ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

মহাজনপদ- সমাজ বিজ্ঞান -ইতিহাস-বুৰঞ্জী- ষষ্ঠ শ্ৰেণী - পাঠ নং ১৪ -Mahajanapada - Social Science -History Part- Class VI - Lesson 14

Admin
0
অনুশীলনীঃ 

১) সঁচা-মিছা নিৰ্ণয় কৰা - 

(ক) পুৰাতত্ত্ববিদসকলে খনন কাৰ্যৰ দ্বাৰা জনপদসমূহৰ বিষয়ে তথ্য লাভ কৰিছিল ৷

(খ) জনপদৰ দিনত বিভিন্ন ৰঙৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰা হৈছিল ৷

(গ) মহাজনপদৰ সময়ত লোৰ ব্যৱহাৰ হোৱা নাছিল ৷

(ঘ) মহাজনপদৰ দিনত শস্যৰ ওপৰত ১/৬ অংশ কৰ নিৰ্ধাৰণ কৰা হৈছিল ৷

(ঙ) মহাজনপদসমূহ সমগ্ৰ ভাৰততে সিঁচৰতি হৈ আছিল ৷

উত্তৰঃ 

(ক) সঁচা ৷

(খ) মিছা ৷

(গ) মিছা ৷

(ঘ) সঁচা ৷

(ঙ) সঁচা ৷

২)শুদ্ধ উত্তৰটো বাছি উলিওৱা -

(ক) তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল ?

১) মগধ 

২) লিচ্ছবী 

৩) অংগ 

৪) অৱন্তী

উত্তৰঃ ২) লিচ্ছবী  

(খ) মগধ ৰাজ্যৰ কাষতে থকা নদীখন হ'ল - 

১) গংগা 

২) যুমনা 

৩) কোশী

৪) মহানন্দ 

উত্তৰঃ ১) গংগা 

(গ) তলৰ কোনখন ঠাই ষোল্লমহাজনপদৰ অন্তৰ্ভুক্ত নহয় ?

১) কোশল 

২) বৎস

৩) হস্তিনাপুৰ 

৪) অৱন্তী

উত্তৰঃ ৩) হস্তিনাপুৰ  ৷

(ঘ) কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল ?

১) বাঢ়ৈ

২) কুমাৰ 

৩) শিপিনী

৪) পেছাদাৰী স্থপতি 

উত্তৰঃ ৪) পেছাদাৰী স্থপতি  ৷ 

(ঙ) কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল ?

১) বিম্বিসাৰ 

২) অজাতশত্ৰু 

৩) মহাপদ্মনন্দ 

৪) চন্দ্ৰগুপ্ত মৌৰ্য 

উত্তৰঃ ৪) চন্দ্ৰগুপ্ত মৌৰ্য ৷

৩) উত্তৰ লিখা - 

(ক) মহাজনপদৰ দিনত কি উপায়েৰে খাদ্য শস্যৰ উৎপাদন বঢ়োৱা হৈছিল ? 

উত্তৰঃ মহাজনপদসমূহে উন্নত ধৰণৰ লোৰে তৈয়াৰী সা-সঁজুলি ব্যৱহাৰ কৰি আৰু বীজ সিঁচি, পুলি ৰোপণ কৰি অদিক শস্য উৎপাদন কৰিছিল ৷  

(খ) ৰাজন পদৰ নিৰ্বাচন কোনে কৰিছিল ? 

উত্তৰঃ মন্ত্ৰী পৰিষদে ৷ 

(গ) মহাজনপদৰ ৰজা সকলে কিয় দুৰ্গ নিৰ্মাণ কৰিছিল ? 

উত্তৰঃ আনৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ , নিজৰ প্ৰতিপত্তি বজাই ৰাখিবলৈ আৰু দুৰ্গৰ ভিতৰত বসবাস কৰা জনসাধাৰণক নিজৰ অধীনত ৰাখিবলৈ মহাজনপদৰ ৰজা সকলে  দুৰ্গ নিৰ্মাণ কৰিছিল ৷

(ঘ) মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ কি আছিল ? 

উত্তৰঃ মগধ শক্তিশালী হোৱাৰ মূলতে আছিল ইয়াৰ প্ৰাকৃতিক সম্পদৰাজি ৷ প্ৰধান নদী গংগা আৰু শোণ মগধৰ মাজেদি বৈ গৈছিল বাবে এই বিস্তৃতি অঞ্চল সাৰুৱা আছিল ৷ ইয়াৰ ফলত পৰিৱহণ, পানীযোগান আদিৰ সুবিধা হৈছিল ৷ তদুপৰি মগধৰ বহু অঞ্চল হাবি-বননিৰে পৰিপূৰ্ণ আছিল ৷ হাবিত থকা হাতীবোৰ ধৰি প্ৰশিক্ষণ দি সৈন্য বাহিনীৰ কামত লগোৱা হৈছিল ৷ অন্যহাতে হাবিত থকা মূল্যৱান কাঠবোৰৰ জৰিয়তে ঘৰ সজা, জন্তুৱে টনা গাড়ী সজা আৰু অন্যান্য সামগ্ৰী প্ৰস্তুত কৰাত সহায় হৈছিল ৷ ইয়াৰ উপৰি মগধৰ কোনো কোনো অঞ্চলত 'লো'ৰ খনি পোৱা গৈছিল ৷ এইবোৰৰ দ্বাৰা অস্ত্ৰ-শস্ত্ৰ, কৃষিৰ সা-সঁজুলি আৰু অন্যান্য আচবাব নিৰ্মাণত সহায় হৈছিল ৷ সেয়েহ, এই সকলো ফলাৰ পৰা শক্তিশালী হে মগধে অন্য মহাজনপদৰ ওপৰত পৰবৰ্তী সময়ত সহজে নিজৰ কৰ্তৃত্ব স্থাপন কৰিবলৈ সক্ষম হৈছিল ৷ 

(ঙ) মহাজনপদৰ দিনত লিপিক বিশেষকৈ কি কি কামত ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ মহাজনপদৰ দিনত ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰয়োজনীয় হিচাপ-নিকাচ ৰাখিবৰ বাবে আৰু দূৰ-দূৰণিলৈ খবৰ পঠিয়াবলৈ লিপি প্ৰয়োগ কৰিছিল ৷ লিপিৰ সহায়ত ৰজাসকলে কৰ সম্পৰ্কীয় হিচাপ লিখিত ৰূপত ৰাখিছিল ৷ 

৪) দলত আলোচনা কৰি উত্তৰ লিখা - 

(ক) জনপদৰ দিনত ৰজা নিৰ্বাচন আৰু বৰ্তমান শাসক সকলৰ নিৰ্বাচনৰ মাজত কি অমিল দেখা যায় ? 

উত্তৰঃ জনপদৰ দিনৰ ৰজা নিৰ্বাচন ৰজাৰ মন্ত্ৰী পৰিষদৰ দ্বাৰা হয় , আনহাতে বৰ্তমান শাসকসকলক জনসাধাৰণে ভোটৰ দ্বাৰা নিৰ্বাচন কৰে ৷ 

(খ) মহাজনপদসমূহৰ সময়ত জনসাধাৰণে কি কি কৰ শোধাইছিল ? 

উত্তৰঃ 

(ক) শস্যৰ  উৎপাদনৰ ওপৰত ১/৬ অংশ কৰ দিব লাগিছিল ৷

(খ) বাঢ়ৈ বা শিপিনী সকলে মাহত এদিন ৰজাৰ ঘৰত পৰিশ্ৰম কৰি কৰ আদায় দিবলগীয়া হৈছিল ৷ 

(গ) পশুপালকসকলে  জীৱজন্তু অথবা জীৱজন্তুৰ পৰা উৎপন্ন হোৱা বস্তুৰ বাদ কৰ কাটল আদায় দিব লাগিছিল ৷ 

(ঘ) ব্যৱসায় বাণিজ্য কৰাসকলে তেওঁলোকে বেচা-কিনা কৰিবলৈ অনা বস্তুৰ ওপৰত নিৰ্দিষ্ট পৰিমাণৰ কৰ কাটল আদায় দিব লগা হৈছিল ৷ 

(ঙ) চিকাৰী বা জংঘলত বাস কৰা লোকসকলেও জন্তু বা অন্যান্য কাঠৰ সামগ্ৰী যোগান ধৰি কৰ-কাটল দিব লাগিছিল ৷ 


৫) মানচিত্ৰ চাই  উত্তৰ দিয়া - 

(ক) সিন্ধু নদী ভাৰতৰ কোন দিশত অৱস্থিত ? ই বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্য চুই গৈছে ? 

উত্তৰঃ উত্তৰ-পশ্চিম দিশত ৷  ই বৰ্তমান ভাৰতৰ  জন্মু-কাশ্মীৰ ,হিমাচল প্ৰদেশ, পঞ্জাব আৰু ৰাজাস্থান,হাৰিয়ানাৰ কিছু অংশ চুই গৈছে ৷ 

(খ) প্ৰাচীন মগধ বৰ্তমান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত ? 

উত্তৰঃ বিহাৰ ৷ 


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)