ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ - সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ নং ৬ -Prithibir Pradhan Bhu Aboyob - Social Science - Class VI - Lesson 6

Admin
0
অনুশীলনীঃ

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা - 

(ক) প্ৰধান ভূ-অৱয়বকেইটা কি কি ? 

উত্তৰঃ পৰ্বত , পাহাৰ, মালভূমি আৰু সমভূমি ৷ 

(খ) পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য কি কি ? 

উত্তৰঃ অতি ওখ ঠাইক পৰ্বত বোলা হয় , আনহাতে পৰ্বত-পাহাৰত থকা সমতল অংশক মালভূমি বোলা হয় ৷ পৰ্বত-পাহাৰত শিখৰ থাকে, কিন্তু মালভূমিৰ শিখৰ নাথাকে ৷ 

(গ) উৎপত্তি ফালৰ পৰা পৰ্বত-পাহাৰক কি কি ভাগত ভাগ কৰা হয় ? 

উত্তৰঃ উৎপত্তি ফালৰ পৰা পৰ্বত-পাহাৰক তিনি ভাগত ভাগ কৰা হয় - আগ্নেয় পৰ্বত, ভংগিল পৰ্বত আৰু স্তূপ্ পৰ্বত ৷ 

(ঘ) পৰ্বত-পাহাৰ মানুহৰ কি কি কামত আহে ?

উত্তৰঃ (ক) খনিজ সম্পদ আহৰণ কৰিব পাৰি ৷  (খ) পৰ্বত-পাহাৰত থকা জলাশয়ৰ পৰা জলবিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি ৷ (গ) মানুহে পৰ্বত-পাহাৰৰ পৰা খৰি,ফল-মূল, কাঠ, পশু খাদ্য , আলু, কচু আদি আহৰণ কৰিব পাৰি ৷ (ঘ) ঝুম খেতি কৰিব পাৰি ৷ 

(ঙ) সমভূমি কেনেকৈ গঠিত হয় ? 

উত্তৰঃ নৈ, জান-জুৰিৰ বোৱঁতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল,বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে ৷ লাখ লাখ বছৰ জূৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমিৰ সৃষ্টি হয় ৷ 

(চ) নদী উপত্যকা কিয় ঘন জনবসতিপূৰ্ণ ? 

উত্তৰঃ  নদী উপত্যকা অঞ্চলসমূহত থকা কৃষিভূমিসমূহ সাৰুৱা হোৱা বাবে খেতিৰ বাবে উপযোগী লগতে পানীৰ অভাৱ অনাটনসমূহ নাথাকে, সেইবাবে নদী উপত্যকাসমূহ ঘন জনবসতিপূৰ্ণ ৷ 

(ছ) পাৰ্বত্য অঞ্চলসমূহত সাধাৰণতে কিয় জনবসতি সেৰেঙা ?

উত্তৰঃ পাৰ্বত্য অঞ্চলসমূহত প্ৰয়োজনীয় পানী সহজলভ্য নোহোৱা বাবে দূৰ-দূৰণিৰ জান-জুৰি আদিৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হয় ৷ পাহাৰীয়া অঞ্চলত কৃষি ভূমিৰ পৰিমাণ কম৷ সেয়ে ইয়াৰ মানুহে কৃষিৰ উপৰি পশুপালন আৰু অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰি চলিবলঘিয়া হয় ৷ উচ্ছভূমিত বাস কৰা লোকসকলৰ জীৱন-যাপনৰ উপায় সীমিত হোৱা বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়৷ এইবোৰ কাৰণতে উচ্চভূমি অঞ্চলত সাধাৰণতে সমভূমিতকৈ জনবসতি পাতলীয়া হোৱা দেখা যায় ৷ 

(২) শুদ্ধ () চিন দিয়া - 

(ক) পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ - 

(১) উচ্চতা 

(২) ঢাল 

(৩) গঠন প্ৰক্ৰিয়া 

(খ) হিমবাহ থকা স্থান হ'ল - 

(১) সমভূমি 

(২) পৰ্বত 

(৩) মৰুভূমি 

(গ) দাক্ষিণাত্য মালভূমিৰ অৱস্থান - 

(১) চীনত 

(২) নেপালত 

(৩) ভাৰতবৰ্ষত 

উত্তৰঃ 

(ক) পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ - 

(১) উচ্চতা

(২) ঢাল 

(৩) গঠন প্ৰক্ৰিয়া 

(খ) হিমবাহ থকা স্থান হ'ল - 

(১) সমভূমি 

(২) পৰ্বত 

(৩) মৰুভূমি 

(গ) দাক্ষিণাত্য মালভূমিৰ অৱস্থান - 

(১) চীনত 

(২) নেপালত 

(৩) ভাৰতবৰ্ষত


(৩) খালী ঠাই পূৰ কৰা - 

(ক) ৰ'দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱৰ্তন তাক ____ প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱৰ্তন হোৱা বুলি কোৱা হয় ৷ 

(খ) হিমালয় আৰু আল্প্চ একোখন _____ পৰ্বত ৷ 

(গ) _____ সমূহ সাধাৰণতে খনিজ সম্পদত চহকী ৷ 

(ঘ) ______ অঞ্চলত যাতায়ত ব্যৱস্থা আটাইতকৈ সহজসাধ্য ৷ 

(ঙ) বোঁৱতীপানীৰ সোঁতে _____ সৃষ্টিত বিশেষ ভূমিকা লয় ৷ 

উত্তৰঃ 

(ক) ৰ'দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱৰ্তন তাক বাহ্যিক প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱৰ্তন হোৱা বুলি কোৱা হয় ৷ 

(খ) হিমালয় আৰু আল্প্চ একোখন ভংগিল পৰ্বত ৷ 

(গ) মালভূমিসমূহ সমূহ সাধাৰণতে খনিজ সম্পদত চহকী ৷ 

(ঘ) সমভূমি অঞ্চলত যাতায়ত ব্যৱস্থা আটাইতকৈ সহজসাধ্য ৷ 

(ঙ) বোঁৱতীপানীৰ সোঁতে সমভূমি সৃষ্টিত বিশেষ ভূমিকা লয় ৷ 

(৪) তলত দিয়া পৃথিৱীৰ মানচিত্ৰখনত কেইখনমান পৰ্বতমালাৰ অৱস্থান দিয়া আছে ৷ ভূচিত্ৰাৱলী চাই প্ৰতিখন কাষৰ খালী ঘৰত তলত দিয়া নম্বৰসমূহ বহওৱা - 

(১) হিমালয় পৰ্বতমালা 

(২) আল্পচ পৰ্বতমালা 

(৩) ৰকি পৰ্বতমালা 

(৪) এণ্ডিজ পৰ্বতমালা 

উত্তৰঃ 




(৫) মানুহে পৰ্বত-পাহাৰ, গছ-গছনি, শিল-মাটি আদি অপৰিকল্পিতভাৱে কাটি থাকিলে এদিন আমাৰ বহুত অসুবিধা হ'ব পাৰে, পাঠৰ আধাৰত  এটি টোকা লিখা ৷

উত্তৰঃ মানুহে পৰ্বত-পাহাৰ, গছ-গছনি, শিল-মাটি আদি অপৰিকল্পিতভাৱে কাটি থাকিলে এদিন আমাৰ কি কি অসুবিধা হ'ব পাৰে, পাঠৰ আধাৰত  এটি টোকা তলত  লিখা হ'লঃ

  প্ৰাকৃতিক সম্পদ আৰু মানুহ পৰস্পৰ নিৰ্ভৰশীল ৷ প্ৰাকৃতিক সম্পদ থাকিলেহে মানুহ থাকিব কাৰণ যিমানবোৰ প্ৰয়োজনীয় বস্তু আমি প্ৰকৃতিৰ পৰাই আহৰণ কৰোঁ ৷ গতিকে আমি প্ৰাকৃতিক সম্পদসমূহ বহনক্ষম হিচাপে ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ আমি ভৱিষৎ আহিবলগীয়া নৱপ্ৰজন্মৰ বিষয়েও চিন্তা কৰি এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে তেওঁলোকৰ পিছলৈ একো অসুবিধা নহয় ৷ 
পৰ্বত পাহাৰ কাটিলে আমাৰ অসুবিধা হ'বঃ

(ক) খনিজ সম্পদবোৰ শেষ হৈ যাব 

(খ) জলাশয়বোৰ শেষ হ'ব যাৰ জৰিয়তে পানীত থকা প্ৰাণীবোৰো বিলুপ্ত হ'ব 

(গ) পাহাৰৰ পৰা পোৱা বিভিন্ন উদ্ভিদবোৰ কাটি থাকিলে উদং হৈ যাব যাৰ ফলত বৰষুণৰ সময়ত গৰাখহনীয়াৰ লগতে বানপানীৰ সৃষ্টি হ'ব ৷  

গছ-গছনি কাটিলে অসুবিধা হ'বঃ 

(ক) অক্সিজেনৰ মাত্ৰা কমিব 

(খ) প্ৰাকৃতিক সৌন্দৰ্য্য লুপ্ত হ'ব 

(গ) গৰাখহনীয়া হ'ব ৷

(ঘ) মূল্যৱান গছ-গছনিৰ অভাৱ হ'ব ৷ 

শিল-মাটি কাটিলে অসুবিধা হ'বঃ

(ক) গৰাখহনীয়া হ'ব ৷

(খ) খনিজ সম্পদসমূহ শেষ হ'ব 

(৬) ভূচিত্ৰাৱলী চাই হিমালয় পৰ্বতৰ পৰা সৃষ্টি হোৱা কেইখনমান নৈৰ নাম লিখা ৷ 

উত্তৰঃ ভূচিত্ৰাৱলী চাই হিমালয় পৰ্বতৰ পৰা সৃষ্টি হোৱা কেইখনমান নৈৰ নাম  হ'ল - 

(ক) সিন্ধু 

(খ) ব্ৰহ্মপুত্ৰ 

(গ) যমুনা 












Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)