ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আদি প্ৰস্ত্তৰ যুগ - সমাজ বিজ্ঞান -ইতিহাস-বুৰঞ্জী- ষষ্ঠ শ্ৰেণী - পাঠ নং ১০ -Early Stone Age(Aadi Prosthor Joog) - Social Science -History Part- Class VI - Lesson 10

Admin
0
দলত আলোচনা কৰা ( পৃষ্ঠা নং - ৮৫)-

(ক) আদিম মানুহৰ জীৱন কঠিন বুলি কিয় ভবা হয় ? 

উত্তৰঃ আদিম মানুহে বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি, মাছ ধৰি, গছৰ ফলমূল, শিপা, গুটি আদি সংগ্ৰহ কৰি খাইছিল আৰু সেইকাৰণে তেওঁলোকক মূলতঃ চিকাৰী অথবা খাদ্য সংগ্ৰহকাৰী বুলি আখ্যা দিয়া হৈছিল ৷ কিন্তু কোনোটো কামেই তেওঁঁলোকৰ বাবে আজিৰ দৰে সহজ নাছিল ৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে আদিম মানুহে এক কঠিন জীৱন যাপন কৰিছিল ৷ 

(খ) মানুহে দলবান্ধি ফুৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত এটি টোকা প্ৰস্তুত কৰি শ্ৰেণীত সমূহীয়াকৈ আলোচনা কৰা ৷ 

উত্তৰঃ তেওঁলোকে হাবিৰ হিংস্ৰ জীৱ-জন্তুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সততে দল বান্ধি ফুৰিছিল ৷ দলবান্ধি ফুৰাৰ বাবে ইজনে সিজনক সহায়-সহযোগ কৰা, নেতৃত্ব দিয়া আদিত সহায় হৈছিল আৰু লগতে একগোট হৈ চিকাৰ কৰাটোও এটা আনন্দদায়ক কাম হৈ গৈছিল ৷ ( বাকীখিনি শ্ৰেণীত আলোচনা কৰি লিখিবা ) 

দলত আলোচনা কৰা (পৃষ্ঠা নং ৮৭ )-

(ক) আদিম মানুহে জুই কি কি কামত ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ  আদিম মানুহে জুই তলত উল্লেখ কৰা  কামত ব্যৱহাৰ কৰিছিলঃ

(ক) মাছ -মাংস বা আন খাদ্য পুৰি খাবলৈ বা সিজাই খাবলৈ 

(খ) হাবি-জংঘল চাফা কৰিবলৈ 

(গ) জীৱ-জন্তু খেদিবলৈ 

(ঘ) চিকাৰ কৰিবলৈ 

(ঙ) চোকা অস্ত্ৰ নিৰ্মাণ কৰিবলৈ 

(চ) পোহৰ কৰিবলৈ 

(ছ) গৰম লবলৈ

(খ) আজিকালি জুইক কি কি কামত ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ আজিকালি জুইক তলত উল্লেখ কৰা কামত ব্যৱহাৰ কৰা হয়- 

(ক) খাদ্যবস্তু সিজাই খাবলৈ 

(খ) খাদ্যবস্তু পুৰি খাবলৈ

(গ) গৰম লবলৈ 

(ঘ) বিভিন্ন সামগ্ৰী বনাবলৈ 

(ঙ) সৰু শুকান আৱৰ্জনা বোৰ পুৰি চাফা কৰিবলৈ 

(গ) জুই অবিহেন মনুহৰ জীৱন-যাপন প্ৰণালী কেনে হ'লহেঁতেন ?

উত্তৰঃ মানুহে নিসিজোৱাকৈ খাদ্য-বস্তু সমূহ খালেহেতেন যাৰ ফলত বিভিন্ন বেমাৰ-আজাৰ হ'লহেতেন ৷ জুইৰ সহায়েৰে বনোৱা সা-সৰঞ্জাম নাথাকিলেহেতেন ৷ 

অনুশীলনীঃ

(১) উত্তৰ লিখা- 

(ক) আদিম যুগৰ মানুহে কি কি খাদ্য খাইছিল ?

উত্তৰঃ (ক) জীৱ-জন্তুৰ মাংস (খ) মাছ (গ) ফলমূল (ঘ) শিপা (ঙ) গুটি (চ) পাত 

(খ) আদিম মানুহে কি কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল ?

উত্তৰঃ (ক) বহুদিন একে ঠাইতে থকা বাবে সেই ঠাইত খাদ্যৰ অভাৱ হৈছিল 

(খ) ঋতু অনুযায়ী ফল-ফুলসমূহ ধৰে আৰু পকে সেইবাবে এই ফলসমূহ খাবৰ বাবে তেওঁলোকেও ঋতু অনুযায়ী ঠাই সলনি কৰিছিল ৷ 

(গ) জীৱ-জন্তুসমূহ চিকাৰৰ বাবে ঠাই সলনি কৰিছিল গতিকে চিকাৰীসকলেও সেই অনুযায়ী নিজৰ ঠাই সলনি কৰিছিল ৷ 

(ঘ) কেতিয়াবা খৰাং হোৱাৰ বাবেও পানীৰ কাৰণে ঠাই সলনি কৰিব লগা হৈছিল ৷ 

(ঙ) বন্ধু-বৰ্গ আৰু আত্মীয় স্বজনক লগ কৰিবলৈও এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈছিল ৷ 

(গ) বৰ্তমান সময়ৰ মানুহৰ ভ্ৰমণ কাৰ্য্যৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কি কি ক্ষেত্ৰত মিল আৰু অমিল আছে ? 

উত্তৰঃ মিলসমূহঃ বন্ধু-বৰ্গ আৰু আত্মীয় স্বজনক লগ  কৰা , পানীৰ সুবিধাৰ বাবে 

অমিলসমূহঃ ১/ ঋতু অনুযায়ী ফল-ফুলসমূহ ধৰে আৰু পকে সেইবাবে এই ফলসমূহ খাবৰ বাবে তেওঁলোকেও ঋতু অনুযায়ী ঠাই সলনি কৰিছিল ৷ আনহাতে আজিৰ মানুহে বজাৰৰ পৰা কিনি আনে ন'হলে নিজৰ বাৰীত খেতি কৰে ৷ 
২/ জীৱ-জন্তু চিকাৰ কৰি খাইছিল , কিন্তু আজিৰ মানুহে সেই মাংস কিনি খায় নতুবা নিজে সেই জীৱ-জন্তু বা চৰাই পোহে ৷ 

(ঘ) আদিম যুগৰ মানুহে শিলক কিয় সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ আদিম যুগৰ মানুহে শিলক  সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল  কাৰণ এইবোৰ সহজে ভগা নাছিল আৰু এইবোৰক বিভিন্ন সঁজুলিলৈ পৰিৱৰ্তন কৰিব পাৰিছিল ৷ এইবোৰ মিহি আৰু জোঙা কৰিব পৰা গৈছিল ৷ শিলৰ জৰিয়তে জুই জলাবলৈও সুবিধা হৈছিল ৷ শিলত চিত্ৰ তথা লিপি অংকণ কৰিছিল ৷ 

(ঙ) বৰ্তমান শিলক কি কি কামত ব্যৱহাৰ কৰা হয় তাৰ ওপৰত এটি টোকা লিখা ৷

উত্তৰঃ বৰ্তমান শিলক ঘৰ বনাবলৈ ব্যৱহাৰ কৰা হৈছে লগতে বিভিন্ন আকৃতিৰ মূৰ্তি আদি বনাবলৈও ব্যৱহাৰ কৰা হৈছে ৷ শিলৰ জৰিয়তে নদীবান্ধসমূহেও নিৰ্মাণ কৰা হৈছে ৷ ডাঙৰ ডাঙৰ ৰাস্তা পদূলি সমূহ বনোৱা হৈছে ৷ বিভিন্ন কল-কাৰখানত ব্যৱহাৰ কৰা হৈছে ৷ 

(চ) জুইৰ আৱিস্কাৰ কিদৰে হৈছিল ?

উত্তৰঃ খাদ্যৰ সন্ধানত আদিম মানুহে হাবিত ঘূৰি ফুৰোতে হয়তো ঘটনা ক্ৰমে শিলে শিলে ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল আৰু সেই ফিৰিঙতিয়ে শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল ৷ এইদৰেই জুইৰ আৱিস্কাৰ হৈছিল ৷ 

(ছ) আদিম মানুহৰ জীৱনত জুয়ে কেনেকৈ সহায় কৰিছিল ? 

উত্তৰঃ (ক) মাছ -মাংস বা আন খাদ্য পুৰি খাবলৈ বা সিজাই খাবলৈ 

(খ) হাবি-জংঘল চাফা কৰিবলৈ 

(গ) জীৱ-জন্তু খেদিবলৈ 

(ঘ) চিকাৰ কৰিবলৈ 

(ঙ) চোকা অস্ত্ৰ নিৰ্মাণ কৰিবলৈ 

(চ) পোহৰ কৰিবলৈ 

(ছ) তাপ  লবলৈ

এইদৰেই জুয়ে মানুহক সহায় কৰিছিল ৷ 

৩) আদিম মানুহে সংগ্ৰহ কৰা খাদ্য কিয় সাঁচি নাৰাখিছিল ? ব্যাখ্যা কৰিছিল ৷

উত্তৰঃ আদিম মানুহে চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী ৰূপে এটা সহজ-সৰল অথচ কঠিন জীৱন-নিৰ্বাহ কৰিছিল ৷ সকলোৱে লগে-ভাগে কাম কৰিছিল আৰু খাদ্যবস্তুসমূহ ভগাই খাইছিল , তেওঁলোকে ভৱিষ্যৎৰ কথা  অকণো ভবা নাছিল ৷ সেইবাবে আদিম মানুহে সংগ্ৰহ কৰা খাদ্য  সাঁচি নাৰাখিছিল ৷ 











Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)