ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

কি, ক'ত, কেতিয়া আৰু কেনেকৈ - সমাজ বিজ্ঞান -ইতিহাস-বুৰঞ্জী- ষষ্ঠ শ্ৰেণী - পাঠ নং ৯ -What, Where, When and How - Social Science -History Part- Class VI - Lesson 9

Admin
1
অনুশীলনীঃ

১) উত্তৰ লিখাঃ 

(ক) ইতিহাস কাক বোলে ?

উত্তৰঃ অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰবাহিক বিৱৰণীকে ইতিহাস বোলা হয় ৷ ইয়াত অতীতৰ মানৱ সমাজৰ সকলো দিশ সামৰি লোৱা এক গ্ৰহণযোগ্য বৰ্ণনা থাকে ৷ 

(খ) সাধুকথা  আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয় ? 

উত্তৰঃ   আমাৰ সমাজত কিছুমান লোককথা আৰু কাহিনী ককা, আজো কখাৰ দিনৰ পৰাই মুখে মুখে চলি আহিছে ৷ সময়ত এইবোৰ লিখিত আকাৰতো ওলাইছে ৷ উদাহৰণস্বৰূপে বেউলা-লক্ষীন্দৰৰ কাহিনী, নৰকাসুৰৰ কাহিনী, সাৱিত্ৰী-সত্যবানৰ কাহিনী ইত্যাদি ৷ এইবোৰ কাহিনী শুনিবলৈ আমোদজনক কিন্তু বাস্তৱত সেইবোৰ কাহিনিৰ প্ৰমাণ বিচাৰি পোৱা টান , সত্যতা নিৰূপন কৰিব নোৱাৰা সাধু বা কাহিনীক ইতিহাস হিচাপে বিবেচনা কৰা নহয় ৷ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিতহে ইতিহাস ৰচনা কৰা হয় ৷  
         আনহাতে ,  অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰবাহিক বিৱৰণীকে ইতিহাস বোলা হয় ৷ ইয়াত অতীতৰ মানৱ সমাজৰ সকলো দিশ সামৰি লোৱা এক গ্ৰহণযোগ্য বৰ্ণনা থাকে ৷ 
                            

(গ) ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি ? 

উত্তৰঃ ইতিহাস অধ্যয়নৰ সমলবোৰ হ'লঃ- 

(ক) পুৰণি ভগ্নাৱশেষ, বাচন বৰ্তন, লিপি, আ-অলংকাৰ, সঁজুলি আৰু মূৰ্তি 

(খ) তামৰ ফলি 

(গ) প্ৰাচীন মুদ্ৰা 

(ঘ) সাহিত্য 

(ঙ) বিদেশী পৰ্যটকসকলৰ বিৱৰণী 

(চ) শিলালিপি 

(ঘ) বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমলনে ? যদি হয়, সেইবোৰ কোনবিধ সমলৰ অন্তৰ্গত ? 

উত্তৰঃ বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল হয় ৷ সেইবোৰ সাহিত্য সমলৰ অন্তৰ্গত ৷ 

(ঙ) ইতিহাস অধ্যয়নৰ বৰ্তমান সময়ত প্ৰয়োজনীয়তা কি আছে বুলি ভাবা ?

উত্তৰঃ ইতিহাস অধ্যয়নৰ জৰিয়তে ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিৰ পৰিৱৰ্তন , পৰিৱৰ্ধনৰ ধাৰা উপলদ্ধি কৰিব পাৰি ৷ সেইবাবে ইতিহাস অধ্যয়নৰ প্ৰয়োজন আছে বুলি মই ভাবো ৷ 

(চ) বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি ? 

উত্তৰঃ অসমীয়া ভাষাত বুৰঞ্জী আৰু ইতিহাসএকেটা অৰ্থত ব্যৱহাৰ কৰা দেখা যায় ৷ কিন্তু বুৰঞ্জী আৰু ইতিহাস একে নহয় ৷ দুুয়োটা শব্দৰ মাজত গুণগত পাৰ্থক্য আছে ৷ সাধাৰণতে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণহে পোৱা  যায় ৷ ইয়াত সাধাৰণ প্ৰজা বা জনসাধাৰণৰ বিষয়ে উল্লেখ নাথাকে ৷ যাৰ বাবে বুৰঞ্জীক ইতিহাস আখ্যা দিয়া নাযায় ৷ কিন্তু অসমৰ ইতিহাস ৰচনা কৰাৰ বাবে বুৰঞ্জীবোৰ এক উল্লেখযোগ্য সমল ৷ 

Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment