ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

স্থানীয় স্ৱায়ত্ত শাসন ব্যৱস্থা- সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ ২৪ -Local Autonomy System - Social Science- Class 6- Chapter -24

Admin
0
অনুশীলনীঃ

১৷ উত্তৰ দিয়া - 

(ক) গাওঁ  অঞ্চলৰ  স্থানীয় শাসন ব্যৱস্থা কেইটা  আৰু কি কি ? 

উত্তৰঃ গাওঁ  অঞ্চলৰ  স্থানীয় শাসন ব্যৱস্থা  দুটা  আৰু সেইবোৰ হ'ল - 

১/ গাঁও এলেকাত 

২/ নগৰ এলেকাত 

(খ) গাঁও  পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান ? 

উত্তৰঃ ১০ জ'ন ৷

(গ) কোন চনত অসমত তিনি  তৰপীয়  পঞ্চায়ত ব্যৱস্থাৰ সূচনা  হৈছে ? 

উত্তৰঃ ১৯৯৪ চনত ৷ 

(ঘ) আঞ্চলিক  পঞ্চায়তৰ কাৰ্যকাল  কেইবছৰ ? 

উত্তৰঃ পাঁচ বছৰ ৷ 

(ঙ) জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত ভাগ কৰা হয় ? 

উত্তৰঃ ৪০ হাজাৰ  জনসংখ্যাৰ ভিত্তিত ভাগ কৰা হয় ৷ 

২৷ শুদ্ধ  উত্তৰটো বাছি উলিওৱা - 

(ক) জিলা পৰিষদৰ কাৰ্যকাল   (২/৩/৫ ) বছৰ 

(খ) গাঁও  পঞ্চায়তত অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসন     আছে/নাই 

(গ) অসমত স্বায়ত্ব শাসিত জিলা  পৰিষদ  (২/৩/৪)  খন

(ঘ) আঞ্চলিক পঞ্চায়ত ( নগৰ সমিতি/ গাঁও পঞ্চায়ত/ জিলা পৰিষদৰ) সদস্যৰে গঠিত ৷

(ঙ) অসমত পৌৰ নিগম  ১/২/৩ খন আছে ৷ 

উত্তৰঃ 

(ক) জিলা পৰিষদৰ কাৰ্যকাল  ৫ বছৰ  ৷

(খ) গাঁও  পঞ্চায়তত অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসন আছে ৷

(গ) অসমত স্বায়ত্ব শাসিত জিলা  পৰিষদ  ২ খন ৷

(ঘ) আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত সদস্যৰে গঠিত ৷

(ঙ) অসমত পৌৰ নিগম  ১ খন আছে ৷ 

৩৷ খালী ঠাই পূৰ কৰা - 

(ক) বড়োলেণ্ড টেৰিটৰিয়েল  _______ এখন  স্বায়ত্ত  শাসিত পৰিষদ ৷ 

(খ) জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় ________ জনসংখ্যা থাকে ৷ 

(গ) বি.টি.চি. ______ খন জিলাক লৈ গঠন কৰা হৈছে ৷ 

উত্তৰঃ 

(ক) বড়োলেণ্ড টেৰিটৰিয়েল  কাইন্সিল এখন  স্বায়ত্ত  শাসিত পৰিষদ ৷ 

(খ) জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় ৪০ হাজাৰ জনসংখ্যা থাকে ৷ 

(গ) বি.টি.চি. খন জিলাক লৈ গঠন কৰা হৈছে ৷ 

৪৷ (ক) স্বায়ত্ত শাসিত জিলা পৰিষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা ৷ 

উত্তৰঃ জিলা পৰিষদে গাঁও  পঞ্চায়ত  আৰু আঞ্চলিক পঞ্চায়তৰ কাম-কাজবোৰ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে ৷ গাওঁ পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তলৈ অনুদান আগবঢ়োৱা আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰে ৷ আশ্ৰম, ছাত্ৰাবাস, শিক্ষানুষ্ঠান, সমবায় সমিতি, সাস্কৃতিক বিকাশ কেন্দ্ৰ, হাট-বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে ৷ জলপথত নাও, ফেৰী আদিৰ ব্যৱস্থা কৰে ৷ এই সকলোবোৰ উদ্দেশ্যৰ বাবে স্বায়িত্ব শাসিত জিলা পৰিষদ গঠন কৰে ৷ 

(খ) ভৈয়ামৰ  যিকোনো দুখন স্বায়ত্ত শাসিত পৰিষদৰ নাম লিখা ৷ 

উত্তৰঃ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ আৰু উত্তৰ কাছাৰ( ডিমা হাছাও) স্বায়ত্ব শাসিত পৰিষদ ৷ 

৫৷ জিলা পৰিষদৰ কাৰ্যাৱলী লিখা ৷ 

উত্তৰঃ (ক) জিলা পৰিষদে গাঁও  পঞ্চায়ত  আৰু আঞ্চলিক পঞ্চায়তৰ কাম-কাজবোৰ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে ৷ 

(খ) গাওঁ পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তলৈ অনুদান আগবঢ়োৱা আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰে ৷
(গ) আশ্ৰম, ছাত্ৰাবাস, শিক্ষানুষ্ঠান, সমবায় সমিতি, সাস্কৃতিক বিকাশ কেন্দ্ৰ, হাট-বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে ৷ 

(ঘ) জলপথত নাও, ফেৰী আদিৰ ব্যৱস্থা কৰে ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)