ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ধনপ্ৰাপ্তি আৰু ধন প্ৰদান - হিচাববিদ্যা আৰু হিচাবকৰণ -পাঠ ৩ - দশম শ্ৰেণী - বাণিজ্য পৰিচয় - Receipts and Payments - Accountancy and Accounting- Chapter 3 - Class 10- Introduction to Commerce

Admin
0
প্ৰশ্নাৱলীঃ

(ক) অনা লাভকাৰী প্ৰতিষ্ঠানৰ অৰ্থ  লিখা ৷

উত্তৰঃ যি প্ৰতিষ্ঠানৰ মূল উদ্দেশ্য লাভ অৰ্জন কৰা নহয় ,বৰঞ্চ জনসাধাৰণ কল্যাণৰ বাবে কাম কৰা তেনে প্ৰতিষ্ঠানক অনালাভ প্ৰতিষ্ঠান বোলা হয় ৷  

(খ) প্ৰাপ্তি আৰু প্ৰদান হিচাব কি হয় ?

উত্তৰঃ প্ৰাপ্তি আৰু প্ৰদান হিচাব হৈছে এক প্ৰকাৰৰ হিচাব য'ত এটা বিশেষ হিচাবকালৰ নগদ ধনৰ হিচাববহীৰ পৰা নগদ ধন প্ৰাপ্তি আৰু নগদ ধন প্ৰদানৰ হিচাবসমূহ সংক্ষিপ্ত আকাৰত প্ৰকাশ কৰা হয় ৷

(গ) প্ৰাপ্তি আৰু প্ৰদান হিচাপৰ প্ৰকৃতিসমূহ উল্লেখ কৰা ৷

উত্তৰঃ প্ৰাপ্তি আৰু প্ৰদান হিচাপৰ প্ৰকৃতিসমূহ তলত উল্লেখ কৰা কৰা হ'ল -

১/ নগদ ধন হিচাববহীৰ সংক্ষিপ্ত টোকাবহীঃ 

   ধন প্ৰদানৰ হিচাবসমূহ নগদ ধন হিচাববহীৰ সংক্ষিপ্ত টোকাবহী সদৃশ হয়, য'ত প্ৰাপ্ত কৰা বা লাভ কৰা নগদ ধনসমূহৰ বিষয়ে হিচাববহীখনৰ বাওঁ অংশত ( ডেবিট) আৰু নগদ ধনৰ ব্যয় বা প্ৰদানৰ বিভিন্ন শিতানসমূহৰ বিষয়ে সোঁ অংশত (ক্ৰেডিট) অংশত লিপিবদ্ধ কৰা হয় ৷ 
২/ ৰাজহ আৰু মূলধন দয়োবিধ প্ৰকৃতিৰ উপাদান অন্তৰ্গত কৰেঃ

    ধনপ্ৰাপ্তি আৰু ধন প্ৰদানৰ হিচাব সমূহত বিভিন্নধৰণৰ লেনদেনসমূহৰ ৰাজহ উপাদান আৰু মূলধণ উপাদান হিচাবে সুকীয়াকৈ বা ভিন্নভাৱে লিপিবদ্ধ কৰা নহয় ৷ লেনদেনৰ সকলোবোৰ নগদ ধন প্ৰাপ্তি আৰু প্ৰদানৰ বিষয়ে ; ৰাজহ আৰু মূলধন উপাদানবোৰৰ মাজত ভিন্নতা নকৰাকৈয়ে লেনদেনসমূহ লিপিবদ্ধ কৰা হয় ৷

৩/ বিস্তৃত পৰিধিঃ 

    অতীত, বৰ্তমান আৰু ভৱিষ্যত কালৰ লগত সম্পৰ্কিত বেংকৰ লেনদেনসমূহৰ সহিতে নগদ ধন প্ৰাপ্তি আৰু নগদ ধন প্ৰদানৰ সকলোবোৰ লেনদেন এই হিচাবত অন্তৰ্গত কৰা হয় ৷ 
৪/ অপ্ৰদত্ত উপাদান বা নগদ ধনবিহীন উপাদানসমূহৰ বৰ্জনঃ 

   ধন প্ৰাপ্তি আৰু ধন প্ৰদানৰ হিচাবসমূহে কোনোধৰণৰ অপ্ৰদত্ত আয় বা ব্যয়ৰ উপাদানসমূহ তথা নগদ ধনবিহীন উপাদানসমূহ যেনে - অপ্ৰদত্ত সদস্যভূক্তি, সম্পত্তিৰ মূল্যৰ অৱক্ষয় বা উপচয় আদি অন্তৰ্গত নকৰে ৷ 

(ঘ) নগদ ধন হিচাপবহী কি হয় ? নগদ ধন হিচাব বহী জাবেদা নে খতিয়ান ?

উত্তৰঃ নগদ ধনৰ হিচাববহী এক ধৰণৰ প্ৰাথমিক প্ৰৱিষ্টি বহী য'ত দিনাংক অনুযায়ী ক্ৰমাণু্সাৰে নগদ ধনৰ সকলোবোৰ লেনদেন লিপিবদ্ধ কৰা হয় ৷ নগদ ধনৰ প্ৰাপ্তিৰ সকলোবোৰ হিচাব ডেবিট অংশত (বাও& অংশ) আৰু নগদ ধন প্ৰদানৰ সকলোবোৰ হিচাব ক্ৰেডিট অংশ ( সোঁ অংশ)ত লিপিবদ্ধ কৰা হয় ৷ 
       নগদ ধন হিচাব বহী জাবেদা হয় ৷ 

(ঙ) নগদ ধন হিচাববহী আৰু নগদ হিচাবৰ মাজৰ পাৰ্থক্যসমূহ উল্লেক কৰা ৷ 

উত্তৰঃ (১) নগদ ধনৰ লেনদেনসমূহৰ হিচাবসমূহ লিপিবদ্ধ কৰিবলৈ নগদ ধন হিচাব বহী  হিচাববহী ব্যৱহাৰ কৰা , আনহাতে নগদ ধন হিচাব খতিয়নৰ এক হিচাব ৷ 

           (২) নগদ ধন হিচাববহী প্ৰাথমিক প্ৰবিষ্টি বহী হয় কাৰণ সকলোবোৰ নগদ ধনৰ লেনদেন প্ৰথমতে নগদ ধনৰ হিচাববহীত লিপিবদ্ধ কৰা হয় , আনহাতে জাবেদাৰ পৰা নগদ ধনৰ হিচাবসমূহ নগদ ধনৰ হিচাবত উল্লেখ কৰা হয় ৷ 

            (৩) নগদ ধনত হিচাববহী ব্যৱহাৰ কৰিলে নগদ ধনৰ হিচাবসমূহ জাবেদাত প্ৰবিষ্টি কৰাৰ প্ৰয়োজন নাথাকে , আনহাতে লেনদেনসমূহ জাবেদাত প্ৰৱিষ্টি কৰিলেও সুকীয়াকৈ নগদ ধনৰ হিচাব প্ৰস্তুত কৰাটো প্ৰয়োজন ৷ 

(চ) বিভিন্ন  ধৰণৰ নগদ ধন হিচাববহী সমূহ কি কি ?

উত্তৰঃ বিভিন্ন  ধৰণৰ নগদ ধন হিচাববহী সমূহ হ'ল - 

১/ এক স্তম্ভযুক্ত নগদ বহী ( মাথোন নগদ ধনৰ হিচাব )

২/ দ্বিস্তম্ভযুক্ত নগদ বহীঃ

(ক) নগদ ধন আৰু ধনৰাহি স্তম্ভযুক্ত অথবা 

(খ) বেংক জমাধন আৰু বেংক জমা ধন ৰাহিৰ স্তম্ভযুক্ত অথবা 

(গ) নগদ ধন আৰু বেংক ধনৰ স্তম্ভযুক্ত 

(৩) ত্ৰিস্তম্ভযুক্ত নগদ বহী 

(৪) খুচুৰা নগদ বহী 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)