ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

স্বাস্থ্য-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

Admin
0

         স্বাস্থ্য-ৰচনা -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  

  আৰম্ভণিঃ  স্বাস্থ্যই পৰম ধন’ বুলি এষাৰ প্রবচন আছে। প্রকৃততে মানুহৰ সকলাে ধন-সম্পত্তিৰ তুলনাত স্বাস্থ্যই সবাতােকৈ প্রয়ােজনীয়। শৰীৰ সুস্থ হৈ থকা অৱস্থাটোকে স্বাস্থ্য বােলা হয়। স্বাস্থ্যই হৈছে সকলাে আনন্দৰ উৎস। স্বাস্থ্য আনে দিব পৰা বস্তু নহয়। স্বাস্থ্য ভাল নহ'লে বহু-ধন-সম্পত্তি বা পঢ়া-শুনা থাকিলেও মিছা হৈ পৰে।
         স্বাস্থ্য ভালকৈ ৰখাৰ উপায়ঃ সকলাে কামতে নিয়মীয়া হৈ চলাটো স্বাস্থ্য ভালকৈ ৰখাৰ প্রধান উপায়। নিয়মীয়া খাদ্য, নিয়মীয়াকৈ শােৱা উঠা বা অন্যান্য কাম কৰাটো বৰ দৰকাৰী। স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে মানুহে কিছুমান নিয়ম মানি চলিব লাগিব আৰু সংযমী হ'ব লাগিব। এলাহ কৰি কোনাে পৰিশ্ৰম নকৰাটো স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। অতি লােভত পৰি বেছিকৈ খােৱা বা অখাদ্য খালে মানুহৰ স্বাস্থ্যৰ ৃঅৱনতি ঘটে। তদুপৰি পৰিষ্কাৰ-পৰিচ্ছন্নতা মানি চলা অতি দৰকাৰ। আমি পিন্ধা
কাপােৰ-কানি, খােৱা খাদ্য বা বাচন সমূহ সদায় পৰিষ্কাৰ কৰি লােৱা দৰকাৰ। মুঠতে আমাৰ ঘৰৰ চৌপাশ অনবৰতে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকাটো বাঞ্চনীয়। কিয়নাে প্ৰায়বােৰ বেমাৰ-ব্যাধি লেতেৰা-পৰিৱেশৰ বাবেই বিয়পে। সুস্বাস্থ্যৰ বাবে নিয়মিত শাৰীৰিক, মানসিক পৰিশ্ৰমৰ দৰকাৰ। ইয়াৰ বাবে মানুহে খেলা-ধূলা কৰাটে প্রয়ােজনীয়। খেলাৰ জৰিয়তে মানুহে উভয় মানসিক আৰু দৈহিকভাৱে লাভৱান হয়। সেয়ে আজৰি সময়ত ছাত্ৰ-ছাত্ৰীসকলে খেলা-ধূলা কৰা ভাল। ইয়াৰ উপৰিও প্রত্যেক
ব্যক্তিয়ে খাদ্যপ্রাণ যুক্ত খাদ্য আৰু বীজাণুমুক্ত পানী খাব লাগে। খাদ্য আৰু পানী ওপৰত মানুহৰ স্বাস্থ্য বহুখিনি নির্ভৰ কৰে।
            সামৰণিঃ স্বাস্থ্যই আমাক দীর্ঘায়ু কৰে। স্বাস্থ্যই আমাক সুখ আৰু আনন্দ দিয়ে ভাল স্বাস্থ্যৰ অধিকাৰী হ'লে আমাৰ মন ভালে থাকে। স্বাস্থ্যবান মানুহ সকলাে কামতে উদ্যমী হয়। স্বাস্থ্যবান লােকসকল জাতীয় সম্পদ। সেয়ে চৰকাৰ আৰু জনসাধাৰণ সকলােৱে জন-স্বাস্থ্য উন্নতিৰ বাবে যত্নবান হােৱা উচিত।

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)