ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আমাৰ মৌলিক প্ৰয়োজনসমূহ- সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ ১৭ -Our Basic Needs - Social Science- Class 6- Chapter -17

Admin
0
অনুশীলনীঃ 

১) মানুহৰ মৌলিক  প্ৰয়োজনসমূহ  কি কি ? এইবোৰক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয় ? 

উত্তৰঃ মানুহৰ মৌলিক প্ৰয়োজন তিনিটা হ'ল - খোৱা বস্তু , কাপোৰ-কানি আৰু বাসগৃহ ৷ 

এইবোৰক মৌলিক প্ৰয়োজন বোলা হয় কাৰণ এইবিলাকৰ অবিহনে আমি জীয়াই থকাটো সম্ভৱ নহয় ৷ 

২) পৃথিৱীৰ  বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন  খাদ্য গ্ৰহণ কৰাৰ কাৰণ কি ? 

উত্তৰঃ  পৃথিৱীৰ  বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন  খাদ্য গ্ৰহণ কৰাৰ কাৰণ হ'ল বিভিন্ন অঞ্চলত জলবায়ু আৰু মাটিৰ গুণাগুণ অনুসৰি খাদ্যশস্যবোৰ বেলেগ বেলেগ হয় ৷ 

৩) অসমৰ মানুহে মুখ্য আহাৰ হিচাপে কি কি খাদ্য খায় ? 

উত্তৰঃ অসমৰ মানুহে মুখ্য আহাৰ হিচাপে ভাত, ৰুটি, মাছ-মাংস, কণী, গাখীৰ আদি  খাদ্য খায় ৷ 

৪) বিভিন্ন অঞ্চলৰ মানুহে কিয় বিভিন্ন সাজ-পাৰ পৰিধান কৰে ? 

উত্তৰঃ বিভিন্ন অঞ্চলৰ মানুহে  বিভিন্ন সাজ-পাৰ পৰিধান কৰে  কাৰণ বিভিন্ন ঠাইৰ জাতীয় পৰম্পৰা, ধৰ্মীয় বিশ্বাস, ভৌগোলীক অৱস্থান, জলবায়ু, বৃত্তি সৌন্দৰ্যবোধ আদি বেলেগ বেলেগ ৷ 

৫) মানুহৰ বাসস্থানসমূহ ঠাইভেদে বেলেগ বেলেগ হয় ৷ ইয়াৰ কাৰণসমূহ শিক্ষকৰ লগত আলোচনা কৰি লিখা ৷ 

উত্তৰঃ মানুহৰ বাসস্থানসমূহ ঠাইভেদে বেলেগ বেলেগ  হয় ৷ ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বেলেগ বেলেগ প্ৰকাৰৰ ঘৰ সাজে ৷ 
           উদাহৰণস্বৰূপে অসমত প্ৰচুৰ পৰিমাণৰ বাঁহ, খেৰ, কাঠ আদি পোৱা যায় বাবে সাধাৰণতে অসমৰ মানুহে এনেবোৰ সামগ্ৰীৰে ঘৰ সজা দেখা যায় ৷ জাৰ আৰু জহৰ প্ৰকোপ বেছি হোৱা বাবে বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আদি ৰাজ্যৰ মানুহে মাটিৰে ঘৰ সাজে ৷ জলমগ্ন অঞ্চল বা হ্ৰদ আদি থকা ঠাইত মানুহে নাৱতে ঘৰ সাজি লয় ৷ এইবিলাকক নৌকাগৃহ বোলা হয় ৷ কাশ্মীৰৰ ডাল লেক (হ্ৰদ)ৰ মানুহে এনেকুৱা নৌকাগৃহ ব্যৱহাৰ কৰা দেখা যায় ৷ 
         তুন্দ্ৰা অঞ্চলৰ এস্কিম'সকলে বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফৰ টুকুৰাৰে ঘৰ সাজি লয় ৷ এইবোৰক ঈগ্লু  বোলে ৷ উত্তৰ-পূৱ ভাৰতৰ পাৰ্বত্য এলেকাৰ সাধাৰণতে বনৰীয়া জীৱ-জন্তু আদিৰ পৰা ৰক্ষা পাবলৈ চাংঘৰ সাজে ৷ 
          আৰৱৰ মৰুভূমি অঞ্চলৰ বেদুইনসকলে বালিৰ বতাহৰ পৰা ৰক্ষা পাবলৈ তম্বুৰে ঘৰ তৈয়াৰ কৰি লয় ৷ তদুপৰি পানী আৰু ঘাঁহ বা তৰু-তৃণৰ সন্ধানত সঘনাই ঠাই সলাই থাকিবলগীয়া হোৱা বাবে তম্বুৰ ঘৰ তেওঁলোকৰ বাবে অধিক উপযোগী হয় ৷ 

৬) খালী ঠাই পূৰ কৰা - 

(ক) আমাৰ  শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি _____আৰু _____ গ্ৰহণ কৰোঁ ৷

(খ) মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা ____ ভাবে খোৱা আহাৰক ______ আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয় ৷ 

(গ) শীত, তাপ, ৰ'দ, ধূলি -মাকতি আদিৰ পৰা ৰক্ষা পাবলে আৰু ____নিবাৰণৰ বাবে মানুহক _____ ৰ প্ৰয়োজন হয় ৷ 

(ঘ) সাজ-পাৰে মানুহৰ _____ আৰু _____ দাঙি ধৰে ৷ 

(চ) বাসস্থান বা ঘৰে মানুহক _____ বিপদৰ পৰা ৰক্ষা কৰি ______ নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে ৷

(ছ) উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ-জন্তু, ______ আদিৰ পৰা ৰক্ষা পাবলে ____ সাজে ৷ 

উত্তৰঃ 

(ক) আমাৰ  শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি খাদ্য আৰু পানী গ্ৰহণ কৰোঁ ৷

(খ) মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা নিয়মীয়া ভাবে খোৱা আহাৰক মূল আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয় ৷ 

(গ) শীত, তাপ, ৰ'দ, ধূলি -মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু লজ্য নিবাৰণৰ বাবে মানুহক সাজপাৰ ৰ প্ৰয়োজন হয় ৷ 

(ঘ) সাজ-পাৰে মানুহৰ ৰুচিবোধ আৰু ব্যক্তিত্ব দাঙি ধৰে ৷ 

(চ) বাসস্থান বা ঘৰে মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয় নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে ৷

(ছ) উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ-জন্তু, সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলে চাংঘৰ সাজে ৷ 

৭৷ শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা -

(ক) পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ ভাত ৷

(খ) দিনটোত দুবেলা নিয়মীয়াভাবে খোৱা আহাৰখ উপ আহাৰ বোলে ৷ 

(গ) সাজ-পাৰ অবিহনে সভ্য জীৱন-যাপন সম্ভৱ নহয় ৷ 

(ঘ) গ্ৰীষ্মপ্ৰধান অঞ্চলত কপাহী কাপোৰৰ প্ৰচলন কম ৷

(ঙ) মৰুভূমি অঞ্চলৰ মানুহে ঈগ্লু সাজি বসবাস কৰে ৷ 

(চ) উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য এলেকাত চাংঘৰ দেখা যায় ৷ 

উত্তৰঃ 

(ক) পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ ভাত - অশুদ্ধ

(খ) দিনটোত দুবেলা নিয়মীয়াভাবে খোৱা আহাৰক উপ আহাৰ বোলে - অশুদ্ধ

(গ) সাজ-পাৰ অবিহনে সভ্য জীৱন-যাপন সম্ভৱ নহয় - শুদ্ধ

(ঘ) গ্ৰীষ্মপ্ৰধান অঞ্চলত কপাহী কাপোৰৰ প্ৰচলন কম - অশুদ্ধ

(ঙ) মৰুভূমি অঞ্চলৰ মানুহে ঈগ্লু সাজি বসবাস কৰে - অশুদ্ধ

(চ) উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য এলেকাত চাংঘৰ দেখা যায় - শুদ্ধ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)