ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

গণতন্ত্ৰ, নাগৰিক আৰু নাগৰিকত্ব- সমাজ বিজ্ঞান -ৰাজনীতি বিজ্ঞান-সপ্তম শ্ৰেণী - পাঠ ২২ -Democracy, Citizens and Citizenship - Social Science-Political Science- Class 7- Chapter -22

Admin
0

চমু উত্তৰ দিয়া - (পৃষ্ঠা নং ১৯৩)-

*গণতন্ত্ৰৰ দুটা উল্লেখযোগ্য দিশ কোৱা  ৷

উত্তৰঃ ১/ ৰাজনৈতিক দিশ ২/ সামাজিক দিশ 

* প্ৰত্যক্ষ গণতন্ত্ৰত জনসাধাৰণে কেনেদৰে অংশগ্ৰহণ কৰে ? 

উত্তৰঃ প্ৰত্যক্ষ গণতন্ত্ৰত জনসাধাৰণে চৰকাৰৰ শাসন ব্যৱস্থাত পোনপটীয়াকৈ অংশগ্ৰহণ কৰে ৷ 

* পৰোক্ষ গণতন্ত্ৰ মানে কি ? 

উত্তৰঃ যি গণতন্ত্ৰত জনসাধাৰণে প্ৰত্যক্ষভাৱে চৰকাৰ পৰিচালনা নকৰি তেওঁলোকে সময়ে সময়ে নিৰ্বাচন কৰি দিয়া প্ৰতিনিধিসকলৰ দ্বাৰা চৰকাৰ পৰিচালনা কৰা হয় তাকে পৰোক্ষ গণতন্ত্ৰ বোলে ৷ 

চমু উত্তৰ দিয়া - (পৃষ্ঠা নং ১৯৫)-

*নাগৰিক বুলিলে কি বুজা ? 

উত্তৰঃ যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ কৰে তেনে ব্যক্তিক নাগৰিক বোলা হয় ৷ 

* জৰ্জ চাহাব নাগৰিক নে বিদেশী আছিল ?

উত্তৰঃ বিদেশী আছিল ৷ 

* পৌৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ কোনে ভোগ কৰিব পাৰে ? 

উত্তৰঃ এখন দেশৰ নাগৰিকে ৷ 

* মেৰী আৰু বিকীয়ে কি সূত্ৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিলেহেঁতেন ? 

উত্তৰঃ জন্মসূত্ৰে ৷ 

* কি  কি কাৰণত এজন ভাৰতীয় নাগৰিক তেওঁৰ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে ? 

উত্তৰঃ এজন নাগৰিক তলত উল্লেখ কৰা কাৰণবোৰৰ জৰিয়তে নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে - 
১/ সৈন্য বাহিনীৰ পৰা পলায়ন কৰিলে 

২/ ৰাষ্ট্ৰবিৰোধী কাম কৰিলে 

৩/ অনুমতি নোলোৱাকৈ অন্য ৰাষ্ট্ৰৰ  উপাধি ল'লে 

৪/ ভাৰতীয় ছোৱালীয়ে অন্য দেশৰ নাগৰিকক বিয়া কৰাই সেই দেশৰ নাগৰিকত্ব লাভ কৰিলে ৷ 
৫/ বহুত দিন একেৰাহে নিজৰ দেশত অনুপস্থিত থাকিলে ৷ 

ক্ৰিয়াকলাপঃ 

* আমাৰ দেশৰ নাগৰিকত্ব লাভ আৰু নাগৰিকত্ব হেৰুওৱাৰ কাৰণসমূহ তালিকাভুক্ত কৰা ৷ 

উত্তৰঃ এজন বিদেশীয়ে ভাৰতবৰ্ষৰ নাগৰিকত্ব তলত উল্লেখ কৰা উপায়ৰ জৰিয়তে লাভ কৰিব পাৰে -
১/ পঞ্জীয়নৰ দ্বাৰা 

২/ দেশীয়কৰণৰ দ্বাৰা 

৩/ জন্মসূত্ৰে 

৪/ বংশানুক্ৰমে 

৫/ ৰাজ্যক্ষেত্ৰ চামিলকৰণৰ দ্বাৰা 

আনহাতে , 
এজন নাগৰিক তলত উল্লেখ কৰা কাৰণবোৰৰ জৰিয়তে নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে - 
১/ সৈন্য বাহিনীৰ পৰা পলায়ন কৰিলে 

২/ ৰাষ্ট্ৰবিৰোধী কাম কৰিলে 

৩/ অনুমতি নোলোৱাকৈ অন্য ৰাষ্ট্ৰৰ  উপাধি ল'লে 

৪/ ভাৰতীয় ছোৱালীয়ে অন্য দেশৰ নাগৰিকক বিয়া কৰাই সেই দেশৰ নাগৰিকত্ব লাভ কৰিলে ৷ 
৫/ বহুত দিন একেৰাহে নিজৰ দেশত অনুপস্থিত থাকিলে ৷ 


অনুশীলনীঃ 

১৷ চমু উত্তৰ লিখা - 

(ক) গণতন্ত্ৰৰ অৰ্থ কি ? 

উত্তৰঃ গণতন্ত্ৰৰ অৰ্থ হ'ল জনগণক শাসন কৰা ৷ 

(খ) গণতন্ত্ৰৰ কেই প্ৰকাৰৰ ? 

উত্তৰঃ দুই প্ৰকাৰৰ- ১/ প্ৰত্যক্ষ গণতন্ত্ৰ ২/ পৰোক্ষ গণতন্ত্ৰ 

(গ) নাগৰিক শব্দৰ অৰ্থ কি ? 

উত্তৰঃ  যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ কৰে তেনে ব্যক্তিক নাগৰিক বোলা হয় ৷ 

(ঘ) বিদেশী মানে কি? 

উত্তৰঃ যেতিয়া  কোনো ব্যক্তিয়ে আন কোনো ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্ৰৰ পৌৰ অধিকাৰ ভোগ কৰে তেনে লোকক বিদেশী বোলে ৷ 

২৷ উত্তৰ লিখা - 

(ক) গণতন্ত্ৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ ১/ গণতন্ত্ৰৰ দৃষ্টিত সকলো মানুহ সমান ৷ সেয়েহ এই ব্যৱস্থাই জাতি, বৰ্ণ, ধৰ্ম, ভাষা, লিংগ নিৰ্বিশেষে সকলোকে সাঙুৰি লয় ৷ 

২/ এই শাসন ব্যৱস্থাত জনসাধাৰণে পোনপটীয়াকৈ বা পৰোক্ষভাৱে অংশগ্ৰহণ কৰে ৷ 

৩/ নিৰ্বাচন গণতন্ত্ৰৰ  অপৰিহাৰ্য অংগ ৷

৪/ নিৰ্বাচনত উচ্চ-নীচ, ধনী-দুখীয়া নিৰ্বিশেষে সকলোৱে একোটাকৈ ভোটদানৰ অধিকাৰ পায় ৷ অৰ্থাৎ ভোটদানৰ অধিকাৰৰ মাজেৰে েই ব্যৱস্তাই সকলো শ্ৰেণিৰ লোকৰ মাজত সমতা স্থাপন কৰে ৷ 
৫/ এই ব্যৱস্থাত দুই বা ততোধিক ৰাজনৈতিক দল থাকে ৷ 

৬/ জনসাধাৰণৰ মতৰ ওপৰত গনতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠিত ৷ চৰকাৰৰ নীতিসমূহ জনমতৰ বিৰুদ্ধে গ'লে জনসাধাৰণে সাংবিধানিক আৰু শান্তিপূৰ্ণ উপায়েৰে চৰকাৰ পৰিৱৰ্তন কৰিব পাৰে ৷
৭/ বিৰোধী দলে গণতন্ত্ৰত বিশেষ ভূমিকা পালন কৰে ৷ 

৮/ গণতন্ত্ৰ এক জনকল্যাণমুখী ব্যৱস্থা ৷ 


(খ) প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কাক বোলে ? 

উত্তৰঃ যি গণতন্ত্ৰত জনসাধাৰণে চৰকাৰৰ শাসন ব্যৱস্থাত পোনপটীয়াকৈ অংশগ্ৰহণ কৰে তেনে ব্যৱস্থাক প্ৰত্যক্ষ গণতন্ত্ৰ বোলে ৷ 
আনহাতে, যি গণতন্ত্ৰত জনসাধাৰণে প্ৰত্যক্ষভাৱে চৰকাৰ পৰিচালনা নকৰি তেওঁলোকে সময়ে সময়ে নিৰ্বাচন কৰি দিয়া প্ৰতিনিধিসকলৰ দ্বাৰা চৰকাৰ পৰিচালনা কৰা হয় তাকে পৰোক্ষ গণতন্ত্ৰ বোলে ৷ 

(গ) এজন বিদেশীয়ে ভাৰতবৰ্ষৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰে ? 

উত্তৰঃ এজন বিদেশীয়ে ভাৰতবৰ্ষৰ নাগৰিকত্ব তলত উল্লেখ কৰা উপায়ৰ জৰিয়তে লাভ কৰিব পাৰে -
১/ পঞ্জীয়নৰ দ্বাৰা 

২/ দেশীয়কৰণৰ দ্বাৰা 

৩/ জন্মসূত্ৰে 

৪/ বংশানুক্ৰমে 

৫/ ৰাজ্যক্ষেত্ৰ চামিলকৰণৰ দ্বাৰা 

(ঘ) পৌৰ অধিকাৰসমূহ কি কি ? 

উত্তৰঃ (ক) জীৱনৰক্ষাৰ অধিকাৰ  (খ) মতামত প্ৰকাশৰ অধিকাৰ  (গ) ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ (ঘ) শিক্ষাৰ অধিকাৰ 

(ঙ) এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে ? 

উত্তৰঃ এজন নাগৰিক তলত উল্লেখ কৰা কাৰণবোৰৰ জৰিয়তে নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে - 
১/ সৈন্য বাহিনীৰ পৰা পলায়ন কৰিলে 

২/ ৰাষ্ট্ৰবিৰোধী কাম কৰিলে 

৩/ অনুমতি নোলোৱাকৈ অন্য ৰাষ্ট্ৰৰ  উপাধি ল'লে 

৪/ ভাৰতীয় ছোৱালীয়ে অন্য দেশৰ নাগৰিকক বিয়া কৰাই সেই দেশৰ নাগৰিকত্ব লাভ কৰিলে ৷ 
৫/ বহুত দিন একেৰাহে নিজৰ দেশত অনুপস্থিত থাকিলে ৷ 

৩৷ খালী ঠাই পূৰ কৰা - 

(ক) ভাৰতীয় গণতন্ত্ৰত প্ৰত্যেক নাগৰিকৰ _____ ভোট দিয়াৰ অধিকাৰ আছে ৷ 

(খ) ______ ৰ ওপৰত গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠিত ৷

(গ) বিদেশীসকলে _____ অধিকাৰ ভোগ কৰিব নোৱাৰে ৷ 

(ঘ) এজন ব্যক্তিয়ে _____ বছৰ বয়সত ভোটধিকাৰ লাভ কৰে ৷ 

(ঙ) চিকিমৰ জনসাধাৰণে _____ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ৷ 

উত্তৰঃ 

(ক) ভাৰতীয় গণতন্ত্ৰত প্ৰত্যেক নাগৰিকৰ একোটাকৈ ভোট দিয়াৰ অধিকাৰ আছে ৷ 

(খ) জনসাধাৰণৰ মতৰ ওপৰত গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠিত ৷

(গ) বিদেশীসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে ৷ 

(ঘ) এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত ভোটধিকাৰ লাভ কৰে ৷ 

(ঙ) চিকিমৰ জনসাধাৰণে চামিলকৰণৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ৷ 

৪৷ শুদ্ধ উত্তৰটো বাছি উলিওৱা - 

(ক) এজন বিদেশীয়ে পৌৰ অধিকাৰ / ৰাজনৈতিক অধিকাৰ লাভ কৰে ৷ 

(খ) এজন নাগৰিকে দেশৰ হকে কাম কৰিলে / ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হ'ব পাৰে ৷ 

(গ) গণতান্ত্ৰিক চৰকাৰ হ'ল প্ৰতিনিধি মূলক চৰকাৰ/স্বেচছাচাৰী  চৰকাৰ ৷

(ঘ) দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰে/ আনুগত্য প্ৰকাশ কৰে ৷ 

উত্তৰঃ 

(ক) এজন বিদেশীয়ে পৌৰ অধিকাৰ  লাভ কৰে ৷ 

(খ) এজন নাগৰিকে  ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হ'ব পাৰে ৷ 

(গ) গণতান্ত্ৰিক চৰকাৰ হ'ল প্ৰতিনিধি মূলক   চৰকাৰ ৷

(ঘ) দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে ৷ 


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)