ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস( নৱপ্ৰস্তৰ যুগ) - সমাজ বিজ্ঞান -ইতিহাস-বুৰঞ্জী- ষষ্ঠ শ্ৰেণী - পাঠ নং ১১ -Economic activities and permanent residence of primitive people (new age) - Social Science -History Part- Class VI - Lesson 11

Admin
0

 দলত আলোচনা কৰা( পৃষ্ঠা নংঃ ৯১)-

অধিক শস্য পাবলৈ হ'লে মাটিত গুটি সিঁচাৰ পৰা শস্য চপোৱালৈকে এজন কৃষকে কি কি কাম কৰিব লাগে ? 

উত্তৰঃ অধিক শস্য পাবলৈ হ'লে মাটিত গুটি সিঁচাৰ পৰা শস্য চপোৱালৈকে এজন কৃষকে তলত উল্লেখ কৰা  কামসমূহ  কৰিব লাগেঃ

১/ পানীৰ যোগান ধৰা 

২/ বন নিৰোৱা 

৩/ চৰাই -চিৰিকটি আৰু আন জীৱ-জন্তুৰ পৰা ৰক্ষা কৰা ৷

৪/ সাৰৰ যোগান ধৰা 

দলত আলোচনা কৰি উত্তৰ দিয়া ( পৃষ্ঠা নংঃ ৯২)-

(ক) খাদ্য শস্য কিয় সাঁচি ৰাখিব লগা হয় ? 

উত্তৰঃ ভৱিষ্যতে অভাৱ-অনাটনৰ সময়ত  খাবৰ বাবে আৰু পুনৰ খেতিৰ বাবে আমি খাদ্য শস্য সাঁচি ৰাখিব লাগে ৷ 

(খ) আদিম মানুহে কেনেকৈ খাদ্য শস্য সাঁচি ৰাখিছিল ?

উত্তৰঃ (ক) ডাঙৰ-ডাঙৰ পাত্ৰ বনাইছিল (খ) শস্য ৰখাৰ বাবে ঘাঁহ-বনৰ খৰাহি বনাইছিল (গ) গাঁত খান্দি পুতি ৰাখিছিল ৷ 

(গ) আদিম মানুহৰ উৎপাদিত শস্যৰ কিছু অংশ নষ্টও হৈছিল ? কিয় হৈছিল ? 

উত্তৰঃ আদিম মানুহৰ উৎপাদিত শস্যৰ কিছু অংশ নষ্টও হৈছিল ৷ কাৰণ তেওঁলোকে ভালদৰে নাজানছিল যে কিহত বা ক'ত খাদ্যশস্যসমূহ সুৰক্ষিত হৈ থাকিব ৷ অভিজ্ঞতাৰ পৰাহে তেওঁলোকৰ জ্ঞান বাঢ়িছিল ৷ 

(ঘ) বৰ্তমান সময়ত মানুহে খাদ্য শস্য কেনেকৈ সাঁচি ৰাখিছিল ? 

উত্তৰঃ বৰ্তমান সময়ত মানুহে খাদ্য শস্য ভঁৰালত থৈ সাঁচি ৰাখে ৷ 

যুক্তি দাঙি ধৰা - 

আদিম মানুহে যাতায়ত বয়-বস্তু কঢ়িয়াবৰ বাবে জীৱ-জন্তু ব্যৱহাৰ কৰিছিল ৷ বৰ্তমান যুগতো একে কাৰণত জীৱ-জন্তু ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবানে ? 

উত্তৰঃ আদিম মানুহে যাতায়ত বয়-বস্তু কঢ়িয়াবৰ বাবে জীৱ-জন্তু ব্যৱহাৰ কৰিছিল ৷ বৰ্তমান যুগতো একে কাৰণত জীৱ-জন্তু ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মই ভাবো কাৰণ কিছুমান ৰাস্তা-পদূলিত এতিয়াও চাইকেল বা আন যান-বাহনেৰে বয়-বস্তু কঢ়িয়াব নোৱাৰো ৷ তেনে ঠাইৰ পৰা আমি বস্তু কঢ়িয়াবলৈ ঘোঁৰা , হাতী বা ঘাধ ব্যৱহাৰ কৰিব পাৰোঁ ৷ 

দলত আলোচনা কৰি উত্তৰ লিখা - ( পৃষ্ঠা নংঃ ৯৩)-

জুই আৰু চকাৰ আৱিস্কাৰৰ ফলত মানুহৰ জীৱন ধাৰণাৰ মানশৈলীৰ কেনেকুৱা পৰিৱৰ্তন হ'ল ? 

উত্তৰঃ আগতে মানুহে খোজ কাঢ়ি বা জন্তুৰ পিঠিত উঠি এঠাইৰ পৰা আন ঠাইলৈ গৈছিল ৷ কিন্তু চকা লগাই তৈয়াৰ কৰা গাড়ী , জন্তুৰ দ্বাৰা টনোৱাৰ ব্যৱস্থা কৰাত একাধিক মানুহ একেটা সময়ত দূৰ-দূৰণিৰ ঠাইবোৰলৈ যাব পৰা হ'ল ৷ তদুপৰি খেতিৰ ফচলত আৰু বিভিন্ন গধুৰ বোজা কঢ়িয়াব পৰা হ'ল ৷ আগতে মানুহে ৰন্ধা-বঢ়া আৰু খাদ্য মজুত ৰাখিবলৈ হাতেৰে মাটিৰ পাত্ৰ বনাই জুইত পুৰি লৈছিল ৷ সময়ত মাটিৰ পাত্ৰ বনোৱাৰ ক্ষেত্ৰটো চকাৰ ব্যৱহাৰ হ'ব ধৰিলে ৷ এইদৰেই জুই আৰু চকাৰ আৱিস্কাৰৰ ফলত মানুহৰ জীৱন ধাৰণাৰ মানশৈলীৰ  পৰিৱৰ্তন হ'ল ৷ 

অনুশীলনীঃ

(১) উত্তৰ লিখা - 

(ক) সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন কিহৰ বিষয়ে বুজাইছিল ?

উত্তৰঃ আদিম মানুহৰ বিষয়ে ৷ 

(খ) আদিম মানুহে হাবিত পোৱা ফলমূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল ?

উত্তৰঃ কেনেকৈ নতুতন গুটিৰ পৰা নতুন গছ গজে, ফলমূল দিয়া গছ-গছনিবোৰ ক'ত বেছিকৈ গজে ইত্যাদিৰ বিষয়ে আদিম মানুহে লক্ষ্য কৰিছিল ৷ 

(গ) খেতি কৰাৰ বাবে আদিম মানুহে কিহৰে সঁজুলি তৈয়াৰ কৰিছিল ?

উত্তৰঃ খেতি কৰাৰ বাবে আদিম মানুহে শিলৰ সঁজুলি তৈয়াৰ কৰিছিল ৷ শিলেৰে নিৰ্মিত কুঠাৰৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰিছিল ৷ লগতে তেওঁলোকে জীৱ-জন্তুৰ হাড়, দাঁতৰ মাড়ি আদি সঁজুলি ব্যৱহাৰ কৰিছিল ৷ 

(ঘ) আদিম মানুহে কি কি কাৰণে জীৱ-জন্তু পুহিছিল ?

উত্তৰঃ (ক) কুকৰ পুহিছিল ঘৰ পহৰা দিবলৈ আৰু চিকাৰত সহায় কৰিবলৈ ৷ 

(খ) মঙহ আৰু গাখীৰ খাবলৈ গৰু, চাগলী, ভেড়া ,গাহৰি আদি পুহিছিল ৷

(গ) কৃষি আৰু যাতায়তত ব্যৱহাৰ কৰিবলৈ ৷ 

(ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল ?

উত্তৰঃ চকা লগাই তৈয়াৰ কৰা গাড়ী , জন্তুৰ দ্বাৰা টনোৱাৰ ব্যৱস্থা কৰাত একাধিক মানুহ একেটা সময়ত দূৰ-দূৰণিৰ ঠাইবোৰলৈ যাব পৰা হ'ল ৷ তদুপৰি খেতিৰ ফচলত আৰু বিভিন্ন গধুৰ বোজা কঢ়িয়াব পৰা হ'ল ৷ আগতে মানুহে ৰন্ধা-বঢ়া আৰু খাদ্য মজুত ৰাখিবলৈ হাতেৰে মাটিৰ পাত্ৰ বনাই জুইত পুৰি লৈছিল ৷ সময়ত মাটিৰ পাত্ৰ বনোৱাৰ ক্ষেত্ৰটো চকাৰ ব্যৱহাৰ হ'ব ধৰিলে

(চ) গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল ?

উত্তৰঃ  মানুহৰ নিৰাপত্তা আৰু সহায় সহযোগিতা নিশ্চিত হ'ল ৷ 

(ছ) আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ (ক) খাদ্যশস্য ৰাখিবৰ বাবে (খ) ৰন্ধা-বঢ়া কৰিবলৈ ৷

২) মানচিত্ৰ পৰ্যৱেক্ষণ কৰি উত্তৰ দিয়া - 

দাওজালি হাডিং কোন জিলাত ? তোমাৰ জিলাখনৰ পৰা ই কোন দিশত অৱস্থিত ?

উত্তৰঃ অসমৰ উত্তৰ কাছাৰ জিলাত ৷ ( তোমাৰ জিলাখন কোন দিশত আছে নিজে উলিওৱা)

৩) প্ৰকল্প প্ৰস্তুত কৰা - 

তোমাৰ অঞ্চলত চকা কি কি কামত ব্যৱহাৰ কৰা হয় ৷

৪) ভাৰতৰ এখন মানচিত্ৰ আঁকি তলৰ ঠাইবোৰ যথাস্থানত বহুৱা- 

(ক) বুৰ্জাহোম 

(খ) মহাগড় 

(গ) চীৰাণ্ড

(ঘ) ভীমবে্টকা 

(চ) পৈয়ামপল্লী 

উত্তৰঃ কিতাপৰ পৃষ্ঠা নং ৯৪ ৰ ভাৰতৰ মানচিত্ৰ চাই ল'বা ৷ 


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)