ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

পৃথিৱীৰ গতি-ভূগোল খণ্ড- সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ ৩-Earth's Motion-Geography Sector - Social Science - Class VI - Lesson 3

Admin
0
অনুশীলনীঃ

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া- 

(ক) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে ?

উত্তৰঃ ৬৬½° কোণ ৷

(খ) পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্য্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ?

উত্তৰঃ ৩৬৫ দিন আৰু প্ৰায় ৬ ঘণ্টা ৷ 

(গ) পোহৰ বৃত্ত কাক বোলা হয় ?

উত্তৰঃ পৃথিৱীখনত দিন আৰু ৰাতি হোৱা অংশ দুটা কাল্পনিক বৃত্তই দুভাগ কৰিছে ৷ এই বৃত্তটোক পোহৰ বৃত্ত বোলা হয় ৷

(ঘ) বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্য্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে ? 

উত্তৰঃ ২১ মাৰ্চ আৰু ২৩ ছেপ্তেম্বৰ ৷ 

(২) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া- 

(ক) আহ্নিক গতি আৰু বাৰ্ষিক গতি বুলিলে কি বুজা ?

উত্তৰঃ পৃথি্বীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে আৱৰ্তন বা আহ্নিক গতি বোলা হয় ৷ 

পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্য্যৰ চাৰিওফালে  ঘূৰা যি গতি তাকেই পৰিভ্ৰমণ বা বাৰ্ষিক গতি বোলা হয় ৷ 

(খ) আহ্নিক  গতিৰ ফলত পৃথিৱীত দিন-ৰাতি কেনেকৈ হয় বুজাই লিখা ৷

উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে আৱৰ্তন বা আহ্নিক গতি বোলে ৷ আমি জানো যে পৃথিৱীৰ নিজা পোহৰ নাই ৷ পৃথিৱীয়ে সূৰ্য্যৰ পৰাহে পোহৰ আৰু তাপ পায় ৷ পৃথিৱীখনৰ আকৃতি প্ৰায় ঘূৰণীয়া হোৱা বাবে সূৰ্য্যৰ পোহৰ কোনো এটা মুহূৰ্ততে ইয়াৰ আধা অংশতহে পৰে ৷ অৰ্থাৎ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূৰ্য্যৰ মুখা-মুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালত পোহৰ নপৰে ৷ পোহৰ পৰা অংশত দিন আৰু তাৰ বিপৰীতে থকা পোহৰ নপৰা অংশত ৰাতি হয় ৷ 
          দিন ৰাতিৰ ধাৰণাটো ভালকৈ বুজিবৰ বাবে এটা গোলক আৰু টৰ্চ লাইট লোৱা হ'ল ৷ এতিয়া গোলকটো আন্দাৰ কোঠাত ৰাখি গোলকটোৰ আধা অংশত পোহৰ পৰাকৈ টৰ্চ লাইটটো জ্বলাই স্থিৰ কৰি ৰাখা ৷ অন এজনে গোলকটো লাহে লাহে পশ্চিমৰ পৰা পূবলৈ ঘূৰাই দিয়া ৷ এইদৰে ঘূৰাই থাকোঁতে গোলকটোৰ আধা অংশত পোহৰ পৰিব আৰু আনটো অংশ আন্দাৰ হ'ব ৷ এইদৰেই পৃথিৱীৰ উপৰিভাগত দিন ৰাতি হয় ৷ 
          ঠিক এইদৰেই আহ্নিক  গতিৰ ফলত পৃথিৱীত দিন-ৰাতি  হয় ৷ 

(গ) অধিবৰ্ষ বুলিলে কি বুজা ?

উত্তৰঃ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহত এদিন বঢ়াই ২৮ দিনৰ পৰিৱৰ্তে ২৯ দিন গণনা কৰা হয় ৷ এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বা লিপ্ ইয়েৰ বোলা হয় ৷ 

(ঘ) কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য নিৰূপণ কৰা ৷ 

উত্তৰঃ 

কৰ্কট সংক্ৰান্তি

মকৰ সংক্ৰান্তি

(ক)পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোঁতে ২১ জুন তাৰিখে সূৰ্য্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে ৷ এই অৱস্থাটোকে কৰ্কট সংক্ৰান্তি বোলে ৷

 

(খ)২১ জুন তাৰিখে উত্তৰ গোলাৰ্ধত থকা ঠাইসমূহত বছৰটোৰ ভিতৰত দিন আটাইতকৈ দীঘল আৰু ৰাতি আটাইতকৈ চুটি হয় ৷

 

(গ) এই সময়ছোৱাত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয় আৰু দক্ষিণ গোলাৰ্ধত শীতকাল বিৰাজ হয় ৷

(ক)পৃথিৱী আগবাঢ়ি গৈ থাকোঁতে ২২ ডিচেম্বৰৰ দিনা সূৰ্য্যৰ ৰশ্মি মকৰ ক্ৰান্তিত লম্বভাৱে পৰে ৷ ইয়াক মকৰ সংক্ৰান্তি বোলে ৷

 

 

(খ)২২ ডিচেম্বৰ তাৰিখে দক্ষিণ গোলাৰ্ধত থকা ঠাইসমূহত বছৰটোৰ ভিতৰত দিন দীঘল আৰু ৰাতি চুটি হয় আৰু উত্তৰ গোলাৰ্ধত ৰাতি দীঘল আৰু দিন চুটি হয় ৷

(গ) এই সময়ছোৱাত দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু উত্তৰ গোলাৰ্ধত শীতকাল হয় ৷

 


(ঙ) পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন  ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন বুজাই লিখা ৷

উত্তৰঃ বাৰ্ষিক গতিৰ ফলত একোটা অঞ্চলত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ঋতু বিৰাজ কৰা দেখিবলৈ পাওঁ ৷ ঋতুৰ পৰিৱৰ্তনৰ বাবে মানুহৰ উপৰি উদ্ভিদৰো যথেষ্ট পৰিৱৰ্তন ঘটে ৷ ঋতু অনুযায়ী মানুহে বিভিন্ন উৎসৱ-পাৰ্বন আদি পালন কৰি আহিছে ৷ যদি পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন  ধৰাপৃষ্ঠত এনেধৰণৰ পৰিৱেশ বিৰাজ নকৰিলেহেঁতেন ৷ 

(চ) পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা ? কক্ষপথৰ এটা চিত্ৰ আঁকি দেখুওৱা ৷ 

উত্তৰঃপৃথিৱীয়ে যিটো বৃত্তাকাৰ পথেৰে সূৰ্য্যৰ চাৰিওফালে ঘূৰে সেই পথটোক পৃথিৱীৰ কক্ষপথ বোলে ৷


(৩) শুদ্ধ 
উত্তৰবোৰত (
) চিহ্ন দিয়া - 

(ক) পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি ?

(১) আহ্নিক গতি 

(২) মেৰুদণ্ড

(৩) বাৰ্ষিক গতি 

(খ) বিষুৱ ৰেখাত সূৰ্য্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে ?

(১) ২১ মাৰ্চ 

(২) ২১ জুন 

(৩) ২২ ডিচেম্বৰ 

(গ) পৃথিৱীৰ উপৰিভাগত ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ - 

(১) বাৰ্ষিক গতি 

(২) আহ্নিক গতি 

(৩) এই দুটা গতিৰ এটাও নহয় 

(ঘ) অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ'ল - 

(১) ৩৬৫ দিন

(২) ৩৬৬ দিন

(৩) ৩৬৫½° দিন

(ঙ) মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল - 

(১) ২৩ ছেপ্তেম্বৰ 

(২) ২১ মাৰ্চ

(৩) ২২ ডিচেম্বৰ 

উত্তৰঃ 
(ক) পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি ?

(১) আহ্নিক গতি  

(২) মেৰুদণ্ড

(৩) বাৰ্ষিক গতি 

(খ) বিষুৱ ৰেখাত সূৰ্য্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে ?

(১) ২১ মাৰ্চ  

(২) ২১ জুন 

(৩) ২২ ডিচেম্বৰ 

(গ) পৃথিৱীৰ উপৰিভাগত ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ - 

(১) বাৰ্ষিক গতি  

(২) আহ্নিক গতি 

(৩) এই দুটা গতিৰ এটাও নহয় 

(ঘ) অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ'ল - 

(১) ৩৬৫ দিন

(২) ৩৬৬ দিন 

(৩) ৩৬৫½° দিন

(ঙ) মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল - 

(১) ২৩ ছেপ্তেম্বৰ 

(২) ২১ মাৰ্চ

(৩) ২২ ডিচেম্বৰ  

(৪) খালী ঠাই পূৰ কৰা - 

(ক) পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে _______ বোলে ৷ 

(খ) পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে ঘূৰা পথটোক _____ বোলে ৷ 

(গ) _____ ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয় ৷ 

(ঘ) পৃথিৱীৰ সোঁমাজেৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম ____৷

(ঙ) মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ ____ গোলাৰ্ধত কল্পনা কৰা হৈছে ৷ 

(চ) পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত ___ কোণ হেলনীয়া হৈ  থাকে ৷ 

উত্তৰঃ 

(ক) পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে আহ্নিক গতি বোলে ৷ 

(খ) পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে ঘূৰা পথটোক কক্ষপথ বোলে ৷ 

(গ) গ্ৰীষ্ম ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয় ৷ 

(ঘ) পৃথিৱীৰ সোঁমাজেৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম মেৰুদণ্ড 

(ঙ) মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত কল্পনা কৰা হৈছে ৷ 

(চ) পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত ৬৬½° কোণ হেলনীয়া হৈ  থাকে ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)