-->

প্ৰাচীন নগৰীয়া সভ্যতা- সমাজ বিজ্ঞান -ইতিহাস-বুৰঞ্জী- ষষ্ঠ শ্ৰেণী - পাঠ নং ১২ -Ancient Urban Civilization - Social Science -History Part- Class VI - Lesson 12

অনুশীলনীঃ

১) উত্তৰ লিখা- 

(ক) কি কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল ?

উত্তৰঃ (ক) সিন্ধু নদীৰ ওপৰত সিন্ধু উপত্যকা সভ্যতা 
(খ) নীল নদীৰ ওপৰত মিছৰীয়া সভ্যতা 
(গ) ইউফ্ৰেটিছ আৰু টাইগ্ৰীছ নদীৰ পাৰত বেবিলনীয়া সভ্যতা 
(ঘ) হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ পাৰত চিন সভ্যতা ৷

(খ) পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি ? 

উত্তৰঃ সিন্ধু সভ্যতাৰ ৷ 

(গ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছ'পটেমীয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি ? 

উত্তৰঃ বেপাৰ-বাণিজ্যৰ ওপৰত ভিত্তি কৰি ৷ 

(ঘ) সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ-বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে পাঠটোৰ আলমত লিখা ৷ 

উত্তৰঃ হৰপ্পাৰ বেপাৰ-বাণিজ্য কৰা লোকসকলে কেঁচা সামগ্ৰী বিশেষকৈ ধাতু, বিভিন্ন ধৰণৰ মণি আদি আন ঠাইলৈ ৰপ্তানি কৰিছিল ৷ ধাতুৰ উপৰি কাপোৰ,পাত্ৰ, মাটিৰ পুতলা, মণি আৰু খাদ্য সামগ্ৰী সেইবোৰ ঠাইলৈ ৰপ্তানি কৰা হৈছিল ৷ হৰপ্পা সভ্যতাত ব্যৱহূত মোহৰ, মণি আদি মেছ'পটেমিয়াত পোৱা হৈছে ৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছ'পটিমিয়া আৰু অন্যান্য সমসাময়িক সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল ৷ 

(ঙ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল বুলি অনুমান কৰা হয় ? 

উত্তৰঃ বেজী, বুটামৰ  আৱিস্কাৰৰ  ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল বুলি অনুমান কৰা হয় ৷

২) পাঠত থকা মানচিত্ৰখন চাই তলৰ প্ৰশ্নসমুহৰ উত্তৰ দিয়া - 

(ক) লোথাল আৰু কালিবাংগান কোন কোন ৰাজ্যত অৱস্থিত ?

উত্তৰঃ  লোথাল - গুজৰাট , কালিবাংগান - ৰাজস্থান ৷

(খ) সিন্ধু নদীয়ে চুই যোৱা ঠাই কেইখনৰ নাম উল্লেখ কৰা ৷

উত্তৰঃ মহেঞ্জাদাৰো আৰু চানহোদাৰো ৷

(গ) বৰ্তমান পাকিস্তানৰ অন্তৰ্গত ঠাই কেইখনৰ নাম লিখা ৷ 

উত্তৰঃ হৰপ্পা, মহেঞ্জাদাৰো আৰু চানহোদাৰো ৷

(ঘ) ঝেলাম বৰ্তমান কোনখন দেশত ? 

উত্তৰঃ পাকিস্তানত ৷

(ঙ) ৰোপাৰ বৰ্তমান ভাৰতৰ কোন ৰাজ্যৰ অন্তৰ্গত ? 

উত্তৰঃ পাঞ্জাৱ

৩) 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা - 

       ক

       খ

 (১) সিন্ধু উপত্যকাৰ মানুহে

(২) মোহৰবোৰ আছিল 

(৩) সিন্ধু উপত্যকাৰ মানুহে গৰু গাড়ী, নাও আৰু 

(৪) ভঁৰালবোৰ ব্যৱহাৰ কৰা হৈছিল 

(৫) সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা 

(৬) ঘোঁৰাত উঠি ফুৰিছিল 

(৭) চুমেৰীয়া সভ্যতা 

 (১) শস্য ৰাখিবৰ বাবে 

(২) ইৰাকৰ লগত বেপাৰ-বাণিজ্য কৰিছিল 

(৩) চতুৰ্ভুজ , ঘূৰণীয়া আৰু চুঙা আকৃতিৰ 

(৪) সোণ-ৰূপেৰে তৈয়াৰী 

(৫) জন্তুৰ পিঠিত উঠি বেপাৰ-বাণিজ্য কৰিছিল 

 

উত্তৰঃ (১) - (২) ,  (২) - (৩), (৩) - (৫), (৪)- (১)

৪) দলগত কাৰ্য - 

তোমাৰ অঞ্চলত পোৰা মাটিৰে কি কি সামগ্ৰী তৈয়াৰ কৰে তাৰে এখন তালিকা প্ৰস্তুত কৰে ৷ 

৫) শুদ্ধ বাক্যত (✔) চিন দিয়া - 

(ক) মহেঞ্জাদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল ৷ ☐

(খ) ৰাস্তাৰ চিকবোৰ পোন আছিল ৷ ☐

(গ) ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল ৷ ☐

(ঘ) ঘৰবোৰৰ পৰা লেতেৰা পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাছিল ৷ ☐

(ঙ) হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগে টিন আৰু তাম ধাতুৰ সংমিশ্ৰিণত তৈয়াৰী ৷ ☐

উত্তৰঃ 

(ক) মহেঞ্জাদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল 

(খ) ৰাস্তাৰ চুকবোৰ পোন আছিল ❌

(গ) ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল 

(ঘ) ঘৰবোৰৰ পৰা লেতেৰা পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাছিল ❌

(ঙ) হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগে টিন আৰু তাম ধাতুৰ সংমিশ্ৰিণত তৈয়াৰী 

৬) সিন্ধু উপত্যকা সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে লিখা 

উত্তৰঃ সিন্ধু উপত্যকাৰ নগৰৰ ৰাজআলিবোৰ আহল-বহল আছিল ৷ পোন আৰু আৰু বহল আলিবাটবিলাক সমান্তৰালভাৱে নগৰৰ এমূৰৰ পৰা আনমূৰলৈ বিস্তৃত হৈ আছিল ৷ এই আলিবাটবিলাক লম্বভাৱে কটাকটি কৰি নগৰখনক কেইবাটাও সমান ভাগত বাগ কৰিছিল ৷ ৰাস্তাৰ চুকবোৰ আছিল ধেনুভেৰীয়া যাতে বস্তু কঢ়িয়াই নিয়া গধুৰ যান-বাহন সহজতে চলাচল কৰিব পাৰে ৷ ডাঙৰ আলিবাটবিলাকৰ শোভাবৰ্ধন কৰিছিল ৷ ঘৰবোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল ৷ 

৭) হৰপ্পা সংস্কৃতিৰ মানুহে ব্যৱহাৰ কৰা আচবাব-পত্ৰ, ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা ৷ 

উত্তৰঃ 

৮) হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎস কি কি আছিল ? তালিকা বনোৱা ৷

উত্তৰঃ হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎসসমূহ তলত তালিকাৰ সহায়ত দেখুওৱা হ'ল - 

(ক) কৃষি - ঘেঁহু, বাৰ্লি, মটৰ মাহ, সৰিয়হ, কপাহ খেতি কৰিছিল ৷

(খ) পশুপালন - গৰু-মহ, ছাগলী, ভেড়া, গাহৰি আদি পালন কৰিছিল ৷

(গ) কুমাৰ, কাৰিকৰ, বণিক, বাঢ়ৈ,শিপিনী আদি কৰি জীৱন নিৰ্বাহ কৰিছিল ৷ 
















LookTutupComment