ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

বীমা এজেন্ট - বেংকিং আৰু বিত্ত -পাঠ ৪ - দশম শ্ৰেণী -বাণিজ্য পৰিচয় - Insurance Agent - banking and Finance- Chapter 4- Class 10- Introduction To Commerce

Admin
0
প্ৰশ্নাৱলীঃ

১৷  বীমা  এজেন্ট কোন হয় ?  তেওঁলোকৰ  কামকাজসমূহ  কি কি ? 

উত্তৰঃ এজন বীমা এজেন্ট হৈছে প্ৰশিক্ষিত পেচাদাৰী লোক যিয়ে বীমা চুক্তি বন্দোৱস্ত কৰে আৰু বিক্ৰী কৰে ৷ তেওঁলোকে বিভিন্নধৰণৰ বীমাজনিত আৰু বিত্তীয় সেৱা বিক্ৰী কৰে ৷ তেওঁলোক সুপ্ৰশিক্ষিত হয় আৰু তেওঁলোকৰ বীমা বজাৰ তথা বীমাজনিত আইন কানুন সমূহৰ ওপৰত বিশেষ জ্ঞান থাকে ; যাৰ দ্বাৰা তেওঁলোকে বীমা গ্ৰাহকসকলক আটাইতকৈ উপযোগী বীমা সেৱাবিধ প্ৰদান কৰে ৷ 
 তেওঁলোকৰ কামকাজসমূহ হ'ল - 
(ক) এজন বীমা এজেন্টে সঠিক বীমা পৰিধি বাচনি কৰাত মক্কেলজনক সহায় কৰে ৷ 

(খ) বীমা পলিচি আবেদনৰ সমস্ত পক্ৰিয়াত তেওঁ সহায় কৰে ৷ আবেদন পত্ৰৰ লগত কি কি সংলগ্ন নথিপত্ৰ দিব লাগে  এইবোৰৰ সমস্ত জ্ঞান বীমা এজেন্টজনৰ থাকে ৷ 

(গ)এজন এজেন্টে বীমাৰ স্বত্ব দাবী কৰাত সহায় কৰে ৷ 

২৷ এজন দক্ষ বীমা  এজেন্টৰ  গুণসমূহ  বৰ্ণনা  কৰা ৷

উত্তৰঃ (ক) বীমাসেৱাসমূহৰ বিষয়ে বিস্তৰ জ্ঞানঃ 
এজন দক্ষ বীমা এজেন্ট বীমা গ্ৰাহক বা মক্কেলজনৰ প্ৰয়োজনীয়তা অনুযায়ী বিভিন্ন ধৰণৰ উপযোগী বীমা আঁচনিৰ বিকল্প প্ৰদান কৰিব পাৰে ৷ 
(খ) প্ৰায়োগিক জ্ঞানঃ
এজন দক্ষ বীমা এজেন্টৰ কেনেদৰে বীমা আঁচনি বিক্ৰী কৰিব লাগে সেই সম্পৰ্কে যথোচিত ঘান থাকে ৷ এজেন্টজনে তেওঁ বিক্ৰী কৰা বীমা পলিচি বা আঁচনিখনৰ লগত সংগতি থকা আয়কৰ আৰু অন্যান্য আইনী প্ৰক্ৰিয়া সম্পৰ্কে জ্ঞাত হয় তথা বীমা আঁচনিখনৰ বীমা গ্ৰাহকজনৰ বিত্তীয় সামৰ্থতা অনু্যায়ী উপযুক্ততা নিশ্চিত কৰে ৷ 
(গ) মক্কেল বা গ্ৰাহকজনৰ প্ৰয়োজনীয়তা পূৰণত প্ৰাধান্যতাঃ
যদি বীমা এজেন্টজনে বীমা গ্ৰাহকজনৰ প্ৰয়োজনীয়তা পূৰনৰ পৰিবৰ্তে বীমা সেৱা প্ৰদানৰ বিনিময়ত লাভ কৰিবলগীয়া কমিছনৰ প্ৰতি অধিক প্ৰাধান্যতা প্ৰদান কৰে , তেনেক্ষেত্ৰত এজেন্টজনে বীমা ব্যৱসায়ত বেছিদিন টিকিব নোৱাৰে ৷ আনহাতে যিসকল  বীমা এজেন্টে গ্ৰাহকসকলৰ প্ৰয়োজনীয়তাসমূহ বালদৰে শুনি আৰু বুজি লৈ গ্ৰাহকক বীমা সেৱা প্ৰদানৰ বাবে প্ৰাধান্যতা দিয়ে, তেও6লোকে গ্ৰাহকজনৰ পৰা বিশ্বাস আদায় কৰে ৷ 
(ঘ) দক্ষ গ্ৰাহক সেৱাঃ
যিসকল বীমা গ্ৰাহক প্ৰয়োজনীয়তা অনুযায়ী সহজেই বীমা এজেন্ঠৰ সহায় লাভ কৰে, সেইসকল গ্ৰাহক বীমা এজেন্টজনৰ প্ৰতি সন্তুষ্ট আৰু নিশ্চিত হয় ৷ এনেক্ষেত্ৰত বীমা এজেন্টজনে গ্ৰাহকজনৰ অনুসন্ধান আৰু দূৰভাষা সংযোগসমূহৰ যথা সময়ত উত্তৰ প্ৰদান কৰিব লাগে ৷ 

৩৷ বিভিন্ন  প্ৰকাৰৰ  বীমা এজেন্টসকলৰ  বিষয়ে  বৰ্ণনা কৰা ৷ 

উত্তৰঃ বীমা এজেন্ট সাধাৰণতে দুই প্ৰকাৰৰঃ 

(ক) স্বাধীন  এজেন্টঃ 

স্বাধীন বীমা এজেন্ট হৈছে সেইজন বীমা এজেন্ট যিয়ে এটা নিৰ্দিষ্ট বীমা কোম্পানীৰ পৰিবৰ্তে বিভিন্ন ধৰণৰ বীমা কোম্পানীৰ বীমা আঁচনি বা পলিচি বিক্ৰী কৰে ৷ এজন স্বাধীন এজেন্ট বিভিন্ন বীমা কোম্পানীৰ বীমা আঁচনি বিক্ৰি কৰি কমিছন আয় কৰে আৰু তেওঁ এটা নিৰ্দিষ্ট বীমা কোম্পানীৰ লগত সংযোজিত নহয় ৷ 

(খ)নিয়োজিত এজেন্টঃ 

 নিয়োজিত এজেন্ট হৈচে সেইজন বীমা এজেন্ট যিয়ে মাথোন এটা বীমা কোম্পানীৰ বাবে কাম কৰে ৷ নিয়োজিত এজেন্টজনৰ তেওঁ জড়িত থকা বীমা কোম্পানীটোৱে পাৰিশ্ৰমিক প্ৰদান কৰে যি পাৰিশ্ৰমিকত দৰমহা আৰু কমিছন থাকিব পাৰে অথবা মাথোন কমিছন থাকিব পাৰে ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)