ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ- সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ ২২ -Democracy and its principles - Social Science- Class 6- Chapter -22

Admin
0
অনুশীলনীঃ

১৷ চমু উত্তৰ লিখা - 

(ক) গণতন্ত্ৰৰ  এটা নীতিৰ নাম লিখা ৷

উত্তৰঃ স্বাধীনতাৰ অধিকাৰ ৷ 

(খ) যুগলহঁতে পূজাৰ বন্ধত কি ক্লাব খুলিলে ?

উত্তৰঃ ক্ৰিকেট ক্লাব ৷ 

২৷ উত্তৰ দিয়া - 

(ক) গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি ? 

উত্তৰঃ গণতন্ত্ৰত নিজৰ মনৰ ভাব মুক্তমনেৰে প্ৰকাশ কৰিব পাৰোঁ ৷ নিজৰ মনৰ ইচ্ছা অনুসৰি এঠাইৰ পৰা অন ঠাইলৈ যাব পাৰোঁ ৷ গণতন্ত্ৰত স্বাধীনতাৰ অধিকাৰ থাকে লগতে চৰকাৰ গঠনত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে ৷ এক কথাত ক'বলৈ গ'লে এজন নাগৰিকে মুক্ত জীৱন-যাপন কৰিবলৈ সুবিধা পায় ৷ সেইবাবে গণতন্ত্ৰ জনপ্ৰিয় ৷ 

(খ) নাগৰিকৰ অধিকাৰ কেইটা আৰু কি কি ? 

উত্তৰঃ নাগৰিকৰ অধিকাৰ ৭ টা আৰু সেইবোৰ হ'ল - 

১/ সমতাৰ অধিকাৰ 

২/ স্বাধীনতাৰ অধিকাৰ 

৩/ শোষণৰ অধিকাৰ 

৪/ প্ৰাথমিক শিক্ষাৰ অধিকাৰ 

৫/ ধৰ্মীয় অধিকাৰ 

৬/ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ 

৭/ সাংবিধানিক অধিকাৰ 

(গ) তুমি দেশৰ কাৰণে কৰিব পৰা দুটা কৰ্তব্যৰ বিষয়ে উল্লেখ কৰা ৷

উত্তৰঃ (১) দেশক ৰক্ষা কৰা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা  (২) ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কাম পৰিহাৰ কৰা ৷ 

(ঘ) প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তোমালোকে কি কি কাম কৰিবা উল্লেখ কৰা ৷ 

উত্তৰঃ (১) গছ-গছনি ৰোপণ কৰিম (২) ওচৰলৈ ফুৰিব গ'লে গাড়ীৰ সলনি চাইকেল ব্যৱহাৰ কৰিম (৩) গছ-গছনি কটাটো কম কৰিম (৪) আনকো গছ-গছনি ৰুবলৈ উৎসাহিত কৰিম ৷ 

৩৷ খালী ঠাই পূৰ কৰা - 

(ক) আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন _____ মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ ৷

(খ) শিশুৰ প্ৰাতমিক শিক্ষাৰ আইনখন _____ চনত কাৰ্যকৰী কৰা হয় ৷ 

(গ) ভাৰতবৰ্ষ এখন ______ দেশ ৷ 

উত্তৰঃ 

(ক) আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ৰাজ্যত মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ ৷

(খ) শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন ২০১০ চনত কাৰ্যকৰী কৰা হয় ৷ 

(গ) ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ ৷ 


৪৷ হেক্টৰৰ কাহিনীটো পঢ়ি কৃষ্ণাংগ শ্ৰেণীয়ে কি কি অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল লিখা ৷

উত্তৰঃ (১) শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল ৷ (২) ভোট দিয়াৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল (৩) যাতায়তৰ পৰাও বঞ্চিত হৈছিল ৷ (৪) মুক্তভাৱে মিলা-মিছা কৰিব নোৱাৰিছিল ৷ (৫) ভাষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল ৷  

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)