স্বাধীনতা দিৱস-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে
আৰম্ভণিঃ স্বাধীন’ শব্দৰ অৰ্থ হ'ল লোকৰ বশ বা অধীন নোহোৱা। স্বাধীনতা মানে লোকে বশ বা অধীন নোহোৱা অৱস্থাক বুজায়। এখন দেশ বা এটা জাতি যদি অন্য এখন দেশ বা জাতিৰ অধীনত থকাৰ পিছত যেতিয়া তাৰ পৰা মুক্ত হয়, তেতিয়া সেই দেশ জাতিয়ে মুক্ত হোৱা নির্দিষ্ট দিনটোক স্বাধীনতা দিৱস হিচাপে পালন কৰে। আমেৰিকাই ১৭৭৬ খ্রীষ্টৰ ৪ জুলাইত স্বাধীনতা লাভ কৰাৰ বাবে ৪ জুলাই আমেৰিকাৰ স্বাধীনতা দিৱস। ঠিক সেইদৰে ফ্রান্স দেশৰ বাবে ১৪ জুলাই,শ(১৭৮৯ চনত স্বাধীন হৈছিল), পাকিস্তানৰ বাবে ১৪ আগষ্ট (১৯৪৭ চনত) স্বাধীনতা দিৱস, আমাৰ ভাৰতবৰ্ষই ব্রিটিছ শাসনৰ পৰা ১৯৪৭ খ্রীঃৰ ১৫ আগষ্টত স্বাধীন হৈছিল বাবে তেতিয়াৰে পৰা প্ৰতিবছৰে ১৫ আগষ্টত সেই দিৱস পালন কৰা হয়।
তাৎপর্যঃ ভাৰতবর্ষ বহুবছৰ ধৰি ব্রিটিছৰ শাসনৰ অধীনত আছিল। তাৰ পৰা মুক্ত হ'বলৈ বহু বছৰৰ পৰাই ভাৰতীয় লোকে বিদ্রোহ কৰিছিল। ১৮৫৭ খ্রীঃৰ চিপাহী বিদ্রোহ তাৰে অন্যতম। মহাত্মা গান্ধীৰ নেতৃত্বত জাতীয় কংগ্ৰেছে অহিংস আৰু অসহযোগ আন্দোলনৰ দ্বাৰা স্বাধীনতা আন্দোলন কৰিছিল। আনহাতে নেতাজী সুভাষ চন্দ্র বসুৱেও আজাদ হিন্দ ফৌজ গঠন কৰি যুদ্ধ আৰম্ভ কৰিছিল। গান্ধীজী, জৱাহৰ লাল নেহৰু, সীমান্ত গান্ধী গফুৰ খান, জয়প্রকাশ নাৰায়ণ আদি নেতা সকলে অসীম ধৈর্য আৰু কষ্টেৰে এই আন্দোলন কৰাৰ ফলতেই ব্রিটিছ ৰাজে ভাৰতবৰ্ষৰ স্বাধীনতা ঘোষণা কৰে। অসমতো এই আন্দোলনত কেইবাজনেও প্রাণ আহুতি দিছিল। পিয়লি ফুকন, মণিৰাম দেৱানৰ পাছত মহাত্মা গান্ধীৰ আন্দোলনত কনকলতা, ভোগেশ্বৰী ফুকননী, তিলক ডেকাই প্রাণআহুতি দিয়ে, কুশল কোঁৱৰৰ ফাঁচি হৈছিল। তৰুণৰাম ফুকন, নৱীন চন্দ্র বৰদলৈ, দেৱেশ্বৰ শৰ্মা আদি নেতা সকলে কাৰাবৰণ কৰিছিল।.১৯৪৭ চনৰ ১৪ আগষ্টৰ ৰাতি ১২ বজাৰ ঠিক পাছতেই স্বাধীনতা ঘোষণা হোৱাত, ১৫আগষ্টৰ দিনা এই দিৱস পালন কৰা হ'ল। সেই দিনা ব্রিটিছ পতাকা নমাই আমাৰ।হিচাপে পালন কৰোঁহক।
দিৱস পালনঃ প্রতি বছৰৰ ১৫ আগষ্ট পুৱা ৰাজহুৱাভাৱে, ব্যক্তিগত ঘৰত,। কিল্লাত ভাৰতৰ প্ৰধান মন্ত্রীয়ে পতাকা উত্তোলন কৰে। সেই দিনা মটৰ-গাড়ী আদি।, অনুষ্ঠান, কার্যালয় আদিত জাতীয় পতাকা উত্তোলন কৰা হয়। নতুন দিল্লীৰ লাল। যানবাহনতো পতাকা লগোৱা হয়। পতাকা উত্তোলনৰ পাছত সভা-সামাতি হয়, আনন্দ-উছৱ হয়। দুপৰীয়া কোনো কোনো ঠাইত শিশুসকলক বিনামূল্যে কথাছবি দেখুওৱা হয়, চিকিৎসালয় আদিত ৰোগীক ফল-মূল বিতৰণ কৰা হয়। আবেলি প্রীতি খেল-ধেমালি হয় আৰু সন্ধ্যা বন্তি জ্বলাই লগতে চৰকাৰী ঘৰ আদিত আলোকসজ্জা কৰা হয়।
সামৰণিঃ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা পালেও তেতিয়াৰে পৰা ভাৰতবর্ষ দুভাগ হ’লভাৰত আৰু পাকিস্তান। এই স্বাধীনতা আমাৰ নেতা সকলে অশেষ কষ্ট কৰি লাভ কৰিলে। গতিকে সেই সকলৰ আদৰ্শ ৰক্ষা কৰিবলৈ হলে আমি সুনাগৰিক হৈ দেৰ কামত লাগিলেহে হ'ব। সেই বাবে ছাত্ৰ অৱস্থাৰে পৰা আমি শিক্ষা-দীক্ষা লাভ কৰি ভাৰত জননীক সেৱা কৰিবলৈ দৃঢ় সংকল্প লব লাগে।
Please don't use spam link in the comment box.