ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ- সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ ৪-The major zones of the world-Geography Sector - Social Science - Class VI - Lesson 4

Admin
0
অনুশীলনীঃ

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা -

(ক) পৃথিৱীৰ  প্ৰধান চাৰিটা মণ্ডল কি কি ?

উত্তৰঃ পৃথিৱীৰ  প্ৰধান চাৰিটা মণ্ডল হ'ল - 

১/ স্থলমণ্ডল

২/ জলমণ্ডল

৩/ বায়ুমণ্ডল

৪/ জীৱমণ্ডল

(খ) পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি ?

উত্তৰঃ পৃথিৱীৰ মহাদেশবোৰৰ নাম হ'ল - 

১/ এছিয়া 

২/ ইউৰোপ

৩/ আফ্ৰিকা 

৪/ উত্তৰ আমেৰিকা 

৫/ দক্ষিণ আমেৰিকা 

৬/ ওচেনিয়া 

৭/ এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ 

(গ) দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি ? 

উত্তৰঃ দক্ষিণ আমেৰিকা ৷

(ঘ) বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি কি ? 

উত্তৰঃ বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম হ'ল -

১/ ট্ৰপ'স্ফিয়েৰ 

২/ ষ্ট্ৰেট'স্ফিয়েৰ

৩/ মেছ'স্ফিয়েৰ 

৪/ থাৰ্মস্ফিয়েৰ

(ঙ) জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয় ?

উত্তৰঃ  জীৱৰ বাবে বায়ুমণ্ডল অতি প্ৰয়োজনীয় কাৰণ ই আমাৰ শ্বাস-প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয় বায়ুৰ (অক্সিজেন) যোগান ধৰে আৰু ই সূৰ্য্যৰ ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা জীৱজগতক ৰক্ষা কৰে ৷ 

(চ) মহাদেশ আৰু মহাসাগৰসমূহৰ  নাম কি কি ?

উত্তৰঃ পৃথিৱীৰ মহাদেশবোৰৰ নাম হ'ল - 

১/ এছিয়া 

২/ ইউৰোপ

৩/ আফ্ৰিকা 

৪/ উত্তৰ আমেৰিকা 

৫/ দক্ষিণ আমেৰিকা 

৬/ ওচেনিয়া 

৭/ এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ

পৃথিৱীৰ মহাসাগৰবোৰৰ নাম হ'ল - 

১/ প্ৰশান্ত মহাসাগৰ 

২/ আটলাণ্টিক মহাসাগৰ 

৩/ ভাৰত মহাসাগৰ 

৪/ উত্তৰ মহাসাগৰ 

৫/ দক্ষিণ মহাসাগৰ 




(ছ) জীৱমণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে ?

উত্তৰঃ জীৱমণ্ডলত মানুহে তলত উল্লেখ কৰা  পৰিৱৰ্তনসমূহ সাধন কৰিছে -

১/ গছ-গছনি কাটি বিশাল অৰণ্যভূমিসমূহ ধবংস কৰিছে যাৰ ফলত ভূমি ক্ষয় হৈছে ৷ 

২/ ঘৰ-দুৱাৰ, কল-কাৰখান, নদীবান্ধ আদিৰ নিৰ্মাণে জীৱমণ্ডলৰ অন্তৰ্গত বায়ু, পানী আৰু মাটি প্ৰদুষিত কৰিছে ৷  ইয়াৰ ফলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হৈছে ৷ 

(২) শুদ্ধ উত্তৰটোত ()  চিন দিয়া -

(ক) এছিয়া  মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা -

(১) এণ্ডিজ

(২) হিমালয়

(৩) যুৰাল

উত্তৰঃ 

(ক) এছিয়া  মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা -

(১) এণ্ডিজ

(২) হিমালয়

(৩) যুৰাল

(খ) শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ - 

(১) নাইট্ৰ'জেন

(২) অক্সিজেন

(৩) কাৰ্বন-ডাই -অক্সাইড

উত্তৰঃ 

(খ) শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ - 

(১) নাইট্ৰ'জেন

(২) অক্সিজেন

(৩) কাৰ্বন-ডাই -অক্সাইড

(গ) কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো -

(১) বায়ুমণ্ডল

(২) জলমণ্ডল

(৩) স্থলমণ্ডল

উত্তৰঃ 

(গ) কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো -

(১) বায়ুমণ্ডল

(২) জলমণ্ডল

(৩) স্থলমণ্ডল

(ঘ) আটাইতকৈ বৃহৎ মহাদেশখন হ'ল -

(১) আফ্ৰিকা

(২) এছিয়া 

(৩) ওচেনিয়া 

উত্তৰঃ 

(ঘ) আটাইতকৈ বৃহৎ মহাদেশখন হ'ল -

(১) আফ্ৰিকা

(২) এছিয়া

(৩) ওচেনিয়া  

(৩) জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত ? দলত আলোচনা কৰি লিখা ৷ 

উত্তৰঃ জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি তলত উল্লেখ কৰা কামসমূহ কৰা  উচিত -

 ১/ গছ-গছনি কটাটো কমাই দিয়া আৰু ইয়াৰ পৰিৱৰ্তে বৃক্ষৰোপণ কৰা উচিত যাতে অক্সিজেনৰ পৰিমাণ বাহাল থাকে ৷

২/ য'তে ত'তে কল-কাৰখানা স্থাপন কৰাটো বন্ধ কৰা ৷

৩/ অৰণ্যভূমিসমূহ নষ্ট নকৰা ৷

৪/ গাড়ী-মটৰ কমকৈ ব্যৱহাৰ কৰা ৷ 
 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)