ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আমাৰ ভাৰতবৰ্ষ AMAR BHARTBHARKHA - সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ নং ৮ -Our Country - India -Geography Sector - Social Science - Class VI - Lesson 8

Admin
0
অনুশীলনীঃ

(ক) উত্তৰ দিয়া - 

(১) ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ  কি কি ?

উত্তৰঃ ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ হ'ল - 

(ক) উত্তৰৰ পাৰ্বত্য অঞ্চল 

(খ) উত্তৰ ভাৰতৰ সমভূমি  অঞ্চল 

(গ) দাক্ষিণাত্য মালভূমি অঞ্চল 

(ঘ) উপকূলীয় নিম্নভূমি অঞ্চল 

(২) দক্ষিণ  ভাৰতৰ  চাৰিখন প্ৰধান নদীৰ নাম লিখা ৷

উত্তৰঃ মহানদী, গোদাৱৰী, কৃষ্ণা আৰু কাবেৰী ৷

(৩) ভাৰতবৰ্ষৰ  চাৰিসীমাত থকা  ৰাষ্ট্ৰ  সাতখনৰ  নাম লিখা ৷

উত্তৰঃ উত্তৰ-পশ্চিমত - আফগানিস্তান আৰু পাকিস্তান , উত্তৰত- চীন, নেপাল আৰু ভূটান , পূবত- বাংলাদেশ আৰু ম্যানমাৰ , দক্ষিণত - শ্ৰীলংকা ৷ 

(৪) ভাৰতবৰ্ষত  মুঠতে কিমান  ৰাজ্য  আৰু  কেন্দ্ৰীয় শাসিত  অঞ্চল আছে ?

উত্তৰঃ ভাৰতবৰ্ষত  মুঠতে ২৮ খন ৰাজ্য  আৰু ৮ খন কেন্দ্ৰীয় শাসিত  অঞ্চল আছে ৷ 

(৫) উত্তৰ  ভাৰতৰ  সমভূমি অঞ্চলত কিয় জনবসতি  ঘন ?

উত্তৰঃ উত্তৰ  ভাৰতৰ  সমভূমি অঞ্চলত থকা মাটি পলসুৱা যি কৃষিৰ বাবে উপযোগী, সেইবাবে এই অঞ্চলত জনবসতি ঘন ৷ 

(৬) ভাৰতবৰ্ষৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ  মাজত কি কি পাৰ্থক্য আছে ? 

উত্তৰঃ ভাৰতবৰ্ষৰ পূব উপকূল তুলনামূলকভাবে বহল আৰু সাৰুৱা, আনহাতে পশ্চিম উপকূল ঠেক, শিলাময় আৰু অসাৰুৱা ৷ 

(৭) ভাৰতবৰ্ষক কিয় এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়  ?

উত্তৰঃ ভাৰতবৰ্ষক এখন বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়, কাৰণ -

(ক) ইয়াত বহু ভাষা-ভাষী লোক বাস কৰে ৷ 

(খ) ইয়াত বিভিন্ন ধৰ্মৰ লোক বসবাস কৰে ৷

(গ) ইয়াত বিভিন্ন জাতি-উপজাতিৰ লোক বসবাস কৰে ৷

(ঘ) বিভিন্ন ৰীতি-নীতি ,সাজ -পাৰ পিন্ধা লোক বসবাস কৰে ৷ 

(খ) সোঁফালৰ লগত বাঁওফাল মিলোৱা - 

বাঁওফাল          সোঁফাল

এভাৰেষ্ট          ভাৰতৰ প্ৰতিবেশী  ৰাষ্ট্ৰ 

তাপ্তী              স্বাস্থ্যকৰ ঠাই

আন্দামান আৰু 
নিকোবৰ             পৃথিৱীৰ সৰ্ব্বচ্চ  পৰ্বত  শৃঙ্গ

নেপাল           বংগোপসাগৰত থকা দ্বীপপুঞ্জ

নাইনিতাল       দক্ষিণ  ভাৰতৰ নদী

উত্তৰঃ  

বাঁওফাল          সোঁফাল

এভাৰেষ্ট       পৃথিৱীৰ সৰ্ব্বচ্চ  পৰ্বত  শৃঙ্গ 

তাপ্তী        দক্ষিণ  ভাৰতৰ নদী

আন্দামান আৰু 
নিকোবৰ       বংগোপসাগৰত থকা দ্বীপপুঞ্জ

নেপাল    ভাৰতৰ প্ৰতিবেশী  ৰাষ্ট্ৰ 

নাইনিতাল    স্বাস্থ্যকৰ ঠাই


(গ) খালী  ঠাই পূৰ কৰা - 

(১) ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণত থকা ঠাইখন হ'ল _______ ( কন্যাকুমাৰী/পণ্ডিচেৰী) ৷

(২) ভাৰতবৰ্ষক ______ প্ৰায় সমানে দুভাগ কৰিছে ( বিষুৱৰেখাই/মকৰ ক্ৰান্তি ৰেখাই )

(৩) গংগা নদীৰ উৎস হিমবাহ _____ (টামছুক খাম্বাব/ গংগোত্ৰী) ৷

(৪) ______ ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে ৷ ( চুৱেজ খালে/পানামা খালে/ পক্ প্ৰণালীয়ে) ৷

উত্তৰঃ 

(১) ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণত থকা ঠাইখন হ'ল কন্যাকুমাৰী 

(২) ভাৰতবৰ্ষক বিষুৱৰেখাই প্ৰায় সমানে দুভাগ কৰিছে ৷ 

(৩) গংগা নদীৰ উৎস হিমবাহ গংগোত্ৰী ৷

(৪) পক্ প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে ৷ 

(ঘ) ভূচিত্ৰাৱলী বা মানচিত্ৰৰ সহায় লৈ উত্তৰ উলিওৱা -

(১) আৰব সাগৰত পৰা দুখন উল্লেখযোগ্য নদীৰ নাম ৷

(২) হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰা-ওচৰিকৈ থকা তিনিখন দেশৰ নাম ৷

(৩) ভাৰতবৰ্ষৰ প্ৰতিবেশী দ্বীপ ৰাষ্ট্ৰসমূহ কি কি ? 

(৪) ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ পৰা ওলোৱা নদীসমূহ চিনাক্ত কৰি নাম লিখা ৷ 

উত্তৰঃ 

(১) নৰ্মদা আৰু তাপ্তী ৷

(২) ভাৰত, চীন  আৰু নেপাল ৷

(৩) শ্ৰীলংকা ৷

(৪) ভাৰতৰ পূব উপকূল - মহানদী, গোদাৱৰী, কৃষ্ণা আৰু কাবেৰী  

আৰু পশ্চিম উপকূলত - নৰ্মদা আৰু তাপ্তী

(ঙ) মানচিত্ৰ নং -৭ অধ্যয়ন কৰি ভাৰতবৰ্ষৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৰাজধানীসহ এখন তালিকা প্ৰস্তুত কৰা ৷ 

উত্তৰঃ 

       ৰাজ্যৰ নাম  ----- ৰাজধানী 

১/ অসম    দিছপুৰ 

২/ অৰুণাচল প্ৰদেশ ইটানগৰ 

৩/ নাগালেণ্ড - কহিমা

৪/ মণিপুৰ - ইম্ফল 

৫/ মিজোৰাম -আইজল 

৬/ মেঘালয় - শ্বিলং 

৭/ ত্ৰিপুৰা - আগৰতলা 

৮/ চিকিম - গেংটক

৯/ হাৰিয়ানা- চণ্ডীগড় 

১০/ হিমাচল প্ৰদেশ - চিমলা 

১১/ পঞ্জাৱ - চণ্ডীগড় 

১২/ উত্তৰাখণ্ড - ডেৰাডুন 

১৩/ ৰাজস্থান - জয়পুৰ 

১৪/ উত্তৰপ্ৰদেশ - লক্ষ্নৌ 

১৫/ বিহাৰ - পাটনা 

১৬/ গুজৰাট - গান্ধীনগৰ 

১৭/ মধ্যপ্ৰদেশ - ভূপাল 

১৮/ ছট্ৰিশগড় - ৰায়পুৰ 

১৯/ ঝাড়খাণ্ড - ৰাঁচী

২০/ পশ্চিমবংগ - কলকতা 

২১/ মহাৰাষ্ট্ৰ - মুম্বাই 

২২/ উৰিষ্যা - ভূৱনেশ্বৰ 

২৩/ গোৱা - পানাজী 

২৪/ কৰ্ণাটক - বাংগালুৰু 

২৫/ তেলেংগনা - হায়দৰাবাদ 

২৬/ কেৰেলা - থিৰুৱন্তপুৰুম

২৭/ তামিলনাডু - চেন্নাই 

২৮/ অন্ধ্ৰপ্ৰদেশ - হায়দৰাবাদ 


কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৰাজধানীঃ

ৰাজ্যৰ নাম  ----- ৰাজধানী 

১/ দিল্লী - নতুন দিল্লী 

২/ চণ্ডীগড় - চণ্ডীগড় 

৩/ জম্মু আৰু কাশ্মীৰ - শ্ৰীনগৰ 

৪/ লাডাখ - লেহ 

৫/ পণ্ডিচেৰী - পণ্ডিচেৰী

৬/ আন্দামান নিকোবৰ দীপপুঞ্জ - পৰ্টব্লেয়াৰ 

৭/ লাক্ষাদ্বীপ - কাৱাৰাট্ৰী

৮/ দমন আৰু ডিউ দাদৰা নগৰ হাভেলি - দমন 



Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)