ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

পৃথিৱীৰ আকাৰ আৰু আকৃতি-ভূগোল খণ্ড- সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ ২-Earth Size and Shape-Geography Sector - Social Science - Class VI - Lesson 2

Admin
0
অনুশীলনীঃ

(১) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া - 

(ক) কৰ্কটক্ৰান্তি কাক বোলে ? 

উত্তৰঃ পৃথিৱীৰ কাল্পনিক বিষুৱৰেখাৰ পৰা  ২৩½° উত্তৰ অক্ষাংশত থকা কাল্পনিক ৰেখাডালক কৰ্কটক্ৰান্তি বোলে ৷ 

(খ) তাপমণ্ডল তিনিটা কি কি ? 

উত্তৰঃ  তাপমণ্ডল তিনিটা হ'ল - 

(১) গ্ৰীষ্মমণ্ডল

(২) নাতিশীতোষ্ণ মণ্ডল

(৩) শীতমণ্ডল

(গ) অক্ষৰেখা কাক বোলে?

উত্তৰঃ বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকৰ ৰেখা কল্পনা কৰা হৈছে ৷ এইবোৰকে অক্ষৰেখা বোলে ৷ 

(ঘ) দ্ৰাঘিমাৰেখা কাক বোলে ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয় ৷ এই ৰেখাবোৰকে দ্ৰাঘিমাৰেখা বোলা হয় ৷ 

(ঙ) গ্ৰীষ্মমণ্ডল  আটাইতকৈ অধিক উষ্ম কিয় হয় ? 

উত্তৰঃ গ্ৰীষ্মমণ্ডলত সূৰ্য্যৰ ৰশ্মি প্ৰায় পোনপটীয়াভাৱে পৰে সেইবাবে গ্ৰীষ্মমণ্ডল  আটাইতকৈ অধিক উষ্ম  হয় ৷

(চ) বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত ?

উত্তৰঃ গ্ৰীষ্মমণ্ডলত ৷ 

(ছ) মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে ?

উত্তৰঃ প্ৰায় বছৰৰ বাৰ মাহ অতিপাত শীত হৈ থকাৰ বাবে ৷ 

(২) কেৱল উত্তৰ দিয়া -

(ক) কৰ্কটক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে ? 

উত্তৰঃ উত্তৰ গোলাৰ্ধত ৷ 

(খ) কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰে দুই মেৰুবিন্দুক সংযোগ কৰিছে ? 

উত্তৰঃ বিষুৱৰেখাই ৷

(গ) গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে ?

উত্তৰঃ গোলকৰ মেৰুদণ্ডডালৰ উত্তৰফালে উত্তৰ মেৰু থাকে ৷ 

(ঘ) বিষুৱ ৰেখাৰ অক্ষাংশ কিমান ? 

উত্তৰঃ ° অক্ষাংশ ৷ 

(ঙ) তুমি কোন গোলাৰ্ধৰ বাসিন্দা ? 

উত্তৰঃ উত্তৰ গোলাৰ্ধ ৷ 


(৩) শুদ্ধটোত () চিন দিয়া -

(ক) মুখ্য দ্ৰাঘিমাৰেখাৰ মান হৈছে - 

(১) ৯০°

(২) ০°

(৩) ৬৬°

উত্তৰঃ (২) ০° 

(খ) শীতমণ্ডলৰ অৱস্থান হৈছে - 

(১) মেৰু  অঞ্চলত

(২) বিষুবীয়  অঞ্চলত 

উত্তৰঃ (১) মেৰু  অঞ্চলত ৷ 

(গ) বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব ?

(১) ৬৬½° দক্ষিণ অক্ষাংশ

(২) ২৩½° দক্ষিণ অক্ষাংশ

(৩) ২৩½° উত্তৰ অক্ষাংশ

উত্তৰঃ (২) ২৩½° দক্ষিণ অক্ষাংশ ৷ 

(ঘ) ১° ৰ অন্তৰে অন্তৰে  দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হ'ব -

(১) ১৮০ ডাল

(২) ৩৬০ ডাল

(৩) ৯০ ডাল

উত্তৰঃ (১) ১৮০ ডাল ৷ 


(৪) (ক) বিষুব ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি ?

উত্তৰঃ গ্ৰীষ্মমণ্ডল ৷ 

(খ) সূৰ্য্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে ?

উত্তৰঃ সূৰ্য্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী অধিক গৰমো নহয় আৰু অধিক শীতো নহয় ৷ 
-----------------------------------------------------------------------------------------------------------------------------

পৃষ্ঠা নংঃ ২০

(১) গোলকত বিচাৰি উলিওৱা -

(ক) উত্তৰ মেৰু বা সুমেৰু 

(খ) দক্ষিণ মেৰু বা কুমেৰু 

(গ) বিষুৱ ৰেখা 

উত্তৰঃ 


(২) বহীত এটি গোলক আঁকি তলত দিয়াবোৰ বহুওৱা -

(ক) মেৰুদণ্ড 

(খ) উত্তৰ মেৰু 

(গ) দক্ষিণ মেৰু 

(ঘ) বিষুৱ ৰেখা 

উত্তৰঃ 

(৩) গোলকত চাই আমাৰ দেশ ভাৰতবৰ্ষ কোন গোলাৰ্ধত কোৱা ৷ 

উত্তৰঃ উত্তৰ গোলাৰ্ধত ৷ 


 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)