ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

কৃষি, উদ্যেগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ - সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ ২০ -Impact of technology in agriculture, entrepreneurship and services sectors t - Social Science- Class 6- Chapter -20

Admin
0
অনুশীলনীঃ 

১) প্ৰযুক্তিৰ  ব্যৱহাৰে মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে নিজৰ ভাষাত লিখা ৷

উত্তৰঃ প্ৰযুক্তিৰ  ব্যৱহাৰে মানুহৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে সেয়া  কৃষি খণ্ডত, উদ্যােগ খণ্ডত বা সেৱা খণ্ডতে বা আন খণ্ডবিলাকত হওক ৷ অতীজত মানুহে নিজ নিজ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰি নিজৰ উপাৰ্ঝনৰ পথ মোকলাই লৈছিল ৷ কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে মানুহৰ শ্ৰম বহু পাৰিমাণে লাঘৱ হোৱা পৰিলক্ষিত হৈছে ৷ তলত কোনটো খণ্ডত কেনে প্ৰভাৱ পৰিছে তলত আলোচনা কৰা হ'ল - 
(ক) কৃষি খণ্ডতঃ কৃষক সকলে নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে অধিক মাটি চহাব পৰা হৈছে ৷ জলসিঞ্চন  ব্যৱস্থাৰ ফলত বছৰৰ সকলো সময়তে সকলো ধৰণৰ খেতিৰ বাবে পানীৰ যোগান ব্যৱস্থা হৈছে ৷ উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয় ৷ বন নিৰোৱা, শস্য কটা আৰু মৰণা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট বহু পৰিমাণে লাঘৱ হৈছে ৷ 
(খ) উদ্যােগ খণ্ডতঃ যিবিলাক বস্তু আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাবে লাভ কৰিব নোৱাৰোঁ সেইবিলাক সামগ্ৰী আমি উদ্যােগৰ জৰিয়তে পাওঁ ৷ প্ৰকৃতিৰ পৰা পোৱা কেঁচা সামগ্ৰীসমূহ কাৰখানা বা উদ্যােগত কাৰিকৰি কৌশল আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি আমাৰ উপভোগ্য সামগ্ৰীলৈ ৰুপান্তৰ কৰা হয় ৷ উদাহৰণস্বৰূপে কুঁহিয়াৰৰ ৰসৰ পৰা চেনি প্ৰস্তুত কৰা হয় ৷ আমি ব্যৱহাৰ কৰা কাগজসমূহ বাঁহ গছৰ পৰা তৈয়াৰ কৰা হয়  ৷ আমাৰ দেশত বিভিন্ন ধৰণৰ উদ্যোগ আৰু কল-কাৰখান আছে ৷ যেনে - চাহ উদ্যোগ , তেল উদ্যোগ, লো-তীখা উদ্যোগ  ইত্যাদি ৷ প্ৰযুক্তিৰ সহায়ত উদ্যােগসমূহত কম খৰচতে অধিক উৎপাদন হোৱাৰ লগতে উৎপাদিত সামগ্ৰীসমূহ কৌশলযুক্ত আৰু উন্নত মানৰ হয় ৷ 
(গ) যোগাযোগ আৰু প্ৰযুক্তিঃ ম'বাইল ফোন, টেলিভিছন, কম্পিউটাৰ, ইণ্টাৰনেট আদি ব্যৱস্থাৰ সহায়ত মানুহে ঘৰতে বহি দেশ-বিদেশৰ বাতৰি গ্ৰহণ, প্ৰেৰণ আৰু সংৰক্ষণ কৰিব পৰা হৈছে ৷ ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য-পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি ৷ ই-মেইলৰ জৰিয়তে নিমিষতে পৃথিৱীৰ যিকোনো ঠাইলে যিকোনো খবৰ, তথ্য, স্থিৰ ছবি বা ভিডিঅ' ছবি প্ৰেৰণ কৰিব পাৰি ৷ 
(ঘ) যাতায়ত আৰু প্ৰযুক্তিঃ চকাৰ আৱিস্কাৰৰ পিছৰে পৰা মানুহে বিভিন্ন ধৰণৰ যান-বাহন প্ৰস্তুত কৰি ল'ব পৰা হ'ল ৷ যেনে চাইকেল, ৰিক্সা, মটৰ গাড়ী, ৰে'লগাড়ী আদচি ৷ এৰোপ্লেন, বিদ্যুৎ চালিত ৰে'ল, মেট্ৰ' ৰে'ল আদিৰ সহায়ত নিমিষতে বহু যোজন বাট অতিক্ৰম কৰাটো সম্ভৱ হৈছে ৷ ডাঙৰ ডাঙৰ জাহাজৰ সহায়ত নদী, সাগৰ, মহাসাগৰ আদিৰ জলপথেৰে বহু হাজাৰ টন গধুৰ মালবস্তু পৰিৱহন কৰিব পাৰি ৷ 
(ঙ) চিকিৎসা আৰু প্ৰযুক্তিঃ চিকিৎসা সেৱাৰ মান উন্নত কৰাত প্ৰ্যুক্তিৰ ব্যৱহাৰে যথেষ্ট অৱদান আগবঢ়াইছে ৷ বিভিন্ন ধৰণৰ যন্ত্ৰ-পাতি যেনে - এক্স-ৰে, আল্ট্ৰা চাউণ্ড, চি.টি.স্কেন, এম.আৰ.আই, আদিৰ সহায়ত এতিয়া যিকোনো দুৰাৰোগ্য ৰোগৰ চিনাক্তকৰণ সম্ভৱ হৈছে ৷ প্ৰযুক্তিৰ ব্যৱহাৰে ৰোগীৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তন আনিছে ৷ উন্নত ঔষধৰ  আৱিস্কাৰে ৰোগ নিৰাময়ত যথেষ্ট সহায় কৰিছে ৷ তদুপৰি ৰুগ্ন অংগ সংস্থাপন কৰাও সম্ভৱ হৈছে ৷ 
(চ) শিক্ষাঃ আজিকালি ৰেডিণ্ড', টেলিভিছন আদিৰ জৰিয়তে শিক্ষা সম্বন্ধীয় বহুতো কাৰ্যক্ৰম প্ৰচাৰ কৰা হয় ৷ টে'প ৰেকৰ্ডাৰ, ৰেডিঅ, টেলিভিছন আদি শিক্ষা প্ৰচাৰৰ একো একোটা মাধ্যম ৷ কম্পিউটাৰ, প্ৰজেক্টাৰ আদি ব্যৱহাৰৰ দ্বাৰা শিক্ষা ব্যৱস্থালৈ পৰিৱৰ্তন আহিছে ৷ ইণ্টাৰনেট আৰু দূৰৱৰ্তী শিক্ষা ব্যৱস্থাৰ জৰিয়তে এতিয়া নিজৰ ঠাইতে থাকি আঁতৰৰ শিক্ষা অনুষ্ঠানৰ শিক্ষা লাভ কৰিব পৰা হৈছে ৷ 

২) কৃষি আৰু উদ্যোগ খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কি কি পৰিৱৰ্তন আহিছে ? 

উত্তৰঃ   কৃষক সকলে নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে অধিক মাটি চহাব পৰা হৈছে ৷ জলসিঞ্চন  ব্যৱস্থাৰ ফলত বছৰৰ সকলো সময়তে সকলো ধৰণৰ খেতিৰ বাবে পানীৰ যোগান ব্যৱস্থা হৈছে ৷ উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয় ৷ বন নিৰোৱা, শস্য কটা আৰু মৰণা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট বহু পৰিমাণে লাঘৱ হৈছে ৷ পোক-পতংগৰ আক্ৰমণৰ পৰা শস্যক ৰক্ষা কৰিবলৈ নানাধৰণৰ কীটনাশক দ্ৰব্য আজিকালি দ্ৰব্য ব্যৱহাৰ কৰা হয় ৷ এই আটাইবিলাক ব্যৱস্থা আৰু সুবিধা আমি প্ৰযুক্তি কৌশল প্ৰয়োগ কৰিহে লাভ কৰিবলৈ সক্ষম হৈছোঁহক ৷ 
            যিবিলাক বস্তু আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাবে লাভ কৰিব নোৱাৰোঁ সেইবিলাক সামগ্ৰী আমি উদ্যােগৰ জৰিয়তে পাওঁ ৷ প্ৰকৃতিৰ পৰা পোৱা কেঁচা সামগ্ৰীসমূহ কাৰখানা বা উদ্যােগত কাৰিকৰি কৌশল আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি আমাৰ উপভোগ্য সামগ্ৰীলৈ ৰুপান্তৰ কৰা হয় ৷ উদাহৰণস্বৰূপে কুঁহিয়াৰৰ ৰসৰ পৰা চেনি প্ৰস্তুত কৰা হয় ৷ আমি ব্যৱহাৰ কৰা কাগজসমূহ বাঁহ গছৰ পৰা তৈয়াৰ কৰা হয়  ৷ আমাৰ দেশত বিভিন্ন ধৰণৰ উদ্যোগ আৰু কল-কাৰখান আছে ৷ যেনে - চাহ উদ্যোগ , তেল উদ্যোগ, লো-তীখা উদ্যোগ  ইত্যাদি ৷ প্ৰযুক্তিৰ সহায়ত উদ্যােগসমূহত কম খৰচতে অধিক উৎপাদন হোৱাৰ লগতে উৎপাদিত সামগ্ৰীসমূহ কৌশলযুক্ত আৰু উন্নত মানৰ হয় ৷ 

৩) কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালিৰ কৃষকে কি কি ব্যৱস্থা গ্ৰহণ কৰে ?

উত্তৰঃ  কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালিৰ কৃষকে তলত উল্লেখ কৰা  ব্যৱস্থাসমূহ গ্ৰহণ কৰে - 

(ক) উন্নত মানৰ বীজ ব্যৱহাৰ কৰে ৷ 

(খ) ৰাসায়নিক সাৰ প্ৰয়োগ কৰে ৷ 

(গ)  পোক-পতংগৰ আক্ৰমণৰ পৰা শস্যক ৰক্ষা কৰিবলৈ নানাধৰণৰ কীটনাশক দ্ৰব্য আজিকালি  ব্যৱহাৰ কৰা হয় ৷

(ঘ) আধুনিক যন্ত্ৰৰে জলসিঞ্চনৰ ব্যৱস্থা কৰা হয় ৷ 

৪) তুমি জনা অসমৰ কেইটামান উদ্যোগৰ নাম লিখা ৷

উত্তৰঃ চাহ উদ্যোগ , তেল উদ্যোগ, জলবিদ্যুৎ কেন্দ্ৰ , প্লাইউড উদ্যোগ ইত্যাদি ৷ 

৫) ইণ্টাৰনেট সেৱাৰ জৰিয়তে কেনেদৰে লাভৱান হ'ব পাৰি লিখা ৷ 

উত্তৰঃ ইণ্টাৰনেটৰ জৰিয়তে আজি আমি বহুত সুবিধা গ্ৰহণ কৰি আছোঁ ৷ ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য-পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি ৷ ই-মেইলৰ জৰিয়তে নিমিষতে পৃথিৱীৰ যিকোনো ঠাইলে যিকোনো খবৰ, তথ্য, স্থিৰ ছবি বা ভিডিঅ' ছবি প্ৰেৰণ কৰিব পাৰি ৷ 

৬) চিকিৎসা সেৱাত ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম উল্লেখ কৰা ৷ সেইবোৰৰ সহায়ত কি কৰা হয় ? শিক্ষকৰ সহায়ত জানি লোৱা ৷ 

উত্তৰঃ চিকিৎসা সেৱাত ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম হ'ল - এক্স-ৰে , আল্ট্ৰা চাওণ্ড, চি.টি .স্কেন ৷

এক্স-ৰেঃ শৰীৰৰ ভিতৰৰ যিকোনো অংগৰ বিসংগতি জানিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ৷ 

আল্ট্ৰা চাওণ্ডঃ যি শৰীৰৰ ভিতৰৰ অংশৰ প্ৰতিচ্ছবি সৃষ্টি কৰিবলৈ উচ্চ-কম্পনাঙ্কৰ শব্দ তৰংগ ব্যৱহাৰ কৰে। গৰ্ভজাত কেঁচুৱা এটা নিৰীক্ষণ কৰিবলৈ, স্থিতি নিৰ্ণয় কৰিবলৈ, বা কিছুমান প্ৰক্ৰিয়াৰ সময়ত শল্য চিকিৎসকক নিৰ্দেশনা দিবলৈ আল্ট্ৰাচাউণ্ড স্কেন ব্যৱহাৰ কৰিব পাৰি ৷ 

চি.টি .স্কেনঃ চিটি স্কেন হ’ল কম্পিউটাৰৰ দ্বাৰা ৰঞ্জন ৰশ্মিৰ সহায়ত  গৃহীত চিত্ৰ সংৰক্ষিত কৰি ত্ৰিমাত্ৰিক বা প্ৰস্থছেদ চিত্ৰ বনোৱাৰ ব্যৱস্থা কৰা হয় ৷ 

৭) প্ৰযুক্তিয়ে যাতায়ত ব্যৱস্থালৈ অনা পৰিৱৰ্তনসমূহ আলোচনা কৰা ৷ 

উত্তৰঃ চকাৰ আৱিস্কাৰৰ পিছৰে পৰা মানুহে বিভিন্ন ধৰণৰ যান-বাহন প্ৰস্তুত কৰি ল'ব পৰা হ'ল ৷ যেনে চাইকেল, ৰিক্সা, মটৰ গাড়ী, ৰে'লগাড়ী আদচি ৷ এৰোপ্লেন, বিদ্যুৎ চালিত ৰে'ল, মেট্ৰ' ৰে'ল আদিৰ সহায়ত নিমিষতে বহু যোজন বাট অতিক্ৰম কৰাটো সম্ভৱ হৈছে ৷ ডাঙৰ ডাঙৰ জাহাজৰ সহায়ত নদী, সাগৰ, মহাসাগৰ আদিৰ জলপথেৰে বহু হাজাৰ টন গধুৰ মালবস্তু পৰিৱহন কৰিব পাৰি ৷ 

৮) কম্পিউটাৰ আৰু প্ৰজেক্টৰে শিক্ষা প্ৰসাৰত কেনেদৰে সহায় কৰিছে শিক্ষকৰ সহায়ত আলোচনা কৰি লিখা ৷

উত্তৰঃ কম্পিউটাৰ আৰু প্ৰজেক্টৰে শিক্ষা প্ৰসাৰত কেনেদৰে সহায় কৰিছে তাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল - 
কম্পিউটাৰৰ জৰিয়তে আমি অনলাইন শিক্ষা গ্ৰহণ কৰিব পাৰো ৷ ইয়াৰ জৰিয়তে ইণ্টাৰনেটৰ সহায়েৰে আমি দূৰৱৰ্তী শিক্ষা ব্যৱস্থাৰ জৰিয়তে এতিয়া নিজৰ ঠাইত থাকি আঁতৰৰ শিক্ষা অনুষ্ঠানৰ শিক্ষা লাভ কৰিব পৰা হৈছে ৷ প্ৰজেক্টৰৰ সহায়ত ডাঙৰ ডাঙৰ চিত্ৰৰ আকাৰে আমি কণ কণ শিশুসকলক সহজতে সকলো বিষয়সমূহ বুজাব পৰা যায় আৰু প্ৰ'জেক্টৰৰ জৰিয়তে তেওঁলোক অতি সহজে বুজিও পায় ৷ অতি কম সময়তে বহুতখিনি বিষয় বুজাব পৰা যায় ৷ 

৯) খালী ঠাই পূৰ কৰা - 

(ক) উন্নত মানৰ _____ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিতে ____ ফচল উৎপাদন হয় ৷ 

(খ) বৰ্তমান সময়ত _____স্থাপন কৰি ফচলসমূহ বহুদিনলৈ ____ সংৰক্ষণ কৰিব পাৰি ৷ 

(গ) ইণ্টাৰনেটত সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য-পাতি সহজতে _____ আৰু _____ কৰিব পাৰি ৷ 

(ঘ) _______ ______ হ'ল পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশত স্থাপিত এটা যন্ত্ৰ ৷ 

উত্তৰঃ 

(ক) উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিতে অধিক ফচল উৎপাদন হয় ৷ 

(খ) বৰ্তমান সময়ত শীতল ভঁৰাল স্থাপন কৰি ফচলসমূহ বহুদিনলৈ সতেজভাবে সংৰক্ষণ কৰিব পাৰি ৷ 

(গ) ইণ্টাৰনেটত সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য-পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি ৷ 

(ঘ) কৃত্ৰিম  উপগ্ৰহ  হ'ল পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশত স্থাপিত এটা যন্ত্ৰ ৷ 











Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)