ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

মই অসমীয়া -চৈয়দ আব্দুল মালিক -দশম শ্ৰেণী - অসমীয়া সাহিত্য চয়নিকা

Admin
3

1. চমু উত্তৰ দিয়া :

( ক)চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা ৷

উত্তৰ : বেদুইন  ৷

(খ)মোগলসকলে অসমৰ ক'ত ভৰি দিছিল ?

উত্তৰ :  অসমৰ  সেউজীয়া  দূবৰি  বনত ৷

(গ) অসমৰ হেংদাং ক'ত জিলিকিছিল ?

উত্তৰ : দুপৰৰ  পূৰ্ণ  আলোকত ৷
 
(ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ?

উত্তৰ : ম'হ-শিং  পেঁপা ৷
 
(ঙ) অসমৰ স্বৰ্গদেউ কিহেৰে দেউল সাজিছিল ?

উত্তৰ : চাউলেৰে ৷

2.  'অসমৰ হেংদাং জিলিকিল

     দুপৰৰ পূৰ্ণ আলোকত' - কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা ৷

উত্তৰ :   যিদিনাখন মোগলসকল  অসমৰ  যুদ্ধথলীত তথা মিনাকৰা বনৰ বুকুত নামিছিল মোগলসকলে দেখিছিল যে অসমৰ  সকলো পুৰুষ-তিৰোতা ৰণচণ্ডী মূৰ্তি ধৰি বুকুপাতি ৰণত নামিছে ৷ তেওঁলোকৰ  হেং দাং দুপৰৰ পূৰ্ণ আলোকত  জিলিকিছিল ৷ নিজৰ স্বাধীনতাৰ বাবে সকলো পুৰুষ-তিৰোতা ৰণ-প্ৰাংগণত আগবাঢ়ি আহিছিল ৷ এই দৃশ্য চাই মোগলসকলৰ  তথা ৰাজপুতসকলৰ বাহুৰ বল অসমৰ যুদ্ধথলীত লুপ্ত হৈছিল ৷ মোগলসকল  অসমৰ পুৰুষ নাৰীৰ সাহসীকতাৰ ৰূপ চাই আচৰিত হৈছিল ৷ অসমৰ হেং দাং অসমীয়াৰ বাবে বীৰত্বৰ প্ৰতীক ৷

3. অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ৷


উত্তৰ :   যেতিয়া মোগলসকলে অসমৰ  যুদ্ধথলীত তথা মিনাকৰা বনৰ বুকুত নামিছিল তেওঁলোক দেখিছিল যে অসমৰ  সকলো পুৰুষ-তিৰোতা ৰণচণ্ডী মূৰ্তি ধৰি বুকুপাতি ৰণত নামিছে ৷ তেওঁলোকৰ  হেং দাং দুপৰৰ পূৰ্ণ আলোকত  জিলিকিছিল ৷ নিজৰ স্বাধীনতাৰ বাবে সকলো পুৰুষ-তিৰোতা ৰণ-প্ৰাংগণত আগবাঢ়ি আহিছিল ৷ এই দৃশ্য চাই মোগলসকলৰ  তথা ৰাজপুতসকলৰ বাহুৰ বল অসমৰ যুদ্ধথলীত লুপ্ত হৈছিল ৷ কবিয়ে আচৰিত হৈছিল যে ক'তনো পালে অসমৰ সেনানীয়ে ইমান বল যিসকল কেৱল শুকান সান্দহ আৰু পানীহে খায় ৷ মোগলসকল অসমৰ পুৰুষ নাৰীৰ বীৰত্ব চায় ভয় খাইছিল আৰু পৰাজয় বৰণ কৰিবলগীয়া হৈছিল ৷

4. 'ক'ত অত বল পালে অসমৰ সেনানীয়ে
     শুকান সান্দহ আৰু পানী আঁজলিত ৷"
      -কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা ৷

উত্তৰ :  সূদৰ পশিচমত থকা নিজৰ স্বৰ্ণপুৰী ৰাজঅন্তঃপুৰ  এৰি মোগলসকল অসমৰ লুইতৰ পাৰত ভৰি দিছিল  ৷ অসমক পৰাজয় কৰি  অসমত বিজয়ৰ গান গাম বুলি তেওঁলোক( মোগলসকল) আহিছিল ৷ যিদিনাখন মোগলসকলে অসমৰ  যুদ্ধথলীত তথা মিনাকৰা বনৰ বুকুত নামিছিল তেওঁলোক দেখিছিল যে অসমৰ  সকলো পুৰুষ-তিৰোতা ৰণচণ্ডী মূৰ্তি ধৰি বুকুপাতি ৰণত নামিছে ৷ তেওঁলোকৰ  হেং দাং দুপৰৰ পূৰ্ণ আলোকত  জিলিকিছিল ৷ নিজৰ স্বাধীনতাৰ বাবে সকলো পুৰুষ-তিৰোতা ৰণ-প্ৰাংগণত আগবাঢ়ি আহিছিল ৷ এই দৃশ্য চাই মোগলসকলৰ  তথা ৰাজপুতসকলৰ বাহুৰ বল অসমৰ যুদ্ধথলীত লুপ্ত হৈছিল ৷ মোগলসকল আচৰিত হৈছিল যে ক'তনো পালে অসমৰ সেনানীয়ে ইমান বল যিসকল কেৱল শুকান সান্দহ আৰু পানীহে খায় ৷ সিহঁতৰ সাহস চায় তেওঁলোক পৰাজয় বৰণ কৰিবলগীয়া হৈছিল ৷


5. 'মই অসমীয়া' কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা ৷

উত্তৰ : মোগলে অসমলৈ উভতি চাই দেখিলে অসমৰ চৌদিশে  ধূসৰ পাহাৰ আৰু ইয়াৰ প্ৰতিটো বনৰ পাত জাংফাই , মিনাকৰা আৰু ৰূপৰে জাতিষ্কাৰ  হৈ আছে ৷ ইয়াত থকা দূবৰিৰ পাতে পাতে মুকুতাৰ থোপা আছে যিবোৰ ভৰিৰ গচকত ভাগি যায় ৷ অসমৰ মানুহে হাতীৰ দাঁতেৰে খৰমৰ চুলা বনায় আৰু ভৰি ধোৱে পোৱালৰে ভৰা দলঙত ৷  অসমীয়া মানুহে বাঘ-নখৰে বনোৱা পিন্ধে খাৰু আৰু ভৰিৰ আঙুঠি আৰু ম'হৰ -শিংঙৰ  পেঁপা বজায় ৷ অসমৰ স্বৰ্গদেউসকল হাঁহ -কণী , চাউলেৰে দেউল সজায় ৷ নদীৰ বালিত ভৰা  সোণ গচকত ভাগি  গুড়ি হয় ৷ পুঠি মাছে কাণত পিন্ধে সোণৰ থুৰীয়া আৰু ভেকুলীয়ে ফোঁট লৈ সজায় নিজকে সুৱাগী ( তিৰোতা) ৷ অসমৰ নিষ্কৰ্মা  ধোদৰ দলেও  ৰাজ আলি বান্ধে আৰু পিঠা গুড়িৰে দ'ল সাজে ৷ বাৰটি সাগৰ খানি আৰু ৰংঘৰ -কাৰেংঘৰ ৰচে বননিত ৷ হীৰা-মণি অসমৰ ভূমিৰ ধূলিত বাগৰে আৰু মাটিৰ চৰুত জুখি জুখি সোণচৰু ৰূপচৰু ঘৰে ঘৰে দিয়ে ৷ এনেকুৱা সোণ-ৰূপৰে ভৰি থকা দেশ আৰু য'ত অসমৰ গীত শুনি শিলো পমি যায় , এনে দেশ কবিয়ে কতো দেখা নাই ৷ 'মই অসমীয়া' কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ এইদৰেই প্ৰতিফলিত হৈছে ৷

6. কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ৷


উত্তৰ : চৈয়দ  আব্দুল  মালিকৰ  জন্ম হৈছিল  ১৯১৯ চনত  গোলাঘাট জিলাৰ  নাহৰণিত ৷ তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ  কঢ়িয়াই আনিছিল ৷ তেওঁক  গল্পসম্ৰাট বুলি কোৱা হয় ৷ গল্পকাৰ আৰু ঔপন্যাসিক হোৱা বাবে  তেওঁ কবি হিচাপে অল্পচৰ্চিত ৷ কিন্তু তেওঁৰ  কবিতায়ো আমাৰ  সাহিত্য বাৰুকৈয়ে সমৃদ্ধ কৰিছে ৷ তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে 'বেদুইন ' ৷ অসমীয়া আধুনিক কবিসকলৰ প্ৰথম পৰ্বত তেও গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছে ৷ তেওঁৰ কবিতাত সুষম আৰু অৰ্থৱহ  ব্যৱহাৰ  দেখা যায় ৷ তেওঁ 'অঘৰী আত্মাৰ কাহিনী ' নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বটাঁ লাভ কৰে ৷ 'সূৰুযমুখী স্বপ্ন' তেওঁৰ আন এখন বিখ্যাত উপন্যাস ৷ তেওঁৰ গল্প-উপন্যাসৰপৰা 'জেতুকা পাতৰ দৰে ', মমতাজ আদি চলচ্চিত্ৰ নিৰ্মিত  হৈছৈ ৷ মুঠতে কবি , গল্পকাৰ আৰু ঔপন্যাসিক চৈয়দ আব্দুল মালিকে অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া অৱদান আগবঢ়াইছে ৷ তেওঁৰ আন আন ৰাচনাৰাজি হ'ল - 'পৰশমণি' , ' আধাৰশিলা ' , 'মৰহা ফুল' , ৰূপতীৰ্থৰ যাত্ৰী , ইত্যাদি ৷ তেওঁ ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল ৷ এইজন বিখ্যাত সাহিত্যিকৰ ২০০০ চনত  দেহান্তৰ ঘটে ৷

7. অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ৷

উত্তৰ : সূদৰ পশিচমত থকা নিজৰ স্বৰ্ণপুৰী ৰাজঅন্তঃপুৰ  এৰি কবি অসমৰ লুইতৰ পাৰত ভৰি দিছিল  ৷ অসমক পৰাজয় কৰি  অসমত বিজয়ৰ গান গাম বুলি তেওঁলোক( মোগলসকল) আহিছিল ৷ সেইজীয়া দূবৰি বনৰে ভৰা অসমত কবিয়ে ভৰি দিছিল আৰু দেখিছিল অসমৰ স্বাধীন পতাকা আৰু শুনিছিল অসমৰ সকলো প্ৰান্তত গৌৰৱৰ তথা বিজয়ৰ বিৰামহীন মুক্তিগীত ৷ সেই সময়ত অসমৰ ৰাজ অসমৰ সিংহ-আসনত আছিল ৷ কবিয়ে অসমত মোগলৰ বিজয়ী শক্তিৰে অসমক পৰাজিত কৰি মুছলিমৰ মজিয়া স্থাপন কৰিব বুলি কৈছিল যাতে সম্পূৰ্ণ অসম তেওঁলোকৰ হ'ব আৰু কামৰূপো হ'ব তেওঁলোকৰ অধিকাৰত ৷
       
              মোগলে অসমলৈ উভতি চাই দেখিলে অসমৰ চৌদিশে  ধূসৰ পাহাৰ আৰু ইয়াৰ প্ৰতিটো বনৰ পাত জাংফাই , মিনাকৰা আৰু ৰূপেৰে জাতিষ্কাৰ  হৈ আছে ৷ ইয়াত থকা দূবৰিৰ পাতে পাতে মুকুতাৰ থোপা আছে যিবোৰ ভৰিৰ গচকত ভাগি যায় ৷ অসমৰ মানুহে হাতীৰ দাঁতেৰে খৰমৰ চুলা বনায় আৰু ভৰি ধোৱে পোৱালৰে ভৰা দলঙত ৷  অসমীয়া মানুহে বাঘ-নখৰে বনোৱা পিন্ধে খাৰু আৰু ভৰিৰ আঙুঠি আৰু ম'হৰ -শিংঙৰ  পেঁপা বজায় ৷ অসমৰ স্বৰ্গদেউসকল হাঁহ -কণী , চাউলেৰে দেউল সজায় ৷ নদীৰ বালিত ভৰা  সোণ গচকত ভাগি  গুড়ি হয় ৷ পুঠি মাছে কাণত পিন্ধে সোণৰ থুৰীয়া আৰু ভেকুলীয়ে ফোঁট লৈ সজায় নিজকে সুৱাগী ( তিৰোতা) ৷ অসমৰ নিষ্কৰ্মা  ধোদৰ দলেও  ৰাজ আলি বান্ধে আৰু পিঠা গুড়িৰে দ'ল সাজে ৷ বাৰটি সাগৰ খানি আৰু ৰংঘৰ -কাৰেংঘৰ ৰচে বননিত ৷ হীৰা-মণি অসমৰ ভূমিৰ ধূলিত বাগৰে আৰু মাটিৰ চৰুত জুখি জুখি সোণচৰু ৰূপচৰু ঘৰে ঘৰে দিয়ে ৷ এনেকুৱা সোণ-ৰূপৰে ভৰি থকা দেশ আৰু য'ত অসমৰ গীত শুনি শিলো পমি যায় , এনে দেশ কবিয়ে কতো দেখা নাই ৷


8. ব্যাখ্যা কৰা : 
    (ক) মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
            দেশ-প্ৰাণ, মুক্ত-প্ৰাণ, অসমৰ স্বদেশ ভকতি ৷

উত্তৰ : উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ  অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা বিৰচিত "মই অসমীয়া" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 
কবিয়ে এই কবিতাফাঁকিৰ জৰিয়তে অসমীয়া  মানুহৰ  স্বদেশ প্ৰেমৰ কথা তথা অসমৰ পুৰুষ-নাৰীৰ শক্তিৰ পৰিচয় দাঙি ধৰিছে ৷ 
সূদৰ পশ্চিমত থকা নিজৰ স্বৰ্ণপুৰী ৰাজঅন্তঃপুৰ  এৰি মোগলসকল অসমৰ লুইতৰ পাৰত ভৰি দিছিল  ৷ যিদিনাখন তেওঁলোকে অসমৰ  যুদ্ধথলীত তথা মিনাকৰা বনৰ বুকুত নামিছিল তেওঁ দেখিছিল যে অসমৰ  সকলো পুৰুষ-তিৰোতা ৰণচণ্ডী মূৰ্তি ধৰি বুকুপাতি ৰণত নামিছে ৷ তেওঁলোকৰ  হেং দাং দুপৰৰ পূৰ্ণ আলোকত  জিলিকিছিল ৷ নিজৰ স্বাধীনতাৰ বাবে সকলো পুৰুষ-তিৰোতা ৰণ-প্ৰাংগণত আগবাঢ়ি আহিছিল ৷ এই দৃশ্য চাই মোগলসকলৰ  তথা ৰাজপুতসকলৰ বাহুৰ বল অসমৰ যুদ্ধথলীত লুপ্ত হৈছিল ৷ মোগলসকল আচৰিত হৈছিল যে ক'তনো পালে অসমৰ সেনানীয়ে ইমান বল যিসকল কেৱল শুকান সান্দহ আৰু পানীহে খায় ৷ অসমে মোগলক পৰাজয় কৰাৰ নিজৰ স্বাধীনতাৰ গান গালে ৷ মোগলসকলে  অসমৰ বাবে মুক্ত-প্ৰাণ তথা স্বদেশৰ পৰম ভক্তি থকা অসমীয়াসকলৰ  শক্তিৰ নতুন পৰিচয় পালে ৷ পৰাজিত মোগলে সিদিনাখন অসমৰ বিনন্দীয়া ৰূপ আৰু ভক্তি-প্ৰেমেৰে ভৰপূৰ হৈ থকা সৌন্দৰ্য্যৰ খনিৰ কথা গম পালে ৷ তেওঁলোক মুক্ত-প্ৰাণ অসমীয়াৰ সুমধুৰ সংগীতৰ ধ্বনি শুনিলে ৷


    (খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থোপা গচকত ভাগে মৰকত,
           হাতীৰ দাতেঁৰে কৰে খৰমত চুলা,
               ভৰি ধোৱে পোৱালৰ ভৰা দলঙত ৷

উত্তৰ : উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ  অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা বিৰচিত "মই অসমীয়া" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 
এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক পৰিৱেশৰ লগতে তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে আলোকপাত কৰিছে ৷
মোগলে অসমলৈ উভতি চাই দেখিলে অসমৰ চৌদিশে  ধূসৰ পাহাৰ আৰু ইয়াৰ প্ৰতিটো বনৰ পাত জাংফাই , মিনাকৰা আৰু ৰূপেৰে জাতিষ্কাৰ  হৈ আছে ৷ ইয়াত থকা দূবৰিৰ পাতে পাতে মুকুতাৰ থোপা আছে যিবোৰ ভৰিৰ গচকত ভাগি যায় ৷ অসমৰ মানুহে হাতীৰ দাঁতেৰে খৰমৰ চুলা বনায় আৰু ভৰি ধোৱে পোৱালৰে ভৰা দলঙত ৷  অসমীয়া মানুহে বাঘৰ-নখেৰে বনোৱা পিন্ধে খাৰু আৰু ভৰিৰ আঙুঠি আৰু ম'হৰ -শিংঙৰ  পেঁপা বজায় ৷ অসমৰ স্বৰ্গদেউসকল হাঁহ -কণী , চাউলেৰে দেউল সজায় ৷ নদীৰ বালিত ভৰা  সোণ গচকত ভাগি  গুড়ি হয় ৷ পুঠি মাছে কাণত পিন্ধে সোণৰ থুৰীয়া আৰু ভেকুলীয়ে ফোঁট লৈ সজায় নিজকে সুৱাগী ( তিৰোতা) ৷ অসমৰ নিষ্কৰ্মা  ধোদৰ দলেও  ৰাজ আলি বান্ধে আৰু পিঠা গুড়িৰে দ'ল সাজে ৷ বাৰটি সাগৰ খানি আৰু ৰংঘৰ -কাৰেংঘৰ ৰচে বননিত ৷ হীৰা-মণি অসমৰ ভূমিৰ ধূলিত বাগৰে আৰু মাটিৰ চৰুত জুখি জুখি সোণচৰু ৰূপচৰু ঘৰে ঘৰে দিয়ে ৷ এনেকুৱা সোণ-ৰূপৰে ভৰি থকা দেশ আৰু য'ত অসমৰ গীত শুনি শিলো পমি যায় , এনে দেশ কবিয়ে কতো দেখা নাই ৷

    (গ) মোহ গ'ল দূৰণিৰ বিদেশী মোগল
             অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া,
           অসমত বন্দী হ'ল, অসমৰ ৰূপ-মুগ্ধ
             দূৰৰ মোগল আহি হ'ল অসমীয়া ৷৷


উত্তৰ : উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ  অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা বিৰচিত "মই অসমীয়া" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 
            এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মোগলসকল কেনেকৈ অসমৰ প্ৰাকৃতিক ৰেহ-ৰূপ চাই আপ্লুত হৈছিল আৰু তেওঁলোক অসমত চিৰদিনৰ বাবে বন্দী হৈছিল  তাকেই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে ৷ 
              মোগলে অসমলৈ উভতি চাই দেখিলে অসমৰ চৌদিশে  ধূসৰ পাহাৰ আৰু ইয়াৰ প্ৰতিটো বনৰ পাত জাংফাই , মিনাকৰা আৰু ৰূপৰে জাতিষ্কাৰ  হৈ আছে ৷ ইয়াত থকা দূবৰিৰ পাতে পাতে মুকুতাৰ থোপা আছে যিবোৰ ভৰিৰ গচকত ভাগি যায় ৷ অসমৰ মানুহে হাতীৰ দাঁতেৰে খৰমৰ চুলা বনায় আৰু ভৰি ধোৱে পোৱালৰে ভৰা দলঙত ৷  অসমীয়া মানুহে বাঘ-নখৰে বনোৱা পিন্ধে খাৰু আৰু ভৰিৰ আঙুঠি আৰু ম'হৰ -শিংঙৰ  পেঁপা বজায় ৷ অসমৰ স্বৰ্গদেউসকল হাঁহ -কণী , চাউলেৰে দেউল সজায় ৷ নদীৰ বালিত ভৰা  সোণ গচকত ভাগি  গুড়ি হয় ৷ পুঠি মাছে কাণত পিন্ধে সোণৰ থুৰীয়া আৰু ভেকুলীয়ে ফোঁট লৈ সজায় নিজকে সুৱাগী ( তিৰোতা) ৷ অসমৰ নিষ্কৰ্মা  ধোদৰ দলেও  ৰাজ আলি বান্ধে আৰু পিঠা গুড়িৰে দ'ল সাজে ৷ বাৰটি সাগৰ খানি আৰু ৰংঘৰ -কাৰেংঘৰ ৰচে বননিত ৷ হীৰা-মণি অসমৰ ভূমিৰ ধূলিত বাগৰে আৰু মাটিৰ চৰুত জুখি জুখি সোণচৰু ৰূপচৰু ঘৰে ঘৰে দিয়ে ৷ এনেকুৱা সোণ-ৰূপৰে ভৰি থকা দেশ আৰু য'ত অসমৰ গীত শুনি শিলো পমি যায় , এনে দেশ কবিয়ে কতো দেখা নাই ৷  অসমৰ  এই সকলো  ৰূপ  দেখি  মোগলে  অসমতে  বন্দী  হ'ল  লগতে আহোমক  নিজৰ ৰজা হিচাপে  গ্ৰহণ কৰিলে আৰু কামৰূপক  নিজৰ  দেশ  হিচাপে  স্বীকাৰ  কৰিলে ৷ অসমৰ  হকে  যুঁজিম আৰু  অসমৰ  হকে  মৰিম  বুলি  নিজেই  প্ৰতিজ্ঞাবদ্ধ  হ'ল ৷ সিদিনাৰপৰাই  তেওঁলোক অসমৰ অসমীয়া বুলি কলে  আৰু ধৰ্ম তথা জাতিক অসমীয়া প্ৰাণৰ আপোন বুলি  গ্ৰহণ কৰিলে ৷ অসমৰ ভূমিতেই সুখৰ সপোন চালে আৰু জীয়াই  থাকোঁতেই  এই  পৃথিৱীতেই চিৰদিন অসমীয়া হৈ মৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'ল ৷

    (ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া
            অসমীয়া দেহ-প্ৰাণ মন;
          জীয়াই থাকোঁতে মই অসমৰে অসমীয়া
            মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ ৷


উত্তৰ : উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ  অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা বিৰচিত "মই অসমীয়া" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 
       এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মোগলসকলৰ  অসমৰ প্ৰতি যি মৰমৰ ভাৱ উদয় হৈছিল তাকে বৰ্ণনা কৰিবলৈ বিচাৰিছে ৷ 
         অসমৰ  সকলো  ৰূপ-সৌন্দৰ্য্য  দেখি  মোগলে  অসমতে  বন্দী  হ'ল  লগতে আহোমক  নিজৰ ৰজা হিচাপে  গ্ৰহণ কৰিলে আৰু কামৰূপক  নিজৰ  দেশ  হিচাপে  স্বীকাৰ  কৰিলে ৷ অসমৰ  হকে  যুঁজিম আৰু  অসমৰ  হকে  মৰিম  বুলি  নিজেই  প্ৰতিজ্ঞাবদ্ধ  হ'ল ৷ সিদিনাৰপৰাই  তেওঁলোক অসমৰ অসমীয়া বুলি কলে  আৰু ধৰ্ম তথা জাতিক অসমীয়া প্ৰাণৰ আপোন বুলি  গ্ৰহণ কৰিলে ৷ অসমৰ ভূমিতেই সুখৰ সপোন চালে আৰু জীয়াই  থাকোঁতেই  এই  পৃথিৱীতেই চিৰদিন অসমীয়া হৈ মৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'ল ৷ আনকি মৰাৰ পাছত পুনৰ কেতিয়াবা আহিলে কবিয়ে স্মিৰিতৰ  ইতিহাস অসমৰ অসমীয়া হৈ আহিব ৷ অসমীয়া  ভাষা , কথা  আৰু গীত সকলোবোৰ  নিজৰ  আপোন  বুলি  কলে আৰু এই গীত -মাতেৰে কবিৰ হৃদয়  উপচে ৷ জনমৰ লগে লগে তেওঁ  অসমীক আই  বুলি  মাতে আৰু  যিদিনা তেওঁ মুদিব সিদিনাও  অসমী আইক নিজৰ দু-ওঁঠৰে যাওঁ  বুলি  কৈ থৈ  যাব ৷ মৃত্যুৰ  পাছত কবিয়ে সৰগৰপৰা  যদি  তেওঁ তেওঁৰ  নাম মৰতত থকা মানুহসকলৰ পৰা অসমীয়া  সুৰত শুনি  পায় তেতিয়াও  তেওঁ এই  অসমীয়া ভাষাক চিনি পাব আৰু বুজি পাব ৷ তেওঁ  সৰগৰ  গীত এৰি  হলেও, অসমৰ  সুৰীয়া  গীতটো  দুকাণ  পাতি  শুনিব ৷ জীৱনে মৰণে  তেওঁ  চিৰদিন অসমীয়া হৈ  থাকিব  লগতে তেওঁৰ দেহ -প্ৰাণ -মন  অসমীয়া হৈ  থাকিব ৷ জীয়াই  থকা সময়তো  তেওঁ  অসমৰ  অসমীয়া আৰু  মৰিলেও  অসমৰ  অমিয়া  মৰণ হৈ  থাকিব ৷



9. 'মই অসমীয়া' কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে
     তোমাৰ কথাৰে বুজাই লিখা ৷


উত্তৰ : যিদিনাখন তেওঁলোকে অসমৰ  যুদ্ধথলীত তথা মিনাকৰা বনৰ বুকুত নামিছিল তেওঁ দেখিছিল যে অসমৰ  সকলো পুৰুষ-তিৰোতা ৰণচণ্ডী মূৰ্তি ধৰি বুকুপাতি ৰণত নামিছে ৷ তেওঁলোকৰ  হেং দাং দুপৰৰ পূৰ্ণ আলোকত  জিলিকিছিল ৷ নিজৰ স্বাধীনতাৰ বাবে সকলো পুৰুষ-তিৰোতা ৰণ-প্ৰাংগণত আগবাঢ়ি আহিছিল ৷ এই দৃশ্য চাই মোগলসকলৰ  তথা ৰাজপুতসকলৰ বাহুৰ বল অসমৰ যুদ্ধথলীত লুপ্ত হৈছিল ৷ কবিয়ে আচৰিত হৈছিল যে ক'তনো পালে অসমৰ সেনানীয়ে ইমান বল যিসকল কেৱল শুকান সান্দহ আৰু পানীহে খায় ৷ অসমে মোগলক পৰাজয় কৰাৰ নিজৰ স্বাধীনতাৰ গান গালে ৷ মোগলসকলে  অসমৰ বাবে মুক্ত-প্ৰাণ তথা স্বদেশৰ পৰম ভক্তি থকা অসমীয়াসকলৰ  শক্তিৰ নতুন পৰিচয় পালে ৷ পৰাজিত মোগলে সিদিনাখন অসমৰ বিনন্দীয়া ৰূপ আৰু ভক্তি-প্ৰেমেৰে ভৰপূৰ হৈ থকা সৌন্দৰ্য্যৰ খনিৰ কথা গম পালে ৷ তেওঁলোক মুক্ত-প্ৰাণ অসমীয়াৰ সুমধুৰ সংগীতৰ ধ্বনি শুনিলে ৷

10. কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই ৷

উত্তৰ :
                মোগলে অসমলৈ উভতি চাই দেখিলে অসমৰ চৌদিশে  ধূসৰ পাহাৰ আৰু ইয়াৰ প্ৰতিটো বনৰ পাত জাংফাই , মিনাকৰা আৰু ৰূপৰে জাতিষ্কাৰ  হৈ আছে ৷ ইয়াত থকা দূবৰিৰ পাতে পাতে মুকুতাৰ থোপা আছে যিবোৰ ভৰিৰ গচকত ভাগি যায় ৷ অসমৰ মানুহে হাতীৰ দাঁতেৰে খৰমৰ চুলা বনায় আৰু ভৰি ধোৱে পোৱালৰে ভৰা দলঙত ৷  অসমীয়া মানুহে বাঘ-নখৰে বনোৱা পিন্ধে খাৰু আৰু ভৰিৰ আঙুঠি আৰু ম'হৰ -শিংঙৰ  পেঁপা বজায় ৷ অসমৰ স্বৰ্গদেউসকল হাঁহ -কণী , চাউলেৰে দেউল সজায় ৷ নদীৰ বালিত ভৰা  সোণ গচকত ভাগি  গুড়ি হয় ৷ পুঠি মাছে কাণত পিন্ধে সোণৰ থুৰীয়া আৰু ভেকুলীয়ে ফোঁট লৈ সজায় নিজকে সুৱাগী ( তিৰোতা) ৷ অসমৰ নিষ্কৰ্মা  ধোদৰ দলেও  ৰাজ আলি বান্ধে আৰু পিঠা গুড়িৰে দ'ল সাজে ৷ বাৰটি সাগৰ খানি আৰু ৰংঘৰ -কাৰেংঘৰ ৰচে বননিত ৷ হীৰা-মণি অসমৰ ভূমিৰ ধূলিত বাগৰে আৰু মাটিৰ চৰুত জুখি জুখি সোণচৰু ৰূপচৰু ঘৰে ঘৰে দিয়ে ৷ এনেকুৱা সোণ-ৰূপৰে ভৰি থকা দেশ আৰু য'ত অসমৰ গীত শুনি শিলো পমি যায় , এনে দেশ কবিয়ে কতো দেখা নাই ৷

                অসমৰ   সকলো  ৰূপ  দেখি  মোগলে  অসমতে  বন্দী  হ'ল  লগতে আহোমক  নিজৰ ৰজা হিচাপে  গ্ৰহণ কৰিলে আৰু কামৰূপক  নিজৰ  দেশ  হিচাপে  স্বীকাৰ  কৰিলে ৷ অসমৰ  হকে  যুঁজিম আৰু  অসমৰ  হকে  মৰিম  বুলি  নিজেই  প্ৰতিজ্ঞাবদ্ধ  হ'ল ৷ সিদিনাৰপৰাই  তেওঁলোক অসমৰ অসমীয়া বুলি কলে  আৰু ধৰ্ম তথা জাতিক অসমীয়া প্ৰাণৰ আপোন বুলি  গ্ৰহণ কৰিলে ৷ অসমৰ ভূমিতেই সুখৰ সপোন দেখিলে আৰু জীয়াই  থাকোঁতেই  এই  পৃথিৱীতেই চিৰদিন অসমীয়া হৈ মৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'ল ৷ আনকি মৰাৰ পাছত পুনৰ কেতিয়াবা আহিলে কবিয়ে স্মিৰিতৰ  ইতিহাস অসমৰ অসমীয়া হৈ আহিব ৷ অসমীয়া  ভাষা , কথা  আৰু গীত সকলোবোৰ  নিজৰ  আপোন  বুলি  কলে আৰু এই গীত -মাতেৰে কবিৰ হৃদয়  উপচে ৷ জনমৰ লগে লগে তেওঁ  অসমীক আই  বুলি  মাতে আৰু  যিদিনা তেওঁ মুদিব সিদিনাও  অসমী আইক নিজৰ দু-ওঁঠৰে যাওঁ  বুলি  কৈ থৈ  যাব ৷ মৃত্যুৰ  পাছত কবিয়ে সৰগৰপৰা  যদি  তেওঁ তেওঁৰ  নাম মৰতত থকা মানুহসকলৰ পৰা অসমীয়া  সুৰত শুনি  পায় তেতিয়াও  তেওঁ এই  অসমীয়া ভাষাক চিনি পাব আৰু বুজি পাব ৷ তেওঁ  সৰগৰ  গীত এৰি  হলেও, অসমৰ  সুৰীয়া  গীতটো  দুকাণ  পাতি  শুনিব ৷ জীৱনে মৰণে  তেওঁ  চিৰদিন অসমীয়া হৈ  থাকিব  লগতে তেওঁৰ দেহ -প্ৰাণ -মন  অসমীয়া হৈ  থাকিব ৷ জীয়াই  থকা সময়তো  তেওঁ  অসমৰ  অসমীয়া আৰু  মৰিলেও  অসমৰ  অমিয়া  মৰণ হৈ  থাকিব ৷
       সেইবাবে কবিয়ে মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে ৷

 
11.'মই অসমীয়া' কবিতাটিৰ সাৰাংশ লিখা

উত্তৰ : ' মই অসমীয়া '  কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি অনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ  ভালপোৱা  প্ৰকাশিত  হৈছিল ৷ কবিয়ে কবিতাটিত মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে ৷
                     
                    সূদৰ পশিচমত থকা নিজৰ স্বৰ্ণপুৰী ৰাজঅন্তঃপুৰ  এৰি কবি অসমৰ লুইতৰ পাৰত ভৰি দিছিল  ৷ অসমক পৰাজয় কৰি  অসমত বিজয়ৰ গান গাম বুলি তেওঁলোক( মোগলসকল) আহিছিল ৷ সেইজীয়া দূবৰি বনৰে ভৰা অসমত কবিয়ে ভৰি দিছিল আৰু দেখিছিল অসমৰ স্বাধীন পতাকা আৰু শুনিছিল অসমৰ সকলো প্ৰান্তত গৌৰৱৰ তথা বিজয়ৰ বিৰামহীন মুক্তিগীত ৷ সেই সময়ত অসমৰ ৰাজ অসমৰ সিংহ-আসনত আছিল ৷ কবিয়ে অসমত মোগলৰ বিজয়ী শক্তিৰে অসমক পৰাজিত কৰি মুছলিমৰ মজিয়া স্থাপন কৰিব বুলি কৈছিল যাতে সম্পূৰ্ণ অসম তেওঁলোকৰ হ'ব আৰু কামৰূপো হ'ব তেওঁলোকৰ অধিকাৰত ৷

                   যিদিনাখন তেওঁলোকে অসমৰ  যুদ্ধথলীত তথা মিনাকৰা বনৰ বুকুত নামিছিল তেওঁ দেখিছিল যে অসমৰ  সকলো পুৰুষ-তিৰোতা ৰণচণ্ডী মূৰ্তি ধৰি বুকুপাতি ৰণত নামিছে ৷ তেওঁলোকৰ  হেং দাং দুপৰৰ পূৰ্ণ আলোকত  জিলিকিছিল ৷ নিজৰ স্বাধীনতাৰ বাবে সকলো পুৰুষ-তিৰোতা ৰণ-প্ৰাংগণত আগবাঢ়ি আহিছিল ৷ এই দৃশ্য চাই মোগলসকলৰ  তথা ৰাজপুতসকলৰ বাহুৰ বল অসমৰ যুদ্ধথলীত লুপ্ত হৈছিল ৷ কবিয়ে আচৰিত হৈছিল যে ক'তনো পালে অসমৰ সেনানীয়ে ইমান বল যিসকল কেৱল শুকান সান্দহ আৰু পানীহে খায় ৷ অসমে মোগলক পৰাজয় কৰাৰ নিজৰ স্বাধীনতাৰ গান গালে ৷ মোগলসকলে  অসমৰ বাবে মুক্ত-প্ৰাণ তথা স্বদেশৰ পৰম ভক্তি থকা অসমীয়াসকলৰ  শক্তিৰ নতুন পৰিচয় পালে ৷ পৰাজিত মোগলে সিদিনাখন অসমৰ বিনন্দীয়া ৰূপ আৰু ভক্তি-প্ৰেমেৰে ভৰপূৰ হৈ থকা সৌন্দৰ্য্যৰ খনিৰ কথা গম পালে ৷ তেওঁলোক মুক্ত-প্ৰাণ অসমীয়াৰ সুমধুৰ সংগীতৰ ধ্বনি শুনিলে ৷

                মোগলে অসমলৈ উভতি চাই দেখিলে অসমৰ চৌদিশে  ধূসৰ পাহাৰ আৰু ইয়াৰ প্ৰতিটো বনৰ পাত জাংফাই , মিনাকৰা আৰু ৰূপৰে জাতিষ্কাৰ  হৈ আছে ৷ ইয়াত থকা দূবৰিৰ পাতে পাতে মুকুতাৰ থোপা আছে যিবোৰ ভৰিৰ গচকত ভাগি যায় ৷ অসমৰ মানুহে হাতীৰ দাঁতেৰে খৰমৰ চুলা বনায় আৰু ভৰি ধোৱে পোৱালৰে ভৰা দলঙত ৷  অসমীয়া মানুহে বাঘ-নখৰে বনোৱা পিন্ধে খাৰু আৰু ভৰিৰ আঙুঠি আৰু ম'হৰ -শিংঙৰ  পেঁপা বজায় ৷ অসমৰ স্বৰ্গদেউসকল হাঁহ -কণী , চাউলেৰে দেউল সজায় ৷ নদীৰ বালিত ভৰা  সোণ গচকত ভাগি  গুড়ি হয় ৷ পুঠি মাছে কাণত পিন্ধে সোণৰ থুৰীয়া আৰু ভেকুলীয়ে ফোঁট লৈ সজায় নিজকে সুৱাগী ( তিৰোতা) ৷ অসমৰ নিষ্কৰ্মা  ধোদৰ দলেও  ৰাজ আলি বান্ধে আৰু পিঠা গুড়িৰে দ'ল সাজে ৷ বাৰটি সাগৰ খানি আৰু ৰংঘৰ -কাৰেংঘৰ ৰচে বননিত ৷ হীৰা-মণি অসমৰ ভূমিৰ ধূলিত বাগৰে আৰু মাটিৰ চৰুত জুখি জুখি সোণচৰু ৰূপচৰু ঘৰে ঘৰে দিয়ে ৷ এনেকুৱা সোণ-ৰূপৰে ভৰি থকা দেশ আৰু য'ত অসমৰ গীত শুনি শিলো পমি যায় , এনে দেশ কবিয়ে কতো দেখা নাই ৷

                অসমৰ  এই সকলো  ৰূপ  দেখি  মোগলে  অসমতে  বন্দী  হ'ল  লগতে আহোমক  নিজৰ ৰজা হিচাপে  গ্ৰহণ কৰিলে আৰু কামৰূপক  নিজৰ  দেশ  হিচাপে  স্বীকাৰ  কৰিলে ৷ অসমৰ  হকে  যুঁজিম আৰু  অসমৰ  হকে  মৰিম  বুলি  নিজেই  প্ৰতিজ্ঞাবদ্ধ  হ'ল ৷ সিদিনাৰপৰাই  তেওঁলোক অসমৰ অসমীয়া বুলি কলে  আৰু ধৰ্ম তথা জাতিক অসমীয়া প্ৰাণৰ আপোন বুলি  গ্ৰহণ কৰিলে ৷ অসমৰ ভূমিতেই সুখৰ সপোন চালে আৰু জীয়াই  থাকোঁতেই  এই  পৃথিৱীতেই চিৰদিন অসমীয়া হৈ মৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'ল ৷ আনকি মৰাৰ পাছত পুনৰ কেতিয়াবা আহিলে কবিয়ে স্মিৰিতৰ  ইতিহাস অসমৰ অসমীয়া হৈ আহিব ৷ অসমীয়া  ভাষা , কথা  আৰু গীত সকলোবোৰ  নিজৰ  আপোন  বুলি  কলে আৰু এই গীত -মাতেৰে কবিৰ হৃদয়  উপচে ৷ জনমৰ লগে লগে তেওঁ  অসমীক আই  বুলি  মাতে আৰু  যিদিনা তেওঁ মুদিব সিদিনাও  অসমী আইক নিজৰ দু-ওঁঠৰে যাওঁ  বুলি  কৈ থৈ  যাব ৷ মৃত্যুৰ  পাছত কবিয়ে সৰগৰপৰা  যদি  তেওঁ তেওঁৰ  নাম মৰতত থকা মানুহসকলৰ পৰা অসমীয়া  সুৰত শুনি  পায় তেতিয়াও  তেওঁ এই  অসমীয়া ভাষাক চিনি পাব আৰু বুজি পাব ৷ তেওঁ  সৰগৰ  গীত এৰি  হলেও, অসমৰ  সুৰীয়া  গীতটো  দুকাণ  পাতি  শুনিব ৷ জীৱনে মৰণে  তেওঁ  চিৰদিন অসমীয়া হৈ  থাকিব  লগতে তেওঁৰ দেহ -প্ৰাণ -মন  অসমীয়া হৈ  থাকিব ৷ জীয়াই  থকা সময়তো  তেওঁ  অসমৰ  অসমীয়া আৰু  মৰিলেও  অসমৰ  অমিয়া  মৰণ হৈ  থাকিব ৷   
             

12. 'মই অসমীয়া' কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা ৷

উত্তৰ : 

13. ভাষা-বিষয়ক :
      (ক) ব্যাসবাক্য সমাহৰ নাম লিখা :
              স্বৰ্ণপুৰী; মুক্তগীত;অনিৰুদ্ধ;নিষ্কৰ্মা ৷

উত্তৰ : 

স্বৰ্ণপুৰী ঃ  স্বৰ্ণৰ পুৰী - তৎপুৰুষ  সমাস

মুক্তগীত ঃ  মুক্ত যি গীত - কৰ্মধাৰয় সমাস

অনিৰুদ্ধ ঃ  ৰুদ্ধ নহয়  যাৰ গতি - বহুব্ৰীহি  সমাস

নিষ্কৰ্মা ঃ কৰ্ম নহয় যাৰ - বহুব্ৰীহি  সমাস

      (খ) তলৰ শব্দবোৰৰ নিচিনা পাঁচোটা শব্দ সাজা :
             বাঘ-নখ, হাঁহ-কণী, ম'হ-শিং ৷

উত্তৰ : ঘৰ -বাৰী , মাছ-মাংস , পুৰুষ-নাৰী , হীৰা-মণি , মাটি-বাৰী

      (গ) বিপৰীত শব্দ লিখাঁ
             গৌৰৱ; আলোক; স্বাধীনতা; পৰাজিত; সপোন;মৰণ ৷

উত্তৰ : 

 গৌৰৱ ঃ  বদনাম , কলংক

আলোক ঃ আন্ধাৰ  , ৰাতি

স্বাধীনতা ঃ পৰাধীনতা

পৰাজিত ঃ বিজয়ী

 সপোন ঃ দিঠক

মৰণ ঃ জীৱন



Post a Comment

3Comments

Please don't use spam link in the comment box.

Post a Comment