ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ- সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ ২৩ -Central and State Governments - Social Science- Class 6- Chapter -23

Admin
0
অনুশীলনীঃ 

১/ উত্তৰ লিখা - 

(ক) কেন্দ্ৰীয় চৰকাৰৰ ভাগ কেইটা আৰু কি কি ? 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ ভাগ তিনিটা আৰু সেইবোৰ হ'ল - 

১/ বিধানমণ্ডল 

২/ কাৰ্যপালিকা 

৩/ ন্যায়পালিকা 

(খ) লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম কি  ? 

উত্তৰঃ লোকসভা - নিম্নসদন ৷ ৰাজ্যসভা- উচ্চসদন 

(গ) লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান ? 

উত্তৰঃ লোকসভা - ৫৫০ জন , ৰাজ্যসভা - ২৫০ জন ৷ 

(ঘ) প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিয়োগ কৰে ? 

উত্তৰঃ প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে ৷

(ঙ) কেন্দ্ৰীয়  মন্ত্ৰীসকলৰ  দপ্তৰসমূহ কোনে বিতৰণ কৰে ? 

উত্তৰঃ প্ৰধানমন্ত্ৰীয়ে ৷

(চ) ন্যায়পালিকাই কি কৰে ? 

উত্তৰঃ ন্যায়পালিকাই ন্যায় আৰু অন্যায় বিচাৰ কৰে ৷ ন্যায়পালিকাই দেশৰ জনসাধাৰণক স্বাধীনভাৱে জীয়াই থকাত সহায় কৰে ৷ 

(ছ) ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি ? 

উত্তৰঃ ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ তিনিটা আৰু সেইবোৰ হ'ল - 

১/ বিধানমণ্ডল 

২/ কাৰ্যপালিকা 

৩/ ন্যায়পালিকা 

(জ) বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয় ? 

উত্তৰঃ বিধায়ক ৷ 

(ঝ) ৰাজ্যৰ মুৰব্বীজন কোন ? 

উত্তৰঃ ৰাষ্ট্ৰপতি ৷ 

(ঞ) মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিসদক কোনে নিযুক্তি দিয়ে ? 

উত্তৰঃ ৰাজ্যপালে ৷ 

(ট) অসমৰ উচ্চ ন্যায়লয় ক'ত অৱস্থিত ?

উত্তৰঃ গুৱাহাটীত ৷ 

২৷ খালী ঠাই পূৰ কৰা  - 

(ক) বিধানমণ্ডলে ____ প্ৰস্তুত কৰে ৷ 

(খ) কাৰ্যপালিকাই আইনসমূহ ____ কৰে ৷ 

(গ) ন্যায়পালিকাই _____ বিচাৰ কৰে ৷ 

উত্তৰঃ 

(ক) বিধানমণ্ডলে আইন প্ৰস্তুত কৰে ৷ 

(খ) কাৰ্যপালিকাই আইনসমূহ কাৰ্যকৰী কৰে ৷ 

(গ) ন্যায়পালিকাই ন্যায়-অন্যায় বিচাৰ কৰে ৷ 

৩৷শুদ্ধ উত্তৰটো বাচি উলিওৱা - 

(ক) অসমৰ বিধানসভাৰ সমষ্টি      ১১৬/১২৬/১৩৬ টা

(খ) বৰ্তমান ভাৰতত ৰাজ্য        ২৫/২৩/ ২৮ খন আছে ৷ 

(গ) বিধানসভাৰ কাৰ্যকাল   ৪/৫/৬ বছৰ 

(ঘ) ৰাজ্যত মূখ্য ন্যায়ধীশ থাকে    ১/২/৬ জন 

উত্তৰঃ 

(ক) অসমৰ বিধানসভাৰ সমষ্টি ১২৬ টা ৷

(খ) বৰ্তমান ভাৰতত ৰাজ্য ২৮ খন আছে ৷ 

(গ) বিধানসভাৰ কাৰ্যকাল  ৫ বছৰ 

(ঘ) ৰাজ্যত মূখ্য ন্যায়ধীশ থাকে    ১ জন  ৷












Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)