ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

নতুন ভাৱৰ উত্থান- সমাজ বিজ্ঞান -ইতিহাস-বুৰঞ্জী- ষষ্ঠ শ্ৰেণী - পাঠ নং ১৫ -Rise of new emotions - Social Science -History Part- Class VI - Lesson 15

Admin
0

 অনুশীলনীঃ 

(১) উত্তৰ লিখা- 

(ক) কি কি কাৰণত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাৱধাৰা গঢ়ি উঠিছিল ? 

উত্তৰঃ (১) আৰ্যসকলৰ প্ৰৱল বৰ্ণভেদ প্ৰথাৰ ফলত ক্ষত্ৰিয়সকলতকৈ বাহ্মণসকলৰ  মৰ্যাদা বৃদ্ধি পাইছিল ৷ কিন্তু কালক্ৰমত ক্ষত্ৰিয় ৰজাসকল ৰাজনৈতিক, অৰ্থনৈতিক , সামজিক আদি সকলো ক্ষেত্ৰতে ক্ৰমে শক্তিশালী হৈ উঠিবলৈ ধৰে ৷ গতিকে ৰজাই ব্ৰাহ্মণৰ সমমৰ্যাদা দাবী কৰিছিল ৷ তাৰ ফলশ্ৰুতিত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল ৷

(২) বৈদিক যুগৰ শেষলৈ আৰ্যসকলৰ মাজত যাগ-যজ্ঞ, পূজা পাতল, দান-দক্ষিণা, বলি বিধান আদি বৃদ্ধি পোৱাৰ উপৰি ই অধিক জঠিল প্ৰথাত পৰিণত হৈছিল ৷ এনে জটিল ধৰ্মীয় কথা-কাণ্ডই সৰ্বসাধাৰণ মানুহক বাৰুকৈয়ে অসন্তুষ্ট কৰি তুলিছিল ৷ কিয়নো সৰ্বসাধাৰণ মানুহে বেদ-উপনিষদ আদিৰ অৰ্থ নজনাকৈ দান-দক্ষিণা দিব লাগিছিল আৰু নিজৰ পোহনীয়া জীৱ-জন্তুক বলি হিচাপে আগবঢ়াব লাগিছিল ৷ ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সহজ সৰল ধাৰ্মিক জীৱন-যাপন কৰাটোহে চিন্তা কৰিবলৈ ধৰে ৷ 

(৩) আৰ্থ-সামাজিক পৰিৱৰ্তনৰ লগে লগে নগৰ-চহৰৰ বিস্তাৰ, ব্যৱসায় বানণজ্যৰ প্ৰসাৰ , নানান কাৰিকৰী লোকৰ  সংখ্যা  বৃদ্ধিয়ে সমাজত নতুন চিন্তাধাৰা আনি দিছিল ৷ ফলত মানুহৰ মনত নতুন মৌলিক চিন্তাধাৰা সৃষ্টি হোৱাৰ লগতে ধৰ্মীয় আৰু সামাজিক সচেতনতা বৃদ্ধি পাইছিল ৷ 

(খ) জৈন ধৰ্মৰ মূল নীতি শিক্ষা কেইটা কি কি ? 

উত্তৰঃ ১/ অহিংসা ২/ সত্যবাদিতা  ৩/ চুৰি নকৰা  ৪/ ত্যাগ  ৫/ ব্ৰহ্মচৰ্য

(গ) জৈন ধৰ্ম ভাৰতৰ কোন কোন ঠাইত বিস্তৃত হৈছিল ? 

উত্তৰঃ উত্তৰ ভাৰত, গুজৰাট , তামিলনাডু , কৰ্ণাটক আদিত ৷ 

(ঘ) গৌতম বুদ্ধৰ ধৰ্মৰ প্ৰতি মন ঢাল খোৱাৰ মূলতে কি আছিল ? 

উত্তৰঃ গৌতম বুদ্ধৰ ধৰ্মৰ প্ৰতি মন ঢাল খোৱাৰ মূলতে আছিল মানুহৰ সুখ-শান্তিৰ উপায় বিচৰা কাৰণ তেওঁক ৰাজ কাৰেঙৰ সকলোবিলাক লাহ-বিলাহ, সুখ-সম্ভোগে তেওঁক সুখী কৰিব পৰা নাছিল ৷ 

(ঙ) কিহৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠিছিল ? 

উত্তৰঃ গৌতম বুদ্ধই সকলো জীৱৰ প্ৰতি দয়া, অহিংসা আৰু সমাজৰ ভেদ-ভাৱ পাহৰি এক শুদ্ধ জীৱন-যাপন কেনেকৈ কৰিব পাৰি সেই কথা মানৱ জাতিক জনালে ৷ তেওঁৰ উপলদ্ধিখিনি মানুহৰ মাজত বিলাই এক নতুন মতবাদ প্ৰতিষ্ঠা কৰি গ'ল ৷ 

(চ) বৌদ্ধ বিহাৰবোৰৰ কাম কি আছিল ? 

উত্তৰঃ বৌদ্ধ ধৰ্মৰ কথা তথা মতবাদসমূহ প্ৰচাৰ কৰাটো বৌদ্ধ বিহাৰবোৰৰ কাম আছিল ৷ 

(ছ) পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে কি কি ব্যৱস্থা হাতত লৈছিল ? 

উত্তৰঃ পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে বিভিন্ন কাৰ্যসূচী  হাতত লৈছিল ৷ বিভিন্ন ঠাইত স্থায়ীভাৱে বৌদ্ধ মঠ-মন্দিৰ নিৰ্মাণ কৰাৰ উপৰি এইবোৰত বুদ্ধৰ বাণী আৰু বৌদ্ধ চিত্ৰ শিল্প অংকিত কৰিছিল ৷ ইয়াৰ উপৰি  তেওঁলোকে নিজ ৰাজ্যত ' বৌদ্ধ মহামেল' আয়োজন কৰি তালৈ দেশ-বিদেশৰ বহতো গুণী-জ্ঞানী, দাৰ্শনিক পণ্ডিতক আমন্ত্ৰণ কৰি আনি ধৰ্ম চৰ্চা কৰিছিল ৷ 

(২) সত্য অসত্য নিৰূপণ কৰা - 

(ক) জৈন ধৰ্মই কৰ্মফল আৰু পুনৰ্জন্ম বিশ্বাস কৰে ৷

(খ) বুদ্ধদেৱে বলি বিধানত বেছি গুৰুত্ব দিছিল ৷

(গ) বুদ্ধদেৱে সাৰনাথত দিব্য জ্ঞান লাভ কৰিছিল ৷

(ঘ) বৌদ্ধ সংঘবোৰত বুদ্ধৰ বাণীসমূহ চৰ্চা কৰা হৈছিল ৷

(ঙ) সকলো বয়সৰ লোকে বৌদ্ধসংঘৰ সদস্য হ'ব পাৰিছিল ৷

উত্তৰঃ 

(ক) সত্য  ৷

(খ) অসত্য  ৷

(গ) অসত্য ৷ 

(ঘ) সত্য  ৷

(ঙ) সত্য ৷ 

(৩) চমুকৈ উত্তৰ লিখা - 

(ক) ক্ষত্ৰিয়সকলে বাহ্মণৰ কিয় সম মৰ্যদা দাবী কৰিছিল ?

উত্তৰঃ ক্ষত্ৰিয়সকলে  ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি সকলো ক্ষেত্ৰত ক্ৰমে শক্তিশালী হৈ উঠিবলৈ ধৰে ৷ সেইবাবে ক্ষত্ৰিয়সকলে ব্ৰাহ্মণৰ  সমমৰ্যাদা দাবী কৰিছিল ৷ 

(খ) মহাবীৰে কিয় 'জিন' উপাধি পাইছিল ?

উত্তৰঃ মহাবীৰে তপস্যাৰ জৰিয়তে ইন্দ্ৰিয় জয় কৰিছিল সেইবাবে তেওঁ 'জিন' উপাধি পাইছিল ৷ 

(গ) জৈন ধৰ্মৰ ভাগ দুটাৰ নাম কি কি ?

উত্তৰঃ জৈন ধৰ্মৰ ভাগ দুটাৰ নাম হ'ল - শ্বেতাম্বৰ আৰু দিগম্বৰ ৷ 

(ঘ) বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল ?

উত্তৰঃ বুদ্ধদেৱে প্ৰথমে বাৰাণসীৰ ওচৰৰ সাৰনাথত ধৰ্ম প্ৰচাৰ কৰিছিল 

(ঙ) বৌদ্ধ ধৰ্মৰ মূল মতবাদ কি আছিল ? 

উত্তৰঃ সকলো জীৱৰ প্ৰতি দয়া, অহিংসা আৰু সমাজৰ ভেদ-ভাৱ পাহৰি এক শুদ্ধ জীৱন-যাপন কৰাটোৱেই বৌদ্ধ ধৰ্মৰ মূল মতবাদ ৷ 

(৪) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজৰ মিলখিনিৰ এখন তালিকা বনোৱা ৷

উত্তৰঃ (ক) যাগ-যজ্ঞ, জাতিভেদ আৰু বলি বিধানৰ প্ৰয়োজন নাই ৷ 

(খ) নীতি শিক্ষাৰ ভিতৰত -সৎ কৰ্ম , সৎ জ্ঞান আৰু সৎ ব্যৱহাৰৰ মিল আছে ৷ 

(৫) 'ক' অংশৰ লগত 'খ' অংশ মিলোৱো - 

'ক' অংশ            'খ' অংশ

(ক) ত্ৰিপিটক    বৌদ্ধ ধৰ্মগ্ৰন্থ

(খ) কুশীনাৰা     প্ৰাকৃত ভাষাৰ কাব্য 

(গ) কৈৱল্য      মহাবীৰৰ জন্মস্থান 

(ঘ) কুন্দপুৰ    জৈন  ধৰ্মগ্ৰন্থ 

(ঙ) পূৰ্ব          বুদ্ধদেৱৰ জন্মস্থান ৷

                      তপস্যাৰ অন্তত মহাবীৰে লাভ কৰিছিল 

                     বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ ঠাই 


উত্তৰঃ 

(ক) ত্ৰিপিটক ----------->   বৌদ্ধ ধৰ্মগ্ৰন্থ

(খ) কুশীনাৰা ------------>বুদ্ধদেৱৰ জন্মস্থান

(গ) কৈৱল্য-------------> তপস্যাৰ অন্তত মহাবীৰে লাভ কৰিছিল 

(ঘ) কুন্দপুৰ -----------> মহাবীৰৰ জন্মস্থান 

(ঙ) পূৰ্ব ----------------> প্ৰাকৃত ভাষাৰ কাব্য

                       



Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)