হিমবাহ উপত্যকাৰ আকৃতি ছবি আঁকি দেখুওৱা।
উত্তৰঃ কিতাপত চাই লোৱা ৷
১৪। ওলোমা উপত্যকা কি লিখা।
উত্তৰঃ ওলোমা উপত্যকা হৈছেহিমবাহে সৃষ্টিকৰা ক্ষয়জনিত অৱয়ব। মূলনদীলৈ উপনদী বৈ অহাৰ নিচিনাকৈ মূল হিমবাহ লৈ। কিছুমান উপহিমবাহ বৈ আহে। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে প্রধান উপত্যকা বৃহৎ আৰুদ প্রকৃতিৰ হয়। সাধাৰণতে ড পহি ম বাহ ৰ উপত্যকা সৰু আৰু ।তৰাং হয়।উপহিমবাহবোৰ যি স্থানত মূল হিমবাহৰ লগ লাগে তাত স্বাভাৱিক কাৰণত। উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকাৰ নিচিনা দেখি। সেইবাবে উপহিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বুলি কোৱা হয়।
১৫। গ্রাব কি? ই কেইপ্ৰকাৰৰ ? চিত্র আঁকি গ্রাৰৰ অৱস্থান দেখুওৱা।
উত্তৰঃ উপত্যকাৰে হিমবাহ নামি অহা সময়ত ই বৰফৰ বাহিৰে অন্য কিছুমান পদার্থও কঢ়িয়াই লৈ আহে। সেইবোৰক গ্রাব বুলি কোৱা হয়। গ্রাবে ভূ-পৃষ্ঠতব্যাপক পৰিৱর্তন সাধন কৰে।
গ্রাব চাৰি প্ৰকাৰৰ। সেইকেইটা হ’লঃ
(ক) পার্শ্বগ্রাবঃ উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্রাবক পার্শগ্রাব বোলা হয় সাধাৰণতে উপত্যকাৰ থিয় গৰাৰ মাজেদি গ্রাববোৰ উটি আহে। পার্শ্বগ্রাব উপত্যকাৰ দুয়ো কাষে জমা হয়।
(খ) ভূমিগ্ৰাৰঃ উপত্যকাৰ তলিয়েদি বাগৰি অহা গ্রাববোৰক ভূমিগ্রাব বোলা হয়।
(গ) মধ্যগ্রাবঃ যদি কোনো ঠাইত দুটা হিমবাহ মিলিত।হয় তেতিয়া দুয়োটা হিমবাহৰে পাৰ্শগ্রাব একেলগ হৈ সন্মিলিত ডাঙৰ হিমবাহটোৰ মাজভাগেদি উটি আহে। মাজভাগেৰে উটি অহা এনে গ্রাবক মধ্যগ্রাব বোলে।
(ঘ) প্রান্ত গ্ৰাৰঃ উচ্চভূমিৰ পৰা নামি অহা হিমবাহ যত গলিবলৈ ধৰে তাত গধুৰ গ্রাববোৰ জমা হয়। হিমবাহ এটাৰ শেষ সীমাত জমা হোৱা কাৰণে এই গ্রাবক প্রান্ত গ্রাব বোলা হয়।
১৬। গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাব সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া।
উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে বায়ুমণ্ডলত সেউজগৃহ গেছসমূহ নির্গত হোৱাটো বৃদ্ধি কৰিছে। ইয়াৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি পাইছে। প্রধান সেউজগৃহ গেছবোৰ হ’ল কার্বন ডাই-অক্সাইড, অ'জন, মিথেন, নাইট্রাছ অক্সাইড, ক্ল’ৰ'ফ্লৰ'কার্বন আৰু জলীয় বাষ্প ইত্যাদি। গোলকীয় উত্তাপে পৃথিৱীৰ বায়ুমণ্ডল আৰু মহাসাগৰৰ উত্তাপ বৃদ্ধি কৰে। এই আচৰিত ঘটনাৰ মুখ্য কাৰণ হিচাপে সেউজগৃহ গেছৰ প্ৰভাৱ দায়ী। গোলকীয় উত্তাপ বৃদ্ধিৰ অন্যতম নেতিবাচক প্রভাৱ হৈছে মেৰু প্রান্ত আৰু পৃথিৱীৰ সর্বোচ্চ পর্বতশ্রেণীৰ হিমবাহবোৰক ব্যাপকভাৱে ক্ষতিগ্রস্ত কৰে। ই হিমবাহক অপ্রাকৃতিকভাৱে গলাব পাৰে আৰু ইয়াৰ ফলত মেৰুপ্রান্ত আৰু পার্বত্য অঞ্চলৰ স্থলাকৃতিত যথেষ্ট পৰিৱৰ্তন আনে। এয়া প্রমাণিত হৈছে যে মেৰু প্ৰান্তৰ বৰফ প্রধানতঃ গোলকীয় তাপমাত্রা বৃদ্ধিৰ বাবে গলিবলৈ ধৰিছে যাৰ ফলত সাগৰীয় পানীৰ স্তৰ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিছে। ই বানপানীৰ সৃষ্টি কৰাৰ লগতে সাগৰীয় জীৱসমূহ ধ্বংসৰ গৰাহত ঠেলি দিব আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্যতাৰ ক্ষতি সাধন কৰে। একেদৰে, শেহতীয়াভাৱে এই মত পোষণ কৰা হৈছে যে হিমালয়ৰ বৰফ আশা কৰাতকৈ আগতে গলিব পাৰে। এই পৰিস্থিতিয়ে অদূৰ ভৱিষ্যতে ভাৰতীয় উপমহাদেশৰ বাৰমহীয়া নদীবোৰৰ পানী শুকাই যাব পাৰে। হিমবাহবোৰ হৈছে সতেজ পানীৰ এক গুৰুত্বপূৰ্ণ উৎস। এইবোৰ যদি গলি যায় তেন্তে পৃথিৱীৰ বহু জীৱৰ অস্তিত্ব বিপদাপন্ন হ’ব পাৰে।
অতিৰিক্ত প্রশ্নোত্তৰ।
তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়াঃ
১। ইয়াৰদাং কি?
উ: অপঘর্ষণ প্রক্রিয়াৰ ফলত মৰুভূমিত ইয়াৰদাঙৰ নিচিনা অৱক্ষয়জনিত অৱয়ৰ সৃষ্টি কৰে। ইয়াৰদাং হৈছে এক প্রকাৰৰ অৱয়ব য'ত দীঘলীয়া শিৰা আৰু অগভীৰ লোৰ বা গাঁতৰ উপস্থিতি দেখা যায়। দৰাচলতে বতাহৰ ক্ৰিয়াৰ ফলত দুটা কঠিন। শিলাস্তৰৰ মাজত থকা আপেক্ষিকভাৱে কোমল শিলাস্তৰত বেছিকৈ অৱক্ষয় ঘটে। ইয়াৰ ফলত ভূ-পৃষ্ঠ ওখোৰা-মোখোৰা আকৃতিৰ হয়।
2. বাহ্যিক বল আৰু আভ্যন্তৰীণ বলৰ মাজত পার্থক্য নিৰূপণ কৰা।
উ:
3.হিমবাহৰ প্ৰান্তীয় অঞ্চলত জমা হোৱা কিছুমান অবয়বৰ নাম লিখা।
উ: হিমবাহৰ প্রান্তীয় অঞ্চলত জমা হোৱা কিছুমান অৱয়ব হৈছে এস্কাৰ, ড্রামলিন, কেম
ইত্যাদি।