ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

1st Unit Test -2021 -Subject- Commerce - Class IX - Time: 2 Hours -Marks -50 ( Assamese and English medium both)

Admin
0
প্রথম গােট পৰীক্ষা ২০২১
বিষয়ঃ বাণিজ্য
শ্রেণীঃ নৱম
সময় : ২ ঘণ্টা
মুঠ নম্বৰঃ ৫০
(৩৫+১৫)

1. তলৰ প্ৰশ্নকেইটাৰ বিকল্প উত্তৰৰ পৰা শুদ্ধ উত্তৰটো চিনাক্ত কৰি লিখা। 1 x 5 = 5

(a) হিচাপকৰণ (Accounting) ৰ সৃষ্টিকর্তা বুলি কাক কোৱা হয়?
(i) লুকা পেচাৱলীক
(ii) কৌটিল্যক 
(iii) আদাম স্মিথক 
(iv) এটাও নহয়।

উত্তৰঃ (i) লুকা পেচাৱলীক

(b) বিত্তীয় তথ্য সংগ্রহ, লিপিবদ্ধকৰণ, সংক্ষিপ্তকৰণ, শ্রেণী বিভাজন আৰু উপস্থাপন কৰাক কোৱা হয়-
(i) হিচাবৰক্ষণ
(ii) হিচাবকৰণ 
(iii) হিচাবশাস্ত্র
(iv) এটাও নহয়।

উত্তৰঃ (ii) হিচাবকৰণ ৷

(c) B 2 C বাণিজ্যৰ অর্থ কি ?
(i) ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ বাণিজ্য 
(ii) ব্যৱসায়ৰ পৰা গ্রাহকলৈ বাণিজ্য
(iii) আন্তঃ ব্যৱসায়ৰ বাণিজ্য 
(iv) এটাও নহয়।

উত্তৰঃ (ii) ব্যৱসায়ৰ পৰা গ্রাহকলৈ বাণিজ্য ৷

(d) চেক কি?
(i) ধনাদেশ
(ii) নগদ টকা
(iii) ধাতু মুদ্রা
(iv) এটাও নহয়।

উত্তৰঃ (i) ধনাদেশ ৷

(c) দেশত উৎপাদিত সামগ্রী আনদেশত বিক্ৰী কৰা ব্যৱসায়ক কি বােলা হয় ?
(i) আমদানি ব্যৱসায়
(ii) বিদেশী ব্যৱসায়
(iii) ৰপ্তানি ব্যৱসায়
(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) ৰপ্তানি ব্যৱসায় ৷

2. চমু উত্তৰ লিখা ?
(i) বাণিজ্য মানে কি?

উত্তৰঃ উৎপাদনকাৰী  আৰু উপভোক্তাসকলৰ মাজত সমন্বয়  স্থাপন কৰিবলৈ  যি প্ৰক্ৰিয়া অৱলম্বন কৰা হয়, তাক বাণিজ্য বোলা হয় ৷ আকৌ বাণিজ্য বুলিলে বুলিলে একমাত্ৰ বেহা-বেপাৰকে নুবুজায়, বৰঞ্চ ই নানা ধৰণৰ সহায়ক কাৰ্যকলাপ সামৰি লয় ৷ 

(ii) বিপদশংক বুলিলে কি বুজা?

উত্তৰঃ বিপদাংশ হৈছে এটা ব্যৱসায়ৰ ফলাফলৰ লগত জড়িত থকা অনিশ্চয়তাসমূহ ৷ কম-বেছি পৰিমাণে সকলো ব্যৱসায়ত বিপদশংকা বা অনিশ্চয়তা জড়িত হৈ থাকে ৷ ইয়াৰ অৰ্থ এয়া , সকলো ব্যৱসায়তে কিছুমান আসোঁৱাহ বা প্ৰত্যাহ্বান থাকে, যি ব্যৱসায়ৰ লোকচানৰ উৎস হ'ব পাৰে ৷ ব্যৱসায় বুলিলে সকলো সময়তে লাভ অৰ্জন কৰা নুবুজায় ৷ এটা ব্যৱসায়ত লাভৰ দৰে লোকচানকো সমান্তৰালভাৱে গণ্য কৰা হয় 

(iii) যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় কি?

উত্তৰঃ   যি ব্যৱসায় সংগঠনত পৰিয়ালৰ সদস্যসকল কোনো এক ব্যৱসায়ী কাৰ্যত লিপ্ত থাকে আৰু পৰিয়ালৰ মুৰব্বীজন হৈছে ব্যৱসায়টোৰ মুখ্য ব্যক্তি তেনে ব্যৱসায়ক যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় বোলা হয় ৷ 

(iv) ই-বাণিজ্য মানে কি?

উত্তৰঃ  ই-বাণিজ্য হৈছে এক ইলেকট্ৰ'নিক পদ্ধতি যাৰ দ্বাৰা বিভিন্ন ধৰণৰ বাণিজ্যিক কাৰ্যকলাপ সমূহ ইন্টাৰনেটৰ মাধ্যমেৰে সম্পাদন কৰা হয় ৷ তাৰ উপৰিও উৎপাদন,মজুত পন্য ব্যৱস্থাপনা, সামগ্ৰি উন্নয়ন, হিচাপবিদ্যা, পুঁজি , মানৱ সম্পদ, ব্যৱস্থাপনা, ইন্টাৰনেট আদিৰ যোগেদি সামগ্ৰী কিনা-বেচা কৰা এই সকলোবোৰ ই-বাণিজ্যৰ অন্তৰ্গত ৷ 

(v) হিচাবৰক্ষণ মানে কি ?

উত্তৰঃ হিচাপৰক্ষণ হৈছে ব্যৱসায়ৰ এক পদ্ধতিগত প্ৰণালী, যাৰ দ্বাৰা এটা ব্যৱসায়ত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সংঘটিত হোৱা সকলোবোৰ বিত্তীয় লেন-দেন পদ্ধতিগতভাৱে লিপিবদ্ধ কৰা ৷  হিচাপৰক্ষণে ব্যৱসায়ত সংঘটিত হোৱা লেন-দেনসমূহ সঠিকভাৱে হিচাপৰ বহীত অন্তৰ্ভূক্ত কৰা প্ৰণালীটোক সূচায় ৷

3. উত্তৰ লিখাঃ

(a) হিচাৱবিদ্যাৰ (Accounting) বৈশিষ্ট্যসমূহ কি কি উল্লেখ কৰা।

উত্তৰঃ (ক) হিচাপবিদ্যাই সেইবিলাক তথ্য বা ঘটনা লিপিবদ্ধ কৰে, যিবিলাক বিত্তীয় প্ৰকৃতিৰ হয় ৷

(খ) হিচাপবিদ্যা লিপিবদ্ধকৰন, শ্ৰেণীবিভাজন, সংঘিপ্তকৰণ আৰু বিত্তীয় প্ৰতিবেদন প্ৰস্তুতকৰণৰ সৈতে জড়িত হৈ থাকে ৷

(গ) হিচাপবিদ্যাই এটা ব্যৱসায়ৰ বিত্তীয় অৱস্থা নিৰ্ধাৰণ কৰাত সহায় কৰে তথা এই তথ্যসমূহ বহিৰাগত পক্ষক অৱগত কৰে ৷


(b) অনলাইন ধন পৰিশােধ সেৱাৰ তিনিটা পদ্ধতিৰ নাম লিখা।

উত্তৰঃ ক) কেচ্ অন ডেলিভাৰিঃ

এয়া হৈছে ই-ব্যৱসায়ৰ এক জনপ্ৰিয় ধন পৰিশোধ পদ্ধতি ৷ ইয়াত এজন গ্ৰাহকে অনলাইনযোগে ধন হস্তান্তৰ নকৰাকৈ যিকোনো সামগ্ৰী ইন্টাৰনেটত অৰ্ডাৰ কৰিব পাৰে আৰু তেওঁ সেই সামগ্ৰীবিধ হাতত আহি পোৱাৰ সময়ত নগদ ধন প্ৰদান কৰে ৷ ই গ্ৰাহকৰ বাবে েটা অতি সহজ আৰু সুবিধাজনক পৰিশোধ সেৱা ৷ 

(খ) চে্কঃ

চে্ক হৈছে এক জনপ্ৰিয় বিত্তীয় আহিলা ৷ নগদ ধনৰ বিকল্প হিচাপে এঠাইৰ পৰা আন ঠাইলৈ বা এজন ব্যক্তিৰ পৰা অন এজন ব্যক্তিলৈ চে্ক যোগে ধন সহজে হস্তান্তৰ কৰিব পাৰি ৷

(গ) নেট্-বেংকিং হস্তান্তৰঃ

এই সুবিধাৰ সহায়ত এজন গ্ৰাহকে তেওঁ দিবলগীয়া ধন তেওঁৰ বেংক একাউন্টাৰ পৰা দিবলগীয়া ব্যক্তিৰ বেংক একাউন্টলৈ ইন্টাৰনেটৰ মাধ্যমেদি অতি সহজে হস্তান্তৰ কৰিব পাৰে ৷ যি কাৰ্য এজন ব্যক্তিয়ে শাৰীৰিকভাৱে বেংকলৈ গৈ কৰে, সেই কাম তেওঁ বেংকলৈ নোযোৱাকৈ বিশেষকৈ পৰিশোধৰ ক্ষেত্ৰত মোবাইল বা কম্পিউটাৰৰ সহায়েৰে সম্পাদন কৰিব পাৰে ৷ সাধাৰণতে এই সুবিধা বেংকে ইয়াৰ গ্ৰাহকসকলক প্ৰদান কৰে আৰু তাৰ বাবে User ID আৰু Password দিয়ে ৷ 


(c) ই-ব্যৱসায় আৰু পৰম্পৰা ব্যৱসায়ৰ তিনিটা পার্থক্য লিখা।

উত্তৰঃ 
THIRD CHAPTER- PRESENT MODES OF BUSINESS- CLASS IX- তৃতীয় অধ্যায়ঃ ব্যৱসায়ৰ সাম্প্ৰতিক প্ৰকাৰ বা ধৰণসমূহ-নৱম শ্ৰেণী-ব্যৱসায় অধ্যয়ন(BUSINESS STUDIES)

(d) ক্ষুদ্র খণ্ডৰ উদ্যোগৰ অন্তৰ্গত বিভিন্ন প্রকাৰৰ ব্যৱসায়সমূহ কি কি?

উত্তৰঃ ক্ষুদ্ৰ খণ্ডৰ উদ্যোগৰ অন্তৰ্গত বিভিন্ন প্ৰকাৰৰ ব্যৱসায়সমূহ হ'লঃ 

(i) ক্ষুদ্ৰ আকাৰৰ উদ্যোগ

(ii) ক্ষুদ্ৰ উদ্যোগ গোটৰ সহায়ক

(iii) ৰপ্তানিমুখী গোট

(iv) মহিলা উদ্যোগীৰ মালিকানা আৰু ব্যৱস্থাপনাৰ ক্ষুদ্ৰ উদ্যোগ 

(v) ক্ষুদ্ৰতম বিভাগ 

(vi) ক্ষুদ্ৰ পৰিসৰৰ সেৱা আৰু ব্যৱসায় প্ৰতিষ্ঠান 

(vii) অতি ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান

(viii) কুটীৰ আৰু গ্ৰাম্য উদ্যোগ 


(e) ব্যৱসায়ৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ১) ব্যৱসায়ৰ অৰ্থনৈতিক কাৰ্যকলাপ ঃ ব্যৱসায়ে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপ সামৰি লয় ৷ 
২) সামগ্ৰি আৰু সেৱা বিনিময়ঃ এটা ব্যৱসায়ৰ বাবে সা-সামগ্ৰী আৰু সেৱাৰ আদান -প্ৰদান কৰাটো আৱশ্যক ৷ 
৩) নিয়মীয়া লেনদেনঃ ৱ্যৱসায় হৈছে এক প্ৰকাৰ নিয়মীয়া লেনদেন অৰ্থাৎ এটা ব্যৱসায়ত কিনা বেচা কাৰ্যকলাপসমূহ দৈনন্দিন ৰূপত সংঘটিত হয় ৷ 

4. মানুহৰ কার্যকলাপসমূহৰ শ্রেণী বিভাজন কৰা  5
নাইবা
হিচাপৰক্ষণ আৰু হিচাপবিদ্যা (Accounting) ৰ মাজৰ পার্থক্যসমূহৰ উল্লেখ
কৰা।

উত্তৰঃ CLASS IX COMMERCE ELECTIVE

জীৱন নিৰ্বাহৰ উদ্দেশ্যে  আৰু অৰ্থ উপাৰ্জনৰ কাৰণে মানুহে যিবিলাক কাৰ্য সম্পাদন কৰে, সেইবিলাক কাৰ্যক অৰ্থনৈতিক কাৰ্যকলাপ বোলে ৷ উদাহৰণঃ ব্যৱসায় কৰা, চাকৰি কৰা, সা-সামগ্ৰি বিক্ৰি কৰা ইত্যাদি ৷
যিবিলাক কাৰ্যকলাপ মানুহে জীয়াই থাকিবলে বা উপাৰ্জন কৰিবলে সম্পাদন নকৰে, যবিলাক কাৰ্যকলাপৰদ্বাৰা মানুহৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয় তথা ব্যক্তিগত সন্তুষ্টি লাভ কৰে, তেনে কাৰ্যকলাপ সমূহক অনা-অৰ্থনৈতিক কাৰ্যকলাপ বোলা হয় ৷ যেনেঃ ধ্যান, প্ৰেম, আনন্দ ইত্যাদি ৷
                                                        ব্যৱহাৰিক
1. তােমালােকৰ অঞ্চলত চলি থকা এখন খুচুৰা ব্যৱসায় চিনাক্ত কৰি ব্যৱসায় প্রতিষ্ঠানখনে কিহৰ ব্যৱসায় কৰে, ব্যৱসায়ত লেন-দেন নগদ টকা লগতে অনলাইন পদ্ধতিৰ ব্যৱহাৰ কৰেনে আৰু হিচাবকৰণৰ বাবে হিচাব বহীৰ ব্যৱহাৰ কৰেনে আদিৰ তথ্য সংগ্রহ কৰি এখন প্রতিবেদন প্রস্তুত কৰা।

উত্তৰঃ আমাৰ অঞ্চলত চলি থকা এখন খুচুৰা ব্যৱসায় চিনাক্ত কৰি ব্যৱসায় প্রতিষ্ঠানখনে কিহৰ ব্যৱসায় কৰে, ব্যৱসায়ত লেন-দেন নগদ টকা লগতে অনলাইন পদ্ধতিৰ ব্যৱহাৰ কৰেনে আৰু হিচাবকৰণৰ বাবে হিচাব বহীৰ ব্যৱহাৰ কৰেনে আদিৰ তথ্য সংগ্রহ কৰি এখন প্রতিবেদন তলত প্রস্তুত কৰা হ'ল - 

১/ খুচুৰা ব্যৱসায় কৰা প্ৰতিষ্ঠানখনৰ নাম হ'লঃ কৈলাশ ৰিটেইল চপ 

২/ ব্যৱসায় কাৰ সামগ্ৰীঃ কাপোৰ- কানি , চাউল, দাইল, আলু , নিমখ, মিঠাতেল , আটা , মইদা , চেনী , পিয়াঁজ , নহৰু ইত্যাদি ৷ 

৩) লেনদেন কৰা পদ্ধতি ঃ নগদ আৰু অনলাইন পদ্ধতিৰে লেনদেন কৰে ৷ 

৪) হিচাব বহীৰ ব্যৱহাৰঃ  নগদ বহী , বাকী বহী , নগদ খুচুৰা বহী ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)