ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ- সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ ২১ -Ideas of the Government and different types of Governments - Social Science- Class 6- Chapter -21

Admin
0

 অনুশীলনীঃ 

১) উত্তৰ লিখা -

(ক) চৰকাৰ বুলিলে কি বুজা ?

উত্তৰঃ মানুহ সমাজপ্ৰিয় প্ৰাণী ৷ অতি প্ৰাচীন কালৰ পৰাই মানুহে সমাজ পাতি বাস কৰি আহিছে ৷ সময়ৰ লগে লগে জনসংখ্যা বাঢ়ি যোৱাত শান্তিপূৰ্ণভাৱে সমাজত বাস কৰাৰ বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৃষ্টি হৈছে ৷ তেনেকুৱা এটি অনুষ্ঠান হ'ল চৰকাৰ ৷ চৰকাৰ হ'ল দেশৰ আটাইতকৈ ক্ষমতাশালী অনুষ্ঠান ৷                          

(খ) তোমাৰ দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে তিনিটা বাক্য লিখা ৷

উত্তৰঃ (১) দেশৰ জনসাধাৰণৰ ভৰণ-পোষণ, শিক্ষা, স্বাস্থ্য, যাতায়ত, যোগাযোগ, নিৰাপত্তা আদি সকলো কাম চৰকাৰে কৰে (২) জনসাধাৰণৰ বাবে সুলভ মূল্যৰ সামগ্ৰী যোগান, বিদ্যুৎ যোগান, নিবনুৱা সমস্যা সমাধান, বানপানী প্ৰতিৰোধ আদি কাম চৰকাৰে কৰে ৷ (৩) দেশৰ সীমা নিৰাধাৰণ,প্ৰতিবেশী দেশৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক আদি কাম চৰকাৰেই কৰে ৷ 

(গ) আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে ? আমাৰ গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট্য লিখা ৷

উত্তৰঃ আমাৰ দেশত গণতন্ত্ৰীয় ধৰণৰ চৰকাৰে শাসন কৰে ৷ আমাৰ গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট্য হ'ল - 

১/ গণতন্ত্ৰীয় চৰকাৰ সদায় জনসাধাৰণৰদ্বাৰা গঠন হয় ৷ 

২/  গণতন্ত্ৰৰ দৃষ্টিত সকলো মানুহ সমান ৷ সেয়েহ এই ব্যৱস্থাত জাতি, বৰ্ণ, ধৰ্ম, ভাষা, লিংগ নিৰ্বিশেষে সকলোকে সাঙুৰি লয় ৷

৩/ নিৰ্বাচন গণতন্ত্ৰৰ এক অপৰিহাৰ্য অংগ ৷   

(ঘ) ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা একোখনকৈ দেশৰ নাম লিখা ৷

উত্তৰঃ ৰাজতন্ত্ৰ - ভূটান, ইংলেণ্ড  আৰু সমাজতন্ত্ৰ - চীন, কিউবা 

২) চমু উত্তৰ লিখা -

(ক) কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে ?

উত্তৰঃ ১৮ বছৰ বয়সত ৷ 

(খ) একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে ?

উত্তৰঃ নোৱাৰে ৷ 

৩) পাৰ্থক্য লিখা -

(ক) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ 

(খ) একনায়কত্ববাদ আৰু সমাজতন্ত্ৰ 

উত্তৰঃ 

(ক) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ ঃ

১/ গণতন্ত্ৰত জনসাধাৰণেই সৰ্বেসৰ্বা , আনহাতে ৰাজতন্ত্ৰত ৰজাই সৰ্বেসৰ্বা ৷

২/ গণতন্ত্ৰত জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধিক নিৰ্বাচন কৰে, আনহাতে ৰাজতন্ত্ৰত ৰজাৰ পুত্ৰ বা কন্যাই উত্তৰাধিকাৰী হিচাপে ৰাজপাটত বহে ৷ 

(খ) একনায়কত্ববাদ আৰু সমাজতন্ত্ৰঃ

১/ একনায়কত্ববাদত এজন ব্যক্তিৰ শাসনত গুৰুত্ব থাকে,আনহাতে সমাজতন্ত্ৰত ব্যক্তিৰ স্বাৰ্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় ৷ 

২/ একনায়কত্ববাদত চৰকাৰে কঠোৰ নীতি-নিয়মৰ অৱলম্বন কৰে , আনহাতে সমাজতন্ত্ৰত চৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ মাজত অৰ্তনৈতিক সমতাৰ যোগেদি সমাজত ন্যায় স্থাপন কৰিব বিচাৰে ৷ 

৪) শুদ্ধ-অশুদ্ধ বাছি উলিওৱা -

(ক) চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে ৷

(খ) আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে ৷

(গ) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য নাই ৷

(ঘ) গণতন্ত্ৰত জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷

(ঙ) গণতন্ত্ৰত পুৰুষ-মহিলাৰ ভোটৰ মূল্য সমান ৷

উত্তৰঃ 

(ক) অশুদ্ধ 

(খ) শুদ্ধ

(গ) অশুদ্ধ 

(ঘ) শুদ্ধ

(ঙ) শুদ্ধ

৫) নিম্নলিখিত সিদ্ধান্তসমূহ চৰকাৰৰ কোনটো পৰ্যায়ত পৰে সঠিক বাকচত (✔) চিন দিয়া -

(ক) অসম চৰকাৰে কৃষকসকলৰ বাবে বিনামূলীয়া বীজ আৰ সাৰ যোগানৰ ব্যৱস্থা কৰিছে ৷

কেন্দ্ৰীয় ☐ ৰাজ্যিক ☐ 

(খ) কেন্দ্ৰীয় চৰকাৰৰ ৰে'ল মন্ত্ৰালয়ে তিনিচুকীয়া আৰু দিল্লীৰ মাজত নতুনকৈ ৰে'লগাড়ি সংযোগৰ ব্যৱস্থা কৰিছে ৷ কেন্দ্ৰীয় ☐ ৰাজ্যিক ☐ 

(গ) ভাৰত চৰকাৰে পাকিস্তান চৰকাৰৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক ৰখাৰ চেষ্টা চলাই আছে ৷ কেন্দ্ৰীয় ☐ ৰাজ্যিক ☐ 

(ঘ) ধেমাজি জিলাত এখন শিশু উদ্যান স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷কেন্দ্ৰীয় ☐ ৰাজ্যিক ☐ 

(ঙ) কেন্দ্ৰীয় চৰকাৰে নতুনকৈ এহাজাৰ টকীয়া নোটৰ প্ৰচলন কৰিছে ৷ কেন্দ্ৰীয় ☐ ৰাজ্যিক ☐ 

উত্তৰঃ 

(ক) অসম চৰকাৰে কৃষকসকলৰ বাবে বিনামূলীয়া বীজ আৰ সাৰ যোগানৰ ব্যৱস্থা কৰিছে ৷

কেন্দ্ৰীয় ☐ ৰাজ্যিক 

(খ) কেন্দ্ৰীয় চৰকাৰৰ ৰে'ল মন্ত্ৰালয়ে তিনিচুকীয়া আৰু দিল্লীৰ মাজত নতুনকৈ ৰে'লগাড়ি সংযোগৰ ব্যৱস্থা কৰিছে ৷ কেন্দ্ৰীয়  ৰাজ্যিক ☐ 

(গ) ভাৰত চৰকাৰে পাকিস্তান চৰকাৰৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক ৰখাৰ চেষ্টা চলাই আছে ৷ কেন্দ্ৰীয়  ৰাজ্যিক ☐ 

(ঘ) ধেমাজি জিলাত এখন শিশু উদ্যান স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷কেন্দ্ৰীয় ☐ ৰাজ্যিক  

(ঙ) কেন্দ্ৰীয় চৰকাৰে নতুনকৈ এহাজাৰ টকীয়া নোটৰ প্ৰচলন কৰিছে ৷ কেন্দ্ৰীয়  ৰাজ্যিক ☐ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)