ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

পৰিচয় - হিচাববিদ্যা আৰু হিচাবকৰণ -পাঠ ১ - দশম শ্ৰেণী - বাণিজ্য পৰিচয় - Introduction -Book keeping and Accountancy - Chapter 1 - Class 10 - Introduction to Commerce

Admin
0
প্ৰশ্নাৱলীঃ

(ক) হিচাবৰক্ষণ কি হয়?

উত্তৰঃ ব্যৱসায়ত ধন বা ধনৰ সমমূল্যৰ বিনিময়ত সংঘটিত হোৱা লেনদেনসমূহক বিজ্ঞানসন্মত আৰু প্ৰণালীৱদ্ধ লিখি ৰখা কলাকেই হিচাবৰক্ষণ বোলা হয় ৷ 

(খ) হিচাবৰক্ষণৰ  প্ৰক্ৰিয়াৰ  স্তৰ  বা  পৰ্যায়সমূহ  চিনাক্ত কৰা ৷ 

উত্তৰঃ ১/ বিভিন্ন ধৰণৰ ব্যৱসায়িক লেনদেনৰ মাজৰ পৰা বিত্তীয় লেনদেনসমূহ চিনাক্ত কৰা ৷
২/ চিনাক্ত কৰা লেনদেনসমূহক এক উমৈহতীয়া ধন বা বিত্তৰ ভিত্তি হিচাব কৰা 

৩/ চিনাক্ত কৰা লেনদেনসমূহ হিচাববহী বা দিনপঞ্জীত লিপিবদ্ধ কৰা 

৪/ লেনদেনসমূহ শ্ৰেণীবদ্ধ কৰা তথা প্ৰৱেষ্টাপত্ৰ লৈ স্থানান্তৰ কৰা 

৫/ বিভিন্নধৰণৰ প্ৰেৱেষ্টাবহীসমূহ হিচাব মিলোৱা 

৬/ উদ্বৃত্ত মিলনপত্ৰ প্ৰস্তুত কৰা যাৰদ্বাৰা হিচাববহীসমূহৰ গাণনিক শুদ্ধতা পৰীক্ষা কৰা হয় ৷ 

(গ) হিচাপবৰক্ষণৰ  উদ্দেশ্যসমূহ  কি কি ? 

উত্তৰঃ (ক) স্থায়ী বিৱৰণীঃ 
 হিচাববিদ্যাত ব্যৱসায়িক লেনদেনসমূহৰ স্থায়ী বিৱৰণী কৰা হয়, যি বিৱৰনী ভৱিষ্যতৰ প্ৰয়োজনীয়তাত ব্যৱহাৰ কৰিব পাৰি ৷
(খ) তথ্যপাতিৰ যোগানঃ
হিচাববিদ্যাই এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিত্তীয় ফলাফল( লাভ অথবা লোকচান ) নিৰ্ধাৰণ কৰাৰ বাবে প্ৰয়োজনীয় তথ্যপাতিৰ যোগান ধৰে ৷ 
(গ) সিদ্ধান্ত গ্ৰহণঃ হিচাববহীসমূহৰ পৰা লাভ কৰা তথ্যপাতিসমূহ কিছুমান সিদ্ধান্ত গ্ৰহণত গুৰুত্বপূৰ্ন বিবেচিত হয় ৷ 
(ঘ) লেনদেনসমূহৰ প্ৰভাৱ প্ৰকাশঃ
হিচাববিদ্যাৰ দ্বাৰা ব্যৱসায়টোৰ বিত্তীয় অৱস্থাৰ ওপৰত বিভিন্নধৰণৰ বিত্তীয় লেনদেনসমূহৰ প্ৰভাৱ নিৰ্ণয় কৰিব পাৰি ৷ 

(ঘ) হিচাপবকৰণ কি হয়?

উত্তৰঃ হিচাবকৰণ হৈছে অৰ্থনৈতিক তথ্যপাতিসমূহৰ চিনাক্তকৰন, লিপিবদ্ধকৰণ আৰু তথ্যপাতিৰ আদান-প্ৰদানৰ প্ৰক্ৰিয়া যাৰদ্বাৰা এনেধৰণৰ তথ্যপাতিৰ ব্যৱহাৰকাৰীসকলে বিভিন্নধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ৷ 

(ঙ) হিচাকৰণৰ  প্ৰকৃতিসমূহ কি কি ? 

উত্তৰঃ (১) অৰ্থনৈতিক পৰিঘটনাঃ
হিচাবকৰণে ব্যৱসায়িক লেনদেনসমূহৰ অৰ্তনৈতিক দিশটো পৰ্যালোচনা কৰে ৷ অনাঅৰ্থনৈতিক লেনদেনসমূহ হিচাবকৰণৰ কাৰ্যপৰিসৰৰ অন্তৰ্ভূক্ত নহয় ৷ 
(২) বিত্তীয় তথ্যাপাতিৰ শ্ৰেণীবিভাজন, সংক্ষিপ্তকৰণ আৰু আদান-প্ৰদানঃ
হিচাবকৰণে বিভিন্নধৰণৰ বিত্তীয় তথ্যপাতিৰ শ্ৰেনীবিভাজন, সংক্ষিপ্তকৰণ আৰু আদান-প্ৰদানৰ দ্বাৰা বিভিন্ন পক্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰে ৷ ইয়াৰ দ্বাৰা কোনো আগ্ৰহী পক্ষক হিচাববহীৰ হিচাবসমূহ যোগান ধৰি তেওঁলোকক বিভিন্ন সিদ্ধান্ত গ্ৰহণত সুবিধা প্ৰদান কৰা হয় ৷ 
(৩) বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱহাৰঃ 
বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান যেনে - এক মালিকানাধীন প্ৰতিষ্ঠান, অংশীদাৰী প্ৰতিষ্ঠান, কোম্পানী বা নিগম আদিয়ে ব্যৱসায়িক লেনদেনসমূহৰ খতিয়ান ৰাখিবলৈ তথা আইনী বাধ্যকতাসমূহ পূৰণ কৰিবলৈ হিচাবকৰণ কৰে ৷ 
(৪) বিশ্লেষণঃ
ব্যৱসায়িক লেনদেনসমূহৰ তথ্য ব্যৱহাৰকাৰীসকলক প্ৰয়োজন পূৰণৰ অৰ্থে ব্যৱসায়িক লেনদেনসমূহৰ হিচাবসমূহ ভাল দৰে বিশ্লেষণ কৰিব লাগে ৷ ইয়াৰ বাবে, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে বিভিন্নধৰণৰ কৌশল অৱলম্বন কৰে ৷

(চ) হিচাবৰক্ষণ আৰু হিচাবকৰণৰ মাজৰ পাৰ্থক্যসমূহ উল্লেখ কৰা ৷ 

উত্তৰঃ (১) হিচাবৰক্ষণ ব্যৱস্থাত ব্যৱসায় এটাৰ বিত্তীয় লেনদেনসমূহ দৈনন্দিন ভাৱে হিচাববহীত লিপিবদ্ধ কৰা হয় ৷ আনহাতে, হিচাবকৰণত লেনদেনসমূহ সংক্ষিপ্ত আকাৰত তথ্যৰূপত প্ৰকাশ কৰি তথ্যসমূহৰ আগ্ৰহী ব্যৱহাৰকাৰীসকলৰ সৈতে আদান-প্ৰদান কৰা হয় ৷ 
(২) হিচাপৰক্ষণৰ কামকাজসমূহ দৈনন্দিন আৰু কেৰাণী পৰ্যায়ৰ হয়, আনহাতে হিচাবকৰণৰ কাম কাজসমূহ বিশ্লেষণাত্মক হয় ৷ 

(৩) হিচাবৰক্ষণৰ কামকাজসমূহ হিচাবসম্বন্ধীয় নুন্যতম জ্ঞান থকা ব্যক্তিয়ে কৰিব পাৰে ৷ আনহাতে হিচাবকৰণ এই সম্বন্ধত বিশেষ জ্ঞান থকা পেছাদাৰী লোকহে কৰিব পাৰে ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)