ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

বৈদিক সভ্যতা - সমাজ বিজ্ঞান -ইতিহাস-বুৰঞ্জী- ষষ্ঠ শ্ৰেণী - পাঠ নং ১৩ -Vedic civilization - Social Science -History Part- Class VI - Lesson 13

Admin
0
অনুশীলনীঃ 

(১) উত্তৰ লিখা - 

(ক) ভাৰতৰ কোন দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল ? 

উত্তৰঃ উত্তৰ-পশ্চিম দিশৰ পৰা ৷ 

(খ) আৰ্যসকলৰ পূৰ্বপুৰুষসকল কোন অঞ্চলৰ অধিবাসী আছিল ? 

উত্তৰঃ মধ্য এছিয়াৰ কৃষ্ণা সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত থকা ভূ-ভাগৰ অধিবাসী আছিল ৷

(গ) সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজৰ দুটা প্ৰধান পাৰ্থক্য দেখুওৱা ৷

উত্তৰঃ (১) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে নদীৰ আশে-পাশে বাস কৰিছিল, আনহাতে বৈদিক সভ্যতাৰ মানুহে সিন্ধু উপত্যকাৰ গাঁওবোৰৰ আশে পাশে বাস কৰিছিল ৷ 
(২) 

(ঘ) চাৰিওখন বেদৰ ভিতৰত কোনখন প্ৰাচীনতম বেদ ? 

উত্তৰঃ ঋকবেদ ৷ 

(ঙ) আৰ্যসকল গংগা উপত্যকালৈ কিয় আগবাঢ়ি গৈছিল ? 

উত্তৰঃ  পশুপালন আৰু কৃষিৰ বাবে ৷ 

(চ) বৈদিক যুগৰ দুগৰাকী বিদূষী নাৰীৰ নাম লিখা ৷ 

উত্তৰঃ  ঘোষা  আৰু অপলা ৷

(ছ) আৰ্যসকল কোন ভাষিক গোষ্ঠীৰ মানুহ আছিল ? 

উত্তৰঃ ইন্দো-ইউৰোপীয়ান ভাষা ৷ 

(জ) আৰ্যসকলে কিহক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল ? 

উত্তৰঃ  গৰু ৷ 

(ঝ) আৰ্যসকলে  ভাৰতত কোনবিধ ঘৰচীয়া  জন্তুৰ প্ৰচলন কৰিছিল ? 

উত্তৰঃ  গৰু ৷ 

(২) শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা - 

(ক) বৈদিক যুগৰ আনুমানিক সময়সীমা খৃঃ পূঃ ১৫০০ ৰ পৰা খৃঃ পূঃ ১০০০ ৰ ভিতৰত পৰে ৷ 

(খ) ঋক্ বৈদিক যুগতে চাৰিওখন বেদ ৰচনা কৰা হৈছিল ৷ 

(গ) আৰ্যসকলৰ দিনত লোৰ প্ৰচলন আছিল ৷ 

(ঘ) সপ্তসিন্ধুৰ স্থানীয় লোকসকলক আৰ্যসকলে হেয় জ্ঞান কৰিছিল ৷ 

(ঙ) আৰ্যসকলৰ সময়ত সমাজত তিৰোতাৰ স্থান নিম্ন আছিল ৷ 

উত্তৰঃ 

(ক) বৈদিক যুগৰ আনুমানিক সময়সীমা খৃঃ পূঃ ১৫০০ ৰ পৰা খৃঃ পূঃ ১০০০ ৰ ভিতৰত পৰে ৷ - অশুদ্ধ

(খ) ঋক্ বৈদিক যুগতে চাৰিওখন বেদ ৰচনা কৰা হৈছিল ৷ - অশুদ্ধ

(গ) আৰ্যসকলৰ দিনত লোৰ প্ৰচলন আছিল ৷ - শুদ্ধ

(ঘ) সপ্তসিন্ধুৰ স্তানীয় লোকসকলক আৰ্যসকলে হেয় জ্ঞান কৰিছিল ৷ -শুদ্ধ 

(ঙ) আৰ্যসকলৰ সময়ত সমাজত তিৰোতাৰ স্থান নিম্ন আছিল ৷ - অশুদ্ধ


(৩) সিন্ধু নদী আৰু তাৰ উপনৈৰ  সৈতে সপ্তসিন্ধু অঞ্চলৰ এখন মানচিত্ৰ অংকন কৰা ৷ 

উত্তৰঃ পাঠৰ পৃষ্ঠা নং ১০৫ ত এচিয়া মহাদেশৰ মানচিত্ৰ চাই লবা ৷ 

(৪) সপ্তসিন্ধুৰ পৰা গংগা উপত্যকালৈ আৰ্যসকলৰ বসতি স্থানৰ এখন তালিকা বনোৱা ৷ 

উত্তৰঃ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)