ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ঈদ-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

Admin
0

     ঈদ-ৰচনা -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

  আৰম্ভণিঃ  পৃথিৱীৰ সকলাে জাতি, সকলাে ধৰ্মৰে নিজৰ নিজৰ কিছুমান উৎসৱ আছে। এই উৎসৱবােৰে মানুহৰ মাজত ঐক্য-শান্তি স্থাপন কৰে। পৃথিৱীৰ মুছলমান।সকলেও বছৰত দুটা ঘাই উৎসৱ পালন কৰে। এই দুয়ােটাকে ‘ঈদ’ বুলি কোৱা হয়। বছৰত পালন কৰা ঘাই ঈদ দুটা হ’ল ঈদুল ফিতৰ আৰু।ঈদোজ্জোহা।
          ঈদুলফিতৰঃ ঈদুল ফিতৰ পবিত্ৰ ৰমজান মাহত পালন কৰা হয়। ৰমজান মাহ আৰম্ভ হােৱাৰ দিনৰ পৰা শেষ দিন পর্যন্ত (অর্থাৎ ন-জোন ওলােৱাৰ পৰা পাছৰ অমাৱষ্যালৈকে) ধর্ম প্রাণ মুছলমান সকলে বেলি ওলােৱাৰ পৰা মাৰ যােৱালৈকে উপবাসে থাকে। ইয়াকে ‘ৰােজা ধৰা বুলি কোৱা হয়। বেলি পৰাৰ পাছত মচজিদ বা নিজৰ ঘৰত নামাজ পঢ়ি, আল্লাক প্রার্থনা কৰি ব্ৰত ভাঙে। ঠিক তেনেকৈ বেলি উদয়ৰ আগতে আহাৰ গ্ৰহণ কৰে। এমাহ এনেভাবে ব্ৰত কৰাৰ পাছত পুনৰ ন-জোন।দেখাৰ দিনা এই উৎসৱ পালন কৰা হয়। এই ঈদত সকলােৱেই নতুন কাপােৰ-টুপি।আদি লয়। দুখীয়ালােকক ‘ফি’ (দান) দিয়ে। ৰমজান মাহত কোনােৱেই বেয়া কাম নকৰে। ঈদৰ দিনা ঈদগাহত (প্রার্থনা কৰা পথাৰ) সকলােৱে একেলগে নামাজ উপাসনা কৰে। ইজনে-সিজনক আলিঙ্গণ কৰি ঈদ মােবাৰক’ জনায়। ভােজ-ভাতৰ আয়ােজন কৰে। আলহীক মিঠাই আদিৰে আপ্যায়ন কৰা হয়।
          ঈদোজ্জোহাঃ   ঈদোজ্জোহা ত্যাগৰ উৎসৱ। আৰবী বছৰৰ শেষ মাহত অর্থাৎ জেলহজ্জ মাহৰ ১০ তাৰিখে এই উৎসৱ পালন কৰা হয়। এই উৎসৱ পালনৰ লগত এটি সুন্দৰ কাহিনী আছে। হজৰত ইব্রাহীম এজন সাধু লােক আছিল। তেওঁ এবাৰ সপােনত নির্দেশ পালে যে ভগৱানৰ (আল্লা) নামত তেওঁৰ প্রিয় বস্তু কোৰবাণী (বলি) কৰিব লাগে। তেওঁ সেইমতে এবাৰ ছাগলী, এবাৰ এশ উট কোৰবাণী দিলে। যদিও পুনৰ নির্দেশ পালে যে তেওঁৰ প্রিয় পুত্র ইছমাইলক ভগৱানৰ নামত কোৰবাণী। কৰিব লাগে। ইব্রাহীমে নিজপুত্ৰক কোৰবাণী কৰিলে যদিও কোৰবাণী হ’ল এটি ডুম্বাহে (মেৰ ছাগলী)। এনেকৈ ভগৱানে ইব্রাহীমৰ ভক্তিৰ পৰীক্ষা কৰিলে। ইব্রাহীম এই মহান ত্যাগৰ কথা স্মৰণ কৰি ঈদ্দোজ্জোহা উৎসৱ পালন কৰা হয়। এই উৎসৱৰ পৰাই ইছলাম ধৰ্মত কোৰবাণী’ প্রথা প্রচলন হয়।
         সামৰণিঃ  সকলাে উৎসৱৰে মূল কথা হ’ল আনন্দৰ মাজেৰে মানুহৰ মাজত একতা ভাব প্রকাশ কৰা। দুয়ােটা ঈদ উৎসৱেই তাকেই সূচনা কৰিছে। ঈদুফিতৰ উৎসৱত সকলাে ধৰ্মৰ লােকেই মুছলমান সকলৰ লগত সহযােগ কৰে। আজিকালি ঈদ সন্মিলনাে হয়।


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)