ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

1st Unit Test -2021 -Subject- Elective Geography - Class IX - Time: 2 Hours -Marks -45 ( Assamese and English medium both)

Admin
0
1 st Unit Test Examination 2021
Subject : Geography (E)
Class : IX
Time : 2 Hours
Full Marks : 45
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ঃ 1 x 5 = 5
Choose the Correct answer:
(a) ঘনত্ব বাঢ়িলে বায়ুৰ চাপ –
(i) কমে (ii) বাঢ়ে (iii) সমানে থাকে (iv) প্রথমে বাঢ়ে, তাৰ পিছত কমে।
When density incresases ther air pressure-
(i) Decreases (ii) increases
(iii) Remains same (iv) First increases then decreases.

Ans: (ii) বাঢ়ে (increases)

(b) বায়ুৰ জলীয়বাষ্প ধাৰণ ক্ষমতা
(i) বায়ুৰ উত্তাপৰ ওপৰত (ii) বায়ুৰ চাপৰ ওপৰত
(iii) বায়ুৰ ওজনৰ ওপৰত (iv) বায়ুৰ আদ্রর্তাৰ ওপৰত নিৰ্ভৰ কৰে।
The water vapour holding capasity depends on
(i) Air Temperature (ii) air pressure
(iii) weight of air (iv) Humidity of air.

Ans: (i) বায়ুৰ উত্তাপৰ ওপৰত(Air Temperature)

(c) নিৰক্ষীয় অঞ্চলত সাধাৰণতে -
(i) অৰণ্য বৃষ্টি
(ii) পৰিচলন বৃষ্টি
(iii) অক্ষীয় বৃষ্টি (iv) শৈল্যোৎক্ষেপ বৃষ্টিপাত হয়।
The type of rainfall which Occurs in equatorial region is --
(i) Forest rainfall
(ii) Convectional rainfall
(iii) latitudinal rainfall (iv) Orographic rainfall

Ans: (ii) পৰিচলন বৃষ্টি((ii) Convectional rainfall)

(d) ব্রাজিলৰ তৃণভূমি অঞ্চলৰ নাম হৈছে –
(i) প্রেইৰী (ii) ডাউন (iii) কেম্পচ (iv) লানােজ।
The grasslands found in Brazil is called
(i) Prairies (ii) Downs (iii) Campos (iv) lanas.

Ans: (iii) কেম্পচ(Campos )

(e) ২০১১ বৰ্ষৰ লােকপিয়লৰ মতে পৃথিৱীৰ জনসংখ্যা
(i) প্রায় ১৫০ কৌটি (ii) ৩৫০ কৌটি (iii) ৭০০ কৌটি (iv) ৯৫০ কৌটি।
According to 2011 census report total population of the
world was -
(i) about 150 Crores
(ii) 350 (Crores
(iii) 700 Crores (iv) 950 Crores.

Ans: (iii) ৭০০ কৌটি(700 Crores)

2. অতি চমু উত্তৰ দিয়াঃ 
Give very short answers :
(i) পৃথিৱীৰ কোনটো জলবায়ু অঞ্চলত ঋতু পৰিবর্তন নহয় ?
In which climatic region of the earth, there is no change of
season?

Ans: বিষুৱীয় জলবায়ুত( In Equatorial Climate)

(ii) এছিয়া মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণটো কি?
What is the main reason behind Asia's growth of
population?

Ans: উচ্চ জন্মহাৰৰ বাবে (For high birth rate )

(ii) ক্ৰটিহাৰ কি ?
What is lapse rate?

Ans: ট্ৰপ'স্ফিয়েৰ স্তৰত ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ মাজেৰে ওপৰলৈ প্ৰতি কিলোমিটাৰ বায়ুৰ উত্তাপ গড় হিচাপত ৬° ছেলচিয়াছ হাৰত কমিবলৈ ধৰে ৷ বাযুমণ্ডলৰ মাজেৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰস হোৱা এই হাৰক ক্ৰটি-হাৰ বোলে ৷ (In  troposphere, the air temperature decreases at the rate of 6.5 degree Celcius per km when one goes up through the atmosphere from earths surface. This rate of decrease of temperature in the troposphere on basis of increase in altitude is called lapse rate . )

(iv) ওছেনিয়া মহাদেশৰ জনসংখ্যা ঘনত্ব কিমান ?
What is the population density of Oceania?

Ans: প্ৰতি বৰ্গ কিলোমিটাৰত ৪ জন ৷ ( 4 persons per sq.km)

(v) মকৰ ক্ৰান্তিৰ কাষৰীয়া এখন মৰুভূমিৰ নাম লিখা।
Name one desert region near the Tropic of capricorn.

Ans: কালাহাৰি (Kalahari)

3. চমু উত্তৰ দিয়াঃ (যিকোনাে চাৰিটাৰ) 2 x 4 = ৪
Give short answers (any four)
(i) বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পার্থক্য লিখা।
Write two differences between weather and climate.
Ans: (১) বতৰ বুলিলে কোনাে এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হােৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায়। আনহাতে, জলবায়ু বুলিলে কোনাে এখন ঠাইত দীর্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড়অৱস্থাক বুজোৱা হয়। 

(২) আকৌ যিহেতু বতৰৰ উপাদান, যেনে— উত্তাপ, চাপ, আদ্রর্তা আদিৰ পৰিৱৰ্তন কম দূৰত্বৰ ব্যৱধানতে সংঘটিত হয়, গতিকে বতৰ বুলিলে কোনাে এখন সৰু ঠাই বা কোনাে সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থা বুজায়। কিন্তু জলবায়ুৰ ধাৰণাটো সাধাৰণতে একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়, যেনে— অসমৰ জলবায়ু, ব্রহ্মপুত্র উপত্যকাৰ জলবায়ু ইত্যাদি।

(1) Weather means the atmo- spheric condition that occurs in a place for a short period of
time, On the other hand, climate means the average condition of the atmosphere that prevails over a place for a long period. of time.

(2)  Again as the elements of weather, such as temperature, pressure, humidity, etc. go on changing, within a short distance, so weather indicates the conditions of the atmosphere in a small place or limited area of the earth's surface. But, climate means the atmospheric conditions of a large area or an extensive region, for example, climate of Assam, climate of the Brahmaputra Valley, 

(ii) বায়ুমণ্ডলৰ নিম্ন ভাগত বায়ুৰ চাপ কিয় বেছি হয় ?
Why is the air pressure more at the lower layer of the
atmosphere?
(iii) মৌচুমী জলবায়ুৰ দুটা বৈশিষ্ট্য লিখা।
Write two characteristic features of Monsoon climate.

Ans: (১) মৌচুমী জলবায়ুৰ প্ৰভাৱত গ্ৰীষ্মকালত অধিক উত্তাপ আৰু বৰষুণ আৰু শীতকালত কম উত্তাপ আৰু বৰষুণ হোৱা পৰিলক্ষিত হয় ৷ (High temperature and rainfall during summer and low temperature and rainfall during winter are the chracteristics of this climate )
(২) গ্ৰীষ্মকালত সাধাৰণতে ২৭° ৰ পৰা ৩২° চেণ্টিগ্ৰেড পৰ্যন্ত উত্তাপৰ তাৰতম্য ঘটে ৷ (In summer temperature generally varies from 27° to 32° . ) 

(iv) জন-প্ৰব্ৰজন বুলিলে কি বুজা ?
What do you mean by Human Migration?

Ans: কোনো লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ বাসস্থান ত্যাগ কৰি অন্য ঠাইলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কাৰ্যকে জন-প্ৰব্ৰজন বোলা হয় ৷ এনে প্ৰক্ৰিয়াৰ জৰিয়তে মানুহৰ বসবাসৰ স্থানিক পৰিৱৰ্তন ঘটে ৷ (The phenomenon of movement of a person or a group of people to a new place by leaving their place of residence for a considerably long period of time is known as human migration. The process results in the change of location of residence.)

(v) পৃথিৱীৰ প্ৰধান ঘন লােক বসতি অঞ্চল চাৰিটাৰ নাম উল্লেখ কৰা।
Name four densely populated regions of the world.

Ans: পূব এছিয়া , দক্ষিণ এছিয়া, পশ্চিম ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় সমভূমি অঞ্চল ৷ (Asia, South Asia , Western Europe and North-eastern coastal plains of USA)

4. একে অক্ষাংশতে অৱস্থিত যদিও শ্বিলং আৰু এলাহাবাদৰ জলবায়ুৰ মাজত কিয় পার্থক্য
দেখা যায় ?
3
Why is climatic variation experienced in Allahabad and
Shillong although both the places are located in the same
altitude?
নাইবা/or
উষ্ণ মৰু জলবায়ু অঞ্চলত কিয় বৰষুণৰ পৰিমাণ কম হয়?
Why does the rain occur little in the tropical deserts?

Ans:  (a) ভূপৃষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰাে পার্থক্য হয়। সাধাৰণতে গড় হিচাবে প্রতি এক কিলােমিটাৰ উচ্চতা বৃদ্ধিত প্রায় ৬.৫ চেণ্টিগ্রেড উত্তাপ কমি যায়। এই কাৰণতে একে অক্ষাংশত অৱস্থিত হলেও অধিক উচ্চাত অৱস্থিত ঠাইৰ জলবায়ু শীতল হয়। বিষুৱ অঞ্চলত অৱস্থিত হলেও উচ্চ পার্বত্য অঞ্চলত শীতল জলবায়ু বিৰাজ কৰে আৰু পৰ্বতৰ শিখৰত অতি শীতল হৈ বৰফ জমা হয়। সেয়েহে, এলাহাবাদ আৰু শ্বিলং প্রায় একে অক্ষাংশত অৱস্থিত হলেও শ্বিলঙৰ উচ্চতা বেছি হােৱাৰ বাবে ইয়াৰ জলবায়ু এলাহাবাদতকৈ শীতল।( Latitude is the another important detemining factor of climate. The sun's rays fall sometimes vertically and sometimes obliquely over the globe at different latitudes and hence, there occurs variation in days and nights. When sun's
ray falls vertically on a place, temperature increases. As against this, when it falls obliquely, its intensity becomes less and the temperature is also less. We all know that the sun's rays be-
come more and more oblique from the equator to the poles aslatitude increases. Moreover, the oblique rays have to travel longer distance through the atmosphere and thus these have
low temperature. That is why, with the increase of latitude from the equator (0°) to the north pole (90°N) and south pole (90°S), temperature decreases gradually. As a result, we expe-rience hot climate in the equatorial region temperate climate in the mid-latitude region and cold climate in the polar re-gions.on of temperature)

5. বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কি কি কাৰণত হয় ?
What are the reasons for variation of Atmospherie pressure?

Ans: বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্রধানকৈ দুটা কাৰণত সংঘটিত হয়, যেনে—
(ক) বায়ুৰ উষ্ণতাঃ() 
পৃথিৱীৰ পৃষ্ঠত তাপৰ বিতৰণ সকলাে ঠাইতে সমান নহয়। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনাে অঞ্চল ঠাণ্ডা, কোনাে অঞ্চল নাতিশীতােষ্ণ আৰু কোনাে অঞ্চল গৰম হৈ পৰে। তাৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰাে তাৰতম্য ঘটে। 
(খ) পৃথিৱী পৃষ্ঠৰ উচ্চতাঃ
সমুদ্রপৃষ্ঠৰ পৰা যিমানে ওপৰলৈ উঠা যায় সিমানেই বায়ুমণ্ডলৰ গভীৰতা কমি যায়। বায়ুমণ্ডলৰ গভীৰতা কমি গ'লে ইয়াৰ ভৰ কম হয় আৰু ফলত চাপাে কম হয়। সেয়েহে উচ্চতা বাঢ়িলে
বায়ুমণ্ডলৰ চাপ হ্রাস হয় আৰু যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাইৰ উচ্চতা তুলনামূলকভাৱে কম তাত বায়ুমণ্ডলৰ চাপ বেছি। 

The atmospheric pressure varies mainly on the basis of two reasons, viz (a) Air temperature (b) Surface elevation .

(a) Air temperature:

Distribution of temperature is not uniform over the earth's surface . Due to such teperature variation, some regions of the eartth become cold, some become teperate and some become warm and hot . 

 (b) Surface elevation:

When one goes up from the sea level through the atmosphere, the depth of atmosphere decreases, its mass also decreases and so its pressure also decreases. That is why, atmospheric pressure decreases with the increase in elevation. 



6. অন্তঃ প্ৰব্ৰজন আৰু বহিঃ প্ৰব্ৰজন বুলিলে কি বুজা?
What do you mean by Internal Migration and External
Migration?

Ans:  প্ৰব্ৰজন যেতিয়া দেশ এখনৰ ভিতৰত সংঘটিত হয় তেতিয়া ইয়াক অন্তঃ প্ৰব্ৰজন বা অন্তর্দেশীয় প্ৰব্ৰজন (Internal Migration) আৰু এখন দেশৰ পৰা আন এখন দেশলৈ হ'লে বহিঃ প্ৰব্ৰজন (External
Migration) বা আন্তঃদেশীয় প্রব্রজন (International Migration) বােলা হয়। উল্লেখযােগ্য যে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ ক্ষেত্ৰত প্ৰব্ৰজনকাৰীয়ে যেতিয়া নিজ দেশৰ পৰা অন্য দেশলৈ যায় তেতিয়া তাক বহিঃ প্রব্রজন (Emigration) আৰু যিখন দেশত বসবাসৰ বাবে প্ৰৱেশ কৰে তাৰ পৰিপ্ৰেক্ষিতত অনুপ্রৱেশ (Immigration) বােলে। অন্তর্দেশীয় প্ৰব্ৰজন এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বা এখন জিলাৰ পৰা আন এখন জিলালৈ বা এখন জিলাৰ ভিতৰত এখন ঠাইৰ পৰা আন এখনলৈ হয়। এনে প্ৰব্ৰজন মুঠতে চাৰিটা দিশত হ’ব পাৰে গাৱৰ পৰা নগৰলৈ, নগৰৰ পৰা গাঁৱলৈ, নগৰৰ পৰা নগৰলৈ আৰু গাঁৱৰ পৰা গাঁৱলৈ।
(When migration takes place within a country, then it is called Intranational or Internal migration, and when from one country to another, then it is caller International or External migration. In the case of International migration it may be mentioned that when the migrants from their country move to other countries, then it is called Emigration, and the process of migration with respect to the other countries for settlement is known as immigration. The internal migration can take place from one state to another state, or from one district to another, or from one place to another place within the same district. This type of migration
can take place in four different directions – from village to town , from town to village , town to town and from village to village)

7. জনসংখ্যা বিতৰণৰ ওপৰত জলবায়ু আৰু খনিজ সম্পদৰ প্ৰভাৱ কেনেধৰণৰ ? ( What are the´impact of climate and mineral resources towards population distribution?)

Ans: জলবায়ুঃ জনসংখ্যা বিতৰণৰ ক্ষেত্ৰত প্রাকৃতিক কাৰকৰবাৰৰ ভিতৰত জলবায়ুৰ প্ৰভাৱ অতি গুৰুত্বপূর্ণ। এখন ঠাইৰ উষ্ণতাৰ অৱস্থা, বৰষুণৰ পৰিমাণ আৰু বছৰটোত কৃষিকাৰ্যৰ সময়সীমাই ঠাইখনৰ জলবায়ুৰ বৈশিষ্ট্য নির্ধাৰণ কৰে। যিদৰে উষ্ণতা আৰু বৰষুণৰ ক্ষেত্ৰত চৰমভাবাপন্ন, অর্থাৎ
অতিপাত ঠাণ্ডা বা গৰম আৰু অতিবৃষ্টি বা শুকান অঞ্চলবােৰ কৃষিকাৰ্যৰ বাৰে উপযােগী নহয়, ঠিক একেদৰে সেই ঠাইবােৰ মানুহৰ বসবাসৰ বাবেও সুচল নহয়। এইবাবেই চাহাৰাৰ দৰে অতি শুকান আৰু উষ্ণ মৰুভূমি আৰু তুদ্ৰাৰ দৰে অতি শীতল বৰফাবৃত মৰুভূমি অঞ্চলবােৰত জনসংখ্যা ঘনত্ব
তেনেই কম। আনহাতে, ক্রান্তীয় মৌচুমী অঞ্চলত অৱস্থিত দক্ষিণ আৰু পূব এছিয়াত বিৰাজ কৰা উপযুক্ত উষ্ণতা আৰু অপর্যাপ্ত বৰষুণৰ বাবে কৃষিকা উন্নতমানৰ আৰু সেয়ে জনসংখ্যা ঘনত্বও অধিক।
শক্তি আৰু খনিজ সম্পদঃ
 যিদৰে এখন ঠাইৰ অর্থনৈতিক উন্নয়ন ঠাইখনৰ শক্তি আৰু খনিজ সম্পদৰ প্ৰাচুৰ্য্যৰ ওপৰত নিৰ্ভৰ কৰে, ঠিক তেনেদৰে এনে সম্পদবােৰৰ প্ৰাচুৰ্য্যই ঠাইখনলৈ জনসংখ্যা আকর্ষণ কৰে আৰু ইয়াৰ ফলতেই জনসংখ্যা ঘনত্ব বৃদ্ধি পায়। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ ছোটনাগপুৰ অঞ্চলত বিভিন্ন প্ৰকাৰৰ খনিজ সম্পদৰ প্ৰাচুৰ্য্যৰ বাবে জনসংখ্যা ঘনত্ব যথেষ্ট বৃদ্ধি পাইছে।

8. পার্থক্য লিখাঃ ঘূর্ণী বৃষ্টি আৰু অক্ষীয় বৃষ্টি।
Differenciate between cyclonic rainfull and latitudinal rainfall.

Ans: যেতিয়া কোনাে ঠাইৰ বায়ু উত্তপ্ত হৈ নিম্ন চাপৰ সৃষ্টি হয়, তেতিয়া কাষৰীয়া অঞ্চলৰ পৰা শীতল বায়ু নিম্ন চাপ কেন্দ্ৰৰ ফালে প্রবাহিত হ’বলৈ ধৰে। নিম্ন চাপকেন্দ্রিক এনে বায়ুপ্রবাহে পনীয়াৰ ৰূপ লৈ ঘূর্ণী বতাহৰ সৃষ্টি কৰে। নিম্নচাপ কেন্দ্ৰৰ বায় উত্তপ্ত হৈ উর্ধগামী হয় আৰু উর্ধগামী বায়ুত থকা জলীয়বাষ্প ঘনীভূত হৈ পিছত বৰষুণৰ সৃষ্টি কৰে। ঘূর্ণীবতাহৰ লগত ধাৰাষাৰে হােৱা এনে বৃষ্টিপাতক ঘূর্ণাবৃষ্টি বুলি জনা যায়।
  নিয়ত বতাহ পৃথিৱীৰ কোনাে কোনাে অঞ্চলত গােটেই বছৰ ধৰি প্রবাহিত হৈ থাকে। যদি এনে বতাহ সাগৰ-মহাসাগৰৰ ওপৰেৰে প্রবাহিত হয়, তেনেহলে সেই বায়ুত যথেষ্ট পৰিমাণে জলকণা থাকে। পৃথিৱীৰ কিছুমান অঞ্চলত অর্থাৎ কোনাে কোনাে অক্ষাংশত এনে জলীয়বাষ্পপূর্ণ বতাহৰ দ্বাৰা
সঘনে বৰষুণ হৈ থাকে। অক্ষাংশ সাপেক্ষে হােৱা এনে বৰষুণক অক্ষীয় বৃষ্টিপাত (Latitudinal rain) বােলা হয়। উদাহৰণস্বৰূপে, ৫০ আৰু ৬০° উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ মাজত পশ্চিমাবায়ুৰ (Westerlies) প্রভাৱত অক্ষীয় বৃষ্টিপাত সংঘটিত হয়।

9. আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা? উদাহৰণসহ দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণ উল্লেখ কৰা।

What do you mean by International Migration? Mention two
'reasons for International Migration along with example.
নাইবা/ or
জনপ্ৰব্ৰজনৰ দুটা বিকর্ষীকাৰক আৰু দুটা আকর্ষী কাৰক উল্লেখ কৰা।
mention two push factors and two pull factors for human
migration. 

Ans:  


10. অসমৰ এখন আৰ্হি মানচিত্র অংকন কৰা আৰু তলত দিয়াসমূহ বহুওৱাঃ
3+2=5
(i) এটা তেল শােধনাগাৰ (ii) দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান
Draw a sketch map of Assam and locate the following:
(i) An Oil refinery (ii) Dehing-patkai Nationl park.

Ans: 





Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)