ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

মৌৰ্য সাম্ৰাজ্য, মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ- সমাজ বিজ্ঞান -ইতিহাস-বুৰঞ্জী- ষষ্ঠ শ্ৰেণী - পাঠ নং ১৬ -Maurya Empire, Mahamati Ashoka and Kautilya's Arthashastra - Social Science -History Part- Class VI - Lesson 16

Admin
0
অনুশীলনীঃ 

১) উত্তৰ লিখাঃ 

(ক) চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ? 

উত্তৰঃ মৌৰ্য  বংশ ৷ 

(খ) মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি কি কি সমলৰ পৰা জানিব পাৰোঁ ? 

উত্তৰঃ (ক) কৌটিল্যৰ ৰচিত অৰ্থশাস্ত্ৰৰ পৰা (খ) মেগাস্থিনিচৰ ইণ্ডিকা নামৰ পুথিৰ পৰা (গ) বৌদ্ধ আৰু জৈন সাহিত্যৰ পৰা (ঘ) মুদ্ৰাৰ পৰা ৷

(গ) চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কামসমূহ কি কি আছিল ? 

উত্তৰঃ (ক) আলিবাট বন্ধোৱা (খ) কৃষিৰ বাবে বিভিন্ন ঠাইত হ্ৰদ আৰু জলাশয় খন্দোৱা ৷

(ঘ) চাণক্য কোন ? তেও ঁ চন্দ্ৰগুপ্তক কিদৰে সহায় কৰিছিল ? 

উত্তৰঃ চাণক্য এজন ব্ৰাহ্মণ পণ্ডিত আছিল ৷ তেওঁ চন্দ্ৰগুপ্তক মৌৰ্য সাম্ৰাজ্যখন প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল ৷ 

(ঙ)  সম্ৰাট অশোকক কিয় 'ৰাজৰ্ষি অশোক' বোলা হয় ? 
উত্তৰঃ এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হৈয়ো সন্ন্যাসীৰ দৰে জীৱন-যাপন কৰা বাবে ইতিহাসত সম্ৰাট অশোকক ৰাজৰ্ষি অশোক বোলা হয় ৷ 

(চ) সম্ৰাটে অশোকে শিলালিপিসমূহে কি কি ভাষাত লিখাইছিল ?

উত্তৰঃ সম্ৰাটে অশোকে শিলালিপিসমূহে 'পালি' আৰু 'প্ৰাকৃত' ভাষাত লিখাইছিল  ৷ 

(ছ) মৌৰ্য শিল্পকলাৰ নিৰ্দশন সমূহ ক'ত ক'ত দেখিবলৈ পোৱা যায় ? 

উত্তৰঃ মৌৰ্য শিল্পকলাৰ নিৰ্দশন সমূহ সম্ৰাট অশোকৰ শিলৰ স্তম্ভত, তাত খোদিত কৰা লিপিসমূহত স্তূপত, বৌদ্ধ বিহাৰসমূহত আৰু সাৰনাথৰ অশোক স্তম্ভত দেখিবলৈ পোৱা যায় ৷ 

(জ) মৌৰ্য যুগত সমাজ ব্যৱস্থা কেনে আছিল ? 

উত্তৰঃ মৌৰ্যযুগত   বৰ্ণ প্ৰথা চলি আছিল ৷  সমাজত ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ প্ৰভাৱ বৃদ্ধি পাইছিল ৷ বণিক শ্ৰেণীৰ প্ৰাধান্য বৃদ্ধি পাইছিল ৷ বণিক শ্ৰেণীয়ে ধন-সম্পত্তি দান কৰিছিল ৷ সমাজত মহিলাৰ স্থান বিশেষ উচ্চ নাছিল ৷ 
                                                                                                                                                       
২/ শুদ্ধ/অশুদ্ধ বিচাৰ কৰা - 

(ক) কৌটিল্যৰ আন এটা নাম চাণক্য আছিল ৷ 

(খ) মেগাস্থিনিচে 'অৰ্থশাস্ত্ৰ' লিখিছিল ৷

(গ) সম্ৰাট অশোকে নিজ সন্তানক বিদেশত বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে পঠাইছিল ৷ 

(ঘ) তৃতীয় বৌদ্ধ মহামেল চন্দ্ৰগুপ্তৰ দিনত অনুষ্ঠিত হৈছিল ৷ 

(ঙ) উপগুপ্ত সম্ৰাট অশোকৰ ধৰ্মগুৰু আছিল ৷ 

উত্তৰঃ 

(ক) শুদ্ধ  ৷ 

(খ) অশুদ্ধ  ৷

(গ) শুদ্ধ ৷ 

(ঘ) অশুদ্ধ  ৷ 

(ঙ) শুদ্ধ ৷ 

৩) দলত আলোচনা কৰি লিখা - 

(ক) মৌৰ্য শাসন প্ৰণালীৰ লগত বৰ্তমান শাসন প্ৰণালীৰ কোনখিনিত মিল আছে ? 

উত্তৰঃ মৌৰ্য শাসন প্ৰণালীৰ লগত বৰ্তমান শাসন প্ৰণালীৰ বহুখিনি মিল দেখা যায় আৰু সেইবোৰ হ'ল - 

১/ জন্ম-মৃত্যুৰ হিচাপ ৰখা 

২/ বাণিজ্য দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ কৰা 

৩/ জোখ-মাখ নিয়ন্ত্ৰণ কৰা 

৪/ বেচা-কিনাৰ ওপৰত কৰ লগোৱা 

৫/ বিদেশী নাগৰিকৰ হিচাপ ৰখা 

৬/ শ্ৰম-শিল্প নিৰীক্ষণ কৰা 

৭/ বিভাগসমূহ ভালকৈ পৰিচালনা কৰিবলৈ অধ্যক্ষ নিয়োগ কৰা 

৮/ সাম্ৰাজ্যসমূহ চলাবৰ বাবে মন্ত্ৰী পৰিষদৰ দিহা পৰামৰ্শ লোৱা ৷ 

৯/ বিভিন্ন আয়ৰ পৰা কৰ সংগ্ৰহ কৰা ৷ 

(খ) ঐতিহাসিক সমলবোৰৰ কোনখিনি লিখিত আৰু কোনখিনি প্ৰত্নতাত্ত্বিক সমলত পৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা ৷ 

লিখিত সমল           প্ৰত্নতাত্ত্বিক সমল 

১)                               ১)

২)                              ২)

৩)                              ৩)

৪)                              ৪) 

উত্তৰঃ 

লিখিত সমল                                               প্ৰত্নতাত্ত্বিক সমল 

১)  ইণ্ডিকা                                                           ১) শিলালিপি

২)  অৰ্থশাস্ত্ৰ                                                        ২) স্তম্ভলিপি

৩)  বৌদ্ধ আৰু জৈন সাহিত্য                            ৩) স্থাপত্য-ভাস্কৰ্য ধ্বংসাৱশেষ 

৪)  ৰামায়ণ                                                         ৪) তামৰ লিপি 


৪) পাঠত থকা মানচিত্ৰ পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা -

(ক) চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য ক'ৰ পৰা ক'লৈ বিস্তৃত আছিল ? 

উত্তৰঃ ভাৰতৰ পূবৰ মগধৰপৰা আৰম্ভ কৰি ভাৰতৰ উত্তৰ-পশ্চিমৰ গান্ধাৰলৈকে ৷ 

(খ) কলিংগ, উজ্জয়িনী আৰু পাটলিপুত্ৰ বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্যৰ অন্তৰ্ভুক্ত ? 

উত্তৰঃ কলিংগ - উৰিষ্যা , উজ্জয়িনী -  মধ্যপ্ৰদেশ , পাটলিপুত্ৰ - বিহাৰ ৷ 

(গ) অতীতত মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা ৷ 

উত্তৰঃ কেৰলা আৰু তামিলনাডু ৷ 



Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)