ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

পৰিৱেশ ভূগােল - দশম শ্ৰেণী - ELECTIVE GEOGRAPHY - SEBA - CLASS X

Admin
0
পৰিৱেশ ভূগােল - দশম শ্ৰেণী - ELECTIVE GEOGRAPHY - SEBA - CLASS X 
CLASS X -ELECTIVE GEOGRAPHY -SEBA
পৰিৱেশ ভূগােল


১। পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয় ?
উত্তৰঃ পৰিৱেশ’ শব্দৰ দ্বাৰা একোটা জীৱৰ চৌপাশে বিৰাজ কৰা প্রাকৃতিক অৱস্থাক সূচোৱা হয়। অন্যাৰ্থত এটা জীৱৰ জীৱ-সম্প্রদায়ৰ চৌপাশৰ বিভিন্ন উপাদানক পৰিৱেশ বুলি বুজা যায়। ভৌগােলিক প্ৰসংগত পৰিৱেশ শব্দটোৱে পৃথিৱীৰ চৌপাশৰ অঞ্চলক সূচায় যাৰ অন্তৰ্গত স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলক সাঙুৰি লােৱা হৈছে। এই প্রাকৃতিক সজ্জাৰ জৰিয়তে জীৱ আৰু জড়ই সন্তুলিত ধৰণে  সহ-অৱস্থান কৰে।
                    ‘পৰিৱেশ’ শব্দটোৰ বিস্তৃত অর্থ আছে। ই একোটা তন্ত্ৰ আৰু ইয়াৰ অন্তৰ্গত বহুতাে উপতন্ত্র সামৰি লােৱা হৈছে। তন্ত্ৰ হিচাপে ইয়াত নিশ্চিত একতা আৰু সংশক্তি বিৰাজমান। ইয়াৰ অন্তৰ্গত সাঙুৰি লােৱা উপতন্ত্রবােৰ হৈছে জীৱীয় পৰিৱেশ, অজীৱীয় পৰিৱেশ, জলচক্র, কার্বন চক্র, শক্তি চক্র ইত্যাদি। এই তন্ত্রৰ এটা অনন্য বৈশিষ্ট্য এয়ে যে পৰিৱেশৰ বিভিন্ন উপতন্ত্রবােৰে পৰিৱেশত সন্তুলিত ধৰণে সহ-অৱস্থান। কৰে। এই তন্ত্ৰৰ বিভিন্ন উপাদানৰ মাজত অত্যধিক আন্তঃনির্ভৰশীলতা আৰু আন্তঃসম্পর্ক থাকে।

২। পৃথিৱীৰ বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ সম্পর্ক উদাহৰণ দি বুজোৱা।
উত্তৰঃ পৰিৱেশ চাৰিটা উপাদানৰ দ্বাৰা গঠিত। এই উপাদান চাৰিটা হৈছে স্থলমণ্ডল, বায়ুমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল। পৰিৱেশৰ এই উপাদান চাৰিটাৰ মাজত আন্তঃনিৰ্ভৰশীলতা আৰু আন্তঃক্রিয়া বিদ্যমান। প্রকৃততে, সিহঁতৰ অস্তিত্ব ৰক্ষাৰ বাবেই সিহঁত আন্তঃনিৰ্ভৰশীল হয়। প্রকৃতিৰ বিভিন্ন চক্র যেনে জলচক্র, কার্বন চক্র, নাইট্রজেন চক্র, শক্তি চক্ৰ আদিয়ে এই চাৰিওটা উপাদানৰ মাজেৰে অতিক্রম কৰে। দ্বিতীয়তে, চাৰিওটা উপাদানতে জীৱীয় আৰু অজীৱীয় কাৰক থাকে। এই উপাদানবােৰৰ বিভিন্ন কাৰকৰ মাজত আন্তঃসম্পর্কৰ জটিল তালিকা আছে। পৰিৱেশৰ উপাদান চাৰিটাৰ ভিতৰত যিকোনাে এটাত সংঘটিত হােৱা পৰিৱর্তনে আন তিনিটা উপাদানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। সূৰ্যৰ অত্যধিক বিকিৰণৰ দ্বাৰা বায়ুমণ্ডল প্রভাৱিত হলে ই জলমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ ফলত সংঘটিত হােৱা বৰফৰ গলনৰ ফলত সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধি পায় যিয়ে উপকূল অঞ্চলৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰে। ফলস্বৰূপে স্থলমণ্ডলৰ বহুতাে অঞ্চল জলমগ্ন হয়। বায়ুমণ্ডলৰ এই উত্তাপনৰ ফলত স্থলমণ্ডলত বাস কৰা বিভিন্ন অণুজীৱ, উদ্ভিদ, প্রাণী আদিৰ মৃত্যু হয়। পৰিৱেশৰ উপাদানবােৰৰ মাজৰ আন্তঃসম্পৰ্কৰ অন্য এটা উদাহৰণ হ'ল বৃষ্টিপাত সাগৰ তথা উদ্ভিদ জগতৰ পৰা হােৱা বাষ্পীভৱনৰ ফলস্বৰূপে ডাৱৰ সৃষ্টি হয়। স্থলমণ্ডল আৰু জীৱমণ্ডলত বর্তি থকা জীৱৰ বাবে বৃষ্টিপাত অতি আৱশ্যকীয়। জলাশয়ৰ পানী শুকোৱাৰ ফলত বায়ুমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডলত নেতিবাচক প্রভাৱ পৰে। স্থলমণ্ডলত সংঘটিত হােৱা নিৰ্বানীকৰণৰ ফলস্বৰূপে বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত সৃষ্টি হােৱা গােলকীয় উত্তাপনে ভূপৃষ্ঠত বাস কৰা জীৱৰ লগতে সমুদ্রতলত থকা জীৱকো প্ৰভাৱিত কৰে। গতিকে, এইটো স্পষ্ট যে পৰিৱেশৰ চাৰিওটা উপাদানৰ মাজত নিকট সম্পর্ক আছে আৰু ইহঁত পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।

৩। পৃথিৱীৰ সকলাে অঞ্চলৰ পৰিৱেশ কিয় একে নহয় চমুকৈ লিখা।
উত্তৰঃ পৰিৱেশৰ এক অতুলনীয় বৈশিষ্ট্য হৈছে যে পৃথিৱীৰ প্ৰায় সকলাে প্রান্তৰে পৰিৱেশ ভিন ভিন। উদাহৰণস্বৰূপে, বিযুৱীয় অঞ্চলৰ পাৰিৱেশিক অৱস্থা মেৰু অঞ্চলৰ পাৰিৱেশিক অৱস্থাতকৈ ভিন্ন। বিষুৱীয় অঞ্চলৰ পৰিৱেশৰ বৈশিষ্ট্য এয়ে যে ইয়াত গােটেই বছৰ জুৰি অধিক উষ্ণতা বিৰাজ কৰাৰ লগতে অধিক পৰিমাণৰ বৃষ্টিপাত হয়। ইয়াৰ বিপৰীতে মেৰু অঞ্চলৰ উষ্ণতা কম আৰু ইয়াত বৃষ্টিপাত নহয়। কিছুমান নির্দিষ্ট কাৰক যেনে অৱস্থিতি, ভূ-প্রকৃতি, জলাশয়ৰ পৰা দূৰত্ব, উচ্চতা, জলবায়ু,
উদ্ভিদকুল আৰু প্রাণীকুলৰ প্ৰকৃতি আদিৰ বাবে পাৰিৱেশিক অৱস্থাৰ তাৰতম্য ঘটে। স্থানবিশেষে এই কাৰকবােৰ ভিন্ন হােৱাৰ বাবে পৰিৱেশাে ভিন ভিন হয়। প্রকৃততে, ভূ-পৃষ্ঠৰ বিভিন্ন প্রাকৃতিক অঞ্চলৰ চিনাক্তকৰণৰ ভিত্তি হ’ল সংশ্লিষ্ট অঞ্চলৰ পাৰিৱেশিক অৱস্থা। গতিকে, পৃথিৱীৰ সকলাে অঞ্চলৰ পৰিৱেশ একে নহয়।

৪। পৰিৱেশ ভূগােলৰ সংজ্ঞা দিয়া।
উত্তৰঃ ভূগােলৰ যি শাখাই গােলকীয় পৰিৱেশৰ প্রকৃতি অধ্যয়ন কৰাৰ লগতে ইয়াৰ স্থানগতকালগত পৰিৱৰ্তনবােৰ অধ্যয়ন কৰে আৰু মানুহৰ ক্রিয়াকলাপৰ দ্বাৰা সৃষ্টি হােৱা বিভিন্ন পাৰিৱেশিক সমস্যাৰ সম্ভাৱ্য সমাধান নির্ণয়ৰ প্ৰয়াস কৰে তাকে পৰিৱেশ ভূগােল বুলি কোৱা হয়। সংক্ষেপে ব্যক্ত কৰিবলৈ গলে পৰিৱেশ ভূগােল হৈছে ভূগােলৰ এক শাখা যি পৰিৱেশক ভৌগােলিক দৃষ্টিভংগীৰে অধ্যয়ন কৰে। অন্যার্থত ই হৈছে বিজ্ঞানৰ এক শাখা যিয়ে মানুহৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ আৰু পৰিৱেশৰ। ওপৰত মানুহৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰে।

৫। ভূগােল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগােলৰ গুৰুত্ব আলােচনা কৰা।
উত্তৰঃ বর্তমান পৰিৱেশ ভূগােলৰ গুৰুত্ব যথেষ্ট বৃদ্ধিপাইছে। বিভিন্ন পাৰিৱেশিক সমস্যাই পৃথিৱীত আমাৰ জীৱন দুর্বিষহ কৰি তােলাৰ পৰিপ্ৰেক্ষিতত গৱেষকসকলৰ মাজত এই শাখাটোৰ অধ্যয়ন জনপ্রিয় হৈ উঠিছে। নির্বনানীকৰণ, গােলকীয় উত্তাপন, বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আদি পাৰিৱেশিক সমস্যাই পৃথিৱীত আমাৰ অস্তিত্ব বিপন্ন কৰি তুলিছে। এই সমস্যাবােৰৰ ফলত মানুহৰ আয়ুস, অর্থনৈতিক সম্বল, স্বাস্থ্য।আদি প্ৰভাৱিত হ’ব ধৰিছে। নতুন ৰােগৰ আৱিৰ্ভাৱ হােৱা পৰিলক্ষিত হৈছে।অলৱণাক্ত পানীৰ উৎসসমূহ শুকাবলৈ ধৰিছে। এই পৰিৱৰ্তনসমূহে পৃথিৱীত মানুহৰ জীৱন ধাৰণ দুঃসাহ কৰি তুলিছে। এই সমস্যাবােৰৰ সঠিক প্রতিকাৰ আৰু এই ক্ষেত্ৰত মানুহৰ তাৎক্ষণিক পদক্ষেপৰ প্ৰয়ােজন হােৱাৰ বাবে পৰিৱেশ ভূগােলে সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। দ্বিতীয়তে, পৰিৱেশ ভূগােলষ বিষয়বস্তুৰ অধ্যয়নৰ অন্যান্য শাখা যেনে পদার্থ বিজ্ঞান, পৰিৱেশ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, ভূতত্ত্ব, ভূগােল, জলবায়ু বিজ্ঞান আদিৰ সৈতে সাদৃশ্য আছে। কাৰণে এই শাখাবােৰৰাে বিষয়বস্তু একে। এই দিশটোৱেও পৰিৱেশ ভূগােলৰ গুৰুত্ব বৃদ্ধি কৰিছে। বর্তমানৰ পাৰিৱেশিক সমস্যাসমূহৰ লগত মােকাবিলা কৰিবলৈ পৰম্পৰাগত ধাৰণা, আহিলা আৰু কৌশলসমূহ পর্যাপ্ত নহয় বুলি বিবেচনা কৰা হৈছে। সেয়ে, পৰিৱেশ আৰু ইয়াৰ লগত জড়িত সমস্যাসমূহৰ লগত মােকাবিলা কৰিবলৈ পাৰিৱেশিক ভূগােলৰ বিকাশ সাধন কৰা বিধেয় বুলি ভবা হৈছে।

৬। পৰিৱেশ ভূগােলৰ উদ্দেশ্য আৰু অধ্যয়ন পৰিসৰৰ এটি আভাস দিয়া।
উত্তৰঃ পৰিৱেশ ভূগােলৰ পৰিসৰঃ
(১) গােলকীয় পৰিৱেশৰ প্রকৃতি।
(২) অদূৰ অতীতত পৰিৱেশত হােৱা পৰিৱৰ্তনবােৰ।
(৩) বিভিন্ন পাৰিৱেশিক সমস্যা।
(৪) খনিজ সম্পদক আর্থহিতৈষী ব্যৱহাৰ।
(৫) বহনক্ষম উন্নয়ন।
(৬) জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ।
(৭) প্রাকৃতিক দুর্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা।
(৮)পাৰিৱেশিক বিষয়ৰ অধ্যয়নত অত্যাধুনিক যন্ত্রপাতিৰ ব্যৱহাৰ।

৭। পৰিৱেশৰ উপাদান বুলিলে কি বুজা? জীৱীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা।
উত্তৰঃ পৰিৱেশৰ উপাদানৰ দ্বাৰা পৰিৱেশ গঠনকাৰী বিভিন্ন কাৰক সূচোৱা হয়। দুই শ্ৰেণীৰ উপাদানৰ দ্বাৰা পৰিৱেশ গঠিত। এইকেইটা হৈছে – জীৱীয় উপাদান আৰু অজীৱীয় উপাদান।
(১) জীৱীয় উপাদানঃ জীৱনী শক্তি থকা উপাদানবােৰক জীৱীয় উপাদান বুলি কোৱা হয়। উদাহৰণস্বৰূপে মানুহ, উদ্ভিদ, প্রাণী, অণুজীৱ, সামুদ্রিক প্রাণী ইত্যাদি। জীৱীয় উপাদানবােৰ জীৱমণ্ডলৰ অন্তর্ভুক্ত।
(২) অজীৱীয় উপাদান ও নির্জীৱ উপাদানবােৰক অজীৱীয় উপাদান বুলি কোৱা হয়। উদাহৰণস্বৰূপে, মাটি, পানী, শিল, বালি, বায়ু, সূৰ্যৰ পােহৰ, আদ্রতা ইত্যাদি। অজীৱীয় উপাদানবােৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলত পােৱা যায়।
পৰিৱেশৰ দুয়ােবিধ উপাদানৰ দুটা উল্লেখযােগ্য বৈশিষ্ট্য আছে। এই বৈশিষ্ট্য কেইটা হৈছে: 
(১) দুয়ােধৰণৰ উপাদানৰ নিকট সম্পর্ক আছে আৰুপৰস্পৰে পৰস্পৰৰ ওপৰত নির্ভশীল।
(2) জীৱীয় আৰু অজীৱীয় এই দুয়ােবিধ উপাদানৰ বৈশিষ্ট্য অঞ্চলভেদে ভিন্ন হ'ব পাৰে।

৮। তলত উল্লেখ কৰা উপাদানবােৰ জীৱীয় আৰু অজীৱীয় এই দুই ভাগত বিভক্ত কৰি লগত দিয়া তালিকাখন পুৰােৱা।
উপাদানঃ বালি, মণিক, বেক্টেৰিয়া, উদ্ভিদপ্লৱক (Phytoplankton) ঘাঁহ, বৰষুণ, আদ্রর্তা (humidity), মাটি, পানী, অৰণ্য, কীট-পতংগ, ভাইৰাছ, কয়লা, খনিজ তেল, মেনগ্রভ, সৌৰ শক্তি।
                 

উত্তৰঃ                             
           
       জীৱীয়  উপাদান                            অজীবীয়  উপাদান 
  বেক্টেৰিয়া, উদ্ভিদপ্লৱক                 বালি, মণিক, বৰষুণ, আদ্রতা,
  ঘাঁহ, অৰণ্য, কীট-পতংগ,               মাটি, পানী, কয়লা, খনিজ
  ভাইৰাছ, মেনগ্রভ।                         তেল, সৌৰশক্তি।

৯। পৰিৱেশিক সমস্যা মানে কি?
উত্তৰঃ যিবােৰ সমস্যাই পৰিৱেশৰ বিভিন্ন উপাদানবােৰৰ স্বাভাৱিক কার্য সম্পাদনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰে, সেই সমস্যাবােৰকে পাৰিৱেশিক সমস্যা বুলি কোৱা হয়। অন্যাৰ্থত পাৰিৱেশিক সমস্যা হৈছে প্রাকৃতিক বা মানবসৃষ্ট এনে কিছুমান সমস্যা যিবােৰে প্ৰকৃতিৰ ভাৰসাম্যতা বিঘ্নিত কৰে। বেছিভাগ পাৰিৱেশিক সমস্যাই মানৱসৃষ্ট। গতিকে মানুহে সঠিক পদক্ষেপ গ্রহণ কৰি এইবােৰৰ সংশােধন বা প্রতিবােধ কৰিব পাৰে।

১০। পৃথিৱীৰ পাৰিৱেশিক সমস্যা ক্রমে বৃদ্ধি পাই অহাৰ কাৰণবােৰ উল্লেখ কৰা।
উত্তৰঃ সম্প্রতি সমগ্র বিশ্বৰ জনসাধাৰণে নিজৰ দ্বাৰাই সৃষ্ট জটিল পাৰিৱেশিক সমস্যাৰ সন্মুখীন হৈছে। এই পাৰিৱেশিক সমস্যাবােৰ হৈছে নির্বনানীকৰণ, পাৰিৱেশিক নিম্নীকৰণ, গােলকীয় উত্তাপন, বায়ু প্ৰদূষণ, পানী প্রদূষণ, শব্দ প্ৰদূষণ ইত্যাদি। এই সমস্যাবােৰ সৃষ্টি হােৱাৰ প্ৰধান কাৰণবােৰ হ’লঃ
(১) জনসংখ্যা দ্রুত বৃদ্ধি ও অৰণ্য, পানী, খনিজ পদার্থ আদি প্রাকৃতিক সম্পদৰ অৱক্ষয়ৰ দ্রুত নগৰীকৰণ, ঔদ্যোগিকৰণ, জনবসতিৰ বিস্তাৰ আদিয়েই দায়ী। ২০০০ চনত বিশ্ব জনসংখ্যা ৬ বিলিয়ন আছিল। যদিও সম্প্রতি এই পৰিমাণ ৭ বিলিয়ন হৈছে। বিশ্বৰ মুঠ জনসংখ্যাৰ, নগৰীয়া জনসংখ্যাৰ শতাংশও দ্রুতভাৱে বৃদ্ধি পাইছে। ১৮০০ চনত নগৰীয়া জনসংখ্যাৰ পৰিমাণ আছিল পৃথিৱীৰ মুঠ জনসংখ্যাৰ ২ শতাংশ। এই পৰিমাণ ক্রমান্বয়ে বৃদ্ধি পাই বর্তমান প্রায় ৫০ শতাংশ হৈছে। জনসংখ্যা অত্যধিক বৃদ্ধি হােৱাৰ ফলত প্রাকৃতিক সম্পদৰ ব্যৱহাৰ বৃদ্ধি পায়। ইয়াৰ ফলত ক্ষিপ্ৰভাৱে এইবােৰৰ অৱক্ষয় সাধন হয় যাৰ ফলত পাৰিৱেশিক ভাৰসাম্যতা বিঘ্নিত হয়।
(২) সম্পদৰ অত্যধিক ব্যৱহাৰঃ প্রকৃতিয়ে জনসাধাৰণৰ বাবে পর্যাপ্ত পৰিমাণৰ সম্পদৰ যােগান ধৰিছে। কিন্তু, দুর্ভাগ্যবশতঃ মানুহে সম্পদসমূহ সঠিকভাৱে বা বিজ্ঞানসম্মতভাৱে সদ্ব্যৱহাৰ নকৰে। নিষ্কাশনৰ পৰা ব্যৱহাৰলৈকে বিস্তৃতভাৱে সম্পদৰ অপচয় হােৱাৰ পৰিপ্ৰেক্ষিতত পৃথিৱীত সেইবােৰৰ অৱক্ষয় সাধন হৈছে। জীৱন ধাৰণৰ বাবে অধিক মাত্রাত সম্পদ প্রয়ােজন হােৱাৰ বাবে মানুহে এইবােৰ দ্রুতভাৱে আহৰণ কৰে। ইয়াৰ ফলত প্রকৃতিত
ভাৰসাম্যহীনতাৰ সৃষ্টি হােৱাৰ ফলশ্ৰুতিত বহুতাে পাৰিৱেশিক সমস্যাৰ উদ্ভৱ হয়।
(৩) ঔদ্যোগিক খণ্ডৰ দ্রুত বিস্তাৰঃ উদ্যোগিক বিপ্লৱৰ সময়ৰ পৰা ঔদ্যোগিক খণ্ডৰ বহুল বৃদ্ধিয়ে বিভিন্ন সম্পদৰ ব্যৱহাৰ ত্বৰান্বিত কৰে আৰু সেইবােৰৰ ব্যৱহাৰে পৃথিৱীত অধিক প্ৰদূষণৰ সৃষ্টি কৰে। যােৱা শতিকাত ঔদ্যোগিক উৎপাদন প্রায় ১০০ গুণ বৃদ্ধি পায়। প্রায় সকলাে উদ্যোগেই কার্বন ডাই - অক্সাইড, মিথেন, ছালফাৰ ডাই-অক্সাইড, নাইট্রজেন ডাই-অক্সাইড, ক্ল’ৰফুৰ'কার্বন আদিৰ দৰে সেউজগৃহ গেছ উন্মুক্ত কৰাৰ ফলত গােলকীয় উত্তাপনৰ সৃষ্টি হয়।
(৪) যানবাহনৰ অধিক ব্যৱহাৰঃ উদ্যোগিক বিকাশ, নগৰীকৰণ আৰু জীৱনৰ মানদণ্ডৰ উন্নতিৰ অন্যতম অনিবার্য ফল হৈছে যানবাহনৰ অত্যধিক ব্যৱহাৰ। ইয়াৰ ফলত অধিক মাত্রাত ধোঁৱা নির্গত হােৱাৰ লগতে সেউজগৃহ গেছৰ সৃষ্টি কৰে যাৰ ফলত গােলকীয় উত্তাপনৰ সৃষ্টি হয়। বর্ধিত হাৰত আকাশীযান চলাচলৰ পৰিণতিত পুঞ্জীভূত হােৱা কিছুমান গেছে অ'জন স্তৰৰ ক্ষতি সাধন কৰে। অ'জন স্তৰৰ অৱক্ষয়ে পৃথিৱীত বৰ্তি থকা জীৱৰ ওপৰত বিৰূপ প্রভাৱ পেলায়।

১১। পৰিৱেশৰ ভাৰসাম্য অবস্থা বুলিলে কি বুজা?
উত্তৰঃ পৰিৱেশৰ ভাৰসাম্য অৱস্থা বুলিলে পৰিৱেশৰ বিভিন্ন উপাদানসমূহৰ দ্বাৰা নিয়ন্ত্রিত পাৰিৱেশিক ভাৰসাম্যতাকে বুজা যায়। প্রকৃতিয়ে পৰিৱেশত এক পাৰিপাৰ্শ্বিক ভাৰসাম্যতা নিয়ন্ত্রণ কৰে যদিহে এইভাৰসাম্যতা বিঘ্নিত হয়,ই বহুতাে পৰিৱেশজনিত
সমস্যাৰ উৎপত্তি কৰে।
(১) যিকোনাে দেশত প্ৰকৃতিত এক উপযুক্ত পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই 'ৰাখিবলৈ হ'লে ৩৩ শতাংশ অৰণ্য বা সেউজ আৱৰণ থকা উচিত। ই পৰ্বতীয়া প্ৰান্তত আৰু অধিক (প্রায় ৬০ শতাংশ) হােৱা উচিত, যদিহে এনে অঞ্চলত শতকৰা হাৰ কম হয় তেন্তে ভূমিক্ষয়, ভূ-স্থলন আৰু পানীৰ অভাৱৰ দৰে প্রাকৃতিক দুর্যোগ এনে স্থানত সৃষ্টি হ’ব।
(২) পৰিৱেশৰ বিভিন্ন জীৱীয় আৰু অজীৱীয় উপাদানৰ মাজত এক পাৰিপাৰ্শ্বিক ভাৰসাম্যতা আছে। গতিকে এইউপাদানবােৰৰ যিকোনাে এটা বস্তুৰ অৱক্ষয়ে সমগ্ৰ পৰিৱেশৰ বিস্তৰ ক্ষতিসাধন কৰিব।
(৩) জীৱীয় কাৰৰ বিভিন্ন জীৱৰ মাজত আৰু অজীৱীয় কাৰকৰ বিভিন্ন পদাৰ্থৰ মাজত পাৰিৱেশিক ভাৰসাম্যতা বিৰাজ কৰে।
(৪) বিভিন্ন পাৰিপাৰ্শ্বিক চক্র যেনে জল কার্বন চক্র, নাইট্রজেন চক্র আছে। যিবােৰে পৰিৱেশৰ ভাৰসাম্য অৱস্থা বজাই ৰখাত অৱদান যােগায়।

১২। “নির্বনানীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল’-উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা।
উত্তৰঃ অৰণ্যৰ নির্মূলীকৰণ বর্তমান বিশ্বই সন্মুখীন হােৱা এক প্রধান পৰিৱেশজনিত সমস্যা। পৃথিৱীৰ সেউজ আৱৰণীখন বিপদজনক হাত হ্রাস পাইছে। যিকোনাে এখন দেশৰ বাবে সেউজ আৱৰণীৰ ন্যূনতম আৱশ্যকীয় শতকৰা হাৰ হৈছে ৩৩ শতাংশ। কিন্তু দুর্ভাগ্যবশতঃ বহুতাে ঔদ্যোগিকভাৱে উন্নত দেশৰ আৰু উন্নয়নশীল দেশৰ অৰণ্যাবৃত অঞ্চলৰ আৱশ্যকীয় বিস্তৃতিৰ অভাৱ। ই বিভিন্ন সমস্যাৰ সৃষ্টি কৰে যি পৃথিৱীত আমাৰ অৱস্থিতিৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছে। একে সময়তে, অৰণ্যাঞ্চলবােৰ উদ্যোগ, মানুহৰ বাসস্থান, বিজুলি উৎপাদন ইত্যাদিৰ লগত জড়িত কিছুমান বিকাশমূলক কার্য আৰম্ভ কৰাৰ বাবে পৰিষ্কাৰ কৰিবলগীয়া হয়। এই প্রসংগতে, আমি কওঁ যে অৰণ্যৰ নিমূলকৰণ বহুতাে সমস্যাৰ কাৰণ আৰু বহুতাে বিকাশমূলক প্রক্রিয়াৰ ফল। নির্বনানীকৰণৰ ওপৰত কৰা এক অধ্যয়নত প্রকাশ পায় যে, ই পৃথিৱীততলত দিয়া সমস্যাবােৰৰ সৃষ্টি কৰে।
(i) ইখৰাং পৰিস্থিতি আৰু বৃষ্টিপাতহীনতাৰ সৃষ্টি কৰে।
(ii) প্রয়ােজনীয় বৃষ্টিপাতৰ অভাৱৰ ফলত ই কৃষি উৎপাদন হ্রাস কৰে।
(ii) ই ভূমিস্থলন আৰু ভূমিক্ষয়ৰ সৃষ্টি কৰে।
(iv) ই কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে, অন্যথা এয়া গছে শােষণ কৰিলেহেঁতেন।
(v) ই পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ কাৰণ।।
(vi) ই জৈৱ বৈচিত্র্যক প্ৰভাৱিত কৰে।
(vii) ইপাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিঘ্নিত কৰাৰ ফলত বহুতাে পাৰিৱেশিক সমস্যাৰ সৃষ্টি হয়। যদিও নির্বনানীণে বহুতাে সমস্যাৰ সৃষ্টি কৰে, তথাপিতাে ইয়াৰ কিছুমান ইতিবাচক দিশ আছে। প্রকৃততে, বহুতাে দেশত বিভিন্ন বিকাশমূলক আঁচনি আৰু প্রকল্প আৰম্ভ হােৱাৰ বাবে দায়ী নির্বনানীকৰণ। নির্বনানীকৰণৰ জৰিয়তে উদ্ভৱ হােৱা কিছুমান।
প্রধান উপকাৰ হৈছেঃ 
(i) ই মানৱৰ বসতিৰ বাবে অধিক স্থানৰ যােগান ধৰে।
(ii) ইঔদ্যোগিক বিস্তাৰৰ বাবে অধিক স্থানৰ যােগান ধৰে।
(i) অৰণ্যৰ পৰা লাভ কৰা কাঠৰ দ্বাৰা নিৰ্মাণ উদ্যোগসমূহ যথেষ্ট উপকৃত হয়।
(iv) বিভিন্ন বনজ সম্পদৰ ব্যৱহাৰৰ ফলশ্ৰুতিত ৰে'ল, কাগজ উদ্যোগ, ৰাসায়নিক উদ্যোগ আদিয়ে বিস্তাৰ লাভ কৰে।
(v) ইনগৰীয়া কেন্দ্ৰৰ বিস্তাৰত অৰিহণা যােগায়।
(vi) অৰণ্যাঞ্চলৰ পৰিষ্কাৰকৰণে কৃষিযােগ্য মাটিৰ বিস্তৃতি বৃদ্ধি কৰে। ই দেশত খাদ্য উৎপাদন বৃদ্ধি কৰিব পাৰে।

১৩। গােলকীয় উত্তাপ বৃদ্ধি মানে কি? ইয়াৰ প্ৰধান কাৰণবােৰ উল্লেখ কৰা।
উত্তৰঃ বায়ুমণ্ডলত কার্বন ডাই-অক্সাইড, জলীয় বাষ্প আদি সেউজগৃহ গেছৰবৰ্ধিত নির্গমণে সৃষ্টি কৰা গােলকীয় উত্তাপনৰ পৰিঘটনাটোৱেই হৈছে গােলকীয় উষ্ণতা বৃদ্ধি। সম্প্রতি ই এক অন্যতম প্রধান পাৰিৱেশিক সমস্যাত পৰিণত হৈছে।
গােলকীয় উত্তাপনৰ প্ৰধান কাৰণবােৰ হ’লঃ 
(i) জীবাশ্মী ইন্ধনৰ ব্যৱহাৰঃ বায়ুমণ্ডলত সেউজগৃহ গেছৰ বৃদ্ধি হােৱাৰ অন্যতম মুখ্য কাৰণ হৈছে স্ট্রেলিয়াম, ডিজেল, কেৰাচিন, কয়লা ইত্যাদি দৰে জীৱাশ্মী ইন্ধনৰ দহন। এই ইন্ধনবােৰ যানবাহন, উদ্যোগ, ঘৰ ইত্যাদিত ব্যৱহাৰ কৰাৰ ফলত কার্বন ডাই-অক্সাইড, কার্বন মনক্সাইড, ছালফাৰ অক্সাইড আদি গেছৰ নির্গমণ কৰে।
(ii) নির্বনানীকৰণঃ ব্যাপক হাৰত হােৱা নির্বনানীকৰণৰ ফলত সেউজগৃহ গেছ সমূহ বিশেষতঃ কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰিছে। বৃক্ষই সাধাৰণতে মানুহে'ত্যাগ কৰা কার্বন ডাই-অক্সাইডক অক্সিজেনলৈ ৰূপান্তৰিত।কৰে। কিন্তু বর্তমান সেউজ আৱৰণখন বিপদজনক হাৰত সংকুচিত হােৱা আৰু জনসংখ্যা।দ্রুত হাৰত বৃদ্ধি হােৱাটোৱেবায়ুমণ্ডলত কার্বন ডাই-অক্সাইড।পৰিমাণ বৃদ্ধি কৰিছে যাৰ ফলত বায়ুমণ্ডলৰ তাপমাত্রা বৃদ্ধি।পাইছে।
(iii) ক্লৰফুৰ'কার্বনৰ পৰিমাণ বৃদ্ধি ও শীত তাপ নিয়ন্ত্রক যন্ত্র, প্রশীতক যন্ত্র আদিৰ ব্যৱহাৰ, ঔদ্যোগিক দ্ৰাৱকৰ বাষ্পীভৱন আৰু প্লাষ্টিক ফ’মৰ উৎপাদনৰ ফলস্বৰূপে বায়ুমণ্ডলত ক্ল’ৰফুৰ'কার্বনৰ পৰিমাণ বৃদ্ধি পায়। এই গেছসমূহে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰে আৰু অ'জন স্তৰৰ বিস্তৃতি হ্রাস কৰে।
(iv) মিথেনৰ বর্ধিত উৎপাদনঃ জলাহ, পিতনি আদিৰ দৰে অক্সিজেনৰ অভাৱ।থকা স্থানত বেক্টেৰিয়াই মৃত পদার্থক কৰা বিভংগনৰ ফলত মিথেন উৎপন্ন।হয়। তেল, প্রাকৃতিক গেছৰ ব্যৱহাৰ আৰু উৎপাদন আৰু জৈৱ পদার্থ। অসম্পূর্ণ দহনৰ ফলতাে মিথেন উৎপন্ন হয়। মৃত জন্তুৰ অৱশিষ্ট আৰু মানুহ তথা জন্তুৰ বিষ্ঠা মুকলি স্থানত নিক্ষেপ কৰা কাৰ্যইবায়ুমণ্ডলত মিথেনৰ পৰিমাণ বৃদ্ধি কৰে।
(v) নাইট্রজেন ঃ বর্ধিত গােলকীয় উত্তাপনৰ বাবে নাইট্রজেন ডাই-অক্সাইড আৰু নাইট্রাঅক্সাইডৰ দৰে নাইট্রজেনযুক্ত গেছসমূহ দায়ী। আকাশীযান জৈৱ ভৰৰ দহন, নাইট্রজেন সমৃদ্ধ ইন্ধন, নাইট্রজেনযুক্ত সাৰ আদিৰ দ্বাৰা নির্গমণ ঘটে।
(vi) আগ্নেয়গিৰীয় ক্রিয়াকলাপ ও আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত বহু গেছ। বায়ুমণ্ডলত নির্গত হয়, আগ্নেয়গিৰিৰ উদগীৰণে সাধাৰণতে বায়ুমণ্ডলত।কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে। সকলাে সেউজগৃহ গেছৰ ভিতৰত কার্বন ডাই-অক্সাইডে পৃথিৱীৰ তাপমাত্রা বৃদ্ধিত সর্বাধিক মাত্রাত অৰিহণা যােগায়।

১৪। গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হ'ব পৰা সমস্যাবােৰৰ এটি আভাস দিয়া।
উত্তৰঃ গােলকীয় উষ্ণতাৰ প্ৰভাৱ বহুমুখী। ই জলবায়ুৰ প্ৰকৃতিত আমূল পৰিৱৰ্তন সূচনা কৰিব পাৰে, যি তাৰ পিছত মানুহক আৰু তেওঁৰ ক্রিয়াকলাপ বিঘ্নিত কৰে আৰু পৃথিৱীৰ সকলাে জীৱৰ ওপৰত প্ৰভাৱ পেলায়। গােলকীয় উষ্ণতাৰ ফলত সৃষ্টি হ'ব পৰা কিছুমান সমস্যা তলত দিয়া হৈছেঃ
(i) সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধিঃ গােলকীয় উত্তাপনৰ এক অন্যতম প্রধান প্রভাৱ এয়ে যে ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব। নির্ধাৰণ কৰা হৈছে যে, মেৰু অঞ্চলত ২° ছেণ্টিগ্রেডৰ পৰা ৩° ছেন্টিগ্রেড পর্যন্ত উষ্ণতা বৃদ্ধিয়েও বৃহৎ মাত্ৰাত বৰফৰ গলন ঘটাই সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰিব পাৰে। সমুদ্রপৃষ্ঠৰ উচ্চতা ১ মিটাৰ বৃদ্ধি হ'লেও উপকূলবর্তী অঞ্চলত ৫ নিযুত বর্গ কিল'মিটাৰ ভূ-খণ্ড জলমগ্ন হ'ব পাৰে। ইয়াৰ ফলত সামুদ্রিক দ্বীপ, প্রবাল দ্বীপ,বদ্বীপ অঞ্চল আদি যথেষ্ট প্রভাৱিত হ'ব।
(ii) বেছিভাগ অঞ্চল খৰাং প্রান্ত হ’বঃ গােলকীয় উষ্ণতাৰ এক অনিবার্য ফল হৈছে, ই বেছিভাগ অঞ্চল খৰাং আৰু প্রায় মৰুভূমিৰ স্থিতি প্রদান কৰিব। উদ্ভিদ জগতৰ বেছিভাগ উদ্ভিদে উত্তাপ সহ্য কৰিবলৈ অক্ষম হ’ব আৰু মৃত্যু ঘটিব। অৰণ্য প্ৰান্তৰ বৃহৎ ভাগ তৃণভূমিত পৰিণত হ'ব আৰু পৰ্বতৰ হিমবাহ অঞ্চলবােৰ সংকুচিত হ'ব।
(iii) কৃষিৰ ক্ষেত্ৰত প্ৰভাৱঃ গােলকীয় উষ্ণতাৰ অন্যতম গুৰুত্বপূৰ্ণ ক্ষতি হৈছে ই কৃষি উৎপাদনৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব। বর্তমানৰ বেছিভাগ খাদ্য শস্যই বর্ধিত উত্তাপক সহ্য কৰাত অসমর্থ হ'ব আৰু ফলত কৃষি উৎপাদন নিম্নগামী হ’ব। ইদুর্ভিক্ষ আৰু দৰিদ্ৰতাৰ সৃষ্টি কৰিব। কৃষি ৰপ্তানি হ্রাস হ’ব আৰু খাদ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নিম্নগামী হ'ব। কৃষি নিম্নগামী হােৱাৰ ফলত গ্রাম্য অঞ্চলৰ পৰা নগৰী কেন্দ্ৰলৈ বৃহৎ ৰূপে লােকৰ প্ৰৱজন হ’ব, যি বহু সংখ্যক সামাজিক-অর্থনৈতিক সমস্যাৰ সৃষ্টি হব।
(iv) পাৰিপাৰ্শ্বিক ভাৰসাম্যতাৰ ব্যাঘাত ঃ প্ৰকৃতিত পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিৰাজ কৰে। নির্বনানীকৰণ, গােলকীয় উত্তাপন, পানী প্ৰদূষণ আদি মানব সৃষ্ট কাৰকৰ দ্বাৰা এই পাৰিস্থিতিক ভাৰসাম্যতা বিঘ্নিত হলে প্রাকৃতিক দুর্যোগৰ সূচনা হ’ব পাৰে। উষ্ণতা বৃদ্ধিৰ ফলত বিভিন্ন শ্রেণীৰ অণুজীৱ ধ্বংস হ’ব। বর্ধিত তাপ সহ্য কৰিবলৈ কিছুমান উদ্ভিদ অক্ষম হ'ব। এই আটাইবােৰে পাৰিস্থিতিক ভাৰসাম্যতা বিঘ্নিত কৰাৰ ফলত গুৰুতৰ নেতিবাচক প্রভাৱ পৰিব।
(v) অস্থিৰ জলবায়ু স্থিতিঃ গােলকীয় উষ্ণতাৰ অন্যতম গুরুত্বপূর্ণ ফলাফল হৈছেইবৃষ্টিপাত হ্রাস কৰিব আৰু অস্থিৰ জলবায়ুৰ পৰিস্থিতি উৎপন্ন কৰিব। অৰণ্য আৰু সেউজ আৱৰণ বৃষ্টিপাতৰ বাবে অতি আৱশ্যক। বর্ধিত উষ্ণতাই সেউজ আৱৰণৰ বিস্তৃতি হ্রাস কৰিব, যাৰ ফলত বৃষ্টিপাত কমিব। কম বৃষ্টিপাতৰ নেতিবাচক প্রভাৱ এয়ে যে ইয়াৰ ফলত অধিক অঞ্চল শুষ্ক হ’ব। কৃষি উৎপাদন নিম্নগামী হ'ব, অলৱণাক্ত পানী কম পৰিমাণে উপলব্ধ হ'ব।

১৫। গােলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কর্তব্য সম্বন্ধে চমুকৈ লিখা।
উত্তৰঃ আমি বর্তমান সন্মুখীন হােৱা অন্যতম গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক সমস্যা হৈছে গােলকীয় উষ্ণতাৰ সমস্যা। ইখৰাং পৰিস্থিতি, কৃষি হ্রাস, পাৰিপাৰ্শ্বিক ভাৰসাম্যহীনতা, বৰষুণৰ অভাৱ আদিৰ সৃষ্টি কৰে। গতিকে গােলকীয় উষ্ণতা বৃদ্ধিৰ পৰিসৰ হ্রাস কৰাৰ বাবে সকলাে পদক্ষেপ গ্রহণ কৰিব লাগিব। গােলকীয় উষ্ণতা বৃদ্ধিক নিয়ন্ত্রণ কৰিবৰ বাবে সাধাৰণ মানুহৰ কিছুমান কর্তব্য তলত দিয়া হৈছে।
(i) জধে-মধে গছ কটাটো বন্ধ কৰা।
(ii) য’তেই আৰু যেতিয়াই সম্ভৱ অধিক মাত্রাত বৃক্ষৰােপণ কৰিব লাগে।
(iii) পৰিৱেশ হিতৈষী আধুনিক গেজেট/আহিলাবােৰ ব্যৱহাৰ
কৰা।
(iv) জনসংখ্যা বৃদ্ধিৰ উচচ হাৰক নিয়ন্ত্রণ কৰা।
(v) খনিজ তেল, প্রাকৃতিক গেছৰ দৰে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰা।
(vi) সৌৰশক্তি, বতাহ শক্তি আৰু জৈৱিকশক্তিৰ দৰে অপৰম্পৰাগত শক্তিৰ উৎসবােৰৰ ব্যৱহাৰ বৃদ্ধি কৰা।
(vii) বৈদ্যুতিক বাল্ব, শীত/তাপ নিয়ন্ত্রক যন্ত্র আদিৰ ব্যৱহাৰ হ্রাস কৰা।
(viii) মুকলি স্থানত প্লাষ্টিক আৰু নাইলনৰ সামগ্ৰী জ্বলােৱাটো প্ৰতিৰােধ কৰা ।
(ix) ব্যক্তিগত যান-বাহনতকৈ ৰাজহুৱা পৰিবহণ ব্যৱস্থা অধিক মাত্রাত ব্যৱহাৰ কৰা। 
(x) মৃত প্রাণী আৰু বর্জ্য পদার্থক মুকলি স্থানত নিক্ষেপ কৰাৰ পৰা বিৰত থকা কিয়নাে এনে কৰিলে মিথেন উৎপন্ন হ'ব পাৰে।

১৬। সেউজগৃহ গেছ কেইটামানৰ নাম লিখা।
উত্তৰঃ কিছুমান মুখ্য সেউজগৃহ গেছ হৈছে কার্বন ডাই-অক্সাইড (C0,), মিথেন (CH), নাইট্রাছ অক্সাইড (NO), ক্ল'ৰ'ৰ'কার্বন (CFCs), জলীয় বাষ্প ইত্যাদি।

১৭। বায়ু প্ৰদূষণ বুলিলে কি বুজা? কি কি কাৰণত বায়ু প্ৰদূষিত হয় ?
উত্তৰঃ পৃথিৱীপৃষ্ঠৰ বায়ুমণ্ডলত বিভিন্ন প্রদূষণকাৰী পদার্থ যােগ হােৱাৰ ফলত বায়ুৰ প্ৰদূষণ হয়। ই সম্পত্তি, উদ্ভিদ, প্রাণী তথা মানুহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। কার্বন ডাই-অক্সাইড, কার্বন মন’ক্সাইড, সীহ, নাইট্রজেন অক্সাইড, ধোঁৱা আৰু ছালফাৰ
ডাই অক্সাইড আদি হ’ল বায়ু প্ৰদূষণকাৰী পদার্থ।
বায়ু প্ৰদূষণৰ উৎসবােৰ দুটা ভাগত ভগাব পাৰি ঃ
(ক) প্রাকৃতিক উৎসঃবায়ু প্ৰদূষণৰ প্ৰাকৃতিক উৎসবােৰ হ’ল আগ্নেয়গিৰি উৰ্গীৰণ, জৈৱিক পচন, বনজুই আদি। পৃথিৱীপৃষ্ঠত থকা তেজস্ক্রিয় খনিজ পদার্থবােৰ বায়ুমণ্ডলীয় তেজস্ক্রিয়তাৰ উৎস।
(খ) মানুহৰ দ্বাৰা সৃষ্ট উৎসঃ তাপ শক্তি প্রকল্প, ঔদ্যোগিক প্রতিষ্ঠান, যানবাহনৰ নির্গমন, জীৱাশ্ম ইন্ধনৰ দহন আদি মানৱ সৃষ্ট প্ৰদূষণৰ উৎস। তাপশক্তি প্রকল্প, ঔদ্যোগিক প্রতিষ্ঠান আদিত কয়লা ব্যৱহাৰ হয় আৰু ইয়াৰ পৰা প্ৰদূষক, যেনেঃ বায়ুমণ্ডলীয় ছাই আৰু ছালফাৰ ডাই-অক্সাইড উৎপন্ন হয়। কার্বন মন’ক্সাইড, নাইট্রজেন অক্সাইড আৰু হাইড্রকার্বন যানবাহনৰ পৰা নির্গত হয়।

১৮। বায়ু প্ৰদূষণে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।
উত্তৰঃ বায়ু প্ৰদূষণে জীৱ আৰু জড় উভয়ৰে ওপৰত বিৰূপ প্ৰভাৱ পেলায়। বায়ু প্ৰদূষণৰ ফলত নিম্নোক্ত সমস্যাৰ সৃষ্টি হ’ব পাৰে ?
(i) দীর্ঘসময় ধৰি বায়ু প্ৰদূষক (ছিগাৰেটৰ ধোঁৱাকে ধৰি)ৰ সংস্পৰ্শত থাকিলে বিভিন্ন ধৰণৰ ৰােগ যেনে হাওঁফাওঁৰ কৰ্কট ৰােগ, হাপানি, ক্রনিক ব্রংকাইটিছ আদি হ’ব পাৰে।
(ii) বায়ু প্ৰদূষকৰবাৰে পাতৰ পত্ৰৰন্ধেৰে প্ৰৱেশ কৰি পাতৰ কোষত থকা ক্ল’ৰ’ফিল নষ্ট কৰে যাৰ ফলত সালােক সংশ্লেষণ কার্য ব্যাহত হয়।
(ii) প্ৰদূষিত বায়ুমণ্ডলৰ মাজেৰে যেতিয়া বৰষুণ নামি আহে তেতিয়া এছিড বৰষুণ হয়। এছিড বৰষুণৰ লগত ছালফিউৰিক এছিড আৰু নাইট্রিক এছিড মিহলি হৈ থাকে। ই উদ্ভিদ আৰু প্ৰাণীৰ কাৰণে ক্ষতিকাৰক। এছিড বৰষুণে মার্বলেৰে তৈয়াৰী অট্টালিকাবােৰৰ ক্ষতিসাধন কৰে।
(iv) বায়ু প্ৰদূষকবােৰ বৰষুণৰ পানীৰ লগত মিহলি হােৱাৰ ফলত হ্রদ আৰু অন্যান্য জলাধাৰবােৰৰ বিশুদ্ধ পানী আম্লিক হৈ পৰে। ফলত মাছ আৰু পানীত থকা অন্যান্য জীৱৰ জীৱনৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।
(v) প্ৰদূষকবােৰে ক্ষয়ীভৱনৰ দ্বাৰা ঘৰৰ পকীবেৰ, ৰং আদি নষ্ট কৰে। বায়ুমণ্ডলত ছালফাৰ ডাই-অক্সাইড (SO,) আৰু জলীয় বাষ্পৰ উপস্থিতিয়ে পদাৰ্থৰ ওপৰত ক্ষয়ীভৱনৰ মাত্রা বঢ়ায়।

১৯। পানী কিদৰে প্ৰদূষিত হয় ? পানী প্ৰদূষণৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পানীৰ ৰাসায়নিক, ভৌতিক আৰু জৈৱিক গুণবােৰ হ্রাস হােৱাকে জল প্ৰদূষণ বােলা হয়। বহুতাে কাৰণৰ বাবে পানী প্ৰদূষিত হয়। জল প্ৰদূষণৰ কেইটামান মুখ্য কাৰণ হৈছেঃ
(i) সতেজ জলৰ উৎসত নলা আৰু মাটিৰ তলৰ নলাৰ দ্বাৰা পানী পেলােৱা।
(ii) টক্সিক ৰসায়ন, এছিড, এলকালি, ধাতৱীয় লােণ, ফেন’ল, চাইনায়ড, এমনিয়াম ৰেডিঅ’ এক্টিভ সামগ্ৰীৰ দ্বাৰা গঠিত উদ্যোগিক আৱৰ্জনক পানীত পেলােৱা।
(iii) সাৰ আৰু কীটনাশকৰ দৰে কৃষি ৰাসায়নিকৰ ব্যৱহাৰ, যিবােৰ বৰষুণৰ পানীৰ দ্বাৰা বৈ গৈ পানীত পৰেগৈ ।
(iv) ধােৱা আৰু পৰিষ্কাৰ কৰাত চিন্থেটিক ডিটাৰজেণ্টৰ ব্যৱহাৰ।
(v) খনন কাৰ্য আৰু জাহাজত মাল বােজাই কৰাৰ সময়ত তেল চিটিকি সমুদ্র পানীত পৰে। 
প্ৰদূষিত পানীয়ে বিভিন্ন প্রকাৰে ক্ষতিসাধন কৰিব পাৰে। জল প্ৰদূষণৰ কিছুমান প্রধান ক্ষতি হৈছে।
(i) জৈৱিক বস্তুবােৰ পানীত উপস্থিত থকা ক্ষুদ্র জীৱ অনুজীৱৰ দ্বাৰা পানীত ক্ষয় যায়। ইপানীত মিশ্রিত থকা অক্সিজেন হ্রাস কৰে, অক্সিজেনৰ নিম্নমানৰ মিশ্রণ হােৱাটো জলজাত প্রাণী বিশেষকৈ মৎস্য জগতৰ বাবে ক্ষতিকাৰক।
(i) কলেৰা, ডিচেণ্টি, টাইফয়ড, জণ্ডিচ ইত্যাদিৰ দৰে জল জনিত ৰােগবােৰ, আৱৰ্জনাৰ দ্বাৰা পানী প্ৰদূষিত হােৱাৰ ফলত প্ৰসাৰিত হয়।
(i) জল প্রদূষণে ভূমিৰ উৎপাদনশীলতা হ্রাস কৰিব পাৰে।
(iv) গধুৰ ধাতু, কীটনাশক, চায়নাইড আৰু অন্যান্য জৈৱ আৰুঅজৈৱ যৌগৰ দৰে প্রদূষকবােৰ জলজ জীৱবােৰৰ বাবে ক্ষতিকাৰক।
(v) খােৱা পানীৰ যােগেদি কীটনাশক অৱশেষত মানুহৰ সংস্পৰ্শলৈ আহে আৰু বহুতাে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে।

২০। পাৰিৱেশিক সমস্যা সমাধানৰ কাৰণে মানুহে কেনে ধৰণৰ পদক্ষেপ ল’ব পাৰে বহলাই লিখা।
 উত্তৰঃ বর্তমান পৃথিৱী নির্বনানীকৰণ, গােলকীয় উত্তাপন, বায়ু প্ৰদূষণ, জল প্রদূষণ, ভূমি প্রদূষণ, শব্দ প্ৰদূষণ, পাৰিৱেশিক নিম্নীকৰণ আদি সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাবোেৰৰ প্ৰধান কাৰণবােৰ হৈছে জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ, যানবাহনৰ বর্ধিত ব্যৱহাৰ, খনিজ পদার্থৰ ব্যৱহাৰ, জীৱষ্ম ইন্ধনৰ দহন ইত্যাদি। এই পাৰিৱেশিক সমস্যাবােৰৰ সমাধানত মানুহে উল্লেখযােগ্য অৱদান আগবঢ়াব পাৰে। পাৰিৱেশিক সমস্যাৰ সমাধানত মানুহে গ্ৰহণ কৰিব পৰা কেইটামান পদক্ষেপ হৈছেঃ
(i) জনসংখ্যা বৃদ্ধিক নিয়ন্ত্রণ কৰা, যাতে বিভিন্ন সম্পদৰ চাহিদা নিয়ন্ত্রণত থাকে।
(ii) গছ কটা বন্ধ কৰাৰ বাবে কঠোৰ আইন প্ৰৱৰ্তন কৰা ।
(iii) সেউজ আৱৰণী বা অৰণ্যৰ আৱৰণীৰ অধীনলৈ অধিক অঞ্চল অনাৰ বাবে পৰিকল্পিত প্রয়াস কৰা।
(iv) ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ কম কৰা। জৈৱিক সাৰৰ ব্যৱহাৰ অনুপ্রাণিত কৰা।
(v) সৌৰ, বতাহ, আৰু জৈৱিক শক্তিৰ দৰে অপৰম্পৰাগত শক্তিৰ উৎসবােৰৰ ব্যৱহাৰ অধিক কৰা।
(vi) প্লাষ্টিক আৰু নাইলনৰ দৰে পচন নােহােৱা বস্তুবােৰৰ ব্যৱহাৰ নকৰা।
(vi) সকলাে আৱৰ্জনা বিশেষকৈ ঔদ্যোগিক আৰু নগৰীয়া আৱৰ্জনবােৰৰ পুনৰাৱৰ্তন কৰা।
(vi) অ'জন স্তৰক ধ্বংস কৰা ক্ল'ৰ'ফুৰ'কার্বন উৎপাদনকাৰী সামগ্রীক ব্যৱহাৰ নকৰা।
(ix) জীৱাশ্ম ইন্ধন বিশেষকৈ কয়লা আৰু তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰা।
(x) প্রয়ােজন নােহােৱা সময়ত বৈদ্যুতিক আহিলাৰ ছুইছ বন্ধ কৰাৰ দ্বাৰা বিজুলী বচোৱা ।
(xi) নবীকৰণযােগ্য শক্তিৰ উৎসৱােৰ জনপ্রিয় কৰা আৰু গ্ৰহণ কৰা।
(xii) উদ্যোগিক সৌচাগাৰৰ আৱৰ্জনা নদীত পেলােৱা কার্য নিষিদ্ধ কৰা। 

অতিৰিক্ত প্রশ্নোত্তৰ
🌑 তলৰ প্রশ্নবােৰৰ উত্তৰ দিয়া ।
১। পৰিৱেশৰ উপাদানবােৰৰ বর্ণনা দিয়া।
উত্তৰঃ পৰিৱেশ মুখ্যতঃ চাৰিটা উপাদানৰ দ্বাৰা গঠিত। এই উপাদানবােৰ হৈছে স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল আৰু বায়ুমণ্ডল।
(i) স্থলমণ্ডল ও স্থলমণ্ডলে পৃথিৱীৰ উপৰিভাগৰ ভূমি অংশক বুজায়। ইশিল, খনিজ পদার্থ, মাটি, বালি ইত্যাদিৰ দ্বাৰা গঠিত আৰু পৃথিৱীৰ উপৰিভাগৰ প্রায় ২৯ শতাংশ আৱৰি আছে। বিভিন্ন প্রকাৰৰ উদ্ভিদ আৰু মানুহ প্রমুখ্যে বিভিন্ন প্রাণী স্থলমণ্ডলত বাস কৰে।
(ii) জলমণ্ডলঃ পৃথিৱীৰ জলভাগক জলমণ্ডল বুলি কোৱা হয়। ই সাগৰ, মহাসাগৰ, নদী, হ্রদ ইত্যাদিৰে গঠিত। জলমণ্ডলৰ দ্বাৰা পৃথিৱীৰ উপৰিভাগৰ প্রায় ৭০ শতাংশ আবৃত।
(ii) জীবমণ্ডল ও পৃথিৱী আৰু ইয়াৰ বায়ুমণ্ডলৰ জীৱবৰ্তি থকা ভাগক জীৱমণ্ডল বুলি কোৱা হয়। উদ্ভিদ, প্রাণী সমন্বিতে সকলাে প্ৰকাৰৰ জীৱ জীৱমণ্ডলত বাস কৰে।
(iv) বায়ুমণ্ডল ও পৃথিৱীৰ চৌদিশে থকা বায়ুৰ তৰপক বায়ুমণ্ডল হিচাপে জনা যায়। নাইট্রজেন, অক্সিজেন, কার্বন ডাই-অক্সাইড, হাইড্রজেন আদি বিভিন্ন গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত। বায়ুমণ্ডলৰ উচ্চতা পৃথিৱীৰ উপৰিভাগৰ পৰা প্রায় ৪৮০ কিঃমিঃ লৈ বিস্তৃত হৈ থাকে।

২। পানী প্ৰদূষণৰ নিয়ন্ত্ৰণৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ বর্তমান আমি সম্মুখীন হােৱা পাৰিপাৰ্শ্বিক সমস্যাৰ ভিতৰত জল প্রদূষণ এক অন্যতম সমস্যা। পানী প্ৰদূষণৰ কাৰণবােৰ হ’ল নগৰীয়া কেন্দ্ৰবােৰৰ প্ৰতি জল ঔদ্যোগিক আৱৰ্জনাৰ নিক্ষেপণ, কৃষি ভিত্তিক ৰাসায়নিক পদার্থৰ ব্যৱহাৰ, সাংশ্লেষিক তাপমাজক,
তৈল পদাৰ্থৰ সংযােজন ইত্যাদি। 
নিম্নোক্ত ব্যৱস্থাসমূহ গ্ৰহণ কৰি পানী প্ৰদূষণ নিয়ন্ত্রণ কৰিব পাৰিঃ
(i) মানুহৰ আৰু জন্তুৰ বিষ্ঠা আৰু আৱৰ্জনা পানীত পেলােৱাৰ পৰা সংশ্লিষ্ট লােকসকল বিৰত থাকিব লাগিব।
(ii) ঔদ্যোগিক আৱৰ্জনবােৰ পানীত পেলােৱাৰ আগতে পৰিশােধিত কৰিব লাগে।
(i) চৰকাৰে জল প্ৰদূষণ নিয়ন্ত্রণ কাৰ্যসূচীৰ বাবে পর্যাপ্ত পুঁজিৰ যােগান ধৰিব লাগে।
(iv) চৰকাৰে জল প্রদূষণ কৰা সকলক কঠোৰ শাস্তি বিহিব লাগে।
(v) সঠিক পুনৰাৱৰ্তন প্রকল্পৰ অবিহনে ঔদ্যোগিক গােটসমূহক কার্যসম্পাদনৰ অনুমতি প্রদান কৰিব নালাগে।
(vi) চৰকাৰে কাৰ্যত ঔদ্যোগিক গােটবােৰ আৱৰ্জনা শােধন প্রকল্প আৰম্ভ কৰাত সহায় কৰিব লাগে।
(vii) প্ৰদূষিত নদী আৰু জলাশয়বােৰৰ একত্রিত আৱৰ্জনা আধুনিক পদ্ধতিৰে পৰিষ্কাৰ কৰিব লাগে।

৩। গংগা কার্য পৰিকল্পনা (Ganga Action Plan) কি?
উত্তৰঃ গংগা নদীৰ পাৰত থকা নগৰ, মহানগৰ আৰু ঔদ্যোগিক গােটবােৰৰ পৰা ওলােৱা আৱৰ্জনাবােৰ ইয়াত পেলােৱাৰ ফলত ই পৃথিৱীৰ এক অন্যতম প্ৰদূষিত নদী হিচাপে পৰিগণিত হৈছে। গতিকে, চৰকাৰে এই নদীক প্ৰদূষণ মুক্ত কৰিবৰ বাবে গংগা কার্য পৰিকল্পনা (Ganga Action Plan) নামেৰে এক কাৰ্যসূচী আৰম্ভ কৰিছে। কিন্তু বর্তমানলৈকে এই পৰিকল্পনাৰ ফলাফলবােৰ সন্তোষজনক নহয়।

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)