ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

অসমঃ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি - সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ নং ৭ -Assam: Climate, Natural Plants, Wildlife and Agriculture- Social Science - Class VI - Lesson 7

Admin
0
অনুশীলনীঃ

(১) উত্তৰ দিয়া - 

(ক) কি বৃত্তিৰ ওপৰত অসমৰ অধিকাংশ মানুহ নিৰ্ভৰশীল ?

উত্তৰঃ কৃষি ৷ 

(খ) চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য কি ? 

উত্তৰঃ চিৰসেউজীয়া উদ্ভিদৰ ডালত পাত সেউজীয়া থাকে ৷

(গ) মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত ?

উত্তৰঃ বাক্সা আৰু চিৰাং জিলাত ৷ 

(ঘ) প্ৰাকৃতিক উদ্ভিদ  বুলিলে কি বুজা ?

উত্তৰঃ মানুহৰ  প্ৰভাৱ নপৰাকৈ বা লালন-পালন নোপোৱাকৈ প্ৰাকৃতিকভাৱে ডাঙৰ-দীঘল হোৱা গছ-গছনিকে প্ৰাকৃতিক সম্পদ বোলে ৷ 

(২) চমু উত্তৰ লিখা -

(ক) জলবায়ু বুলিলে কি বুজা ?

উত্তৰঃ একোটা  অঞ্চলৰ  কমেও ৫০ বছৰৰ  সূৰ্য্যৰ পোহৰ, বায়ুৰ  উষ্ণতা আৰু চাপ, বৰষুণ, আৰ্দ্ৰতাৰ গড় অৱস্থাটোকে সেই  অঞ্চলৰ জলবায়ু বোলা হয় ৷ 

(খ) অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি ?

উত্তৰঃ অসমৰ প্ৰধান ঋতু  চাৰিটা আৰু সেইবোৰ হ'ল - (ক) গ্ৰীষ্মকাল (খ) বৰ্ষাকাল  (গ) শৰৎকাল (ঘ) শীতকাল 

(গ) বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী হোৱাৰ কাৰণ কি ? 

উত্তৰঃ বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী হয় কাৰণ এই কালতে ধান খেতিৰ বাবে প্ৰয়োজন বৰষুণ পৰে ৷ 

(ঘ) কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কেনে ধৰণৰ ? 

উত্তৰঃ অসমত গ্ৰীষ্ম  আৰু বৰ্ষা কালত তাপ আৰু বৰষুণৰ পৰিমাণ বেছি বাবে সেই সময়ত তেনে বতৰৰ উপযোগী শস্যৰ খেতি কৰা হয় ৷ আনহাতে শীতকালত তাপ আৰু বৰষুণৰ পৰিমাণ কম বাবে তাপ আৰু পানী কম পৰিমাণে লগা খেতি কৰা হয় ৷  কৃষিৰ লগত জলবায়ুৰ ওতঃপ্ৰোত সম্পৰ্ক আছে ৷ 

(ঙ) চিৰ সেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পাৰ্থক্যসমূহ কি কি ?

উত্তৰঃ (ক) অসমৰ যিবোৰ অঞ্চলত গড়ে ২০০ চেণ্টিমিটাৰতকৈ বেছি বৰষুণ আৰু ২৫° চেণ্টিগ্ৰেডতকৈ বেছি উষ্ণতা আছে তেনে ঠাইবোৰত ক্ৰান্তীয় চিৰসেউজীয়া গছ-গছনি পোৱা যায় ৷
আনহাতে, অসমৰ  যিবোৰ অঞ্চলত ৮০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰলৈ গড় বৰষুণ হয় তেনে ঠাইত পৰ্ণপাতী উদ্ভিদ পোৱা যায় ৷ 

(খ) চিৰ সেউজীয়া উদ্ভিদ ডাল পাতবোৰ সদায় সেউজীয়া হৈ থাকে, আনহাতে  পৰ্ণপাতী উদ্ভিদৰ ডাল-পাতবোৰ সদায় সেইজীয়া হৈ নাথাকে ৷ 

(চ) গছ-গছনি আমাক কিয় লাগে আলোচনা কৰা ৷ 

উত্তৰঃ গছ-গছনি আমাৰ বাবে প্ৰচুৰভাৱে ব্যৱহাৰ হোৱা এবিধ প্ৰাকৃতিক সম্পদ ৷ এই গছ-গছনিয়ে এৰি দিয়া অক্সিজেন গেছ আমি উশাহত লওঁ আৰু আমি এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছ গছ-গছনিয়ে শুহি লয় ৷ গছ-গছনিৰ বাবেই আমাৰ বায়ুমণ্ডল প্ৰদুষণ নিয়ন্ত্ৰণ হয় ৷ ইয়াৰ উপৰি গছৰ শিপাই মাটিত খামোচ মাৰি ধৰি ভূমি ক্ষয় ৰোধ কৰে ৷ গছৰ পৰাই আমি আমাৰ প্ৰয়োজনীয় আচবাব পত্ৰ তৈয়াৰ কৰি লওঁ ৷ ঘৰ-দুৱাৰ, খিৰিকী, চাং, চকী -মেজ আদিৰ উপৰি ইয়াক আমি ইন্ধন হিচাপেও ব্যৱহাৰ কৰোঁ ৷ তদুপৰি অসমৰ হাবিত পোৱা বিভিন্ন ধৰণৰ ঔষধি গছ বিভিন্ন বেমাৰৰ ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ ৷ 
এইবোৰ কাৰণেতেই আমাক গছ-গছনি লাগে ৷ 

(ছ) গছ-গছনি আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ কিয় দৰকাৰ ? আলোচনা কৰা ৷ 

উত্তৰঃ গছ-গছনি আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰাটো অতি  দৰকাৰ কাৰণ - 

(ক) গছ-গছনি সংৰক্ষণ কৰিলেহে আমি পৰ্যাপ্ত পৰিমাণে অক্সিজেন পাম ৷ 

(খ) গছ-গছনি সংৰক্ষণ কৰিলেহে প্ৰদুষণৰ মাত্ৰা কমিব ৷ 

(গ) প্ৰাকৃতিক সৌন্দৰ্য বাহাল ৰাখিবলৈও গছ-গছনি অতি দৰকাৰ হয় ৷ 

(ঘ) গছ-গছনি থাকিলেহে আন আন বন্যপ্ৰাণীসমূহ সংৰক্ষণ হৈ থাকিব ৷ 

(ঙ) গছ-গছনি থাকিলেহে মূল্যৱান ঔষধি সমূহ পৰ্যাপ্ত পৰিমাণে উপলদ্ধ হ'ব ৷ 


(৩) খালী ঠাই পূৰ কৰা - 

(ক) কোনো এটা অঞ্চলৰ কমেও ৫০ বছৰৰ সূৰ্য্যৰ পোহৰ, উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত, আৰ্দ্ৰতা আদিৰ গড় অৱস্থাকে ______ বুলি কোৱা হয় ৷ 

(খ) জলবায়ুৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি অসমত বছৰটোক _____ ঋতুত ভাগ কৰিব পাৰি ৷ 

(গ) ভাৰতবৰ্ষৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান _______৷ 

(ঘ) _______ বতাহৰ  বাবে  বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয় ৷ 

(ঙ) বৰ্তমান অসমত মুঠ _______ খন অভয়াৰণ্য আছে ৷ 

(চ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ______ বাবে বিখ্যাত ৷

(ছ) শীতকালত দিন চুটি আৰু ৰাতি ______ হয় ৷ 

উত্তৰঃ 

(ক) কোনো এটা অঞ্চলৰ কমেও ৫০ বছৰৰ সূৰ্য্যৰ পোহৰ, উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত, আৰ্দ্ৰতা আদিৰ গড় অৱস্থাকে জলবায়ু বুলি কোৱা হয় ৷ 

(খ) জলবায়ুৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি অসমত বছৰটোক চাৰিটা ঋতুত ভাগ কৰিব পাৰি ৷ 

(গ) ভাৰতবৰ্ষৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান প্ৰথম ৷ 

(ঘ) দক্ষিণ পশ্চিম মৌচুমী বতাহৰ  বাবে  বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয় ৷ 

(ঙ) বৰ্তমান অসমত মুঠ ১৭ খন অভয়াৰণ্য আছে ৷ 

(চ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত ৷

(ছ) শীতকালত দিন চুটি আৰু ৰাতি দীঘল হয় ৷ 

(৪) শুদ্ধ উত্তৰটো বাছি উলিওৱা - 

(ক) পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ'ল -

(১) চেৰাপুঞ্জী

(২) মৌচিনৰাম 

(৩) শ্বিলং 

উত্তৰঃ (২) মৌচিনৰাম ৷

(খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘাহকৈ অসমৰ কোন  জিলাত অৱস্থিত ?

(১) গোলাঘাট 

(২) যোৰহাট 

(৩) মৰিগাঁও

(৪) কামৰূপ 

উত্তৰঃ (১) গোলাঘাট ৷

(গ) এবছৰত একোবাৰকৈ নিজৰ পাত সলোৱা উদ্ভিদ বিধ হ'ল -

(১) পৰ্ণপাতী 

(২) চিৰ সেউজীয়া 

(৩) তৃণভূমি 

উত্তৰঃ (১) পৰ্ণপাতী ৷

(ঘ) উদ্ভিদে এৰি দিয়া গেছ বিধৰ নাম -

(১) কাৰ্বন-ডাই- অক্সাইড 

(২) অক্সিজেন 

(৩) নাইট্ৰ'জেন 

উত্তৰঃ (১) কাৰ্বন-ডাই- অক্সাইড  ৷ 

(৫) সমভূমি অঞ্চলৰ কৃষি আৰু পাহাৰীয়া অঞ্চলৰ কৃষিৰ মাজত কি কি পাৰ্থক্য আছে ? লিখা ৷

উত্তৰঃ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)