ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ- সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ ১৯ -Impact of technology on quality of life development - Social Science- Class 6- Chapter -19

Admin
0
অনুশীলনীঃ 

১) প্ৰযুক্তি কাক বোলে ? তুমি জনা কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তুৰ নাম লিখা ৷ 

উত্তৰঃ কোনো কাৰ্য পৰিচালনা আৰু সম্পাদন কৰাৰ বাবে বৈজ্ঞানিক চিন্তা-চৰ্চা, আহিলা-পাতি আৰু কৌশল আদি প্ৰয়োগ কৰাকে প্ৰযুক্তি বুলিব পাৰি ৷ মই জনা কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তুৰ নাম হ'ল - এক্স-ৰে , জেৰ'ক্স মেচিন , টিভি, ৰেডিঅ , ম'বাইল ফোন , ইত্যাদি ৷ 

২) আমাৰ জীৱন-যাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে কেনেধৰণে সহায় কৰিছে লিখা ৷

উত্তৰঃ প্ৰযুক্তিৰ  ব্যৱহাৰে মানুহৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে সেয়া  কৃষি খণ্ডত, উদ্যােগ খণ্ডত বা সেৱা খণ্ডতে বা আন খণ্ডবিলাকত হওক ৷ অতীজত মানুহে নিজ নিজ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰি নিজৰ উপাৰ্ঝনৰ পথ মোকলাই লৈছিল ৷ কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে মানুহৰ শ্ৰম বহু পাৰিমাণে লাঘৱ হোৱা পৰিলক্ষিত হৈছে ৷ তলত কোনটো খণ্ডত কেনে প্ৰভাৱ পৰিছে তলত আলোচনা কৰা হ'ল - 
(ক) কৃষি খণ্ডতঃ কৃষক সকলে নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে অধিক মাটি চহাব পৰা হৈছে ৷ জলসিঞ্চন  ব্যৱস্থাৰ ফলত বছৰৰ সকলো সময়তে সকলো ধৰণৰ খেতিৰ বাবে পানীৰ যোগান ব্যৱস্থা হৈছে ৷ উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয় ৷ বন নিৰোৱা, শস্য কটা আৰু মৰণা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট বহু পৰিমাণে লাঘৱ হৈছে ৷ 
(খ) উদ্যােগ খণ্ডতঃ যিবিলাক বস্তু আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাবে লাভ কৰিব নোৱাৰোঁ সেইবিলাক সামগ্ৰী আমি উদ্যােগৰ জৰিয়তে পাওঁ ৷ প্ৰকৃতিৰ পৰা পোৱা কেঁচা সামগ্ৰীসমূহ কাৰখানা বা উদ্যােগত কাৰিকৰি কৌশল আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি আমাৰ উপভোগ্য সামগ্ৰীলৈ ৰুপান্তৰ কৰা হয় ৷ উদাহৰণস্বৰূপে কুঁহিয়াৰৰ ৰসৰ পৰা চেনি প্ৰস্তুত কৰা হয় ৷ আমি ব্যৱহাৰ কৰা কাগজসমূহ বাঁহ গছৰ পৰা তৈয়াৰ কৰা হয়  ৷ আমাৰ দেশত বিভিন্ন ধৰণৰ উদ্যোগ আৰু কল-কাৰখান আছে ৷ যেনে - চাহ উদ্যোগ , তেল উদ্যোগ, লো-তীখা উদ্যোগ  ইত্যাদি ৷ প্ৰযুক্তিৰ সহায়ত উদ্যােগসমূহত কম খৰচতে অধিক উৎপাদন হোৱাৰ লগতে উৎপাদিত সামগ্ৰীসমূহ কৌশলযুক্ত আৰু উন্নত মানৰ হয় ৷ 
(গ) যোগাযোগ আৰু প্ৰযুক্তিঃ ম'বাইল ফোন, টেলিভিছন, কম্পিউটাৰ, ইণ্টাৰনেট আদি ব্যৱস্থাৰ সহায়ত মানুহে ঘৰতে বহি দেশ-বিদেশৰ বাতৰি গ্ৰহণ, প্ৰেৰণ আৰু সংৰক্ষণ কৰিব পৰা হৈছে ৷ ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য-পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি ৷ ই-মেইলৰ জৰিয়তে নিমিষতে পৃথিৱীৰ যিকোনো ঠাইলে যিকোনো খবৰ, তথ্য, স্থিৰ ছবি বা ভিডিঅ' ছবি প্ৰেৰণ কৰিব পাৰি ৷ 
(ঘ) যাতায়ত আৰু প্ৰযুক্তিঃ চকাৰ আৱিস্কাৰৰ পিছৰে পৰা মানুহে বিভিন্ন ধৰণৰ যান-বাহন প্ৰস্তুত কৰি ল'ব পৰা হ'ল ৷ যেনে চাইকেল, ৰিক্সা, মটৰ গাড়ী, ৰে'লগাড়ী আদচি ৷ এৰোপ্লেন, বিদ্যুৎ চালিত ৰে'ল, মেট্ৰ' ৰে'ল আদিৰ সহায়ত নিমিষতে বহু যোজন বাট অতিক্ৰম কৰাটো সম্ভৱ হৈছে ৷ ডাঙৰ ডাঙৰ জাহাজৰ সহায়ত নদী, সাগৰ, মহাসাগৰ আদিৰ জলপথেৰে বহু হাজাৰ টন গধুৰ মালবস্তু পৰিৱহন কৰিব পাৰি ৷ 
(ঙ) চিকিৎসা আৰু প্ৰযুক্তিঃ চিকিৎসা সেৱাৰ মান উন্নত কৰাত প্ৰ্যুক্তিৰ ব্যৱহাৰে যথেষ্ট অৱদান আগবঢ়াইছে ৷ বিভিন্ন ধৰণৰ যন্ত্ৰ-পাতি যেনে - এক্স-ৰে, আল্ট্ৰা চাউণ্ড, চি.টি.স্কেন, এম.আৰ.আই, আদিৰ সহায়ত এতিয়া যিকোনো দুৰাৰোগ্য ৰোগৰ চিনাক্তকৰণ সম্ভৱ হৈছে ৷ প্ৰযুক্তিৰ ব্যৱহাৰে ৰোগীৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তন আনিছে ৷ উন্নত ঔষধৰ  আৱিস্কাৰে ৰোগ নিৰাময়ত যথেষ্ট সহায় কৰিছে ৷ তদুপৰি ৰুগ্ন অংগ সংস্থাপন কৰাও সম্ভৱ হৈছে ৷ 
(চ) শিক্ষাঃ আজিকালি ৰেডিণ্ড', টেলিভিছন আদিৰ জৰিয়তে শিক্ষা সম্বন্ধীয় বহুতো কাৰ্যক্ৰম প্ৰচাৰ কৰা হয় ৷ টে'প ৰেকৰ্ডাৰ, ৰেডিঅ, টেলিভিছন আদি শিক্ষা প্ৰচাৰৰ একো একোটা মাধ্যম ৷ কম্পিউটাৰ, প্ৰজেক্টাৰ আদি ব্যৱহাৰৰ দ্বাৰা শিক্ষা ব্যৱস্থালৈ পৰিৱৰ্তন আহিছে ৷ ইণ্টাৰনেট আৰু দূৰৱৰ্তী শিক্ষা ব্যৱস্থাৰ জৰিয়তে এতিয়া নিজৰ ঠাইতে থাকি আঁতৰৰ শিক্ষা অনুষ্ঠানৰ শিক্ষা লাভ কৰিব পৰা হৈছে ৷ 

৩) প্ৰযুক্তি অবিহনে আমাৰ জীৱন-ধাৰণ প্ৰণালী কেনেকুৱা হ'লহেতেন বৰ্ণনা কৰা ৷ 

উত্তৰঃ প্ৰযুক্তি অবিহনে আমাৰ জীৱন-ধাৰণ প্ৰণালী বহুত লেহেম হ'লহেতেন ৷ আমি খৰতকীয়াকৈ কৰা কামসমূহ লেহেম হ'লহেতেন ৷ প্ৰযুক্তিৰ অবিহনে আমি কাম-কাজসমূহ বহুত কষ্টত সম্পাদন কৰিবলগা হ'লহেতেন ৷ প্ৰযুক্তিৰ জৰিয়তে আমি এটাইৰ পৰা আন ঠাইলে অতি সহজে অতি কম সময়ত যাব পাৰো ,যি প্ৰযুক্তিৰ অবিহনে সম্ভৱ ন'হলেহেতেন ৷ দূৰ-দূৰণিৰ খবৰসমূহ প্ৰযুক্তিৰ জৰিয়তে অতি কম সময়ত আমি লাভ কৰিছোঁ , যি প্ৰযুক্তিৰ অবিহনে সম্ভৱ ন'হলেহেতেন ৷ 

৪) 'নদীৰ পানী প্ৰকৃতিৰ দান ৷' এনেদৰে আৰু কি কি প্ৰকৃতিৰ দান আছে ? সেইবোৰক আমি কি কামত ব্যৱহাৰ কৰোঁ ? ব্যাখ্যা কৰা ৷ 

উত্তৰঃ 'নদীৰ পানী প্ৰকৃতিৰ দান ৷' এনেদৰে আৰু বহুতো প্ৰকৃতিৰ দান আছে, সেইবোৰ হ'ল - 

(ক) পাহাৰঃ পাহাৰে প্ৰকৃতিৰ সৌন্দৰ্য বাহাল কৰি ৰাখে ৷ পাহাৰৰ পৰা আমি খৰি, কাঠ , বনৰীয়া শাক-বন আদি পাওঁ ৷ পাহাৰৰ পৰা আমি খনিজ সম্পদসমূহেও আহৰণ কৰো যেনেঃ কয়লা , চূণশিল ইত্যাদি ৷ 
(খ) জান-জুৰিঃ জান-জুৰিৰ পৰা আমি নিয়মিতভাৱে পানী আহৰণ কৰোঁ লগতে মাছ কাছও আমি ধৰো ৷ 

৫) খালী ঠাই পূৰ কৰা - 

(ক) মানুহৰ _______ কোনো _____ নাই ৷ 

(খ) জীৱন-ধাৰণাৰ মান _____কৰিবলৈ বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক _______ ৷

(গ) মানৱ সভ্যতা হ'ল ______আৰু _______ সমন্বয়ৰ ফল ৷ 

(ঘ) প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক _____ আৰু _____ কৰি তুলিছে ৷ 

(ঙ) গোবৰৰ পৰা ______ আৰু সূৰ্য্যৰ ৰশ্মিৰ পৰা ______ প্ৰস্তুত কৰা হয় ৷ 

উত্তৰঃ 

(ক) মানুহৰ অভাৱৰ কোনো সীমা নাই ৷ 

(খ) জীৱন-ধাৰণাৰ মান উন্নত কৰিবলৈ বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক হাবিয়াস

(গ) মানৱ সভ্যতা হ'ল প্ৰকৃতি আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ফল ৷ 

(ঘ) প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক খৰতকীয়া আৰু আৰামদায়ক কৰি তুলিছে ৷ 

(ঙ) গোবৰৰ পৰা গোবৰ গেছ আৰু সূৰ্য্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি প্ৰস্তুত কৰা হয় ৷ 

৬) অশুদ্ধ শব্দটো কাটি বাক্যটো শুদ্ধকৈ লিখা - 

(ক) অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত/সীমাহীন ৷

(খ) দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় লাগে/নালাগে ৷

(গ) প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱনত অহৰ্নিশে সহায়/অসুবিধা কৰি আছে ৷ 

(ঘ) প্ৰযুক্তিৰ সহায় নোলোৱাকৈ/ লৈ মানুহে সূৰ্য্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে ৷ 
(ঙ) পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকী/অচিনাকী ৷ 

উত্তৰঃ 

(ক) অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত ৷

(খ) দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় নালাগে ৷

(গ) প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱনত অহৰ্নিশে সহায় কৰি আছে ৷ 

(ঘ) প্ৰযুক্তিৰ সহায়  লৈ মানুহে সূৰ্য্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে ৷ 
(ঙ) পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকী ৷

















                   

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)