অনুশীলনী
১৷ চমু উত্তৰ দিয়া -
(ক) দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান ?
উত্তৰঃ ৩৬০ ডাল ৷
(খ) ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান ?
উত্তৰঃ ৮২°৩০'
(গ) পৃথিৱীক নিজ মেৰুদণ্ডত একপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন ?
উত্তৰঃ ২৪ ঘণ্টা ৷
(ঘ) গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে ?
উত্তৰঃ গ্ৰীনিজ মান সময় ৷
(চ) কৌণিক দূৰত্বৰ জোখৰ একক কি ?
উত্তৰঃ ডিগ্ৰী(°), মিনিট('), ছেকেণ্ড('') ইত্যাদি ৷
২৷ খালী ঠাই পূৰ কৰা -
(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত _____ কোণ কৰি থাকে ৷
(খ) দ্ৰাঘিমাৰেখাৰ মান বা জোখক ______ বোলে ৷
(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ কৌণিক দূৰত্ব ____ দ্ৰাঘিমাংশ ৷
(ঘ) মধ্যাহ্ন সূৰ্য্যৰ পৰা পূবফালে ১৫° আঁতৰত থকা ঠাইখনত _____ বাজিব ৷
উত্তৰঃ
(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০° কোণ কৰি থাকে ৷
(খ) দ্ৰাঘিমাৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে ৷
(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ কৌণিক দূৰত্ব ০° দ্ৰাঘিমাংশ ৷
(ঘ) মধ্যাহ্ন সূৰ্য্যৰ পৰা পূবফালে ১৫° আঁতৰত থকা ঠাইখনত ১ বাজিব ৷
৩৷ সঁচা-মিছা নিৰ্ণয় কৰা -
(ক) পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্য্যৰ সন্মুখীন হয় ৷
(খ) ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা ১৮০° অতিক্ৰম কৰাৰ সময়ত ১ দিন যোগ দি ল'ব লাগে ৷
(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয় ৷
(ঘ) ১৮০° দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা ৷
(ঙ) গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত ৷
উত্তৰঃ
(ক) অশুদ্ধ ৷
(খ) অশুদ্ধ ৷
(গ) শুদ্ধ ৷
(ঘ) শুদ্ধ ৷
(ঙ) শুদ্ধ ৷
৪৷ শুদ্ধ উত্তৰটো বাচি উলিওৱা -
(ক) ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় ানুসাৰে গ্ৰীনিজৰ পশ্চিমে গ'লে সময় লাভ/লোকচান হোৱা বুলি অনুভৱ কৰে ৷
(খ) গ্ৰীনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয় ৷ গতিকে মুম্বাই পূব/পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত ৷
(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া/পিছপৰা ৷
(ঘ) ভাৰতীয় দ্ৰাঘিমাৰেখা হিচাপে ৮৩°২০' / ৯০°/ ৮২°৩০' পূব দ্ৰাঘিমাৰেখা ডালক গ্ৰহণ কৰা হৈছে ৷
(ঙ) আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময়/ গ্ৰীনিজ মান সময় / ভাৰতীয় মান সময় মতে চলে ৷
উত্তৰঃ
(ক) ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ'লে সময় লাভ হোৱা বুলি অনুভৱ কৰে ৷
(খ) গ্ৰীনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয় ৷ গতিকে মুম্বাই পূব দ্ৰাঘিমাংশত অৱস্থিত ৷
(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া ৷
(ঘ) ভাৰতীয় দ্ৰাঘিমাৰেখা হিচাপে ৮২°৩০' পূব দ্ৰাঘিমাৰেখা ডালক গ্ৰহণ কৰা হৈছে ৷
(ঙ) আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ ভাৰতীয় মান সময় মতে চলে ৷
৫৷ পাৰ্থক্য লিখা -
(ক) অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা
(খ) স্থানীয় সময় আৰু মান সময় ৷
উত্তৰঃ
(ক) অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাঃ
বিষুৱৰ সমান্তৰালকৈ কল্পনা কৰা বৃত্তাকাৰ ৰেকাবোৰক অক্ষৰেখা বোলে ৷ আনহাতে, প্ৰাথমিক দ্ৰাঘিমাৰ পূব আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কল্পনা কৰা ৰেখাবোৰেই দ্ৰাঘিমাৰেখা ৷
(খ) স্থানীয় সময় আৰু মান সময়ঃ
কোনো একন ঠাইৰ মধ্যাহ্ন সূৰ্য্যৰ অৱস্থান চাই যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে ৷
আনহাতে, কোনো এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰ ভিত্তিত সমগ্ৰ দেশৰ বাবে যি সময় গণনাৰ ব্যৱস্থা কৰা হয় তাক দেশখনৰ মান সময় বোলে ৷
৬৷ সমাধান কৰা -
(ক) গ্ৰীনিজত মান সময়মতে ৭ বাজিলে কোনো এখন ঠাইত দুপৰীয়া ১২ বাজে ৷ ঠাইখনৰ দ্ৰাঘিমাংশ নিৰ্ণয় কৰা ৷
সমাধানঃ গ্ৰীনিজ আৰু ঠাইখনৰ সময়ৰ পাৰ্থক্যঃ ১২ - ৭ = ৫ ঘণ্টা ৷
এতেকে ঠাইখনৰ দ্ৰাঘিমাংশ হ'ব ঃ ১৫° x ৫ = ৭৫°
(খ) দুপৰীয়া ১২ বজাত নিউয়ৰ্ক(৭৫°প) চহৰৰ পৰা লচএঞ্জেল্চ( ১১৮°প) লে এটি অনাটাৰ বাৰ্তা প্ৰেৰণ কৰিলে ৷ লচএঞ্জেল্চৰ স্থানীয় সময় মতে কেতিয়া অনুষ্ঠিত হ'ব ?
সমাধানঃ
(গ) নতুন দিল্লীৰ ( ৭৭° পূ) স্থানীয় সময় মতে দিনৰ ৯ বজাত অনুষ্ঠিত হ'বলগীয়া খেলখন ধুবুৰী (৯০° পূ) চহৰৰ স্থানীয় সময় মতে কেতিয়া অনুষ্ঠিত হ'ব ?
সমাধানঃ
Please don't use spam link in the comment box.