ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আঞ্চলিক ভূগোল- দশম শ্ৰেণী - ELECTIVE GEOGRAPHY - SEBA - CLASS X

Admin
0

 আঞ্চলিক ভূগোল- দশম শ্ৰেণী - ELECTIVE GEOGRAPHY - SEBA - CLASS X 

CLASS X -ELECTIVE GEOGRAPHY -SEBA
আঞ্চলিক ভূগোল-

   অনুশীলনী

১। অঞ্চল বুলিলে কি বুজা? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা আগবঢ়োৱা। 

উত্তৰঃ  চৌপাশৰ অঞ্চলতকৈ ভিন্ন আৰু অন্যান্য ভূপৃষ্ঠৰ অংশক ভূগোলত অঞ্চল বুলি কোৱা হয়। অন্যাৰ্থত ‘অঞ্চল’শব্দটোৱে ভূপৃষ্ঠৰ এনে অংশক সূচায় যাৰ প্রাকৃতিক বা মানৱসৃষ্ট বৈশিষ্ট্য ইয়াক চৌপাশৰ অঞ্চলতকৈ ভিন্ন কৰে। উদাহৰণস্বৰূপে, গ্রীষ্মকালত মৌচুমী বায়ুৰ প্ৰভাৱত অধিক বৃষ্টিপাত হোৱা পৃথিৱীৰ বিভিন্ন অঞ্চলক “মৌচুমী অঞ্চল” হিচাপে শ্রেণীভুক্ত কৰা হৈছে। প্রাকৃতিক বৈশিষ্ট্য বা মানৱসৃষ্ট বৈশিষ্ট্যৰ আধাৰত অঞ্চলসমূহ চিনাক্ত কৰা হয়। প্রাকৃতিক বৈশিষ্ট্যৰ অন্তৰ্গত বৰষুণৰ পৰিমাণ, উষ্ণতাৰ বিস্তৃতি, মাটিৰ প্ৰকাৰ, প্রাকৃতিক উদ্ভিদৰ প্ৰকাৰ, ভূ-প্রকৃতি আদি সাঙুৰি লোৱা হয়। মানৱসৃষ্ট বৈশিষ্ট্যবোৰ হ’ল জনসংখ্যাৰ ঘনত্ব, অর্থনৈতিক ক্রিয়াকলাপ ঔদ্যোগিক বিকাশ ইত্যাদি। 

          ভূগোলৰ এক অন্যতম উদ্দেশ্য হৈছে ভূপৃষ্ঠৰ অধ্যয়ন কৰা। কিন্তু প্রকৃততে এয়া বৰ কঠিন, কিয়নো পৃথিৱীৰ উপৰিভাগ বিস্তীর্ণ আৰু বৈচিত্রপূর্ণ। অৱশ্যে গোটেই পৃথিৱীখনক কিছুমান অঞ্চলত ভাগ কৰি সেইবোৰক এটাৰ পাছত আনটোক অধ্যয়ন কৰিলে কামটো সহজ হৈ পৰে। এই ক্ষেত্ৰত অঞ্চল একোটাৰ সীমাংকনে ভূগোলত যথেষ্ট গুৰুত্ব লাভ কৰা পৰিলক্ষিত হয়। ই ভূগোলৰ অধ্যয়ন সৰল আৰু স্পষ্ট কৰে। আঞ্চলিক উন্নয়নৰ লগত জড়িত সংস্থাসমূহ আৰু চৰকাৰৰ বাবে বিভিন্ন অঞ্চলৰ জ্ঞান আহৰণ কৰাটো অতি গুৰুত্বপূর্ণ। একোটা নির্দিষ্ট অঞ্চলত আহৰণ কৰা অভিজ্ঞতা, একেধৰণৰ বৈশিষ্ট্যযুক্ত অঞ্চলত সম্পন্ন কৰা উন্নয়নমূলক কার্যত হ’ব পৰা ত্রুটি দূৰ কৰাত যথেষ্ট সহায়ক হয়। ভিন ভিন অঞ্চলৰ অধ্যয়নে সংশ্লিষ্ট অঞ্চলৰ তুলনামূলক অধ্যয়ন কৰাত আমাক সহায় কৰে। তদুপৰি, আঞ্চলিক দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰিলে সমগ্র পৃথিৱীৰ অধ্যয়ন সৰল আৰু প্রণালীবদ্ধ হ'ব। 

          পৃথিৱীৰ বিষয়ে অধ্যয়ন কৰাৰ এক অন্যতম স্বীকৃত পদ্ধতি হৈছে অঞ্চলভিত্তিক ভৌগোলিক অধ্যয়ন। সেয়ে, আঞ্চলিক ভূগোলত অঞ্চল বিষয়বস্তুটো এক গুৰুত্বপূর্ণ শাখা।

২। ভূপৃষ্ঠত অঞ্চল কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ চৌপাশৰ অঞ্চলতকৈ ভিন্ন আৰু অন্যান্য ভূপৃষ্ঠৰ অংশক ভূগোলত অঞ্চল বুলি কোৱা হয়। অন্যাৰ্থত ‘অঞ্চল’ শব্দটোৱে ভূপৃষ্ঠৰ এনে অংশক সূচায় যাৰ প্রাকৃতিক বা মানৱসৃষ্ট বৈশিষ্ট্যই ইয়াক চৌপাশৰ অঞ্চলতকৈ ভিন্ন কৰে। দুটা 

ক্ষেত্ৰৰ আধাৰত অঞ্চল একোটা চিনাক্ত কৰিব পাৰি ।
(i) সাদৃশ্যৰ ভিত্তিত
(ii) ক্রিয়াত্মক সম্পর্কৰ ভিত্তিত

(i) সাদৃশ্যৰ ভিত্তিতঃ 
            ভূপৃষ্ঠৰ এক অন্যতম প্রধান বৈশিষ্ট্য হৈছে ইয়াৰ বিচিত্রতা। সৌৰজগতত পৃথিৱীৰ অৱস্থান, পৃথিৱীৰ আকৃতি আৰু গঠন, ইয়াৰ আৱৰ্তন, পৰিভ্ৰমণ আদি কাৰকৰ বাবে পৃথিৱীৰ বিভিন্ন স্থানৰ জলবায়ু, বৃষ্টিপাতৰ পৰিমাণ, উষ্ণতা, ভূ-প্রকৃতি আদি ভিন ভিন । গতিকে, কিছুমান স্থানত একেধৰণৰ ভৌগোলিক অৱস্থা বিৰাজ কৰাৰ বিপৰীতে অন্য বহুত স্থানত ভিন ভিন প্রাকৃতিক পৰিৱেশ বিৰাজ কৰে। জলবায়ু, বৃষ্টিপাতৰ মাত্রা, মাটি, অর্থনৈতিক স্থিতি একেধৰণৰ হোৱা স্থানবোৰে অঞ্চল গঠন কৰে। নির্বাচিত উপাদানৰ সাদৃশ্যৰ ভিত্তিত এই বিভাজন কৰা হয়। উদাহৰণস্বৰূপে, সমগ্ৰ অসম উপত্যকা একোটা অঞ্চল হিচাপে সংঘবদ্ধ কৰিব পাৰি কিয়নো। ব্রহ্মপুত্র উপত্যকাৰ প্রায় সকলোবোৰ স্থানৰ জলবায়ু, বৃষ্টিপাতৰ মাত্রা, উষ্ণতা, মাটিৰ প্রকৃতি আদি একেধৰণৰ। মাটি, জলবায়ু, উদ্ভিদ আদি প্রাকৃতিক বৈশিষ্ট্যবোৰৰ সাদৃশ্যৰ সমধর্মী অঞ্চল ভিত্তিত একোটা অঞ্চল (এটা উপাদানৰ ভিত্তিত) চিনাক্ত কৰিব পাৰি।

(ii) ক্রিয়াত্মক আন্তঃসম্পর্কৰ ভিত্তিতঃ 
         বিভিন্ন উপাদানৰ মাজৰ আন্তঃসম্পর্ক ভিত্তিতে অঞ্চল একোটা চিনাক্তকৰণ কৰিব পাৰি। স্বাভাৱিকতে বজাৰ কেন্দ্র বা চহৰক কেন্দ্ৰ কৰি ক্রিয়াত্মক অঞ্চলৰ চিনাক্তকৰণ কৰা হয়। প্রত্যেক অঞ্চলত থকা চহৰ, বজাৰ আদিক কেন্দ্র কৰি কিছুমান কার্যকলাপ  সম্পন্ন হয়। চহৰ বা বজাৰৰ সৈতে আন্তঃনিৰ্ভৰশীল ক্রিয়াকলাপৰ জৰিয়তে চৌপাশৰ অঞ্চলটো ক্রিয়াত্মকভাৱে আন্তঃ সংলগ্ন । এনেদৰে সংশ্লিষ্ট চহৰৰ সৈতে সংযোজিত অঞ্চলটোৰ পৰিসীমা সহজে নিৰূপণ কৰিব পাৰি। উদাহৰণস্বৰূপে, কলকাতা মহানগৰীৰ চৌপাশৰ অঞ্চলটো মহানগৰীখনৰ সৈতে নিকটভাৱে আন্তঃসংলগ্ন কিয়নো অঞ্চলটোৱে বিভিন্ন ক্রিয়াকলাপ সম্পাদন কৰিবৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আৰু জনসম্পদৰ যোগান ধৰে। চৌপাশৰ অঞ্চলৰ লোকে তেওঁলোকৰ দৈনন্দিন জীৱনৰ ক্রিয়াকলাপ আৰু ব্যৱসায়ৰ বাবে মহানগৰীখনৰ ওপৰত নিৰ্ভৰ কৰে আৰু মহানগৰীখনে আন্তঃসংলগ্ন অঞ্চলবোৰ বৰ্তাই ৰাখে। গতিকে, কলকাতা মহানগৰীৰ চৌপাশে এটা ক্রিয়াত্মক অঞ্চল আছে য'ত আভ্যন্তৰীণ উপাদানবোৰ সাদৃশ্যহীন যদিও এইবোৰ আন্তঃনিৰ্ভৰশীল সম্পৰ্কৰ জৰিয়তে নিকটভাৱে আন্তঃসংলগ্ন । আনসকলো চহৰ, নগৰ, ঔদ্যোগিক কেন্দ্র, পর্যটন কেন্দ্র, শৈক্ষিক কেন্দ্র আদিতো একেই কথা প্রযোজ্য।

৩। সহধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পার্থক্য দাঙি ধৰা।
উত্তৰঃ সহধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজৰ পাৰ্থক্যবোৰ হৈছেঃ

পাৰ্থক্যৰ ভিত্তি
সহধৰ্মী অঞ্চল
ক্ৰিয়াত্মক অঞ্চল
(ক)
অৰ্থ
ই হৈছে নিৰ্বাচিত উপাদানবোৰৰ মাজত থকা সাদৃশ্য অঞ্চল ৷
ই এনে এক অঞ্চল যাৰ সামজিক অৰ্থনৈতিক ক্ৰিয়াকলাপ এক সাধাৰণ নগৰ , বজাৰ ইত্যাদিৰ লগত জড়িত ৷
(খ)
ভিত্তি
ই উপাদানৰ সাদৃশ্যৰ ওপৰত আধাৰিত ৷
ই উপাদানৰ ক্ৰিয়াত্মক আত্মসম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল ৷  
(খ)
উপাদান
সমগ্ৰ অঞ্চলত নিৰ্বাচিত বোৰৰ স্পষ্ট সাদৃশ্য দেখা যায় ৷
অঞ্চলটোৰ আভ্যন্তৰীণ উপাদানবোৰৰ সাদৃশ্য নাথাকে ৷
(ঘ)
নিৰ্ভৰশীলতা
 প্ৰান্তৰ বিভিন্ন অংশ
আন্তঃনিৰ্ভৰশীল
নহয়।

নগৰ আৰু ইয়াৰ অঞ্চলবোৰ আন্তঃনিৰ্ভৰশীল।


(ঙ)
উদাহৰণ
ব্রহ্মপুত্র উপত্যকা,
আমাজান উপত্যকা,
নিৰক্ষীয় অঞ্চল ইত্যাদি। 

গুৱাহাটী, কলকাতা, দিল্লীআদি মহানগৰৰ
চৌপাশৰ অঞ্চল।




৪। পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজা ? এই অধ্যয়নৰ তাৎপর্য কি?
উত্তৰঃ ভূগোলৰ যি শাখাই কোনো এক অঞ্চলৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট বিশেষত্ববোৰৰ অধ্যয়ন কৰে, তাকে আঞ্চলিক ভূগোল হিচাপে জনা যায়। অন্যাৰ্থত ‘আঞ্চলিক ভূগোল’ শব্দই অধ্যয়নৰ এনে এক শাখা বুজায় যিয়ে সমগ্র পৃথিৱীৰ ভৌগোলিক বৈচিত্র অধিক ভালকৈ বুজাৰ দৃষ্টিভংগীৰে, কোনো অঞ্চলৰ বৈশিষ্ট্যবোৰ অধ্যয়নত জড়িত হৈ থাকে। আঞ্চলিক ভূগোলে আমাক কোনো অঞ্চল, দেশ বা মহাদেশৰ এক বিস্তৃত ভৌগোলিক চিত্ৰৰ যোগান ধৰে। পৃথিৱী হৈছে এক বৃহৎ গ্রহ যাৰ মুঠ পৃষ্ঠকালি ৫১০ নিযুত বর্গ কিঃমিঃ। ইয়াৰে প্ৰায় ১৪৯ নিযুত বর্গ কিঃমিঃ মাটি আৰু ৩৬১ নিযুত বর্গ কিঃমিঃ পানীয়ে আৱৰি আছে। ইয়াক একোটা খণ্ড হিচাপে অধ্যয়ন কৰিব পৰা নাযায়। তদুপৰি, সমগ্র পৃথিৱীত ভিন্ন প্রকাৰৰ বৈচিত্র্য পৰিলক্ষিত হয়। অৱশ্যে নির্দিষ্ট উপাদান কিছুমানৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি অথবা উপাদানবোৰৰ ক্রিয়াত্মক আন্তঃসম্পর্কৰ ওপৰত ভিত্তি কৰি সমগ্র পৃথিৱীক কিছুমান অঞ্চলত বিভক্ত কৰিব পাৰি আৰু এই অঞ্চলবোৰক একাদিক্রমে কৰা অধ্যয়নে পৃথিৱীৰ অধ্যয়ন সহজসাধ্য কৰি তোলে। এনে অঞ্চলবোৰৰ অধ্যয়নক আঞ্চলিক ভূগোল বুলি কোৱা হয়। আঞ্চলিক ভূগোল অধ্যয়নৰ গুৰুত্ব ব্যাখ্যাকাৰী কিছুমান প্রধান কাৰণ হৈছেঃ 

(i) কিছুমান অঞ্চল বিকাশৰ ক্ষেত্ৰত কিয় পিছ পৰি আছে সেয়া বুজাত ই আমাক সহায় কৰে।
 
(ii)এনে ধৰণৰ অধ্যয়নে দেশ এখনৰ অন্তর্ভুক্ত বিভিন্ন অঞ্চলৰ বাবে উপযুক্ত বিকাশমূলক পৰিকল্পনা গ্রহণ কৰাত সহায় কৰে।
 
(iii) আঞ্চলিক ভিত্তিত কৰা ভূগোলৰ অধ্যয়নে বিষয়টোৰ হৃদয়ঙ্গম সহজ কৰি তোলে।

(iv) এনেধৰণৰ অধ্যয়নে সমগ্ৰ অঞ্চলৰ এক সামগ্রিক প্রতিচ্ছবি উপস্থাপন কৰে।

(v) এই অধ্যয়নৰ যোগেদি কোনো স্থানৰ প্ৰাকৃতিক পৰিৱেশ, অর্থনৈতিক পৰিস্থিতি, মানৱ বসতি, পৰিবহণ আৰু যোগাযোগৰ বিকাশৰ স্থিতি আদিৰ বিষয়ে জানিব পাৰি।

(vi) আঞ্চলিক ভূগোলে একোটা অঞ্চলৰ স্থানিক প্ৰকাৰণৰ বিষয়ে ধাৰণা দিয়ে।

(vii) এনেধৰণৰ অধ্যয়নে আমাক সংশ্লিষ্ট অঞ্চল আৰু তাৰ প্ৰতিৱেশী অঞ্চলৰ মাজৰ ভৌগোলিক সম্পর্ক প্রকৃতি বুজাত সহায় কৰে।

(viii) অঞ্চলভিত্তিক অধ্যয়নৰ দ্বাৰা, এখন দেশ বা একোটা অঞ্চলৰ আর্থ-সামাজিক প্রগতি আৰু ইয়াৰ লগত জড়িত সমস্যাবোৰৰ মূল্যায়ন কৰিব পৰা যায়।

৫। ‘প্রাকৃতিক অঞ্চল” বুলিলে কি বুজা? সমগ্র পৃথিৱীক কিমানটা প্রাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি? প্ৰতিটোৰে নাম লিখা আৰু মানচিত্রত দেখুওৱা।

উত্তৰঃ ভূপৃষ্ঠৰ যিবোৰ অঞ্চলৰ ভূ-অৱয়ব, প্রাকৃতিক উদ্ভিদ, জলবায়ু আৰু মাটিৰ গুণাগুণ প্রায় একে ধৰণৰ,  অঞ্চলকে প্রাকৃতিক অঞ্চল বুলি কোৱা হয়। অন্যার্থত, প্রাকৃতিক আৰু ভৌগোলিক উপাদানৰ কম-বেছি পৰিমাণে সুষমতা থকা অঞ্চলক প্রাকৃতিক অঞ্চল হিচাপে জনা যায়। সমগ্র পৃথিৱীক তলত দিয়া এঘাৰটা প্রাকৃতিক অঞ্চলত ভাগ কৰিব পৰা যায় ৷
১। নিৰক্ষীয় অঞ্চল
২। মৌচুমী অঞ্চল
৩। ক্রান্তীয় তৃণভূমি অঞ্চল
৪। ক্রান্তীয় উষ্ণ মৰু অঞ্চল
৫। ভূমধ্য সাগৰীয় অঞ্চল
৬। মধ্য অক্ষাংশীয় মৰু অঞ্চল
৭। মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চল
৮। মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল
৯। শীতল সৰলবর্গীয় অৰণ্য অঞ্চল
১০। শীতল মেৰু অঞ্চল
১১। উচ্চ পার্বত্য অঞ্চল

৬। প্রাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি? চমুকৈ লিখা।

উত্তৰঃ ভূ-পৃষ্ঠৰ যিবোৰ অঞ্চলৰ ভূ-অবয়ব, প্রাকৃতিক উদ্ভিদ, জলবায়ু আৰু মাটিৰ গুণাগুণ প্রায় একে ধৰণৰ সেইবোৰ অঞ্চলতে প্রাকৃতিক অঞ্চল বুলি কোৱা হয়। পৃথিৱীৰ উপৰিভাগকে প্রাকৃতিক অঞ্চলত বিভাজন কৰাৰ ভিত্তি হ’ল ভৌগোলিক সাদৃশ্য। জলবায়ু, মাটি উদ্ভিদ আদিৰ সাদৃশ্যৰ ভিত্তিত পৃথিৱীৰ বিভিন্ন স্থানক একোটা গোটৰ অধীনস্থ কৰিব পাৰি। প্রাকৃতিক অঞ্চল অধ্যয়নৰ এক অন্যতম গুরুত্বপূর্ণ সুবিধা এয়ে যে ইয়াৰ জৰিয়তে আঞ্চলিক ভূগোল বোধগম্য হোৱাত সহায় হয় । উদাহৰণস্বৰূপে উপকুলৱর্তী কেলিফোর্ণিয়া অঞ্চলত ভূমধ্যসাগৰীয় জলবায়ু বিৰাজ কৰে। এই জলবায়ু সাধাৰণতে ভূমধ্য সাগৰৰ চৌপাশৰ অঞ্চলত বিৰাজ কৰে। গতিকে, প্রাকৃতিক অঞ্চলৰ দৃষ্টিকোণৰ পৰা পর্যবেক্ষণ কৰিলে কেনলিফোর্ণিয়াৰ জলবায়ু, অর্থনৈতিক স্থিতি উদ্ভিদ আদিৰ বিষয়ে পুংখানুপুংখভাৱে তথ্য লাভ কৰিব পাৰি। পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মাজত থকা অন্ত সম্পর্ক পর্যবেক্ষণ কৰাত প্রাকৃতিক অঞ্চলৰ অধ্যয়নে সহায় কৰিব। অন্যার্থত প্রাকৃতিক অঞ্চলৰ দৃষ্টিকোণৰ পৰা পর্যবেক্ষণ কৰিলে আঞ্চলিক ভূগোলৰ অধ্যয়ন অধিক সহজ হয়। দেশৰ বিভিন্ন অঞ্চলৰ উন্নয়নমূলক প্রকল্পৰ পৰিকল্পনা কৰাৰ ক্ষেত্ৰত প্রাকৃতিক অঞ্চলৰ অধ্যয়নে যথেষ্ট বৰঙণি যোগায়। কোনো অঞ্চলৰ উন্নয়নমূলক কামৰ লগত জড়িত বিভিন্ন সংস্থাসমূহে একেধৰণৰ কাৰ্যৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰ দ্বাৰা যথেষ্ট উপকাৰ পাব পাৰে। এনে তুলনামূলক অধ্যয়নে সংশ্লিষ্ট কর্তৃপক্ষৰ ক্রটি দূৰ কৰাত সহায় কৰাৰ লগতে অঞ্চলটোৰ উন্নয়নৰ পৰিকল্পনা সুচাৰুৰূপে যুগুত কৰাত সহায় কৰে।

৭। পৃথিবীৰ প্ৰতিটো প্রাকৃতিক অঞ্চলৰ ভূ-প্রাকৃতিক পৰিৱেশ সম্পর্কে লিখা।
উত্তৰঃ পৃথিৱীৰ এঘাটা প্রাকৃতিক অঞ্চলৰ প্রত্যেকৰে ভূ-প্রাকৃতিক পৰিৱেশৰ বিষয়ে তলত আলোচনা কৰা হ'লঃ 

(১) নিৰক্ষীয় অঞ্চলঃ ও এই অঞ্চলত উষ্ণ আৰু আর্দ্র জলবায়ু বিৰাজ কৰাৰ লগতে প্রচুৰ বৃষ্টিপাত হয়। প্রায় সমগ্র অঞ্চলতো চিৰসেউজীয়া ডাঠ অৰণ্যৰে আবৃত। এই অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰা বাবে দিন আৰু ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য অতি কম।

(২) মৌচুমী অঞ্চলঃ  এই অঞ্চলৰ গ্ৰীষ্মকাল উষ্ণ আৰু আর্দ্র আৰু শীতকাল ঠাণ্ডা আৰু শুকান। এই অঞ্চলৰ বার্ষিক বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ ছেঃমিঃ আৰু ইয়াত পর্ণপাতী উদ্ভিদ যথেষ্ট পৰিমাণে পোৱা যায়। ওখ ঠাইবোৰত লেটেৰাইট মাটি পোৱা যায়। আনহাতে দ ঠাইবোৰত আৰু নদী উপত্যকাবোৰত সাৰুৱা পলসুৱা মাটি পোৱা যায়।

(৩) ক্রান্তীয় তৃণভূমি অঞ্চলঃ  এই অঞ্চলত উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল বিৰাজ কৰে। ইয়াত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ পার্থক্য অধিক। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ মধ্যমীয়া অর্থাৎ প্রায় ২৫-১০০ ছেঃমিঃ। এই অঞ্চলত ক্রান্তীয় ঘাঁহনি পৰিলক্ষিত হয়।

(৪) ক্রান্তীয় উষ্ণ মৰু অঞ্চলঃ  এই অঞ্চলত গোটেই বছৰতে উষ্ণ আৰু শুষ্ক জলবায়ু বিৰাজ কৰে। ইয়াত দিন আৰু ৰাতিৰ উষ্ণতাৰ তাৰতম্য অধিক। বৰষুণৰ পৰিমাণ প্রায় নগণ্য (বার্ষিক ২০-২৫ ছেঃমিঃ)। এই অঞ্চলৰ অধিকাংশ ঠাই বালিৰে আবৃত হৈ থাকে। বিশাল বালিময় অঞ্চলত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে।

(৫) ভূমধ্য সাগৰীয় অঞ্চলঃ  ইয়াত গ্রীষ্মকালত উষ্ণ আৰু শুষ্ক জলবায়ু আৰু শীতকালত শীতল আৰু আর্দ্র জলবায়ু বিৰাজ কৰে। বার্ষিক গড় উষ্ণতা ৮°-২৫° ছেলছিয়াছ আৰু বার্ষিক বৰষুণৰ পৰিমাণ ২৫-৭৫ ছেঃ মিঃ। এই অঞ্চলটোৰ প্রধান প্রাকৃতিক উদ্ভিদ হৈছে চুটি গছ-গছনি আৰু জোপোহা বননি।

(৬) মধ্যঅক্ষাংশীয় মৰু অঞ্চলঃ  এই অঞ্চলটো ওখ পর্বতেৰে পৰিবেষ্টিত। ইয়াত বৃষ্টিপাতৰ পৰিমাণ অতি কম আৰু ঋতুগত তথা দৈনিক উষ্ণতাৰ পৰিসৰ অতিশয় বেছি। এই অঞ্চলত শীতকালত কিছুপৰিমাণে তুষাৰপাত হয়।

(৭) মধ্যঅক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চলঃ  ইয়াৰ উপকূলৱর্তী অঞ্চলৰ জলবায়ু সমভাবাপন্ন। গ্রীষ্মকালৰ গড় উষ্ণতা ১৫° ছেলছিয়াছ আৰু শীতকালৰ গড় উষ্ণতা ৫°-১০° ছেলছিয়াছ। মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চলত গ্রীষ্মকাল আৰু শীতকালৰ প্রকোপ কম। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৭৫১৫০ ছেঃমিঃ কিন্তু সাগৰৰ পৰা দূৰত্ব বৃদ্ধিৰ লগে লগে বৰষুণৰ পৰিমাণ হ্রাস পায়। এই অঞ্চলত শীতকাল অতি শুকান হয়। ইয়াত সাধাৰণতে পূর্ণপাতী উদ্ভিদ দেখা যায় যদিও অধিক বৃষ্টিপাত হোৱা অঞ্চলত চিৰসেউজীয়া উদ্ভিদ আৰু পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত সৰলবর্গীয় উদ্ভিদ পোৱা যায়।

(৮) মধ্যঅক্ষাংশীয় তৃণভূমি অঞ্চলঃ  এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ অতি কম। বছৰি মাত্র ১৫-৫০ ছেঃমিঃ বৃষ্টিপাত হয়। ইয়াত ঋতুগত উষ্ণতাৰ বিস্তাৰ অতিশয় বেছি আৰু শীতকালত শীতৰ প্রকোপ অতি বেছি। গছগছনি প্রায় নথকাৰ দৰে যদিও ইয়াত প্রচুৰ পৰিমাণে ঘাঁহনি পোৱা যায়। এই অঞ্চলৰ মাটি জৈৱ পদাৰ্থৰে সমৃদ্ধ হোৱা বাবে সাৰুৱা হয়।

(৯) শীতল সৰলবর্গীয় অৰণ্য অঞ্চলঃ  ইয়াত শুকান আৰু ঠাণ্ডা জলবায়ু বিজ কৰে। গ্রীষ্মকালত উষ্ণতা ১৫° ছেলছিয়াছলৈ বৃদ্ধি পায় আৰু শীতকালত তুষাৰপাত হয়। গ্রীষ্মকালত অতি কমশ পৰিমাণে বৰষুণ হয়। টাইগা বুলি জনাজাত কোমল কাঠৰ চিৰসেউজীয়া বনাঞ্চলে অঞ্চলটো আৱৰি ৰাখিছে।

(১০) শীতল মেৰু অঞ্চলঃ এই অঞ্চলটো প্রায় গোটেই বছৰ জুৰি বৰফেৰে আবৃত হৈ থাকে। হ্রস্বকালীন গ্রীষ্মকালৰ উষ্ণতা ০°-১০° ছেলছিয়াছ। আনহাতে দীর্ঘকালীন শীতকালত উষ্ণতা ১৮° ছেলছিয়াছলৈ হ্রাস পায় আৰু এনে সময়ত প্ৰচুৰ তুষাৰপাত হয়। এই অঞ্চলত বৰষুণ প্রায় হয়েই বুলিব পাৰি।

(১১) উচচ পার্বত্য অঞ্চলঃ এই উচ্চ শিখৰ যুক্ত অঞ্চলত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা হ্রাস পায়। প্রতিবাদ অঞ্চলত বৃষ্টিপাত হয় আৰু ইয়াত গছগছনি গজে। বতাহৰ পৰা সুৰক্ষিত অঞ্চল শুকান আৰু গছ-গছনি বিহীন। অধিক উচ্চতাত থকা শৃংগবোৰ সদায় বৰফেৰে আবৃত হৈ থাকে।

৮। পৃথিৱীৰ বিভিন্ন প্রাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উক্তি সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ভূপৃষ্ঠৰ যিবোৰ অঞ্চলৰ ভূ-অৱয়ব, প্রাকৃতিক উদ্ভিদ, জলবায়ু আৰু মাটিৰ গুণাগুণ প্রায় একে ধৰণৰ, সেইবোৰ অঞ্চলকে প্রাকৃতিক অঞ্চল বুলি কোৱা হয়। বিভিন্ন প্রাকৃতিক অঞ্চলত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পর্কে তলত উল্লেখ কৰা হলঃ 

১। নিৰক্ষীয় অঞ্চল ও নকঃমি মন্থল ।
জলবায়ুঃ
(ক) এই অঞ্চলত উষ্ণ আৰু আর্দ্র জলবায়ু বিৰাজ কৰে।
(খ) এই অঞ্চলত সূৰ্যৰ ৰশ্মি প্রায় লম্বভাৱে পৰা বাবে দিন আৰু ৰাতি গ্রীষ্মকাল
আৰু শীতকালৰ উষ্ণতাৰ তাৰতম্য অতি কম।
(গ) বছৰি গড় উষ্ণতা ২৭° ছেলছিয়াছ।
(ঘ) অঞ্চলটোত গোটেই বছৰজুৰি বৰষুণ হয়। বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ
২০০ ছেঃমিঃ।
উদ্ভিদঃ 
(ক) সমগ্র অঞ্চলটো চিৰসেউজীয়া ডাঠ অৰণ্যৰে আবৃত।
(খ) অগণন প্রজাতিৰ জোপোহা বন আৰু লতা পোৱা যায়।
(গ) আমাজান নদীৰ অৱবাহিকাত ছেলভা নামেৰে জ্ঞাত ডাঠ অৰণ্য আছে।
(ঘ) এই অঞ্চলৰ কিছুমান কৃষিজাত সামগ্রী হৈছে ধান, ৰবৰ, চাহ, কফি ইত্যাদি।
২। মৌচুমী অঞ্চলঃ 
জলবায়ুঃ
(ক) এই অঞ্চলত প্ৰধানকৈ গ্রীষ্মকালত বৃষ্টিপাত হয়। বার্ষিক গড় বৃষ্টিপাত
পৰিমাণ ২০০ ছেঃ মিঃ।
(খ) এই অঞ্চলৰ গ্রীষ্মকাল উষ্ণ আৰু আর্দ্র আৰু শীতকাল ঠাণ্ডা আৰু শুকান।
(গ) গ্রীষ্মকাল আৰু শীতকালৰ মাজৰ উষ্ণতাৰ ব্যৱধান ১৫° ছেলছিয়াছ।
উদ্ভিদঃ 
(ক) ঋতুগত পৰিৱর্তনৰ বাবে এই অঞ্চলত পর্ণপাতী উদ্ভিদ পোৱা যায়। শীতকালত বৰষুণৰ অভাৱত এই উদ্ভিদবোৰৰ পাত সৰে।
(খ) এই অঞ্চলত কুঁহিয়াৰ, ঘেঁহু, কপাহ, মৰাপাট, তৈলবীজ, চাহ আদিৰ খেতি কৰা হয়।
৩। ক্রান্তীয় তৃণভূমি অঞ্চলঃ 
জলবায়ুঃ
(ক) এই অঞ্চলত উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘলীয়া শীতকাল বিৰাজ কৰে।
(খ) ইয়াত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ পার্থক্য অধিক।
(গ) বার্ষিক বৃষ্টিপাতৰ পৰিমাণ মধ্যমীয়া অর্থাৎ প্রায় ২৫-১০০ ছেঃ মিঃ
উদ্ভিদঃ
(ক) অপর্যাপ্ত বৰষুণৰ বাবেই এই অঞ্চলত ৩ মিটাৰ পর্যন্ত উচ্চতাৰ ঘাঁহজাতীয় উদ্ভিদ পোৱা যায়।
(খ) ক্রান্তীয় অঞ্চলৰ বিশাল ঘাঁহনিক ছাভানা বোলা হয়। ভেনেজুৱেলা আৰু ব্রাজিলৰ তৃণভূমি অঞ্চলক স্থানীয়ভাৱে ক্রমে লানোছ আৰু কেম্পাছ বোলা হয়।
(গ) এই অঞ্চলত জোৱাৰ, কপাহ, চীনা বাদাম আদিৰ খেতি কৰা হয় ।
৪। ক্রান্তীয় উষ্ণ মৰু অঞ্চলঃ 
জলবায়ুঃ
(ক) গোটেই বছৰজুৰি উষ্ণ আৰু শুষ্ক জলবায়ু বিৰাজ কৰে।
(খ) ইয়াত দিন আৰু ৰাতিৰ উষ্ণতাৰ পার্থক্য অধিক।
(গ) গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ৪৫° ছেলছিয়াছ পর্যন্ত বৃদ্ধি হয়।
(ঘ) অঞ্চলটোত বৰষুণৰ পৰিমাণ তেনেই কম। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ২০২৫ ছেঃমিঃ উদ্ভিদ
(ক) অপর্যাপ্ত বৰষুণৰ বাবে কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে।
(খ) এই অঞ্চলৰ অধিকাংশ ঠাই মৰুভূমি সদৃশ আৰু এইবোৰ বালিৰে আবৃত হৈ থাকে।
(গ) মৰুভূমিত থকা মৰুদ্যানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু ইয়াত কম পৰিমাণে খেতি-বাতিও কৰা হয়।
৫। মধ্য সাগৰীয় অঞ্চলঃ 
জলবায়ুঃ 
(ক) অঞ্চলটোৰ বিশেষত্ব এয়ে যে ইয়াত গ্রীষ্মকালত উষ্ণ আৰু শুষ্ক জলবায়ু।
আৰু শীতকালত শীতল আৰু আর্দ্র জলবায়ু বিৰাজ কৰে।
(খ) এই অঞ্চলত গ্রীষ্মকাল সামান্য দীঘলীয়া।
(গ) বার্ষিক গড় উষ্ণতা হৈছে ৮-২৫° ছেলছিয়াছ।
বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ২৫-৭৫ ছেঃমিঃ। এই অঞ্চলত শীতকালতহে বৃষ্টিপাত হয়।
উদ্ভিদঃ 
(ক) এই অঞ্চলটোৰ প্রধান প্রাকৃতিক উদ্ভিদ হৈছে চুটি গছ-গছনি আৰু জোপোহা বননি।
(খ) এই অঞ্চলত ঘেঁহু, বার্লি, মাকৈ, কপাহ, ধপাত আদি শস্যৰ খেতি কৰা হয়।
(গ) পাহাৰৰ ঢালবিলাকত আপেল, আঙুৰ, সমন্বিতে ভিন্ন প্রকাৰৰ ফল-মূলৰ খেতি কৰা হয়।
৬। মধ্য অক্ষাংশীয় মৰু অঞ্চল ঃ
জলবায়ুঃ 
(ক) গ্রীষ্মকালীন আৰু শীতকালীন উষ্ণতাৰ পার্থক্য অধিক হয়।
(খ) বৰষুণৰ পৰিমাণ অতি কম।
(গ) অঞ্চলটোত শীতকালত কিছুপৰিমানে তুষাৰপাত হয়।
উদ্ভিদঃ 
কাঁইটীয়া জোপোহানিৰ বাহিৰে অঞ্চলটোত অন্যান্য উদ্ভিদ পৰিলক্ষিত নহয়।
৭। মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চলঃ 
জলবায়ুঃ
(ক) গ্রীষ্মকাল আৰু শীতকালৰ প্রকোপ কম। গ্রীষ্মকালৰ গড় উষ্ণতা ১৫° চেলছিয়াছ আৰু শীতকালৰ গড় উষ্ণতা ৫°-১০° চেলছিয়াছ।
(খ) উপকূলবর্তী অঞ্চলৰ জলবায়ু সমভাৱাপন্ন।
(গ) বার্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ ৭৫ - ১৫০ ছেঃমিঃ।
(ঘ) সাগৰৰ পৰা দূৰত্ব বৃদ্ধিৰ লগে লগে বৰষুণৰ পৰিমাণ হ্রাস পায়।
(ঙ) শীতকাল অতি শুকান।
উদ্ভিদঃ 
বৰষুণৰ তাৰতম্য অনুসৰি অঞ্চলটোত বিভিন্ন প্রকাৰৰ প্রাকৃতিক উদ্ভিদ দেখা যায়।
(ক) এই অঞ্চলত বৃহৎ মাত্ৰাত পর্ণপাতী উদ্ভিদ পোৱা যায়।
(খ) অধিক বৃষ্টিপাত হোৱা অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায়।
(গ) পাহাৰৰ দাতিকাষৰীয়া অঞ্চলত সৰলবর্গীয় উদ্ভিদ দেখা যায়।
(ঘ) এই অঞ্চলৰ অৰণ্যবোৰ ডাঠ নহয়।
(ঙ) এই অঞ্চলত উৎপাদিত শস্যবোৰ হ’ল কপাহ, বার্লি, ধপাত, আলু ইত্যাদি।
৮ | মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চলঃ 
জলবায়ুঃ 
(ক) ইয়াত অতি শীতল জলবায়ু বিৰাজ কৰে।
(খ) অন্তর্দেশীয় অথবা মহাদেশীয় অৱস্থানৰ বাবে শীতকালীন আৰু গ্রীষ্মকালীন উষ্ণতাৰ পার্থক্য যথেষ্ট বেছি।
(গ) অঞ্চলটোত গ্রীষ্মকালত সামান্য বৰষুণ হয়। বার্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ ১৫-৫০ ছেঃমিঃ।
উদ্ভিদঃ
(ক) অপর্যাপ্ত বৰষুণ আৰু শীতৰ প্রকোপৰ বাবে এই অঞ্চলত গছ-গছনি প্রায় নাই বুলিয়েই ক'ব পাৰি।
(খ) অঞ্চলটো তৃণভূমি অঞ্চললৈ পৰিৱৰ্তিত হৈছে। এছিয়া আৰু ইউৰােপত এনে অঞ্চলক ষ্টেছ, উত্তৰ আমেৰিকাত প্রেইৰি, আর্জেন্টিনাত পম্পাছ, দক্ষিণ আফ্রিকাত ভেল্ড আৰু অষ্ট্রেলিয়াত ডাউছ বােলা হয়।
৯। শীতল সৰলবর্গীয় অৰণ্য অঞ্চলঃ 
জলবায়ুঃ 
(ক) অঞ্চলটোৰ জলবায়ু কিছু পৰিমাণে শুকান আৰু ঠাণ্ডা।
(খ) গ্রীষ্মকালত গড় উষ্ণতা ১৫° ছেলছিয়াছলৈ বৃদ্ধি পায়।
(গ) এই অঞ্চলত শীতকালত উষ্ণতা হ্রাস পোৱাৰ বাবে তুষাৰপাত হয়।
(ঘ) অঞ্চলটোৰ বিশেষত্ব এয়ে যে ইয়াৰ গ্রীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া ।
(ঙ) এই অঞ্চলত গ্রীষ্মকালত কম পৰিমাণৰ বৰষুণ হয়।
উদ্ভিদঃ
টাইগা বুলি জনাজাত কোমল কাঠৰ চিৰসেউজীয়া বনাঞ্চলে অঞ্চলটো আৱৰি ৰাখিছে।
১০। শীতল মেৰু অঞ্চলঃ 
জলবায়ুঃ 
(ক) অঞ্চলটোত ঠাণ্ডাৰ প্রকোপ অতি বেছি।
(খ) গ্রীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া।
(গ) হ্রস্বকালীন গ্রীষ্মকালৰ উষ্ণতা ০°- ১০° ছেলছিয়াছ। আনহাতে দীর্ঘকালীন শীতকালত উষ্ণতা - ১৮° ছেলছিয়াছলৈ হ্রাস পায়।
(ঘ) এই অঞ্চলত বৰষুণ প্রায় নহয়েই বুলিব পাৰি। শীতকালত প্ৰচুৰ তুষাৰপাত
উদ্ভিদঃ 
এই অঞ্চলটো বছৰৰ অধিকাংশ সময়ে বৰফেৰে আবৃত হৈ থকা বাবে ইয়াত উদ্ভিদ গজিব নােৱাৰে যদিও গ্রীষ্মকালত উত্তাপ বৃদ্ধিৰ ফলত বৰফ গলা ঠাইবোৰত ঘাঁহ, শেলুৱৈ আৰু তেঁকীয়াজাতীয় উদ্ভিদ গজে।
১১। উচ্চ পার্বত্য অঞ্চলঃ 
জলবায়ুঃ 
(ক) অঞ্চলটোত অতি শীতল জলবায়ু বিৰাজ কৰে।
(খ) উচ্চতা আৰু বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি উষ্ণতা আৰু জলবায়ু পৰিৱর্তন হয়।
(গ) প্রতিবাত অঞ্চলত প্ৰচুৰ বৰষুণ হয় আৰু বতাহৰ পৰা সুৰক্ষিত অঞ্চল শুকান হৈ থাকে।
উদ্ভিদঃ 
(ক) উচ্চতা আৰু বৃষ্টিপাত সাপেক্ষে ভিন্ন প্রকাৰৰ গছ-গছনি দেখা যায়।
(খ) প্রতিবাত ঢালত ডাঠ অৰণ্য থাকে। আনহাতে বতাহৰ পৰা সুৰক্ষিত ঢালত গছ-গছনি নাথাকে।

৯। পৃথিৱীৰ বিভিন্ন প্রাকৃতিক অঞ্চলত বাস কৰা মানুহৰ জীৱন-প্রণালীৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ জলবায়ু, ভূমি, ভূ-প্রকৃতি, অৱস্থিতি, সাগৰৰ পৰা দূৰত্ব, উচ্চতা আদিৰ ভিন্নতাৰ বাবে বিভিন্ন প্রাকৃতিক অঞ্চলত বাস কৰা লোকৰ জীৱন-ধাৰণ প্ৰণালী, একে নহয়। পৃথিৱীৰ বিভিন্ন প্রাকৃতিক অঞ্চলত পোৱা মুখ্য অর্থনৈতিক ক্রিয়াকলাপবোৰ হৈছে

(i) নিৰক্ষীয় অঞ্চলঃ  
          নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত মুখ্য অঞ্চলবোৰ হৈছে, দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা, আফ্রিকাৰ কংগো অববাহিকা (বৰ্তমানৰ নাম জাইৰে অৱবাহিকা) পশ্চিম আফ্রিকাৰ গিনি উপকূল, মালয়েছীয় উপদ্বীপ, দক্ষিণ-পূর্ব এছিয়াৰ ইণ্ডোনেচীয় আৰু ফিলিপাইন দ্বীপপুঞ্জ। আমাজান আৰু কংগো অৱবাহিকাৰ লোকসকলে চিকাৰ কৰা, মাছ ধৰা আৰু অৰণ্যৰ পৰা খাদ্য সংগৃহীতকৰণৰ দ্বাৰা জীৱন নির্বাহ কৰে। গভীৰ অৰণ্য আৰু পৰিবহণ আৰু যোগাযোগৰ অভাৱৰ বাবে কৃষি আৰু জনবসতি বহুলভাৱে বিকশিত হোৱা নাই। মালয়েছিয়া আৰু ইণ্ডোনেছিয়াও এই প্রাকৃতিক অঞ্চলৰ অন্তৰ্গত, যদিও এই অঞ্চলকেইটাই কৃষিত বিশেষতঃ কফি, চাহ আৰু ৰবৰৰ দৰে খেতিত যথেষ্ট প্রগতি কৰিছে।

(ii) মৌচুমী অঞ্চলঃ  
        মৌচুমী অঞ্চলৰ অন্তৰ্গত অঞ্চলবোৰ হৈছে ভাৰত প্ৰমুখ্যে দক্ষিণ এছিয়া, দক্ষিণ-পূর্ব এছিয়া, অষ্ট্রেলিয়াৰ উত্তৰ পূব অংশ, আফ্রিকা পূর্ব অংশ, ব্রাজিলৰ পূব অংশ, মধ্য আমেৰিকা ইত্যাদি। ই পৃথিৱীৰ অন্যতম ঘন জনবসতিপূর্ণ অঞ্চল। মৌচুমী অঞ্চলৰ লোকৰ মুখ্য জীৱিকা হৈছে কৃষি। এই অঞ্চলত ধান, মৰাপাট, চাহপাত, তৈলবীজ, কপাহ, কুঁহিয়াৰ, ঘেঁহু, আদি শস্য বহুলভাৱে খেতি কৰা হয়। এই গোটৰ বহুতো দেশ প্রাকৃতিক সম্পদেৰে সমৃদ্ধ আৰু গতিকে ভালে সংখ্যক লোক ইয়াত নিষ্কাষণ, শুদ্ধিকৰণ আৰু সম্পদৰ বিকাশত জড়িত হৈ এই অঞ্চলৰ অর্থনৈতিক বিকাশত অৰিহণা যোগাইছে।

(iii) ক্রান্তীয় তৃণভূমি অঞ্চলঃ  
       দক্ষিণ আমেৰিকা, আফ্রিকা আৰু অষ্ট্রেলিয়াত ১০°-২৫° অক্ষাংশৰ মাজত অৱস্থিত, এই অঞ্চলৰ অধিকাংশ ঠাই তৃণভূমিৰ দ্বাৰা গঠিত যাক সাধাৰণতে ছানা বুলি কোৱা হয়। সেইবোৰ বিভিন্ন দেশত, বিভিন্ন নামেৰেও জনাজাত। উদাহৰণস্বৰূপে, ভেনিজুৱেলা আৰু ব্রাজিলৰ তৃণভূমি স্থানীয়ভাৱে যথাক্রমে লানোছ আৰু কেম্পাছ নামে জনাজাত। এই প্রান্তত আদিবাসী লোকো বাস কৰে। তেওঁলোকৰ বহুতে পশু পালন আৰু চিকাৰত ব্যস্ত হৈ থাকে। জোৱাৰ, কপাহ, চীনাবাদাম ইত্যাদি শস্যৰ খেতি কিছুমান অংশত ক্ষুদ্র মাত্রাত কৰা হয়। এই অঞ্চলৰ জনবসতি যথেষ্ট সেৰেঙা। উপযুক্ত পৰিবহণ আৰু যোগাযোগৰ সুবিধাৰ অভাৱত, এই অঞ্চল অর্থনৈতিক আৰু সামাজিক বিকাশত যথেষ্ট পিছ পৰা।

(iv) ক্রান্তীয় উষ্ণ মৰু অঞ্চলঃ 
       আৰৱ, ইৰাণ আৰু আফগানিস্তানৰ মৰুভূমি,।এছিয়াৰ ভাৰতীয় থৰ মৰুভূমি, আফ্রিকাৰ ছাহাৰা আৰু কালাহাৰী, দক্ষিণ আমেৰিকাৰ আটাকামা মৰুভূমি, অষ্ট্রেলিয়াৰ বৃহৎ মৰুভূমি আদি ক্রান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত। এই মৰুভূমি অঞ্চলবোৰৰ বেছিভাগ অঞ্চল বসতিহীন। কিছুমান অঞ্চলত অঘৰী পশুপালকসকলে বাস কৰে। এই অঞ্চলত বাস কৰা প্রধান গোষ্ঠীকেইটা হৈছে- কালাহাৰী মৰুভূমিৰ বুছমেন, অষ্ট্রেলিয়াৰ বৃহৎ মৰুভূমিৰ আদিবাসীসকল, ছাহাৰা আৰু আৰব অঞ্চলত বাস কৰা বেদুইন ইত্যাদি। এই অঞ্চলৰ অধিকাংশ লোকে উট, ঘোঁৰা, ভেড়া, ছাগলী আদি পালন কৰি তেওঁলোকৰ জীৱিকা অর্জন কৰে। নীল উপত্যকা অঞ্চলে কৃষিৰ ক্ষেত্ৰত কিছু প্রগতি কৰিছে আনহাতে, কুৱেইট, চৌডি আৰৱ, ইৰাণ, ইৰাক আদি দেশে তেলৰ আৱিষ্কাৰৰ বাবে অর্থনৈতিক প্রগতি কৰিছে।

(v) ভূমধ্য সাগৰীয় অঞ্চলঃ  
        ভূমধ্য সাগৰৰ কাষৰীয়া অঞ্চলৰ দক্ষিণ ইউৰোপ, দক্ষিণ-পশ্চিম এছিয়া, উত্তৰ আফ্রিকা, উত্তৰ আমেৰিকাৰ উপকূলবর্তী কেলিফোর্ণিয়া, দক্ষিণ আমেৰিকাৰ মধ্য চিলি, দক্ষিণ আফ্রিকাৰ কেপ উপকূল, অষ্ট্রেলিয়াৰ দক্ষিণ-পশ্চিম উপকূল আদি ভূমধ্য সাগৰীয় অঞ্চলৰ অন্তর্গত। ভূমধ্য সাগৰীয় অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা হ’ল কৃষি। এই অঞ্চলত উৎপাদিত শস্যবোৰ হ’ল ঘেঁহু, বার্লি, মাকৈ, কপাহ, ধপাত ইত্যাদি। এই অঞ্চলৰ বহুতো অংশত বাণিজ্যিকভিত্তিত পশুপালন কৰা হয়। আঙুৰ, আপেল আদি ফলমূলৰ খেতিৰ বাবে অঞ্চলটো বিখ্যাত। ইয়াৰ ফলত বৃহৎ মাত্ৰাত ফল-মূল ভিত্তিক উদ্যোগ গঢ়ি উঠিছে। এনে এক উদ্যোগ হৈছে সুৰা উৎপাদনৰ উদ্যোগ।

(vi) মধ্য অক্ষাংশীয় মৰু অঞ্চলঃ 
         তিব্বত মালভূমি, গোবি মৰুভূমি, উত্তৰ আমেৰিকাৰ ৰকি পর্বতশ্রেণীয়ে আগুৰি থকা দ্ৰোণী, দক্ষিণ আমেৰিকাৰ পেটাগনিয়া মালভূমি আদি এই প্রাকৃতিক অঞ্চলৰ অন্তর্ভুক্ত। কিছুমান অঘৰী পশুপালকে তিব্বত পেটাগনিয়া মালভূমি আৰু গোবি মৰুভূমি অঞ্চলত বাস কৰে। পশুখাদ্যৰ সন্ধানত তেওঁলোকে ঠাই সলনি কৰি ফুৰাৰ বাবে তেওঁলোকৰ কোনো স্থায়ী বসতি নাই। বর্তমান জলসিঞ্চনৰ জৰিয়তে কিছুপৰিমাণে কৃষিকার্য সম্পাদন কৰা হৈছে। খনিজ দ্রব্য উদঘাটন আৰু ঔদ্যোগিকৰণৰ বাবেও কিছুপৰিমাণে অর্থনৈতিক বিকাশ সাধন হৈছে।

(vi) মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চলঃ 
         চীনদেশৰ উত্তৰ আৰু পূর্ব অংশ, দক্ষিণ কানাডাৰ কিছুঅংশ, ইংলেণ্ড, ইউৰোপ মহাদেশৰ উত্তৰ-পশ্চিম অংশ, ব্রাজিল দক্ষিণ-পূর্ব অংশ, উৰুগুৱে, চিলিৰ দক্ষিণ অংশ, দক্ষিণ আফ্রিকা আৰু অষ্ট্রেলিয়াৰ পূর্ব উপকূল আৰু নিউজিলেণ্ড এই অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা হৈছে কৃষি। ইয়াত উন্নত পদ্ধতিৰে খেতি কৰা হয়। কপাহ, ধপাত, বার্লি, আলু, ঘেঁহু, চাউল, কুঁহিয়াৰ আদি প্ৰচুৰ পৰিমাণে উৎপাদিত হয়। এই অঞ্চলৰ বহুতো অংশত বাণিজ্যিক ভিত্তিত পশুপালনো কৰা হয় । খনিজ সম্পদৰ উপলব্ধতাৰ বাবে ঔদ্যোগিক ক্রিয়াকলাপো বিকশিত হৈছে। সমগ্র অঞ্চলটো ঔদ্যোগিক দিশত আগবঢ়া।

(viii) মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চলঃ 
           মধ্য অক্ষাংশীয় তৃণভূমি প্রায় সকলো মহাদেশতে অৱস্থিত। এই তৃণভূমিবোৰ মহাদেশবোৰত পৃথক পৃথক নামেৰে জনাজাত। এইবোৰ এছিয়া আৰু ইউৰোপত ষ্টেপছ, উত্তৰ আমেৰিকাত প্রেইৰী, আর্জেন্টিনা আৰু দক্ষিণ আমেৰিকাত পম্পাচ, দক্ষিণ আফ্রিকাত ভেল্ড আৰু অষ্ট্রেলিয়াত ডাউনচ নামে জনাজাত। এই তৃণভূমি অঞ্চলত বাস কৰা অধিকাংশ লোকেই আদিবাসী। এই অঞ্চলৰ লোকসকলৰ প্রধান জীৱিকা কৃষি। কিন্তু আমেৰিকা যুক্তৰাষ্ট্র, কানাডা, অষ্ট্রেলিয়া আৰু ৰাছিয়াৰ তৃণভূমি অঞ্চলত বৃহৎ মাত্ৰাত কৃষি উৎপাদন কৰা হয়। এই অঞ্চলৰ বহুতো অংশত ঘেঁহুৰ খেতি কৰা হয়। বাণিজ্যিক ভিত্তিত কৰা পশুপালন যথেষ্ট বিকশিত হৈছে। গৰু, মহ আৰু ভেড়া পালনত আধুনিক বিজ্ঞানসন্মত পদ্ধতি প্রয়োগৰ ফলত দুগ্ধ শিল্প গঢ়ি উঠিছে। এই দেশসমূহৰ পৰা ৰপ্তানি কৰা হয়।

(ix) শীতল সৰলবর্গীয় অৰণ্য অঞ্চলঃ
            ইউৰোপৰ স্কাণ্ডিনেভিয়াৰ পৰা পূবে প্রশান্ত উপকূললৈকে আৰু উত্তৰ আমেৰিকাৰ আলস্কাৰ পৰা পূবে আটলান্টিক উপকূললৈকে এই অঞ্চল বিস্তৃত। এই অঞ্চলটো কৃষি আৰু পশু পালনৰ বাবে উপযুক্ত নহয়। এই অঞ্চলৰ অধিকাংশ লোকে জন্তুৰ চিকাৰ আৰু কাঠ সংগ্ৰহৰ দ্বাৰা নিজৰ জীৱিকা অর্জন কৰে। নৰৱে, ফিনলেণ্ড, ছুইডেন আদি ইউৰোপীয় দেশে কাগজ উদ্যোগ আৰু কাঠ-ভিত্তিক উদ্যোগৰ বিকাশ কৰিছে। কানাডা, আলাস্কা আৰু ছাইবেৰিয়াত বিভিন্ন খনিজ সম্পদৰ আৱিষ্কাৰে এই প্ৰান্তৰ অর্থনৈতিক বিকাশ দ্রুত কৰিছে। টাইগা অঞ্চলৰ দক্ষিণ অংশত বর্তমান সামান্য কৃষিকার্য আৰু ভেড়া পালন কৰা হয় ।

(x) শীতল মেৰু অঞ্চলঃ 
            এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল, গ্রীনলেণ্ড, ছাইবেৰিয়া আৰু এন্টার্কটিকা শীতল মেৰু অঞ্চলৰ অন্তর্ভুক্ত। এই অঞ্চলত সাধাৰণতে এস্কিমা আৰু লেছ নামৰ আদিবাসীয়ে বাস কৰে। তেওঁলোকে শীতকালত ‘ঈগলু'ত আৰু গ্ৰীষ্মকালত ‘টিউপিক নামৰ তদ্ভুত বাস কৰে। তেওঁলোকে মাছ ধৰা আৰু চিকাৰৰ দ্বাৰা জীৱন ধাৰণ কৰে। এই লোকসকলৰ মাজত কুকুৰে টনা শ্লেজ গাড়ীয়েই সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিবহণৰ মাধ্যম। যোগাযোগৰ বিস্তাৰৰ ফলত এই অঞ্চলৰ বহুতো লোকে স্থায়ী ঘৰত বাস কৰিবলৈ আৰম্ভ কৰিছে। মাছধৰা আৰু জন্তু চিকাৰ কৰাৰ বাবে আধুনিক যন্ত্রপাতি ব্যৱহৃত হৈছে। ছাইবেৰিয়াত বাণিজ্যিক ভিত্তিত বৈজ্ঞানিক পদ্ধতিৰে বল্গাহৰিণ পালনৰ পদক্ষেপ গ্রহণ কৰা হৈছে। আলস্কাত ট্ৰেলিয়াম আৰু সোণ, লাব্রাডোৰত লো আৰু ছাইবেৰিয়াত নিকেলৰ আৱিষ্কাৰে এই অঞ্চলত যথেষ্ট অর্থনৈতিক প্রগতি আনিছে।

(xi) উচ্চ পার্বত্য অঞ্চলঃ 
           হিমালয় পর্বত শ্রেণী আছ, কি আৰু এণ্ডিজ পর্বত শ্রেণী এই অঞ্চলৰ অন্তর্ভুক্ত। এই অঞ্চলৰ জনবসতি সেৰেঙা। পশুপালন আৰু কাঠ কটা এই লোকসকলৰ মুখ্য জীৱিকা। কৃষিকার্য মাত্র নদী উপত্যকাতহে কৰা হয়। এই পার্বত্য অঞ্চলত বাস কৰা জনজাতীয় লোকসকলে অস্থায়ী খেতি বা ঝুম খেতি কৰে। উপলব্ধতা সাপেক্ষে খনিজ সম্পদৰ খননো কৰা হৈছে। পার্বত্য অঞ্চলৰ বহুতো স্থান পর্যটন কেন্দ্র আৰু স্বাস্থ্য নিবাসত পৰিণত হৈছে। ইয়াৰ ফলত অঞ্চলটোত দ্রুতভাৱে উন্নয়ন সাধন হৈছে।

১০। পৃথিৱীত মহাদেশ কেইখন আৰু কি কি ? প্রতিখন মহাদেশৰে এটি চমু ভৌগোলিক পৰিচয় দাঙি ধৰা।

উত্তৰঃ পৃথিৱীত সাতখন মহাদেশ আছে। এই সাতখনৰ ভিতৰত বৰফাবৃত এন্টার্কটিকা মহাদেশত কোনো স্থায়ী জনবসতি নাই। গতিকে এই মহাদেশ নামতহে মহাদেশ হৈ ৰ'ল। অন্য ছখন মহাদেশ হৈছে এছিয়া, আফ্রিকা, ইউৰোপ, উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু ওছেনিয়া।

(i) এছিয়াঃ 
     এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ৪৪.৪ নিযুত বর্গ কিঃমিঃ যিয়ে পৃথিৱীৰ স্থলভাগৰ প্রায় ৩০ শতাংশ জুৰি আছে। ইয়াৰ বেছিভাগ উত্তৰ গোলার্ধত পৰে। এই মহাদেশ দক্ষিণে ১°উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭৮° উত্তৰ অক্ষাংশলৈ আৰু পূবে ২৫° পূর্ব দ্রাঘিমাংশৰ পৰা ১৭০° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ; পূবে বেৰিং প্রণালী আৰুপ্রশান্ত মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ আৰু পশ্চিমে লোহিত সাগৰ, চুৱেজ খাল, ভূমধ্য সাগৰ ককেছাছ পর্বত, কাস্পিয়ান সাগৰ, ইউল নদী আৰু ইউৰাল পর্বতশ্রেণী। উত্তৰ-দক্ষিণাকৈ ইয়াৰ দৈর্ঘ্য ৮,৪০০ কিঃমিঃ আৰু পূর্ব-পশ্চিমাকৈ ইয়াৰ দৈর্ঘ্য ৯,৬০০ কিঃমিঃ। ইয়াৰ উপকূলৰ দৈর্ঘ্য ৫৮,০০০ কিঃমিঃ।

(ii) আফ্রিকাঃ  
     আফ্রিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ । ইয়াৰ মুঠ মাটিকালি ৩০ নিযুত বর্গ কিঃমিঃ। মহাদেশখনে পৃথিৱীৰ মুঠ মাটিকালিৰ ২০ শতাংশ জুৰি আছে। বিষুৱৰেখাই মহাদেশখনৰ মাজেৰে অতিক্ৰম কৰি ইয়াক দুটা ভাগত বিভক্ত কৰিছে। এই মহাদেশখন উত্তৰে ৩৭” উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৩৪° দক্ষিণ অক্ষাংশ আৰু পূবে ৫১° পূর্ব দ্রাঘিমাংশৰ পৰা পশ্চিমে ১৭° পশ্চিম দ্রাঘিমাংশৰ মাজত অৱস্থিত। আফ্রিকাৰ উত্তৰে ভূমধ্য সাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে ভাৰত মহাসাগৰ আৰু পশ্চিমে আটলান্টিক মহাসাগৰ। ইয়াৰ উপকূলৰেখাৰ দৈর্ঘ্য হৈছে ৩০,০০০ কিঃমিঃ।

(iii) ইউৰোপঃ 
      ইউৰোপ মহাদেশ সম্পূৰ্ণৰূপে উত্তৰ গোলার্ধত অৱস্থিত। ইয়াৰ মাটিকালি ১০.৯ নিযুত বর্গ কিঃ মিঃ যি পৃথিৱীৰ স্থলভাগৰ ৭.৩ শতাংশ জুৰি আছে। ইদক্ষিণে ৩৬° উত্তৰ অক্ষাংশ আৰু উত্তৰে ৭১° উঃ অক্ষাংশ আৰু পশ্চিমে ১০° পঃ দ্রাঘিমাংশ আৰু পূবে ৬৫° পূঃ দ্রাঘিমাংশৰ মাজত অৱস্থিত। ইউৰোপ মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ আছে আনহাতে দক্ষিণে ভূমধ্য সাগৰ, কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ আছে। পূবে এছিয়া মহাদেশ আৰু পশ্চিমে আটলান্টিক মহাসাগৰ অৱস্থিত। ইউৰাল পর্বতশ্রেণী আৰু ইউৰাল নদীয়ে ইউৰোপ মহাদেশক এছিয়াৰ পৰা পৃথক কৰিছে। ইউৰোপৰ উপকুলৰেখাৰ দৈর্ঘ্য ৩৮,০০০ কিঃমিঃ।

(iv) উত্তৰ আমেৰিকাঃ 
        উত্তৰ আমেৰিকা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। ইয়াৰ মুঠ মাটিকালি ২৪.৩ নিযুত বর্গ কিঃমিঃ। উত্তৰ আমেৰিকাৰ মাটিকালি পৃথিৱীৰ মুঠ মাটিকালিৰ ১৬.৩ শতাংশ। মহাদেশখন দক্ষিণে ৭° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৮৩° উত্তৰ অক্ষাংশলৈ আৰু পূবে ৫০° পশ্চিম দ্রাঘিমাংশৰ পৰা পশ্চিমে ১৬৮° পশ্চিম দ্রাঘিমাংশলৈ ব্যাপ্ত হৈ আছে। মহাদেশখনৰ উত্তৰ-দক্ষিণাকৈ দূৰত্ব ৯,৬০০ কিঃমিঃ আনহাতে পূর্বপশ্চিমাকৈ দূৰত্ব ৪,৯৬০ কিঃমিঃ। এই মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ; দক্ষিণে দক্ষিণ আমেৰিকা, মেক্সিকো উপসাগৰ আৰু প্রশান্ত মহাসাগৰ, পূবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে বেৰিং সাগৰ; বেৰিং প্রণালী আৰু প্রশান্ত মহাসাগৰ।

(v) দক্ষিণ আমেৰিকাঃ 
        দক্ষিণ আমেৰিকা মহাদেশ উত্তৰে ১২° উঃ অক্ষাংশৰ পৰা দক্ষিণে ৫৫° দঃ অক্ষাংশলৈ আৰু পূৱে ৩৫° পঃ দ্রাঘিমাংশৰ পৰা পশ্চিমে ৮১° পঃ দ্রাঘিমাংশলৈ বিস্তৃত।ইওলােটা ত্রিভুজাকৃতিৰ। অন্যার্থত ইয়াৰ উত্তৰ অংশ বৰ প্রশান্ত আৰু দক্ষিণ অংশ যথেষ্ট ঠেক। দক্ষিণ আমেৰিকাৰ মুঠ মাটিকালি হৈছে ১৮ নিযুত বর্গ কিঃ মিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ প্রায় ১২.২ শতাংশ। উত্তৰৰ পৰা দক্ষিণলৈ ইয়াৰ দৈর্ঘ্য ৭,৫০০ কিঃ মিঃ আৰু পূবৰ পৰা পশ্চিমলৈ ইয়াৰ দৈর্ঘ্য ৫,১০০ কিঃমিঃ। দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰে উত্তৰ আমেৰিকা, কেৰিবিয়ান সাগৰ আৰু আটলান্টিক মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ, পশ্চিমে প্রশান্ত মহাসাগৰ আৰু পূৱে আটলান্টিক মহাসাগৰ।

(vi) ওছেনিয়াঃ
          ওচেনিয়া মহাদেশ অষ্ট্রেলিয়া মহাদ্বীপ আৰু অন্যান্য দ্বীপ যেনে– নিউজিলেণ্ড, তাচমেনিয়া, নিউ গিনি আদিৰ দ্বাৰা গঠিত। ই সম্পূৰ্ণৰূপে দক্ষিণ গোলার্ধত অৱস্থিত। ই উত্তৰে ০৭ বিষুৱীয় ৰেখাৰ পৰা দক্ষিণে ৪৮ দঃ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩ ° পূঃ দ্রাঘিমাংশৰ পৰা পূবে ১৮০° দ্রাঘিমাংশলৈ বিস্তৃত। ওচেনিয়াৰ মুঠ মাটিকালি ৯ নিযুত বর্গ কিঃমিঃ। ই পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ। ইয়াৰ উত্তৰে, দক্ষিণ-পূর্ব এছিয়াৰ, জাভা-সুমাত্রা-ছেলেবিচ দ্বীপপুঞ্জ আৰু প্রশান্ত মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এন্টার্কটিকা, পূবে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ।

১১। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন ? সেই মহাদেশখনৰ ভূ-প্রকৃতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ৪৪.৪ নিযুত বর্গ কিঃমিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ প্রায় ৩০ শতাংশ জুৰি আছে। এছিয়া মহাদেশৰ অধিকাংশ উত্তৰ গোলার্ধত অৱস্থিত। মহাদেশখনৰ ভূ-প্রাকৃতিক বৈশিষ্ট্য সম্পর্কে তলত উল্লেখ  কৰা হলঃ 

(i) পর্বতশ্রেণীঃ 
      এছিয়া মহাদেশৰ মধ্য অংশত অৱস্থিত নবীন ভঙ্গিল পর্বতশ্রেণী পশ্চিৰ পৰা পূবলৈ বিস্তৃত। এই অঞ্চলৰ পৰ্বতশ্রেণী দুটা গুৰুত্বপূৰ্ণ শৈলগ্রন্থিৰ পৰা উদ্ভৱ হৈছে। এই শৈলগ্রন্থি দুটা হৈছে পামিৰ শৈলগ্রন্থি আৰু আর্মেনীয় শৈলগ্রন্থি। এই মহাদেশৰ গুৰুত্বপূর্ণ পর্বতশ্রেণীবোৰ হৈছে ইউৰাল পর্বতশ্রেণী, হিমালয় পর্বতমালা, কাৰাকোম পর্বতশ্রেণী, হিন্দুকুশ পর্বতশ্রেণী, আৰাৱলী পর্বতশ্রেণী ইত্যাদি। পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট হিমালয় পর্বতশ্রেণীত অৱস্থিত। আনহাতে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গউইন। অষ্টিন (K2) কাৰাকোম পর্বত শ্ৰেণীত অৱস্থিত।

(ii) মালভূমিঃ 
       এছিয়া মহাদেশত মালভূমিৰ এক শৃংখলা আছে। পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ মালভূমি এই মহাদেশত অৱস্থিত। অন্যান্য গুৰুত্বপূর্ণ মালভূমিবােৰ হৈছে তিব্বত মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি, দক্ষিণা মালভূমি, ইৰান মালভূমি ইত্যাদি।

(iii) নদীঃ
        এছিয়া মহাদেশ বহুতো নদীৰে আৰ্শীবাদ ধন্য। বহুতো ডাঙৰ নদী মহাদেশখনৰ মধ্যাংশৰ পর্বতশ্রেণীৰ পৰা উৎপত্তি হৈ উত্তৰ, দক্ষিণ আৰু পূর্ব দিশৰ মহাসাগৰ আৰু সাগৰ-মহাসাগৰৰ ফালে ধাৱমান হৈছে। গুৰুত্বপূর্ণ নদীবোৰ হৈছে দক্ষিণ মধ্য এছিয়াৰ সিন্ধু, গংগা আৰু  ব্রহ্মপুত্র; উত্তৰ এছিয়াৰ ওব, ইয়েনিছি আৰু লেনা; পূব অংশৰ আমুৰ, হোৱাংহো, ইয়াং চিকিয়াং আৰু মেকং, দক্ষিণ আৰু দক্ষিণ-পূর্ব এছিয়াৰ মহানদী, কৃষ্ণা; কাবেৰী, মেনাম, ইৰাৱতী আৰু মেকং ।

(iv) সাৰুৱা সমতল আৰু ব দ্বীপঃ
        এছিয়াৰ নদীবোৰে বহু সংখ্যক সাৰুৱা সমতল আৰুব-দ্বীপৰ সৃষ্টি কৰিছে। তদুপৰি এছিয়াৰ উত্তৰ-পূব আৰু দক্ষিণ ফালৰ সাগৰ-মহাসাগৰে ভালেমান উপকূলীয় সমভূমিৰ সৃষ্টি কৰিছে।

(v) দ্বীপসমূহঃ
       এছিয়াৰ গুৰুত্বপূৰ্ণ দ্বীপসমূহ হৈছে জাপান, টাইৱান, ফিলিপাইন, জাভা, সুমাত্রা, বর্ণিও, ছেলিবিচ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, শ্রীলংকা, লাক্ষাদ্বীপ, মালদ্বীপ, বাহৰেইন ইত্যাদি। এই দ্বীপসমূহৰ অর্থনৈতিক বিকাশ। ইয়াৰ ভূ-প্রকৃতি, জলবায়ু আৰু অৱস্থিতি অনুসৰি ভিন ভিন হয়।

(vi) মৰুভূমিঃ 
       এছিয়াত তিনিখন মৰুভূমি আছে। এইকেইখন হৈছে গোবি, থৰ আৰু আৰীয় মৰুভূমি। ভাৰতৰ থৰ মৰুভূমি আৰু আৰুব মৰুভূমি ক্রান্তীয় উষ্ণ মরু অঞ্চলৰ অন্তৰ্গত । আনহাতে গোবি মৰুভূমি মধ্য অক্ষাংশীয় মৰু অঞ্চলৰ অন্তর্গত।

১২। পৃথিৱীৰ সর্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন? সেই মহাদেশৰ জনসংখ্যা আৰু অর্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ এছিয়া পৃথিৱীৰ সবাতোকৈ অধিক জনবসতিপূর্ণ মহাদেশ। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি, এছিয়াৰ জনসংখ্যা ৪০১ কোটি। ইয়াত পৃথিৱীৰ জনসংখ্যাৰ পাঁচভাগৰ তিনিভাগ আছে। জলবায়ু, উচ্চতা, মাটি, সাগৰৰ পৰা দূৰত্ব আদিৰ ভিন্নতাৰ কাৰণে, জনসংখ্যাৰ বিতৰণ অসমান। ইয়াৰ জনসংখ্যাৰ তিনি-চতুর্থাংশ, এছিয়াৰ দক্ষিণ, দক্ষিণ-পূব আৰু পূব অঞ্চলত বাস কৰে। এছিয়াৰ মুঠ জনসংখ্যাৰ ৬১ শতাংশ ভাৰত আৰু চীনত বাস কৰে। চীন পৃথিৱীৰ সবাতোকৈ জনবসতিপূর্ণ অঞ্চল, যাৰ পিছতেই ভাৰতৰ স্থান। ৩৪ নিযুত জনসংখ্যাৰে টকিঅ’ পৃথিৱীৰ সবাতোকৈ জনবসতিপূর্ণ মহানগৰ। এই মহাদেশৰ অন্যান্য ঘন জনবসতিপূর্ণ মহানগৰবোৰ হৈছে বেইজিং, মুম্বাই, দিল্লী, কলকাতা, ছিংগাপুৰ, হিল, ১াহী এছিয়া প্রাকৃতিক সম্পদেৰে সমৃদ্ধ। গতিকে এই মহাদেশৰ লোকৰ অর্থনৈতিক। মহাদেশত উৎপাদিত মুখ্য শস্যবোৰ হৈছে ধান, ঘেঁহু, কুঁহিয়াৰ, ধপাত, কপাহ, চাহপাত । হংকং, বেংকক, কুৱালালামপুৰ, টাইপেই ইত্যাদি। এছিয়াৰ প্ৰায় ৪১ শতাংশ চহৰবাসী ক্রিয়াকলাপবোৰ, অৰণ্য, কৃষি আৰু খনিজ সম্পদৰ দৰে প্রাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল। অৱশ্যে এছিয়াৰ অর্থনীতি মুখ্যতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। ৫ ৰবৰ, কফি ইত্যাদি। এছিয়াৰ প্ৰধান খনিজ সম্পদবোৰৰ ভিতৰত ছৌডি আৰু আৰু দক্ষিণ-পশ্চিম এছিয়াৰ অন্যান্য অংশ ভাৰত, ম্যানমাৰ, ইণ্ডোনেছিয়া, চী আৰু ছাইবেৰিয়াৰ ট্ৰেলিয়াম; ভাৰত ম্যানমাৰ, চীন আৰু ছাইবেৰিয়াৰ কয়ল আৰু প্রাকৃতিক গেছ; ভাৰত, চীন, ছাইবেৰিয়া, ইণ্ডোনেছিয়া আৰু ফিলিপাইনৰ লের আকৰ; ভাৰত আৰু ছাইবেৰিয়াৰ মেংগানিজ উল্লেখযোগ্য।

১৩। ইউৰোপ মহাদেশৰ ভৌগোলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ইউৰোপৰ মুঠ মাটিকালি ১০.৯ নিযুত বর্গ কিঃমিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ ৭.৩ শতাংশ। ইউৰোপ মহাদেশ সম্পূৰ্ণৰূপে উত্তৰ গোলার্ধত অৱস্থিত। ইউৰোপ মহাদেশৰ প্রধান ভৌগোলিক বৈশিষ্ট্যবোৰ হ’লঃ
(i) ভূ-প্রাকৃতিক বিভাগঃ ভূ-প্রকৃতিৰ ভিত্তিত ইউৰােপক দুটা অংশত বিভক্ত
কৰিব পাৰি ৷
(ক) উত্তৰ অংশ
(খ) দক্ষিণ অংশ
উত্তৰ অংশটো পশ্চিমৰ, ফ্রান্স উপকূলৰ পৰা পূবে ইউৰাল পর্বতশ্রেণীলৈ বিস্তৃত এয়া সমভূমি অঞ্চল। দক্ষিণ অংশ স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈ বিস্তৃত। এই অঞ্চল পাহাৰ, পর্বত আৰু মালভূমিৰ দ্বাৰা আবৃত। উত্তৰ সীমান্ত অঞ্চল আৰু দক্ষিণৰ উচ্চভূমি অঞ্চলত হিমবাহৰ প্ৰভাৱ অতি বেছি।

(ii) পর্বত শ্রেণীঃ ও ইউৰোপৰ পর্বতশ্রেণীবোৰ হ’ল আছ, পাইৰেনিজ, কার্পেথিয়ান, ককেচাছ ইত্যাদি। ককেচাছ পর্বতশ্রেণীত অৱস্থিত এলব্রাছ শৃংগ (৫,৬৩৩ মিঃ) ইউৰোপৰ উচ্চতম শৃংগ আনহাতে মাউন্ট ব্লেংক (৪,৮০৭ মিঃ) আল্পছৰ উচ্চতম শৃংগ।

(iii) নদী আৰু হ্রদঃ  ইউৰোপ বহুতো নদীৰে আশীর্বাদ ধন্য। এই মহাদেশৰ গুৰুত্বপূর্ণ নদীবোৰ হৈছে স্পেইনৰ এলব্রো, ফ্রান্সৰ ৰোন আৰু ছেইন, জার্মানীৰ ৰাইন আৰু এম্বে, পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা; অষ্ট্রিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব, বেলাৰুচ আৰু ইউক্রেইনৰ নিপাৰ; ইটালীৰ পো; গ্রেট বৃটেইনৰ থেমচ; ৰাছিয়াৰ ডন, ভ, ইউৰাল ইত্যাদি। ইউৰোপৰ কেইটামান উল্লেখযোগ্য হ্রদ হৈছে ওনেগা, লেউ গা, চুডস্ক’য়ে,ভেনান ইত্যাদি।

(iv) দ্বীপ সমূহঃ ইউৰোপ মহাদেশৰ প্ৰধান দ্বীপসমূহ হৈছে আটলান্টিক মহাসাগৰৰ বৃটিছ দ্বীপপুঞ্জ, আয়াৰলেণ্ড, আইচলেণ্ড আৰু ছেটলেণ্ড; ভূমধ্য সাগৰৰ ক্রিট, ছিছিলি, মাল্টা, ছাভিনিয়া কচিকা আৰু বেলিয়াৰিক দ্বীপপুঞ্জ আৰু উত্তৰ মহাসাগৰৰ গটলেণ্ড, এলাণ্ড, নভায়া, জেমল্যা, গ্রীণলেণ্ড ইত্যাদি।

১৪। উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্রকৃতি আৰু খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা।

উঃ উত্তৰ আমেৰিকা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। ইয়াৰ মুঠ মাটিকালি ২৪.৩ নিযুত বর্গ কিঃমিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ ১৬.৩ শতাংশ। তলত দিয়া ভূ-প্রাকৃতিক বৈশিষ্ট্যবোৰ এই মহাদেশত দেখা পোৱা যায়। ভূ-প্রাকৃতিক বিভাগঃ ভূ-প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি উত্তৰ আমেৰিকাক চাৰিটা ভাগত বিভক্ত কৰিব পাৰি।

(i) ৰকি পার্বত্য অঞ্চলঃ ৰকি পার্বত্য অঞ্চল উত্তৰ আমেৰিকাৰ পশ্চিম অংশত অৱস্থিত। আলস্কাৰ পৰা মেক্সিকো পর্যন্ত উত্তৰ-দক্ষিণাকৈ থকা সুউচ্চ নবীন ভংগিল পর্বতশ্রেণী এই অঞ্চলটোত আছে। এই অঞ্চলৰ মুখ্য পর্বতশ্রেণীবােৰ হৈছে ব্রকছ পর্বতশ্রেণী, আলস্কা পর্বতমালা, মেকেঞ্চিত পর্বতশ্রেণী, কষ্টৰেঞ্জ, কাস্কেড, ছিয়ে নেভাডা, চিয়ে মাড্রে ইত্যাদি। এই অঞ্চলটো প্রধানতঃ দুটা উত্তৰ-দক্ষিণা সমান্তৰাল পর্বতশ্রেণীৰে গঠিত
(১) পূবৰ ৰকি পর্বত শ্রেণী আৰু (২) পশ্চিম উপকূলবর্তী পর্বতশ্রেণী।

(ii) বিশাল উচচ সমভূমি অঞ্চলঃ ৰকি পার্বত্য অঞ্চলৰ পূবে আৰু আপেলেছিয়ান উচ্চভূমিৰ পশ্চিমে অবস্থিত এই প্রশস্ত অঞ্চলটো কানাডাৰ উত্তৰ অংশৰ পৰা মেক্সিকো উপসাগৰলৈকে বিস্তৃত। এই অঞ্চলটো ক্ষয়জাত মালভূমি আৰু সাৰুৱা সমতলৰ দ্বাৰা গঠিত। মিছিছিপি, মিছেৰী, অহিয়’ আদি নদীবোৰে এই অঞ্চলৰ দক্ষিণ অংশক সাৱা সমতল ভূমিত পৰিণত কৰিছে ৷ 

(ii) আপেলেছিয়ান উচ্চভূমি অঞ্চলঃ  উত্তৰ আমেৰিকাৰ পূৰ অংশত উত্তৰে নিউফাউগুলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডা পর্যন্ত বিস্তৃত পর্বত-পাহাৰ, ঠেক উপত্যকা, ভগ্ন মালভূমি আদিৰে গঠিত ওখোৰা-মোখোৰা অঞ্চলটোক আপেলেছিয়ান উচ্চভূমি বুলি জনা যায়। এলিঘেনি আৰুৱৰিজ পর্বতশ্রেণী এই অঞ্চলৰ দক্ষিণ অংশত অৱস্থিত। এই অঞ্চল খনিজ সম্পদেৰে সমৃদ্ধ আৰু অর্থনৈতিক বিকাশত অধিক অগ্ৰসৰ।

(iv) উপকূলীয় সমতলভূমি অঞ্চলঃ  আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ পূৰে থকা আটলান্টিক মহাসাগৰৰ উপকূলবর্তী উত্তৰেন'ভাস্কটিয়াৰ পৰা দক্ষিণে পানামালৈকে বিস্তৃত সমতল ভূমিখণ্ডই হৈছে উপকূলীয় সমতল ভূমি। এই অঞ্চল খনিজ তেল, প্রাকৃতিক গেছ, লৱণ আদি সম্পদেৰে সমৃদ্ধ। কেলিফোর্ণিয়াৰ ঠেক উপকূলীয় সমতলৰ বাহিৰে উত্তৰ আমেৰিকাৰ পশ্চিম উপকূলত কোনো বিশাল সমতল অঞ্চল নাই। পশ্চিমৰ আলস্কাৰ পৰা পূবৰ নিউফাউণ্ড লৈকে বিস্তৃত উত্তৰ উপকূলীয় ভূমি বহু পৰিমাণে ভগন। 

(v) নদীসমূহঃ উত্তৰ আমেৰিকা মহাদেশত মিছেীৰী, মিছিছিপি, যুকুম, মেকেজি, বিওগ্ৰেণ্ডেচ ৰেড, কোলোৰাড়ো, কলম্বিয়া, স্নেক, ওহিত’, টেনেছি, হাত, ছেণ্ট লঞ্চে আদিৰ দৰে বহুতো গুৰুত্বপূর্ণ নদী আছে। ইয়াত চুপিৰিয়ৰ, হুৰন, মিচিগান, এৰি, ওন্টেৰিও, গ্রেট বিয়েৰ, গ্রেট ফ্লেভ, উইনিপেগ আৰু গ্রেট চন্ট লেকৰ দৰে বহুতো হ্রদো আছে।

(vi) দ্বীপঃ উত্তৰ আমেৰিকাৰ দক্ষিণ -পূব আৰু উত্তৰ অংশত বহু সংখ্যক ক্ষুদ্র আৰু বৃহৎ দ্বীপআছে। খনিজ সম্পদ ও উত্তৰ আমেৰিকাত বহুতো খনিজ পদার্থ পর্যাপ্ত পৰিমাণে প্রচুৰ উৎস উপলব্ধ হয়। লো, নিকেল, কোবাল্ট, মাইকা আদি খনিজ পদার্থ
এই মহাদেশত সহজেই উপলব্ধ। একেদৰে কয়লা, স্ট্রেলিয়াম আৰু প্রাকৃতিক গেছৰ দৰে জীৱষ্ম ইন্ধনো কানাডা, আমেৰিকা আৰু মেক্সিকোত বহুল পৰিমাণে উৎপাদিত হয়। কানাডাই জলবিদ্যুত শক্তি উৎপাদনত যথেষ্ট অগ্রগতি লাভ কৰিছে।

১৫। দক্ষিণ আমেৰিকা মহাদেশৰ নদ-নদী আৰু উদ্ভিদৰ বিষয়ে চমুকৈ লিখা।

উ: দক্ষিণ আমেৰিকা পৃথিৱীৰ চতুর্থ বৃহত্তম মহাদেশ। ইয়াৰ মুঠ মাটিকালি ১৮ নিযুত বর্গ কিঃমিঃ। দক্ষিণ আমেৰিকাৰ মুখ্য নদীবোৰ হৈছে আমাজান, অৰিনিক’, পাৰানা, উৰুগুৱে, পাৰাগুৱে ইত্যাদি। আমাজান নদী এণ্ডিজ পর্বতশ্রেণীত উৎপত্তি হৈ ব্রাজিল বিষুবীয় অৰণ্যৰ মাজেদি বৈ আটলান্টিক মহাসাগৰত পৰিছে। ইয়াৰ বহু সংখ্যক উপনদী আছে। পাৰানা আৰু পাৰাগুৱে ব্রাজিলিয়ান মালভূমিত উৎপত্তি হৈছে। এইকেইখন কিছু দূৰলৈকে পৃথককৈ বয় আৰু পৰৱর্তী পর্যায়ত পাৰানা নাম লৈ মিলিত হৈছে। দক্ষিণে উৰুগুৱে নদী পাৰানাত মিলিত হৈৰিও’ ডে লা প্লাটা নামেৰে আটলান্টিক মহাসাগৰত পৰিছে। দক্ষিণত এই নদী প্রণালী যথেষ্ট উপকাৰী, কাৰণ ই উৰুগুৱে, পাৰাগুৱে আৰু আর্জেন্টিনাৰ সমৃদ্ধিশালী আৰু উৎপাদনশীল অঞ্চলৰ মাজেদি বৈ যায়। এই নদী প্রণালীয়ে সৃষ্টি কৰা বৃহৎ সংখ্যক সমভূমিয়ে সমগ্র মহাদেশখন জুৰি আছে।
দক্ষিণ আমেৰিকাৰ প্ৰাকৃতিক গছ-গছনি, জলবায়ু আৰু বন্ধুৰতা অনুসৰি বিভিন্ন হয়। উচ্চ তাপমাত্রা বিৰাজ কৰা আৰু অধিক বৃষ্টিপাত হোৱা বিষুৱীয় অঞ্চলৰ আমাজান নদী উপত্যকা চিৰসেউজ গভীৰ বিষুৱীয় অৰণ্য আছে। এই অঞ্চলক ছেলভা হিচাপে জনা যায়। বিষুৱীয় অঞ্চলৰ উত্তৰ আৰু দক্ষিণ ফালে বৃষ্টিপাত ক্রমান্বয়ে হ্রাস পায়। ইয়াৰ ফলত এই অঞ্চবোৰত তৃণভূমিৰ সৃষ্টি হয়। অৰিনিক অৱবাহিকাৰ তৃণভূমিকলামাজ বুলি কোৱা হয়। আনহাতে পাৰাগুৱে-পাৰানা উৰুগুৱে অৱবাহিকাৰ তৃণভূমিক কম্পোজ, গ্রেণচাকো আৰু পম্পাছ বুলি কোৱা হয়।

১৬। পৃথিৱীৰ প্ৰধান পর্বতশ্রেণী আৰু নদীসমূহৰ নাম উল্লেখ কৰি সেইবােৰ মানচিত্রত দেখুওৱা ।

উত্তৰঃ    পৃথিৱীৰ প্ৰধান পর্বত প্রণালীবোৰ হৈছেঃ
(i) এছিয়াৰ মধ্য পর্বতশ্রেণী
(ii) ইউৰোপৰ আল্পছ পর্বতশ্রেণী
(iii) উত্তৰ আমেৰিকাৰ ৰকি পর্বতশ্রেণী
(iv) দক্ষিণ আমেৰিকাৰ এণ্ডিজ পর্বতশ্রেণী।
পৃথিৱীৰ প্ৰধান নদীবোৰ হৈছে -
(i) এছিয়া ও সিন্ধু, গংগা,ব্রহ্মপুত্র, মেকং, হোৱাংহো, টাইগ্ৰিছ, ইউফ্রেটিছ ইত্যাদি।
(ii) ইউৰোপঃ ভক্সা, ডন, ডানিয়ুব, ৰাইন, ছিয়েন, য়ুৰাল ইত্যাদি।
(iii) আফ্রিকা নীল, কংগো, লিম্পোপো, ভোল্ট, ছেনেগাল, নাইজাৰ, জাম্বেজি ইত্যাদি।
(iv) দক্ষিণ আমেৰিকাঃ আমাজান, অৰিনিক’, উৰুগুৱে, পাৰাগুৱে ইত্যাদি।
(v) উত্তৰ আমেৰিকাঃ কলম্বিয়া, কলৰাডো, ছেন্ট লঞ্চে, মিছিছিপি মেকেঞ্জি ইত্যাদি।
(vi) ওছেনিয়াঃ মূৰে আৰু ডার্লিং

১৭। আফ্রিকা মহাদেশৰ জলবায়ু আৰু জীৱন নির্বাহ প্রণালীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ
 জলবায়ুঃ আফ্রিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ৩০ নিযুত বর্গ কিঃমিঃ। আফ্রিকা মহাদেশ বিষুৱ ৰেখাৰ দ্বাৰা দুভাগত বিভক্ত হৈছে আৰু ফলত মহাদেশখনৰ উত্তৰ অংশ উত্তৰ গোলার্ধত আৰু দক্ষিণ অংশ দক্ষিণ গোলার্ধত পৰিছে। গতিকে আফ্রিকাৰ বিভিন্ন অঞ্চলৰ জলবায়ুৰ মাজত বৃহৎ পার্থক্য দেখা যায়। মহাদেশখনৰ এক বৃহৎ অংশত ক্রান্তীয় জলবায়ু বিৰাজ কৰে। কেৱল উত্তৰ আৰু দক্ষিণ প্রান্তত ক্রান্তীয় আৰু নাতিশীতোষ্ণ জলবায়ু বিৰাজ কৰে। আফ্রিকাৰ সমভূমি অঞ্চল আৰু উপকূলীয় অঞ্চলত প্ৰচুৰ বৃষ্টিপাত হয়। কিন্তু চাহাৰা কালাহাৰি আৰু নামিবিয়াৰ মৰুভূমি অঞ্চলত কাচিৎহে বৃষ্টিপাত হয়। সেয়ে আফ্রিকাৰ বহুতো অংশ ক্রমান্বয়ে শুষ্ক হ'ব ধৰিছে।
জীৱন নির্বাহ প্রণালী ও মহাদেশখন জলসম্পদ, অৰণ্য আৰু খনিজ সম্পদত চহকী। অৱশ্যে ইয়াৰ অর্থনীতি কৃষিভিত্তিক। আফ্রিকাৰ, প্রায় ৭০ শতাংশ লোক কৃষিত জড়িত। উৎপাদিত হোৱা মুখ্য কৃষি সামগ্রীবোৰ হৈছে গোমধান, জোৱাৰ, বাজ, ধান, মিঠা আলু, চীনা বাদাম, কপাহ, কফি, চাহপাত, কুঁহিয়াৰ, ধপাত , কল ইত্যাদি। আফ্রিকাত পেট্ৰলিয়াম, প্রাকৃতিক গেছ, লো, তাম, সোণ, হীৰা, ইউৰেনিয়াম আদি খনিজ সম্পদে উপলব্ধ। আফ্রিকা মহাদেশৰ গড় জনমূৰি জাতীয় আয় ২,৫৫০ আমেৰিকান ডলাৰ। মুঠ জনসংখ্যাৰ ৩৭ শতাংশ চহৰ অঞ্চলত বাস কৰে।

১৮। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? সেই মহাদেশখনৰ ভৌগোলিক অৱস্থিতি সম্পর্কে দুআষাৰ লিখা।

উত্তৰঃ ওছেনিয়া পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ। ওছেনিয়াৰ মুঠ মাটিকালি প্রায় ৯ নিযুত বর্গ। কিঃমিঃ। ই অষ্ট্রেলিয়া মহাদ্বীপ, নিউজিলেণ্ড, টাছমেনিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপৰ দ্বাৰা গঠিত। এই মহাদেশ সম্পূৰ্ণৰূপে দক্ষিণ গোলার্ধত অৱস্থিত। ই উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮ দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূঃ দ্রাঘিমাংশৰ পৰা পূবে ১৮০° পূর্ব দ্রাঘিমাংশলৈ বিস্তৃত। যাৰ উত্তৰে দক্ষিণ-পূর্ব এছিয়াৰ জাভা-সুমাত্রা-ছেলেবিচদ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এন্টার্কটিকা, পূবে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ। অষ্ট্রেলিয়া, নিউজিলেণ্ড আৰু টাছমেনিয়াৰ বাহিৰে বাকী দ্বীপসমূহক মাইক্ৰ'নেছিয়া (ইণ্ডোনেছিয়া আৰু পাপুৱা নিউগনিৰ উত্তৰে অৱস্থিত উত্তৰ মেৰিয়ানা দ্বীপপুঞ্জ, মার্শাল দ্বীপপুঞ্জ, গুৱাম, কেৰোলিন দ্বীপপুঞ্জ, গিলবার্ট আদি।) মেলানেছিয়া (ইণ্ডোনেছিয়াৰ পূবত অৱস্থিত পাপুৱা নিউগিনি, ছল 'মন দ্বীপপুঞ্জ, নিউকেলেড’নিয়া, নিউহেব্রিডছ আদি) আৰু পলিনেছিয়া (হাৱাই, কুক, আমেৰিকান ছেম 'ডা, ছ'ছাইটী,ফ্রেন্স পলিনেছিয়া, মাকুইচাচ, টোকেলাও আদি দ্বীপপুঞ্জ) অঞ্চল হিচাপে বিভাজন কৰা হৈছে। 

১৯। চমু টোকা লিখা
(ক) পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ
(খ) নিৰক্ষীয় প্রাকৃতিক অঞ্চল
(গ) ভূমধ্য সাগৰীয় প্রাকৃতিক অঞ্চল মৌচুমী অঞ্চল
(ঘ)এছিয়া মহাদেশৰ ভূ-প্রকৃতি আৰু জলবায়ু
(চ) তুন্দ্রা অঞ্চল।
(ছ) পৃথিৱীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণ
(জ) ক্রান্তীয় তৃণভূমি অঞ্চল
(ঝ) ক্রান্তীয় উষ্ণ মৰু অঞ্চল।
(ঞ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চল
উত্তৰঃ
 (ক) পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহঃ 
পৃথিৱীৰ ঘাঁহনি অঞ্চলসমূহ দুটা প্রাকৃতিক অঞ্চলত পোৱা যায় অর্থাৎ ক্রান্তীয় তৃণভূমি অঞ্চল আৰু মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল। 
(i) ক্রান্তীয় তৃণভূমি অঞ্চলঃ 
(ii) মধ্যঅক্ষাংশীয় তৃণভূমি অঞ্চলঃ  এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ অতি কম। বছৰি মাত্র ১৫-৫০ ছেঃমিঃ বৃষ্টিপাত হয়। ইয়াত ঋতুগত উষ্ণতাৰ বিস্তাৰ অতিশয় বেছি আৰু শীতকালত শীতৰ প্রকোপ অতি বেছি। গছগছনি প্রায় নথকাৰ দৰে যদিও ইয়াত প্রচুৰ পৰিমাণে ঘাঁহনি পোৱা যায়। এই অঞ্চলৰ মাটি জৈৱ পদাৰ্থৰে সমৃদ্ধ হোৱা বাবে সাৰুৱা হয়। 
     জলবায়ুঃ 
(ক) এই অঞ্চলত উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘলীয়া শীতকাল বিৰাজ কৰে।
(খ) ইয়াত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ পার্থক্য অধিক।
(গ) বার্ষিক বৃষ্টিপাতৰ পৰিমাণ মধ্যমীয়া অর্থাৎ প্রায় ২৫-১০০ ছেঃ মিঃ
উদ্ভিদঃ 
(ক) অপর্যাপ্ত বৰষুণৰ বাবেই এই অঞ্চলত ৩ মিটাৰ পর্যন্ত উচ্চতাৰ ঘাঁহজাতীয় উদ্ভিদ পোৱা যায়।
(খ) ক্রান্তীয় অঞ্চলৰ বিশাল ঘাঁহনিক ছাভানা বোলা হয়। ভেনেজুৱেলা আৰু ব্রাজিলৰ তৃণভূমি অঞ্চলক স্থানীয়ভাৱে ক্রমে লানোছ আৰু কেম্পোছ বোলা হয়।
(গ) এই অঞ্চলত জোৱাৰ, কপাহ, চীনা বাদাম আদিৰ খেতি কৰা হয় ।
       মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল ও মধ্য অক্ষাংশীয় তৃণভূমি প্রায় সকলো মহাদেশতে অৱস্থিত। এই তৃণভূমিবোৰ মহাদেশবোৰত পৃথক পৃথক নামেৰে জনাজাত। এইবোৰ এছিয়া আৰু ইউৰোপত ষ্টেপছ, উত্তৰ আমেৰিকাত প্রেইৰী, আর্জেন্টিনা আৰু দক্ষিণ আমেৰিকাত পম্পাচ, দক্ষিণ আফ্রিকাত ভেল্ড আৰু অষ্ট্রেলিয়াত ডাউনচ নামে জনাজাত। এই তৃণভূমি অঞ্চলত বাস কৰা অধিকাংশ লোকেই আদিবাসী। এই অঞ্চলৰ লোকসকলৰ প্রধান জীৱিকা কৃষি। কিন্তু আমেৰিকা যুক্তৰাষ্ট্র, কানাডা, অষ্ট্রেলিয়া আৰু ৰাছিয়াৰ তৃণভূমি অঞ্চলত বৃহৎ মাত্ৰাত কৃষি উৎপাদন কৰা হয়। এই অঞ্চলৰ বহুতো অংশত ঘেহুৰ খেতি কৰা হয়। বাণিজ্যিক ভিত্তিত কৰা পশুপালন যথেষ্ট বিকশিত হৈছে। গৰু, মহআৰু ভেড়া পালনত আধুনিক বিজ্ঞানসন্মত পদ্ধতি প্রয়োগৰ ফলত দুগ্ধ শিল্প গঢ়ি উঠিছে। এই দেশসমূহৰ পৰা উপা ৰপ্তানি কৰা হয়।

(ii) মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চলঃ 
 এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ অতি কম। বছৰি মাত্র ১৫-৫০ ছেঃমিঃ বৃষ্টিপাত হয়। ইয়াত ঋতুগত উষ্ণতাৰ বিস্তাৰ অতিশয় বেছি আৰু শীতকালত শীতৰ প্রকোপ অতি বেছি। গছগছনি প্রায় নথকাৰ দৰে যদিও ইয়াত প্রচুৰ পৰিমাণে ঘাঁহনি পোৱা যায়। এই অঞ্চলৰ মাটি জৈৱ পদাৰ্থৰে সমৃদ্ধ হোৱা বাবে সাৰুৱা হয়। 
  
 জলবায়ুঃ 
(ক) ইয়াত অতি শীতল জলবায়ু বিৰাজ কৰে।
(খ) অন্তর্দেশীয় অথবা মহাদেশীয় অৱস্থানৰ বাবে শীতকালীন আৰু গ্রীষ্মকালীন উষ্ণতাৰ পার্থক্য যথেষ্ট বেছি।
(গ) অঞ্চলটোত গ্রীষ্মকালত সামান্য বৰষুণ হয়। বার্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ ১৫-৫০ ছেঃমিঃ।
উদ্ভিদঃ
(ক) অপর্যাপ্ত বৰষুণ আৰু শীতৰ প্রকোপৰ বাবে এই অঞ্চলত গছ-গছনি প্রায় নাই বুলিয়েই ক'ব পাৰি।
(খ) অঞ্চলটো তৃণভূমি অঞ্চললৈ পৰিৱৰ্তিত হৈছে। এছিয়া আৰু ইউৰোপত এনে অঞ্চলক ষ্টেছ, উত্তৰ আমেৰিকাত প্রেইৰি, আর্জেন্টিনাত পম্পাছ, দক্ষিণ আফ্রিকাত ভেল্ড আৰু অষ্ট্রেলিয়াত ডাউছ বোলা হয় ৷
   দক্ষিণ আমেৰিকা, আফ্রিকা আৰু অষ্ট্রেলিয়াত ১০°-২৫° অক্ষাংশৰ মাজত অৱস্থিত, এই অঞ্চলৰ অধিকাংশ ঠাই তৃণভূমিৰ দ্বাৰা গঠিত যাক সাধাৰণতে ছানা বুলি কোৱা হয়। সেইবোৰ বিভিন্ন দেশত, বিভিন্ন নামেৰেও জনাজাত। উদাহৰণস্বৰূপে, ভেনিজুৱেলা আৰু ব্রাজিলৰ তৃণভূমি স্থানীয়ভাৱে যথাক্রমে লানোছ আৰু কেম্পোছ নামে জনাজাত। এই প্রান্তত আদিবাসী লোকো বাস কৰে। তেওঁলোকৰ বহুতে পশু পালন আৰু চিকাৰত ব্যস্ত হৈ থাকে। জোৱাৰ, কপাহ, চীনাবাদাম ইত্যাদি শস্যৰ খেতি কিছুমান অংশত ক্ষুদ্র মাত্রাত কৰা হয়। এই অঞ্চলৰ জনবসতি যথেষ্ট সেৰেঙা। উপযুক্ত পৰিবহণ আৰু যোগাযোগৰ সুবিধাৰ অভাৱত, এই অঞ্চল অর্থনৈতিক আৰু সামাজিক বিকাশত যথেষ্ট পিছ পৰা। 

(খ) নিৰক্ষীয় প্রাকৃতিক অঞ্চলঃ
  নিৰক্ষীয় অঞ্চল ও এই অঞ্চলত উষ্ণ আৰু আর্দ্র জলবায়ু বিৰাজ কৰাৰ লগতে প্রচুৰ বৃষ্টিপাত হয়। প্রায় সমগ্র অঞ্চল চিৰসেউজীয়া ডাঠ অৰণ্যৰে আবৃত। এই অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰা বাবে দিন আৰু ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য অতি কম।
  জলবায়ুঃ
(ক) এই অঞ্চলত উষ্ণ আৰু আর্দ্র জলবায়ু বিৰাজ কৰে।
(খ) এই অঞ্চলত সূৰ্যৰ ৰশ্মি প্রায় লম্বভাৱে পৰা বাবে দিন আৰু ৰাতি গ্রীষ্মকাল
আৰু শীতকালৰ উষ্ণতাৰ তাৰতম্য অতি কম।
(গ) বছৰি গড় উষ্ণতা ২৭° ছেলছিয়াছ।
(ঘ) অঞ্চলটোত গোটেই বছৰজুৰি বৰষুণ হয়। বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ
২০০ ছেঃমিঃ।
উদ্ভিদঃ
(ক) সমগ্র অঞ্চলটো চিৰসেউজীয়া ডাঠ অৰণ্যৰে আবৃত।
(খ) অগণন প্রজাতিৰ জোপোহা বন আৰু লতা পোৱা যায়।
(গ) আমাজান নদীৰ অৱবাহিকাত ছেলভা নামেৰে জ্ঞাত ডাঠ অৰণ্য আছে।
(ঘ) এই অঞ্চলৰ কিছুমান কৃষিজাত সামগ্রী হৈছে ধান, ৰবৰ, চাহ, কফি ইত্যাদি।
     নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত মুখ্য অঞ্চলবোৰ হৈছে, দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা, আফ্রিকাৰ কংগো অববাহিকা (বৰ্তমানৰ নাম জাইৰে অৱবাহিকা) পশ্চিম আফ্রিকাৰ গিনি উপকূল, মালয়েছীয় উপদ্বীপ, দক্ষিণ-পূর্ব এছিয়াৰ ইণ্ডোনেচীয় আৰু ফিলিপাইন দ্বীপপুঞ্জ। আমাজান আৰু কংগো অৱবাহিকাৰ লোকসকলে চিকাৰ কৰা, মাছ ধৰা আৰু অৰণ্যৰ পৰা খাদ্য সংগৃহীতকৰণৰ দ্বাৰা জীৱন নির্বাহ কৰে। গভীৰ অৰণ্য আৰু পৰিবহণ আৰু যোগাযোগৰ অভাৱৰ বাবে কৃষি আৰু জনবসতি বহুলভাৱে বিকশিত হোৱা নাই। মালয়েছিয়া আৰু ইণ্ডোনেছিয়াও এই প্রাকৃতিক অঞ্চলৰ অন্তৰ্গত, যদিও এই অঞ্চলকেইটাই কৃষিত বিশেষতঃ কফি, চাহ আৰু ৰবৰৰ দৰে খেতিত যথেষ্ট প্রগতি কৰিছে।

(গ) ভূমধ্য সাগৰীয় প্রাকৃতিক অঞ্চলঃ
 ইয়াত গ্রীষ্মকালত উষ্ণ আৰু শুষ্ক জলবায়ু আৰু শীতকালত শীতল আৰু আর্দ্র জলবায়ু বিৰাজ কৰে। বার্ষিক গড় উষ্ণতা ৮°-২৫° ছেলছিয়াছ আৰু বার্ষিক বৰষুণৰ পৰিমাণ ২৫-৭৫ ছেঃ মিঃ। এই অঞ্চলটোৰ প্রধান প্রাকৃতিক উদ্ভিদ হৈছে চুটি গছ-গছনি আৰু জোপোহা বননি।
 জলবায়ুঃ 
(ক) অঞ্চলটোৰ বিশেষত্ব এয়ে যে ইয়াত গ্রীষ্মকালত উষ্ণ আৰু শুষ্ক জলবায়ু।
আৰু শীতকালত শীতল আৰু আর্দ্র জলবায়ু বিৰাজ কৰে।
(খ) এই অঞ্চলত গ্রীষ্মকাল সামান্য দীঘলীয়া।
(গ) বার্ষিক গড় উষ্ণতা হৈছে ৮-২৫° ছেলছিয়াছ।
বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ২৫-৭৫ ছেঃমিঃ। এই অঞ্চলত শীতকালতহে বৃষ্টিপাত হয়।
উদ্ভিদঃ 
(ক) এই অঞ্চলটোৰ প্রধান প্রাকৃতিক উদ্ভিদ হৈছে চুটি গছ-গছনি আৰু জোপোহা বননি।
(খ) এই অঞ্চলত ঘেঁহু, বার্লি, মাকৈ, কপাহ, ধপাত আদি শস্যৰ খেতি কৰা হয়।
(গ) পাহাৰৰ ঢালবিলাকত আপেল, আঙুৰ, সমন্বিতে ভিন্ন প্রকাৰৰ ফল-মূলৰ খেতি কৰা হয়।
   ভূমধ্য সাগৰৰ কাষৰীয়া অঞ্চলৰ দক্ষিণ ইউৰোপ, দক্ষিণ-পশ্চিম এছিয়া, উত্তৰ আফ্রিকা, উত্তৰ আমেৰিকাৰ উপকূলবর্তী কেলিফোর্ণিয়া, দক্ষিণ আমেৰিকাৰ মধ্য চিলি, দক্ষিণ আফ্রিকাৰ কেপ উপকূল, অষ্ট্রেলিয়াৰ দক্ষিণ-পশ্চিম উপকূল আদি ভূমধ্য সাগৰীয় অঞ্চলৰ অন্তর্গত। ভূমধ্য সাগৰীয় অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা হ’ল কৃষি। এই অঞ্চলত উৎপাদিত শস্যবোৰ হ’ল ঘেঁহু, বার্লি, মাকৈ, কপাহ, ধপাত ইত্যাদি। এই অঞ্চলৰ বহুতো অংশত বাণিজ্যিকভিত্তিত পশুপালন কৰা হয়। আঙুৰ, আপেল আদি ফলমূলৰ খেতিৰ বাবে অঞ্চলটো বিখ্যাত। ইয়াৰ ফলত বৃহৎ মাত্ৰাত ফল-মূল ভিত্তিক উদ্যোগ গঢ়ি উঠিছে। এনে এক উদ্যোগ হৈছে সুৰা উৎপাদনৰ উদ্যোগ।

(ঘ) মৌচুমী অঞ্চলঃ
 এই অঞ্চলৰ গ্ৰীষ্মকাল উষ্ণ আৰু আর্দ্র আৰু শীতকাল ঠাণ্ডা আৰু শুকান। এই অঞ্চলৰ বার্ষিক বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ ছেঃমিঃ আৰু ইয়াত পর্ণপাতী উদ্ভিদ যথেষ্ট পৰিমাণে পোৱা যায়। ওখ ঠাইবোৰত লেটেৰাইট মাটি পোৱা যায়। আনহাতে দ ঠাইবোৰত আৰু নদী উপত্যকাবোৰত সাৰুৱা পলসুৱা মাটি পোৱা যায়।
 জলবায়ু
(ক) এই অঞ্চলত প্ৰধানকৈ গ্রীষ্মকালত বৃষ্টিপাত হয়। বার্ষিক গড় বৃষ্টিপাত
পৰিমাণ ২০০ ছেঃ মিঃ।
(খ) এই অঞ্চলৰ গ্রীষ্মকাল উষ্ণ আৰু আর্দ্র আৰু শীতকাল ঠাণ্ডা আৰু শুকান।
(গ) গ্রীষ্মকাল আৰু শীতকালৰ মাজৰ উষ্ণতাৰ ব্যৱধান ১৫° ছেলছিয়াছ।
উদ্ভিদ :
(ক) ঋতুগত পৰিৱর্তনৰ বাবে এই অঞ্চলত পর্ণপাতী উদ্ভিদ পােৱা যায়। শীতকালত বৰষুণৰ অভাৱত এই উদ্ভিদবোৰৰ পাত সৰে।
(খ) এই অঞ্চলত কুঁহিয়াৰ, ঘে, কপাহ, মৰাপাট, তৈলবীজ, চাহ আদিৰ খেতি কৰা হয়।
  মৌচুমী অঞ্চলৰ অন্তৰ্গত অঞ্চলবোৰ হৈছে ভাৰত প্ৰমুখ্যে দক্ষিণ এছিয়া, দক্ষিণ-পূর্ব এছিয়া, অষ্ট্রেলিয়াৰ উত্তৰ পূব অংশ, আফ্রিকা পূর্ব অংশ, ব্রাজিলৰ পূব অংশ, মধ্য আমেৰিকা ইত্যাদি। ই পৃথিৱীৰ অন্যতম ঘন জনবসতিপূর্ণ অঞ্চল। মৌচুমী অঞ্চলৰ লোকৰ মুখ্য জীৱিকা হৈছে কৃষি। এই অঞ্চলত ধান, মৰাপাট, চাহপাত, তৈলবীজ, কপাহ, কুঁহিয়াৰ,
ঘেঁহু, আদি শস্য বহুলভাৱে খেতি কৰা হয়। এই গোটৰ বহুতো দেশ প্রাকৃতিক সম্পদেৰে সমৃদ্ধ আৰু গতিকে ভালে সংখ্যক লোক ইয়াত নিষ্কাষণ, শুদ্ধিকৰণ আৰু সম্পদৰ বিকাশত জড়িত হৈ এই অঞ্চলৰ অর্থনৈতিক বিকাশত অৰিহণা যোগাইছে।

(ঙ) এছিয়া মহাদেশৰ ভূ-প্রকৃতি আৰু জলবায়ুঃ
এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ৪৪.৪ নিযুত বর্গ কিঃমিঃ যিয়ে পৃথিৱীৰ স্থলভাগৰ প্রায় ৩০ শতাংশ জুৰি আছে। ইয়াৰ বেছিভাগ উত্তৰ গোলার্ধত পৰে। এই মহাদেশ দক্ষিণে ১°উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭৮° উত্তৰ অক্ষাংশলৈ আৰু পূবে ২৫° পূর্ব দ্রাঘিমাংশৰ পৰা ১৭০° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ; পূবে বেৰিং প্রণালী আৰুপ্রশান্ত মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ আৰু পশ্চিমে লোহিত সাগৰ, চুৱেজ খাল, ভূমধ্য সাগৰ ককেছাছ পর্বত, কাস্পিয়ান সাগৰ, ইউল নদী আৰু ইউৰাল পর্বতশ্রেণী। উত্তৰ-দক্ষিণাকৈ ইয়াৰ দৈর্ঘ্য ৮,৪০০ কিঃমিঃ আৰু পূর্ব-পশ্চিমাকৈ ইয়াৰ দৈর্ঘ্য ৯,৬০০ কিঃমিঃ। ইয়াৰ উপকূলৰ দৈর্ঘ্য ৫৮,০০০ কিঃমিঃ।
এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি ৪৪.৪ নিযুত বর্গ কিঃমিঃ যি পৃথিৱীৰ মুঠ মাটিকালিৰ প্রায় ৩০ শতাংশ জুৰি আছে। এছিয়া মহাদেশৰ অধিকাংশ উত্তৰ গোলার্ধত অৱস্থিত। মহাদেশখনৰ ভূ-প্রাকৃতিক বৈশিষ্ট্য সম্পর্কে তলত উল্লেখ  কৰা হলঃ 

(i) পর্বতশ্রেণীঃ এছিয়া মহাদেশৰ মধ্য অংশত অৱস্থিত নবীন ভঙ্গিল পর্বতশ্রেণী পশ্চিৰ পৰা পূবলৈ বিস্তৃত। এই অঞ্চলৰ পৰ্বতশ্রেণী দুটা গুৰুত্বপূৰ্ণ শৈলগ্রন্থিৰ পৰা উদ্ভৱ হৈছে। এই শৈলগ্রন্থি দুটা হৈছে পামিৰ শৈলগ্রন্থি আৰু আর্মেনীয় শৈলগ্রন্থি। এই মহাদেশৰ গুৰুত্বপূর্ণ পর্বতশ্রেণীবোৰ হৈছে  উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট হিমালয় পর্বতশ্রেণীত অৱস্থিত। আনহাতে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গউইন। অষ্টিন (K2) কাৰাকোম পর্বত শ্ৰেণীত অৱস্থিত।

(ii) মালভূমিঃ এছিয়া মহাদেশত মালভূমিৰ এক শৃংখলা আছে। পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ মালভূমি এই মহাদেশত অৱস্থিত। অন্যান্য গুৰুত্বপূর্ণ মালভূমিবোৰ হৈছে তিব্বত মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি, দক্ষিণা মালভূমি, ইৰান মালভূমি ইত্যাদি।

(iii) নদীঃ এছিয়া মহাদেশ বহুতো নদীৰে আৰ্শীবাদ ধন্য। বহুতো ডাঙৰ নদী মহাদেশখনৰ মধ্যাংশৰ পর্বতশ্রেণীৰ পৰা উৎপত্তি হৈ উত্তৰ, দক্ষিণ আৰু পূর্ব দিশৰ মহাসাগৰ আৰু সাগৰ-মহাসাগৰৰ ফালে ধাৱমান হৈছে। গুৰুত্বপূর্ণ নদীবোৰ হৈছে দক্ষিণ মধ্য এছিয়াৰ সিন্ধু, গংগা আৰু ব্রহ্মপুত্র; উত্তৰ এছিয়াৰ ওব, ইয়েনিছি আৰু লেনা; পূব অংশৰ আমুৰ, হোৱাংহো, ইয়াং চিকিয়াং আৰু মেকং, দক্ষিণ আৰু দক্ষিণ-পূর্ব এছিয়াৰ মহানদী, কৃষ্ণা; কাবেৰী, মেনাম, ইৰাৱতী আৰু মেকং ।

(iv) সাৰুৱা সমতল আৰু ব দ্বীপঃ ও এছিয়াৰ নদীবোৰে বহু সংখ্যক সাৰুৱা সমতল আৰুব-দ্বীপৰ সৃষ্টি কৰিছে। তদুপৰি এছিয়াৰ উত্তৰ-পূব আৰু দক্ষিণ ফালৰ সাগৰ-মহাসাগৰে ভালেমান উপকূলীয় সমভূমিৰ সৃষ্টি কৰিছে।

(v) দ্বীপসমূহঃ এছিয়াৰ গুৰুত্বপূৰ্ণ দ্বীপসমূহ হৈছে জাপান, টাইৱান, ফিলিপাইন, জাভা, সুমাত্রা, বর্ণিও, ছেলিবিচ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, শ্রীলংকা, লাক্ষাদ্বীপ, মালদ্বীপ, বাহৰেইন ইত্যাদি। এই দ্বীপসমূহৰ অর্থনৈতিক বিকাশ। ইয়াৰ ভূ-প্রকৃতি, জলবায়ু আৰু অৱস্থিতি অনুসৰি ভিন ভিন হয়।

(vi) মৰুভূমিঃ এছিয়াত তিনিখন মৰুভূমি আছে। এইকেইখন হৈছে গোবি, থৰ আৰু আৰীয় মৰুভূমি। ভাৰতৰ থৰ মৰুভূমি আৰু আৰুব মৰুভূমি ক্রান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত । আনহাতে গোবি মৰুভূমি মধ্য অক্ষাংশীয় মৰু অঞ্চলৰ অন্তর্গত।

(চ) তুন্দ্রা অঞ্চলঃ 
 এই অঞ্চলটো প্রায় গোটেই বছৰ জুৰি বৰফেৰে আবৃত হৈ থাকে। হ্রস্বকালীন গ্রীষ্মকালৰ উষ্ণতা ০°-১০° ছেলছিয়াছ। আনহাতে দীর্ঘকালীন শীতকালত উষ্ণতা ১৮° ছেলছিয়াছলৈ হ্রাস পায় আৰু এনে সময়ত প্ৰচুৰ তুষাৰপাত হয়। এই অঞ্চলত ব্ৰষুণ প্রায় হয়েই বুলিব পাৰি।
 
জলবায়ুঃ 
(ক) অঞ্চলটোত ঠাণ্ডাৰ প্রকোপ অতি বেছি।
(খ) গ্রীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া।
(গ) হ্রস্বকালীন গ্রীষ্মকালৰ উষ্ণতা ০°- ১০° ছেলছিয়াছ। আনহাতে দীর্ঘকালীন শীতকালত উষ্ণতা - ১৮° ছেলছিয়াছলৈ হ্রাস পায়।
(ঘ) এই অঞ্চলত বৰষুণ প্রায় নহয়েই বুলিব পাৰি। শীতকালত প্ৰচুৰ তুষাৰপাত

উদ্ভিদঃ 
এই অঞ্চলটো বছৰৰ অধিকাংশ সময়ে বৰফেৰে আবৃত হৈ থকা বাবে ইয়াত উদ্ভিদ গজিব নোৱাৰে যদিও গ্রীষ্মকালত উত্তাপ বৃদ্ধিৰ ফলত বৰফ গলা ঠাইবোৰত ঘাঁহ, শেলুৱৈ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদ গজে।
                এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল, গ্রীনলেণ্ড, ছাইবেৰিয়া আৰু এন্টার্কটিকা শীতল মেৰু অঞ্চলৰ অন্তর্ভুক্ত। এই অঞ্চলত সাধাৰণতে এস্কিমো আৰু লেছ নামৰ আদিবাসীয়ে বাস কৰে। তেওঁলোকে শীতকালত ‘ঈগলু'ত আৰু গ্ৰীষ্মকালত ‘টিউপিক নামৰ তদ্ভুত বাস কৰে। তেওঁলোকে মাছ ধৰা আৰু চিকাৰৰ দ্বাৰা জীৱন ধাৰণ কৰে। এই লোকসকলৰ মাজত কুকুৰে টনা শ্লেজ গাড়ীয়েই সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিবহণৰ মাধ্যম। যোগাযোগৰ বিস্তাৰৰ ফলত এই অঞ্চলৰ বহুতো লোকে স্থায়ী ঘৰত বাস কৰিবলৈ আৰম্ভ কৰিছে। মাছধৰা আৰু জন্তু চিকাৰ কৰাৰ বাবে আধুনিক যন্ত্রপাতি ব্যৱহৃত হৈছে। ছাইবেৰিয়াত বাণিজ্যিক ভিত্তিত বৈজ্ঞানিক পদ্ধতিৰে বল্গাহৰিণ পালনৰ পদক্ষেপ গ্রহণ কৰা হৈছে। আলস্কাত ট্ৰেলিয়াম আৰু সোণ, লাব্রাডোৰত লো আৰু ছাইবেৰিয়াত নিকেলৰ আৱিষ্কাৰে এই অঞ্চলত যথেষ্ট অর্থনৈতিক প্রগতি আনিছে।

(ছ) পৃথিৱীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণঃ
 পৃথিৱীৰ মুঠ মাটিকালি ৫১০ নিযুত বর্গ কিঃমিঃ। ইয়াৰ ভিতৰত স্থলপৃষ্ঠৰ কালি মুঠ মাটিকালিৰ প্রায় ২৯ শতাংশ (১৪৯ নিযুত বর্গ কিঃমিঃ) আনহাতে জলভাগৰ কালি মুঠ মাটিকালিৰ প্রায় ৭১ শতাংশ (৩৬১ নিযুত বর্গ কিঃমিঃ)। পৃথিৱীৰ মুঠ জনসংখ্যা ২০০৭ চনৰ গণনা মতে ৬৬২ কোটিতকৈও অধিক। বর্তমান পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৭০০ নিযুত বা ৭ বিলিয়ন বুলি অনুমান কৰা
হৈছে। ২০০৭ ৰ গণনা মতে এছিয়াৰ জনসংখ্যা ৪০১ কোটিতকৈও বেছি যি পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৬০.৫০ শতাংশ। আফ্রিকাৰ জনসংখ্যা ৯৪৪ নিযুত, আনহাতে তৃতীয় বৃহত্তম মহাদেশ উত্তৰ আমেৰিকাৰ জনসংখ্যা ৫২৩ নিযুত। ইউৰোপৰ জনসংখ্যা প্রায় ৭৩৩ নিযুত যদিও ই মহাদেশবোৰৰ আকাৰ অনুসৰি পঞ্চম স্থানত আছে। আনহাতে আকাৰ অনুসৰি চতুর্থস্থানত থকা দক্ষিণ আমেৰিকাৰ জনসংখ্যা মাত্র ৩৮১ নিযুত। আনহাতে ওছেনিয়াৰ জনসংখ্যা মাত্র ৩৫ নিযুত। পৃথিৱীৰ জনসংখ্যা প্রায় ৯০ শতাংশ উত্তৰ গোলার্ধত বাস কৰে। গতিকে, আমাৰ বোধগম্য হ’ল যে, পৃথিৱীৰ জনসংখ্যাৰ বিভাজন যথেষ্ট অসমান। ভূ-প্রকৃতি, জলবায়ু, মাটি, উচ্চতা, সাগৰৰ পৰা দূৰত্ব, গছ-গছনি আদিৰ বিভিন্নতাৰ ফলত এনে হয়। প্রাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদানৰ বিভিন্নতাৰ ফলত, জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰণ প্ৰণালী পৃথিৱীৰ বিভিন্ন স্থানত একে নহয়।

(জ) ক্রান্তীয় তৃণভূমি অঞ্চলঃ
 এই অঞ্চলত উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল বিৰাজ কৰে। ইয়াত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ পার্থক্য অধিক। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ মধ্যমীয়া অর্থাৎ প্রায় ২৫-১০০ ছেঃমিঃ। এই অঞ্চলত ক্রান্তীয় ঘাঁহনি পৰিলক্ষিত হয়।
জলবায়ু
(ক) এই অঞ্চলত উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘলীয়া শীতকাল বিৰাজ কৰে।
(খ) ইয়াত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ পার্থক্য অধিক।
(গ) বার্ষিক বৃষ্টিপাতৰ পৰিমাণ মধ্যমীয়া অর্থাৎ প্রায় ২৫-১০০ ছেঃ মিঃ
উদ্ভিদ
(ক) অপর্যাপ্ত বৰষুণৰ বাবেই এই অঞ্চলত ৩ মিটাৰ পর্যন্ত উচ্চতাৰ ঘাঁহজাতীয় উদ্ভিদ পোৱা যায়।
(খ) ক্রান্তীয় অঞ্চলৰ বিশাল ঘাঁহনিক ছাভানা বোলা হয়। ভেনেজুৱেলা আৰু ব্রাজিলৰ তৃণভূমি অঞ্চলক স্থানীয়ভাৱে ক্রমে লানোছ আৰু কেম্পোছ বোলা হয়।
(গ) এই অঞ্চলত জোৱাৰ, কপাহ, চীনা বাদাম আদিৰ খেতি কৰা হয় ।
 দক্ষিণ আমেৰিকা, আফ্রিকা আৰু অষ্ট্রেলিয়াত ১০°-২৫° অক্ষাংশৰ মাজত অৱস্থিত, এই অঞ্চলৰ অধিকাংশ ঠাই তৃণভূমিৰ দ্বাৰা গঠিত যাক সাধাৰণতে ছানা বুলি কোৱা হয়। সেইবোৰ বিভিন্ন দেশত, বিভিন্ন নামেৰেও জনাজাত। উদাহৰণস্বৰূপে, ভেনিজুৱেলা আৰু ব্রাজিলৰ তৃণভূমি স্থানীয়ভাৱে যথাক্রমে লানোছ আৰু কেম্পোছ নামে জনাজাত। এই প্রান্তত আদিবাসী লোকো বাস কৰে। তেওঁলোকৰ বহুতে পশু পালন আৰু চিকাৰত ব্যস্ত হৈ থাকে। জোৱাৰ, কপাহ, চীনাবাদাম ইত্যাদি শস্যৰ খেতি কিছুমান অংশত ক্ষুদ্র মাত্রাত কৰা হয়। এই অঞ্চলৰ জনবসতি যথেষ্ট সেৰেঙা। উপযুক্ত পৰিবহণ আৰু যোগাযোগৰ সুবিধাৰ অভাৱত, এই অঞ্চল অর্থনৈতিক আৰু সামাজিক বিকাশত যথেষ্ট পিছ পৰা।

(ঝ) ক্রান্তীয় উষ্ণ মৰু অঞ্চলঃ
   এই অঞ্চলত গোটেই বছৰতে উষ্ণ আৰু শুষ্ক জলবায়ু বিৰাজ কৰে। ইয়াত দিন আৰু ৰাতিৰ উষ্ণতাৰ তাৰতম্য অধিক। বৰষুণৰ পৰিমাণ প্রায় নগণ্য (বার্ষিক ২০-২৫ ছেঃমিঃ)। এই অঞ্চলৰ অধিকাংশ ঠাই বালিৰে আবৃত হৈ থাকে। বিশাল বালিময় অঞ্চলত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে।

জলবায়ুঃ
(ক) গোটেই বছৰজুৰি উষ্ণ আৰু শুষ্ক জলবায়ু বিৰাজ কৰে।
(খ) ইয়াত দিন আৰু ৰাতিৰ উষ্ণতাৰ পার্থক্য অধিক।
(গ) গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ৪৫° ছেলছিয়াছ পর্যন্ত বৃদ্ধি হয়।
(ঘ) অঞ্চলটোত বৰষুণৰ পৰিমাণ তেনেই কম। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ২০২৫ ছেঃমিঃ উদ্ভিদ
(ক) অপর্যাপ্ত বৰষুণৰ বাবে কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে।
(খ) এই অঞ্চলৰ অধিকাংশ ঠাই মৰুভূমি সদৃশ আৰু এইবোৰ বালিৰে আবৃত হৈ থাকে।
(গ) মৰুভূমিত থকা মৰুদ্যানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু ইয়াত কম পৰিমাণে খেতি-বাতিও কৰা হয়।
  আৰৱ, ইৰাণ আৰু আফগানিস্তানৰ মৰুভূমি,।এছিয়াৰ ভাৰতীয় থৰ মৰুভূমি, আফ্রিকাৰ ছাহাৰা আৰু কালাহাৰী, দক্ষিণ আমেৰিকাৰ আটাকামা মৰুভূমি, অষ্ট্রেলিয়াৰ বৃহৎ মৰুভূমি আদি ক্রান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত। এই মৰুভূমি অঞ্চলবোৰৰ বেছিভাগ অঞ্চল বসতিহীন। কিছুমান অঞ্চলত অঘৰী পশুপালকসকলে বাস কৰে। এই অঞ্চলত বাস কৰা প্রধানগোষ্ঠীকেইটা হৈছে- কালাহাৰী মৰুভূমিৰ বুছমেন, অষ্ট্রেলিয়াৰ বৃহৎ মৰুভূমিৰ আদিবাসীসকল, ছাহাৰা আৰু আৰব অঞ্চলত বাস কৰা বেদুইন ইত্যাদি। এই অঞ্চলৰ অধিকাংশ লোকে উট, ঘোঁৰা, ভেড়া, ছাগলী আদি পালন কৰি তেওঁলোকৰ জীৱিকা অর্জন কৰে। নীল উপত্যকা অঞ্চলে কৃষিৰ ক্ষেত্ৰত কিছু প্রগতি কৰিছে আনহাতে, কুৱেইট, চৌডি আৰৱ, ইৰাণ, ইৰাক আদি দেশে তেলৰ আৱিষ্কাৰৰ বাবে অর্থনৈতিকশপ্রগতি কৰিছে।

(ঞ)  শীতল সৰলবর্গীয় অৰণ্য অঞ্চলঃ
 শীতল সৰলবর্গীয় অৰণ্য অঞ্চলঃ  ইয়াত শুকান আৰু ঠাণ্ডা জলবায়ু বিৰাজ কৰে। গ্রীষ্মকালত উষ্ণতা ১৫° ছেলছিয়াছলৈ বৃদ্ধি পায় আৰু শীতকালত তুষাৰপাত হয়। গ্রীষ্মকালত অতি কম পৰিমাণে বৰষুণ হয়। টাইগা বুলি জনাজাত কোমল কাঠৰ চিৰসেউজীয়া বনাঞ্চলে অঞ্চলটো আৱৰি ৰাখিছে।
জলবায়ুঃ 
(ক) অঞ্চলটোৰ জলবায়ু কিছু পৰিমাণে শুকান আৰু ঠাণ্ডা।
(খ) গ্রীষ্মকালত গড় উষ্ণতা ১৫° ছেলছিয়াছলৈ বৃদ্ধি পায়।
(গ) এই অঞ্চলত শীতকালত উষ্ণতা হ্রাস পোৱাৰ বাবে তুষাৰপাত হয়।
(ঘ) অঞ্চলটোৰ বিশেষত্ব এয়ে যে ইয়াৰ গ্রীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া ।
(ঙ) এই অঞ্চলত গ্রীষ্মকালত কম পৰিমাণৰ বৰষুণ হয়।
উদ্ভিদঃ
টাইগা বুলি জনাজাত কোমল কাঠৰ চিৰসেউজীয়া বনাঞ্চলেঅঞ্চলটো আৱৰি ৰাখিছে।
  শীতল সৰলবর্গীয় অৰণ্য অঞ্চল ও ইউৰোপৰ স্কাণ্ডিনেভিয়াৰ পৰা পূবে প্রশান্ত উপকূললৈকে আৰু উত্তৰ আমেৰিকাৰ আলস্কাৰ পৰা পূবে আটলান্টিক উপকূললৈকে এই অঞ্চল বিস্তৃত। এই অঞ্চলটো কৃষি আৰু পশু পালনৰ বাবে উপযুক্ত নহয়। এই অঞ্চলৰ অধিকাংশ লোকে জন্তুৰ চিকাৰ আৰু কাঠ সংগ্ৰহৰ দ্বাৰা নিজৰ জীৱিকা অর্জন কৰে। নৰৱে, ফিনলেণ্ড, ছুইডেন আদি ইউৰোপীয় দেশে কাগজ উদ্যোগ আৰু কাঠ-ভিত্তিক উদ্যোগৰ বিকাশ কৰিছে। কানাডা, আলাস্কা আৰু ছাইবেৰিয়াত বিভিন্ন খনিজ সম্পদৰ আৱিষ্কাৰে এই প্ৰান্তৰ অর্থনৈতিক বিকাশ দ্রুত কৰিছে। টাইগা অঞ্চলৰ দক্ষিণ অংশত বর্তমান সামান্য কৃষিকার্য আৰু ভেড়া পালন কৰা হয় ।




Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)