ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

সৌৰজগতত আমাৰ পৃথিৱী-ভূগোল খণ্ড- সমাজ বিজ্ঞান -ষষ্ঠ শ্ৰেণী - পাঠ ১ -The Earth in the Solar System- class 6 - social science

Admin
0
ক্ৰিয়াকলাপঃ
পৃষ্ঠা নংঃ ১৩

আকাৰ অনুসৰি ডাঙৰৰ পৰা সৰুলৈ একাদিক্ৰমে  গ্ৰহবোৰৰ নাম বাকচত লিখা ( চিত্ৰৰ বাকচবোৰ কিতাপত চাই লবা ) 

উত্তৰঃ বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন, পৃথিৱী, শুক্ৰ, মঙ্গল, বুধ 

উত্তৰ লিখাঃ 
পৃষ্ঠা নংঃ ১৩ঃ

👉 গ্ৰহ আৰু উপগ্ৰহৰ মাজত কি কি পাৰ্থক্য আছে ? 

উত্তৰঃ 

গ্ৰহ

উপগ্ৰহ

(ক)গ্ৰহবোৰ সূৰ্য্যৰ চাৰিওফালে ঘূৰে ৷

 

(ক)উপগ্ৰহবোৰ নিজ নিজ গ্ৰহৰ চাৰিওফালে ঘূৰে ৷

 

 👉 প্লটোক কিয় সৌৰজগতৰ আন গ্ৰহবোৰৰ দৰে গ্ৰহ হিচাপে ধৰি লোৱা নহয় ? 

উত্তৰঃ প্লটোক কিয় সৌৰজগতৰ আন গ্ৰহবোৰৰ দৰে গ্ৰহ হিচাপে ধৰি লোৱা নহয় কাৰণ এই গ্ৰহই নিজ কক্ষপথেদি ঘূৰাৰ উপৰি আন গ্ৰহৰ কক্ষপথেদিও ঘূৰা দেখা গৈছে ৷ 



ক্ৰিয়াকলাপঃ
পৃষ্ঠা নংঃ ১৪

ধুমকেতু আৰু উল্কাৰ বিষয়ে দলত আলোচনা কৰি লিখি উলিওৱা ৷ 

উত্তৰঃ ধুমকেতুঃ মাজে -সময়ে কিছুমান পদাৰ্থপিণ্ডই সৌৰজগতত ভুমুকি মাৰেহি ৷ এনে পদাৰ্থপিণ্ডবোৰ সৌৰজগতত স্থাযীভাৱে নাথাকে ৷ বাষ্পীয় আৱৰণ থকা এনে পদাৰ্থ পিণ্ডসমূহেই ধূমকেতু ৷ সূৰ্য্যৰ পৰা দূৰত থকা কালত ধূমকেতুৰ নেজ নাথাকে ৷ সূৰ্য্যৰ  ওচৰ চাপিলে সূৰ্য্যৰ তাপ আৰু পোহৰৰ প্ৰভাৱত নেজ গঢ়ি উঠা দেখা যায় ৷ এতিয়ালৈকে ৭৫০ টা মান ধূমকেতুৰ বিষয়ে জনা গৈছে ৷ 
উল্কাঃ আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত হঠাৎ জ্বলি উঠা পদাৰ্থ পিণ্ডবোৰেই পপীয়া তৰা বা উল্কা ৷ বেছিভাগ উল্কা গ্ৰহাণুপুঞ্জৰ সৈতে ঘটা পৰস্পৰ সংগাতৰ ফলত ভাগি যায় ৷ ধূমকেতু আৰু অন্যান্য আকাশীপিণ্ডৰ বাবে এনে অতি ক্ষুদ্ৰ গ্ৰহই পথ হেৰুৱাই পৃথিৱীৰ বায়ুমণ্ডলত সোমাই উল্কা হিচাপে জ্বলি যায় ৷ 


অনুশীলনীঃ

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা -

(ক) সৌৰজগত বুলিলে কি বুজা ?

উত্তৰঃ সূৰ্য্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্ৰহ, উপগ্ৰহ, ধূমকেত, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্য্যৰ পৰিয়ালকে সৌৰজগত বোলা হয় ৷ 

(খ) সূৰ্য্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা ৷ 

উত্তৰঃ বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন ৷ 

(গ) সূৰ্য্য কি? সূৰ্য্যৰ বিষয়ে চমুকৈ লিখা ৷ 

উত্তৰঃ সূৰ্য্য এটা নক্ষত্ৰ ৷ সূৰ্য্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ ৷ সেয়ে ইয়াক আমি বেছ ডাঙৰ দেখোঁ ৷ সূৰ্য্যতকৈ বহুগুণে ডাঙৰ নক্ষত্ৰও আকাশত আছে ৷ কিন্তু এই নক্ষত্ৰবোৰ আমাৰ পৰা কোটি কোটি কিল'মিটাৰ দূৰত আছে বাবে এইবোৰক আমি অতি সৰু দেখোঁ ৷ 
  সূৰ্য্য অতি উত্তপ্ত নক্ষত্ৰ ৷ সূৰ্য্যৰ ওপৰ অংশৰ উত্তাপ প্ৰায় ৬০০০ ডিগ্ৰি চেলচিয়াছ ৷ সূৰ্যৰ বয়স ৫০০ কোটি বছৰৰ উচৰা -উচৰি ৷ সূৰ্য্য প্ৰচুৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱি গ্ৰহত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে ৷ পৃথিৱীত হোৱা দিন-ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সাল-সলনি, এই সকলোৰে প্ৰধান কাৰণ হৈছে সূৰ্য্য ৷ 
        

(২) উত্তৰ দিয়া- 

(ক) নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয় ?

উত্তৰঃ নক্ষত্ৰ ৷ 

(খ) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ  নাম কি ?

উত্তৰঃ শুক্ৰ ৷

(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি ?

উত্তৰঃ সূৰ্য্য ৷ 

(ঘ) ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধবংস হোৱা উজ্জ্বল  পিণ্ডবোৰক কি বুলি জনা যায় ?

উত্তৰঃ পপীয়া তৰা বা উল্কা ৷ 

(৩) পাঠৰ চিত্ৰ-৩ থকা সৌৰজগতৰ চিত্ৰখন পৰ্যৱেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা -

(ক) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?

উত্তৰঃ নেপচুন ৷ 

(খ) ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত ?

উত্তৰঃ শনি আৰু নেপচুনৰ মাজত ৷ 

(গ) সূৰ্য্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত ?

উত্তৰঃ ৩ নম্বৰ ৷ 

(ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ?

উত্তৰঃ বৃহস্পতি ৷ 

(ঙ) গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায় ? 

উত্তৰঃ মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত ৷ 

(৪) শুদ্ধ উত্তৰটো লিখা - 

(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় ?

(১) বুধ 

(২) শুক্ৰ

(৩) মঙ্গল

(৪) শনি 

উত্তৰঃ (২) শুক্ৰ ৷

(খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল - 

(১) ধুমকেতু 

(২) গ্ৰহাণুপুঞ্জ 

(৩) উপগ্ৰহ 

(৪) নক্ষত্ৰ 

উত্তৰঃ (১) ধুমকেতু  ৷

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)