ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

উন্নত জীৱনৰ প্ৰয়োজনসমূহ(আমাৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন)- সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ ১৮ -Need for a better life (our personal and social needs) - Social Science- Class 6- Chapter -18

Admin
0
অনুশীলনীঃ 

১) মানুহৰ প্ৰয়োজনসমূহক প্ৰধানকৈ কেইভাগত ভগাব পাৰি আৰু কি কি ? উদাহৰণেৰে সৈতে লিখা ৷ 

উত্তৰঃ মানুহৰ প্ৰয়োজনসমূহক প্ৰধানকৈ দুই ভাগত ভগাব পাৰি আৰু সেইবোৰ হ'ল - 

(ক) ব্যক্তিগত প্ৰয়োজনঃ 

মানুহে নিজৰ ব্যক্তিগত জীৱনটো ভালদৰে চলাই নিবলৈ যিবিলাক সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰে, সেইবিলাকেই হ'ল মানুহৰ ব্যক্তিগত প্ৰয়োজন ৷ যেনেঃ এজন কৃষকৰ প্ৰয়োজন, এজন চিকিৎসকৰ প্ৰয়োজন ৷

(খ) সামাজিক প্ৰয়োজনঃ 

সমাজত সুস্থ-সবল আৰু শান্তিপূৰ্ণভাৱে থাকিবলৈ মানুহক যিবোৰ ব্যৱস্থা আৰু সামগ্ৰীৰ প্ৰয়োজন হয় সেইবোৰক সামাজিক প্ৰয়োজন বুলি কোৱা হয় ৷ যেনেঃ জনস্বাস্থ্যৰ বাবে চিকিৎসালয় , শিক্ষাৰ বাবে বিদ্যালয় ৷

২) মানুহৰ জীৱন-ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে কেনেদৰে সহায় কৰে ? শিক্ষকৰ সৈতে আলোচনা কৰি লিখা ৷ 

উত্তৰঃ মানুহে নিজৰ ব্যক্তিগত জীৱনটো ভালদৰে চলাই নিবলৈ যিবিলাক সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰে, সেইবিলাকেই হ'ল মানুহৰ ব্যক্তিগত প্ৰয়োজন ৷ যেনেঃ এজন কৃষকৰ প্ৰয়োজন, এজন চিকিৎসকৰ প্ৰয়োজন ৷
এজন কৃষকৰ প্ৰয়োজন হয় খতি কৰিবৰ কাৰণে ভাল সা-সঁজুলি ৷ প্ৰাকৃতিক সম্পদসমূহৰ পৰা সহায় পোৱাৰ উপৰিও আৱশ্যকীয় যন্ত্ৰ-পাতিসমূহ সঠিক সময়ত পালে খেতিয়ক আৰু অধিক খাদ্য-শস্য উৎপাদন কৰিব পাৰিব ৷ অধিক শস্য পালে খেতিয়কে বজাৰত বিক্ৰী কৰি মুনাফা অৰ্জন কৰিব আৰু নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ কিনিব পাৰিব আৰু লগতে নিজৰ পৰিয়ালৰো অভাৱ-অনাটনসমূহ দূৰ কৰিব পাৰিব ৷ এইদৰেই জীৱন-ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে মানুহক সহায় কৰে ৷ 
[ বাকীবোৰ তুমি লিখিবলৈ যত্ন কৰা ]

৩) প্ৰদুষণমুক্ত পৰিৱেশৰ বাবে তুমি কি কি ব্যৱস্থা ল'বা ? 

উত্তৰঃ (ক) গছ-গছনি ৰোপণ কৰিম আৰু ডাঙৰ নোহোৱালৈকে ইয়াৰ যত্ন ল'ম ৷
 
(খ) পৰিৱেশ প্ৰদুষণৰ প্ৰতি মানুহৰ মাজত সজাগতা সৃষ্টি কৰিম ৷

(গ) আমাৰ চাৰিওফালৰ পৰিৱেশ সদায় নিকা কৰি ৰাখিবৰ বাবে হাতে কামে লাগিম লগতে মোৰ ওচৰ-চুবুৰীয়াসকলোকো উৎসাহ যোগাম ৷ 

(ঘ) গাড়ী-মটৰ কমকৈ ব্যৱহাৰ কৰিম আৰু আনকো কমকৈ ব্যৱহাৰ কৰিবলৈ অনুপ্ৰেৰণা যোগাম যাতে পৰিৱেশৰ প্ৰতি তেওঁলোকেও সচেতন হয় ৷ 

৪) শিক্ষানুষ্ঠানৰ পৰা তোমালোকে কেনেদৰে উপকৃত হ'ব পাৰিছা বহলাই লিখা ৷ 

উত্তৰঃ প্ৰাথমিক শিক্ষাৰ পৰা মাধ্যমিক শিক্ষালৈ মই মৌলিক কথাবোৰ শিকাৰ উপৰিও বহুতো নজনা কথা জানিবলৈ পাই খুবেই আনন্দিত হৈছো ৷ ডাঙৰ তথা মহৎ লোকৰ জীৱনীসমূহ পঢ়ি তেওঁলোকৰ জীৱন সংঘৰ্ষবোৰ পঢ়ি নিজে বহুত অনুপ্ৰেৰণা পাইছোঁ ৷ দেশ-বিদেশৰ বহুতো নজনা কথাবোৰ জানিব পাৰিছো ৷ বিজ্ঞান , কলা-সাহিত্য, গণিত ইত্যাদি বিষয়ৰ জৰিয়তে নিজৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি পাইছে ৷ 
সাহিত্য-কলাৰ জৰিয়তে আমাৰ বিভিন্ন ভাষাৰ সাহিত্যৰ বিষয়ে গম পাইছো ৷
[ তুমি বাকীখিনি নিজে বহলাই লিখিব পাৰিব ] 

৫) শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা - 

(ক) সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয় বস্তুৰ বাহিৰে আন কোনো বস্তুৰ প্ৰয়োজন নহয় ৷ 

(খ) আদিম যুগৰ মানহুে সূতাৰে তৈয়াৰী সাজ-পাৰ পৰিধান কৰিছিল ৷ 

(গ) জীৱন-ধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনৰ সীমা দিনক দিনে বৃদ্ধি হয় ৷

(ঘ) পুথিভঁৰাল জনস্বাস্থ্য বিভাগৰ অন্তৰ্গত বিষয় ৷ 

(ঙ) প্ৰদূষণমুক্ত  পৰিৱেশৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা আছে ৷ 

(চ) সামাজিক প্ৰয়োজন হিচাপে মানৱীয় গুণৰাজিৰ কোনো আৱশ্যকতা নাই ৷ 

উত্তৰঃ 

(ক) সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয় বস্তুৰ বাহিৰে আন কোনো বস্তুৰ প্ৰয়োজন নহয় - অশুদ্ধ ৷

(খ) আদিম যুগৰ মানহুে সূতাৰে তৈয়াৰী সাজ-পাৰ পৰিধান কৰিছিল - অশুদ্ধ ৷

(গ) জীৱন-ধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনৰ সীমা দিনক দিনে বৃদ্ধি হয় - শুদ্ধ ৷

(ঘ) পুথিভঁৰাল জনস্বাস্থ্য বিভাগৰ অন্তৰ্গত বিষয় - অশুদ্ধ ৷

(ঙ) প্ৰদূষণমুক্ত  পৰিৱেশৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা আছে - শুদ্ধ ৷

(চ) সামাজিক প্ৰয়োজন হিচাপে মানৱীয় গুণৰাজিৰ কোনো আৱশ্যকতা নাই - অশুদ্ধ ৷  

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)