পানী -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে
আৰম্ভণিঃ পানী বায়ুৰ দৰেই এটি প্রকৃতিৰ অৱদান। পানী জুলীয়া পদার্থ। ইয়াৰ অবিহনে কোনাে প্রাণী বৰ্তি থাকিব নােৱাৰে। কেৱল প্ৰাণীয়ে নহয়, প্রাকৃতিক জগতখনাে পানীৰ বিনে অচল হৈ পৰিব।
পানীৰ ৰূপঃ পানীৰ ৰূপ তিনিটা। স্বাভাবিক অৱস্থাত ই জুলীয়া হৈ থাকে। পানী উতলালে বা উত্তাপ পালে জুলীয় বাষ্পলৈ ৰূপান্তৰিত হয়। আনহাতে বেছি চেঁচা হ'লে পানী বৰলৈ ৰূপান্তৰিত হয়। এতেকে উষ্ণতা অনুসৰি পানীৰ তিনিটা ৰূপ দেখিবলৈ পােৱা যায়।
পানী হাইড্রজেন আৰু অক্সিজেন গেছৰ যৌগ। ইয়াত দুভাগ হাইড্রজেন আৰু এভাগ অক্সিজেন গেছ থাকে। নির্মল আৰু বীজাণুযুক্ত পানীৰ কোনাে আকাৰ, ৰং আৰু গােন্ধ নাই।
পানীৰ উৎসঃ পৃথিৱীৰ উপৰিভাগৰ তিনিভাগৰ দুভাগ অংশ পানীৰে ঢকা । পৃথিৱীৰ বেছিভাগ ঠাইত সাগৰ, মহাসাগৰ আছে। অৱশ্যে সাগৰৰ পানী লুণীয়া আৰু সেইবােৰ খাব নােৱাৰি। খােৱাপানী নদী, পুখুৰী, কুঁৱা আদিত পােৱা যায়। মানুহে কুঁৱা, পুখুৰী, নলীনাদ আদি খান্দি লােৱা পানী আহৰণ কৰে। এইবােৰত পানী শুকাই।।গলেও বৰষুণ আৰু ভূগৰ্ভত থকা পানীয়ে সেই অভাৱ দূৰ কৰে।
পানীৰ গুৰুত্বঃ পানীৰ বাবেই জীৱজগত আৰু প্রাকৃতিক জগত চলি থকা সম্ভৱ হৈছে। পানীৰ বাবেই গছ-গছনি, শাক-পাচলি আদি জীয়াই আছে। মানুহে পিয়াহ গুচাবলৈ বা খােৱা বস্তু হজম কৰিবলৈ পানী খাবই লাগিব। পানীৰ বাবেই আমি মাছকাছৰ দৰে পুষ্টিকৰ খাদ্য পাইছোঁ। সাগৰৰ পানীৰ তলত থকা বিভিন্ন মণি-মুকুতা গােটাব পাৰিছোঁ। পানী থকাৰ বাবে অতীতত দেশে-বিদেশে ব্যৱসায় বাণিজ্য আৰু যােগাযােগ সম্ভৱ হৈছিল। বিভিন্ন খেতিৰ বাবে যথাসময়ত পানী নাপালে, মানুহে
কোনাে শস্য উৎপাদন নহ'লহেঁতেন।
সামৰণিঃ পানী সকলাে ঠাইতে পােৱা যায়। কিন্তু খােৱা পানীৰ ক্ষেত্ৰত আমি সাৱধান হােৱা উচিত। বীজাণুযুক্ত, লেতেৰা পানী বেমাৰৰ প্রধান উৎস। আমাৰ দেশত এতিয়াও বহুলােকে পানী পৰিষ্কাৰ কৰি খাব নাজানে। এই ক্ষেত্ৰত চৰকাৰ আৰু জনা-শুনা মানুহে তেওঁলােকক পানী উতলাই আৰু পৰিষ্কাৰ কৰি খাবলৈ শিকাব লাগে। বিশুদ্ধ পানীয়ে মানুহৰ জীৱনী শক্তি।
0 Comments
Please don't use spam link in the comment box.