ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ- সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ -Geography Study Tool: Map-Geography Sector - Social Science - Class VI - Lesson 5

Admin
0
অনুশীলনীঃ 

(১) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া - 

(ক) মানচিত্ৰৰ উপাদান কেইবিধ কি কি ? 

উত্তৰঃ মানচিত্ৰৰ উপাদান কেইবিধমান হ'ল - 

১/ দূৰত্ব 

২/ দিশ 

৩/ সাংকেতিক চিহ্ন 

(খ) প্ৰধান দিশ চাৰিটা কি কি ?

উত্তৰঃ প্ৰধান দিশ চাৰিটা হ'ল - পূব , পশ্চিম , উত্তৰ আৰু দক্ষিণ 

(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা ?

উত্তৰঃ ধৰাপৃষ্ঠত দুখন ঠাইৰ প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰত একে টাই দুখনৰ দূৰত্বৰ অনুপাতেই হ'ল সেই মানচিত্ৰখনৰ মাপনী ৷

(ঘ) কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিদৰে বেছি সুবিধাজনক ?

উত্তৰঃ গোটেই পৃথিৱীখনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতহে গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি ৷ আমি যেতিয়া পৃথিৱীৰ কোনো এটি অংশৰ বিষয়ে অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ণ কৰিবলৈ লওঁ; তেতিয়া আমি গোলকৰ সলনি মানচিত্ৰৰ সহায় লবলগীয়া হয় ৷ মানচিত্ৰত কোনো এক ধৰণৰ তথ্য বা বহুধৰণৰ তথ্যৰ বিতৰণ একেলগে দেখুৱাব পাৰি , কিন্তু গোলকত নোৱাৰি ৷ সেইবাবে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ  বেছি সুবিধাজনক ৷


(ঙ) মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি ? 

উত্তৰঃ কাগজ বা তেনেকুৱা সমান পিঠিত স্কেল বা মাপনী অনুসৰি পৃথিৱীৰ উপৰিভাগ বা তাৰ কোনো অংশ অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ ৷ আনহাতে ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নংক্সা ৷ 

(চ) মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰৰ কি দৰে সহায় কৰে ?

উত্তৰঃ মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে আমাক বহুত সহায় কৰে ৷ কাৰণ মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-গাট, দলং, গছ-গছনি, ৰেলপথ, পুখুৰী, কঁৱা, খেতি-পথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি ৷ গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা , চিহ্ন আদিৰে দেখুওৱা হয় ৷ এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে ৷ মানচিত্ৰত ব্যৱহাৰ হোৱা চিহ্নবোৰ গোটেই পৃথিৱীতে একে ৷ পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰৰ এই চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিভিন্ন তথ্য জানিব পাৰোঁ ৷ 

(২) শুদ্ধ  উত্তৰটোত () চিহ্ন দিয়া -

(ক) উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰ বিধ হ'ল - 

(১) প্ৰাকৃতিক মানচিত্ৰ 

(২) বিষয় ভিত্তিক মানচিত্ৰ

(৩) ৰাজনৈতিক মানচিত্ৰ 

উত্তৰঃ 

(ক) উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰ বিধ হ'ল - 

(১) প্ৰাকৃতিক মানচিত্ৰ

(২) বিষয় ভিত্তিক মানচিত্ৰ

(৩) ৰাজনৈতিক মানচিত্ৰ

(খ) তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয় - 

(১) পানী ভাগ 

(২) পৰ্বত 

(৩) সমভূমি 

উত্তৰঃ 

(খ) তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয় - 

(১) পানী ভাগ 

(২) পৰ্বত 

(৩) সমভূমি 

(গ) কম্পাছ ব্যৱহাৰ কৰা হয় - 

(১) সাংকেতিক চিহ্ন দেখুৱাবলৈ 

(২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ 

(৩) দূৰত্ব জুখিবলৈ 

উত্তৰঃ 

(গ) কম্পাছ ব্যৱহাৰ কৰা হয় - 

(১) সাংকেতিক চিহ্ন দেখুৱাবলৈ

(২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ 

(৩) দূৰত্ব জুখিবলৈ 

(ঘ) তলৰ কোনটোৰ বাবে মাপনীৰ প্ৰয়োজন ?

(১) মানচিত্ৰ অংকন

(২) আৰ্হি চিত্ৰ 

(৩) চিহ্ন 

উত্তৰঃ 

(ঘ) তলৰ কোনটোৰ বাবে মাপনীৰ প্ৰয়োজন ?

(১) মানচিত্ৰ অংকন

(২) আৰ্হি চিত্ৰ 

(৩) চিহ্ন 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)