(ক) বিশেষ সহায়ক হিচাববহী বুলিলে কি বুজা ?
উত্তৰঃ জাবেদাত লিপিবদ্ধ কৰা তথ্যসমূহ একগোট কৰি খতিয়ন লৈ প্ৰেৰণ কৰা হয় ৷ ব্যৱসায়টোৰ লগত জড়িত বিভিন্ন পক্ষৰ সুবিদাৰ বাবে জাবেদাক আকৌ বিভক্ত কৰি কিছুমান বিশেষ হিচাববহী প্ৰস্তুত কৰা হয়, যিবোৰক বিশেষ সহায়ক হিচাববহী হিচাবে অভিহিত কৰা হয় ৷
(খ) সহায়ক হিচাববহীসমূহৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা ৷
উত্তৰঃ সহায়ক হিচাববহীসমূহৰ বিভিন্ন প্ৰকাৰসমূহ তলত উল্লেখ কৰা হ'ল -
১/ ক্ৰয় হিচাববহী
২/ বিক্ৰী হিচাববহী
৩/ ক্ৰয় ফিৰৎ হিচাববহী
৪/ বিক্ৰী ফিৰৎ হিচাববহী
৫/ নগদ ধনৰ হিচাববহী
৬/ বিল পাওনা হিচাববহী
৭/ বিল দেনা হিচাববহী
৮/ জাবেদা যতাযথ
(গ) প্ৰাথমিক প্ৰবিষ্টি বহী বুলিলে কি বুজা ?
উত্তৰঃ কোনো লেনদেন সংঘটিত হোৱাৰ লগে লগে যিখন হিচাপৰ বহীত লিখা হয় তাকে জাবেদা বোলা হয় ৷ লেনদেন সংঘটিত হোৱাত প্ৰথমেই ইয়াত প্ৰবিষ্টি কৰা হয় বাবে এই বহীক প্ৰাথমিক প্ৰবিষ্টিৰ বহী বোলা হয় ৷
(ঘ) উদ্ধৃত্ত মিলনপত্ৰ বুলিলে কি বুজা ?
উত্তৰঃ কোনো এটা নিৰ্দিষ্ট দিনত হিচাপৰ গাণিতিক শুদ্ধতা প্ৰমাণৰ হেতু সকলোবোৰ হিচাবৰ ডেবিট আৰু ক্ৰেডিট উদ্বৃত্তসমূহেৰে যি পত্ৰ তৈয়াৰ কৰা হয় তাকে উদ্ধৃত্ত মিলনপত্ৰ বোলা হয় ৷
(ঙ) উৎস দলিল বুলিলে কি বুজা ?
উত্তৰঃ লেনদেনৰ সত্যতা প্ৰমাণৰ বাবে কিছুমান লিখিত আৰু বিশ্বাসযোগ্য দলিল ব্যৱহাৰ কৰা হয় ৷ এই দলিলসমূহকে প্ৰমাণক বোলা হয় ৷ হিচাপৰক্ষণৰ প্ৰথম পদক্ষেপ হৈছে লেনদেনৰ উৎস নিৰূপন কৰা আৰু েই উৎস নিঃসন্দেহ প্ৰমাণ কৰিবৰ বাবে ব্যৱহাৰ কৰা দলিলী প্ৰমাণপত্ৰসমূহকে উৎস দলিল বোলা হয় ৷
(চ) জাবেদা প্ৰবিষ্টিৰ প্ৰক্ৰিয়াৰ স্তৰসমূহ কি কি ?
উত্তৰঃ লেনদেন -> দুটা দিশ -> দুটা হিচাব -> হিচাবৰ প্ৰকাৰ নিৰ্ধাৰণ -> ডেবিট আৰু ক্ৰেডিট নিয়ম অনুযায়ী লেনদেনসমূহ জাবেদাত প্ৰবিষ্টি ৷
(ছ) হিচাবৰক্ষণৰ আধুনিক ধাৰণাৰ অধীনত হিচাবসমূহৰ বিভিন্ন প্ৰকাৰসমূহ কি কি ?
উত্তৰঃ (ক) প্ৰকৃত হিচাব (খ) নামক্ষত হিচাব (গ) ব্যক্তিগত হিচাব ৷
Please don't use spam link in the comment box.